কপাহী বয়ন উদ্যোগঃ

    কপাহী বয়ন উদ্যোগ, এক প্ৰকাৰৰ থলুৱা উদ্যোগসমূহৰ ভিতৰতে এটা বুলি কব পাৰি। অতীজত আৰু মধ্যযুগৰ সময়ছোৱাত, ইয়াক কেৱল কুটীৰ শিল্প হিচাপে ব্যৱহাৰ কৰা হৈছিল। ভাৰতবৰ্ষ মুছলিন কাপোৰৰ উৎপাদন ক্ষেত্ৰত পৃথিৱী বিখ্যাত। খুব মিহিধৰণৰ কপাহী কাপোৰ কেলিকো, চিণ্টজ আৰু অন্যান্য বিভিন্নতা থকা কপাহী কাপোৰৰ বাবে ভাৰতবৰ্ষৰ সুখ্যাতি আছে। ভাৰতত কেইবাটাও কাৰকৰ বাবে এই উদ্যোগটোৰ উন্নয়ন সম্ভৱপৰ হৈ উঠিছল। প্ৰথমতে ভাৰতবৰ্ষ এখন ত্ৰুান্তিয় দেশ আৰু কপাহ অতিকৈ আৰামদায়ক সূতা যি উষ্ণ আৰু সেমেকা জলবায়ুৰ বাবে উপযোগী। দ্বিতীয়তে, ভাৰতবৰ্ষত এক বৃহৎ পৰিমাণত কপাহ খেতি কৰা হয়। এই উদ্যোগৰ বাবে প্ৰয়োজন হোৱা কৌশলী শ্ৰমিকৰ সংখ্যাও এই দেশত যথেষ্ট। দৰাচলতে কিছুমান অঞ্চলত জনসাধাৰণৰ কেইবাটাও প্ৰজন্মই কপাহী বয়ন উৎপাদনত ন্যস্ত হৈ আছে আৰু পৰৱৰ্তীকালত এই কৌশলবোৰ এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ হস্তান্তৰ হৈ আছিল। এই প্ৰত্ৰুিয়াটোৰে তেওঁলোকৰ কৌশল ত্ৰুমাৎ নিখুঁত হৈ পৰিছিল। পাৰম্ভণিত বৃটিছসকলে থলুৱা কপাহী বয়ন উদ্যোগৰ বিকাশৰ বাবে কোনোধৰণৰ উদগনি দিয়া নাছিল। তেওঁলোকে বৰঞ্চ কেঁচা কপাহ, মানচেষ্টাৰ আৰু লিভাৰপুলৰ কাপোৰৰ কলঘৰবোৰলৈ ৰপ্তানি কৰিছিল আৰু সম্ুূৰ্ণ হৈ উঠা সামগ্ৰীবোৰক পুনৰাই ভাৰতলৈ বিত্ৰুী কৰাৰ বাবে আনিছিল। এনে কাপোৰবোৰত বৃহৎ পৰিমাণত উ পাদিত হোৱা এনে কাপোৰৰ বিপৰীতে ভাৰতবৰ্ষৰ কুটীৰ আধাৰত উৎপাদন হোৱা কাপোৰৰ মূল্য বেছি আছিল।

    ১৯৫৪ চনত, মুম্বাইত পোন প্ৰথমবাৰৰ বাবে আধুনিক কপাহী বস্ত্ৰৰ কাৰখানা প্ৰতিষ্ঠা কৰা হয়। কপাহী বয়ন শিল্প কেন্দ্ৰ স্থাপন কৰাৰ বাবে এই মহানগৰখনত ভালেমান সুবিধা আছে।

