ভাৰতত কৃষিখণ্ডৰ সমস্যাৱলীঃ

    কৃষি - পৰিস্থিতিক অঞ্চল আৰু বিভিন্ন এলেকাৰ কৃষি পৰম্পৰাৰ আঞ্চলিক প্ৰভেদ অনুসৰি ভাৰতত বিভিন্ন এলেকাত এলানি পৰম্পৰা ভিন্নসুৰী সমস্যা উদ্ভৱ হোৱা দেখা যায়। সেয়েহে ভাৰতৰ প্ৰায়বোৰ কৃষিকাৰ্যকেন্দ্ৰিক সমস্যাই আঞ্চলিক লক্ষণাত্ৰুান্ত। তাৰ মাজতে ভাৰতৰ কৃষি প্ৰণালীৰ লগত জড়িত কিছুসংখ্যক প্ৰাকৃতিক প্ৰতিবন্ধকতা আৰু সাংগঠনিক সমস্যা ৰাষ্ট্ৰব্যাপী পৰিসৰতো বিচাৰি পোৱা যায়।

    অনিয়মিত মৌচুমী নিৰ্ভৰশীলতাঃ

    ভাৰতৰ মুঠ কৃষিভূমিৰ এক তৃতীয়াংশতহে জলসিঞ্চনৰ ব্যৱস্থাৰ আছে। অৰ্থাৎ দেশৰ কৃষিভূমিৰ প্ৰধান অংশটোৱেই বৃষ্টিনিৰ্ভৰ হৈ আছে। ইফালে বৃষ্টিবাহী দক্ষিণ - পশ্চিম মৌচুমীৰ অনিয়মিত আগমনৰ ফলত নদী - সংযোগ জলসিঞ্চন ব্যৱস্থাও সময়োচিতপানী যোগানৰ অনুকূল হৈ নাথাকে। আকৌ ৰাজস্থানকেন্দ্ৰিক বিভিন্ন খৰাং প্ৰৱণ অঞ্চলৰ অল্পবৃষ্টি অৱস্থা কৃষিকাৰ্যৰ সমৃদ্ধিৰ পক্ষে মুঠই নিৰ্ভৰযোগ্য নহয়। আনহে নালাগে দেশৰ উত্তৰ - পূব অঞ্চল মালব উপকূলৰ দৰে বৃষ্টিবহুল অঞ্চলতো বৃষ্টিপাত যথেষ্ট অনিয়মিত। ফলত এনেবোৰ অঞ্চলতো অল্পবৃষ্টি অথবা অতিবৃষ্টিজনিত বানপানী প্ৰভৃতি সমস্যাৰ দ্বাৰা জৰ্জৰিত। ২০০৬ চনত মহাৰাষ্ট্ৰ, গুজৰাট আৰু ৰাজস্থানৰ বিস্তীৰ্ণ অঞ্চল ক্ষন্তেকীয়া অতিবৃষ্টিৰ ফলত বিধৌত হোৱা দেখা গৈছিল। মুঠৰ ওপৰত ভাৰতৰ কৃষিভূমিৰ অধিকাংশই অনাবৃষ্টিজনিত খৰাং প্ৰৱণতাৰ প্ৰায় সমান্তৰালভাৱেই অতিবৃদ্ধিৰ পৰা উদ্ভৱ হোৱা বানপানী সমস্যাৰে জুৰুলা।

    নিম্নহাৰৰ উৎপাদনঃ

    ভাৰতৰ পথাৰসমূহত প্ৰায়বোৰ শস্যৰ উৎপাদনহীন আন্তঃৰাষ্ট্ৰীয় মানকৰ তুলনাত নিম্ন পৰ্যায়ৰ। এই দেশত ধান, ঘেঁহু, কপাহ আৰু তৈলবীজসমূহৰ উৎপাদনহাৰ যুক্তৰাষ্ট্ৰ, ৰাছিয়া অথবা জাপানৰ তুলনাত বৰ কম। ঘাইকৈ কৃষিভূমিৰ ওপৰত ক্ষিপ্ৰ উৎপাদন প্ৰত্ৰুিয়াৰ হেঁচা, কৃষিখণ্ডত কৰ্মৰত শ্ৰমিতসকলৰ সীমিত দক্ষতা প্ৰভৃতি কিছুমান উমৈহতীয়া কাৰকৰ ক্ষতিকৰ প্ৰভাৱক ইয়াৰ বাবে দায়বদ্ধ কৰিব পাৰি। তদুপৰি দেশৰ শুকান অঞ্চকেন্দ্ৰিক বৃষ্টিনিৰ্ভৰ এলেকাবোৰত মোটা অন্ন শস্যকে ধৰি মাহজাতীয় শস্য আৰু তৈলবীজ উৎপাদনৰ হাৰ এই দেশৰ পঞ্জাব আৰু আন আন এলেকাৰ ঘেঁহু প্ৰভৃতি শস্যৰ তুলনাত নামমাত্ৰ বুলিবই পাৰি।

