খনিজ পদাৰ্থ অনুসন্ধানত জড়িত থকা সংস্থাসমূহঃ
ভাৰতৰ ভূতাত্ত্বিক জৰীপ সংস্থা, তেল আৰু প্ৰাকৃতিক গেচ আয়োগ, খনিজ অনুসন্ধান নিগম লিমিটেড, ৰাষ্ট্ৰীয় খনিজ উন্নয়ন নিগম, ভাৰতীয় খনি সংস্থা, ভাৰত সোণ খনি লিমিটেড, হিন্দুস্থান তাম লিমিটেড, ৰাষ্ট্ৰীয় এলুমিনিয়াম কোম্পানী লিমিটেড আৰু বিভিন্ন ৰাজ্যসমূহত থকা খনি আৰু ভূতত্ত্ব বিভাগবোৰে খনিজ পদাৰ্থৰ পদ্ধতিমূলক জৰীপ, দৃষ্টি আৰু অনুসন্ধানকাৰ্যসমূহ তদাৰক কৰে।
ভাৰতবৰ্ষত খনিজ পদাৰ্থৰ বিতৰণঃ
বেছিভাগ ধাতৱিক খনিজ পদাৰ্থ, ভাৰতৰ দক্ষিণাত্য অঞ্চলৰ পুৰণি দানাদাৰ প্ৰস্তৰয়ুক্ত অঞ্চলত থকা দেখা যায়। দামোদৰ, সোণ, মহানদী আৰু গোদাবৰী, উপত্যকা অঞ্চলত আছে। ৯৭ শতাংশকৈও অধিকাংশ কয়লা, অসম, গুজৰাট, আৰু মুম্বাই হাই অৰ্থাৎ, আৰৱ সাগৰৰ পশ্চাৎ, উপকূলীয় অঞ্চলত পেট্ৰলিয়াম ভাণ্ডাৰ অৱস্থিত। কৃষ্ণা - গোদাবৰী আৰু কাৱেৰী অৱবাহিকাত নতুনকৈ পেট্ৰলিয়ামৰ সন্ধান পোৱা গৈছে। বেছিভাগ খনিজ সম্পদ মাংগালোৰ আৰু কানপুৰক সংযোগ কৰি এডাল ৰেখা আঁকিলে তাৰ পূৰ্বফালে পোৱা যায়।
ভাৰতবৰ্ষত খনিজ সম্পদবোৰ সাধাৰণতে তিনিটা প্ৰধান অঞ্চলত ঘনীভূত হৈ থকা দেধা যায়। অত - তত বিচ্ছিন্নভাৱে দুই - এটা খনিজৰ অৱস্থিতি, নথকাও নহয়। প্ৰথান অঞ্চলসমূহ হল-
উত্তৰ - পূব মালভূমি অঞ্চলঃ
ছোটনাগপুৰ, উৰিষ্যাৰ মালভূমি, পশ্চিমবংগ আৰু ছত্তীশগড়ৰ কিছু অংশ এই অঞ্চল সামৰি গঠিট। মুখ্য লো তীখাৰ উদ্যোগসমূহ এই অঞ্চলত কিয় অৱস্থিত, তোমালোকে বাৰু কেতিয়াবা ভাবি চাইছানে। আবৰিক লো, কয়লা, মেংগানিজ, বক্সাইট, অভ্ৰ আদি বিবিধ খনিজসমূহো ইয়াত পোৱা যায়।
দক্ষিণ - পশ্চিমৰ মালভূমি অঞ্চলঃ
কৰ্ণাটক, গোৱা আৰু তামিলনাডু উচ্চভূমিৰ নিকটৱৰ্তী অঞ্চল আৰু কেৰালা অঞ্চলটোত খনিজ সম্পদ বিস্তৃত হৈ আছে। এই অঞ্চলটো লৌহ ধাতৱ আৰু বক্সাইট উৎপাদনত চহকী। তদুপৰি ইয়াত উচ্চমানৰ আকৰিক লো, মেংগানিজ আৰু চূণশিল পোৱা যায়। নেইভেলিৰ লিগনাইট বাদে এই অঞ্চল কয়লা অবক্ষেপৰ দ্বাৰা পৰিপূৰ্ণ হৈ আছে।
উত্তৰ -পূব অঞ্চলটোত তকাৰ দৰে এই অঞ্চলত বিভিন্ন খনিজ পদাৰ্থ পোৱা নাযায়। কেৰালাত মোনাজাইট আৰু তৰিয়াম, বক্সাইটৰ আকৰ আদি পোৱা যায়। গোৱাত আকৰিক লোৰ অৱক্ষেপ আছে।
উত্তৰ - পশ্চিমাঞ্চলঃ
এই অঞ্চলটো ৰাজস্তান আৰাবলী হৈ গুজৰাটৰ কিছু অংশলৈ বিয়পি আছে আৰু ই ধাৰৱাৰ শিলাস্তৰৰ সৈতে জড়িত। তাম, দস্তা আদিবোৰ ইয়াৰ মুখ্য খনিজ পদাৰ্থ। ৰাজস্থান নিৰ্মাণকাৰ্যত ব্যৱহিত শিলা অৰ্থাৎবালিশিল, গ্ৰেণাইট, মাৰ্বল আদিত চহকী। তদুপৰি ইয়াত জিপছাম আৰু ফুলাৰ মৃত্তিকাৰ অৱক্ষেপ বিস্তাৰিতভাৱে আছে। ডলমাইট আৰু চূণশিলো ইয়াত পোৱা যায় আৰু এইবোৰ চিমেণ্ট উদ্যোগৰ কেঁচামাল হিচাপে ব্যৱহিত হয়। গুজৰাট পেট্ৰলিয়ামৰ খাদৰ বাবে বিখ্যাত। তোমালোকে নিশ্চয় জানা যে গুজৰাট আৰু ৰাজস্থানত নিমখৰ প্ৰচুৰ ভাণ্ডাৰ আছে।
মহাত্মা গান্ধীৰ দাণ্ডিৰযাত্ৰা, কিয় আৰু কত হৈছিল?
হিমালয় পাৰ্বত্য অংশ আন এক খনিজ পদাৰ্থ থকা অঞ্চল য়ত তাম, সীহ, দস্তা, কোবাল্ট আৰু টাংগষ্টেন আদি পোৱা যায়। পূব আৰু পশ্চিম, দুয়োটা অঞ্চলতে এই খনিজসমূহ থকা দেখা যায়। অসম উপত্যকাত উজনি অঞ্চলত খাৰুৱা তেলৰ অৱক্ষেপ আছে। ইয়াৰ বাহিৰেও মুম্বাইৰ পশ্চৎ উপকূলীয় অঞ্চল আদিতো তৈল সম্পদ পোৱা যায়।
Type - Boby Bora