জলসম্পদৰ সমস্যাৰ উত্থানঃ

    দেশৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে জনমুৰি জলসম্পদৰ ভোগৰ পৰিমাণো কমি আহিছে। তদুপৰি ব্যাপক পৰিসৰৰ কৃষি, শিল্প - উদ্যোগ আৰু গৃহ খণ্ডৰ পৰা অবিৰতভাৱে নিৰ্গত বহুধৰণৰ ভৌতিক, ৰাসায়নিক আৰু জৈৱিক প্ৰদূষকৰ সংযোগত ভূপৃষ্ঠ আৰু ভূগৰ্ভৰ বহুতো অঞ্চলৰ জলভাণ্ডাৰ প্ৰদূষণৰ গৰাহত পৰিছে। ফলত বিভিন্ন উদ্দেশ্যেত মানুহৰ ব্যৱহাৰযোগ্য পানীৰ পৰিসৰ ত্ৰুমে টুটি আহিছে। এনে অৱস্থাত দেশৰ পৃষ্ঠীয় আৰু ভূগৰ্ভীয় জলসম্পদৰ গুণগত আৰু পৰিমাণগত অৱনতি অনতিবিলম্বে নিয়ন্ত্ৰণ কৰাৰ সমস্যাও আমাৰ সন্মুখত আহি পৰিছে।

    জলসম্পদৰ গুণগত অৱনতিঃ

        পানীৰ বিশুদ্ধতা বিশেষকৈ অবাঞ্ছিত মৌল, যৌগ আৰু জৈৱ উৎপাদনৰ উপস্থিতিৰ লেখেৰে জোখা হয়। অণুজীৱ, ৰসায়নিক অবাঞ্ছিত দ্ৰব্য আৰু উদ্যোগ অথবা অন্যান্য উৎসৰ পৰা স্থানান্তৰিত ভৌতিক - অপদ্ৰব্য সংস্পৰ্শত পানীৰ প্ৰদূষণ ঘটে। এনে প্ৰদূষকৰ মাত্ৰাধিক উপস্থিতিত পানীৰ ব্যৱহাৰযোগ্য নিম্নগামী হোৱাৰ উপৰি কেতিয়াবা ই একপ্ৰকাৰৰ ক্ষতিকাৰক দ্ৰব্যত পৰিণত হয়। নদ - নদী, সৰোবৰ, সাগৰ প্ৰভৃতি জলাশয়ত বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক দ্ৰব্য দ্ৰৱীভূত অথবা ভাসমান অৱস্থাত মিহলি হোৱাৰ ফলত ভূপৃষ্ঠৰ জলসম্পদ প্ৰদূষিত হয়। কিছুমান প্ৰদূষক আকৌ ধৌত প্ৰত্ৰুিয়াৰ মাধ্যমত মাটিৰ স্তৰসমূহৰ মাজেৰে তললৈ প্ৰৱেশ কৰি ভূগৰ্ভৰ পানী প্ৰদূষিত কৰে। মানুহে নিক্ষেপ কৰা ভৌতিক, ৰাসায়নিক আৰু জৈৱিক অপদ্ৰব্যৰ দ্বাৰা গংগা ইয়াৰ উপনৈ যমুনাৰ উপৰি গুৱাহাটীৰ মাজেৰে বৈ যোৱা ভৰলুৰ জলধাৰা ভীষণ প্ৰদূষণৰ কবলত পৰিছে।

