কৰ্মবাদ, কৰ্ম, অকৰ্ম, বিকৰ্ম আৰু স্বাধীনতা

অধ্য়ায়ঃ ১

Broad Questions:

ৰচনাধৰ্মী প্ৰশ্নঃ

1. Explain the ethics of the law of the karma.
কৰ্মবাদৰ নৈতিক মতবাদটো বাখ্যা কৰা।
উত্তৰঃ কৰ্মবাদ ভাৰতীয় নৈতিক দৰ্শনৰ এক সাৰ্বিক প্ৰত্য়য়। একমাত্ৰ চাৰ্বাক সম্প্ৰদায়ৰ বাহিৰে ভাৰতৰ সকলো দাৰ্শনিক সম্প্ৰদায়ে কৰ্মবাদৰ সাৰ্বিক সমাতন নৈতিক নিয়মক বিশ্বাস কৰে। বৈদিক আৰু অবৈদিক, আস্তিক আৰু নাস্তিক আদি সকলো ভাৰতীয় দাৰ্শনিক সম্প্ৰদায়ে কৰ্মবাদৰ এই 'নিত্য় নৈতিক নিয়মক' বিশ্বাস কৰে।'কৰ্ম' শব্দটো সংস্কৃত 'কৃ' ধাতুৰ পৰা আহিছে। 'কৃ' ধাতুৰ অৰ্থ হল 'কাৰ্য কৰা'।সকলো ধৰণৰ কাৰ্য কৰাই হল কৰ্ম।এই অৰ্থত শাৰীৰিক আৰু মানসিক আদি সকলো ধৰণৰ কাৰ্যই কৰ্ম। গতিকে কৰ্মবাদ বুলিলে বুজায় সকলো ধৰণৰ মতবাদ অনুসৰি প্ৰত্য়েক কৰ্মৰে এটা সুনিৰ্দিষ্ট ফল আছে। কৰ্মবাদ অনুসৰি মানুহে তেওঁৰ নিজৰ কৃতকৰ্মৰ ফল ভোগ কৰিব লাগিব। যেনে কৰ্ম তেনে ফল। সৎ কৰ্মৰ ফল শুভ  আৰু অসৎ কৰ্মৰ ফল অশুভ।
            কৰ্মবাদৰ মূল কথা দুটাঃ
১) অকৃতপ্ৰণাশ অৰ্থাৎ কৃৰ্তকৰ্মৰ বিনাশ নাই। কৃতকৰ্মৰ ফল আমাৰ ভোগ কৰিবই লাগিব। কৃতকৰ্মৰ ফল ভাল বা বেয়া, শুভ বা অশুভ, সুখ বা দুখ হব পাৰে। আমাৰ কৃতকৰ্মৰ ফলতেই আমি সুখ বা দুখ ভোগ কৰোঁ। 
২) অকৃতাভ্য়াগম অৰ্থাৎ অকৃতকৰ্মৰ ফল ভোগ কৰিব নালাগে। যি কৰ্ম আমাৰ দ্বাৰা সম্পাদিত হোৱা নাই তাৰ ফল আমাৰ ভোগ কৰিব নালাগে।
            ব্য়ক্তিৰ জীৱনৰ বৈষম্য়ৰ ব্য়াখ্য়াৰ বাবে কৰ্মবাদেই উপযুক্ত যুক্তি। কৰ্মবাদৰ দ্বাৰাই ব্য়ক্তিৰ জীৱনৰ বৈষম্য় বা পাৰ্থক্য়ক ব্য়াখ্য়া কৰা যায়।আমি আমাৰ দৈনন্দিন জীৱনত দেখোঁ যে, কোনো মানুহ সুখী, কোনোবাই আকৌ অত্য়ন্ত দুখী, কোনো মানুহ ৰোগী, কোনোবাই আকৌ সুস্থ, কোনোবাই ধনী, কোনোবাই আকৌ দৰিদ্ৰ, কোনো মানুহ সুদৰ্শন, কোনোবাই আকৌ কুৎসিৎ,কোনোবাই পণ্ডিত,কোনোবাই আকৌ মূৰ্খ। কি যে বিচিত্ৰ এই মানৱ জীৱন।
         কৰ্মবাদ অৰ্থাৎ কৰ্ম আৰু কৰ্মফলৰ ধাৰণা কাৰ্যকাৰণ সূত্ৰৰ দ্বাৰা গঁথা। কাৰ্যকাৰণ বিধি অনুসৰি প্ৰত্য়েক কাৰ্যৰে এটা সুনিৰ্দিষ্ট কাৰণ থাকে। বিনা কাৰণত এই জগতত কোনো ঘটনাই নঘটে। অনুৰূপভাৱে কৰ্মবাদ অনুসৰি প্ৰত্য়েক কৰ্মৰে এটা সুনিৰ্দিষ্ট ফল থাকে, বিনা কৰ্মত কোনো ফল ভোগ কৰিবলগা নহয়।কাৰণৰূপ কৰ্মৰ পৰাই কাৰ্যৰূপ কৰ্মফলৰ উৎপত্তি।সৎ কৰ্মৰ ফল সুখ আৰু অসৎ কৰ্মৰ ফল দুখ।সৎ বা অসৎ কাম হল কাৰণ, সুখ-দুখ হল কাৰ্য।শুভ কৰ্মত শান্তি, অশুভ কৰ্মত অশান্তি,সাধুতাৰ ফল পূণ্য় আৰু অসাধুতাৰ ফল পাপ। কৰ্মবাদৰ এই নিয়মক অস্বীকাৰ কৰিব নোৱাৰি।কৰ্মবাদৰ এই নিয়ম নৈতিক আৰু সাৰ্বিক।


2. What is the theory of karma? Is the law of karma a fatalism? Discuss.
কৰ্মবাদ কাক বোলে? কৰ্মবাদ অদৃষ্টবাদ হয়নে? আলোচনা কৰা।
উত্তৰঃ কৰ্মবাদ ভাৰতীয় নৈতিক দৰ্শনৰ এক সাৰ্বিক প্ৰত্য়য়। একমাত্ৰ চাৰ্বাক সম্প্ৰদায়ৰ বাহিৰে ভাৰতৰ সকলো দাৰ্শনিক সম্প্ৰদায়ে কৰ্মবাদৰ সাৰ্বিক সনাতন নৈতিক নিয়মক বিশ্বাস কৰে।বৈদিক আৰু অবৈদিক, আস্তিক আৰু নাস্তিক আদি সকলো ভাৰতীয় দাৰ্শনিক সম্প্ৰদায়ে কৰ্মবাদৰ এই 'নিত্য় নৈতিক নিয়মক' বিশ্বাস কৰে।'কৰ্ম' শব্দটো সংস্কৃত 'কৃ' ধাতুৰ পৰা আহিছে। 'কৃ' ধাতুৰ অৰ্থ হল 'কাৰ্য কৰা'।সকলো ধৰণৰ কাৰ্য কৰাই হল কৰ্ম।কৰ্মবাদ বুলিলে বুজায় সকলো ধৰণৰ কৰাৰ মতবাদ-যি মতবাদ অনুসৰি প্ৰত্য়েক কৰ্মৰে এটা সুনিৰ্দিষ্ট ফল আছে। কৰ্মবাদ অনুসৰি মানুহে তেওঁৰ নিজৰ কৃতকৰ্মৰ ফল ভোগ কৰিব লাগিব।যেনে কৰ্ম তেনে ফল। সৎ কৰ্মৰ ফল শুভ আৰু অসৎ কৰ্মৰ ফল অশুভ।মানুহৰ বৰ্তমান জীৱন অতীত কৰ্মৰ ফল আৰু বৰ্তমান জীৱনৰ কৰ্মৰ দ্বাৰাই গঠিত হয় ভৱিষ্য়ত জীৱন। কৰ্মবাদৰ এই নিয়ম আমোঘ, চিৰন্তন আৰু অলংঘনীয়।
           কৰ্ম কেৱল এক অৱস্থামাত্ৰ, মানুহৰ নিয়তি নহয়। নিষ্কাম কৰ্মৰ স্বীকৃতিয়ে কৰ্মবাদ যে অদৃষ্টবাদ বা ভাগ্য়বাদ নহয় তাকে প্ৰমাণ কৰে। নিষ্কাম কৰ্মত এইটো কোৱা হৈছে যে মানুহে কামনা-বাসনা পৰিত্য়াগ কৰি, ফলাকাংক্ষা ত্য়াগ কৰি, কৰ্তৃত্বাভিমান ত্য়াগ কৰি নিজৰ সকলো কৰ্ম ঈশ্বৰক সমৰ্পণ কৰি ইহ জগতৰ পৰা মুক্তি লাভ কৰিব পাৰে। ইয়াৰ অৰ্থ মানুহে নিজ বুদ্ধিৰে পৰিচালিত হৈ নিজ ভাগ্য় বা অদৃষ্টক পৰিৱৰ্তন কৰিব পাৰে। নিষ্কাম কৰ্ম স্বীকাৰ কৰি ভাৰতীয় নীতিশাস্ত্ৰত এইটোৱে কোৱা হৈছে যে কৰ্মৰ ক্ষেত্ৰত মানুহৰ স্বাধীনতা আছে। জীৱই স্বাধীন ইচ্ছাৰে পৰিচালিত হৈ নিষ্কাম কৰ্ম সম্পাদনাৰ জৰিয়তে সাংসাৰিক দুখৰ পৰা মুক্তি লাভ কৰিব পাৰে। ভাৰতীয় নীতিশাস্ত্ৰত কৰ্মবাদৰ দ্বাৰা এই কথাকে প্ৰতিপন্ন কৰা হৈছে যে জীৱন 'বন্ধন' আৰু 'বন্ধন মুক্তি' জীৱৰ ওপৰতেই নিৰ্ভৰ কৰে। গতিকে কৰ্মবাদক অদৃষ্টবাদী মতবাদ বুলি কোৱাটো যুক্তিসংগত নহয়।


