আন্তৰ্জাতিক বাণিজ্যত প্ৰৱেশদ্ধাৰ হিচাপে থকা সমুদ্ৰ বন্দৰঃ
ভাৰতৰ তিনিওকাষে সাগৰে আগুৰি ৰাখিছে আৰু লগতে এক সুৰ্দীঘ উপকূল ৰেখাৰ অনুদানেৰে অনুদিত। সমুদ্ৰ বেছি তোলপাৰ নকৰাবিধৰ, গতিকে সাগৰ পৃষ্ঠই বহু সস্তীয়া পৰিবহণ ব্যৱস্থাৰ যোগান ধৰি আছে। ভাৰতত পৰম্পৰাগতভাৱে সমুদ্ৰ উৎসৱ চলে আৰু এনেদৰে পট্টন, অৰ্থাৎ বন্দৰ নামটো খোদিত হৈ ভালেমান বন্দৰৰ বিকাশ ঘটিছে। ভাৰতৰ বন্দৰবোৰৰ এটা লক্ষণীয় দিশ এই যে পশ্চিম উপকূলত পূব উপকূলতকৈ বেছি বন্দৰ আছে। যদিও অতীজৰে পৰা বন্দৰৰ ব্যৱহাৰ হৈ আছিল। ইউৰোপীয় বণিকসকল অহাৰ পিছত দেশত বৃটিছসকলে উপনিৱেশ পাতি থকাৰ পিছতহে আন্তৰ্জাতিক বাণিজ্যৰ বাবে প্ৰৱেশদ্ধাৰা হিচাপে বন্দৰৰ অভ্যূথ্যান ঘটে। ইয়াৰ পৰাই অৱশেষত বন্দৰৰ আকাৰ আৰু গুণাগুণৰ পাৰ্থক্যৰ কথা আহি পৰে। এনে কিছুমান বন্দৰ আছে যিয়ে অসীম অঞ্চলজুৰি প্ৰভাৱিত কৰে। আৰু আন কিছুমান বন্দৰে, সীমিত অঞ্চলত প্ৰভাৱিত কৰে থাকে। বৰ্তমান ভাৰতত ১২টা মুখ্য বন্দৰ আৰু ১৮৫ টা গৌণ অথবা মধ্যমীয়া বন্দৰ আছে। মুখ্য বন্দৰবোৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নীতি প্ৰযোজ্য হৈ থাকে। আৰু নিয়ম অমুযায়ী কাৰ্যভাৰ চলে। গৌণ বন্দৰৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে নীতি আৰু কাৰ্যবোৰ নিৰূপণ কৰে। সৰ্বমুঠ যাতায়াতৰ বহলাংশ মুখ্য বন্দৰবোৰেৰে হয়। দেশৰ সৰ্বমুঠ সমুদ্ৰ যাতায়াত ১২টা মুখ্য বন্দৰেৰে চলি থাকে।
বৃটিছসকলে বন্দৰবোৰক পশ্চাৎভূমিৰ পৰা অনা সম্পদবোৰৰ, শোষণ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰি আহিছিল। দেশৰ অভ্যন্তৰীণ অঞ্চলবোৰলৈকো লাহে লাহে যেতিয়া ৰেলপথ নিৰ্মাণ হৈ উঠে, তেতিয়া স্থানীয় বজাৰবোৰ আঞ্চলিক বজাৰৰ সৈতে সংগল্ন হৈ পৰিল আৰু আঞ্চলিক বজাৰবোৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বজাৰৰ সৈতে আৰু ৰাষ্ট্ৰীয় বজাৰবোৰ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংলগ্ন হৈ পৰে। ১৯৪৭ চনলৈকে ই অৱধাৰিত হৈ থাকে। এটা আশা আছিল যে দেশ স্বাধীন হোৱাৰ পিচত হয়তো এই প্ৰত্ৰুিয়াৰ পৰিবৰ্তন হবগৈ পাৰে। কিন্ত দেশৰ বিভাজনে দুটা অতি প্ৰয়োজনীয় বন্দৰ আঁতৰাই পঠিয়াই, অৰ্থাৎ কৰাচী বন্দৰটো পাৰিস্তানলৈ আৰু চিটাগং বন্দৰ, সেই সময়ৰ পূব পাকিস্তান আৰু বৰ্তমান বাংলাদেশলৈ ঠেলি পঠিয়ালে। এই অভাৱ পূৰণ কৰাবলৈ বহুতো নতুন বন্দৰৰ আৱিৰ্ভাৱ ঘটে। যেনে পশ্চিমৰ কাণ্ডলা আৰু পূবলৈ কলকাতাৰ ওচৰত থকা ডাইমণ্ড বন্দৰ যি হুগলী নদীৰ পাৰত গঠন হয়।
এনে দুৰ্যোগৰ পিচতো স্বাধীনতাৰ পিচৰ কালত ভাৰতত বন্দৰবোৰ গঢ়ি উঠিবলৈ ধৰে। বৰ্তমান ভাৰতবৰ্ষৰ বন্দৰবোৰে, বৃহৎ আয়তনৰ ঘৰুৱা আৰু লগতে সাগৰ পাৰ কৰি বাণিজ্য, চলাই আছে। বেছিভাগ বন্দৰে আধুনিকতম সা - সুবিধাযুক্ত বুনিয়াদেৰে আধাৰিত হৈ আছে। প্ৰথমৱস্থাত, বন্দৰবোৰক বিকাশ ঘটাই নতুনত্বলৈ নিয়াৰ দায়িত্ব কেৱল চৰকাৰী সংস্থাবোৰৰ হাতত আছিল, কিন্ত প্ৰাকাৰ্য বাঢ়ি যোৱাৰ পৰিপ্কেক্ষিতত তথা আন্তৰ্জাতিক বন্দৰবোৰৰ সমকক্ষ কৰি তুলিবলৈ ব্যক্তিগত অনুষ্ঠানবোৰক আমন্ত্ৰিত কৰি অনা হল। যাতে বন্দৰবোৰক অত্যাধুনিক কৰি গঢ়ি তুলিব পাৰে।
১৯৫১ চনত ভাৰতৰ বন্দবোৰে তত্ত্বাৱধ্ন লব পৰাকৈ থকা ২০ কোটি টনৰ মালবাহী জাহাজৰ ঠাইত এতিয়া ৫০০ কোটি টনতকৈ বেছি মালবাহী জাহাজক চম্ভালিব পৰা হল।
তলত পশ্চাৎ ভূমিৰ সৈতে থকা কেইটামান বন্দৰৰ কথা উল্লেখ কৰা হল -
Type - Boby Bora