Chapter 2 

প্ৰাক -ঐতিহাসিক চিকাৰজীৱী সংগ্ৰাহকসকল

(Pre-historic Hunter-Gatherers)


প্ৰাক -ঐতিহাসিক চিকাৰজীৱী সংগ্ৰাহকসকল পাঠটো অনুশীলনী নাই অতিৰিক্ত প্ৰশ্ন উত্তৰ অতি সোনকালেই দিয়া হ'ব।

অতি চমু প্ৰশ্নঃ 

১। 'On the of Species' শীৰ্ষক গ্ৰন্থখনি কোনে ৰচনা কৰিছিল।

উত্তৰঃ- 'On the of Species' শীৰ্ষক গ্ৰন্থখনি চাৰ্লচ ডাৰউইনে ৰচনা কৰিছিল।

২। Pre-history শব্দটো প্ৰথম প্ৰয়োগ কেতিয়া হৈছিল ?

উত্তৰঃ- Pre-history শব্দটো প্ৰথম প্ৰয়োগ ১৮৫১ চনত হৈছিল।

৩। আদি প্ৰস্তৰ যুগ আৰু মধ্য প্ৰস্তৰ যুগৰ মানৱ কেনেকুৱা আছিল ?

উত্তৰঃ- আদি প্ৰস্তৰ যুগ আৰু মধ্য প্ৰস্তৰ যুগৰ মানৱ খাদ্য সংগ্ৰাহক, চিকাৰী আৰু অঘৰী আছিল।

৪। ইংৰাজী ভাষাৰ 'Paleolithic' শব্দটো ক'ৰ পৰা আহিছে ?

উত্তৰঃ- গ্ৰীক ভাষাৰ 'Palaios' অৰ্থাৎ পুৰণি বা প্ৰাচীন আৰু 'Lithos' অৰ্থাৎ শিলৰ পৰা আহিছে।

৫। এছিয়া মহাদেশৰ হ'মিনিডৰ অৱশেষ প্ৰথম কেতিয়া উদ্ধাৰ হৈছিল ?

উত্তৰঃ- এছিয়া মহাদেশৰ হ'মিনিডৰ অৱশেষ প্ৰথম ১৯৬৬ চনত উদ্ধাৰ হৈছিল।

চমুপ্ৰশ্নঃ

১। আদি প্ৰস্তৰ যুগৰ দুখন ঠাই নাম লিখা ।

উত্তৰঃ- আদি প্ৰস্তৰ যুগৰ দুখন ঠাই নাম হ'ল- ১। লাচবেলা

                                                                         ২। গুজৰাট।

২। ১৮৭৪ খ্ৰীষ্টাব্দত ব্ৰঞ্জৰ যুগক কোনে কেইটা ভাগত বিভক্ত কৰিছিল  ।

উত্তৰঃ- ১৮৭৪ খ্ৰীষ্টাব্দত ব্ৰঞ্জৰ যুগক ইংলেণ্ডৰ পুৰাতত্ত্ববিদ ছাৰ জন ইনভাছে আদি , মধ্য আৰু পৰৱৰ্তী ব্ৰঞ্জযুগত বিভক্ত কৰিছিল।

৩। মধ্যভাৰতত মধ্যপ্ৰস্তৰ যুগৰ দুখন গুৰুত্বপূৰ্ণ স্থানৰ নাম লিখা।

উত্তৰঃ- মধ্যভাৰতত মধ্যপ্ৰস্তৰ যুগৰ দুখন গুৰুত্বপূৰ্ণ স্থানৰ নাম হ'ল-

১। আদমগড় ২। বাঘমৰা ।

৪। ৰিচাৰ্ড লিকিয়ে 'The origin of Humankind' ত মানৱ জাতিৰ বিকাশৰ বিষয়ে উল্লেখ কৰা দুটা পৰ্যায় লিখা।

উত্তৰঃ- ৰিচাৰ্ড লিকিয়ে 'The origin of Humankind' ত মানৱ জাতিৰ বিকাশৰ বিষয়ে উল্লেখ কৰা দুটা পৰ্যায় হ'ল-

১। প্ৰথম পৰ্যায় হৈছে যেতিয়া প্ৰায় ৭ নিযুত বছৰ পূৰ্বে দুই ভৰিৰে বা দণ্ডায়মান বান্দৰ প্ৰজাতিৰ বিকাশ।

২। দ্বিতীয় পৰ্যায়ত ৭নিযুত আৰু ২নিযুত বছৰ পূৰ্বৰ ভিতৰত ভিন্ন প্ৰাকৃতিক বাতাবৰণৰে অভ্যস্ত দুই ভৰিৰ কেইবাটাও এপৰ প্ৰজাতিৰ বিকাশ হয়।