    জলসংৰক্ষণ আৰু জলব্যৱস্থাপনা

    পানী জীৱনদায়ী সম্পদ। ব্যৱহাৰযোগ্য জলসম্পদৰ চাহিদা দিনকদিনে বৃদ্ধি পাই আহিছে। এনেস্থলত এই আপুৰুগীয় সম্পদবিধৰ উপযুক্ত সংৰক্ষণ আৰু ইয়াৰ সমান্তৰালভাৱেই সাৰ্থক আৰু সজ ব্যৱহাৰ পৰিত্ৰুমাৰ ব্যৱস্থাপন অতি জৰুৰী হৈ পৰিছে। দাঁতিকাষৰীয়া সমুদ্ৰৰ বিশাল জল ভাণ্ডাৰ লৱণযুক্ত কৰি পৰিশোধন কৰি ব্যৱহাৰযোগ্য কৰাটো ব্যয়বহুল। ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰৰ পক্ষে এইটো সদ্যহতে সম্ভৱ নহয়। সেয়েহে দেশৰ মূল ভূভাগত উপলব্ধ জলৰাশিৰ ৰক্ষণাবেক্ষণৰ উদ্দেশ্যে বিজ্ঞানসন্মত নীতি নিৰ্ধাৰণ আৰু আইন প্ৰণয়নৰ যোগে শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ অতীৱ প্ৰয়োজনীয় বিষয় হৈছে। জল সঞ্চয়ক আৰু জল সংৰক্ষণ প্ৰযুক্তিৰ প্ৰয়োগৰ বিষয়েও চিন্তা - চৰ্চা কৰি বিহিত ব্যৱস্থা লোৱা হৈছে। অৱবাহিকা উন্নয়ন, বৰষুণৰ পানী সংগ্ৰহণ আৰু সংৰক্ষণ জলসম্পদৰ পুনৰ চত্ৰুায়ন আৰু পুনৰ ব্যৱহাৰ, যৌগিক ব্যৱহাৰ আদি উদগনিমূলক দীৰ্ঘম্যাদী আঁচনিৰ যোগেদি জলসম্পদৰ উপনব্ধতা কৰিব পাৰি।

    জলপ্ৰদূষণ নিয়ন্ত্ৰণঃ

    ব্যৱহাৰযোগ্য জলসম্পদ দিনকদিনে ত্ৰুমেহ্ৰাস হৈ আহিছে। সাৰ্বজনীন উৎসসমূহেও ত্ৰুমে প্ৰদূষিত হবলৈ লৈছে। আমাৰ দেশৰ ডাঙৰ নদী - উপনদীবোৰৰ যিবোৰৰ উৎস পাহৰীয়া বা পাৰ্বত্য অঞ্চলত সেইবোৰৰ জলৰাশি পাৰ্বত্য এলেকাত বিশুদ্ধ ৰূপত পোৱা যায় যদিও ভৈয়ামত মানুহৰ বিভিন্ন কাম - কাজত যেনে উদ্যোগ স্থাপন, জৈৱিক অপদ্ৰব্যসহ ভালেমান অণুজীৱ - প্ৰদূষক, ৰাসায়নিক আৰু পোক পতংগনাশক প্ৰদূষক আদিৰ নিৰ্গম হৈ একেবাৰে মোহনালৈ বেযৱহাৰযোগ্য পানী শুদ্ধৰূপত পোৱা নাযায়। বিশেষকৈ পেট্ৰলিয়াম উপজাত দ্ৰব্যৰ অত্যধিক ব্যৱহাৰে বৰ্জিত দ্ৰব্যবোৰৰ একাংশ ভূগৰ্ভলৈ আৰু আন অংশ পৃষ্ঠীয় ব্যৱহাৰযোগ্য পানীৰ সৈতে মিলন আৰু মিশ্ৰণ ঘটি অকল জলসম্পদেই নহয় মাটি আৰু বায়ুও প্ৰদূষিত কৰিছে। ঔদ্যোগিক আৰু নগৰীয়া এলেকাৰ পৰা বাজ হোৱা ভৌতিক আৰু ৰাসায়নিক প্ৰদূষকবোৰে নৱা - নৰ্দমাৰে বৈ আহি ব্যৱহাৰযোগ্য পানীৰ সৈতে মিলিত হৈ বিষত্ৰুিয়া সৃষ্টি কৰে।

    বাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদসমূহৰ সহযোগত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে দেশৰ প্ৰায় পাঁচ শতাধিক কেন্দ্ৰত জলসম্পদৰ গুণাগুণ সম্পৰ্কে বুজ লয়। এনেকুৱা কেন্দ্ৰবোৰত কৰা বিভিন্ন পৰীক্ষা - নিৰীক্ষা অনুসৰি ভাৰতত ভূপৃষ্ঠীয় জলৰাশিত সচৰাচৰ জৈৱিক তথা জীৱাণুকীট জাতীয় প্ৰদূষকৰ পৰিমাণেই বেছি। সমগ্ৰ দেশৰ প্ৰবাহমান পানীৰ ভিতৰতেই যমুনা নদীৰ ধাৰাটো সৰ্বাধিক প্ৰদূষিত হিচাপে চিহিত হৈছে। আহমেদাবাদৰ সৰবৰমতী, লক্ষ্নৌৰ গোমতী, হায়দৰাবাদৰ মুছি, কানপুৰ আৰু বাৰানদীৰ ওচৰত গংগা নদীত প্ৰদূষণৰ মাত্ৰা অধিক। ফ্লৰাইড আৰু নাইট্ৰেটৰ মাত্ৰা আধিক্যই এইবোৰ ঠাইৰ জলধাৰা পোনপটীয়াকৈ ব্যৱহাৰ কৰাটো স্বাস্থ্যসন্মত নহয়। ভূগৰ্ভীয় জলসম্পদৰ আকৌ বিষাক্ত ধাতৱ প্ৰদূষককে ধৰি আচেনিক আৰু ফ্লৰাইড জাতীয় ৰাসায়নিক প্ৰদূষকৰ মাত্ৰা গুৰুতৰ পৰ্যায়লৈকে বৃদ্ধি পোৱা দেখা গৈছে।

    প্ৰদূষণৰ মাত্ৰা নিয়ন্ত্ৰণ আৰু নিবাৰণৰ বাবে ১৯৭৪ চনত জলনীতি পৰিৱেশ সংৰক্ষণ আইন আদি সঁছা অৰ্থত নিয়াৰিকৈ প্ৰয়োগ কৰা হোৱা নাই। ফলস্বৰূপে ১৯৯৭ চনত ২৫১ টা প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ নদী আৰু সৰোবৰৰ জীৰৱৰ্তী অঞ্চলত স্থাপন কৰা দেখা যায়। ১৯৭৭ চনৰ জলসম্পদ উপকৰ আইন কঠোৰভাৱে বলৱৎ নোহোৱাৰ কাৰণেও দেশখনত জলপ্ৰদূষণ নিয়ন্ত্ৰণ ভালেখিনি পিচপৰি আছে। সেয়েহে সাম্প্ৰতিক পৰিস্থিতিত জলসম্পদৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব উপলব্ধিৰ লগতে জলপ্ৰদূষণ কাৰ্যৰ ফলোদ্ভৱ ভয়াবহ সমস্যা জনসচেতনতা আৰু জনজাগৰণ সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা আছে। জলসচেতনতা আৰু সেই অনুত্ৰুমে পালন কৰিব পৰা বিধিব্যৱস্থাৰ ফলশ্ৰুতি ৰূপেও উদ্যোগ, গৃহস্থালি খণ্ডৰ পৰা সাগৰমুখী নৰ্দমাসমূহৰ পানীত প্ৰদূষকৰ মাত্ৰা বহুখিনি হ্ৰাস কৰিব পাৰি।

    পানীৰ পুনৰ চত্ৰুায়ন আৰু পুনৰ ব্যৱহাৰঃ

    একেখিনি পানীকে সাময়িক বিৰতি অথবা স্থানীয়ভাৱে পৰিশোধন কৰি লোৱাৰ পাছত একেটা উদ্দেশ্যত একাধিকাবাৰ ব্যৱহাৰত পুনৰ চত্ৰুায়ন বোলে। শীতলীকৰণ আৰু জুই নুমোৱা আদি উদ্দেশ্যত ব্যৱহত পানী নিম্ন গুণগত মানৰ হলেও কোনো অসুবিধা নাই। ৰান্ধনিশালত চাউল, দাউল, শাক - পাচলি আধি ধোৱাৰ পিছত পানীখিনি পুনৰ শাক - পাচলিৰ বাগিচা পোহনীয়া গৰু - মহক খুউৱা আদি কামত ব্যৱহাৰ কৰিব পাৰি। তেনেদৰে গাড়ী - মটৰ, বাহন আদি ধোৱা পানী বাগিচালৈ বোৱাই আনিব পাৰি, বাচন - বৰ্তন, কাপোৰ - কানি, গা - ধোৱা পানী আদি বোৱাই নি তামোল - পাণ, নেমু, কলগছ আদিৰ বাগিচালৈ বোৱাই নি পুনৰ ব্যৱহাৰ কৰিব পাৰি। পুনৰ চত্ৰুায়ন আৰু পুনৰ ব্যৱহাৰ কৰ্মৰ যোগেদি প্ৰাকৃতিক জল ভাণ্ডাৰসমূহৰ পৰা সংগ্ৰহ কৰা পানীৰ মাত্ৰা বহু পৰিমাণে কমোৱাৰ লগতে ব্যৱহাৰযোগ্য পানীৰ উৎসবোৰত প্ৰদূষণ বহু পৰিমাণে নিয়ন্ত্ৰণ সম্ভৱ হব।