3. What do you mean by the transmigration of souls? Does karmavada imply the transmigration of souls?
জমান্তৰবাদ বুলিলে কি বুজা? কৰ্মবাদে জমান্তৰবাদ বুজায়নে?
উত্তৰঃ

4. What is karmavada? Explain the classification of karmas.
কৰ্মবাদ কি? কৰ্মবাদৰ বিভিন্ন শ্ৰেণিবিভাগ সম্পৰ্কে বাখ্যা কৰা।
উত্তৰঃ

5. What is fatalism? Does it imply karmavada?
অদৃষ্টবাদ কাক বোলে? ই কৰ্মবাদক বুজায় নে?
উত্তৰঃ

6. Write an essay on the law of karma.
কৰ্মবাদৰ ওপৰত এখন ৰচনা লিখা।
উত্তৰঃ কৰ্মবাদ ভাৰতীয় নৈতিক দৰ্শনৰ এক সাৰ্বিক প্ৰত্য়য়। একমাত্ৰ চাৰ্বাক সম্প্ৰদায়ৰ বাহিৰে ভাৰতৰ সকলো দাৰ্শনিক সম্প্ৰদায়ে কৰ্মবাদৰ সাৰ্বিক সনাতন নৈতিক নিয়মক বিশ্বাস কৰে। বৈদিক আৰু অবৈদিক, আস্তিক আৰু নাস্তিক আদি সকলো ভাৰতীয় দাৰ্শনিক সম্প্ৰদায়ে কৰ্মবাদৰ এই 'নিত্য় নৈতিক নিয়মক' বিশ্বাস কৰে।'কৰ্ম' শব্দটো সংস্কৃত 'কৃ' ধাতুৰ পৰা আহিছে।'কৃ' ধাতুৰ অৰ্থ হল 'কাৰ্য কৰা'। সকলো ধৰণৰ কাৰ্য কৰাই হল কৰ্ম।কৰ্মবাদ বুলিলে বুজায় সকলো ধৰণৰ কৰ্ম কৰাৰ মতবাদ-যি মতবাদ অনুসৰি প্ৰত্য়েক কৰ্মৰে এটা সুনিৰ্দিষ্ট ফল আছে। কৰ্মবাদ অনুসৰি মানুহে তেওঁৰ নিজৰ কৃতকৰ্মৰ ফল ভোগ কৰিব লাগিব।যেনে কৰ্ম তেনে ফল। সৎ কৰ্মৰ ফল শুভ আৰু অসৎ কৰ্মৰ ফল অশুভ।
কৰ্মবাদৰ মূল কথা দুটা-
১) অকৃতপ্ৰণাশ অৰ্থাৎ কৃৰ্তকৰ্মৰ বিনাশ নাই।কৃতকৰ্মৰ ফল আমাৰ ভোগ কৰিবই লাগিব।কৃতকৰ্মৰ ফল ভাল বা বেয়া, শুভ বা অশুভ, সুখ বা দুখ হব পাৰে।আমাৰ কৃতকৰ্মৰ ফলতেই আমি সুখ বা দুখ ভোগ কৰোঁ। 
২)  অকৃতাভ্য়াগম অৰ্থাৎ অকৃতকৰ্মৰ ফল ভোগ কৰিব নালাগে। যি কৰ্ম আমাৰ দ্বাৰা সম্পাদিত হোৱা নাই তাৰ ফল আমাৰ ভোগ কৰিব নালাগে।
            কৰ্মবাদ অৰ্থাৎ কৰ্ম আৰু কৰ্মফলৰ ধাৰণা কাৰ্যকাৰণ সূত্ৰৰ দ্বাৰা গঁথা।কাৰ্যকাৰণ বিধি অনুসৰি প্ৰত্য়েক কাৰ্যৰে এটা সুনিদিষ্ট কাৰণ থাকে। বিনা কাৰণত এই জগতত কোনো ঘটনাই নঘটে। অনুৰূপভাৱে কৰ্মবাদ অনুসৰি প্ৰত্য়েক কৰ্মৰে এটা সুনিৰ্দিষ্ট ফল থাকে, বিনা কৰ্মত কোনো ফল ভোগ কৰিবলগা নহয়।কাৰণৰূপ কৰ্মৰ পৰাই কাৰ্যৰূপ কৰ্মফলৰ উৎপত্তি। সৎ কৰ্মৰ ফল সুখ আৰু অসৎৱ কৰ্মৰ ফল দুখ।সৎ বা অসৎ কাম হল কাৰণ, সুখ-দুখ হল কাৰ্য।শুভ কৰ্মত শান্তি, অশুভ কৰ্মত অশান্তি, সাধুতাৰ ফল পূণ্য় আৰু অসাধুতাৰ ফল পাপ। কৰ্মবাদৰ এই নিয়মক অস্বীকাৰ কৰিব নোৱাৰি।কৰ্মবাদৰ এই নিয়ম নৈতিক আৰু সাৰ্বিক।


7. What is Karmayoga? Discuss the karmayoga of Bhagavatgita.
কৰ্মযোগ কাক বোলে? ভাগৱৎগীতাৰ কৰ্মযোগ তত্ত্ব আলোচনা কৰা।
উত্তৰঃ কৰ্মমাৰ্গৰ সহায়ত ঈশ্বৰৰ লগত যুক্ত হোৱাই কৰ্মযোগ। গীতাৰ মুখ্য় উপদেশ হল কৰ্মযোগ। গীতাৰ প্ৰতিপাদিত বিষয় হল নিষ্কাম কৰ্মযোগ, যাক আমি কৰ্মযোগ বুলি জানো। 
           শ্ৰীমদ্ভগৱদগীতা এখন কৰ্মযোগ শাস্ত্ৰ। কৰ্মমাৰ্গৰ সহায়ত ঈশ্বৰৰ লগত যুক্ত হোৱাই কৰ্মযোগ। গীতাৰ মুখ্য় উপদেশ হল কৰ্মযোগ। গীতাৰ ৰচনাৰ মূল উদ্দেশ্য়ই আছিল নিষ্ক্ৰিয় আৰু কিংকৰ্তব্য়বিমূঢ় অৰ্জুনক কৰ্মৰ মাহাত্ম্য়ক উপলব্ধি কৰোৱা। শ্ৰীকৃষ্ণই অৰ্জুনক নিৰন্তৰ কৰ্ম কৰিবলৈ উপদেশ দিছে। গতিকে গীতাৰ মুখ্য় বিষয় কৰ্মযোগ বুলি কলে বঢ়াই কোৱা নহব।
       গীতাৰ মতানুসাৰে কৰ্মই মানুহৰ ধৰ্ম। কৰ্মবিহীন জীৱন-যাপন কোনোপধ্য়েই সম্ভৱ নহয়। কৰ্মবিহীন হৈ মানুহে এক বিন্দুও থাকিব নোৱোৰে। প্ৰাকৃতিক বা স্বাভাৱিক গুণৰ বাবে মানুহে কৰ্ম কৰে বা কৰিবলৈ বাধ্য় হয়। প্ৰকৃতিৰ পৰিণাম,সত্ত্ব, ৰজঃ আৰু তমোগুণে মানুহক কৰ্ম কৰিবলৈ বাধ্য় কৰায়। মানৱ শৰীৰ ধাৰণ কৰাটোও কৰ্মৰ ওপৰতে নিৰ্ভৰ কৰে। সেইকাৰণে গীতাৰ মতে, কৰ্ম নকৰাতকৈ কৰ্ম কৰাই শ্ৰেয়। গীতাই কৰ্মত্য়াগ বা সন্ন্য়াসৰ উপদেশ দিয়া হোৱা নাই, এই শাস্ত্ৰত কৰ্মক কৰ্ম-সন্ন্য়াসতকৈ শ্ৰেষ্ঠ বুলি স্বীকাৰ কৰা হৈছে।মোক্ষ লাভৰ সাধন বা উপায় কৰ্ম-সন্ন্য়াস নহয়,বৰং লোক-কল্য়াণৰ বাবে সম্পাদিত নিষ্কাম কৰ্মই মোক্ষ লাভৰ উপায়। গীতাৰ কৰ্মযোগত সত্য়প্ৰাপ্তিৰ বাবে কৰ্ম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। যি কৰ্মই অসত্য় আৰু অৰ্ধমৰ বাবে সম্পাদিত হয়, সেই কৰ্ম সফল কৰ্ম নহয়।কৰ্ম কৰোতে কৰ্মফল বা কৰ্মৰ পৰিণামৰ প্ৰতি চিন্তা কৰা উচিত নহয়। সেইকাৰণে গীতাত নিষ্কাম কৰ্মৰ শিক্ষা দি কোৱা হৈছে যে, কৰ্মফলৰ আশা নকৰি আমি কেৱল আমাৰ কৰ্তব্য় কৰ্ম সম্পদান কৰা উচিত। যিয়ে কৰ্মফল ত্য়াগ কৰি কেৱল কৰ্ম কৰি যায় তেৱেঁই প্ৰকৃত কৰ্মযোগী।
                গীতাত নিজ নিজ গুণানুসৰি কৰ্ম কৰাৰ পোষকতা কৰা দেখা যায়। গুণানুসৰি গীতাত চাৰি বৰ্ণৰ কথা পোৱা যায়- ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য় আৰু শূদ্য়। মানুহৰ কৰ্ম তেওঁ গুণানুসৰি হোৱা উচিত।সমাজত মানুহৰ গুণ অনুসৰি সকলোৰে কৰ্ম নিৰ্দিষ্ট কৰি দিয়া থাকে। নিজৰ স্বভাৱ অনুসৰি নিজ নিজ কৰ্তব্য় অৰ্থাৎ স্বধৰ্ম পালন কৰা উচিত। নিজৰ গুণ আৰু সামৰ্থ অনুসৰি সকলোৱে নিজ নজ কৰ্তব্য় কৰি যোৱাটোৱে কৰ্মযোগ।
 