চমুটোকাঃ

১। মধ্যপ্ৰস্তৰ যুগৰ অৰ্থনীতি।

উত্তৰঃ-     মধ্যপ্ৰস্তৰ যুগৰ অৰ্থনীতি (Economy in Mesolithic Age) ঃ চিকাৰ কৰা, মাছধৰা আৰু খাদ্য সংগ্ৰহ কাৰ্যতে মধ্য প্রস্তৰ যুগৰ মানৱ জীৱনৰ অধিকাংশ সময় পাৰ হৈছিল। যিহেতু মধ্যপ্ৰস্তৰ যুগে আদি প্ৰক্তৰ যুগ আৰু নৱপ্ৰস্তৰ যুগৰ মাজৰ এক পৰিৱৰ্তনশীল কালক প্রতিনিধিত্ব কৰে গতিকে এই যুগৰ পাছৰ পৰ্যায়ত মানৱ সীমিত পৰিমাণে হ'লেও পশুপালন আৰু কৃষি বৃত্তিত জড়িত হোৱাৰো প্ৰমাণ পোৱা যায়। বাগৰত উদ্ধাৰ হোৱা মধ্য প্রস্তৰ যুগৰ পুৰাতাত্ত্বিক তথ্যই প্রমাণ কৰিছে যে এই অঞ্চলত প্ৰাৰম্ভিক পৰ্যায়ত চিকাৰ আছিল জীৱিকা নির্বাহৰ মূল উৎস। কিন্তু দ্বিতীয় পর্যায়ত জন্তুৰ হাড় আৰু শিলৰ আহিলাৰ সীমিত অৱস্থিতিয়ে চিকাৰৰ গুৰুত্ব ক্রমান্বয়ে হ্রাস পোৱা আৰু খাদ্য উৎপাদনৰ ওপৰত বৰ্দ্ধিত নিৰ্ভৰশীলতাৰ কথাকে সূচায়। মাটিৰ বাচন-বৰ্তন, ধাতুৰ আহিলা, অলংকাৰৰ ব্যৱহাৰ তথা সমৃদ্ধ মানৱ সমাধিসমূহে এক সুস্থিৰ আৰু নিৰাপদ অৰ্থনীতিৰ ইংগিত বহন কৰে।

    লিংগভিত্তিক কর্ম বিভাজন মধ্য প্রস্তৰ যুগত দেখা পোৱা যায়। ইয়াৰ প্ৰমাণ হিচাপে ভীমবেতকাৰ শিলা চিত্ৰাসমূহক আঙুলিয়াব পাৰি। এই অঞ্চলৰ পৰা উদ্ধাৰ হোৱা মধ্যপ্ৰস্তৰ যুগৰ চিত্ৰসমূহৰ বহুততে বয়স্ক আৰু কমবয়সীয়া পুৰুষ-মহিলাৰ চিত্ৰও পোৱা গৈছে। পুৰুষৰ চিকাৰ কৰা দৃশ্য আৰু মহিলাই খাদ্য সংগ্ৰহ কৰি প্ৰস্তুত কৰা তথা পটাত খাদ্য গুড়ি কৰা আদি দৃশ্য চিত্ৰসমূহত সহজলভ্য অৱশ্যে পুৰুষৰ সৈতে মহিলায়ো চিকাৰ কাৰ্যত সহযোগিতা কৰাৰ দৃশ্যও পোৱা গৈছে।

    আদিপ্ৰস্তৰ যুগৰ দৰে মধ্য প্রস্তৰ যুগতো চিকাৰ আৰু সংগ্ৰহ কাৰ্যত ব্যস্ত মানৱ জীৱন নিৰ্বাহৰ বাবে শাৰীৰিক শক্তিৰ ওপৰত অত্যধিক নিৰ্ভৰশীল আছিল। তেওঁলোকৰ খাদ্য আৰু ব্যৱহাৰিক প্ৰয়োজনীয়তা সীমিত আছিল। বাসস্থানৰ সীমিত পৰিসৰৰ ভিতৰত তেওঁলোকে খাদ্য সামগ্রী সংগ্ৰহ কৰিছিল। এক প্ৰকাৰৰ জনজাতীয় জীৱন-যাপন কৰা মানৱে খাদ্যসামগ্রী হ্রাস পালে বা অন্য দুৰ্যোগৰ সন্মুখীন হ’লে অন্য ঠাইলৈ বাসস্থান সলনি কৰিছিল। কঠোৰ আৰু পৰিৱৰ্তনশীল প্রাকৃতিক পৰিৱেশৰ মাজত জীৱন নিৰ্বাহ কৰা সকলে সঘনে বাসস্থান সলনি কৰি যাযাবৰী জীৱন-যাপন কৰিছিল।

    মানৱ সৰু সৰু গোটত বিভক্ত আছিল। গোটৰ যিকোনো সিদ্ধান্তত পুৰুষসকলে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। নিজৰ গোটৰ বাহিৰত তেওঁলোকে পৰাপক্ষত সম্পৰ্ক এৰাই চলিছিল। সাধাৰণতে খাদ্য আৰু বাসস্থানৰ উপযোগী ক্ষেত্ৰৰ বাবে বিভিন্ন গোটৰ মাজত সংঘৰ্ষহে লাগিছিল। বিশেষকৈ উৎপাদনশীল আৰু সুস্থিৰ পৰিৱেশত এনে সংঘৰ্ষৰ মাত্ৰা সৰ্বাধিক আছিল। অৱশ্যে ভাৰতীয় উপমহাদেশৰ বিভিন্ন স্থানৰ পৰা উদ্ধাৰ হোৱা মধ্যপ্ৰস্তৰ যুগৰ সমলে বিভিন্ন মানৱ সমাজৰ মাজত যোগাযোগ আৰু আদান-প্রদানৰো প্ৰমাণ দিয়ে। আহিলা নিৰ্মাণৰ বাবে উপযুক্ত শিল মানৱে দূৰ-দূৰণিৰ পৰা সংগ্ৰহ কৰা কাৰ্য এই ক্ষেত্ৰত উল্লেখযোগ্য।