    যন্ত্ৰচালিত তাঁতশালত সূতা কটা কাম হস্তাতাঁত, কপাহী বয়ন উদ্যোগ গুজৰাট আৰু মহাৰাষ্ট্ৰৰ কপাহ উপাদন কৰা অঞ্চলৰ অতি নিকটৱৰ্তী স্থলীত মুম্বাই অৱস্থিত। মুম্বাই বন্দৰলৈ ব্যৱহাৰৰ বাবে অনা কেঁচা কপাহ, ইংলেণ্ডলৈও কঢ়িয়াই নিয়া হৈছিল। সেয়েহে মুম্বাই মহানগৰখনতে কপাহ অপৰ্যাপ্তভাৱে আছিল। তদুপৰি মুম্বাই তেতিয়াও টকা - পইচা লেনদেনৰ কেন্দ্ৰস্বৰূপ আছিল আৰু এটাউদ্যোগ স্থাপন কৰোতে, প্ৰয়োজনীয় মূলধন সহজলভ্য আছিল। এখন বৃহৎ নগৰ হোৱা বাবেও নুযুক্তিৰ সুযোগৰ যোগান সহজে দিব পাৰে বাবেও বৃহৎসংখ্যক শ্ৰমিকক আকৰ্ষণ কৰিব পাৰে। সেয়েহে সস্তীয়া আৰু সুলভ বনুৱাৰ সংখ্যাও স্থানীয়ভাৱে পোৱা যায়। কপাহী বয়ন উদ্যোগৰ বাবে প্ৰয়োজনী যন্ত্ৰপাতিবোৰো ইংলেণ্ডৰ পৰা আমদানি কৰা হয়। পৰ্যায়ত্ৰুমে ছাহপুৰকলঘৰ আৰু কেলিকো মিল, আহমেদাবাদত প্ৰতিষ্ঠিত হৈছিল। ১৯৪৭ চনৰ ভিতৰত, ভাৰতত কপাহী কলঘৰৰ সংখ্যা বাঢ়ি গৈ ৪২৩টা হৈছিল, কিন্ত দেশ বিভাজনৰ পিচতে দৃশ্যপটৰ সলনি হল আৰু এক উদ্যোগবিধ বৰকৈ পশ্চাদপসৰণত ভুগিবলৈ ললে। ইয়াৰ মুখ্য কাৰণ হল বেছিসংখ্যক ণ্ডণগত মান সম্পন্ন কপাহ খেতিৰ অঞ্চল পশ্চিম পাকিস্তানৰ অন্তগৰ্ত হৈ ৰল আৰু ভাৰতবৰ্ষত ৪০৯ টা কলঘৰৰ সৈতে কেৱল ২৯ শতাংশ কপাহ উৎপাদন কৰা অঞ্চল থাকি গল।

    ভাৰতত স্বাধীন হোৱাৰ পিচতে এই উদ্যোগে ত্ৰুমান্বয়ে অগ্ৰগতি লাভ কৰিবলৈ লয় আৰু অৱশেষত ঠন ধৰি উঠে। ১৯৯৮ চনলৈ ভাৰতত কপাহী উদ্যোগৰ ১৭৮৬টা কলঘৰ হল, তাৰে ভিতৰত ১৯২ টা কলঘৰ ৰাজহুৱা খণ্ডৰ আৰু আন ১৫১ টা সমবায় খণ্ডৰ অন্তৰ্ভুক্ত হৈ থাকিল।

    ভাৰতৰ কপাহী বয়ন উদ্যোগক বিস্তৰভাৱে দুটা খণ্ডত বিভক্ত কৰিব পৰা যায়, যেনে সংঘবদ্ধ হৈ থকা খণ্ড আৰু বিকেন্দ্ৰীভূত কেন্দ্ৰ। বিকেন্দ্ৰীভূত খণ্ডত হস্ততাঁত আৰু শক্তিচালিত তাঁতত উপাদন হোৱা কাপোৰ অন্তৰ্ভুক্ত হৈ থাকে। সংঘবদ্ধ হৈ থকা খণ্ডৰ পৰা উৎপাদন তীব্ৰতাৰে নিম্নগামী হৈছিল অৰ্থাৎকুৰি শতিকাৰ মধ্যভাগত ৮১ শতাংশৰ পৰা ২০০০ চনলৈ উৎপাদনৰ হাৰ প্ৰায় ৬ শতাংশলৈ নামি যায়। বৰ্তমান বিকেন্দ্ৰীভূত খণ্তত থকা শক্তিচালিত তাঁতৰ পৰা ৫৯ শতাংশতকৈ অধিক উৎপাদন হৈ আছে আৰু দেশৰ সৰ্বমুঠ কপাহী বস্ত্ৰ উৎপাদনৰ ১৯ শতাংশ উৎপাদন হস্ততাঁত খণ্ডই উৎপাদিত কৰি আছে।

