চেনি উদ্যোগঃ

    চেনি উদ্যোগ দেশৰ দ্বিতীয় প্ৰধান প্ৰয়োজনীয় কৃষিভিত্তিক উদ্যোগ। ভাৰতে কুঁহিয়াৰ উৎপাদন কৰি পৃথিৱীৰ মুঠ উৎপাদনৰ ৮ শতাংশই যোগান ধৰি বৃহত্তম উৎপাদক দেশ, হিচাপে খ্যাতি লাভ কৰিছে। খণ্ডচাৰি আৰু গুৰৰ বাদেও কুঁহিয়াৰৰ পৰা তালমিছিৰি আদিও প্ৰস্তত কৰা হয়। এই উদ্যোগ ৪ লাখতকৈও অধিক লোকক, প্ৰত্যক্ষভাৱে নিযুক্তি দিয়ে আৰু পৰোক্ষভাৱে বৃহৎসংখ্যক কৃষকক সুবিধা দি আছে। ঋতু অনুসৰি কেঁচাদ্ৰব্য পোৱা যায় বাবে চেনি উদ্যোগ একপ্ৰকাৰ ঋতুভিত্তিক উদ্যোগ।

    আধুনিক সময়ত এই উদ্যোগৰ উন্নয়নৰ পাত লুটিয়ালে ১৯০৩ চনৰ পৰা আৰম্ভ কৰিব পৰা যাব, যেতিয়া বিহাৰত এটা মাত্ৰ চেনিকলৰ কাম আৰম্ভ হৈছিল। পৰ্যায়ত্ৰুমে, চেনিকলবোৰ, বিহাৰ আৰু উত্তৰপ্ৰদেশৰ অন্যান্য অংশবোৰত আৰম্ভ হৈছিল। ১৯৫০ - ৫১ চনৰ সময়ছোৱাত ১৩৯ টা কাৰখানাই কাৰ্য কৰি ১১.৩৪ লাখ টন চেনি উৎপাদন কৰিছিল। ২০০০ - ০১ চনলৈ চেনিকলৰ সংখ্যা বৃদ্ধি পাই ৫০৬ টা হৈছিল আৰু উৎপাদন, ১৭৬.৯৯ লাখ টন বৃদ্ধি পাইছিল।

    চেনি উদ্যোগৰ অৱস্থানঃ

    কুঁহিয়াৰ হল ওজনত হ্ৰাস পোৱা শস্য। ইয়াৰ সঁচৰধৰণৰ ওপৰত নিৰ্ভৰ কৰি কুঁহিয়াৰ আৰু চেনিৰ অনুপাত ৯ৰ পৰা ১২ শতাংশ লৈ সালসলনি হৈ থাকে। পথাৰৰ পৰা চপাই আনি দম কৰি জমা কৰি ৰাখোতে ইয়াত থকা চুত্ৰুজৰ পৰিমাণ শুকাবলৈ আৰম্ভ কৰে। সেয়েহে কাটি চপোৱাৰ সময়ৰ পৰা ২৪ ঘণ্টাৰ ভিতৰতে ৰস উলিয়াই লব পৰাৰ ওপৰত নিৰ্ভৰ কৰি চেনিক সৰহ পৰিমাণত পাব পাৰি। সেয়েহে, চেনিৰ কলবোৰ, কুঁহিয়াৰ উৎপাদন কৰা অঞ্চলৰ ওচৰতে স্থাপন কৰা হয়। 

    দেশৰ ভিতৰত মহাৰাষ্ট্ৰ, চেনিৰ উৎপাদনৰ ক্ষেত্ৰত শীৰ্ষস্থানীয় আৰু দেশৰ সৰ্বমুঠ উৎপাদনৰ এক - তৃতীয়াংশই উৎপাদন কৰি আছে। ৰাজ্যখনত সৰ্বমুঠ ১১৯টা চেনিৰ কল আছে। উত্তৰৰ মনমদৰ পৰা দক্ষিণৰ কোলহাপূৰলৈকে বিস্তৃত হৈ থকা এটা ঠেক অঞ্চলৰ এই চেনিকলবোৰ আছে। সমবায় উৎপাদন খণ্ডত বাকী ৮৭টা চেনিকল আছে।

    উত্তৰপ্ৰদেশ, দ্বিতীয় প্ৰধান চেনি উৎপাদন কৰা অঞ্চল। গংগা - যমুনা দোৱাব অঞ্চলৰ মূল্য চেনি উৎপাদনকাৰী  কেন্দ্ৰবোৰ হল ত্ৰুমে ছাহাৰানপুৰ, মুঝাফৰনগৰ, মেৰুট, গাজিয়াবাদ, বাঘপট্ আৰু বুলাণ্ডচহৰ জিলা, আনহাতে খেৰি লখিমপুৰ, বস্তি, গোণ্ডা, গোৰক্ষপুৰ, বাহৰাইছ, তৰাই অঞ্চলৰ উল্লেখযোগ্য চেনি উৎপাদন কৰা কেন্দ্ৰ।

    তামিলনাডুত চেনিকলবোৰ কইম্বাটোৰ, ভেলোৰ, তিৰুবনামলাই, ভিল্লুপুৰম আৰু তিৰুচিৰাপল্লি জিলাত অৱস্থিত হৈ আছে। কৰ্ণাটকৰ মুখ্য উৎপাদন কৰা জিলাবোৰ হল বেলগম্, বেলাৰি, মণ্ডিয়া, ছিমোগা, বিজাপুৰ, আৰু চিত্ৰদুৰ্গ। উদ্যোগবোৰ উপকূলীয় অঞ্চলত সিঁচৰিত হৈ আছে যেনে পূব গোদাবৰী, পশ্চিম গোদাবৰী, বিশাখাপট্টনম জিলা আৰু  নিজামাবাদ আৰু টেলেংগানাৰ মেদক জিলা আৰু লগতে ৰয়েলছিমাৰ চিটুৰ জিলা। 

     চেনি উৎপাদন কৰা ৰাজ্যসমূহ হল বিহাৰ, পঞ্জাব, হাৰিয়ানা, মধ্যপ্ৰদেশ আৰু গুজৰাট। বিহাৰৰ চাৰণ, চম্পাৰণ, মুজাফৰনগৰ, ছিয়ান, দৰভাংগা, আৰু গয়া উল্লেখযোগ্য চেনি  উৎপাদন কাৰী জিলা। পঞ্জাবৰ আপেক্ষিক গুৰুত্ব যদিও হ্ৰাস হৈছে গুৰুদায়পুৰ, জলন্ধৰ, শংগাৰুৰ, পাটিয়ালা আৰু অমৃতসৰ আদিত কিছু পৰিমাণে চেনি উৎপাদন কৰা হয়। হাৰিয়ানাত, চেনি কল থকা জিলাবোৰ হল যমুনানগৰ, ৰোহটক, হিছাৰ আৰু ফৰিদাবাদ, গুজৰাটৰ চেনি উদ্যোগ, তুলনামূলকভাৱে নতুনকৈ গঢ়ি উঠিছে। চুৰাটৰ কুঁহিয়াৰ উৎপাদন কৰা এলেকাত চেনিকলবিলাক অৱস্থিত হৈ আছে। যেনে জুনাগড়, ৰাজকোট, আমৰেলি, ভালচাদ আৰু ভৱনগৰ জিলা।



Type - Boby Bora