প্ৰথম গোটঃ

 উত্তৰ শংকৰী যুগ ( সপ্তদশ আৰু অষ্টাদশ শতিকা)ঃ

ঐতিহাসিক আৰু সাহিত্যিক পটভূমি আৰু বৈশিষ্ট্য

প্ৰশ্নাৱলীঃ 

১। উত্তৰ শংকৰী যুগৰ ঐতিহাসিক আৰু সাহিত্যিক পটভূমি লিখা?

উত্তৰঃ সপ্তদশ শতিকাৰ আৰম্ভণি পৰা অসমৰ ৰাজনৈতিক আৰু সামাজিক অৰ্থনৈতিক জীৱনত ভালেখিনি পৰিৱৰ্তন সূচনা হয়। এই সময়তে কোচৰাজ্য ভাগি দুখণ্ডত পৰিণত হয়। সোণকোষ নদীৰ পূৱৰ খণ্ড চিলাৰায়ৰপুত্ৰ ৰঘুনাৰায়ণ আৰু তেওঁ পুত্ৰ পৰীক্ষিত নাৰায়ন আৰু বলিনাৰায়ণে সপ্তদশ শতিকাৰ প্ৰথমাৰ্দ্ধত ৰাজত্ব কৰে।দুই খণ্ড কোচৰাজ্য মাজত সঘনে সংঘৰ্ষ হৈ দুৰ্বল হৈ পৰে আৰু পশ্চিম কোচৰাজ্যই অৰ্থাৎ কোচবেহাৰে মোগলৰ এক প্ৰকাৰৰ বশ্যতা স্বীকাৰ কৰি কোচহাজোক আক্ৰমন কৰাত অৱশেষত বলিনাৰায়ণ আহোমৰ শৰণাপন্ন হয়। আহোম ৰজা প্ৰতাপ সিংহই তেওঁক আশ্ৰিত ৰজা হিচাপে ধৰ্মাৰায়ণৰ নাম দি মোগল বিৰুদ্ধে সহায় কৰে। ইয়াৰ আগতে পৰীক্ষিতৰ দিনত মোগলে বৰনদী লৈকে কোচহাজোৰ গোটেই খণ্ড দখল কৰিছিল। মোগলে আহোমকো জোকাই লোৱাত আহোমে বলিনাৰায়নক সহায় কৰা সহজ হৈ পৰে। কেইবাবছৰো ব্যাপি নেৰেনেপেৰা যুদ্ধৰ পাছত মোগল পৰাজিত হৈ কামৰূপৰ বহু অংশ আহোমক এৰি দিয়ে আৰু বলিনাৰায়ণ আৰু তেওঁৰ উত্তৰাধিকাৰী সকল দৰঙত আহোমৰ কৰতলীয়া ৰজা হিচাপে সীমাবদ্ধ ক্ষমতাৰে ৰাজত্ব কৰিবলৈ লয়। ইয়াৰ ফলত আহোম ৰাজ্যৰ ক্ষমতা কামৰূপৰ কিছু অংশলৈকে বিস্তৃত হয় আৰু গুৱাহাটী আহোম ৰাজ্যৰ দ্বিতীয় ৰাজধানী ৰূপে পৰিগণিত হয়। 

            এই ৰাজনৈতিক সংঘৰ্ষ আৰু অস্তিৰ অৱস্থাৰ ফলত কোচবেহাৰে অসমীয়া সাহিত্যৰ কেন্দ্ৰস্থলৰূপে মৰ্যাদা হেৰুৱালে। লক্ষ্মীনাৰায়নৰ পৰা প্ৰাণনাৰায়ণৰ দিনলৈকে কোচবেহাৰে অসমীয়া পণ্ডিত, কবি আৰু সন্ত-মহন্তক আদৰি লৈছিল যদিও নৰনাৰায়ণৰ দিনৰ আকৰ্ষণ নাছিল আৰু ৰাজসভাৰো তেনে মৰ্যাদা নাছিল। ফলত অসমীয়া সাহিত্য চৰ্চাৰ এটা ডাঙৰ অনুপ্ৰেৰণা থল হেৰাই গল। 

২। উত্তৰ-শংকৰী যুগৰ সাহিত্যৰ বৈশিষ্ট্য লিখা?

