Chapter 1

উপনিষদৰ পৰিচয়

 Introduction to Upanishads

Short Questions : 

চমু প্রশ্ন :

1. What is the literal meaning of 'Veda'?

 ‘বেদ’ৰ আক্ষৰিক অর্থ কি?

উত্তৰঃ সংস্কৃত 'ৱেদ' শব্দটো উৎপত্তি হৈছে 'ৱিদ' ধাতুৰ পৰা।ৱিদ+অচ্ = ৱেদ। 'ৱিদ'ৰ অৰ্থ হল 'জনা'; গতিকে বেদ শব্দৰ ধাতুগত অৰ্থ হল জ্ঞান বা বিদ্য়া।

2. What is the literal meaning of 'Upanisad'?

উপনিষদ’ৰ আক্ষৰিক অর্থ কি?

উত্তৰঃ 'উপনিষদ' শব্দটো উদ্ভৱ হৈছে 'সদ্' ধাতুৰ লগত 'উপ' আৰু 'নি' উপসৰ্গ যুক্ত কৰি।'উপ' ৰ অৰ্থ হল 'নিকট' বা 'ওচৰত'; 'নি'ৰ অৰ্থ হল শ্ৰদ্ধাসহিত বা ধ্য়ানসহকাৰে; আৰু 'সদ্' ধাতুৰ ভিন্ন অৰ্থ আছে- 'বহা', 'বিনাশ কৰা', ' অৱসান ঘটোৱা'। গতিকে উপনিষদ শব্দৰ ব্য়ুৎপত্তিগত অৰ্থ হল- শিষ্য়ই কোনো যোগ্য় গুৰুৰ নিকট পৰমতত্ত্বৰ গূঢ় উপদেশ শ্ৰৱন কৰিবলৈ শ্ৰদ্ধাসহিত বহা।যাৰ দ্বাৰা তেওঁৰ অবিদ্য়া বিনাশ হয়, কৰ্মবন্ধন আৰু তজ্জন্য় দুখাদিৰ অৱসান ঘটে, আৰু ফলত শিষ্য়ই ব্ৰহ্মজ্ঞান বা আত্মজ্ঞান লাভ কৰিব সক্ষম হয়।

3. Why Upanishad is called 'Vedanta'?

 উপনিষদক কিয় ‘বেদান্ত' বুলি কোৱা হয়?

উত্তৰঃ বেদৰ অন্তভাগ বাবে উপনিষদক 'বেদান্ত' বুলি কোৱা হয়।

4. What are the prasthantrayi? 

প্ৰস্থানত্রয়ী বোৰ কি কি?

উত্তৰঃ প্ৰস্থানত্ৰয়ী বোৰ হল- উপনিষদ, গীতা আৰু ব্ৰহ্মসূত্ৰ।

5. What is Veda? 

বেদ কি?

উত্তৰঃ বেদ বিশ্বসাহিত্য়ৰ সবাতোকৈ প্ৰাচীন গ্ৰন্থ। বেদ ভাৰতৰ এক আতি প্ৰাচীনতম আৰু আদিতম ধৰ্মীয় আৰু দাৰ্শনিক গ্ৰন্থ।বেদ একাধাৰে জ্ঞান, কৰ্ম আৰু ধৰ্মৰ অপূৰ্ব সংমিশ্ৰণ।

6. How many Vedas are there? 

বেদ কেইখন আছে?

উত্তৰঃ বেদ চাৰিখন- ঋকবেদ, সামবেদ, যজুবেদ আৰু অথৰ্ববেদ।

7. Which one is considered as the most oldest and fundamental Veda? 

কোনখন বেদক সবাতোকৈ প্ৰাচীন আৰু মৌলিক বুলি কোৱা হয়?

উত্তৰঃ ঋকবেদক সবোতোকৈ প্ৰাচীন আৰু মৌলিক বুলি কোৱা হয়।

8. How many parts are there in a Veda?

বেদৰ কেইটাকৈ অংশ থাকে?

উত্তৰঃ বেদৰ অংশ চাৰিটা- সংহিতা, ব্ৰাহ্মণ, আৰণ্য়ক আৰু উপনিষদ। 

9. Which part of the Vedas is called the 'Vedanta'?

 বেদৰ কোনটো অংশক ‘বেদান্ত’ বুলি কোৱা হয়?

উত্তৰঃ বেদৰ অন্তিম অংশ অৰ্থাৎ উপনিষদক 'বেদান্ত' বুলি কোৱা হয়।

10. What is the cream of Vedic philosophy?

 বৈদিক দৰ্শনৰ সাৰতত্ত্ব কি?

উত্তৰঃ

11. What does Veda mean? 

বেদ মানে কি?

উত্তৰঃ বেদ বিশ্বসাহিত্য়ৰ সবাতোকৈ প্ৰাচীন গ্ৰন্থ। বেদ ভাৰতৰ অতি প্ৰাচীনতম আৰু আদিতম ধৰ্মীয় আৰু দাৰ্শনিক গ্ৰন্থ। বেদ একাধাৰে জ্ঞান, কৰ্ম আৰু ধৰ্মৰ অপূৰ্ব সংমিশ্ৰণ।

12. What is Upanisad? 

উপনিষদ কাক বোলে?

উত্তৰঃ অবিদ্য়া বা অজ্ঞানতা নাশ কৰি যি বিদ্য়া বা পৰমজ্ঞানে মুমুক্ষু জীৱক পৰমব্ৰহ্মৰ কাষলৈ লৈ যায়, যি বিদ্য়া পৰমব্ৰহ্ম প্ৰাপ্তিৰ সাধনৰূপ, সেই পৰাবিদ্য়া বা ব্ৰহ্মবিদ্য়াক উপনিষদ বোলা হয়।

13. What is the literal meaning of 'Upanisad? 

উপনিষদ’ৰ আক্ষৰিক অর্থ কি?

উত্তৰঃ 'উপনিষদ' শব্দটো উদ্ভৱ হৈছে 'সদ্' ধাতুৰ লগত 'উপ' আৰু 'নি' উপসৰ্গ যুক্ত কৰি।'উপ' ৰ অৰ্থ হল 'নিকট' বা 'ওচৰত'; 'নি'ৰ অৰ্থ হল শ্ৰদ্ধাসহিত বা ধ্য়ানসহকাৰে; আৰু 'সদ্' ধাতুৰ ভিন্ন অৰ্থ আছে- 'বহা', 'বিনাশ কৰা', ' অৱসান ঘটোৱা'। গতিকে উপনিষদ শব্দৰ ব্য়ুৎপত্তিগত অৰ্থ হল- শিষ্য়ই কোনো যোগ্য় গুৰুৰ নিকট পৰমতত্ত্বৰ গূঢ় উপদেশ শ্ৰৱন কৰিবলৈ শ্ৰদ্ধাসহিত বহা।যাৰ দ্বাৰা তেওঁৰ অবিদ্য়া বিনাশ হয়, কৰ্মবন্ধন আৰু তজ্জন্য় দুখাদিৰ অৱসান ঘটে, আৰু ফলত শিষ্য়ই ব্ৰহ্মজ্ঞান বা আত্মজ্ঞান লাভ কৰিব সক্ষম হয়।

14. What does Upanisad mean?

উপনিষদ মানে কি?

