অধ্যায়ঃ ১

সামান্তবাদৰপৰা স্থানান্তৰ (পুঁজিবাদ)লৈ {Transition from feudalism (to capitalism)}


প্রশ্নাৱলী 

পাঠ ১ সামন্তবাদৰ পৰা স্থানান্তৰ পূজিবাদলৈ
অতি চমু প্ৰশ্ন
১। সামন্তবাদৰ সূচনা কেতিয়া হৈছিল?
উত্তৰঃ সামন্তবাদৰ সূচনা হৈছিল ১০৬৬ চনত।

২। ‘সামন্তবাদ’  শব্দটো ক’ৰ পৰা অহা ?
উত্তৰঃ সামন্তবাদ শব্দটো মধ্যযুগত ব্যৱহাৰ কৰা লেটিন শব্দ ফিয়োডুম বা ফিুডুম শব্দৰ পৰা আহিছে ।

৩। নাইট কোন ?
উত্তৰঃ নাইটসকল হল সামন্তব্যৱস্থাৰ তৃতীয় স্তৰ ।

৪। মেনৰ কি ?
উত্তৰঃ মেনৰ হল সৰু-সৰু অট্টালিকা ।

৫। এশ বছৰীয়া যুদ্ধ কিমান চনত সংঘটিত হৈছিল ?
উত্তৰঃ এশ বছৰীয়া যুদ্ধ ১৩৩৭ চনত সংঘটিত হৈছিল ।

৬। মহামাৰী প্লেগ ৰোগ কিমান চনত ইউৰোপত দেখা দিছিল?
উত্তৰঃ ১৩৪৬ খৃঃত মহামাৰী প্লেগ ৰোগ ইউৰোপত দেখা দিছিল ।

৭। ইউৰোপৰ কোন দেশত প্ৰথমে প্লেগ মহামাৰীৰ সূচনা হৈছিল ?
উত্তৰঃ মধ্য এছিয়া দেশত প্ৰথমে প্লেগ মহামাৰীৰ সূচনা হৈছিল ।

৮।ইংৰাজ কৃষক যুদ্ধ কিমান চনত সংঘটিত হৈছিল ?
উত্তৰঃ ১৩৮১ চনত ইংৰাজ কৃষক যুদ্ধ  সংঘটিত হৈছিল ।

৯। ১৩-১৪ শতিকাৰ ইউৰোপৰ এক প্ৰধান ৰোগৰ নাম কি ?
উত্তৰঃ ১৩-১৪ শতিকাৰ ইউৰোপৰ এক প্ৰধান ৰোগৰ নাম কুষ্ঠ ৰোগ ।
১০। মৌৰইচ হাৰব্ৰেট ড’ব কোন দেশৰ অৰ্থনীতিবিদ আছিল ?
উত্তৰঃ মৌৰইচ হাৰব্ৰেট ড’ব কুৰি শতিকাৰ মাক্সীয় বৃটিছ অৰেথনীতিবিদ আছিল ।

১১। monthly reviewৰ প্ৰতিষ্ঠাপক সম্পাদক কোন ?
উত্তৰঃ monthly reviewৰ প্ৰতিষ্ঠাপক সম্পাদক হল পল মেৰলৰ চুইজি ।

১২। feudal  societyৰ ৰচক কোন ?
উত্তৰঃ feudal society ৰ ৰচক হল মাৰ্ক ব্লক ।

চমু প্ৰশ্ন
১। সামন্ত ব্যৱস্থাৰ মূল বৈশিষ্ট্য কি ?
উত্তৰঃ সামন্ত ব্যৱস্থাৰ মূল বৈশিষ্ট্য হল ভূমিৰ মালিকীস্বৰ্ত আৰু কৰ্তব্য ।

২। সামন্ত ব্যৱস্থাৰ মূল অংগ চাৰিটাৰ নাম কোৱা ?
উত্তৰঃ সামন্তব্যৱস্থাৰ মূল অংগ চাৰিটা হল ১।ৰজা, ২। সামন্ত বিষয়া বা ভূ-স্বামীসকল, ৩। নাইট, ৪। কৃষক বা দাস ।