    বিত্তীয় যোত্ৰঃ

    অধিক উৎপাদনক্ষম কৃষি প্ৰণালী মাত্ৰেই ব্যয়বহুল। ইফালে ভাৰতৰ অধিকাংশ ক্ষুদ্ৰ তথা দৰিদ্ৰ কৃষকৰ পক্ষে সীমিত গাইগুটীয়া কৃষিভূমিৰ পৰিসৰত উচ্চ নিৰিখত মূলধনী খৰচ জোৰামৰা মুঠেই সহজ নহয়। সেয়েহে সঞ্চয়বিহীন অথবা ঋণদায়গ্ৰস্ত আৰ্থিক অৱস্থাৰ অধিকাংশ ভাৰতীয় কৃষকেই অবিকল্পভাৱে পৰম্পৰাগত কৃষি প্ৰণালীকে আদৰি লয়। ইফালে। প্ৰকৃতিনিৰ্ভৰ কৃষি ব্যৱস্থাত উৎপাদনৰ পৰিমাণ অনিশ্চিত। এনে এক অস্থিৰ সম্ভাৱনা আৰু নিম্ন পৰ্যায়ৰ বিত্তীয়ৰ যোত্ৰৰ সংযোগত কৃষিক্ষেত্ৰৰ উৎপাদন নিমনমানৰ নহৈ নাথাকে।

    ভূমি সংস্কাৰহীনতা 

    ভাৰতৰ কৃষি ব্যৱস্থাত ভূমিৰ মালিকানাজনিত এলানি পুৰাতন সমস্যাৰ সমাধানকল্পে যাৱতীয় ব্যৱস্থাৰ অভাৱ দেখা যায়। এই দেশত কৃষিভূমিৰ মালিকানাৰ বৃটিছ প্ৰৱৰ্তিত (১) মহলৱাৰী, (২) ৰায়তৱাৰী আৰু (৩) জমিদাৰী শীৰ্ষক তিনিটা প্ৰথাৰ ভিৰতৰ জমিদাৰী প্ৰথাটোক কৃষক স্বাৰ্থহানিকৰ আৰু উচ্চহাৰৰ উৎপাদন প্ৰতিৰোধী বুলিবই পাৰি। স্বাধীনতা লাভৰ পাছত কৃষিভূমিৰ সংস্কাৰ কাৰ্যই অগ্ৰাধিকাৰ লাভ কৰাৰ পৰিবেশতো ঘাইকৈ ৰাজনৈতিক স্বাৰ্থৰ অন্তৰালত দেশৰ ভূমি সংস্কাৰ নীতিয়ে আশাপ্ৰদ সফলতা প্ৰদৰ্শন কৰা নাই। বস্ততঃ ভূস্বামী গোষ্ঠীৰ সত্ৰুিয় ৰাজনৈতিক হস্তক্ষেপ প্ৰতিহত কৰাৰ জোখত শক্তিশালী কাৰ্যপন্থা গ্ৰহণৰ বেলিকা দেশৰ সাম্যবাদী আদৰ্শপুষ্ট ৰাজ্যিক চৰকাৰসমূহৰ ভূমিকাও নিচেই নিস্তেজ অৱস্থাতে ৰল। ভূমি সংস্কাৰ কাৰ্যসূচীৰ বিফলতাৰ ফলত কৃষিভূমিৰ বৈষম্যমূলক বিতৰণ অব্যাহত থকাৰ কাৰণ দেশৰ মুঠ কৃষিজাত উৎপাদন ভালেখিনি তলৰ পৰ্যায়তে থাকি গল।