8. Write a note on Karma Yoga of Gita.
গীতাৰ কৰ্মযোগৰ ওপৰত এটি টোকা লিখা।
উত্তৰঃ শ্ৰীমদ্ভগৱদগীতা এখন কৰ্মযোগ শাস্ত্ৰ। কৰ্মমাৰ্গৰ সহায়ত ঈশ্বৰৰ লগত যুক্ত হোৱাই কৰ্মযোগ। গীতাৰ মুখ্য় উপদেশ হল কৰ্মযোগ। গীতাৰ ৰচনাৰ মূল উদ্দেশ্য়ই আছিল নিষ্ক্ৰিয় আৰু কিংকৰ্তব্য়বিমূঢ় অৰ্জুনক কৰ্মৰ মাহাত্ম্য়ক উপলব্ধি কৰোৱা। শ্ৰীকৃষ্ণই অৰ্জুনক নিৰন্তৰ কৰ্ম কৰিবলৈ উপদেশ দিছে। গতিকে গীতাৰ মুখ্য় বিষয় কৰ্মযোগ বুলি কলে বঢ়াই কোৱা নহব।
            গীতাৰ মতানুসাৰে কৰ্মই মানুহৰ ধৰ্ম। কৰ্মবিহীন জীৱন-যাপন কোনোপধ্য়েই সম্ভৱ নহয়। কৰ্মবিহীন হৈ মানুহে এক বিন্দুও থাকিব নোৱোৰে। প্ৰাকৃতিক বা স্বাভাৱিক গুণৰ বাবে মানুহে কৰ্ম কৰে বা কৰিবলৈ বাধ্য় হয়। প্ৰকৃতিৰ পৰিণাম,সত্ত্ব, ৰজঃ আৰু তমোগুণে মানুহক কৰ্ম কৰিবলৈ বাধ্য় কৰায়। মানৱ শৰীৰ ধাৰণ কৰাটোও কৰ্মৰ ওপৰতে নিৰ্ভৰ কৰে। সেইকাৰণে গীতাৰ মতে, কৰ্ম নকৰাতকৈ কৰ্ম কৰাই শ্ৰেয়। গীতাই কৰ্মত্য়াগ বা সন্ন্য়াসৰ উপদেশ দিয়া হোৱা নাই, এই শাস্ত্ৰত কৰ্মক কৰ্ম-সন্ন্য়াসতকৈ শ্ৰেষ্ঠ বুলি স্বীকাৰ কৰা হৈছে।মোক্ষ লাভৰ সাধন বা উপায় কৰ্ম-সন্ন্য়াস নহয়,বৰং লোক-কল্য়াণৰ বাবে সম্পাদিত নিষ্কাম কৰ্মই মোক্ষ লাভৰ উপায়। গীতাৰ কৰ্মযোগত সত্য়প্ৰাপ্তিৰ বাবে কৰ্ম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। যি কৰ্মই অসত্য় আৰু অৰ্ধমৰ বাবে সম্পাদিত হয়, সেই কৰ্ম সফল কৰ্ম নহয়।কৰ্ম কৰোতে কৰ্মফল বা কৰ্মৰ পৰিণামৰ প্ৰতি চিন্তা কৰা উচিত নহয়। সেইকাৰণে গীতাত নিষ্কাম কৰ্মৰ শিক্ষা দি কোৱা হৈছে যে, কৰ্মফলৰ আশা নকৰি আমি কেৱল আমাৰ কৰ্তব্য় কৰ্ম সম্পদান কৰা উচিত। যিয়ে কৰ্মফল ত্য়াগ কৰি কেৱল কৰ্ম কৰি যায় তেৱেঁই প্ৰকৃত কৰ্মযোগী।
                গীতাত নিজ নিজ গুণানুসৰি কৰ্ম কৰাৰ পোষকতা কৰা দেখা যায়।গুণানুসৰি গীতাত চাৰি বৰ্ণৰ কথা পোৱা যায়- ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য় আৰু শূদ্ৰ। মানুহৰ কৰ্ম তেওঁ গুণানুসৰি হোৱা উচিত। সমাজত মানুহৰ গুণ অনুসৰি সকলোৰে কৰ্ম নিদিষ্ট কৰি দিয়া থাকে।নিজৰ স্বভাৱ অনুসৰি নিজ নিজ কৰ্তব্য় অৰ্থাৎ স্বধৰ্ম পালন কৰা উচিত। নিজৰ গুণ আৰু সামৰ্থ অনুসৰি সকলোৱে নিজ নিজ কৰ্তব্য় কৰি যোৱাটোৱে কৰ্মযোগ।গীতাৰ কৰ্মযোগত কোৱা হৈছে ব্য়ক্তিয়ে নিজৰ নিয়ত কৰ্মই কৰা উচিত, ইয়াত প্ৰত্য়াখ্য়ান কৰিলে পাপ হয়;মানৱ সমাজৰ ৰক্ষাৰ্থে যুদ্ধ কৰা ক্ষত্ৰিয়ৰ ধৰ্ম। ধৰ্মযুদ্ধতকৈ অৰ্জুনৰ যিদৰে আন কোনো কৰ্তব্য় থাকিব নোৱাৰে,তেনেদৰে নিজৰ স্বধৰ্মতকৈ মানুহৰ আন কোনো ডাঙৰ কৰ্তব্য় নাই।
 

9. What is karma, according to Gita? How is it different from akarma and vikarma? Explain.
গীতা মতে কৰ্ম কাক বোলে? ই অকৰ্ম আৰু বিকৰ্মৰ পৰা কেনেদৰে পৃথক? বাখ্যা কৰা।
উত্তৰঃ

10. Write a note on Gita's concept of Akarma.
গীতাৰ অকৰ্মৰ ধাৰণাৰ ওপৰত এটি টোকা লিখা।
উত্তৰঃ

11. Write a note on Gita's concept of Vikarma.
গীতাৰ বিকৰ্মৰ ধাৰণাৰ ওপৰত এটা টোকা লিখা।
উত্তৰঃ

12. What is vikarma? How is it different from karma? Explain.
বিকৰ্ম কাক বোলে? ই কৰ্মৰ পৰা কেনেদৰে পৃথক? বাখ্যা কৰা।
উত্তৰঃ