৩। সামন্ত ব্যৱস্থাৰ প্ৰধান ক্ৰটি কি আছিল ?
উত্তৰঃ সামন্তব্যৱস্থাৰ প্ৰধান ক্ৰটি হল ই সমাজখনক ধনী আৰু দুখীয়া দুই শ্ৰেণীত বিভক্ত কৰিছিল ।

৪। মধ্যযুগৰ শেষৰফালে গঢ় লৈ উঠা দুখন বাণিজ্যিক চহৰৰ নাম লিখা ।
উত্তৰঃ মধ্যয়ুগৰ শেষৰফালে গঢ় লৈ উঠা দুখন বাণিজ্যিক চহৰৰ নাম হল 
১। ভেনিচ, আৰু ২। ফ্লেণ্ডাৰচ ।

৫। পৰিবৰ্তনৰ বিতৰ্ক বুলিলে কি বুজা ?
উত্তৰঃ ইউৰোপীয় সমাজখন কেনেকৈ বা কিয় সামন্তবাদৰ পৰা পূঁজিবাদী সমাজলৈ পৰিৱৰ্তন কৰিলে এই বিষয়ক লৈ পণ্ডিতসকলৰ মাজত প্ৰবল বিতৰ্ক হয় ইয়াকে পৰিবৰ্তনৰ বিতৰ্ক বুলি কোৱা হয় ।

৬। অৰ্থনীতিবিদ ড’বৰ মতে কিহৰ বাবে সামন্তবাদৰ ঠাইত পূঁজিবাদৰ সূচনা হৈছিল  ?
উত্তৰঃ ড’বৰ মতে, যেতিয়া ক্ষুদ্ৰ পদ্ধতিসমূহ সামন্ত পদ্ধতিৰ পৰা পৰা মুক্ত হৈছিল, তেতিয়াই এই ক্ষুদ্ৰ পদ্ধতিসমুহত সামাজিক পৃথকীকৰণ আৰম্ভ হৈছিল । তাৰ কাৰণেই সামন্তবাদৰ ঠইত পূঁজিবাদৰ সূচনা হৈছিল ।

৭। ৰাজনীতিক মাৰ্ক্সবাদ কি?
উত্তৰঃ ব্ৰেনাৰ এখন গৱেষণা নাম আছিল পাষ্ট এণ্ড প্ৰেজেণ্ট। এই গৱেষণা পত্ৰখনত আন বহুতো পণ্ডিতে এই বিষয়ত  লৈ বহুতো লিখনি লিখিছিল । এই লিখনিসমূহে বহল ভিত্তিত পূঁজিবাদৰ উৎস বুজাত ভালেখিনি সহায় কৰিছিল । আৰু ইয়াকে ৰাজনীতিক মাৰ্ক্সবাদ বুলি কোৱা হয় ।

৮। কৃষি পূঁজিবাদ কি?
উত্তৰঃ ভূ-স্বামী আৰু হ্ৰস্বকালীন বজাৰৰ লগত এক নিৰ্দিষ্ট সময়ৰ বাবে সংযুক্ত কৰদাতা মুক্ত কৃষক আৰু বেতনমুখী শ্ৰেণীৰ সৃষ্টি হৈছিল তাকে কৃষি  পূঁজিবাদ বুলি কোৱা হয়।