    অৱবাহিকা ব্যৱস্থাপনাঃ

    ভূপৃষ্ঠ আৰু ভূগৰ্ভৰ উপলদব্ধ জলাশয়সমূহৰ পানীৰ উপযুক্ত ৰক্ষণাবেক্ষণ আৰু ব্যৱস্থাপনাৰ লক্ষ্য আগত লৈ হাতত লোৱা কৰ্মসূচীক জলচ্ছেদ বা অৱবাহিকা - ব্যৱস্থাপনা বোলে। কৃত্ৰিম হ্ৰদ নাইবা জলাধাৰ প্ৰভৃতি নিৰ্মাণ কৰি সাগৰলৈ বৈ যোৱা ব্যৱহাৰযোগ্য পানীভাগ স্থানীয় পৰিবেশত সংৰক্ষণ কৰি ৰাখি প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব পাৰি। অথবা নিসৰণ সৰোবৰ আৰু পুনৰ প্ৰচলন কুঁৱা প্ৰভৃতি ব্যৱস্থাৰে ভূগৰ্ভলৈ অধিক মাত্ৰাত জলপ্ৰৱেশ কৰাৰ সুযোগ সৃষ্টি কৰি স্থানীয় পৰিবেশত পানী সংৰক্ষণ কৰিব পাৰি। অববাহিকা বা জলচ্ছেদ ব্যৱস্থাপনাৰ ভিতৰত পানীৰ ৰক্ষণাবেক্ষণ, পুনপ্ৰৰ্বলন আৰু যুক্তিযুক্ত বিনিয়োগ কাৰ্যাৱলীৰ উপৰি জলচ্ছেদ এলেকাৰ মাটি, পানী, জীৱ সম্প্ৰদায় আৰু মানুহৰ সামগ্ৰিক স্বাৰ্থৰ দিশসমূহো জড়িত কৰা হয়। মানৱ সমাজ আৰু প্ৰাকৃতিক সম্পদৰ মাজত ভাৰসাম্য প্ৰতিষ্ঠা কৰাটো জলচ্ছেদ ব্যৱস্থাপনাসমূহৰ মূল লক্ষ্য। সেয়েহে জলচ্ছেদ উন্নয়নৰ সফলতা ঘাইকৈ জলচ্ছেদবাসীৰ সহযোগ আৰু সত্ৰুিয় অংশগ্ৰহণৰ ওপৰত নিৰ্ভৰ কৰে।

    জলচ্ছেদ উন্নয়নৰ হকে কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰী পৰ্যায়ত আৰু আনকি বেচৰকাৰী খণ্ডতো কিছুমান আঁচনি কৰি কাৰ্যকৰী কৰাৰ চেষ্টা কৰা হৈছে। হাৰিয়ানা জলচ্ছেদ উন্নয়ন প্ৰকল্পৰ অধীনত এলেকাটোৰ গ্ৰাম্যবাসীন্দাসকলৰ স্বাৰ্থত ঘৰুৱা, জলসিঞ্চন, বনানীকৰণ উদ্দেশ্য আগত ৰাখি জলসম্পদ সংৰক্ষণৰ এক বিস্তীৰ্ণ কাৰ্যসূচী ৰূপায়নৰ প্ৰচেষ্টা কৰা হৈছে। অন্ধ্ৰপ্ৰদেশৰ নীৰু - মীৰু, ৰাজস্থান আৰৱাৰী পানী সাংসদ আদি প্ৰকল্পৰ যোগেদি জনসাধাৰণৰ সহায় আৰু সহযোগত বিভিন্ন প্ৰত্ৰুিয়াৰে পানী সংগ্ৰহণ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। তামিলনাডুত আকৌ গৃহনিৰ্মাণৰ অনুমতি প্ৰদানত ঘৰে প্ৰতি পানী সংগ্ৰহণৰ ব্যৱস্থা বাধ্যতামূলক কৰা হৈছে। এই ৰাজ্যত ঘৰে পতি পানী ধৰি ৰখাক ব্যৱস্থাবিহীন গৃহ নিৰ্মাণ কাৰ্যক বিধিবহিৰ্ভূত হিচাপে গণ্য কৰা হয়।

