ভাৰতত সংস্কাৰ মুক্তায়ন, নিজস্বায়ন, বিশ্বায়ন আৰু উদ্যোগৰ বিকাশঃ

    ১৯৯১ চনত নতুন ঔদ্যোগিক নীতি ঘোষিত হয়। এই নীতিৰ মুখ্য লক্ষ্যবোৰ আছিল - ইতিমধ্যে আহৰণ কৰা লাভাংশক বৰ্ধিত কৰা, বিকৃতি নতুবা দুৰ্বলতাৰে বগাই থকাক শুদ্ধ পথলৈ অনা, উৎপাদনক ধাৰণক্ষম কৰি বৃদ্ধি পথলৈ প্ৰতিপালন কৰা লাভজনক নিয়ুক্তি দিব পৰা আৰু আন্তৰ্জাতিক প্ৰতিযোগিতাত যোগদান দিব পৰা।

    এই নীতিৰ অন্তগৰ্ত হৈ থকা প্ৰাথমিক কাৰ্যত্ৰুমবোৰ এনেধৰণৰ - ১/ ঔদ্যোগিক অনুজ্ঞাপত্ৰৰ উচ্ছেদ কৰা, ২/ বিদেশৰ প্ৰযুক্তিক মুকলিকৈ আবাহন কৰা, ৩/ বিদেশৰ বিনিয়োগ নীতিত চকু দিয়া, ৪/ মূলধন বজাৰলৈ প্ৰৱেশ কৰা, ৫/ মুকলি বাণিজ্য, ৬/ দশা হিচাপে থকা উদ্যোগৰ কাৰ্যত্ৰুমণিকা উচ্ছেদ কৰা ৭/ উদ্যোগিক অৱস্থানৰ কাৰ্যত্ৰুমণিকা সংস্কাৰমুক্ত কৰা। উদ্যোগিক নীতি তিনিটা ধাৰালৈ বিস্তৃত হা আছেঃ সংস্কাৰমুক্তায়ন, নিজস্বায়ন আৰু বিশ্বায়ন।

    মাত্ৰ কৌশল, নিৰাপত্তা অথবা পৰিবেশ, সম্পৰ্কৰ সৈতে জড়িত থকা ছটা উদ্যোগৰ বাহিৰে আনবোৰৰ বাবে উদ্যোগিক অনুজ্ঞাপত্ৰ দিয়া, পদ্ধতিৰ ৰদ কৰা হৈছে। একে সময়তে আকৌ ১৯৫৬ চনৰে পৰা সংৰক্ষিত কৰি ৰখা ৰাজহুৱা খণ্ডৰ উদ্য়েগৰ সংখ্যা, ১৭ৰ পৰা হ্ৰাস কৰি ৪লৈ অনা হল। পাৰমাণৱিক শক্তিৰ সৈতে জড়িত হৈ থকা উদ্যোগবোৰ, পাৰমাণৱিক শক্তি বিভাগৰ অনুসূচিত থকা বিশেষ দ্ৰব্যৰ লগতে ৰেলৱে বিভাগ আদি ৰাজহুৱা খণ্ডৰ তলত থাকিল। চৰকাৰে আনকি বিত্তীয় প্ৰতিষ্ঠান, জনসাধাৰণ আৰু কৰ্মীয়কলক ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰৰ একো একোটা অংশৰ অংশীদাৰ পাতিবলৈ প্ৰস্তাৱ দিয়াৰ সিদ্ধান্ত লৈছিল। উদ্যোগ স্থাপনৰ বাবে আৰম্ভণিতে থাকিবলগীয়া সম্পত্তিৰ সীমা, ধনিষ্ঠামান কৰা হলত অনুজ্ঞাপত্ৰ নথকা উদ্যোগ খণ্ডবোৰত ধন বিনিয়োগ কৰোতে আগতীয়া অনুমোদনৰ প্ৰয়োজন নোহোৱা হল। উদ্যোক্তাসকলে কেৱল এখন ফৰমেটৰ জৰিয়তে দৰ্খাস্ত দিলে এটা উদ্যোগৰ স্থাপন কৰা সুবিধাখিনি পায়।