চমু টোকা লিখা ।
১। সামন্ত ব্যৱস্থাৰ সু-ফলসমূহ ।
উত্তৰঃ সামন্ত ব্যৱস্থাৰ প্ৰৱৰ্তন হৈছিল ইউৰোপ মহাদেশত । মধ্যযুগৰ ইউৰোপত গঢ় লৈ উঠা সামন্তবাদৰ কিছুমান ভাল দিশ আছিল । প্ৰথমতে, ই সমাজখনক সামাজিক সুস্থিৰতা  আৰু নিৰাপত্তাৰ পৰিৱেশ ৰচনাত সহায় কৰিছিল । ভূ-স্বামী বা বেৰণে তেওঁৰ অধীনত থকা অঞ্চলৰ কৃষকসকলক আক্ৰণকাৰীৰ অত্যচাৰ আৰু লুন্ঠনৰ পৰা ৰক্ষা কৰিছিল । দ্বিতীয়তে, ভূ-স্বামীয়ে  ৰজাৰ অত্যাৰৰ পৰাও প্ৰজাৰ ৰক্ষা কৰিছিল । তৃতীয়তে, ভূ-স্বামীয়ে প্ৰতিগৰাকী কৃষক বা চাৰ্ফক ভালদৰে জানিছিল আৰু তেওঁলোকৰ  নিজৰ দক্ষতা বৃদ্ধিৰ সুযোগ দিছিল । ফলত এজন কৃশকে নিজৰ ব্যক্তিত্ব বিকাশৰ সুযোগ পাইছিল । চতুৰ্থতে , এই ব্যৱস্থাই শক্তিশালী ব্যক্তিয়েতেওঁৰ অনুগত আৰু নিৰ্ভৰশীলসকলক ৰক্ষা আৰু নিৰাপত্তা দিয়াৰ সামাজিক দায়িত্ববোধৰ জন্ম দিয়ে।

২। সামন্তব্যৱস্থাৰ দোষসমূহ ।
উত্তৰঃ সামন্তবাদ ব্যৱস্থাৰ আটাইতকৈ ডাঙৰ দোষটো হল- ই সমাজখনক ধনী আৰু দুখীয়া দটা শ্ৰেণীত বিভক্ত কৰিছিল । এই ব্যৱস্থাত ধনীসকল সদায় ধনী হৈ আছিল আৰু দুখীয়াসকলে নিজৰ দুখ-নিৰ্যাতনৰ পৰা হাত সৰাৰ বাট দেখা নাছিল । সামন্তব্যৱস্থাই কৃষকসকলৰ অৱস্থা দুৰ্বিষহ কৰি তোলে । ভূ-স্বমীয়ে দিয়া ভূমিৰ বাদেশাই কাম কৰিব লাগিছিল । ফলত প্ৰায়ভাগ কৃষক বাস্তৱিকতে দাস হৈ পৰিছিল  তৃতীয়তে, ভৃ-স্বামী বা বেৰণসকলে সঘনে নিজৰ মাজত বিভিন্ন বিষয়ক লৈ আক্ৰমণ আৰু সংঘৰ্ষত লিপ্ত হৈছিল । এনে পৰিস্থিতিত শান্তিপূৰ্ণ ৰাষ্ট্ৰ গঠনৰ ধাৰণা কৰাটো অসম্ভৱ আছিল । চতুৰ্থতে, সামন্ত বিষয়াসকলৰ মাজত চলা ধাৰাবাহিক সংঘৰ্ষ, প্ৰতিদ্বন্দ্বিতা আৰু সন্দেহৰ বাবে ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ মাজত একতাৰ ভাৱ উদয় হোৱা নাছিল । একতা অবিহনে কোনো কাৰণতে ইউৰোপত প্ৰকৃত সাৰ্বভৌম ৰাষ্ট্ৰ গঠন অসম্ভৱ হৈ উঠিল ।

 
৩। এশছৰীয়া যুদ্ধ ।
উত্তৰঃ ১৩৩৭ চনত ইংলেণ্ড আৰু ফ্ৰান্সৰ মাজত এশ বছৰীয়া যুদ্ধ আৰম্ভ হয় । এই যুদ্ধত দুয়োটা পক্ষই বহুতো মিত্ৰ গোটাই লৈ অকল্পনীয় হাৰত যুদ্ধৰ প্ৰস্তুতি চলাই যুদ্ধত লিপ্ত হৈছিল । ৫টা প্ৰজন্মলৈ চলা এই যুদ্ধই পশ্চিম ইউৰোপৰ এক বিশাল অঞ্চল সামৰি লৈছিল । এই দীঘলীয়া যুদ্ধত বিভিন্ন নতুন যুদ্ধ কৌশল উদ্ভৱন কৰাৰ উপৰিও নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি উন্নত অস্ত্ৰ-শস্ত্ৰ সাজি ুলিএৱা হৈছিল . এই যুদ্ধত দুয়োপক্ষৰ বহুতো ক্ষয়-ক্ষতি হৈছিল । যুদ্ধক্ষেত্ৰত বহুত কৃষক সৈনিকৰ মৃত্যু হৈছিল । ফলত ভূ-স্বামীৰ কৃষিক্ষেত্ৰত কৃষকৰ অভাৱ ঘটিছিল। যিখিনি আছিল তেওংলোকৰ ওপৰত কামৰ বোজা অধিক বৃদ্ধি পোৱাত ইয়াৰ পৰা মুক্তি লাভ কৰিবৰ বাবে বহুতে নগৰ অঞ্চললৈ পলায়ন কৰিছিল । এইদৰে ১০০ বছৰীয়া যুদ্ধৰ সমাপ্তি হৈছিল ।