উত্তৰঃ বেদৰ অন্তিম ভাগ হল উপনিষদ। বেদৰ অন্তভাগ বাবে উপনিষদক বেদান্ত বুলিও কোৱা হয়।ভাৰতীয় চিন্তাধাৰা আৰু সংস্কৃতিৰ মূল উৎস হল উপনিষদ। 

15. State any two principal Upanisads.

যিকোনো দুখন প্রধান উপনিষদৰ নাম লিখা।

উত্তৰঃ দুখন প্ৰধান উপনিষদ হল- ঈষ উপনিষদ আৰু কেন উপনিষদ।

16.State any two principal Upanisads. 

যিকোনো দুখন প্রধান উপনিষদৰ নাম লিখা। 

উত্তৰঃদুখন প্ৰধান উপনিষদ হল- ঈষ উপনিষদ আৰু কেন উপনিষদ।

17. What is the Brahmana part of Vedas?

বেদৰ ব্ৰাহ্মণ অংশ বুলিলে কি বুজা?

উত্তৰঃ বেদৰ ব্ৰাহ্মম অংশ বুলিলে যত, বৈদিক যজ্ঞৰ সুস্থ সম্পাদনাৰ বাবে ৰচিত বিধি নিয়ম, মন্ত্ৰৰ তত্ত্বসাধনা আৰু বিবিধ যাজ্ঞ-যজ্ঞৰ বিৱৰণ পোৱা যায়।

18. What is Aranyaka? 

আৰণ্যক কাক বোলে?

উত্তৰঃ আৰণ্য়ক হল বেদৰ তৃতীয় অংশ। ইয়াত অৰণ্য়ত বসবাসকাৰীসকলৰ উপাসনা বা কৰ্তব্য়ৰ দিশসমূহ লিপিবদ্ধ কৰা আছে।

19. Name any two Upanisadic philosophers.

যিকোনো দুজন উপনিষদীয় দার্শনিকৰ নাম লিখা। 

উত্তৰঃৰাধাকৃষ্ণ আৰু আচাৰ্য শংকৰাচাৰ্য।

20. State any two methods of Upanishad.

উপনিষদৰ যিকোনো দুটা পদ্ধতিৰ নাম উল্লেখ কৰা। 

উত্তৰঃউপনিষদৰ দুটা পদ্ধতি হল- i)সূত্ৰমূলক পদ্ধতি 

ii)সংলাপ বা কথোপকথন পদ্ধতি।

21. Which Veda is the source of Isha Upanishad? 

ঈশোপনিষদ কোনখন বেদৰ পৰা উৎপত্তি হৈছে?

উত্তৰঃ শুক্লজুবেৰ্দীয়।

22. From which Veda the Brihadaranyaka Upanishad was emerged? 

বৃহদাৰণ্যকোপনিষদ কোনখন বেদৰ পৰা উৎপত্তি হৈছে? 

উত্তৰঃ শুক্ল যৰ্জবেদ।

23. From which Veda the Chandogya Upanishad was emerged?

ছান্দোগ্যোপনিষদ কোনখন বেদৰ পৰা উৎপত্তি হৈছে?

উত্তৰঃ সামবেদ ।

24. From which Veda the Taittiriya Upanishad was emerged?

তৈত্তিৰীয় উপনিষদ কোনখন বেদৰ পৰা উৎপত্তি হৈছে?

উত্তৰঃ কৃষ্ণযজুৰ্বেদীয়।

25. From which Veda the Kena Upanishad was emerged?

কেন উপনিষদ কোনখন বেদৰ পৰা উৎপত্তি হৈছে?

উত্তৰঃ সামবেদ।

26. What is the difference between Veda and Upanishad? 

বেদ আৰু উপনিষদৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ

27. From which Veda the Katha Upanishad was emerged? কঠোপনিষদ কোনখন বেদৰ পৰা উৎপত্তি হৈছে?

উত্তৰঃ কৃষ্ণযজুৰ্বেদীয় তৈত্তিৰীয় শাখাৰ কঠ ব্ৰাহ্মণৰ পৰা।

28. From which Veda the Svetasvatara Upanishad was emerged? শ্বেতাশ্বতৰ উপনিষদ কোনখন বেদৰ পৰা উৎপত্তি হৈছে?

উত্তৰঃ কৃষ্ণযৰ্জুবেদীয় তৈত্তিৰীয় শাখা।

29. State the name of Vedas from which the 12 Principal Upanishads were emerged. 

বাৰখন প্রধান উপনিষদ কোনবোৰ বেদৰ পৰা উদ্ভৱ তাৰ নাম লিখা।

উত্তৰঃ i)শুক্লজুবেৰ্দীয়- ঈশ্ব উপনিষদ,বৃহদাৰণ্য়কোপনিষদ,

ii) সামবেদ- কেন উপনিষদ, ছান্দোগ্য় উপনিষদ,

iii)অথৰ্ববেদ- মুণ্ডক উপনিষদ, মাণ্ডুক্য় উপনিষদ, প্ৰশ্ন উপনিষদ

iv)কৃষ্ণযজুৰ্বেদীয়- তৈত্তিৰীয় উপনিষদ, শ্বেতাশ্বতৰ উপনিষদ, কঠ উপনিষদ

v)ঋকবেদ- ঐতৰেয় উপনিষদ, কৌষীতকি উপনিষদ ।

30. State the name of any two women found in Veda. 

বৈদিক যুগৰ যিকোনো দুগৰাকী নাৰীৰ নাম লিখা।

উত্তৰঃ বৈদিক যুগৰ যিকোনো দুগৰাকী নাৰীৰ নাম হল- ঘোষা আৰু দেৱযানী।

31. State the name of any to women found in Upanisads.

উপনিষদৰ যিকোনো দুগৰাকী নাৰীৰ নাম লিখা।

উত্তৰঃ মৈত্ৰেয়ী আৰু গাৰ্গী।

32 What are the three types women found in Upanishads? 

উপনিষদৰ তিনি প্ৰকাৰৰ নাৰী কি কি? 

উত্তৰঃ উপনিষদৰ তিনি প্ৰকাৰৰ নাৰী হল-

i)জগতৰ নাৰী- কাত্য়ায়নী

ii) আধ্য়াত্মিক নাৰী- মৈত্ৰেয়ী

iii) বুদ্ধিদীপ্ত নাৰী- গাৰ্গী।

33. Who is regarded as woman of world in the Upanishad?

উপনিষদত জগতৰ নাৰী বুলি কাক কোৱা হৈছে?

উত্তৰঃ উপনিষদত জগতৰ নাৰী বুলি কাত্য়ায়নী ক কোৱা হৈছে।

34. Who is regarded as intellectually equipped woman in the Upanishad? 

উপনিষদত বুদ্ধিদীপ্ত নাৰী বুলি কাক কোৱা হৈছে? 

উত্তৰঃউপনিষদত বুদ্ধিদীপ্ত নাৰী বুলি গাৰ্গীক কোৱা হৈছে।

35. Who is regarded as spiritual woman in the Upanishad?

উপনিষদত আধ্যাত্মিক নাৰী বুলি কাক কোৱা হৈছে?