    মধ্যপ্ৰস্তৰ যুগত ঠায়ে ঠায়ে অস্থায়ী বসবাসৰ প্ৰমাণ পালেও চৰাই নাহৰৰায়, মহাদহা, চপনী মাণ্ডো আদি ঠাইত নিয়মীয়া ৰূপত বসতি স্থাপনৰ তথ্য পোৱা যায়। ৰাজস্থানৰ তিলৱাৰা আৰু বাগৰ, উত্তৰপ্ৰদেশৰ চাপনীমাণ্ডো আদি ঠাইত মধ্যপ্ৰস্তৰ যুগৰ শিলৰ বৃত্তাকাৰ পঁজা (circular hut) উদ্ধাৰ হৈছে। উত্তৰ প্ৰদেশৰ চৰাই নাহৰৰাইত পোৰামাটিৰ চপৰাৰে আয়তাকাৰ মজিয়া পোৱা গৈছে।

    ৰাজস্থানৰ বাগৰৰ পৰা ভেড়া, ছাগলী, গৰু, মধ্যপ্ৰদেশৰ আদমগড়ৰ পৰা ম'হ, ছাগলী, ভেড়া, গাহৰি আৰু কুকুৰ, গুজৰাটৰ লটেশ্বৰ আৰু ৰতনপুৰৰ পৰা ছাগলী, ভেড়া, গৰু, ম'হ আদিৰ ঘৰচীয়াকৰণৰ তথ্য পোৱা গৈছে। ৰাজস্থানৰ বাগৰ আৰু তিলৱাৰা, গুজৰাটৰ লাংনাজ আৰু কানেৱাল, উত্তৰ প্ৰদেশৰ চৰাই নাহৰৰাই, মহাদহা, দমদমা আৰু চপনীমাণ্ডো আদি স্থানৰ পৰা বনৰীয়া গাহৰি, ম'হ, হৰিণা, শিয়াল, গড়, নীলগাই, কৃষ্ণমৃগ, হাতী আদিৰ হাড় পোৱা গৈছে। গুজৰাটৰ কানেৱালৰ পৰা উটৰ হাড় উদ্ধাৰ হোৱা মন কৰিবলগীয়া।

    ৰাজস্থানৰ বাগৰৰ পৰা ভেড়া, ছাগলী, গৰু, মধ্যপ্ৰদেশৰ আদমগড়ৰ পৰা ম’হ, ছাগলী, ভেড়া, গাহৰি আৰু কুকুৰ ঘৰচীয়াকৰণৰ তথ্য পোৱা গৈছে।

    মধ্যপ্ৰস্তৰ যুগতে পোন প্ৰথমবাৰৰ বাবে মানৱ সমাধি (human burial) ৰো প্ৰমাণ উদ্ধাৰ হৈছে। গুজৰাটৰ লাঙ্গনাজ, উত্তৰপ্ৰদেশৰ চৰাই নাহৰৰাই, মহাদহা আৰু দমদমা, ৰাজস্থানৰ বাগৰ, মধ্যপ্ৰদেশৰ ভীমবেতকা আৰু ধানচোৰা (Dhansura) প্রভৃতি ঠাইৰ পৰা মধ্যপ্রস্তৰ যুগৰ এনে প্ৰমাণ পোৱা গৈছে। চৰাই নাহৰৰাইত মানৱ সমাধিসমূহ আৱাসিক অঞ্চলতে পোৱা গৈছে আৰু পশ্চিমৰ পৰা পূবমুৱাকৈ এইবোৰ সমাধিস্থ কৰা হৈছিল। কংকালসমূহৰ সোঁ/বাওঁ হাত উদৰৰ ওপৰত ৰাখি শদেহ সমাধিস্থ কৰা হৈছিল। সমাধিৰ ভিতৰত সূক্ষ্ম আহিলা তথা শামুক (shell) ও পোৱা গৈছিল। এই অঞ্চলৰ পৰা পুৰুষ, মহিলা আৰু শিশুৰ ১১টাকৈ সমাধি উদ্ধাৰ হৈছে। এটা সমাধিৰ পৰা চাৰিটাকৈ পুৰুষ মানৱ কংকাল একেলগে উদ্ধাৰ হৈছে। মহাদহাত উদ্ধাৰ হোৱা সমাধিসমূহত হাড়ৰ অলংকাৰ, জন্তুৰ পোৰা হাড়ৰ অৱশেষো উদ্ধাৰ হৈছে। মুঠ ২টা সমাধিৰ পৰা ৩০টা পুৰুষ মহিলাৰ কংকাল পোৱা গৈছে। দমদমাত উদ্ধাৰ হোৱা হাতী দাঁতৰ অলংকাৰ (ivory pendant) বিশেষ মন কৰিবলগীয়া। ঠাই বিশেষে পুৰুষ-মহিলাৰ যৌথ সমাধিও পোৱা গৈছে । ইয়াৰ দুটাকৈ স্পষ্ট উদাহৰণ মহাদহাত উদ্ধাৰ হৈছে

