অধ্যায় ১

প্ৰহ্লাদ চৰিত্ৰ


অতি চমু প্ৰশ্নঃ

১/ হিৰণ্যকশিপুক কোনে বধ কৰিছিল ?

উত্তৰঃ নৰশিংহৰূপী বিষ্ণুৱে ।

২/ 'প্ৰহ্লাদ চৰিত্ৰ' কাব্যৰ ৰচক কোন ?

উত্তৰঃ হেম সৰস্বতী ।

৩/হেম সৰস্বতী কোন যুগৰ কবি ?                                         

উত্তৰঃ প্ৰাক্-শংকৰী যুগৰ ।

৪/ হেম সৰস্বতীৰ এখন কাব্যপুথিৰ নাম লিখা ?

উত্তৰঃ 'প্ৰহ্লাদ চৰিত্ৰ' ।

৫/ হেম সৰস্বতীয়ে 'প্ৰহ্লাদ চৰিত্ৰ'ৰ কাহিনীভাগ কোনখন পুৰাণৰ পৰা গ্ৰহণ কৰিছিল ?

উত্তৰঃ 'বামান পুৰাণ'ৰ পৰা ।

৬/ প্ৰহ্লাদৰ পিতৃৰ নাম কি ?

উত্তৰঃ হিৰণ্যকশিপু ।

৭/ হেম সৰস্বতী কোন শতিকাৰ কবি ?

উত্তৰঃ চতুৰ্দশ শতিকাৰ।

৮/ প্ৰহ্লাদৰ মতে প্ৰকৃত পিতা-মাতা কোন ?

উত্তৰঃ মাধৱ বা বিষ্ণু ।

প্ৰশ্নাৱলী ঃ

১। কবিতাংশত হৰিৰ প্ৰতি প্ৰহ্লাদে কেনেদৰে ভক্তি প্ৰকাশ কৰিছে লিখা।

উত্তৰঃ 'প্ৰহ্লাদ চৰিত্ৰ' নামৰ আমাৰ পাঠ্যপুঠিত সান্নিবিষ্ট কবিতাংশটি হেম সৰস্বতীৰ 'প্ৰহ্লাদ চৰিত্ৰ' নামৰ পুথিখনৰ পৰা লোৱা হৈছে। প্ৰহ্লাদক হৰিৰ নিন্দা কৰিবলৈ বা মাধৱদেৱক গাৰ্ পাৰিবলৈ কোৱা হৈছিল। সেই কথাত আপত্তি জনাই প্ৰহ্লাদে হৰিক স্মৰণ কৰিছে আৰু কৈছে যে মাধৱেই তেওঁৰ প্ৰাণ আৰু একমাত্ৰ বন্ধু গতিকে তেওঁ কেতিয়াও তেওঁক গালি দিব নোৱাৰে।

    প্ৰহ্লাদে কৈছে এই পৃথিৱীত যত গছ,নদী, পাহাৰ-পৰ্বত আছে ততে হৰি আছে। তিনিও জগতত তেওঁ আছে। এনেদৰে তেওঁ হৰিৰ প্ৰতি থকা ভক্তি প্ৰকাশ কৰিছে।

    প্ৰহ্লাদৰ কথা শুনি বাপেক হিৰণ্যকশিপুৱে পুনৰাই গৰজি উঠিছে যে যদি সকলোতে ঈশ্বৰ আছে সকলো সমান হব লাগিছিল। প্ৰহ্লাদে উত্তৰ দিছে যে নিৰ্মল দৃষ্টি থাকিলেহে হৰিৰ দৰ্শন হব। ঈশ্বৰ সকলোতে থকা সত্ত্বেও সকলো সমান নহয় সেইবাবে তেওঁ নিজৰ কৰ্মৰ অনুসৰি ফল ভোগে।

    সামান্য আলাপৰ মাজতেই প্ৰহ্লাদৰ কথা আৰু কাৰ্যত হৰিৰ প্ৰতি থকা ভক্তি, অটল বিশ্বাসৰ কথা প্ৰকাশ পাইছে। হৰিক তেওঁ সকলো বস্তুৰে মাজতে প্ৰত্যক্ষ কৰিছে। তিনিও জগতৰ সকলো সম্পদৰ মাজত তেওঁ হৰিক প্ৰত্যক্ষ কৰিব পাৰিছে মানেই বুজিব পাৰি যে প্ৰহ্লাদৰ হৰি ভক্তিৰ নমুনা কিমান গভীৰ। 