উত্তৰঃ উপনিষদত আধ্য়াত্মিক নাৰী বুলি মৈত্ৰেয়ী বুলি কোৱা হৈছে।

36. Was there any caste system in Upanishad ?

উপনিষদত জাতি ব্যৱস্থা আছে নে?

উত্তৰঃ আছে।

37. Was there any ashrama system in Upanishad ? 

উপনিষদত আশ্রম ব্যৱস্থা আছে নে?

উত্তৰঃআছে।

38. Which one is the smallest Upanishad? 

কোনখন আটাইতকৈ সৰু উপনিষদ?

উত্তৰঃ মাণ্ডুক্য় উপনিষদ।

39. Which one is the longest Upanishad? 

কোনখন আটাইতকৈ ডাঙৰ উপনিষদ?

উত্তৰঃ বৃহদাৰণ্য়ক উপনিষদ।

Broad Questions / ৰচনাধর্মী প্রশ্ন :

1. What is Veda? What are the Vedas? What are the different parts of Vedas?

বেদ কাক বোলে? বেদসমূহ কি কি? বেদৰ বিভিন্ন অংশসমূহ কি কি? 

উত্তৰঃ বেদ বিশ্বসাহিত্য়ৰ সবাতোকৈ প্ৰাচীন গ্ৰন্থ।বেদ ভাৰতৰ এক অতি প্ৰাচীনতম আৰু আদিতম ধৰ্মীয় আৰু দাৰ্শনিক গ্ৰন্থ। ভাৰতৰ সকলো দৰ্শন, সাহিত্য়, নীতি, সভ্য়তা, সংস্কৃতি আদি বেদৰ আলমত গঢ়ি উঠিছে। বেদত আৰ্যসকলৰ প্ৰাচীনতম সাহিত্য় কীৰ্তিৰ পৰিচয় পোৱা যায়।পণ্ডিত ৰাধাকৃষ্ণণৰ মতে,''বেদ মানৱ মনৰ পৰা উদ্ভূত এনেকুৱা আদিতম গ্ৰন্থ যাক আমি প্ৰামাণিক গ্ৰন্থ হিচাপে অধিকাৰ কৰি আছোঁ''। ৰাধাকৃষ্ণণক সমৰ্থন কৰি পণ্ডিত উইলচনে কৈছে, ''প্ৰাচীনতা সম্পৰ্কীয় সকলো গুৰুত্বপূৰ্ণ বিষয়ৰ পৰ্যাপ্ত জ্ঞান বেদৰ পৰাই লাভ কৰা যায়''। গতিকে ভাৰতীয় দৰ্শন-সাহিত্য়ত বেদৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। সংস্কৃত 'ৱেদ' শব্দটো উৎপত্তি হৈছে 'ৱিদ' ধাতুৰ পৰা।'ৱিদ'ৰ অৰ্থ হল 'জনা'; গতিকে ৱেদ শব্দৰ ধাতুগত অৰ্থ হল জ্ঞান বা বিদ্য়া।

           ব্য়াসদেৱ বেদক চাৰিভাগত ভাগ কৰিছে- ঋকবেদ, সামবেদ, যজুবেদ আৰু অথৰ্ববেদ।ঋকবেদত সেই মন্ত্ৰ সংগৃহীত আছে যিবোৰ দেৱতাসকলৰ স্তুতিৰ কাৰণে গোৱা হয়; যজুবেদত যজ্ঞৰ বিধিসমূহ বৰ্ণনা কৰা আছে; সামবেদ সংগীত প্ৰধান; আৰু অথৰ্ববেদত যাদু, মন্ত্ৰ-তন্ত্ৰ নিহিত আছে। এই চাৰিবেদৰ ভিতৰত ঋকবেদক প্ৰধান আৰু মৌলিক গ্ৰন্থ বুলি পৰিগণিত কৰা হয়। ইয়াৰ দুটা কাৰণ আছে- এটা হল, ঋকবেদত আন বেদৰ তুলনাত অধিক বিষয় সন্নিবিষ্ট হৈ আছে, আন কাৰণটো হল, ঋকবেদ অন্য় বেদৰ তুলনাত অধিক প্ৰাচীনতম গ্ৰন্থ।

            বেদৰ চাৰিটা অংশ আছে- মন্ত্ৰ বা সংহিতা, ব্ৰাহ্মণ, আৰণ্য়ক আৰু উপনিষদ। মন্ত্ৰৰ সংকলনক 'সংহিতা' কোৱা হয়; সংহিতাত আছে দেৱতাসকলৰ প্ৰাৰ্থনাৰ বাবে ৰচিত মন্ত্ৰসমূহ। সংহিতা বেদৰ ক্ৰিয়াকাণ্ডৰ লগত যুক্ত। ব্ৰাহ্মণ অংশত আছে বৈদিক যজ্ঞৰ সুস্থ সম্পাদনৰ বাবে ৰচিত বিধি-নিয়মসমূহ।মন্ত্ৰৰ তত্ত্বসাধনা আৰু বিবিধ যাজ্ঞ-যজ্ঞৰ বিৱৰণ ব্ৰাহ্মণ অংশত পোৱা যায়। ব্ৰাহ্মণ হল মন্ত্ৰৰ অৰ্থ আৰু ব্য়ৱহাৰৰ দিশ। আৰণ্য়ক হল বেদৰ তৃতীয় অংশ। ইয়াত অৰণ্য়ত বসবাসীকাৰীসকলৰ উপাসনা বা কৰ্তব্য়ৰ দিশসমূহ লিপিবদ্ধ কৰা আছে। বেদৰ অন্তিম অংশ হল উপনিষদ। সেইকাৰণে উপনিষদক বেদান্ত বুলিও কোৱা হয়।বেদৰ তত্ত্বগত আৰু দাৰ্শনিক চিন্তাৰ চৰম প্ৰকাশ ঘটিছে উপনিষদত। সেইকাৰণে বহুতে উপনিষদক বেদৰ শ্ৰেষ্ঠ অংশ বুলি অভিহিত কৰিছে। বেদৰ এই চাৰিটা অংশক আকৌ বিষয়বস্তুৰ ফালৰ পৰা তিনিটা ভাগত ভাগ কৰা হৈছে- কৰ্মকাণ্ড, উপাসনাকাণ্ড আৰু জ্ঞানকাণ্ড। বেদৰ সংহিতা আৰু ব্ৰাহ্মণ অংশ কৰ্মকাণ্ডৰ ভিতৰত পৰে, আৰণ্য়ক অংশ হল উপাসনা কাণ্ড, আৰু বেদৰ অন্তিম অংশ উপনিষদ হল জ্ঞানকাণ্ড।