৪। ১৪ শতিকাৰ  ইউৰোপীয় বাণিজ্যিক পতন ।
উত্তৰঃ একাদশ শতিকাৰ আৰম্ভণিৰ পৰাই ইউৰোপত দ্ৰত জনসংখ্যা বৃদ্ধি পাব ধৰে । উন্নত পদ্ধতিত খেতি আৰম্ভ কৰাৰ ফলত কৃষকসকলে যথেষ্ট খাদ্-শস্য উৎপন্ন কৰিবলৈ সক্ষম হৈছিল । ফলত বহুতো কৃষকে গাঁৱত খেতি কৰিবলৈ বাদ দি নতুনকৈ গঢ়ি উঠা চহৰ-নগৰত বাস কৰি উল আৰু ধাতু উৎপাদন কৰিবলৈ লয়। কিন্ত ইয়াত পশ্চিমীয়া অভিজাত শ্ৰেণীয়ে বিলাসপূৰ্ণ জীৱন কটাবৰ বাবে এছিয়া মহাদেশত উৎপাদন হোৱা বিভিন্ন সামগ্ৰী যেনে- চেনি, মছলা ৰেচম কাপোৰ, আৰু বিভিন্ন ধৰণৰ সামগ্ৰী বিছাৰিছিল । ইউৰোপীয় বাণিজ্যৰ শ্ৰী বৃদ্ধিৰ লগে-লগে আন ান ঠাইৰ বাণিজ্যিক কেন্দ্ৰসমূহৰো শ্ৰী-বৃদ্ধি হবলৈ ধৰে। ব্যৱসায়ীসকলে স্থলপথেৰে ইউৰোপৰ বিভিন্ন ঠাইলৈ সামগ্ৰী পৰিবহণ কৰিবলৈ লয়। এঠাইৰ পৰা আন ঠাইলৈ সঘনে ঘুৰি ফুৰিবলগা হোৱা বাবে সাধাৰণতে দুঃসাহসী ব্যক্তিসকলেহে এই বৃত্তি গ্ৰহণ কৰিছিল . ডকাইত আদিৰ সঘন আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ এওঁলোকে অস্ত্ৰ-শস্ত্ৰ লগত লৈ জুম বান্ধি বেহা-বেপাৰ কৰিছিল । এওঁলোকে ঘঁৰাৰে টনা ওপৰভাগ মুক্ত গাড়ীত সামগ্ৰী পৰিবহণ কৰিছিল । ১৪ শতিকাৰ প্ৰথমভাগত পশ্চিম এছিয়াৰ পৰা ঘুৰি অহা ইউৰোপীয় বেপাৰীসকলৰ সামগ্ৰীৰ লগত অহা ৰোগাক্ৰান্ত নিগনিয়ে প্লেগ বেমাৰৰ বীজাণু  ইউৰোপ মহাদেশলৈ কঢ়িয়াই আনে । ইতিহাসবিদ সকলে ধাৰণা কৰে যে কৃষ্ণ সাগৰৰ পাৰত বাণিজ্য কৰি ঘুৰ্ি অহা ইটালীৰ বাণিজ্যিক জাহাজ এখনে ১৩৪৭ চনত চিচিলত অৱস্থান কৰাৰ পিছত ইউৰোপত প্লেগ মহামাৰীৰ আৰম্ভ হয়। সেইকাৰণে ১৪ শতিকাৰ িউৰোপত বাণিজ্যিক পতন হৈছিল ।