২। হিৰণ্যকশিপু কেনেদৰে নিধন হ'ল লিখা।

উত্তৰঃ প্ৰহ্লাদে হৰিক সকলোতে দেখিবলৈ পোৱা বুলি কোৱাত হিৰণ্যকশিপুৱে খঙত সমুখত থকা স্ফটিকো প্ৰহাৰ কৰিবলৈ ধৰিলে ফলত স্তম্ভটো ফাটি তাৰ পৰা ওলাই আহিল নৰসিংহৰূপী নাৰায়ন। নৰসিংহই  গৰ্জন কৰি হিৰণ্যকশিপুৰ ফালে চোচা ললে আৰু হিৰণ্যকশিপুৱেও নাৰায়নক গপা মাৰি ধৰিলে। তেওঁলোকৰ বিকট চিয়ৰত স্বৰ্গ মৰ্ত- পাতালত ত্ৰাসৰ সৃষ্টি হল। জল, স্থল, পাহাৰ, পৰ্বত সকলো মোহাৰি মুচৰি একাকাৰ কৰিবলৈ ধৰিলে। মাজতে  হিৰণ্যই ছেগ চাই নৰসিংহক ওপৰলৈ দলিয়াই দিলে। ওপৰৰ পৰা মাটিত পৰি নৰসিংহ অচেতন হৈ পৰিল।

    নৰসিংহ এনে অৱস্থা দেখি অসুৰসকলে জয়ধ্বনি দিছিল। ইতিমধ্যে নৰসিংহই চেতনা লাভ কৰিছে আৰু এক জাপ মাৰি হিৰণ্যকশিপুক জব্দ কৰি ধৰিলে। ইতিমধ্যে দিন পাৰ হৈ ৰাতি হল হিৰণ্যকশিপুৰ মৃত্যু সম্পৰ্কত থকা সকলো বাধাঁ আতৰি গল। কাৰণ হিৰণ্যকশিপুৱে বৰ লাভ কৰিছিল যে - দিনত কিম্বা ৰাতি, পৃথিৱীত কিম্বা আকাশত, অস্ত্ৰে কিম্বা শস্ত্ৰে, ভিতৰত কিম্বা চোতালত, জলত কিম্বা স্থলত তেওঁক কোনেওঁ বধ কৰিব নোৱাৰে। সেই হিচাপে সেইখিনি সময়ত দিনো নহয় ৰাতিও নহয় কালসন্ধ্যাৰ সুযোগ লৈ নৰসিংহই হিৰণ্যকশিপুক চুচৰাই নি পানী পোতাৰ চোতালতো নহয় এনে এক অৱস্থাত নৰসিংহই হিৰণ্যকশিপুক জল স্থল একোৱেই স্পৰ্শ কৰিব নোৱাৰাকৈ পৃথিৱীত বা আকাশত নাৰাশি নিজৰ উৰৰ ওপৰত উঠাই ললে। এইবাৰ অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ নকৰাকৈ নখেৰে চিৰি পেলালে এনেকৈ নৰসিংহৰূপী নাৰায়ণে হিৰণ্যকশিপুক বধ কৰিলে।

৩ | কবি হেম সৰস্বতীৰ চমু পৰিচয় দিয়া ।

উত্তৰঃ হেম সৰস্বতী পাক্-শংকৰী যুগৰ এগৰাকী উল্লেখযোগ্য কবি। তেওঁ কমতাপুৰৰ ৰজা দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। হেম সৰস্বতীৰ পিতৃৰ নাম আছিল ৰুদ্ৰ সৰস্বতী আৰু মাতৃৰ নাম আছিল দেৱযানী। হেম সৰস্বতী পুৰুষাণুক্ৰমে পণ্ডিত বংশৰ লৰা আছিল। বাপেক ৰুদ্ৰ সৰস্বতীও এগৰাকী সংস্কৃতজ্ঞ আছিল।