২। শিলত অলংকিত চিত্ৰ।

উত্তৰঃ-     শিলত অলংকিত চিত্র (Rock-art) : মধ্য প্রস্তৰ যুগৰ এক বিশেষ বৈশিষ্ট্য হৈছে বিভিন্ন অঞ্চলৰ পৰা প্ৰাপ্ত কলাত্মক নিদর্শনাসমূহ। কোনো কোনো স্থানত প্ৰকৃততে উচ্চ আদিপ্ৰস্তৰ যুগৰ শেষৰ ফালেই কলাকৃতি তথা গুহা আৰু শিলত অংকিত চিত্ৰশিল্পৰ বিকাশ ঘটে। প্রস্তৰ যুগৰ কলাৰ নমুনা প্ৰধানকৈ সংৰক্ষিত হৈ আছে শিল আৰু গুহা চিত্ৰৰ ৰূপত। আদিম মানৱে বসবাসৰ বাবে ব্যৱহাৰ কৰা গুহাৰ দেৱাল, মুধচ আৰু মজিয়াৰ পৰা প্ৰাক-ঐতিহাসিক চিত্ৰকলাৰ বিকাশৰ যথেষ্ট প্ৰমাণ উদ্ধাৰ হৈছে। অধিকাংশ চিত্ৰৰে বিষয়বস্তু জীৱ-জন্তু তথা পৰিৱেশৰ অন্য উপাদান। সীমিত পৰিমাণে মানৱ চিত্রও পোৱা যায়। মানৱৰ চিকাৰ দৃশ্য সহজলভ্য। পুৰুষ, মহিলা, শিশুৰ চিত্ৰ পোৱা যায়। চিত্ৰবোৰ সাধাৰণতে ৰেখাংকন। কিছুমানত বিভিন্ন ৰঙেৰে চিত্ৰৰ খালী ঠাইবোৰ পূৰোৱা হৈছিল। ৰঙা, বগা, হালধীয়া, সেউজীয়া, ক'লা আদি বিভিন্ন ৰঙবোৰ প্ৰকৃতিৰ পৰাই প্ৰস্তুত কৰা হৈছিল। সম্ভৱতঃ ক্ষুদ্ৰ মাৰি, ব্ৰাচ জাতীয় আহিলা (সম্ভৱতঃ জন্তুৰ নেজ, নোম আদিৰ পৰা নির্মিত) আৰু হাতৰ আঙুলিৰ পৰশেৰে চিত্ৰবোৰ তৈয়াৰ কৰা হৈছিল। এই চিত্ৰবোৰে মধ্যপ্ৰস্তৰ যুগত মানৱ বিৱৰ্তন আৰু তেওঁলোকৰ সামাজিক সাংস্কৃতিক জীৱনশৈলী তথা পৰিৱেশৰ সৈতে ওতঃপ্ৰোতঃ সম্পৰ্কৰ ওপৰত আলোকপাত কৰে।

    ভাৰতীয় উপমহাদেশত প্রায় ১৫০ খনতকৈ অধিক স্থানৰ পৰা মধ্যপ্ৰস্তৰ যুগৰ গুহা চিত্ৰ উদ্ধাৰ হৈছে। A.C.L. Carlleyle - এ ১৮৬৭-৬৮ চনত উত্তৰপ্ৰদেশৰ মির্জাপুৰ জিলাৰ অন্তৰ্গত কাইমূৰ পার্বত্য অঞ্চলত প্রথম শিলত অংকিত এই যুগৰ চিত্ৰ উদ্ধাৰ কৰিছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত উৰিষ্যা, কেৰেলা, মধ্যপ্ৰদেশকে ধৰি ভাৰতীয় উপমহাদেশৰ পৰা যথেষ্ট সংখ্যক শিলত অংকিত চিত্ৰ থকা স্থান উদ্ধাৰ হৈছে। ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হ'ল মধ্যপ্ৰদেশৰ ভীমবেতকা। লোকচক্ষুৰ আঁৰত থকা ইয়াৰ গুহাচিত্ৰসমূহ ১৯৫৭ চনত ভি.এছ.ৱাকানকাৰ (V.S. Wakankar) এ প্রথম আৱিষ্কাৰ কৰে। উল্লেখযোগ্য যে বিশিষ্ট পুৰাতত্ত্ববিদ বিষ্ণু শ্ৰীধৰ ৱাকানকাৰে ভূপাল আৰু ইটাৰচীৰ মাজত ৰেলযাত্ৰা কৰাৰ সময়ত আকস্মিকভাৱে ভীমবেতকাৰ গুহা চিত্ৰসমূহ উদ্ঘাটন কৰে। পাছত যশোধৰ মথপাল (Jashodhar Mathpal) আৰু আৰউইন নুমায়াৰ (Erwin Neumayer) এ তেওঁৰ কাৰ্যক আগবঢ়াই নিয়ে । ভূপালৰ পৰা প্ৰায় ৪৫ কিঃমিঃ দক্ষিণ-পশ্চিমে এক বিস্তৃত অঞ্চলত থকা প্ৰায় ৬৪২ টা প্রাকৃতিক গুহাৰ ৫৫ শতাংশতে গুহাচিত্ৰ পোৱা গৈছে। কেৱল ভীমবেতকা গোটৰে ২৪৩ টা গুহাৰ ১৩৩ টা গুহাত এনে চিত্ৰ উদ্ধাৰ হৈছে। পর্যাপ্ত পৰিমাণে হোৱা বৰষুণ, বছৰৰ সকলো সময়তে পানীৰ সুবিধা, বৃহৎ হাৰত আহিলা নিৰ্মাণৰ কেচাঁমাল, তথা জীৱ-জন্তুসহ গভীৰ অৰণ্যৰ অৱস্থিতিয়ে ভীমবেটকাক প্ৰস্তৰ যুগৰ মানৱ জাতিৰ এক উল্লেখযোগ্য স্থানত পৰিণত কৰিছিল। গুহাবিলাকৰ চিলিং আৰু দেৱালত চিত্ৰসমূহ অংকন কৰা হৈছিল। ২০০৩ চনত ভীমবেতকাৰ গুহাচিত্ৰক UNESCO এ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি দিছে। মহাপালে ভীমবেতকাৰ গুহাচিত্ৰ সমূহক মুখ্যতঃ প্ৰাক্‌-ঐতিহাসিক বা মধ্যপ্ৰস্তৰ যুগ আৰু ঐতিহাসিক এই দুটা ভাগত বিভক্ত কৰিছে। 