উত্তৰঃ উত্তৰ শংকৰী যুগৰ সাহিত্যৰ বৈশিষ্ট্যসমূহ হৈছে-

ক) এই যুগৰ সাহিত্য কেন্দ্ৰস্থল ৰাজসভা পৰিৱৰ্তে ধৰ্মীয়  সত্ৰ- অনুষ্ঠানত ঠাই পাইছিল। 

খ) এই যুগতে চৰিত পুথিৰ উদ্ভৱ, ভকতীয়া গদ্যৰ বিকাশ আৰু বুৰঞ্জী গদ্য আৰ্ৱিভাৱ হয়। লগতে চৰিতলেখাৰ প্ৰথাৰ প্ৰচলিত হয় ফলত চৰিত সাহিত্যই বিস্তৃত লাভ কৰে।

গ) এই যুগত বৈষ্ণৱ সন্তসকলে অসমৰ চুকে -কোণে শিষ্য-প্ৰশিষ্য সকলক পঠায় সত্ৰ স্থাপন কৰি ধৰ্ম প্ৰচাৰ কৰে। পাছত সত্ৰ সংখ্যা আৰু ভকতৰ সংখ্যা বাঢ়ি যোৱাত এই শতিকাৰ শেষৰ ফালে গদাধৰ সিংহই বহুতো সত্ৰ ভাঙি দি ভকতক ধৰি আনি ৰাজহুৱা কামত লগাইছিল। 

ঘ) এই যুগতে ভট্টদেৱৰ হাতত প্ৰকৃত অসমীয়া গদ্য সৃষ্টি হয়। পদ-সাহিত্য পঠন -শ্ৰৱণত অভ্যস্ত জনসাধাৰণৰ আগত নতুন প্ৰণালীত ৰচনা কৰা এই শ্ৰেণী সাহিত্য দাঙি ধৰি মন আকৰ্ষন কৰাও অন্যতম উদ্দেশ্য।

৩। ভট্টদেৱৰ গৈদ্য শৈলী সম্পৰ্কে লিখা?

উত্তৰঃ তিনিখন অতি প্ৰসিদ্ধ, পৱিত্ৰ আৰু তত্ত্বপ্ৰধান  সংস্কৃত শাস্ত্ৰ অসমীয়া গদ্যলৈ ৰূপান্তৰ কৰি ভট্টদেৱে অসমীয়া ভাষাক উচ্চ মৰ্যাদা দান কৰা লগতে তত্ত্বগধুৰ ভাৱ প্ৰকাশৰ সহজ বাহন ৰূপে অসমীয়া গদ্যভাষাক থিয় কৰায়। গীতা, ৰত্নাৱলী আৰু ভাগৱত তিনিখনেই ভাব গধূৰ গ্ৰন্থ। 

        ভট্টদেৱে পদ্য পুথিত ব্যৱহাৰ কৰা শব্দাৱলী আৰু বৈয়াকৰণিক গঢ়সমূহ তেওঁ গ্ৰহণ কৰি কথিত ভাষাৰ বাক্য ৰচনা প্ৰণালীত সেই বোৰ প্ৰয়োগ কৰিছে। গদ্য বা কথাৰীতিত প্ৰকাশৰ মাধ্যমৰূপে গ্ৰহণ কৰিলেও পদবন্ধ মোহ এৰিব পৰা নাছিল। আৰু কোনো ধৰ্ম সমাজত শাস্ত্ৰ ব্যাখ্যা কৰোঁতে যি ৰীতিত প্ৰশ্ন উত্থাপন কৰি তাৰ উত্তৰ দি যায়, সেই ৰীতিতে গীতা আৰু ভাগৱত ৰচনা কৰিছে।

        ভট্টদেৱৰ বাক্য়ত শব্দবিন্যাসৰ প্ৰণালী নিঁখুত আৰু ব্যাকৰণ প্ৰয়োগ বিশুদ্ধ। বাক্যবোৰ সাধাৰণতে চুটি চুটি, কিন্তু স্থান বিশেষে সংস্কৃতীয়া  প্ৰভাৱৰ মুক্ত হব নেৱাৰি সমাসবদ্ধ বাক্যও প্ৰয়োগ কৰা দেখা যায়। তৎসম আৰু তদ্ভৱ শব্দৰ প্ৰয়োগৰ সমতা ৰক্ষা কৰি তেওঁ বাক্যবোৰ ৰচনা কৰিছে। ছন্দোবদ্ধ ৰচনা প্ৰয়োগ নোহোৱা উত্তৰ পুৰুষৰ ভৱিষ্যত কালৰ প্ৰত্যয় ম (কৰিম) তৃতীয় পুৰুষ ব প্ৰত্যেয় প্ৰয়োগ ভট্টদেৱৰ গদ্য়ৰ বিশেষত্ব। একোটি চুটি চুটি বাক্যত ভালেখিনি কথা সুমুৱাই ৰাখিব পৰা ক্ষমতা ভট্টদেৱৰ দেখা যায়।  

অতি চমু প্ৰশ্নোত্তৰঃ

১। কোনজন কোঁচ ৰজা দিনত কোঁচবেহাৰত বংগীয় প্ৰভাৱ সোমাই কোঁচবেহাৰ অসমৰ পৰা এক প্ৰকাৰ বিছিন্ন হৈ পৰিল?