    ক্ষুদ্ৰাকৃতিক শস্যক্ষেত্ৰ আৰু কৃষিভূমি বিখণ্ডনঃ

    ভাৰতৰ অধিকাংশ কৃষকেই কৃষক অথবা নামমাত্ৰ ভূমিত খেতি কৰা প্ৰান্তীয় কৃষক। দেশৰ ৬০ শতাংশ কৃষকৰ কৃষিভূমি এক হেক্টৰতকৈও কম। আকৌ তেওঁলোকৰ মাজৰ ৪০ শতাংশ কৃষকৰ মাটি গাইপতি আধা হেক্টৰতকৈ কম। ইফালে জনসংখ্যা বৃদ্ধিৰ লগে লগে উত্তৰাধিকাৰী সূত্ৰে মাটি বাগ হোৱাৰ ফলত পুৰুষানুত্ৰুমিকভাৱে কৃষিভূমিৰ বিখণ্ডন কাৰ্য অব্যাহত আছে। কিছুমান ৰাজ্যত আজিকোপতি বিখণ্ডিত কৃষিভূমিৰ এবাৰ একত্ৰীকৰণ হোৱা লাই। ফলত খণ্ড - বিখণ্ডিত কৃষিভূমিৰ উৎপাদনৰ হাৰ ক্ষিপ্ৰ গতিত কমি বহি আছে।

    বাণিজ্যিকীকৰণৰ অভাৱঃ

    ভাৰতৰ অধিকাংশ কৃষকেই ক্ষুদ্ৰ অথবা প্ৰান্তীয় পৰ্যায়ৰ কৃষক হোৱাৰ পৰি প্ৰেক্ষিতত তেওঁলোকৰ উৎপাদনকাৰ্য পোযক পৰিসৰত সীমাবদ্ধ। সচৰাচৰ এই শ্ৰেণীৰ কৃষকে বাণিজ্যিক শস্যতকৈ খাদ্য - শস্য উৎপাদনত প্ৰাধান্য দিয়ে। সেয়েহে ভাৰতত উৎপাদিত বুজন পৰিমাণৰ শস্যই বিপণন প্ৰণালীৰ ভিতৰত সোমোৱাৰ সুযোগ নাপায়। অৱশ্যে জলসিঞ্চন এলেকাত উৎপাদিত আধিকাংশ শস্যই আধুনিক বাণিজ্যিক পৰ্যায়ৰ হোৱা দেখা যায়।

    বিস্তীৰ্ণ নিম্ন - নিযুক্তিঃ

     বৃষ্টিনিৰ্ভৰ কৃষিভূমিকে ধৰি ভাৰতৰ প্ৰায় সৰ্বব্যাপ্ত কৃষিভূমিসমূহৰ অন্যতম অৰ্থনৈতিক সমস্যা হৈছে নিম্ন পৰিসৰৰ নিযুক্তি। ভাৰতৰ কৃষিক্ষেত্ৰক আশ্ৰয় কৰি জীৱিকা নিৰ্বাহ কৰি অহা কৃষক অথবা কৃষি শ্ৰমিকৰ যথেষ্ট সংক্য়কেই কৃষিবৰ্ষ এটাৰ পৰিসৰত ৪-৮ মাহ কাল শ্ৰমহীন অৱস্থাত বহি থাকিবলগীয়া হয়। অৰ্থাৎ কৃষিখণ্ডত তেওঁলোকৰ প্ৰকৃত নিযুক্তি বছৰৰত ১২০-২৪০ দিন মাত্ৰ। ইফালে দেশৰ কৃষি প্ৰণালীটো শ্ৰমিকেন্দ্ৰিক নহৈ ভূমিকেন্দ্ৰিক হৈ থকাৰ কাৰণে সীমিত কৃষিভূমিত কৃষিজীৱী শ্ৰেণীটোৰ পক্ষে পূৰ্ণ নিযুক্তি সম্ভৱপৰ নহয়।

