পেট্ৰৰাসায়নিক উদ্যোগঃ
ভাৰতত উদ্যোগৰ এই বিভাগটোৱে বৰ খৰকৈ বৃদ্ধি পাই গৈ আছে। বিভিন্নধৰণৰ সামগ্ৰী, এই বিভাগটোৰ লগত অন্তৰ্ভুক্ত হৈ আছে। ১৯৬০ চনত জৈৱ ৰাসায়নৰ প্ৰতি চাহিদা ইমান বেগাই বৃদ্ধি পালে যে এই চাহিদা পূৰণ কৰা কছিন হৈ পৰিল। সেই সময়ছোৱাত পেট্ৰলিয়াম শোধনাগাৰ উদ্যোগবোৰৰ বিস্তৃতি দ্ৰুতগতিত হবলৈ ধৰিছিল। খাৰুৱা পেট্ৰলিয়ামৰ পৰা বহুতো উপদ্ৰব্যই ব্যৃৎপত্তি লাভ কৰে। যিবোৰক আকৌ কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি আন বহুতো নতুন উদ্যোগ গঢ়ি উঠে আৰু এই সকলোবোৰকে একেলগে পেট্ৰ ৰাসায়নিক উদ্যোগ বুলি কোৱা হয়। উদ্যোগৰ এই সামূহিক গোটটোক আকৌ চাৰিটা উপগোটত বিভক্ত কৰা হৈছেঃ ১/ পলিমাৰ, ২/ সাংশ্লেষিক সূতা, ৩/ ইলাষ্টোমাৰ, আৰু ৪/ টাৰফেকটেণ্ট ইণ্টাৰমিডিয়েট। মুম্বাই পেট্ৰৰাসায়নিক উদ্যোগৰ কেন্দ্ৰ। গেছ ত্ৰুেকাৰৰ গোট, অসুৰিয়া, জামনগৰ, গান্ধীনগৰ, আৰু হাজৰা, নাগথানে, ৰত্নগিৰি, হালদিয়া, আৰু বিশাখাপট্টনম আদি ঠাইত অৱস্থিত।
ৰাসায়নিক আৰু পেট্ৰৰাসায়নিক বিভাগৰ প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনত তিনিটা পেট্ৰৰাসায়নিক খণ্ডৰ লগত কাম কৰি থকা অনুষ্ঠান আছে। ইয়াৰে প্ৰথমটো হল ভাৰত পেট্ৰৰাসায়নিক নিগম লিমিটেড তোমালোকে জানানে। আৰু এই প্ৰতিষ্ঠানটো ৰাজহুৱা খণ্ডৰ অন্তৰ্গত। বিভিন্ন পেট্ৰৰাসায়নিক সামগ্ৰী যেনে পলিমাৰ, ৰাসায়নিক সূতা আৰু সংশ্লেষিক ইণ্টাৰমিডিয়েটক প্ৰস্তত কৰি উলিয়াই বিতৰণ কৰাৰ দায়িত্ব এই প্ৰতিষ্ঠানৰ জৰিয়তে সমাধান হয়। দ্বিতীয় প্ৰতিষ্ঠানটোৰ নাম পেট্ৰফিলচ কোঅপাৰেটিভ লিমিটেড ভাৰত চৰকাৰ আৰু বোৱাকটা সমবায় সমিতিৰ মাজত থকা এটা যুটীয়া অনুষ্ঠান। পলিয়েষ্টাৰ ফিলামেণ্টৰ সূতা আৰু নাইলনৰ মিহি টুকুৰা, আদি গুজৰাটৰ বৰোডা আৰু নলদহাৰিত থকা দুটা প্ৰকল্পৰ পৰা উৎপাদন হয়। তৃতীয়টো যিয়ে পেট্ৰৰাসায়নিক উদ্যোগবোৰৰ কাম - কাজ চলোৱাৰ প্ৰশিক্ষণ দিয়া কাম কৰে।