উত্তৰঃ কোঁচ ৰজা প্ৰাণনাৰায়ণৰ দিনত কোঁচবেহাৰত বংগীয় প্ৰভাৱ সোমাই কোঁচবেহাৰ অসমৰ পৰা এক প্ৰকাৰ বিছিন্ন হৈ পৰিল। 

২। কোনজন আহোম স্বৰ্গদেৱে সত্ৰানুষ্ঠান বোৰ ভঙাত উঠিপৰি লাগিছিল?

উত্তৰঃ গদাধৰ সিংহই আহোম স্বৰ্গদেৱে সত্ৰানুষ্ঠান বোৰ ভঙাত উঠিপৰি লাগিছিল।

৩। কোনখিনি সময়ত চৰিত পুথি আৰু গদ্য সাহিত্যৰ বিকাশৰ যুগ বুলি কব পাৰি?

উত্তৰঃ সপ্তদশ শতিকাৰ আৰম্ভণি পৰা শেষৰ সময়ত লৈকে চৰিত পুথি আৰু গদ্য সাহিত্যৰ বিকাশৰ যুগ বুলি কব পাৰি।

৪। উত্তৰ-শংকৰী যুগৰ বিশিষ্ট লক্ষণ কি?

উত্তৰঃ চৰিত পুথিৰ উদ্ভৱ, ভকতীয়া গদ্যৰ বিকাশ আৰু বুৰঞ্জীৰ গদ্যৰ আৱিৰ্ভাৱ। 

৫। চৰিত সাহিত্যৰ উদ্ভৱৰ কিমান বছৰ আগতে গদ্য সাহিত্যৰ উদ্ভৱ হয়?

উত্তৰঃ চৰিত সাহিত্যৰ উদ্ভৱৰ কুৰি-পঁচিশ বছৰ মানৰ আগতে গদ্য সাহিত্যৰ উদ্ভৱ হয়।

৬। অংকীয়া নাটত  গদ্যৰ প্ৰথম নিদৰ্শন পালেও সেই গদ্যক প্ৰকৃত অসমীয়া গদ্যৰ চানেকী বুলিব কিয় নোৱাৰি ?

উত্তৰঃ অংকীয়া নাটৰ গদ্যত মৈথিলিৰ আধিপত্য আৰু গদ্য ৰচনাৰ বাক্যবিন্যাস প্ৰণালী সেই গদ্যত ৰক্ষা নোহোৱাৰ বাবে অংকীয়া নাটৰ গদ্যক প্ৰকৃত অসমীয়া গদ্যৰ চানেকী বুলি কব নোৱাৰি।

৭। কাৰ হাতত প্ৰকৃত অসমীয়া গদ্যৰ সৃষ্টি হয়?

উত্তৰঃ ভট্টদেৱৰ হাতত প্ৰকৃত অসমীয়া গদ্যৰ সৃষ্টি হয়। 

৮। মাধৱ দেৱৰ তিৰোভাৱৰ পাছৰ এশ বছৰত গঢ়লোৱা সাহিত্যৰ কেন্দ্ৰস্থল কি আছিল?

উত্তৰঃ মাধৱ দেৱৰ তিৰোভাৱৰ পাছৰ এশ বছৰত গঢ়লোৱা সাহিত্যৰ কেন্দ্ৰস্থল বৈষ্ণৱ সত্ৰ আৰু সমাজ।

৯। কোন কোঁচৰজাৰ দিনৰ পৰা কবি সাহিত্যিক সকলৰ পৃষ্ঠপোষকতা ক্ৰমে ক্ষীণ হৈ আহিবলৈ ধৰে?

উত্তৰঃ লক্ষ্মীনাৰায়ণৰ কোঁচৰজাৰ দিনৰ পৰা কবি সাহিত্যিক সকলৰ পৃষ্ঠপোষকতা ক্ৰমে ক্ষীণ হৈ আহিবলৈ ধৰে।

১০। উত্তৰ-শংকৰী যুগৰ সাহিত্যত কিহৰ অভাৱ পৰিলক্ষিত হয়?