    বৃষ্টিজল সংগ্ৰহণৰ বিবিন্ন ব্যৱস্থাসমূহ পৰিবেশ সন্মত। বিভিন্ন প্ৰকাৰৰ প্ৰাকৃতিক আৰু কৃত্ৰিম পৰিসৰৰ ভূপৃষ্ঠৰ জলাশয়ৰ উপৰি মৃত্তিকাস্তৰ আৰু ভূগৰ্ভৰ জলাশয়ত বৰষুণৰ পানী সংগ্ৰহণ পৰিত্ৰুমাটোক বৃষ্টিজল সংগ্ৰহণ বোলে। কম খৰচী অথচ পৰিবেশসন্মত এনে ব্যৱস্থাৰ দ্বাৰা পানীৰ যোগান বৃদ্ধি কৰাৰ লগতে ফ্লৰাইড, নাইট্ৰেট, প্ৰভৃতি অনিষ্টকৰ উৎপাদন প্ৰশমন, ভূমিস্খলন প্ৰতিৰোধ বানপানী নিয়ন্ত্ৰণ আদি কৰিব পাৰি। ভাৰতৰ বিভিন্ন ঠাইত জনগোষ্ঠীৰ লোকে পৰম্পৰাগতভাৱে বৃষ্টিজল সংগ্ৰহণৰ ভালেমান কৌশল প্ৰয়োগ কৰা দেখা যায়।

    ভাৰতৰ ৰাষ্ট্ৰীয় জলনীতিৰ (২০০২) প্ৰধান বৈশিষ্ট্যসমূহঃ

    ভাৰতৰ ৰাষ্ট্ৰীয় জলনীতিৰ (২০০২) আধাৰত নিম্ন উল্লেখিত কাৰ্যবোৰত অনুত্ৰুম ভিত্তিত গুৰুত্ব প্ৰদান কৰা হৈছে -

    ১/ খোৱাপানী, শস্যক্ষেত্ৰত পানী যোগান, জলবিদ্যুৎ, জল পৰিহণ, শিল্প আৰু অন্যান্য ক্ষেত্ৰত ব্যৱহাৰ। জলসম্পদৰ যথোটপযুক্ত ব্যৱহাৰৰ বাবে কিছুমান নতুন উপত্যকা বিচাৰ পদ্ধতিৰ উদ্ভাৱন কৰিছে।

    ২/ জলসিঞ্চন আৰু বহুমুখী নদী উপত্যকা প্ৰকল্পবোৰত খোৱা পানীৰ ব্যৱস্থা থকাটো অনিবাৰ্য।

    ৩/ মানুহ আৰু জীৱজন্তৰ বাবে ব্যৱহাৰযোগ্য পানীৰ ব্যৱস্থা কৰাটো চৰকাৰৰ প্ৰথম দায়িত্ব।

    ৪/ ভূগৰ্ভৰ জলৰ নিষ্কাষণ নিয়ন্ত্ৰণ কৰাৰ বাবে ব্যৱস্থা হাতত লোৱা।

    ৫/ পৃষ্ঠীয় আৰু ভূগৰ্ভৰ পানী এক নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে পৰীক্ষা - নিৰীক্ষা কৰিব লাগিব।

    ৬/ পানীৰ গুণগত মান উন্নয়নৰ বাবে কিছুমান পৰ্যায় অনুত্ৰুমে ব্যৱস্থা লব লাগিব যাতে পৰিমাণ আৰু গুণগত মান অধিক উন্নত কৰিব পৰা যায়।

    ৭/ বিভিন্ন কাম - কাজত ব্যৱহাৰ কৰা পানীৰ পৰ্যায়ণ কৰি সেইমতে ব্যৱস্থা লোৱা।

    ৮/ শিক্ষা, নিয়ন্ত্ৰণ, তৎপৰতা আৰু কোনো কোনো ক্ষেত্ৰত তৎপৰতাহীন মাধ্যমেৰে সজাগতাৰ সৃষ্টি কৰিব লাগিব।

Type - Boby Bora 





Post ID : DABP004571