প্রাক্‌ ঐতিহাসিক গুহাচিত্ৰক এই স্থানত হোৱা বিকাশৰ ভিত্তিত পুনৰ পাঁচটা ভাগত ভাগ কৰা হৈছে (১৯৮৪ চনত) -


প্রথম পর্যায়: বৃহৎ আকাৰৰ জীৱৰ ৰেখাচিত্ৰ। ইয়াৰ কিছুসংখ্যক জ্যামিতিক আৰু আক বাক আৰ্হিৰে পূৰ্ণ। মানৱ চিত্ৰৰ অনুপস্থিতি।


দ্বিতীয় পর্যায় : মানৱ আৰু জীৱ-জন্তুৰ ক্ষুদ্ৰ চিত্ৰ, প্ৰাকৃতিক আৰু সম্পূৰ্ণ জীৱন। গোটত চিকাৰ কৰা কাৰ্য। মানৱৰ মুখা পিন্ধি আৰু লাঠী, ধনুকাঁড়, ষাঠি লৈ চিকাৰ।


তৃতীয় পর্যায় ঃউলম্ব আৰু কটা-কটি ৰেখাৰে বৃহৎ জীৱ-জন্তু আৰু মানৱ ।

 চতুর্থ পর্যায় : প্রণালীবদ্ধ ৰূপত মানৱ আৰু জীৱ-জন্তুৰ চিত্ৰ। বিন্দু ৰেখাচিত্র। 

পঞ্চম পর্যায় : মৌচাক, অকোৱা পকোৱা, ঘন চতুৰ্ভৰ্জাকৃতিৰ আৰ্হিৰে অলংকৃত চিত্র।বৃহৎ শিঙেৰে সৈতে ম'হ।


    ভীমবেতকাৰ গুহাচিত্ৰৰ মুখ্য বিষয় হৈছে মানৱ আৰু জন্তু। য'ত মানৱে এককভাৱে বা গোটত চিকাৰ কৰা দৃশ্য মন কৰিবলগীয়া। চিকাৰ দৃশ্যত মানৱে মুখা আৰু অলংকাৰ পৰিধান কৰা, মস্তকাৱৰণ পৰিধান কৰা দেখা যায়। মহিলায়ো চিকাৰ কাৰ্যত অংশগ্ৰহণ কৰাৰ চিত্ৰ পোৱা গৈছে। যাঠি, লাঠি, ধনু-কাঁড়, ফান্দ আৰু ছিটিকা লৈ চিকাৰ কৰা, মাছ ধৰা, নৃত্যৰ দৃশ্য আদি উল্লেখনীয়। জন্তুৰ ভিতৰত নাহৰফুটুকী, নীলগাই, কৃষ্ণমৃগ, শিয়াল, বান্দৰ, বাঘ, হাতী, গড়, হৰিণ, গৰু, ম'হ, বিভিন্ন চৰাই আৰু মাছ, কেৰ্কেটুৱা, জেঠী, বেং, বৃশ্চিক, চেলা আদিৰ চিত্ৰ উদ্ধাৰ হৈছে। চিত্ৰ বিলাকৰ মাজত সাপৰ কোনো চিত্ৰ উদ্ধাৰ নোহোৱাটো মন কৰিবলগীয়া। চিকাৰৰ দৃশ্যৰ উপৰিও জন্তুবোৰ গতিশীল বা বিভিন্ন কাৰ্যৰত অৱস্থাত চিত্ৰিত কৰা হৈছে। গৰ্ভৱতী জন্তু, ঘাঁহ খাই থকা জন্তু আদি ইয়াৰ অন্যতম। চিত্ৰবিলাকত মানৱ জীৱনৰ এক সম্পূৰ্ণ চক্ৰ জন্মৰ পৰা পৈনণ আৰু মৃত্যু পর্যন্ত দৃশ্য অন্তৰ্ভুক্ত হৈছে। চিকাৰ দৃশ্যত তেওঁলোকৰ বিভিন্ন আহিলা যেনে সুক্ষ্ম শিলৰ আহিলা, একত্ৰিত আহিলা, ধনু-কাঁড়, যাঁঠি আদি দেখা পোৱা যায়। চিকাৰ কাৰ্যৰ উপৰিও জীৱন নিৰ্বাহৰ অন্য উপায়ৰূপে মৌ সংগ্ৰহ, মাছ ধৰা কাৰ্য চিত্ৰিত হৈছে। প্রাকৃতিকভাৱে প্ৰস্তুত কৰা বগা, পাতল আৰু গাঢ় ৰঙা, বেঙুনীয়া, হালধীয়া, সেউজীয়া আদি ভিন্ন ৰঙৰ সমাহাৰ চিত্ৰসমূহত পৰিলক্ষিত হয়। পাউদাৰ বা মিহি গুড়ি ৰূপত প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা ৰংসমূহ উদ্ভিদৰ ৰস বা জন্তুৰ তেজেৰে মিশ্ৰিত কৰি বিভিন্ন চিত্ৰবোৰ অংকন কৰা হৈছিল। চিত্ৰবিলাকৰ কিছুমান একৰঙী (monochrome) আৰু আনবোৰ বহুৰঙী (polychrome)। অধিকাংশ চিত্ৰই আছিল ৰেখা চিত্র। কিছুমান চিত্ৰত খালী ঠাই জ্যামিত্যিক ৰূপ অথবা সম্পূৰ্ণৰূপে ৰঙেৰে পূৰ্ণ কৰা হৈছিল।