উত্তৰঃ উত্তৰ-শংকৰী যুগৰ সাহিত্যত মৌলিক দৃষ্টিভংগী আৰু সৃজনশীল প্ৰতিভাৰ অভাৱ পৰিলক্ষিত হয় । 

১১। ভট্টদেৱৰ প্ৰকৃত নাম কি?

উত্তৰঃ ভট্টদেৱৰ প্ৰকৃত নাম হ'ল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য।

১২। ভাগৱতত ব্যুৎপত্তি আৰু ব্যাখ্যাত অসাধাৰণ ক্ষমতা দেখি পণ্ডিত সমাজে ভট্টদেৱক বিভূষিত কৰা উপাধি দুটা কি কি ?

উত্তৰঃ ভাগৱতত ব্যুৎপত্তি আৰু ব্যাখ্যাত অসাধাৰণ ক্ষমতা দেখি পণ্ডিত সমাজে ভট্টদেৱক বিভূষিত কৰা উপাধি দুটা হ'ল কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য।

১৩। কথা-ৰত্নাৱলী কোনে ৰচনা কৰে?

উত্তৰঃ কথা-ৰত্নাৱলী ভট্টদেৱে ৰচনা কৰে।

১৪। কোন কেইখন গ্ৰন্থক ভট্টদেবৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়?

উত্তৰঃ কথা-ভাগৱত, কথা-গীতা, আৰু কথা-ৰত্নাৱলী গ্ৰন্থক ভট্টদেবৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়।

১৫। দামোদৰদেৱ, হৰিদেৱৰ ভক্তি পন্থাটো পৰৱৰ্তী কালত কি নামেৰে জনা যায়?

উত্তৰঃ দামোদৰদেৱ, হৰিদেৱৰ ভক্তি পন্থাটো পৰৱৰ্তী কালত ব্ৰহ্ম-সংহতি নামেৰে জনা যায়

১৬। কোনসকল বৈষ্ণৱ নেতৃত্বত নিকা সংহতি সৃষ্টি হয়?

উত্তৰঃ মথুৰাদাস বুঢ়া আতা, বদুলা আতা, বৰবিষ্ণু আতা আদি বৈষ্ণৱ সকলৰ নেতৃত্বত। 

১৭। উত্তৰ- শংকৰী যুগৰ সাহিত্যৰ সিংহভাগ ৰজাঘৰীয়া সাহিত্য নে সত্ৰীয়া সাহিত্য?

উত্তৰঃ উত্তৰ- শংকৰী যুগৰ সাহিত্যৰ সিংহভাগ সত্ৰীয়া সাহিত্য। 

১৮। উত্তৰ শংকৰী যুগটোৰ সাহিত্য শংকৰী যুগৰ সাহিত্যৰ সমানেই সমুজ্জ্বল নোহোৱাৰ কাৰণ কি?

উত্তৰঃ উত্তৰ-শংকৰী যুগটোত শংকৰদেৱৰ দৰে বহুমুখী প্ৰতিভাৰধৰ  ব্যক্তি নাছিল বাবেই উত্তৰ-শংকৰী যুগটোৰ সাহিত্যৰ শংকৰী যুগৰ সাহিত্যৰ সমানেই সমুজ্জ্বল নোহোৱাৰ কাৰণ। 

১৯। উত্তৰ-শংকৰী যুগত ভট্টদেৱৰ বাহিৰেও তেওঁৰ আগতে কোন কোন কবি সাহিত্যিকে গদ্য সাহিত্য ৰচনা কৰা দৃষ্টান্ত সম্প্ৰতি পোৱা গৈছে?

উত্তৰঃ উত্তৰ-শংকৰী যুগত ভট্টদেৱৰ বাহিৰেও তেওঁৰ আগতে হৰিদেৱ আৰু অনিৰুদ্ধদেৱেসাহিত্যিকে গদ্য সাহিত্য ৰচনা কৰা দৃষ্টান্ত সম্প্ৰতি পোৱা গৈছে।

২০। সপ্তদশ শতিকাৰ আগভাগলৈকে চৰিতপুথিৰ ৰচক বুলি খ্যাত লোক কোনকেইজন?

উত্তৰঃ সপ্তদশ শতিকাৰ আগভাগলৈকে চৰিতপুথিৰ ৰচক বুলি খ্যাত লোক কেইজন হ'ল ভূষণ দ্বিজ, দৈতাৰি ঠাকুৰ আৰু বৈকুণ্ঠ দ্বিজ।