ইথাইলিন আৰু প্ৰপিলিনৰ পৰা পলিমাৰ প্ৰস্তত কৰা হয়। খাৰুৱা তেলৰ শোধন প্ৰত্ৰুিয়াৰ পৰা, এইবোৰ উপজাত পদাৰ্থ আহৰণ কৰা হল। প্লাষ্টিক উদ্যোগবোৰৰ কেঁচামাল হিচাপে পলিমাৰ ব্যৱহাৰ কৰা হয়। পলিমাৰৰ ভিতৰত, পলিইথালিনক বেছি হাৰত থাৰ্মোপ্লাষ্টিক উদ্যোগত ব্যৱহাৰ কৰা হয়। প্লাষ্টিকক প্ৰথমতে, পাতলৰচি, পাউডাৰ, এঁঠা আৰু বড়ি লৈ ৰূপান্তৰ কৰি লোৱা হয় আৰু পিছত নিৰ্মাণ প্ৰত্ৰুিয়াৰ দ্ৰাৰা প্লাষ্টিকৰ বস্তবোৰ বনোৱা হয়। প্লাষ্টিকৰ বস্তবোৰৰ ক্ষমতা, নমনীয়তা, পানী আৰু ৰাসায়নিক প্ৰতিহত ক্ষমতা আৰু লগতে দাম কম বাবে বেছি গুৰুত্ব দিয়া হয়। ভাৰতবৰ্ষত পঞ্চাশ দশকৰ শেষৰফালে প্লাষ্টিক পলিমাৰৰ উৎপাদন কাৰ্য আৰু ষাঠিৰ দশকৰ আদিতে আন জৈৱ ৰসায়ন ব্যৱহাৰ কৰা কাম আৰম্ভ হৈছিল। ৰাষ্ট্ৰীয় জৈৱ ৰাসায়নিক উদ্যোগ লিমিটেড, ১৯৬১ চনত ব্যক্তিগত খণ্ডৰ অধীনত প্ৰতিষ্ঠা লাভ কৰিছিল আৰু মুম্বাইত প্ৰথম নেপথাৰ আধাৰত ৰাসায়নিক উদ্যোগৰ কাম আৰম্ভ হৈছিল। পিচলৈ আন বহুতো কাম্পানী গঠন হৈছিল। মুম্বাই, বাৰাউনী, মেটুৰ, পিমপ্ৰি আৰু ৰিচ্ ৰাত্ অৱস্থিত হৈ থকা উদ্যোগবোৰ, প্লাষ্টিক পদাৰ্থৰ মুখ্য উৎপাদক।
এই গোটবোৰৰ ৭৫ শতাংশই, ক্ষুদ্ৰ গোটৰ উদ্যোগ। এনে উদ্যোগবোৰে ব্যৱহিত হোৱা প্লাষ্টিক পুনৰ ব্যৱহাৰ কৰে। মুঠ উৎপাদনৰ প্ৰায় ৩০ শতাংশই পুনৰ সংঘটিত কৰাৰ ফলত উৎপাদন হোৱা বস্ত।
সাংশ্লেষিক সূতাবোৰ বহুত বেছিকৈ বস্ত্ৰ, উদ্যোগত ব্যৱহাৰ কৰা হয়, কাৰণ এনে সূতাৰ আন্তঃশ্কতি, টিকি থকা গুণ, ধুব পৰা সুবিধা আৰু সংকোচন প্ৰতিৰোধ ক্ষমতা থাকে। কোট আৰু বৰোদাত এত্ৰুলিক আঁহ সূতা বনোৱা হয়।
প্লাষ্টিক সামগ্ৰী, আমাৰ দৈনন্দিন ব্যৱহাৰতত অপৰিহাৰ্য অংশ যদিও এইবোৰে আমাৰ জীৱনশৈলীত প্ৰভাৱ বিস্তাৰ কৰিও আছে। কিন্ত ইয়াৰ অ-জৈৱ স্খলন গুণৰ বাবে পৰিৱেশৰ প্ৰতি এক বিশেষধৰণৰ ভাবুকিৰ সৃষ্টি হৈছে। সেই কাৰণে ভাৰতবৰ্ষৰ বহুতো ৰাজ্যত, প্লাষ্টিক ব্যৱহাৰ কৰা কাৰ্যত নিৰুৎসাহিত কৰা হৈছে। প্লাষ্টিক পদাৰ্থই আমাৰ পৰিৱেশৰ ওপৰত কেনে বিৰূপ প্ৰতিত্ৰুিয়া কৰে সেই বিষয়ে তোমালোকে জানানে।
Type - Boby Bora