    কপাহ হল এবিধ শুদ্ধ কেঁচা পদাৰ্থ, যাৰ শিল্পকাৰ্য প্ৰত্ৰুিয়াত কোনোধৰণৰ ওজনৰ হ্ৰাস নহয়। সেয়েহে উদ্যোগৰ স্থান নিৰ্ণায়ক কাৰক হিচাপে, তাঁতশাল চলাবলৈ থকা প্ৰয়োজনীয় শক্তি, শ্ৰমিক, মূলদন অথবা বজাৰ আদি ওপৰত গুৰুত্ব দিয়া হয়। বৰ্তমান যুগত এই উদ্যোগৰ স্থান নিৰ্ণয় কৰোতে বজাৰ বা বজাৰৰ ওচৰত থকাটোতে চিন্তা কৰা হয় কাৰণ যিহেতুকে ই বজাৰকেন্দ্ৰিক শিল্প। কেনেধৰণৰ কাপোৰৰ উৎপাদন কৰাৰ প্ৰয়োজন থাকে। আকৌ সম্পূৰ্ণ শেষ হৈ উঠা উৎপাদিত সামগ্ৰীবোৰৰ যিহেতু বজাৰখনো চৰমভাৱে সালসলনি হৈ থাকে, সেয়েহে কলঘৰবোৰৰ স্থান বজাৰৰ নিকটৱৰ্তী স্থানত থকা প্ৰয়োজন।

    ঊনৈশ শতিকাৰ দ্বিতীয়ভাগত, মুম্বাই আৰু আহমেদাবাদত, প্ৰথমকপাহী বয়নৰ কলঘৰ স্থাপন হয় আৰু দ্ৰুতহাৰত এই উদ্যোগৰ প্ৰসাৰণ হবলৈ ললে। নাটকীয় গতিত কলঘৰবোৰক সংখ্যা বৃদ্ধি পাই গল। সেই সময়ত বৃটিছৰ দ্বাৰা নিৰ্মিত সামগ্ৰীৰ প্ৰতি সামূহিক বৰ্জনৰ ভাবুকি আহিলত স্বদেশী আন্দোলনে কপাহী বয়ন উদ্যোগক মুখ্যভাৱে প্ৰেৰণা যোগালে আৰু ভাৰতীয় বয়বস্তৰ প্ৰতি অনুৰাগ বৃদ্ধি পালে। ১৮২১ চনৰ পিছত ৰেলপথৰ প্ৰসাৰণ াৰু বিকাশৰ সৈতে ৰজিতা খুৱাই, অন্যান্য কপাহী বয়ন কেন্দ্ৰবোৰৰ দ্ৰুত সম্প্ৰসাৰণ ঘটিল। দক্ষিণ ভাৰতৰ, কইম্বাটোৰ, মাদুৰাই আৰু বাংগালোৰত কলঘৰ স্থাপন হবলৈ ধৰে। নাগপুৰ, ইন্দোৰ, চোলাপুৰ আৰু বৰোদাত কপাহী বস্ত্ৰ শিল্পৰ কেন্দ্ৰ হৈ পৰিল। স্থানীয়ভাৱে মূলধন বিনিয়োগৰ দ্বাৰা কানপুৰত কপাহী বস্ত্ৰৰ কলঘৰ স্থাপন হল। কলকাতাত, বন্দৰৰ সুবিধা থকা হেতুকে, কলঘৰ স্থাপন হল। কলকাতাত বন্দৰৰ সুবিধা থকা হেতুকে কলঘৰ স্থাপন হবলৈ ধৰে।

    জলবিদ্যুৎ প্ৰকল্পৰ উন্নয়নে কপাহী বয়নৰ কলঘৰবোৰক কপাহ উপাদনকাৰী অঞ্চলৰ পৰা দূৰলৈ অৱস্থান লোৱাত অৰিহণা যোগাইছিল। তামিলনাডুত এই উদ্যোগৰ দ্ৰুত বিকাশৰ কাৰণ হল কলঘৰবোৰলৈ জলবৈদ্যুতিক শক্তিৰ অপৰ্যাপ্ত যোগান ব্যৱস্থা। উজ্জয়নী, ভাৰুছ, আগ্ৰা, হঠৰাজ, কইম্বাটোৰ আৰু টিৰুনুভেল্লীৰ নিচিনা কেন্দ্ৰবোৰত নিম্ন মাননী লোৱা শ্ৰমিকৰ বাবেও কপাহ পাদন হোৱা অঞ্চলৰ পৰা দূৰলৈ, উদ্যোগ স্থাপন হল।