2. What is Veda? Give an introduction of Vedas.

বেদ কাক বোলে? বেদৰ পৰিচয় দিয়া।

উত্তৰঃ বেদ বিশ্বসাহিত্য়ৰ সবাতোকৈ প্ৰাচীন গ্ৰন্থ। বেদ ভাৰতৰ এক অতি প্ৰাচীনতম আৰু আদিতম ধৰ্মীয় আৰু দাৰ্শনিক গ্ৰন্থ।ভাৰতৰ সকলো দৰ্শন, সাহিত্য়, নীতি, সভ্য়তা, সংস্কৃতি আদি বেদৰ আলমত গঢ়ি উঠিছে। বেদ একেধাৰে জ্ঞান, কৰ্ম আৰু ধৰ্মৰ অপূৰ্ব সংমিশ্ৰণ।বেদত আৰ্যসকলৰ প্ৰাচীনতম সাহিত্য় কীৰ্তিৰ পৰিচয় পোৱা যায়।পণ্ডিত ৰাধাকৃষ্ণণৰ মতে, ''বেদ মানৱ মনৰ পৰা উদ্ভূত এনেকুৱা আদিতম গ্ৰন্থ যাক আমি প্ৰামাণিক গ্ৰন্থ হিচাপে অধিকাৰ কৰি আছোঁ''। সংস্কৃত 'ৱেদ' শব্দটো উৎপত্তি হৈছে 'ৱিদ' ধাতুৰ পৰা।'ৱিদ'ৰ অৰ্থ হল 'জনা'; গতিকে ৱেদ শব্দৰ ধাতুগত অৰ্থ হল জ্ঞান বা বিদ্য়া। যি শাস্ত্ৰত ধৰ্ম আৰু তাৰ লগত যুক্ত কৰ্ম, কৰ্মফল, যজ্ঞ, যজ্ঞফল, স্বৰ্গ, পৰলোকতত্ত্ব, অদৃষ্ট প্ৰভৃতি ধৰ্ম সম্বন্ধীয় যাবতীয় জ্ঞান; আৰু ব্ৰহ্ম, মোক্ষ ইত্য়াদি বিষয়ৰ জ্ঞান লাভ কৰা যায়, সেই শাস্ত্ৰকেই বেদ বোলা হয়।বেদ নিত্য়, সত্য়, পবিত্ৰ আৰু স্বতঃপ্ৰামাণ্য় গ্ৰন্থ। 'বেদ' শব্দৰ প্ৰতিশব্দ হিচাপে বহুতো বৈদিক আচাৰ্যই 'শ্ৰুতি', 'আগম' 'ছন্দস্', 'ত্ৰয়ী বা ত্ৰয়ীবিদ্য়া' প্ৰভৃতি শব্দ ব্য়ৱহাৰ কৰিছে।'শ্ৰুতি' শব্দৰ অৰ্থ হল শ্ৰৱণ।

        বেদক ত্ৰয়ীবিদ্য়া বুলি কোৱা হলেও যথাৰ্থতে বেদ চাৰিখন।বেদক চাৰিভাগত ভাগ কৰিছে- ঋকবেদ, সামবেদ, যজুবেদ আৰু অথৰ্ববেদ। ঋকবেদত সেই মন্ত্ৰ সংগৃহীত আছে যিবোৰ দেৱতাসকলৰ স্তুতিৰ কাৰণে গোৱা হয়; যজুৰ্বেদত যজ্ঞৰ বিধিসমূহ বৰ্ণনা কৰা আছে; সামবেদ সংগীত প্ৰধান; আৰু অথৰ্ববেদত যাদু, মন্ত্ৰ-তন্ত্ৰ নিহিত আছে।এই চাৰিবেদৰ ভিতৰত ঋকবেদক প্ৰধান আৰু মৌলিক গ্ৰন্থ বুলি পৰিগণিত কৰা হয়। ইয়াৰ দুটা কাৰণ আছে- এটা হল, ঋকবেদত আন বেদৰ তুলনাত অধিক বিষয় সন্নিবিষ্ট হৈ আছে; আন কাৰণটো হল, ঋকবেদ অন্য় বেদৰ তুলনাত অধিক প্ৰাচীনতম গ্ৰন্থ।

         বেদৰ চাৰিটা অংশ আছে- মন্ত্ৰ বা সংহিতা, ব্ৰাহ্মণ, আৰণ্য়ক আৰু উপনিষদ। মন্ত্ৰৰ সংকলনক 'সংহিতা' কোৱা হয়; সংহিতাত আছে দেৱতাসকলৰ প্ৰাৰ্থনাৰ বাবে ৰচিত মন্ত্ৰসমূহ। সংহিতা বেদৰ ক্ৰিয়াকাণ্ডৰ লগত যুক্ত। ব্ৰাহ্মণ অংশত আছে বৈদিক যজ্ঞৰ সুস্থ সম্পাদনৰ বাবে ৰচিত বিধি-নিয়মসমূহ।মন্ত্ৰৰ তত্ত্বসাধনা আৰু বিবিধ যাজ্ঞ-যজ্ঞৰ বিৱৰণ ব্ৰাহ্মণ অংশত পোৱা যায়। ব্ৰাহ্মণ হল মন্ত্ৰৰ অৰ্থ আৰু ব্য়ৱহাৰৰ দিশ। আৰণ্য়ক হল বেদৰ তৃতীয় অংশ। ইয়াত অৰণ্য়ত বসবাসীকাৰীসকলৰ উপাসনা বা কৰ্তব্য়ৰ দিশসমূহ লিপিবদ্ধ কৰা আছে। বেদৰ অন্তিম অংশ হল উপনিষদ। সেইকাৰণে উপনিষদক বেদান্ত বুলিও কোৱা হয়।বেদৰ তত্ত্বগত আৰু দাৰ্শনিক চিন্তাৰ চৰম প্ৰকাশ ঘটিছে উপনিষদত। সেইকাৰণে বহুতে উপনিষদক বেদৰ শ্ৰেষ্ঠ অংশ বুলি অভিহিত কৰিছে। বেদৰ এই চাৰিটা অংশক আকৌ বিষয়বস্তুৰ ফালৰ পৰা তিনিটা ভাগত ভাগ কৰা হৈছে- কৰ্মকাণ্ড, উপাসনাকাণ্ড আৰু জ্ঞানকাণ্ড। বেদৰ সংহিতা আৰু ব্ৰাহ্মণ অংশ কৰ্মকাণ্ডৰ ভিতৰত পৰে, আৰণ্য়ক অংশ হল উপাসনা কাণ্ড, আৰু বেদৰ অন্তিম অংশ উপনিষদ হল জ্ঞানকাণ্ড।

3. Explain the relation between Vedas and Upanishads.

বেদ আৰু উপনিষদৰ সম্বন্ধ উল্লেখ কৰা।

উত্তৰঃ

4. Explain how Upanishads are emerged from Vedas? 

উপনিষদ বেদসমূহৰ পৰা কেনেদৰে উদ্ভৱ হৈছে তাক ব্যাখ্যা কৰা।

উত্তৰঃ

5. Write about the place of Upanishads in Vedic literature. 

বৈদিক সাহিত্যত উপনিষদৰ স্থান ব্যাখ্যা কৰা।

উত্তৰঃ

 6. What are the differences between Vedas and Upanishads.

বেদ আৰু উপনিষদৰ পাৰ্থক্যসমূহ কি কি?