13. What is akarma, according to Gita? How is it different from karma and vikarma?
গীতা মতে অকৰ্ম কাক বোলে? ই কৰ্ম আৰু বিকৰ্মৰ পৰা কেনেদৰে পৃথক?
উত্তৰঃ

14. What is akarma? Are akarma and niskamakarma same? Explain.
অকৰ্ম কাক বোলে? অকৰ্ম আৰু নিষ্কাম কৰ্ম একে নে? বাখ্যা কৰা।
উত্তৰঃ

15. Explain Gita's concept of transmigration of soul.
গীতাৰ জন্মান্তৰবাদৰ ধাৰণাটো বাখ্যা কৰা।
উত্তৰঃ জন্মান্তৰবাদ বুলিলে বুজাই সেই মতবাদক যি মতবাদ অনুসৰি জীৱই মৃত্য়ুৰ পিছত পুনঃ পুনঃ জন্মগ্ৰহণ কৰিবলগা হয়। জন্মান্তৰবাদ অনুসৰি আত্মাৰ কেতিয়াও মৃত্য়ু নহয়।মৃত্য়ুৰ পিছত জীৱৰ পুনৰ জনম হয় আৰু তেতিয়া আত্মাই এক নতুন দেহ ধাৰণ কৰে। শ্ৰীমদ্ভগৱদগীতাত এই কথাটোকে শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে আত্মা অমৰ; মানুহে যেনেকৈ পূৰণি বস্ত্ৰ পৰিহাৰ কৰি নতুন বস্ত্ৰ ধাৰণ কৰে ঠিক তেনেকৈ আত্মাও পূৰণি দেহ ত্য়াগ কৰি নতুন দেহ ধাৰণ কৰে। গীতাত জীৱাত্মাৰ মৃত্য়ুৰ পৰিৱৰ্তে 'দেহান্তৰ-প্ৰাপ্তি' শব্দটো ব্য়ৱহাৰ কৰা হৈছে। ইয়াৰ অৰ্থ জীৱাত্মাৰ মৃত্য়ু নহয়, মৃত্য়ু হয় দেহৰ। আত্মাই এটা দেহ এৰি অন্য় এটা দেহত প্ৰৱেশ কৰে। ইয়ে দেহান্তৰ-প্ৰাপ্তি। ইয়াকে জন্মান্তৰবাদ বোলা হয়। 
            জন্মান্তৰবাদৰ পৰা মুক্তি লাভৰ কোনো উপায় নাই নে? যদি আছে, তেনেহলে সেইটো কি? ইয়াৰ উত্তৰ নিষ্কাম কৰ্মৰ আলমত দিয়া যায়। কৰ্মবাদৰ এই নিয়ম সকাম কৰ্মৰ ক্ষেত্ৰত প্ৰযোজ্য়; নিষ্কাম কৰ্মৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য় নহয়। অৰ্থাৎ কামনা-বাসনাৰ বশঃৱৰ্তী হৈ, ফলাফলৰ আকাংক্ষা কৰি কৰ্ম সম্পাদন কৰিলে জীৱই জন্মান্তৰবাদৰ চক্ৰত আৱদ্ধ হয়। কিন্ত নিষ্কামভাৱে নিজৰ সকলো কৰ্ম ঈশ্বৰক সমৰ্পণ কৰি কৰ্ম সম্পাদন কৰিলে জীৱই জন্ম-মৃত্য়ুৰ চক্ৰত আৱদ্ধ নহয়। নিষ্কাম কৰ্মৰ বলত জীৱই জন্ম-মৃত্য়ুৰ চক্ৰক ৰোধ কৰি জীৱনৰ পৰম পুৰুষাৰ্থ মোক্ষ লাভ কৰিবলৈ সক্ষম হয়। জন্মান্তৰবাদৰ লগত কৰ্মবাদৰ ঘনিষ্ঠ সম্পৰ্ক আছে ঠিকেই, কিন্তু এই সম্পৰ্ক সকাম কৰ্মৰ ক্ষেত্ৰত; নিষ্কাম কৰ্মৰ লগত জন্মান্তৰবাদৰ কোনো সম্পৰ্ক নাই।


16. What is transmigration of soul? Explain in the light of Gita's karmavada.
জমান্তৰবাদ কাক বোলে? গীতাৰ কৰ্মবাদৰ  আলমত বাখ্যা কৰা।
উত্তৰঃ কৰ্মবাদৰ লগত ঘনিষ্ঠভাৱে সম্পৰ্কিত হৈ আছে জন্মান্তৰবাদ। জন্মান্তৰবাদ বুলিলে বুজাই সেই মতবাদক যি মতবাদ অনুসৰি জীৱই মৃত্য়ুৰ পিছত পুনঃ পুনঃ জন্মগ্ৰহণ কৰিবলগা হয়। জন্মান্তৰবাদ অনুসৰি আত্মাৰ কেতিয়াও মৃত্য়ু নহয়। মৃত্য়ুৰ পিছত জীৱৰ পুনৰ জনম হয় আৰু তেতিয়া আত্মাই এক নতুন দেহ ধাৰণ কৰে। শ্ৰীমদ্ভগৱদগীতাত এই কথাটোকে শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে আত্মা অমৰ; মানুহে যেনেকৈ পূৰণি বস্ত্ৰ পৰিহাৰ কৰি নতুন বস্ত্ৰ ধাৰণ কৰে, ঠিক তেনেকৈ আত্মাও পূৰণি দেহ ত্য়াগ কৰি নতুন দেহ ধাৰণ কৰে।
        আত্মাই নতুন দেহ ধাৰণ কৰে কিয়? প্ৰশ্নটো এনেদৰেও কৰা যায়ঃ জীৱই বাৰে বাৰে জন্মগ্ৰহণ কৰিবলগা হয় কিয়? ইয়াৰ উত্তৰ গীতাৰ কৰ্মবাদৰ আলমত দিয়া যায়।কৰ্মবাদ অনুসৰি মানুহে তেওঁৰ কৃতকৰ্মৰ ফল ভোগ কৰিবই লাগিব।কৰ্মবাদৰ এই নিয়ম চিৰন্তন আৰু অলংঘনীয়।কৰ্ম আৰু তাৰ ফলৰ মাজত কাৰ্যকাৰণ সম্পৰ্ক আছে। মানুহে তেওঁৰ কৃতকৰ্মৰ ফল যদি এই জীৱনত ভোগ কৰিব নোৱাৰে, তেনেহলে তেওঁ সেই কৰ্মফল ভোগ কৰিবৰ বাবে আৰু জন্মগ্ৰহণ কৰিবলগা হয়।কাৰণ কৰ্মফল তৎক্ষণিকভাৱে লাভ কৰা নগলেও কৰ্মফল বিনিষ্ট নহয়। তেনেক্ষেত্ৰত কৰ্মফল অদৃষ্টশক্তিৰূপে সঞ্চিত বা সংৰক্ষিত থাকে। কোনো এক জন্মত কৰ্মফল ভোগ শেষ নহলে জীৱই আৰু জন্মগ্ৰহণ কৰিব লাগিব।এইদৰে চলি থাকে জন্ম-জন্মান্তৰ।বৌদ্ধ দৰ্শনত ইয়াকে কোৱা হয় 'ভৱচক্ৰ', আন আন দৰ্শনত ইয়াক 'ভৱবন্ধন', 'কৰ্মবন্ধন', 'সংসাৰদশা' ইত্য়াদি নামে জনা যায়।গতিকে দেখা যায় যে কৰ্মফল ভোগ কৰিবৰ বাবে জীৱই পুনঃ পুনঃ জন্মগ্ৰহণ কৰিব লাগে; কৰ্মফল ভোগৰ সাৰ্থত কৰ্মবাদৰ লগত জন্মান্তৰবাদৰ অনিবাৰ্য সম্পৰ্ক স্থাপিত হয়।
           জন্মান্তৰবাদৰ পৰা মুক্তি লাভৰ কোনো উপায় নাই নে? যদি আছে, তেনেহলে সেইটো কি? ইয়াৰ উত্তৰ নিষ্কাম কৰ্মৰ আলমত দিয়া যায়।কৰ্মবাদৰ এই নিয়ম সকাম কৰ্মৰ ক্ষেত্ৰত প্ৰযোজ্য়; নিষ্কাম কৰ্মৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য় নহয়। অৰ্থাৎ কামনা-বাসনাৰ বশঃৱতী হৈ, ফলাফলৰ আকাংক্ষা কৰি কৰ্ম সম্পাদন কৰিলে জীৱই জন্মান্তৰবাদৰ চক্ৰত আৱদ্ধ হয়।কিন্তু নিষ্কামভাৱে নিজৰ সকলো কৰ্ম ঈশ্বৰক সমৰ্পণ কৰি কৰ্ম সম্পাদন কৰিলে জীৱই জন্ম-মৃত্য়ুৰ চক্ৰত আৱদ্ধ নহয়। নিষ্কাম কৰ্মৰ বলত জীৱই জন্ম-মৃত্য়ুৰ চক্ৰক ৰোধ কৰি জীৱনৰ পৰম পুৰুষাৰ্থ মোক্ষ লাভ কৰিবলৈ সক্ষম হয়।গতিকে আমাৰ সিদ্ধান্ত হল, জন্মান্তৰবাদৰ লগত কৰ্মবাদৰ ঘনিষ্ঠ সম্পৰ্ক আছে ঠিকেই, কিন্তু এই সম্পৰ্ক সকাম কৰ্মৰ ক্ষেত্ৰত, নিষ্কাম কৰ্মৰ লগত জন্মান্তৰবাদৰ কোনো সম্পৰ্ক নাই।