৫ । প’ল চুইজি
উত্তৰঃ  ৰাজনৈতিক কৰ্মী, প্ৰকাশক আৰু দীৰ্ঘদিন প্ৰচলিত থকা মাহেকীয়া আলোচনী‘monthly review’ৰ প্ৰতিষ্ঠাপক সম্পাদক। চুইজি কুৰি শতিকাৰ এগৰাকী বিখ্যাত ামেৰিকান মাক্সীয় অৰ্থনীতিবিদ আছিল । তেওঁ কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল . চুইজিয়ে অৰ্থনীতিবিদ ড’বৰ সামন্তবাদৰ চিনাক্তকৰণ আৰু ইয়াৰ পৰিবৰ্তনৰ ব্যাখ্যাত আপত্তি দৰ্শাইছে । 

৬। জৰ্জ ডুবে ।
উত্তৰঃ জৰ্জ ডুবে ফৰাচী ইতিহাসবিদ । ডুবে মধ্যযুগৰ িউৰোপৰ সামাজিক আৰু অৰ্থনৈতিক ইতিহাসৰ ক্ষেত্ৰত বিশেষজ্ঞ আছিল। তেওঁক কুৰি শতিকাৰ ৭০ ৰ দশকৰ  এগৰাকী বিশিষ্ট মধ্যযুগৰ ইতিহাসবিদ আৰু বুদ্ধিজীৱী বুলি জ্ঞান কৰা হয় । পেৰিচ নগৰত জন্মা ডুবে প্ৰথমে ঐতিহাসিক ভূগোল বিষয়ত অধ্যয়ন কৰে যদিও পিছলৈ ইতিহাসকে মুখ্য বিষয় কৰি লয়। তেওঁ কিছুদিন বিশ্ববিদ্যালয়ত পাঠদান কৰিছিল যদিও শেষত হিষ্টৰি অৱ মেডিয়েভেল ছ’চাইতি ইন দি কলেজ দি ফ্ৰান্সত সভপতি পদত দায়িত্ব সম্পাদন কৰে ।

৭। ব্ৰেনাৰ বিতৰ্ক ।
উত্তৰঃ পুঁজিবাদৰ উৎস কি এই বিষয়ক লৈ ১৯৭০ ৰ শেষভাগ আৰু ১৯৮০ৰ প্ৰথম ভাগ ৰ মাজত মাক্সীয় ইতিহাসবিদসকলৰ মাজত প্ৰৱল বিতৰ্ক হয় । এই বিতৰ্কক পৰিবৰ্তৰ বিতৰ্ক বা ড’ব-চুইজি বিতৰ্ক বুলিএ জনা যায় । অই বিতৰ্কৰ আৰম্ভণি হৈছিল ৰবাৰ্ট প’ল ব্ৰেনাৰ নামৰ ামেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফ’নিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক  এজনৰ এক গৱেষণা-পত্ৰ লিখনিৰ জৰিয়তে । 

