ব্যক্তিগত যোগাযোগ পদ্ধতিঃ

    ব্যক্তিগত সকলো যোগাযোগ ব্যৱস্থাপনাবোৰৰ মাজত ইণ্টাৰনেট আটাইতকৈ বেছি প্ৰভাৱশালী আৰু আধুনিকতম ব্যৱস্থা। নগৰীয়া অঞ্চলবোৰত ইয়াৰ উপয়োগ, বিস্তৃতহাৰত থাকে। ব্যৱহাৰ কৰোতাজনে ই - মেইলৰ জৰিয়তে প্ৰত্যক্ষভাৱে পৃথিৱীৰ বিভিন্ন জ্ঞানৰ দিশলৈ ভুমুকি মাৰিব পাৰে আৰু তথ্য - পাতি আদি সংগ্ৰহ কৰিব পাৰে। e - ব্যৱহাৰ কৰোতে ইয়াক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা হৈ থাকে আৰু লগতে টকা - পইটাৰ লেনদেন প্ৰত্ৰুিয়াতো ইয়াৰ বিস্তৃত ব্যৱহাৰ হয়। ইণ্টাৰনেট, তথ্য পাতিৰে ভৰি থকা এটা বৃহৎ ভঁৰালৰ দৰে যত বিভিন্ন দফাবোৰৰ বিতং তথ্য - পাতিবোৰ থাকে। বহু কম খৰচতে, ইণ্টাৰনেট আৰু ই মেইল প্ৰসাৰণৰ পৰা যথেষ্ট উপযুক্ততা থকা তথ্যৰ যোগান পাব পাৰি। ই আমাক প্ৰত্যক্ষ যোগাযোগৰ মৌলিক সুবিধাকণ পাবলৈ, সমৰ্থৱান কৰি তুলিছে। তোমালোকে নিশ্চয়কৈ চাইবাৰ কেফেবোৰৰ প্ৰাদুৰ্ভাৱ, চহৰীয়া অঞ্চলবোৰত বেছিকৈ থকৈ লক্ষ্য কৰিব পাৰিছা।

    সামূহিক যোগাযোগ পদ্ধতিঃ

    ৰেডিঅঃ

    ১৯২৩ চনৰ পৰা বম্বেৰ ৰেডিঅ ক্লাবৰ দ্বাৰা ভাৰতত ৰেডিঅ অনাতাঁৰ ঘোষণা কাৰ্যৰ আৰম্ভণি লৈছিল। তেতিয়াৰে পৰা অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিবলৈ ললে আৰু মানুহৰ সমাজ - সংস্কৃতিৰ জীৱনধাৰা সলনি হবলৈ ধৰে। নিমিষতে দেশৰ প্ৰতি ঘৰে ঘৰে ই স্থান পাবলৈ ললে। ভাৰত চৰকাৰে এই সুযোগতে গ্ৰহণ কৰি ১৯৩০ চনত এই জনপ্ৰিয় যোগাযোগৰ ব্যৱস্থাটোক ভাৰতীয় অনাতাঁৰ ঘোষণাৰ অধীনত নিয়ম্ত্পৰণ কৰাৰ বন্দৱস্ত কৰে। ১৯৩৬ চনত ইয়াৰ নাম সলনি হৈ সৰ্বভাৰতীয় ৰেডিঅ হল আৰু ১৯৫৭ চনৰ পৰা আকাশবাণী নামেৰে প্ৰখ্যাত হৈ পৰে। 

    সৰ্বভাৰতীয় ৰেডিঅ ই তথ্য, শিক্ষা তথা আমোদজনক বিভিন্ন কাৰ্যসূচীৰ প্ৰচাৰ কাৰ্য কৰিবলৈ লয়। বিশেষত্বপূৰ্ণ বাতৰিৰ বুলেটিন প্ৰচাৰকাৰ্য, বিশেষ প্ৰয়োজন অনুসৰি যেনে - লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যত্ৰুমৰ প্ৰচাৰ আদিবোৰো অন্তৰ্ভূক্ত হবলৈ ধৰে। 

    দূৰদৰ্শনঃ

    সমূহ জনতাক তথ্য আৰু শিক্ষা বিতৰণ কৰাৰ বাবে দূৰদৰ্শনৰ প্ৰচাৰ মাধ্যমে আটাইতকৈ বেছি প্ৰভাৱশালী, অডিঅ - ভিছুৱেল মাধ্যম হিচাপে পৰিগণিত হৈছে। আৰম্ভণিতে টিভিৰ কাৰ্য়ত্ৰুম দেশৰ ৰাজধানীতহে কেৱল সীমিত হৈ আছিল, যত ৯৫৯ চনৰ পিচত আন কেতবোৰ কেন্দ্ৰৰ কাম - কাজ সচত্ৰুিয় হবলৈ ধৰে।