                            দুৰ্লভ নাৰায়ণৰ আনুগত্য লাভ কৰি হেম সৰস্বতীয়ে 'প্ৰহ্লাদ চৰিত্ৰ' আৰু 'হৰগৌৰী সংবাদ' নামৰ দুখন কাব্যগ্ৰন্থ ৰচনা কৰে। হেম সৰস্বতীৰ 'প্ৰহ্লাদ চৰিত্ৰ' অসমীয়া সাহিত্যৰ প্ৰথম লিখিত কাব্য নিদৰ্শন। হেম সৰস্বতীয়ে 'বামান পুৰাণ' চাই হিৰণ্যকশিপু আৰু প্ৰহ্লাদৰ তৰ্কা-তৰ্কিৰ পৰা আৰম্ভ কৰি হিৰণ্যকশিপু বধলৈ বৰ্ণনা কৰিছে যদিও বতৰ্মান প্ৰচলিত বামান-পুৰাণত বিষ্ণুৰ নৰসিংহ অৱতাৰ গ্ৰহণ আৰু শিশু প্ৰহ্লাদৰ বিষ্ণু ভক্তি বিৱৰণ নাই। হেম সৰস্বতীৰ বৰ্ণনা সৰল আৰু ঘৰুৱা, ভাষাৰ আড়ম্বৰ নাই।

                                   হেম সৰস্বতীৰ আনখন কাব্য 'হৰগৌৰী সংবাদ' প্ৰহ্লাদ চৰিত্ৰতকৈ বহুগুণে ডাঙৰ। ইয়াত ৮৯৯টা পদ আছে। এই কাব্যখনিত তাৰকাসুৰৰ অত্যাচাৰ, শিৱৰ তপস্যা, মদন ভম, হৰ পাৰ্বতীৰ বিবাহ, কাৰ্তিকৰ জন্ম আৰু তাৰকাসুৰ বধৰ বিৱৰণ পোৱা যায়।

৪। প্ৰসঙ্গ-সঙ্গতি দৰ্শাই ব্যাখ্যা কৰা।

    (ক) মাধৱেসে পিতা মাতা মাধৱেসে প্ৰাণ।

            মাধৱত পৰে কোন বন্ধু আছে আন।।

উত্তৰঃ উক্ত কবিতাফাঁকি হেম সৰস্বতী ৰচিত 'প্ৰহ্লাদ চৰিত্ৰ'ৰ পৰা লোৱা হৈছে।

    প্ৰহ্লাদ আছিল ভগৱান শ্ৰীকৃষ্ণৰ পৰম ভক্ত। দৈত্যকুলত জন্ম হৈ হৰিৰ ভক্ত হৈ পৰাৰ বাবে হিৰণ্যকশিপু অতি চিন্তিত হৈ পৰিছিল। প্ৰহ্লাদৰ মুখৰ পৰা হৰিনাম আতৰাবলৈ তেওঁ প্ৰহ্লাদক বহু শাস্তি দিছিল। ভগৱানক এনে নিন্দাবানী উচ্চাৰণ কৰিবলৈ দিয়াত প্ৰহ্লাদৰ মুখৰ পৰা এনে দুখাৰী বৰ্ণনা কৰা হৈছে।

    হৰিক এনে গালি পাৰিবলৈ কোৱাত প্ৰহ্লাদে কৈছিলে হৰিয়েই তেওঁৰ পিতৃ-মাতৃ সকলো আৰু হৰিয়েই তেওঁৰ প্ৰাণ। মাধৱৰ বাদে জগতত আন কোন বন্ধু আছে? জল, স্থল, গিৰি বন, জীৱ-জন্তু সকলোতে নাৰায়ন বিদ্যাবান। এই ত্ৰিভূৱনত প্ৰতেটো বস্তুৰ মাজতে তেওঁ তেনে ভগবন্তৰ প্ৰতি নিন্দাবাণী উচচাৰণ কৰিব কেনেকৈ।