ৰচনাধৰ্মী প্ৰশ্ন
১। সামন্তবাদ বুলিলে কি বুজা?  সামন্তবাদৰ পতনৰ কাৰণসমূহ উল্লেখ কৰা ।
উত্তৰঃ সামন্তবাদ হ’ল মধ্যযুগীয় ইউৰোপীয় সমাজব্যৱস্থাৰ  এক  উল্লেখযোগ্য ব্যৱস্থা ।  কেইবাটাও উল্লেখযোগ্য ঘটনাৰ বাবে সামন্তবাদৰ পতন  হৈছিল । প্ৰথমতে,   ১২ আৰু ১৩ শতিকাৰ  ভিতৰত ইংলে্ডত ঘটা কিছুমান  গুৰুত্বপূ্ৰ্ণ ৰাজনৈতিক পৰিবৰ্তনে  সামন্তবাদ ব্যৱস্থা দুৰ্বল কৰি তোলে ।  এই সময়ত মাগনা  কাৰ্টা  নামৰ এক গুৰুত্বপূৰ্ণ চনদ  পালন কৰা হয় . এই লিখিত দলিলখনৰ  দ্বাৰা   ইংলেণ্ডৰ ৰজাৰ ক্ষমতা হ্ৰাস কৰা হয় ।  ফলত  অভিজাত  বিষয়াসকলৰ ক্ষমতা বৃদ্ধি পায় ।  মাগনা  কাৰ্টা চনদৰ  দ্বাৰা  ইংলেণ্ডৰ  সকলো  মানুহৰ ব্যক্তিগত অধিকাৰ াৰু  স্বাধীনতীৰ  ওপৰত গুৰুত্ব   দিয়া হৈছিল  ।  
সামন্তবাদ ব্যৱস্থাত  ৰজাই  তেওঁৰ কাৰ্য্যৰ  বাবে  খ্ৰীষ্টান  ধৰ্মৰ  মূৰব্বী  ধৰ্মগুৰু  পোপৰ ওচৰত  উত্তৰ  দিছিল  ।  মধ্যয়ুগৰ শেষৰফালে  ইংলেণ্ডৰ  ৰজা   অষ্টম   হেনৰী আৰু   ৰোমান কেথলিক গীৰ্জাৰ   মূৰব্বীৰ মাজত  অধিকাৰক লৈ সংঘাত  আৰম্ভ  হোৱাত  অষ্টম হেনৰীয়ে   পোপৰ লগত   সম্পৰ্ক শেষ কৰি   ধৰ্মীয়   মঠ-মন্দিৰবোৰ  বন্ধ কৰি দিয়ে  । তাৰ ঠীইত    তেওঁ  ইংলেণ্ডৰ  নিজা স্বাধীন গীৰ্জা  স্থাপন  কৰে  ।  এইদৰে  ইংলেণ্ডত মধ্যয়ুগৰ  সামন্তবাদৰ   মৃত কফিনত শেষ গজালতো   মৰা হৈছিল  ।
দ্বিতীয়তে,  সামন্তবাদৰ  সফলতাৰ  বাবে যথেষ্ট  কষ্ট  শক্তিৰ প্ৰয়োজন হৈছিল ।  তলতীয়া  সামন্ত বিষয়া  াৰু কৃষক  চাৰ্ফসকলে  বছৰ-বছৰ  ধৰি সমগ্ৰ  জীৱন  ভ-স্বামীৰ  মেনৰীয়  অৰ্থব্যৱস্থাৰ  বাবে শ্ৰম  কৰিব লাগিছিল  ।   ১৩৩৭  চনত  ইংলেণ্ডত  হোৱা  এশ বছৰীয়া  যুদ্ধও  হৈছে সামন্তবাদৰ পতনৰ আন এটা কাৰণ  ।  এশ বছৰীয়া  যুদ্ধ  ইংলেণ্ড আৰু ফ্ৰান্সৰ মাজত  সংঘটিত হৈছিল ।   এই যুদ্ধত  দুয়োটা পক্ষই বহুতো লোক গোটাইছিল  ।  এই যুদ্ধখন  ১৩৩৭ চনৰ পৰা  ১৪৫৩  চনলৈ হৈছিল ।  তাৰ উপৰিও প্লেগ  মহামাৰী  ইউৰোপ চহৰত দেখা দিয়াৰ পাছত  সামন্তবাদ  ব্যৱস্থা অতি দুৰ্বল হৈ পৰে  ।  প্লেগ বেমাৰ মাখি  আৰু এন্দুৰৰ জৰিয়তে মানুহৰ দেহলৈ  প্ৰৱেশ কৰিছিল ।  এি দীঘলীয়া যুদ্ধত নতুন নতুন কৌশল  উদ্ভাৱন  কৰাৰ উপৰিএ  নতুন প্ৰযুক্তি  ব্যৱহাৰ কৰি  উন্নত অস্ত্ৰ-শস্ত্ৰ সাজি উলিওৱা হৈছিল  ।   যুদ্ধত বহুত কৃষক শ্ৰমিকৰ  মৃত্যু  হৈছিল ।  আৰু যিখিনি আছিল  তেোংলোকৰ ওপৰত  কামৰ বোজা ্অধিক বৃদ্ধি পোৱাত  ইয়াৰ পৰা মুক্তি  পাবৰ বাবে নগৰ অঞ্চললৈ   পলায়ন কৰিছিল  ।  এইদৰে সামন্তবাদৰ পতন হৈছিল  ।