    উৰিষ্যাৰ সুন্দৰগড় আৰু চম্বলপুৰৰ কিছুমান গুহা, কেৰেলাৰ Ezhuthu গুহা, মধ্যপ্ৰদেশৰ আদমগড় আদিতো মধ্য প্রস্তৰ যুগৰ বুলি অনুমান কৰা শিলাচিত্ৰ উদ্ধাৰ হৈছে। উৰিষ্যাৰ সুন্দৰগঢ় আৰু চম্বলপুৰত প্ৰায় ৫৫ টা গুহাৰ পৰা এই কালৰ শিলাচিত্ৰ উদ্ধাৰ হৈছে। ইয়াৰ বহু সংখ্যক চিত্ৰ জ্যামিত্যিক প্ৰকাৰৰ। কেৰেলাৰ ইঝুথু গুহা চিত্ৰত জন্তুৰ চিত্ৰণ আছে যদিও মানৱৰ চিত্র দেখা নাযায়।

ৰচনাধৰ্মী প্ৰশ্নঃ

১। ভাৰতবৰ্ষত আদি প্ৰস্তৰ যুগৰ বিকাশৰ সম্পৰ্কে আলোচনা কৰা ।

উত্তৰঃ-     ভাৰতবৰ্ষত আদি প্ৰস্তৰ যুগৰ বিকাশ (Development of Paleolithic Age in India) : ভাৰতীয় উপমহাদেশত ভিন্ন ভূ-অৱস্থানত আদিম মানৱৰ বিৱৰ্তনৰ প্ৰমাণ পোৱা যায়। প্রস্তৰ যুগৰ এনে স্থানসমূহ পার্বত্য অঞ্চলৰ পৰা সমতলভূমি, উপকূলভূমি পর্যন্ত সিঁচৰতি হৈ আছে। আদি প্ৰস্তৰ যুগক প্রযুক্তিগত বিকাশৰ ভিত্তিত নিম্ন, মধ্য আৰু উচ্চ আদি প্ৰস্তৰ যুগত বিভাজন কৰাৰ বিষয়ে ইতিমধ্যে উল্লেখ কৰি অহা হৈছে। এই বিৱৰ্তনৰ ধাৰণাসমূহ ভাৰতীয় আদি প্ৰস্তৰ যুগৰ স্থানসমূহতো সুস্পষ্ট।

    বিশ্বৰ অন্য প্ৰান্তৰ দৰে ভাৰতীয় উপমহাদেশতো প্রাক্‌-ঐতিহাসিক মানৱ বিকাশৰ কোনো নিৰ্ধাৰিত একক সময়সীমা নাই। তদুপৰি উদ্ধাৰ হোৱা ভিন্ন জাতৰ জীৱাশ্মসমূহৰ সাধাৰণ বৈশিষ্ট্যত কিছুমান আঞ্চলিক তাৰতম্যও পৰিলক্ষিত হয়। ঐতিহাসিক উপীন্দৰ সিঙে আদি প্ৰক্তৰ যুগত মানৱ বিৱৰ্তনক নিম্নলিখিত উপভাগসমূহত বিভক্ত কৰিছে—