    যত এটা বা ততোধিক অৱস্থান নিৰ্ণায়ক কাৰক সুবিধাজনক হিচাপে থকা পাইছে তাতেই এনেদৰে উদ্যোগ স্থাপন হৈ ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে কপাহী বয়ন শিল্প প্ৰতিষ্ঠিত হল। বজাৰ বা স্থানীয় সস্তীয়া বনুৱা শক্তি বা শক্তিক উপলব্ধতা আদিও কেঁচা সামগ্ৰীৰ প্ৰয়োজনীয়তাৰ ভিতৰত থাকিব পাৰে।

    বৰ্তমান কপাবী বয়ন শিল্প থকা মুখ্য কেন্দ্ৰবোৰ হল ত্ৰুমে আহমেদাবাদ, ভিৱাণ্ডী, চোলাপুৰ, কোলাহাপুৰ, নাগপুৰ, ইন্দোৰ আৰু উজ্জেন। এই সকলোবোৰ কেন্দ্ৰই থলুৱা কেন্দ্ৰ আৰু কপাহ উপাদনকাৰী অঞ্চলৰ নিকটত অৱস্থিত হৈ আছে। মহাৰাষ্ট্ৰ, গুজৰাট আৰু তামিলনাডু, আগশাৰীৰ কপাহ উপাদনকাৰী ৰাজ্য। পশ্চিমবংগ, উত্তৰপ্ৰদেশ, কৰ্ণাটক আৰু পঞ্জাব উল্লেখযোগ্য কপাহ বয়ন শিল্পৰ  পাদক।

    তামিলনাডুত বৃহৎসংখ্যক কলঘৰ আছে আৰু সেইবোৰৰ বেছিভাগতে, কাপোৰতকৈ সূতা পাদন হয়। দেশৰ আধাতকৈ বেছি কলঘৰৰে সৈতে থকা কইম্বাটোৰ এক উল্লেখযোগ্য কেন্দ্ৰ হিচাপে পৰিগণিত হৈ আছে। আন আন উল্লেখনীয় কেন্দ্ৰবোৰ হল ত্ৰুমে চেন্নাই, মাডুৰাই, টিৰুনাভেল্লী, টুটিকৰিন, তাঞ্জাভুৰ, ৰামনাথপুৰম আৰু চালেম। কৰ্ণাটকত কপাহ পাদন  হোৱা অঞ্চলত অৰ্থাৎ ৰাজ্যখনৰ উত্তৰ - পূব অংশটোত কপাহ বয়ন শিল্পৰ উন্নয়ন সাধিত হৈছে। ইয়াৰ ভাবানগিৰি হাৱলি, বেল্লাৰী, মহীশূৰ আৰু বাংগালোৰ আদি উল্লেখযোগ্য কেন্দ। অন্ধ্ৰপ্ৰদেশৰ কপাহ উপাদন হোৱা টেলেংগানা অঞ্চলত, কপাহী বয়ন শিল্প গঢ়ি উঠিছে। ইয়াৰ বেছিভাগ কলঘৰ সূতাকটা কলঘৰ যৰ পৰা সূতা উপাদন হৈ থাকে। উল্লেখযোগ্য কেন্দ্ৰবোৰ হল হাইদৰাবাদ, ছেকেন্দ্ৰাবাদ, বাৰাংগল আৰু গুণ্টুৰ।

    উত্তৰপ্ৰদেশৰ কানপুৰ এক প্ৰসিদ্ধ কেন্দ্ৰ। আন কিছুমান উল্লেখনীয় কেন্দ্ৰ হল মডিনগৰ। হঠৰাজ, ছাহৰানপুৰ, আগ্ৰা আৰু লক্ষ্নৌ। পশ্চিমবংগত, কপাহৰ কলঘৰবোৰ, হুগলী অঞ্চলত অৱস্থিত হৈ আছে। ইয়াৰ হাওৰা, শ্ৰীৰামপুৰ, কলকাতা, আৰু শ্যামনগৰ উল্লেখযোগ্য কেন্দ্ৰ।

    ১৯৫০ - ৫১ ৰ পৰা ১৯৯৯ - ২০০০ চনলৈকে কপাহী বস্ত্ৰৰ উপাদন পাঁচগুণ বৃদ্ধি পাইছিল। সংশ্লেষিক কাপোৰৰ লগত কপাহী বয়ন উদ্যোগ, কঠিন প্ৰতিযোগিতাৰ মুখামুখি হবলগা হৈছে। ভাৰতত কপাহী বস্ত্ৰ শিল্পৰ আৰু অন্যান্য কি সমস্যা থাকিব পাৰে।

Type - Boby Bora




Post ID : DABP005057