উত্তৰঃ

7. Write about the numbers and classifications of Upanishads? 

উপনিষদৰ সংখ্যা আৰু শ্রেণীবিভাগ সম্পর্কে লিখা।

উত্তৰঃ

8. What is Upanishad? How Upanishads are developed from the Vedas. 

উপনিষদ কাক বোলে? উপনিষদসমূহ বেদৰ পৰা কেনেদৰে ক্ৰমবিকশিত হৈছে ব্যাখ্যা কৰা।

উত্তৰঃ

9. Determine the meaning of the Upanishad'? 

উপনিষদৰ অৰ্থ নিৰূপণ কৰা।

উত্তৰঃ

10. Determine the meaning of 'Veda'.

বেদৰ অৰ্থ নিৰূপণ কৰা।

উত্তৰঃ

11. Discuss the different methods of Upanishad? 

উপনিষদৰ বিভিন্ন পদ্ধতিসমূহ উল্লেখ কৰা।

উত্তৰঃউপনিষদৰ দাৰ্শনিকসকলে বিভিন্ন সময়ত বিভিন্ন পদ্ধতি অৱলম্বন কৰা দেখা গৈছে। সাধাৰণতে উপনিষদত অৱলম্বন কৰা মুখ্য় পদ্ধতি সমূহ তলত দিয়া ধৰণে আলোচনা কৰিব পাৰিঃ

i)সূত্ৰমূলক পদ্ধতি(Aphoristic Method) ঃসূত্ৰবিধি হল এক সংক্ষিপ্ত বিধি। ভাৰতীয় দৰ্শনৰ পৰৱৰ্তীয় সূত্ৰ-সাহিত্য়ত এই পদ্ধতিক ব্য়াপকভাৱে ব্য়ৱহাৰ কৰা হৈছে। এই পদ্ধতি সকলো চিন্তাধাৰাসমূহক ইয়াৰ মূল অৰ্থৰ সৈতে সংক্ষিপ্তভাৱে বাক্য়ত প্ৰকাশ কৰা হয়।সূত্ৰ বা জ্ঞানগৰ্ভ সংক্ষিপ্ত উক্তিৰ মাধ্য়মেদি দাৰ্শনিক চিন্তাধাৰাৰ প্ৰকাশ কৰাই এই পদ্ধতিৰ মূল উদ্দেশ্য়।অৱশ্য়ে দাৰ্শনিক চিন্তাধাৰা সমূহৰ যথাযথ উপলব্ধিৰ বাবে বুদ্ধিৰ প্ৰয়োজন হয়।সেইকাৰণে দেখা যায় যে, সূত্ৰবিধি অনুসৰণ কৰি বিভিন্ন ভাষ্য়কাৰে একেই সূত্ৰৰ বিভিন্ন ব্য়াখ্য়া প্ৰদান কৰিছে।সূত্ৰৰ উদ্দেশ্য় হল বিস্তাৰিত তত্ত্বৰ সংক্ষিপ্ত ৰূপ প্ৰদান কৰা।সূত্ৰসমূহৰ আকাৰ যিমান সংক্ষিপ্ত তাক কন্ঠস্থ কৰা সিমান সহজ। কিন্তু এই সূত্ৰবোৰ ইমান সহজবোধ্য় নাছিল। সেইকাৰণে এইবোৰক ব্য়াখ্য়া কৰাৰ বাবে প্ৰয়োজন হৈছে ভাষ্য় বা টিকাৰ।

ii)শব্দৰ ব্য়ুৎপত্তি সংক্ৰান্ত পদ্ধতি(Etymological Method)ঃ এই পদ্ধতি হল শব্দাৰ্থ-বিশ্লষণ পদ্ধতি। এই পদ্ধতিত কোনো এটা শব্দক তাৰ ব্য়ুৎপত্তিৰ সহায়ত ব্য়াখ্য়া কৰা হয়। উপনিষদৰ ক্ষেত্ৰত দেখা যায় যে ইয়াত কিছুমান শব্দৰ ব্য়ুৎপত্তি উল্লেখ কৰি তাক ব্য়াখ্য়া কৰাৰ চেষ্টা কৰা হৈছে। এইক্ষেত্ৰত উদাহৰণ হিচাপে ছান্দোগ্য়, মাণ্ডুক্য়, বৃহদাৰণ্য়ক উপনিষদৰ কথা উল্লেখ কৰিব পাৰি।

iii)পৌৰাণিক কাহিনীমূলক পদ্ধতি(Aphoristic Method)ঃ     উপনিষদত পৌৰাণিক কাহিনীমূলক পদ্ধতিও পোৱা যায়। শিক্ষাদানৰ উদ্দেশ্য় উপনিষদত এই পদ্ধতি প্ৰায়েই প্ৰয়োগ কৰা হৈছে। কেন উপনিষদত ইন্দ্ৰ আৰু দৈত্য়সকলৰ কাহিনী ব্য়ক্ত কৰা হৈছে নম্ৰতা বা বিনয়ী শিক্ষাদানৰ উদ্দেশ্য়। উপনিষদত এই শিক্ষাই দিয়া হয় যে অন্তৰৰ পৰা বিনয়ী নহলে কোনেও ব্ৰাহ্মণ হব নোৱাৰে। দ্বিতীয়তে, কাৰণতত্বৰ ব্য়াখ্য়াৰ বাবেও উপনিষদত পৌৰাণিক কাহিনীৰ উল্লেখ কৰা হৈছে।যেনে- জগত-ডিম্বৰ পৰা সূৰ্যৰ উদ্ভৱৰ কাহিনী। তৃতীয়তে, অতীন্দ্ৰিয় বা অতিপ্ৰাকৃতিক কাহিনীৰ উদ্দেশ্য়েও এই পদ্ধতি ব্য়ৱহৃত হৈছে।

iv)  সংলাপ  বা  কথোপকথন পদ্ধতি ( Dialectical Method) ঃ 

উপনিষদত এই পদ্ধতি ব্য়াপকভাৱে লক্ষ্য় কৰা যায়। এই পদ্ধতি অনুসৰি উপনিষদৰ বিভিন্ন দাৰ্শনিকসকলে এক নিৰ্দিষ্ট স্থানত মিলিত হৈ আলোচনা চক্ৰৰ মাধ্য়মেদি বিভিন্ন বিষয় বা তত্ত্বৰ ওপৰত আলোচনা কৰিছিল। উপনিষদৰ বহু ঠাইত এনে আলোচনাৰ উল্লেখ পোৱা যায়। ইয়াৰ উদাহৰণ হিচাপে কঠোপনিষদত নচিকেতা আৰু যমৰ কথোপকথন, বৃহদাৰণ্য়কোপনিষদৰ যাজ্ঞবল্ক্য় আৰু মৈত্ৰেয়ীৰ কথোপকথন, ছান্দোগ্য় উপনিষদৰ আৰুণি আৰু শ্বেতকেতুৰ কথোপকথন আৰু নাৰদ আৰু সনতকুমাৰৰ কথোপকথনৰ কথা উল্লেখ কৰিব পাৰি।