17. Critically discuss Gita's view on freedom and choice.
গীতাৰ স্বতন্ত্ৰতা আৰু পছন্দ সম্পৰ্কীয় ধাৰণাটো বাখ্যা কৰা।
উত্তৰঃ শ্ৰীমদ্ভৱদগীতাৰ কৰ্মবাদ, ব্ৰহ্মবাদ আৰু অন্য়ান্য় তত্ত্বৰ পৰা এটা কথা প্ৰতীয়মান  হয় যে, ইয়াত জীৱাত্মা আৰু পৰমাত্মাৰ অভিন্নতাক স্বীকাৰ কৰা হৈছে।এই দৰ্শনত জীৱাত্মা বা মানৱক স্বাধীনতা দিয়া হৈছে নে নাই-এই সম্পৰ্কে বিভিন্ন শ্লোকত বিভিন্ন ব্য়াখ্য়া পোৱা যায়।গীতাৰ আৰম্ভণিৰ পৰা শেষলৈকে যদি ভালদৰে অধ্য়য়ন কৰা যায়, তেনেহলে কিছুমান সিদ্ধান্তই আমাক এই বিমোৰত পেলায় যে,আচলতে গীতাত মানৱ স্বাধীনতাক স্বীকাৰ কৰা হৈছে নে মানুহৰ সমস্ত কিছু পূৰ্ব নিৰ্ধাৰিত। কাৰণ গীতাত এবাৰ কোৱা হৈছে যে অৰ্জুনে হেনো কাকো হত্য়া কৰা নাই, অৰ্জুনে কেৱল নিজৰ স্বধৰ্ম পালন কৰি যুদ্ধ কৰিব লাগে, যুদ্ধক্ষেত্ৰত যি হত্য়া-নিধন সংঘটিত হৈছে সি পূৰ্বৰে পৰা হৈ আছে। অৰ্জুন মাত্ৰ উপলক্ষহে।আনফালে, গীতাত অৰ্জুনক এইটোও কোৱা হৈছে যে, বুদ্ধিযোগে কামনা-বাসনাক নিয়ন্ত্ৰণ কৰি মোক্ষ লাভ কৰা। অৰ্থাৎ কামনা-বাসনা বা ইন্দ্ৰিয়সমূহক আমি ইচ্ছা কৰিলে নিয়ন্ত্ৰণ বা সংযত কৰিব পাৰোঁ আৰু নিজৰ পছন্দ অনুসৰি জ্ঞানযোগ, ভক্তিযোগ বা কৰ্মযোগ অনুসৰণ কৰি মোক্ষৰ পথত অগ্ৰসৰ হব পাৰোঁ।জীৱ যিহেতু জড়প্ৰকৃতিৰ কৱলত পৰি বন্ধনগ্ৰস্থ হয়,গতিকে জড়প্ৰকৃতিজাত দেহৰ ইন্দ্ৰিয়সমূহক সংযত কৰি নিষ্কাম কৰ্মৰে মোক্ষৰ পথত অগ্ৰসৰ হোৱাৰ দায়িত্ব জীৱে নিজে লব লাগিব। এই ফালৰ পৰা বিচাৰ কৰিলে দেখা যায় যে, গীতাত মানৱ স্বাধীনতা আৰু পছন্দক স্বীকাৰ কৰা হৈছে।

18. Does Gita bilieve  in human freedom? Explain.
গীতাই মানৱ স্বাধীনতাক বিশ্বাস কৰে নে? বাখ্যা কৰা।
উত্তৰঃ

19. Is individual self totally free? Explain Gita's view of freedom of will.
জীৱাত্মা সম্পূৰ্ণৰূপে স্বাধীন নে? গীতাৰ ইচ্ছাৰ স্বাধীনতাৰ ধাৰণাটো বাখ্যা কৰা।
উত্তৰঃ

20. Explain Gita's concept of karma, akarma and vikarma.
গীতাৰ কৰ্ম, অকৰ্ম আৰু বিকৰ্মৰ ধাৰণাটো বাখ্যা কৰা।
উত্তৰঃ শ্ৰীমদ্ভগৱদগীতাৰ কৰ্মতত্ত্বৰ কিছুমান আৱশ্য়কীয় প্ৰত্য়য় হৈছে কৰ্ম, অকৰ্ম আৰু বিকৰ্ম।নিষ্কামকৰ্মৰ শিক্ষা প্ৰদানৰ উদ্দেশ্য়ে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৰ্মসমূহৰ মাজত থকা পাৰ্থক্য়সমূহ উল্লেখ কৰিছে। কাৰণ নিষ্কামকৰ্ম সম্পাদন কৰিবলৈ হলে আমি কৰ্ম, অকৰ্ম আৰু বিকৰ্মৰ মাজত থকা পাৰ্থক্য়সমূহ স্পষ্টকৈ জনা প্ৰয়োজন। কৰ্ম, অকৰ্ম আৰু বিকৰ্মৰ সঠিক স্বৰূপ নাজানীলে যথাৰ্থ কৰ্ম সাধন কৰিব নোৱাৰি। সেইকাৰণে শ্ৰীকৃষ্ণই অৰ্জুনক নিষ্কামকৰ্ম নিদিষ্ট কৰাৰ পিছত এই তিনিবিধ কৰ্মৰ কথা উল্লেখ কৰিছে। সাধাৰণতে কৰ্ম, অকৰ্ম আৰু বিকৰ্মৰ ধাৰণাৰ প্ৰতি আমাৰ মনত এটি ভূল ধাৰণা আছে। আনকি, বিজ্ঞানৰ মনতো এনে ভ্ৰান্তি আছে। এই বিভ্ৰান্তি দূৰ কৰাৰ উদ্দেশ্য়ে গীতাত কৰ্ম, অকৰ্ম আৰু বিকৰ্মৰ স্বৰূপ স্পষ্ট কৰা হৈছে।