(১) নিম্ন আদি প্ৰস্তৰ যুগ – ২ নিযুত বছৰৰ পৰা ১,০০,০০০ বছৰৰ পূৰ্বে। 

(২) মধ্য আদি প্ৰস্তৰ যুগ - ১,০০,০০০-৪০,০০০ বছৰৰ পূৰ্বে। আৰু 

(৩) উচ্চ আদি প্ৰস্তৰ যুগ - ৪০,০০০-১০,০০০ বছৰৰ পূৰ্বে।


    ভাৰতবৰ্ষত প্ৰস্তৰ যুগত মানৱ বিৱৰ্তনৰ ধাৰাসমূহ অধ্যয়ন কৰিবলৈ যাওঁতে সততে অহা এটি নাম হৈছে ৰবাৰ্ট ব্ৰুছ ফ’টে (Robert Bruce Fotte)। Geological Survey of India ৰ এইজন ব্রিটিছ ভূ-বিজ্ঞানীয়ে ১৮৬৩ চনৰ ৩০ মে'ত মাদ্ৰাজৰ পল্লভম (Pallavaram) গাঁৱত প্রথম এক প্রাক্‌-ঐতিহাসিক শিলৰ আহিলা উদ্ধাৰ কৰে। অৱশ্যে এই আৱিষ্কাৰৰ বহু পূৰ্বে ১৮৪২ চনত ড° প্রাইমৰ'জ (Dr. Primrose) এ কণাটকৰ ৰাইচুৰ জিলাৰ লিংগসুগুৰ নামৰ স্থানত আৰু আন এজন ব্ৰিটিছ পুৰাতত্ত্ববিদ জন ইভানছ (John Evans) ১৮৫৩ চনত মধ্যপ্ৰদেশৰ নৰ্মদা নদীৰ তীৰত শিলৰ আহিলা উদ্ধাৰ কৰিছিল বুলি জনা যায়। কিন্তু ভূ-বিজ্ঞানী ফ’টেই তেওঁৰ জীৱনকালত ভাৰতবৰ্ষৰ ভিন্ন স্থানত কৰা পুৰাতাত্ত্বিক খনন আৰু অন্বেষণৰ জৰিয়তে ভাৰতীয় প্ৰস্তৰ যুগক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।


    প্ৰকৃতাৰ্থত ৰবাৰ্ট ব্রুছ ফ’টে আছিল বহুমুখী প্রতিভাৰ অধিকাৰী। তেওঁ আছিল একাধাৰে এজন ভূ-বিজ্ঞানী, পুৰাতত্ত্ববিদ, নৃ-তত্ত্ববিদ, সংগ্রাহক তথা গৱেষক। ১৮৩৪ চনৰ ২২ ছেপ্টম্বৰত ইংলেণ্ডত তেওঁৰ জন্ম আৰু ১৯১২ চনৰ ২৭ ডিচেম্বৰ ৭৮ বছৰ বয়সত কলিকতাত মৃত্যু হৈছিল। তেওঁ পল্লভ্ৰমৰ পৰা উদ্ধাৰ কৰা প্ৰাক-ঐতিহাসিক শিলৰ আহিলাটি আছিল এক হাত কুঠাৰ (Hand axe)। এই ঘটনাৰ প্ৰায় ৪ মাহৰ পাছত ১৮৬৩ চনৰ ২৮ ছেপ্টেম্বৰত পুনৰাই ফ’টে আৰু তেওঁৰ ঘনিষ্ঠ বন্ধু তথা Geological Survey of India -ত সহযোগী উইলিয়াম কিং (William King) এ মাদ্ৰাজৰ তিৰুভল্লুৰ (Tiruvallur) জিলাত আৰু কৰ্টালায়াৰ নদীৰ উপকণ্ঠৰ আতিৰামপক্কম (Attirampakkam)ত সহস্রাধিক প্রাক্‌-ঐতিহাসিক শিলৰ আহিলা উদ্ধাৰ কৰে। সম্প্ৰতি ফৰাছী বিজ্ঞানীৰ এটি দলে এই সঁজুলিসমূহ গৱেষণাৰ জৰিয়তে (২০১১ চনত) আনুমানিক ১.৫ নিযুত বছৰৰ পূৰ্বে ব্যৱহাৰ হৈছিল বুলি ঠাৱৰ কৰিছে। এই গৱেষণাৰ তথ্য প্রকাশ পোৱাৰ পূৰ্বে


    পদ্মশ্রী কে. পাড়ায়া (K. Paddayya)ই খনন কৰা কৰ্ণাটকৰ ইচামপুৰত উদ্ধাৰ হোৱা প্ৰায় ১.২ নিযুত বছৰৰ পূৰ্বৰ প্ৰাক্‌-ঐতিহাসিক স্থানকে ভাৰতবৰ্ষৰ প্রাচীনতমৰূপে গণ্য কৰা হৈছিল। উদ্ভাৱক ফ’টে তেওঁৰ জীৱনকালত ভাৰতবৰ্ষত মুঠ ৪৫৯ টা আদি প্ৰস্তৰ, নৱ প্ৰস্তৰ আৰু লৌহযুগৰ স্থান উদ্ধাৰ কৰিছিল, যাৰ বিষয়ে ১৯১৪ চনত প্ৰকাশ পোৱা তেওঁৰ গ্ৰন্থ “The Fotte Collection of Indian Prehistoric and Protohistoric Antiquities”-ত বিস্তৃতভাৱে পোৱা যায়। ভাৰতীয় প্ৰাক্‌-ঐতিহাসিক যুগৰ অধ্যয়নৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে বটি ফটক ভাৰতীয় প্ৰাক-ঐতিহাসিক অধ্যয়নৰ পিতৃপুৰুষৰূপে (Father of Indian Prehistory) অভিহিত কৰা হয়। প্রাক্‌-ঐতিহাসিক সম্পদ আৱিষ্কাৰৰ লগতে তার শ্রেণী বিভাজন, তালিকা প্রস্তুত তথা সুন্দৰ শৈলীৰে কৰা উপস্থাপনত এই গৱেষকজনৰ ভূমিকা উল্লেখযোগ্য। ১৯০৪ চনত ফাটে তেওঁৰ জীৱনৰ সৰ্বস্ব পূৰাতাত্ত্বিক সংগ্ৰহ ৩৩,০০০ টকাৰ বিনিমিয়ত মাদ্ৰাজ চৰকাৰী যাদুঘৰ (Madras Government Museum) ক বিক্ৰী কৰিলে। ব্ৰিটিছ যুগত ভাৰতবৰ্ষৰ প্ৰাগ ঐতিহাসিক চর্চাক আগবঢ়াই নিয়া এক উল্লেখযোগ্য পুরাতাত্ত্বিক পুঁটি আছিল জার্মানীৰ H. de Terra আৰু T. T. Peterson। ১৯৩০ ৰ দশকত তেওঁলোকে কাশ্মীৰ, পাটোৱাৰ আৰু জম্মু অঞ্চলত বিস্তৃত পুৰাতাত্ত্বিক গৱেষণাৰে এই ক্ষেত্ৰখনক চহকী কৰে।