v) উপমামূলক বা সাদৃশ্য়মূলক পদ্ধতি (Analogical Method) ঃ  উপমা বা সাদৃশ্য় হল তুলনামূলক এক পদ্ধতি। উপনিষদত যিবিলাক বিষয় যুক্তিৰ সহায়ত ব্য়াখ্য়া৩ কৰা নাযায়, তাক উপমাৰ সহায়ত ব্য়াখ্য়া কৰাৰ চেষ্টা কৰা হৈছে। উপনিষদত এনে উপমাৰ বহু উদাহৰণ আছে। ঋষি যাজ্ঞবল্ক্য় আত্মাক উপলব্ধি কৰাৰ প্ৰক্ৰিয়াসমূহক বুজাবলৈ ঢোল, শংখ আৰু বীণাৰ লগত তুলনা কৰিছে। আৰুণি নামৰ এক ঋষিয়ে জীৱাত্মা আৰু পৰমাত্মাৰ অভিন্ন সম্বন্ধক বুজাবলৈ মধু আৰু ফুলৰ ৰস, সাগৰ নৈৰ পানীৰ মাজত তুলনা কৰি কৈছে ফুলৰ ৰস যিদৰে মধুৰ লগত বা নৈৰ পানী যিদৰে সাগৰৰ লগত অভিন্ন হৈ পৰে, তেনেদৰে জীৱাত্মাও ব্ৰহ্মৰ লগত অভিন্ন।

vi) সংশ্লেষণমূলক পদ্ধতি (Synthetic Method) ঃ উপনিষদত বহুতো ক্ষেত্ৰত বিভিন্ন প্ৰসংগত আলোচিত বিষয়বোৰ পৰস্পৰ বিৰোধী হলেও সমন্বয়মূলক দৃষ্টিভংগী গ্ৰহণ কৰা হৈছে। তদুপৰি, কথোপকথনৰ মাধ্য়মত যি আলোচনা কৰা হয় সেইবোৰক সংশ্লেষণ পদ্ধতিৰ সহায়ত সমন্বয় কৰা হয়।ছান্দোগ্য় উপনিষদত অশ্বপতি কৈকেয়ৰ দ্বাৰা ছয়টা বিশ্বতত্ত্বমূলক বা সৃষ্টি সম্বন্ধীয় তত্ত্বৰ সমন্বয় কৰা হৈছে; প্ৰশ্নোপনিষদত পিপ্পলাদৰ দ্বাৰা ছগৰাকী ঋষিৰ মনোবৈজ্ঞান-অধিবিদ্য়া সম্বন্ধীয় প্ৰশ্নৰ সমন্বয় কৰা হৈছে; বৃহদাৰণ্য়ক উপনিষদত যাজ্ঞবল্ক্য়ই ৰজা জনকৰ অধিবিদ্য়া সম্বন্ধীয় ছটা তত্ত্বৰ সমন্বয় কৰা হৈছে। এইদৰে দেখা যায় যে, উপনিষদত সমন্বয়মূলক বিধি অৱলম্বন কৰি বহু প্ৰশ্ন, সমস্য়া বা পৰস্পৰ বিৰোধী ,সিদ্ধান্তৰ সমন্বয় কৰা হৈছে।

vii) স্ব-সংলাপ পদ্ধতি (Monologic Method) ঃ এই পদ্ধতি কথোপকথন আৰু সংশ্লেষণ পদ্ধতিতকৈ এক স্বতন্ত্ৰ পদ্ধতি। নিজে নিজে  কথা পতাই স্ব-সংলাপ বা স্বগতোক্তি। যদিও উপনিষদৰ দাৰ্শনিকসকলে কম কথা কয়, কিন্তু যেতিয়া তেওঁলোকে কবলৈ আৰম্ভ কৰে, তেতিয়া তেওঁলোকে অপৰ ব্য়ক্তিৰ উপস্থিতিৰ কথা পাহৰি নিজে নিজে কথা পাতি থাকে।যাজ্ঞবল্ক্য়, নচিকেতা, শাণ্ডিল্য় প্ৰভৃতি দাৰ্শনিকসকলে একান্ত মনে স্বগত সংলাপ কৰি বহুতো দাৰ্শনিক চিন্তন ব্য়ক্তি কৰিছে। উদাহৰণস্বৰূপে, বৃহদাৰণ্য়কোপনিষদত যাজ্ঞবল্ক্য়ই ৰজা জনকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পিছত স্বগতোক্তি কৰিছিল। কঠোপনিষদত যম আৰু নচিকেতাৰ সংলাপৰ সময়ত তৃতীয় প্ৰশ্নৰ পিছত যমে স্বগতোক্তি কৰিছিল।

12. What are the methods of Upanishad? Explain. 

উপনিষদৰ পদ্ধতিসমূহ কি কি? ব্যাখ্যা কৰা। 

13. Why Upanishads are regarded as the sources of Indian Philosophy? Explain.

উপনিষদবোৰক কিয় ভাৰতীয় দৰ্শনৰ উৎস বুলি গণ্য কৰা হয় আলচ কৰা। 

উত্তৰঃ

14. Explain the importance of Upanishads in Indian Philosophy. ভাৰতীয় দৰ্শনত উপনিষদৰ গুৰুত্ব ব্যাখ্যা কৰা।

উত্তৰঃ

15. "The Upanisads are rightly regarded as the fountain-head of all Indian philosophy'. Discuss.

“উপনিষদসমূহক যথার্থতে সকলো ভাৰতীয় দৰ্শনৰ ভিত্তি বুলি গণ্য কৰা হয়।” আলচ কৰা।

উত্তৰঃ

16. Explain the general social conditions of Upanishads. 

উপনিষদৰ সময়ৰ সাধাৰণ সামাজিক পৰিস্থিতিৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতীয় সমাজ আৰু সংস্কৃতিৰ বেদ আৰু উপনিষদৰ ধাৰণা অতি গুৰুত্বপূৰ্ণ। বেদ আৰু উপনিষদ কেৱল ভাৰতীয় ধৰ্ম আৰু দৰ্শনৰে নহয়, ভাৰতীয় সমাজ ব্য়ৱস্থাও বেদোপনিষদত নিৰ্ভৰ।বৈদিক যুগত উপনিষদীয় সমাজ ব্য়ৱস্থাৰ কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত পোৱা যায়।উপনিষদৰ সমাজ ব্য়ৱস্থাৰ মাজতে বিভিন্ন উপনিষদিক দাৰ্শনিকে জীৱন নিৰ্বাহ কৰিছিল।উপনিষদত ভাৰতীয় সমাজত প্ৰচলিত জাতি বা বৰ্ণব্য়ৱস্থা, আশ্ৰম ব্য়ৱস্থা, নাৰীৰ স্থান ইত্য়াদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে।