কৰ্ম হল শাস্ত্ৰনিৰ্দিষ্ট কৰ্ম, বিহিত কৰ্ম। কিন্তু কৰ্মত আসক্তি থাকে। যি ব্য়ক্তি তেওঁৰ কৰ্মত আৰু ইয়াৰ ফলৰ প্ৰতি আসক্তি ৰাখে, তেনে ব্য়ক্তি যিয়ে কৰে সকলোবোৰে কৰ্ম। কাৰণ এনে কৰ্মৰ ফল পোৱা যায়। এই কথাক অধিক স্পষ্ট কৰি কোৱা যায় যে সকামভাবেৰে সম্পাদিত শাস্ত্ৰবিহিত ক্ৰিয়া কৰ্ম। ইয়াত শাস্ত্ৰবিহিত বুলিলে শাস্ত্ৰ অনুসৰি সম্পাদনৰ যোগ্য় ক্ৰিয়াক কৰ্ম বুলি কোৱা হৈছে।
                    বিকৰ্ম হল অবিহিত কৰ্ম। নিষিদ্ধ, বিনাশকাৰী কৰ্মই বিকৰ্ম। স্বভাৱত বিপৰীত কৰ্মও বিকৰ্ম। মন, বচন আৰু স্থূল শৰীৰৰ দ্বাৰা সম্পাদিত হিংসাত্মক কাৰ্য বিকৰ্ম। আমি জানোঁ যে কামনাৰ দ্বাৰা কৰ্ম সম্পাদিত হয়। সেই কৰ্ম যেতিয়া শাস্ত্ৰনিৰ্দিষ্ট হয়, তেতিয়া তাক কৰ্ম বোলা হয়। কিন্তু যদি কামনা অত্য়ধিক বাঢ়ি যায়, তেনেহলে তাক বিকৰ্ম বুলি কোৱা হয়। যেনে- ক্ষত্ৰিয় হিচাপে যুদ্ধ কৰা শাস্ত্ৰবিধি অনুসৰি কৰ্ম। কিন্তু সেই কৰ্মই বিকৰ্ম বুলি তেতিয়া পৰিগণিত হয়, যেতিয়া ব্য়ক্তিৰ কামনা ইমানেই বাঢ়ি যায় যে তেওঁ ধৰ্ম-অধৰ্মৰ হিতাহিত জ্ঞান পাহৰি যায়। যেনে- কৌৰৱৰ তৰপৰ পৰা সম্পাদিত কৰ্ম বিকৰ্ম।
                        শ্ৰীমদ্ভগৱদগাতাৰ মূল শিক্ষা হল অকৰ্মতত্ত্ব। অকৰ্ম মানে নিস্বাৰ্থ কৰ্ম, আসক্তিহীন কৰ্ম, কামনা-বাসনা বৰ্জিত কৰ্ম। এই অকৰ্ম নিষ্কাম কৰ্ম নামাৰে বেছি পৰিচিত।গীতাত অকৰ্মৰ কথা ব্য়ক্ত কৰা হৈছে এইদৰে- ত্য়ক্তা কৰ্মফলাসঙ্গং নিত্য়তৃপ্তো নিৰাশ্ৰয়ঃ।
                                 কৰ্মণ্য়ভিপ্ৰবৃত্তোহপি নৈৱ কিঞ্চৎ কৰোতি সঃ।।
অৰ্থাৎ, যি ব্য়ক্তি কৰ্ম আৰু তাৰ ফলৰ প্ৰতি আসক্তি ত্য়াগ কৰিছে, যি ব্য়ক্তি সদায় পৰিতৃপ্তি থাকে আৰু বাহ্য়িক কোনো বিষয়ৰ ওপৰত নিৰ্ভৰ নকৰে,তেনে ব্য়ক্তি কৰ্মত প্ৰবৃত্ত হলে তেওঁ একোৱে নকৰে। অৰ্থাৎ তেওঁৰ কৰ্ম অকৰ্মত পৰিণত হয়। গতিকে অকৰ্ম  মানে ফলৰ প্ৰতি আসক্তি নোহোৱা কৰ্ম। ব্য়ক্তিয়ে যেতিয়া সকলো কৰ্ম ঈশ্বৰত সমৰ্পণ কৰি, কৰ্তৃত্বাভিমান ত্য়াগ কৰি অনাসক্তিভাৱে কেৱল কৰ্তব্য়ৰ খাতিৰত কৰ্ম সম্পাদন কৰে, তেতিয়া সেই কৰ্মই অকৰ্মত পৰিণত হয়।

Short Questions:

চমু প্ৰশ্নঃ

1. How many chapters are there in Gita?
গীতাত কেইটা অধ্য়ায় আছে?
উত্তৰঃ গীতাত সৰ্বমুঠ ১৮টা অধ্য়ায় আছে।

2. How many Shlokas/ verses are there in Gita?
গীতাত কেইটা শ্লোক আছে?
উত্তৰঃ গীতাত ৭০০টা শ্লোক আছে।

3. Why Bhagavatgita is called 'the Song of God'?
ভগৱদগীতাত কিয় 'ভগৱানৰ গীত' বুলি কোৱা হয়?
উত্তৰঃ ভগৱদগীতাক 'ভগৱানৰ গীত' বুলি কোৱা হয় কাৰণ, ইয়াত স্বয়ং ভগৱনে অৰ্জুনক উপলক্ষ্য় কৰি সমগ্ৰ মানৱ জাতিৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ উপদেশ দিছে।

4. The Bhagavat Gita is contained in the ........... of the Mahabharat.
ভগৱদ্গীতা মহাভাৰতৰ ......... ত সন্নিবিষ্ট হৈ আছে।     (Hon. 2020)
উত্তৰঃ ভগৱদগীতা মহাভাৰতৰ ভীষ্মপৰ্বত সন্নিবিষ্ট হৈ আছে।

5. Who is regarded as the author of srimadbhagavatgita?
শ্ৰীমদ্ভগৱদগীতাৰ ৰচক হিচাপে কাক গণ্য় কৰা হয়?
উত্তৰঃ শ্ৰীমদ্ভগৱগীতাৰ ৰচক হিচাপে ব্য়াস ক গণ্য় কৰা হয়।

6. Who is the author of Mahabharat?
মহাভাৰতৰ ৰচক কোন?
উত্তৰঃ বেদ-ব্য়াস।

7. Who is Vyasa?
ব্য়াস কোন?
উত্তৰঃ

8. What is the full name Vyasa?
ব্য়াসৰ সম্পূৰ্ণ নাম কি?
উত্তৰঃ ব্য়াসৰ সম্পূৰ্ণ নাম হল- কৃষ্ণ-দ্বৈপায়ণ বা বেদ ব্য়াস।

9. Why is Bhagavatgita called 'the Saptashati Gita'?
ভগৱদগীতাক কিয় 'সপ্তশতী গীতা' বুলি কোৱা হয়?
উত্তৰঃ ৭০০ শ্লোক থকা কাৰণে ভগৱদগীতাক 'সপ্তশতী গীতা' বুলি কোৱা হয়।

10. What is the etymological or literal meaning of the word 'Karma'?
'কৰ্ম'ৰ আক্ষৰিক অৰ্থ কি?
উত্তৰঃ

11. What is anarabdha karma?
অনাৰব্ধ কৰ্ম কাক বোলে?
উত্তৰঃযি কৰ্মৰ ফল ভোগ এতিয়াও আৰম্ভ হোৱা নাই, পিছত হব, তাকে অনাৰব্ধ কৰ্ম বুলি কোৱা হয়।


12. What is arabdha karma?
আৰব্ধ কৰ্ম কি?
উত্তৰঃ যি কৰ্মৰ ফল ভোগ আৰম্ভ হৈছে তাকে আৰব্ধ কৰ্ম বুলি কোৱা হয়।


13. What are the two types of anarabdha karma?
দুই প্ৰকাৰৰ অনাৰব্ধ কৰ্ম কি?
উত্তৰঃ দুই প্ৰকাৰৰ অনাৰব্ধ কৰ্ম হলঃ
i) প্ৰাক্তন বা সঞ্চিত কৰ্ম আৰু 
ii) ক্ৰিয়মান বা সঞ্চয়মান কৰ্ম।


14. What is kriyamana or sanciyamana karma?
ক্ৰিয়মান বা সঞ্চিয়মান কৰ্ম কাক বোলে?
উত্তৰঃ বৰ্তমান জীৱনত যি কৰ্ম সম্পাদিত হৈছে কিন্তু তাৰ ফল ভোগ এতিয়াও হোৱা নাই, তাক ক্ৰিয়মান বা সঞ্চয়মান কৰ্ম বোলে।


15. What is praktana or sancita karma?
প্ৰাক্ত বা সঞ্চি কৰ্ম কাক বোলে?
উত্তৰঃ পূৰ্বজন্মত যি কৰ্ম কৰা হৈছে কিন্তু তাৰ ফল ভোগ এতিয়াও হোৱা নাই, তাক প্ৰাক্তন বা সঞ্চিত কৰ্ম বোলে।


16. What do you mean by sakama and nsikama karmas?
সকাম আৰু নিষ্কাম কৰ্ম বুলিলে কি বুজা?
উত্তৰঃ যি কৰ্ম ফলাফলৰ আশাত সম্পাদিত হয়, তাক সকাম কৰ্ম বোলে।
           আনহাতে, যি কৰ্ম ফলাফলৰ আকাংক্ষাবিহীনভাৱে কেৱল কৰ্তব্য়ৰ খাতিৰত সম্পাদন কৰা হয়, তাক নিষ্কাম কৰ্ম বোলে।


17. How many karmas are there, according to Jainas?
জৈন দৰ্শন মতে, কৰ্ম কেই প্ৰকাৰৰ?
উত্তৰঃ জৈন দৰ্শন মতে, কৰ্ম ৮ প্ৰকাৰৰ।


18. Does Carvaka beleive in the law of karma?
চাৰ্বাক দৰ্শনে কৰ্মবাদক বিশ্বাস কৰেনে?
উত্তৰঃ নকৰে।

19. Who is Kaunteya?
'কৌন্তেয়' কাক কোৱা হয়?
উত্তৰঃ

20. What do you mean by the term 'yogastha'?
'যোগস্থ' শব্দৰ দ্বাৰা তুমি কি বুজা?
উত্তৰঃ

21. What are the five causes of Karma, according to Gita?
গীতাৰ মতানুসাৰে কৰ্মৰ পাঁচটা কাৰণ কি কি?
উত্তৰঃ গীতাৰ মতানুসাৰে কৰ্মৰ পাঁচটা কাৰণ হল- অধিষ্ঠন বা স্থান (দেহ), কৰ্তা, বিভিন্ন ইন্দ্ৰিয়, বিভিন্ন প্ৰকাৰৰ প্ৰচেষ্টা আৰু পৰমাত্মা।