    উদ্যোগৰ নতুন নীতি অনুযায়ী উচ্চস্তৰৰ এক অৰ্থনৈতিক উন্নতিৰ হকে, দেশীয় মূলধন বিনিয়োগৰ পৰিপূৰক হিচাপে বিদেশী মূলধন বিনিয়োগ প্ৰত্যক্ষভাৱে থকাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। FDIৰ দ্বাৰা স্বদেশীয় উদ্যোগ, উপকৃত হোৱাৰ লগতে উপভোক্তাসকলক ঊৰ্ধ্বগতিৰে আগবঢ়া প্ৰযুক্তিৰ যোগান দিব পাৰিছে, গোলকীয় পৰিচালনাৰ কৌশল আৰু অনুশীলন কৰাৰ পথ দেখুৱাব পাৰিছে আৰু প্ৰাকৃতিক আৰু মানৱ সম্পদৰ ন্যূনতম ব্যৱহাৰ কেনেদৰে কৰিব পৰা যায়, সেই কথাটোত সকীয়নি দিছে। এই ভাবধাৰা সন্মুখত লৈ বিদেশী বিনিয়োগক সংস্কাৰমুক্ত কৰা হল আৰু চৰকাৰে বিদেশৰ প্ৰত্যক্ষ বিনিয়োগৰ স্বয়ংত্ৰুিয় ৰাস্তা মুকলি কৰাৰ উদগনি দিছে। চৰকাৰে আনকি, উদ্যোগৰ স্থান নীতিৰ পৰিৱৰ্তনৰ বাবে ঘোষণা কৰিছে। পৰিৱেশ ৰক্ষাৰ খাতিৰত, উদ্যোগবোৰক, বৃহৎ মহানগৰৰ আশে - পাশে থকাটোত নিৰুৎসাহিত কৰা হৈছে।

    স্বদেশী ব্যক্তিগত বিনিয়োগকাৰী আৰু বহুজাতিক কোম্পানী, উভয়কে আকৰ্ষিক কৰাবলৈ নীতি, সংস্কাৰমুক্ত কৰা হৈছে। নতুন উদ্যোগ খণ্ডবোৰৰ যেনে - খনি, বাৰ্তাযোগাযোগ, ঘাইপথ নিৰ্মাণ আৰু পৰিচালনাৰ দায়িত্বভাৰ ব্যক্তিগত কোম্পানীবোৰলৈ মুকলি কৰি ৰাখিছে। ইমানখিনি ৰেহাই দিয়াৰ সত্ত্বেও বিদেশী প্ৰত্যক্ষ বিনিয়োগ, আশানুৰূপভাৱে পোৱা নাই যদিও বিদেশীৰ সহযোগিতা বৃদ্ধি পাই আছে, অনুমোদন আৰু প্ৰকৃত বিদেশী প্ৰত্যক্ষ বিনিয়োগৰ মাজত এক ব্যৱধান থকাটো দেখিবলৈ পোৱা গৈছে। বিদেশী বিনিয়োগৰ এক বৃহৎ পৰিমাণ, ঘৰুৱা যন্ত্ৰপাতি, বিত্ত, বৃত্তি, ইলেকট্ৰনিকছ আৰু বৈদ্যুতিক সঁজুলিবোৰত আৰু খাদ্য আৰু দুগ্ধ উ পাদিত সামগ্ৰীবোৰতে আবদ্ধ হৈ আছে।