নাৰীৰ স্থানঃ বৈদিক যুগত নাৰীসকলে যথেষ্ট স্বাধীনতা লাভ কৰিছিল। তেওলোকে গুৰু গৃহত বহি শিক্ষা অৰ্জন কৰিব পাৰিছিল, যাগযজ্ঞও অনুষ্ঠিত কৰিব পাৰিছিল, কোনো আলোচনা,তৰ্ক আদিত ভাগ লবও পাৰিছিল। মুনি-ঋষিসকলৰ কণ্য়া সন্তানেও আৱাসিক শিষ্য়সকলৰ লগত সম পৰিমাণে বিদ্য়া অৰ্জন কৰিব পাৰিছিল। উদাহৰণস্বৰূপে দেখা যায় যে,২০০ খ্ৰীষ্টপূৰ্ব আগতে ছোৱালীসকলৰ ক্ষেত্ৰতো উপনয়ন প্ৰথাৰ বহু প্ৰচলিত আছিল। মাধ্বাৰ্চাযৰ লিখনিত লৰাৰ দৰে ছোৱালীৰো ৮ বছৰ বয়সত উপনয়নৰ উল্লেখ পোৱা যায়। ছোৱালীসকলে কেৱলমাত্ৰ লগুণ লোৱাৰ অধিকাৰ নাছিল। অন্য়ান্য় শিষ্য়সকলৰ দৰে বেদ, বেদাঙ্গ পাঠ কৰাৰ অধিকাৰ আছিল সমান।বৈদিক যুগত জ্ঞানী মহিলাসকলক বিভিন্ন নামেৰে নামাকৰণ কৰা হৈছিল, যেনে- ঋষিকা,ঋত্বিকা, ব্ৰহ্মবাদিনী, মন্ত্ৰদৃক, পণ্ডিত।

            উপনিষদত তিনি প্ৰকাৰৰ নাৰী পোৱা যায়- জগত নাৰী,আধ্য়াত্মিক নাৰী, আৰু বুদ্ধিদীপ্ত নাৰী। কাত্য়ায়নী হল জগতৰ নাৰী, বৃহদাৰণ্য়কোপনিষদত কাত্য়ায়নী কথা এবাৰ উল্লেখ কৰা হৈছে।আধ্য়াত্মিক নাৰী হিচাপে ঋষি যাজ্ঞবল্ক্য়ৰ সহধৰ্মিণী মৈত্ৰেয়ীৰ নাম পোৱা যায়। আনহাতে, বুদ্ধিদীপ্ত নাৰী হিচাপে উপনিষদত গাৰ্গীৰ নাম পোৱা যায়।

জাতি বা বৰ্ণব্য়ৱস্থা  জাতি বা বৰ্ণৰ ধাৰণা উপনিষদৰ সময়ৰ পৰাই ভাৰতীয় সমাজত পোৱা যায়। বৃহদাৰণ্য়কোপনিষদত এই বৰ্ণ ব্য়ৱস্থাৰ কথা পোৱা যায়। এই উপনিষদৰ মতে , জগতত প্ৰথমতে ব্ৰহ্মই আছিল। ব্ৰহ্ম অকলে আছিল কাৰণে তেওঁ কৰ্ম কৰা নাছিল। বিভিন্ন কৰ্ম কৰাৰ উদ্দেশ্য়ে তেওঁ বিভিন্ন জাতি সৃষ্টি কৰিলে। কৰ্ম অনুসৰি জাতি বা বৰ্ণ নিৰ্ধাৰণ কৰিলে, জন্ম অনুসৰি নহয়। তেওঁ শ্ৰেয়োৰূপী ক্ষত্ৰিয় জাতি সৃষ্টি কৰিলে।যেনে- দেৱগণৰ ভিতৰত ইন্দ্ৰ, বৰুণ, সোম, ৰুদ্ৰ, পৰ্জন্য়, যম, মৃত্য়ু আৰু ঈশান- এওঁলোক ক্ষত্ৰিয়। ক্ষত্ৰিয়ৰ তুলনাত শ্ৰেষ্ঠ আন কোনোৱে নাই। ব্ৰাহ্মণ ক্ষত্ৰিয় জাতিতে তেওঁলোকৰ যশ স্থাপন কৰিছিল। ব্ৰাহ্মণ জাতিয়ে ক্ষত্ৰিয়ৰ উৎসস্থল। সেইকাৰণে দেখা যায়, যদিও ৰজা ৰাজসূয় যজ্ঞত প্ৰথমতে শ্ৰেষ্ঠ স্থান লাভ কৰিছিল, যজ্ঞৰ শেষত কিন্তু তেওঁ নিজৰ উৎপত্তিস্থল ব্ৰাহ্মণতে আশ্ৰয় গ্ৰহণ কৰিছিল।

আশ্ৰম ব্য়ৱস্থা  উপনিষদত আশ্ৰমধৰ্মৰ কথাও পোৱা যায়। আশ্ৰমধৰ্ম বুলিলে ব্ৰহ্মাচৰ্য, গাৰ্হস্থ, বানপ্ৰস্থ আৰু সন্ন্য়াস- এই চাৰি আশ্ৰমত ব্য়ক্তিৰ কৰ্তব্য় কৰ্মক বুজোৱা হয়। আমি জানোঁ যে বৈদিক যুগত গুৰুৰ নিকট বহি  মনোযোগেৰে আৰু শ্ৰদ্ধাৰ সৈতে ব্ৰহ্মতত্ত্ব শ্ৰৱণ কৰা হৈছিল। বৈদিক যুগত গুৰুৱে প্ৰথমতে বেদ শিক্ষা দিছিল। তাৰ পিছত গুৰুগৃহ ত্য়াগৰ সময় হলে শিষ্য়সকলক ঘৰত উপস্থিত হৈ বিভিন্ন কৰ্তব্য় সম্পাদনৰ পৰামৰ্শ দিয়া হৈছিল।এই সংস্কৃত ভাৰতীয় সমাজ ব্য়ৱস্থাত এতিয়া প্ৰচলিত। বেদ আৰু উপনিষদৰ এই শিক্ষাৰ পৰা আশ্ৰমধৰ্মৰ ধাৰণা পোৱা যায়। 

17. Explain the Upanishadic view of Caste System. 

জাতি বা বর্ণ ব্যৱস্থা সম্পর্কীয় উপনিষদ মত ব্যাখ্যা কৰা।

উত্তৰঃজাতি বা বৰ্ণৰ ধাৰণা উপনিষদৰ সময়ৰ পৰাই ভাৰতীয় সমাজত পোৱা যায়। বৃহদাৰণ্য়কোপনিষদত এই বৰ্ণ ব্য়ৱস্থাৰ কথা পোৱা যায়। এই উপনিষদৰ মতে , জগতত প্ৰথমতে ব্ৰহ্মই আছিল। ব্ৰহ্ম অকলে আছিল কাৰণে তেওঁ কৰ্ম কৰা নাছিল। বিভিন্ন কৰ্ম কৰাৰ উদ্দেশ্য়ে তেওঁ বিভিন্ন জাতি সৃষ্টি কৰিলে। কৰ্ম অনুসৰি জাতি বা বৰ্ণ নিৰ্ধাৰণ কৰিলে, জন্ম অনুসৰি নহয়। তেওঁ শ্ৰেয়োৰূপী ক্ষত্ৰিয় জাতি সৃষ্টি কৰিলে।যেনে- দেৱগণৰ ভিতৰত ইন্দ্ৰ, বৰুণ, সোম, ৰুদ্ৰ, পৰ্জন্য়, যম, মৃত্য়ু আৰু ঈশান- এওঁলোক ক্ষত্ৰিয়। ক্ষত্ৰিয়ৰ তুলনাত শ্ৰেষ্ঠ আন কোনোৱে নাই। ব্ৰাহ্মণ ক্ষত্ৰিয় জাতিতে তেওঁলোকৰ যশ স্থাপন কৰিছিল। ব্ৰাহ্মণ জাতিয়ে ক্ষত্ৰিয়ৰ উৎসস্থল। সেইকাৰণে দেখা যায়, যদিও ৰজা ৰাজসূয় যজ্ঞত প্ৰথমতে শ্ৰেষ্ঠ স্থান লাভ কৰিছিল, যজ্ঞৰ শেষত কিন্তু তেওঁ নিজৰ উৎপত্তিস্থল ব্ৰাহ্মণতে আশ্ৰয় গ্ৰহণ কৰিছিল।যিয়ে এই ব্ৰাহ্মণক হিংসা কৰিছিল তেওঁ দৰাচলতে নিজৰ উৎসস্থলকে হিংসা কৰিছিল। 