22. State any two causes of karma as mentioned in the Bhagavatgita.
গীতাত উল্লেখ থকাৰ দৰে কৰ্মৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ

23. What are the threefold incitement of action of karma?
কৰ্মৰ ত্ৰিবিধ অনুপ্ৰেৰণা কি কি?
উত্তৰঃ কৰ্মৰ ত্ৰিবিধ অনুপ্ৰেৰণা হল- জ্ঞান, জ্ঞেয় আৰু পৰিজ্ঞাতা।


24. What are the threefold composite of cation or karma?
কৰ্মৰ ত্ৰিবিধ ভিত্তি বা আশ্ৰয় কি কি?
উত্তৰঃ কৰ্মৰ ত্ৰিবিধ ভিত্তি বা আশ্ৰয় হল- কাৰণ (ইন্দ্ৰিয়), কৰ্ম আৰু কৰ্তা।


25. What is karma?
কৰ্ম মানে কি?
উত্তৰঃ কৰ্ম হল শাস্ত্ৰনিদিষ্ট কৰ্ম, বিহিত কৰ্ম।যি ব্য়ক্তি তেওঁৰ কৰ্মত আৰু ইয়াৰ ফলৰ প্ৰতি আসক্তি ৰাখে, তেনে ব্য়ক্তি যিয়ে কৰে সকলোবোৰে কৰ্ম। কাৰণ এনে কৰ্মৰ ফল পোৱা যায়।


26. What is vikarma?
বিকৰ্ম মানে কি?
উত্তৰঃ বিকৰ্ম হল অবিহিত কৰ্ম। নিষিদ্ধ, বিনাশকাৰী কৰ্মই বিকৰ্ম।স্বভাৱৰ বিপৰীত কৰ্মও বিকৰ্ম। মন, বচন আৰু স্থূল শৰীৰ দ্বাৰা সম্পাদিত হিংসাত্মক কাৰ্য বিকৰ্ম।কামনাৰ দ্বাৰা কৰ্ম সম্পাদিত হয়। সেই কৰ্ম যেতিয়া শাস্ত্ৰনিৰ্দিষ্ট হয়, তেতিয়া তাক কৰ্ম বোলা হয়। কিন্তু যদি কামনা অত্য়ধিক বাঢ়ি যায়, তেনেহলে তাক বিকৰ্ম বুলি কোৱা হয়।


27. What is akarma?
অকৰ্ম মানে কি?
উত্তৰঃ অকৰ্ম মানে নিস্বাৰ্থ কৰ্ম, আসক্তিহীন কৰ্ম, কামনা-বাসনা বৰ্জিত কৰ্ম।ব্য়ক্তিয়ে যেতিয়া সকলো কৰ্ম ঈশ্বৰত সমৰ্পণ কৰি, কৰ্তৃত্বাভিমান ত্য়াগ কৰি অনাসক্তিভাৱে কেৱল কৰ্তব্য়ৰ খাতিৰত কৰ্ম সম্পাদন কৰে, তেতিয়া সেই কৰ্মই অকৰ্ম।


28. What is transmigration of soul, according to Gita?
গীতাৰ মতে জন্মান্তৰবাদ বুলিলে কি বুজা?
উত্তৰঃ গীতাত জীৱাত্মাৰ মৃত্য়ুৰ পৰিৱৰ্তে 'দেহান্তৰ-প্ৰাপ্তি' শব্দটো ব্য়ৱহাৰ কৰা হৈছে। ইয়াৰ অৰ্থ জীৱাত্মাৰ মৃত্য়ু নহয়, মৃত্য়ু হয় দেহৰ।আত্মাই এটা দেহ এৰি অন্য় এটা দেহত প্ৰৱেশ কৰে। ইয়ে 'দেহান্তৰ-প্ৰাপ্তি'। ইয়াকে জন্মান্তৰবাদ বোলা হয়। জন্মান্তৰবাদ অনুসৰি আত্মাৰ কেতিয়াও মৃত্য়ু নহয়।

29. What is meant by 'dehantarapraptih', according to Gita?
গীতা মতে 'দেহান্তৰ-প্ৰাপ্তি' মানে কি?
উত্তৰঃ গীতাত জীৱাত্মাৰ মৃত্য়ুৰ পৰিৱৰ্তে 'দেহান্তৰ-প্ৰাপ্তি' শব্দটো ব্য়ৱহাৰ কৰা হৈছে। ইয়াৰ অৰ্থ জীৱাত্মাৰ মৃত্য়ু নহয়, মৃত্য়ু হয় দেহৰ।আত্মাই এটা দেহ এৰি অন্য় এটা দেহত প্ৰৱেশ কৰে। ইয়ে 'দেহান্তৰ-প্ৰাপ্তি'।


Explain the significance of the following verse of Gita.
তলত দিয়া গীতাৰ শ্লোকসমূহৰ তাৎপৰ্য বাখ্যা কৰাঃ


1. কৰ্মণ্য়েৱাধিকাৰন্তে মা ফলেষু কদাচন।
   মা কৰ্মফলহেতুভুৰ্মা তে সংগোহস্তকৰ্মণি।। (শ্ৰীমদ্ভগৱদগীতা, ২.৪৭)
উত্তৰঃ  কৰ্মণ্য়েৱাধিকাৰন্তে মা ফলেষু কদাচন।
             মা কৰ্মফলহেতুভুৰ্মা তে সংগোহস্তকৰ্মণি।।
অৰ্থাৎ'' কৰ্মতেই তোমাৰ অধিকাৰ, কৰ্মফলত তোমাৰ কোনো অধিকাৰ নাই। কৰ্মফলত যেন তোমাৰ কৰ্ম প্ৰবৃত্তিৰ হেতু নহয়, কৰ্মত্য়াগো যেন তোমাৰ প্ৰবৃত্তি নহয়।''
               ইয়াৰ মূল তাৎপৰ্য হল এয়ে যে, আসক্তিবিহীনভাৱে যিয়ে কৰ্ম কৰিব তেওঁৰ কোনো ধৰণৰ অনিষ্ট সাধনৰ আশংকা নাথাকে।গীতাৰ মতে, মানুহে সদায় কৰ্মফলৰ আসক্তি ত্য়াগ কৰি কৰ্ম কৰা উচিত।


2. সন্ন্য়াসঃ কৰ্ময়োগশ্চ নিঃশ্ৰেয়সকৰাবুভৌ।
  তয়োস্ত কৰ্মসন্ন্য়াসাৎ কৰ্মযোগো ৱিশিষ্যতে।। (শ্ৰীমদ্ভগৱদগীতা, ৫/২)
উত্তৰঃ সন্ন্য়াসঃ কৰ্ময়োগশ্চ নিঃশ্ৰেয়সকৰাবুভৌ।
            তয়োস্ত কৰ্মসন্ন্য়াসাৎ কৰ্মযোগ ৱিশিষ্য়তে।।
অৰ্থাৎ ''কৰ্মসন্ন্য়াস আৰু কৰ্মযোগ উভয়ে মোক্ষপ্ৰদ, কিন্তু উভয়ৰে মাজত কৰ্মসন্ন্য়াসৰ তুলনাত কৰ্মযোগেই শ্ৰেষ্ঠ।''
           গীতা মতে, আমাৰ কৰ্মতহে কেৱল অধিকাৰ আছে, কৰ্মফলৰ প্ৰতি আমাৰ কোনো অধিকাৰ নাই। কোনো ব্য়ক্তিয়ে কেতিয়াও কৰ্মফলৰ কাৰণ স্বৰূপে নিজকে দাবী কৰা উচিত নহয় আৰু কেতিয়াও কৰ্মত্য়াগৰ প্ৰতি ইচ্ছা ব্য়ক্তি কৰাও উচিত নহয়। আমি কেৱল ফলাকাংক্ষা বা কৰ্মৰ কৃৰ্তত্ব ত্য়াগ কৰিব লাগে আৰু সকলো কৰ্ম ঈশ্বৰত সমৰ্পণ কৰিব লাগে। এইদৰে কৰ্ম সম্পাদন কৰিলেহে জীৱনৰ পৰম পুৰুষাৰ্থ মোক্ষ লাভ কৰিব পৰা যায়।