    বিশ্বাসনে কোনো এখন দেশৰ অৰ্থনীতিক, পৃথিৱীৰ অন্যান্য দেশসমূহৰ অৰ্থনীতিৰ সৈতে একত্ৰিকৰণ কৰা বুজায়। এনে প্ৰত্ৰুিয়াত, এখন ৰাষ্ট্ৰৰ পৰা আন এক ৰাষ্ট্ৰলৈ, মূলধন, শ্ৰমিক আৰু সম্পাদকে ধৰি অন্যান্য সামদ্ৰী আৰু বৃত্তি মুকলিমূৰীয়াকৈ চলাচল কৰি থাকিব পাৰে। যান্ত্ৰিক বজাৰত বিস্তৃত প্ৰয়োগ আৰু বিদেশী বিনিয়োগকাৰীৰ জৰিয়তে বিশ্বায়নৰ সূত্ৰে, স্বদেশী আৰু বিদেশী সামগ্ৰীৰ প্ৰতিযোগিতা বৃদ্ধি পায়। ভাৰতবৰ্ষৰ সন্দৰ্ভত কব পাৰি যে - ১/ বিভিন্ন অৰ্থনৈতিক ক্ষেত্ৰত বিদেশী কোম্পানীবোৰক বিনিয়োগ কৰাৰ সুবিধাখিনিৰ যোগান ধৰি, বিদেশী প্ৰত্যক্ষ বিনিয়োগলৈ, দেশৰ অৰ্থনীতিৰ মুকলি কৰা হল, ২/ বহুজাতিক কোম্পানীবোৰক, নিষিদ্ধ আৰু বাধা আঁতৰাই, ভাৰতবৰ্ষলৈ প্ৰৱেশ কৰা পথ, মুকলি কৰা হল, ৩/ দেশী, বিদেশীৰ সহযোগত, ভাৰতত প্ৰৱেশ কৰা অনুমতি আৰু বিদেশতো সংযুক্ত হৈ উদ্যোগ প্ৰতিষ্ঠাপন কৰা কাৰ্যক উৎসাহিত কৰা হল, ৪/ প্ৰথমতে শুল্কত থকা পৰিমাণবাচক অৱৰোধঘ সলনি কৰাই সংস্কাৰমুক্ত আমদানিৰ বিস্তৃত কাৰ্যসূচী লোৱা হল আৰু আমদানি শুল্ক কম কৰাটো বিবেচনাধীন হল আৰু ৫/ দ্ৰব্য ৰপ্তানি কৰাৰ বাবে উদগনি দিয়াৰ পৰিৱৰ্তে ৰপ্তানি বঢ়াবলৈ সালসলনি কৰিবলৈ ঠিকঠাক কৰি বাছি লোৱা হল।

    বিদেশী সহযোগিতাৰে সৈতে অনুমোদন থকা উদ্যোগৰ অংশবোৰ চালে বুজিব পৰা যায় যে মুখ্য ভাগটো কেন্দ্ৰ বা অগ্ৰাধিকাৰ খণ্ডই লাভ কৰে, আনহাতে বুনিয়াদ গঢ়োতে অংশ খালী হৈ ৰয়। ইয়াৰ পাছত উন্নত আৰু উন্নয়নশীল ৰাজ্যবোৰৰ মাজৰ ব্যৱধান ত্ৰুমাৎ বহল হৈ পৰে। দেশী বিনিয়োগ অথবা বিদেশী প্ৰত্যক্ষ বিনিয়োগৰ মুখ্য অংশ উন্নতি লাভ কৰা ৰাজ্যবোৰলৈ যায়। উদাহৰণ হিচাপে ১৯৯১ - ২০০০ চনৰ ভিতৰত উদ্যোক্তাসকলৰ দ্বাৰা প্ৰস্তাৱিত সৰ্বমুঠ বিনিয়োগৰ প্ৰায় এক চতুৰ্থাংশ ইতিমধ্যে উন্নতি সাধন কৰা ৰাজ্য, মহাৰাষ্ট্ৰলৈ যায়, ১৭ শতাংশ গুজৰাটলৈ, ৫ শতাংশ তামিলনাডুলৈ আৰু আটাইতকৈ ঘন বসতিপূৰ্ণ ৰাজ্য উত্তৰপ্ৰদেশলৈ মাত্ৰ ৮ শতাংশ যায়। ইমানখিনি ৰেহাই দিয়া সত্ত্বেও উত্তৰ - পূবৰ সাতখন ৰাজ্যই প্ৰস্তানিত বিনিয়োগৰ পৰা ১ শতাংশতকৈ কম পৰিমাণে লাভ কৰে। দৰাচলতে উদ্যোদিক বিনিয়োগৰ প্ৰস্তাৱবোৰক অৰ্তনৈতিকভাৱে দুৰ্বল হৈ থকা ৰাজ্যবোৰে মুকলি বজাৰত উন্নত ৰাজ্যবোৰৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হব নোৱাৰে আৰু সেইহেতুকে এনেবোৰ প্ৰত্ৰুিয়াৰ পৰা ভুগি থাকিবলগীয়া হয়।



Type - Boby Bora



Post ID : DABP003474