২। ১৩/১৪ শতিকাৰ ইউৰোপৰ নগৰ-চহৰসমূহৰ উত্থান আৰু পতনৰ কাৰণসমূহ বৰ্ণনা কৰা ।
উত্তৰঃ সাগৰীয় বাণিজ্যৰ শ্ৰী বৃদ্ধিৰ লগে-লগে ইউৰোপৰ আন  আন ঠাইৰ বাণিজ্যিক ক্ষেত্ৰসমূহৰো শিৰী-বৃদ্ধি হবলৈ ধৰিলে । ব্যৱসায়ীসকলে স্থলপথেৰে ইউৰোপৰ বিভিন্ন ঠাইলৈ সামগ্ৰী পৰিবহণ কৰিবলৈ লয় । এঠাইৰ পৰা আন ঠাইলৈ সঘনে ঘুৰি ফুৰিব লগা হোৱা বাবে  সাধাৰণতে দুঃসাহসী ব্যক্তিসকলেহে এই বৃত্তি গ্ৰহণ কৰিছিল . ডকাইত আদিৰ সঘন আক্ৰমণৰ  পৰা ৰক্ষা পাবলৈ এওঁলোকে অস্ত্ৰ-শস্ত্ৰ লগত লৈ জুম বান্ধি বেহা-বেপাৰ কৰিছিল । এওঁলোকে ঘোঁৰাৰে টনা ওপৰভাগ মুক্ত গাড়ীত  সামগ্ৰী পৰিবহণ কৰিছিল । এইদৰে মুখ্য পদপথেৰে বণিকসকলে ॥ইউৰোপৰ বিভিন্ন অঞ্চললৈ গৈছিল । এই অঞ্চলসমূহত  বছৰত এবাৰ মেলা  অনুষ্ঠিত হয় ।
যত বেপাৰী আৰু সেই ঠাইৰ অভিজাত আৰু সাধাৰণ মানুহে বিভিন্ন  সামগ্ৰী বেচা-কিনা কৰিছিল ।
ধন ধাৰে  দিছিল আৰু লৈছিল ।  এই সময়ছোৱাত বণিকসকলে লাহে-লাহে বিনিময়ৰ সলনি মূল্যৱান ধাতুৰ বিনিময়ত সামগ্ৰী বেচিবলৈ লয় । ইটালীৰ ধন  পৰিবৰ্তনকাৰীসকলে বিভিন্ন ওজনৰ মুদ্ৰা নিৰ্মাণ কৰিছিল । এনেকৈ সময় যোৱাৰ লগে-লগে বেপাৰীসকল ঘুৰি-ফুৰি ভাগৰি  পৰিছিল আৰু তেওঁলোকে ইয়াৰ বিকল্প বিচাৰিছিল  ।
১৩ আৰু ১৪ শতিকাৰ ইউৰোপ  মহাদেশত কপষ্ঠ হল এক প্ৰধান বেমাৰ ।  ১৪ শতিকাৰ প্ৰথম বাগত এই ৰোগ পশ্চিম এছিয়াৰ পৰা আহিছিল ।   আৰু এই ৰোগ  ইউৰোপীয় বেপাৰীসকলৰ সামগ্ৰীৰ লগত আহিছিল  । পৰিছিল আৰু তেওঁলোকে ইয়াৰ বিকল্প বিচাৰিছিল  ।
১৩ আৰু ১৪ শতিকাৰ ইউৰোপ  মহাদেশত কপষ্ঠ হল এক প্ৰধান বেমাৰ ।  ১৪ শতিকাৰ প্ৰথম বাগত এই ৰোগ পশ্চিম এছিয়াৰ পৰা আহিছিল ।   আৰু এই ৰোগ  ইউৰোপীয় বেপাৰীসকলৰ সামগ্ৰীৰ লগত আহিছিল  । আৰু এই ৰোগৰ বীজাণু  ইউৰোপ মহাদেশলৈ কঢ়িয়াই আনে ।  ইউ প্লেগ বেমাৰৰ পৰা হাত সাৰিবলৈ ইউৰোপ চহৰৰ মানুহে গাৱলৈ পলায়ন কৰিলে ।  তাৰ ফলত বাণিজ্য আৰু কৃষিকে ধৰি অৰ্থনীতিৰ বহুত ক্ষতিসাধন হৈছিল  । কৃষকসকলে খেতি পথাৰত খেতি কৰিব পৰা নাছিল । আৰু যি খনি খেতি উৎপাদন কৰিছিল তাৰ পৰিমানো তেনেই নিম্ন আছিল ।  এই দীৰ্ঘকাল ধৰি চলি থকা মহামাৰীত শাসক পক্ষই একো কৰিব নোৱাৰি নিৰ্বিকাৰ হৈ পৰি থকাৰ বাদে আন একো উপায় নাছিল । তেওঁলোকে  ইয়াৰ ভালৰ বাবে গীৰ্জাত প্ৰাৰ্থনা কৰিছিল আৰু মানুহৰ পাপেই এই মহামাৰীৰ মূল কাৰণ আছিল বুলি ভাবিছিল । তেওঁলোকে প্ৰজাৰ পৰা ভালকৈ কৰ আদায় কৰিব পৰা নাছিল । ফলত বণিকসকলে ক্ৰয়-বিক্ৰয় কৰিব নোৱাৰা বাবে তেওঁলোকৰ হাতত ধনৰ পৰিমানো বহুতখিনি হ্ৰাস পাইছিল । ফলত সেই সময়ত চলি থকা ১০০ বছৰীয়া যুদ্ধৰ কাৰণে বেহা-বেপাৰ বন্ধ হৈ পৰিছিল। তেনেদৰে একালৰ ইউৰোপ চহৰ মানুহৰ আকৰ্ষণৰ কেন্দ্ৰ খনত ব্যাপক হাৰত মহামাৰীত মানুহৰ মৃত্যু হোৱা বাবে, একাংশৰ প্ৰাণৰক্ষাৰ বাবে গাঁও অঞ্চললৈ পলায়ন কৰা বাবে আৰু বাকী অংশৰে আয়ৰ কোনো উৎস নথকাৰ বাবে সাময়িকভাৱে ইয়াত এক স্থবিৰতা আহি পৰিছিল ।