3. ন হি কশ্চিৎ ক্ষণমপি জাতু তিষ্ঠত্য়কৰ্মকৃৎ।
  কাৰ্যতে হাৱশঃ কৰ্ম সৰ্বঃ প্ৰকৃতিজৈগুৰ্ণৈঃ।। (শ্ৰীমদ্ভগৱদগীতা, ৩।৫)
উত্তৰঃ ন হি কশ্চিৎ ক্ষণমপি জাতু তিষ্ঠত্য়কৰ্মকৃৎ।
                কাৰ্যতে হাৱশঃ কৰ্ম সৰ্বঃ প্ৰকৃতিজৈগুৰ্ণৈঃ।।
অৰ্থাৎ "মানুহে কেতিয়াও ক্ষণকালৰ বাবেও কৰ্ম নকৰি থাকিব নোৱাৰে। কাৰণ প্ৰকৃতিৰ গুণৰ দ্বাৰা বশঃৱতী হৈ সকলোৱে কৰ্ম কৰিবলৈ বাধ্য় হয়।'' গতিকে যাৱতীয় কৰ্মানুষ্ঠানৰ পৰা বিৰত থকা কোনো মানুহৰ পক্ষে সম্ভৱ নহয়।সেইকাৰণে কৰ্মত্য়াগ কোনোপধ্য়েই সম্ভৱ নহয়;কৰ্ম মানুহে কৰিবই লাগিব। নিজৰ কৰ্মৰ দ্বাৰাহে মানুহে পৰমসত্তাক লাভ কৰিব পাৰে। গতিকে তেওঁ কিবা নহয় কিবা কৰ্ম কৰিবই লাগিব।


4. কৰ্মণো হ্য়পি বোদ্ধৱ্য়ং বোদ্ধৱ্য়ং চ ৱিকৰ্ণঃ।
    অকৰ্মণশ্চ বোদ্ধৱ্য়ং গহনা কৰ্মণো গতিঃ।। (শ্ৰীমদ্ভগৱদগীতা, ৪।১৭)
উত্তৰঃ কৰ্মণো হ্য়পি বোদ্ধৱ্য়ং বোদ্ধৱ্য়ং চ ৱিকৰ্মণঃ।
            অকৰ্মণশ্চ বোদ্ধৱ্য়ং গহনা কৰ্মণো গতিঃ।।
অৰ্থাৎ ''কৰ্মৰ তত্ত্ব বুজাটো বৰ কঠিন। সেইবাবে কৰ্মনো কি, বিকৰ্মনো কি আৰু অকৰ্মণো কি ভালদৰে বুজি লব লাগে।'' কৰ্মৰ গতি অৰণ্য়ৰ দৰে দুৰ্জ্ঞেয় আৰু দুৰ্গম। গভীৰ অৰণ্য়ত অন্ধকাৰত পথিক যিদৰে পথভ্ৰষ্ট হয় আৰু অশেষ দুখ-কষ্টৰ মাজেদি অৰণ্য় অতিক্ৰম কৰি লোকালয়ত প্ৰৱেশ কৰে, অনুৰূপভাৱে কৰ্মৰ অৰণ্য়ও দুৰ্গম। এই কৰ্মৰ অৰণ্য়ত প্ৰৱেশ কৰি কৰ্ম, বিকৰ্ম আৰু অকৰ্মৰ ধাৰণাক বুজি নাপাই বহুতো কুকৰ্ম সাধন কৰি অশেষ দুখ-কষ্ট ভোগ কৰে। অজ্ঞাতবশত মানুহে কৰ্মক বিকৰ্ম মনে কৰে, বিকৰ্মক কৰ্ম বুলি ভাবে আৰু অকৰ্মক কৰ্মহীনতা বুলি ভাৱে।গতিকে মুক্তিকামী ব্য়ক্তিয়ে কৰ্ম, অকৰ্ম আৰু বিকৰ্মৰ যথাৰ্থ তত্ত্ব ভালদৰে বুজি লোৱা প্ৰয়োজন।

5. কৰ্মণ্য়কৰ্ম য়ঃ পশ্যেদ্ অকৰ্মণি চ কৰ্ম য়ঃ।
 স বুদ্ধিমান্ মনুষ্য়েষু স য়ুক্তঃ কৃৎস্নকৰ্মকৃৎ।। (শ্ৰীমদ্ভগৱদগীতা, ৪।১৮)
উত্তৰঃ কৰ্মণ্য়কৰ্ম য়ঃ পশ্য়েদ্ অকৰ্মণি চ কৰ্ম য়ঃ।
            স বুদ্ধিমান্ মনুষ্য়েষু য়ুক্তঃ কৃৎস্নকৰ্মকৃৎ।।
অৰ্থাৎ '' যিজনে কৰ্মত অকৰ্ম দেখা পায় আৰু অকৰ্মত কৰ্ম দেখা পায়, তেওঁ সকলো মনুষ্য়ৰ ভিতৰতে বুদ্ধিমান। সকলো কৰ্মত লিপ্ত থকা সত্ত্বেও তেওঁ চিন্ময় স্তৰত অৱস্থান কৰি থাকে।''
            গীতা মতে, যি ব্য়ক্তিয়ে কৰ্মত অকৰ্ম দৰ্শন কৰে অৰ্থাৎ যি ব্য়ক্তি কৰ্ম সম্পদান কৰি ভাবে যে দেহান্দ্ৰিয় কৰ্ম কৰিছে মই একো কৰা নাই, তেৱেঁই বুদ্ধিমান। এনে ব্য়ক্তি কৰ্ম কৰিও কৰ্মৰ ফলভোগ নকৰে। অৰ্থাৎ যিয়ে কৃৰ্তত্বাভিমান ত্য়াগ কৰি কৰ্ম কৰে, তেওঁৰ কৰ্ম অকৰ্মস্বৰূপ। এয়ে অকৰ্মতত্ব। ইয়াত বিকৰ্মতত্ত্ব বুলি কোৱা হয়, কাৰণ যাৰ কৰ্তৃত্বাভিমান নাই, তেওঁ অবিহিত কৰ্ম কৰিও ফলভোগী নহয়। গতিকে নিৰ্লিপ্ত নিৰহঙ্কাৰী পক্ষে বিকৰ্মও অকৰ্মস্বৰূপ।
        আনফালে,যিয়ে অকৰ্মত কৰ্ম দৰ্শন কৰিছে, তেৱোঁ বুদ্ধিমান। বহুতে আলস্য় বশত দুখজনিত কাৰণত কৰ্মত্য়াগ কৰে, কিন্তু তেওঁলোকে নাজানে যে এই অৱস্থাতো প্ৰকৃতিৰ ক্ৰিয়া চলিয়ে থাকে, কৰ্মবন্ধ নহয়। ইয়াত যি কৰ্মত্য়াগৰ কথা কোৱা হৈছে সিও প্ৰকৃততে কৰ্ম, কাৰণ ই বন্ধনৰ কাৰণ।


6. ৱাসাংসি জীৰ্ণানি য়থা ৱিহায়
               নৱানি গৃহণতি নৰোহপৰাণি।
    তথা শৰীৰাণি ৱিহায় জীৰ্ণান্য়-
              ন্য়ানি সংয়াতি নাৱনি দেহী।। (শ্ৰীমদ্ভগৱদগীতা, ২/২২)
উত্তৰঃ ৱাসংসি জীৰ্ণানি য়থা ৱিহায়
                       নৱানি গৃহণতি নৰোহপৰাণি।
             তথা শৰীৰাণি ৱিহায় জীৰ্ণান্য়-
                      ন্য়ানি সংয়াতি নাৱনি দেহী।।
অৰ্থাৎ 'মানুহে যিদৰে জীৰ্ণ বা পূৰণি বস্ত্ৰ পৰিত্য়াগ কৰি নতুন বস্ত্ৰ গ্ৰহণ কৰে, সেইদৰে আত্মাও জীৰ্ণ বা পূৰণি শৰীৰ পৰিত্য়াগ কৰি অন্য় নতুন শৰীৰ ধাৰণ কৰে।'' এয়াই হল জন্মান্তৰবাদৰ সাৰ কথা।
         গীতাত জীৱাত্মৰ মৃত্য়ু পৰিৱৰ্তে 'দেহান্তৰ-প্ৰাপ্তি' শব্দটো ব্য়ৱহাৰ কৰা হৈছে। ইয়াৰ অৰ্থ জীৱাত্মাৰ মত্য়ু নহয়, মৃত্য়ু হয় দেহৰ। আত্মাই এটা দেহ এৰি অন্য় এটা দেহত প্ৰৱেশ কৰে। ইয়ে দেহান্তৰ-প্ৰাপ্তি। ইয়াকে জন্মান্তৰবাদ বোলা হয়। জীৱদেহ কালৰ গতিত বাল্য়, কৌশৰ, বাৰ্ধক্য় অৱস্থা পায়, অনুৰূপভাৱে কালৰ গতিত আত্মাৰো দেহান্তৰ-প্ৰাপ্তি হয়।




Author: Jipika Hazarika

Post ID : DABP003438