    (খ) লৱঙ্গ মালতি সুগন্ধিত পুষ্প যুত।

            হৰিৰ শিৰত বৃষ্টি কৰে অসংখ্যাত।।

উত্তৰঃ উক্ত কবিতাফাঁকি হেম সৰস্বতী ৰচিত 'প্ৰহ্লাদ চৰিত্ৰ'ৰ পৰা লোৱা হৈছে।

    দৈত্যৰাজ হিৰণ্যকশিপুৰ পুত্ৰ প্ৰহ্লাদ আছিল হৰিৰ ভক্ত। দৈত্যৰাজে তেওঁক নানা যাতনা দিও হৰিৰ বিৰোধী কৰিব নোৱাৰিলে। তাৰ বিপৰীতে প্ৰহ্লাদে কলে যে যিজন হৰিক ত্ৰিভূৱনৰ প্ৰতিটো বস্তুতে প্ৰত্যক্ষ কৰিব পাৰি, যিজন জগতৰ একমাত্ৰ বন্ধু আৰু পিতা মাতা সেইজনক তেওঁ কোনোপধ্যে নিন্দা কৰিব নোৱাৰে। হিৰণ্যকশিপু গৰজি উঠিল যে তেওঁ সেই হৰিক কিয় নেদেশে। প্ৰহ্লাদে কলে যে- দৃষ্টি নিৰ্মল হলেহে হৰিক প্ৰত্যক্ষ কৰিব পাৰি। প্ৰহ্লাদে কলে যে- তুমি এই স্ফটিকৰ স্তম্ভটো হৰিক প্ৰত্যক্ষ কৰিব পাৰিবা।

     হিৰণ্যকশিপুৱে খঙত সমুখত থকা স্ফটিকো প্ৰহাৰ কৰিবলৈ ধৰিলে ফলত স্তম্ভটো ফাটি তাৰ পৰা ওলাই আহিল নৰসিংহৰূপী নাৰায়ন। নৰসিংহই  গৰ্জন কৰি হিৰণ্যকশিপুৰ ফালে চোচা ললে আৰু হিৰণ্যকশিপুৱেও নাৰায়নক গপা মাৰি ধৰিলে। তেওঁলোকৰ বিকট চিয়ৰত স্বৰ্গ মৰ্ত- পাতালত ত্ৰাসৰ সৃষ্টি হল। জল, স্থল, পাহাৰ, পৰ্বত সকলো মোহাৰি মুচৰি একাকাৰ কৰিবলৈ ধৰিলে। মাজতে  হিৰণ্যই ছেগ চাই নৰসিংহক ওপৰলৈ দলিয়াই দিলে। ওপৰৰ পৰা মাটিত পৰি নৰসিংহ অচেতন হৈ পৰিল। নৰসিংহ এনে অৱস্থা দেখি অসুৰসকলে জয়ধ্বনি দিছিল। ইতিমধ্যে নৰসিংহই চেতনা লাভ কৰিছে আৰু এক জাপ মাৰি হিৰণ্যকশিপুক জব্দ কৰি ধৰিলে। ইতিমধ্যে দিন পাৰ হৈ ৰাতি হল হিৰণ্যকশিপুৰ মৃত্যু সম্পৰ্কত থকা সকলো বাধাঁ আতৰি গল। কাৰণ হিৰণ্যকশিপুৱে বৰ লাভ কৰিছিল যে - দিনত কিম্বা ৰাতি, পৃথিৱীত কিম্বা আকাশত, অস্ত্ৰে কিম্বা শস্ত্ৰে, ভিতৰত কিম্বা চোতালত, জলত কিম্বা স্থলত তেওঁক কোনেওঁ বধ কৰিব নোৱাৰে। সেই হিচাপে সেইখিনি সময়ত দিনো নহয় ৰাতিও নহয় কালসন্ধ্যাৰ সুযোগ লৈ নৰসিংহই হিৰণ্যকশিপুক চুচৰাই নি পানী পোতাৰ চোতালতো নহয় এনে এক অৱস্থাত নৰসিংহই হিৰণ্যকশিপুক জল স্থল একোৱেই স্পৰ্শ কৰিব নোৱাৰাকৈ পৃথিৱীত বা আকাশত নাৰাশি নিজৰ উৰৰ ওপৰত উঠাই ললে। এইবাৰ অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ নকৰাকৈ নখেৰে চিৰি পেলালে এনেকৈ নৰসিংহৰূপী নাৰায়ণে হিৰণ্যকশিপুক বধ কৰিলে।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)








Type- Pompi Hazarika

Author - Leena Kakati