৩। মৌৰইচ হাৰব্ৰেট ড’বৰ ইউৰোপৰ সামন্তবাদৰ ঠাইত পুঁজিবাদৰ সূচনা হোৱাৰ যুক্তিসমূহ ালোচনা কৰা ।
উত্তৰঃ  মৌৰইচ হাৰব্ৰেট ড’ব এগৰাকী কুৰি শতিকাৰ অতি বিখ্যাত মাক্সীয় বৃটিছ অৰ্থনীতিবিদ আছ্ল । তেওঁ ইংলেণ্ডৰ কেম্ব্ৰীজ  বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগত অধ্যপনা কৰিছিল । ডবৰ মতে , যেতিয়া ক্ষুদ্ৰ পদ্ধতি সমূহ ত  সামাজিক পৃথকীকৰণ আৰম্ভ হৈছিল তাৰ ফলতেি পুঁজিবাদৰ আৰম্ভ হৈছিল . একাংশ পণ্ডিতে তেওঁক সমৰ্থন জনোৱাৰ বিপৰীতে আন একাংশই   তেঁওৰ তত্বক বিৰোধিতা কৰে  । ডবৰ সামন্তবাদৰ চিনাক্তকৰণ আৰু ইয়াৰ পৰিবৰ্দনৰ ব্যাখ্যাত আপত্তি দৰ্শাইছে । ডবে নিজৰ যুক্তিৰ  সমৰ্থনত কোনো গুৰুত্বপূৰ্ণ ঐতিহাসিক গ্ৰন্থ বা তথ্য দাঙি ধৰিব পৰা নাই । ডছিল । যেনে নৱম দশম শতিকাত সামন্তবাদ ব্যৱস্থা প্ৰভাৱশালী আছিল । । আৰু শেষৰ স্তৰৰ টো আছিল ১৮ শতিকা । যি সময়ত পুঁজিবাদে মূৰ দাঙি উঠে । 


Author: Ali Rani Kakati