    ১৯৭৬ চনৰ পৰা সৰ্বভাৰতীয় ৰেডিঅ ৰ পৰা টিভি বিচ্ছিন্ন হৈ পৰে আৰু আৰু এটা পৃথক ধাৰাবাহিকতা ৰাখি দূৰদৰ্শন নামেৰে বৈশিষ্ট্যতা ৰাখি চলিবলৈ ধৰে। INSAT-IA ৰ পিছতে, ৰাষ্ট্ৰীয় পৰ্যায়ত দূৰদৰ্শন DDIয়ে কাৰ্যৰম্ভ কৰে। সাধাৰণ ৰাষ্ট্ৰীয় কাৰ্যত্ৰুম আটাইবিলাক প্ৰসাৰণৰ বাবে আৰম্ভ হয় আৰু ইয়াৰ কৰ্মপ্ৰসাৰণ পিচপৰা আৰু দূৰদৰ্শন গ্ৰাম্য অঞ্চলবোৰলৈকো বিস্তৃত হৈ পৰে।

    উপগ্ৰহৰ দ্বাৰা যোগাযোগঃ

    উপগ্ৰহবিলাকে নিজে এটা যোগাযোগ কেন্দ্ৰ আৰু তাৰ বাহিৰেও আন যোগাযোগ ব্যৱস্থাৰ ব্যৱহাৰিকতা নিয়ন্ত্ৰণ কৰি ৰাখে। তথাপিতো অৰ্থনৈতিক আৰু কৌশলগত কাৰণবোৰৰ বাবে বৃহ  অঞ্চল একোটাৰ যোগাযোগ ব্যৱস্থাত উপগ্ৰহৰ ব্যৱহাৰৰ প্ৰভাৱ বহু পৰিমাণে বেছি। উপগ্ৰহই পঠোৱা প্ৰতিচ্ছবিৰ দ্বাৰা, বতৰৰ আগলি বতৰা, প্ৰাকৃতিক দুৰ্যোগবোৰৰ প্ৰতি লক্ষ্য আৰু সীমান্তৱৰ্তী অঞ্চলবোৰৰ সুৰক্ষাৰ প্ৰতি থকা ভাবুকিবিলাকৰ বিষয়ে জানিব পাৰি।

    বহিৰ্গঠন আৰু উদ্দেশ্যৰ ওপৰত নিৰ্ভৰ কৰি, ভাৰতৰ উপগ্ৰহ ব্য়ৱস্থাটোক দুটা দলত বিভক্ত কৰা হৈছেঃ ভাৰতীয় ৰাষ্ট্ৰীয় উপগ্ৰহ ব্যৱস্থা। ইয়াৰ দ্বাৰা দূৰভাষ যোগাযোগ, বতৰৰ বিষয়ে গৱেষণা আৰু বিভিন্ন আন আন তথ্য আৰু কৰ্মসূচীৰ আভাস পাব পাৰি।

    IRS,য়ে ১৯৮৮ চনৰ মাৰ্চ মাহত ৰাছিয়াৰ ভইকানুৰৰ পৰা IRS-IA নিক্ষেপ কৰাৰ পিচতে কাৰ্য আৰম্ভ কৰে। ভাৰতবৰ্ষই নিজাববীয়াকৈও PSLVৰ নিক্ষেপ কৰিবলৈ সক্ষম হয়। এনে উপগ্ৰহই ভালেমান ৰঙীণ বন্ধনীৰে তথ্য সংগ্ৰহ কৰে আৰু বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰিব পৰাকৈ, ভূমিত থকা ষ্টেচনলৈ প্ৰেৰণ কৰি থাকে। হাইদৰাবাদত থকা National Remote Sensing Agency য়ে তথ্যপাতি গোট খুওৱা আৰু ইয়াৰ প্ৰত্ৰুিয়াৰকৰণ কৰা সুবিধাবোৰো যোগান ধৰে। প্ৰাকৃতিক সম্পদবোৰৰ পৰিচালনাৰ কাৰ্যৰ বাবে এনে উপগ্ৰহবোৰ অতি প্ৰয়োজনীয়।



Type - Boby Bora