        ক্ষত্ৰিয় সৃষ্টি কৰাৰ পিছতো ব্ৰহ্ম কৰ্মক্ষম নহল। তেওঁ ইয়াৰ পিছত সৃষ্টি কৰিলে বৈশ্য় জাতি। দেৱতাসকলৰ মাজত যিসকলে গণদেৱতা বুলি পৰিচিত তেওঁলোককে বৈশ্য় জাতি বোলা হয়। যেনে-বসু, ৰুদ্ৰ,আদিত্য়,বিশ্বদেৱ। ইয়াৰ পিছতো ব্ৰহ্ম সৰ্বকৰ্মত সম্পাদনা সমৰ্থৱান নহল। সেয়ে তেওঁ শূদ্ৰক সৃষ্টি কৰিলে। শূদ্ৰ হল পুষণৰূপী জাতি অৰ্থাৎ যিসকলে মানুহক পোষণ কৰে তাকে শূদ্ৰ বোলে।

       ক্ষত্ৰিয়, বৈশ্য় আৰু শূদ্ৰক সৃষ্টি কৰাৰ পিছতো ব্ৰহ্মৰ কাম সম্পন্ন নহল। তেওঁ তেতিয়া ধৰ্মক সৃষ্টি কৰিলে। এই ধৰ্ম ক্ষত্ৰিয়ৰো ক্ষত্ৰিয় অৰ্থাৎ শক্তিশালীতকৈও শক্তিশালী। সেইকাৰণে ধৰ্মতকৈ শক্তিশালী আন একোৱে নাই।ধৰ্মৰ সহায়ত শক্তিহীন লোকেও শক্তিশালী হৈ উঠে।যিদৰে ৰজাৰ সহায়ত বলৱান লোককো শাসন কৰা যায়, সেইদৰে ধৰ্মৰ সহায়ত শক্তিশালী লোককো শাসন কৰা যায়। যতে ধৰ্ম তাতে জয়, যতে ধৰ্ম তাতে সত্য়। গতিকে ধৰ্ম আৰু সত্য় অভিন্ন। গতিকে দেখা যায় যে, উপনিষদৰ জাতি ব্য়ৱস্থা মূলত এক কৰ্ম ব্য়ৱস্থা যাক ধৰ্মৰ মাধ্য়মত সু-শৃংখলিতভাৱে পৰিচালনা কৰা হয়।

18. Explain the Upanishadic view of Ashrama System. 

উপনিষদৰ আশ্ৰম ব্যৱস্থা সম্পর্কে আলোচনা কৰা।

উত্তৰঃ

19. Write about the position of women in the Upanishads. উপনিষদত নাৰীৰ স্থান সম্পর্কে লিখা।

উত্তৰঃ

20. Explain after Upanishads about the relation between Kshatriyas and Brahmins

উপনিষদক অনুসৰণ কৰি ক্ষত্ৰিয় আৰু ব্ৰাহ্মণৰ মাজৰ সম্বন্ধ ব্যাখ্যা কৰা।

উত্তৰঃ

21. Explain the Upanishadic view of Caste System. 

জাতি ব্যৱস্থা সম্পৰ্কীয় উপনিষদৰ অভিমত ব্যাখ্যা কৰা।

উত্তৰঃ

22. Give brief outlines of the Upanishadic philosophy.

উপনিষদীয় দৰ্শনৰ চমু ৰূপৰেখা প্ৰস্তুত কৰা।

উত্তৰঃ

তলত দিয়া উপনিষদসমূহৰ ওপৰত চমু টেকা লিখা :

1. Isha Upanisad

ঈশ উপনিষদ। 

উত্তৰঃ 'ঈশা' শব্দৰ পৰাই ঈশোপনিষদ নামৰ উৎপত্তি হৈছে। অৰ্থাৎ 'ঈশ্বা' এই উপনিষদৰ প্ৰথম শব্দ আৰু সেইকাৰণে ইয়াৰ নাম ঈশোপনিষদ। ঈশোপনিষদ শুক্লজুবেৰ্দীয় বাজসনেয়ী সংহিতাৰ অন্তিম অধ্য়ায় বাবে ইয়াক বাজসনেয়ী সংহিতোপনিষদ নামেও জনা যায়। ঈশ্বোপনিষদৰ বাহিৰে আন সকলো উপনিষদেই বেদ ব্ৰাহ্মণ বা আৰণ্য়কৰ অংশ।

        তাত্ত্বিক দিশৰ পৰা ঈশোপনিষদ অন্য়তম শ্ৰেষ্ঠ উপনিষদ। ইয়াৰ মন্ত্ৰৰ সংখ্য়া ১৮ টা। এই মন্ত্ৰ কেইটাৰ মাধ্য়মত ঈশোৰপনিষদৰ মূল বিষয়সমূহ অৱতাৰণা কৰা হৈছে আৰু আপাতদৃষ্টিত বিৰোধ যেন লগা বিষয়সমূহ, যেনে- এক আৰু বহু, জ্ঞান আৰু কৰ্ম, বিদ্য়া আৰু অবিদ্য়া প্ৰভৃতিৰ সমন্বয়  সাধন কৰা হৈছে। 

2. Brihadaranyaka Upanisad 

বৃহদাৰণ্যক উপনিষদ

উত্তৰঃ

3. Chandogya Upanisad

ছান্দোগ্য উপনিষদ 

উত্তৰঃ

4. Taittiriya Upanisad

তৈত্তিৰীয় উপনিষদ

উত্তৰঃ

5. Aitereya Upanisad 

ঐতেৰেয় উপনিষদ

উত্তৰঃ

6. Kena Upanisad 

কেন উপনিষদ

উত্তৰঃ

7. Katha Upanisad 

কঠ উপনিষদ

উত্তৰঃ

8. Kausitaki Upanisad 

কৌষীতকি উপনিষদ

উত্তৰঃ

9. Svetasvatara Upanisad 

শ্বেতাশ্বতৰ উপনিষদ

উত্তৰঃ

10. Prasa Upanisad 

প্রশ্ন উপনিষদ

উত্তৰঃ

11. Mudaka Upanisad 

মুণ্ডক উপনিষদ

উত্তৰঃ

12. Mandukya Upanisad 

মাণ্ডুক্য উপনিষদ

উত্তৰঃ 

Type- Ishant Bora