    কৃষিভূমিৰ অৱনমনঃ

    ঘাইকৈ আসোঁৱাহপূৰ্ণ জলসিঞ্চন ব্যৱস্থাৰ পৰিণতি আৰু কৃষিভূমিৰ উপযুক্ত যতনৰ অভাৱত ভাৰতৰ বিস্তীৰ্ণ কৃষিভূমিৰ বৃহৎঅঞ্চল কিছুমানত মাটিৰ উৰ্বৰতা হ্ৰাস পোৱাকে ধৰি এলানি নতুন সমস্যা উদ্ভৱ হৈছে। আসোঁৱাহপূৰ্ণ জলসিঞ্চন কাৰ্যৰ ফলস্বৰূপে কৃষিস্থলীকে ধৰি জলসিঞ্চন খালসমূহৰ দুয়োপাৰ অৱস্থিত এলেকাৰ মাটিত খাৰকীয় উপাদান, আৰু লৱণ কণিকাৰ মাত্ৰাধিক্য ঘটিছে। তদুপৰি জলবাহী খালৰ পানী নিগৰি ওলাই গৈ কাষে - পাঁজৰে থকা নিম্নস্থানত জলাহভূমি সৃষ্টি কৰিব লাগিছে। ফলত কৃষিকাৰ্যৰত আৰু কৃষিসম্ভৱ ভূমিৰ উৎপাদন ক্ষমতা নিতে নিতে নামি আহিছে। ক্ষাৰীকৰণ আৰু লৱণীকৰণ কাৰ্যৰ ফলত দেশৰ সৰ্বমুঠ ৮ নিযুুত হেক্টৰ কৃষিভূমিৰ উৎপাদিকা শক্তি হ্ৰাস ঘটাৰ বিষয়ে এতিয়ালৈকে জানিব পৰা গৈছে। তদুপৰি দেশৰ বিভিন্ন জলসিঞ্চন প্ৰকল্পৰ অংগ অবয়ব খালসমূহৰ দুয়োপাৰে অৱস্থিত নিম্নভূমিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা জলাহসমূহেও প্ৰায় ৭ নিযুত হেক্টৰ ভূমিৰ কৃষিসম্ভাৱনাই কমাই পেলাইছে। ইফালে কৃষিকাৰ্যত ব্যৱহত কীটনাশক আৰু ৰোগনাশক ৰাসায়নিক দ্ৰব্যসমূহৰ বুজন অংশ একোটা কৃষিভূমিৰ অবিৰত গতিত সংযোগ ঘটাৰ ফলত মাটিৰ স্বাভাৱিক বিৱৰ্তন প্ৰত্ৰুিয়া ক্ষতিগ্ৰস্ত হৈছে। জলসিঞ্চনপুষ্ট  কৃষিভমিৰ পূৰ্বৰ মাহজাতীয় শস্যসমূহ সম্পৰ্ণ উচ্ছেদ কৰি কেৱল ধান অথবা ঘেঁহু খেতি প্ৰচলন কৰাৰ লগে লগেই তেনেবোৰ এলেকাৰ মাটিৰ স্বাভাৱিক নাইট্ৰজেন উপাদান ক্ষিপ্ৰ গতিত কমি আহিছে। ইফালে বৃষ্টিনিৰ্ৰ কৃষিভূমিৰ বিস্তীৰ্ণ এলেকা ভূমিক্ষয়ৰ প্ৰকোপত পৰি উপৰিভাগৰ অতিশয় উৰ্বৰ স্তৰটো পৃষ্ঠ প্ৰক্ষালন অথবা বায়ৱীয় অৱনমন কাৰ্যৰ মাধ্যমত আঁতৰি গৈছে। তদুপৰি বৃষ্টিনিৰ্ভৰ কৃষিক্ষেত্ৰসমূহক ঘাইকৈ অপ্ৰশিক্ষিত কৃষকৰ দ্বাৰা পৰিচালিত প্ৰান্তীয় উৎপাদন ক্ষমতাবিশিষ্ট কৃষিযোগ্য ভূমি। এনেস্থলত এই প্ৰান্তীয় কৃষিভূমিৰ ওপৰত জনসংখ্যা বৃদ্ধিৰ সামানুপাতিকভাৱে কৃষিকাৰ্যৰ হেঁচা বৃদ্ধি পোৱাৰ বিপৰীতে এই শ্ৰেণীৰ কৃষিভূমিৰ আশানুৰূপ পুনৰ্প্ৰবলন নোহোৱাৰ ফলত উৎপাদিকা শক্তি ত্ৰুমে হ্ৰাস হৈ আহিছে।

Type - Boby bora 




Post ID : DABP004757