    ভাৰতবৰ্ষত প্ৰাক্‌-ঐতিহাসিক মানৱ বিৱৰ্তনৰ অধ্যয়নত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা আন এক যুগান্তকাৰী আৱিষ্কাৰ হৈছে Geological Survey of India-ে গৱেষক অৰুণ চোনাকিয়া (Arun Sonakia )ই নর্মদা উপত্যকাৰ পৰা উদ্ধাৰ কৰা প্ৰাক্‌-ঐতিহাসিক মানৱৰ জীৱাশ্ম। উল্লেখযোগ্য যে এছিয়া মহাদেশৰ পৰা হ'মিনিডৰ অৱশেষ প্ৰথম উদ্ধাৰ হৈছিল ১৯৬৬ চনত। ১৯৫৯ চনৰ পৰা ১৯৭৮ চনলৈ। American Archaeological Mission to Afghanistan ৰ সঞ্চালকৰূপে কাৰ্যনিৰ্বাহ কৰা লুইচ ডুপৰি (Louis Dupree)ৰ নেতৃত্বত উত্তৰ-পূব আফগানিস্তানৰ দৰাৰ-ই-কুৰ (Darra-i-Kur)ত অন্যান্য শিলৰ আহিলাৰ সৈতে এই আদি মানৱৰ অৱশেষ উদ্ধাৰ হৈছিল। এই স্থানৰ পৰা প্ৰাপ্ত Radio Carbon dating হৈছে ৩০০০০+১৯০০-১২০০ বছৰৰ পূৰ্বৰ। এই ঘটনাৰ কিছু বছৰৰ পাছতে অৰুণ চোনাকিয়াই ১৯৮২ চনত নর্মদা উপত্যকাৰ হাথন'ৰা (Hathnora)ৰ পৰা হ'ম। ইৰেক্টাচ শ্ৰেণীৰ বুলি ধাৰণা কৰা এক আদি মানৱৰ অংশবিশেষ উদ্ধাৰ কৰিলে। প্ৰায় ৫,০০,০০০ বছৰৰ পূৰ্বে জীবিত মধ্য প্লেষ্ট'চিন যুগৰ এই আদি মানৱৰ অবয়ব ‘নর্মদা মানৱ’ ৰূপে বিখ্যাত। ইয়াৰ পৰা আনুমানিক ৫,০০,০০০ বছৰৰ পূৰ্বৰ পৰা ২,০০,০০০ বছৰ পূৰ্বৰ ভিতৰত নর্মদা উপত্যকাৰ মানব সভ্যতাৰ উৎপত্তিৰ প্ৰমাণ পোৱা যায়। প্রায় ১১৫৫ৰ পৰা ১৪২১ বিকশিত মস্তিষ্কৰ আকাৰেৰে নর্মদা মানৱ এক উন্নত শ্ৰেণীৰ হ’ম’ ইৰেক্টাচ আছিল বুলি গণ্য কৰা হয়। এই গুৰুত্বপূৰ্ণ আৱিষ্কাৰৰ পাছত নর্মদা উপত্যকাত অব্যাহত থকা খনন কাৰ্যৰ সময়ত হাথনৰাৰ পৰাই ১৯৯৭ চনত হ'মিনিডৰ অৱশেষ আৰু নিম্ন আদি প্ৰত্ন প্ৰস্ত বা মধ্য আদি প্ৰত্ন প্রস্তৰ যুগৰ বুলি ঠাৱৰ কৰা শিলৰ আহিলা উদ্ধাৰ হৈছিল।

    ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হোৱা আন এক গুৰুত্বপূৰ্ণ আৱিষ্কাৰ হ'ল কেৰেলা বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ বিশিষ্ট পুৰাতত্ত্ববিদ ড° পি. ৰাজেন্দ্ৰণ (Dr. P. Rajendran)ৰ নেতৃত্বত ২০০১ চনত তামিলনাডুৰ ভিল্লাপুৰুম জিলাৰ অন্তৰ্গত তামিলনাড়ু পণ্ডিচেৰী সীমান্তৱৰ্তী ব’মায়াৰপালায়ম (Bommayarpalayam) কাষৰ ওদায় (Odai)ত উদ্ধাৰ হোৱা মানৱ শিশুৰ মস্তিষ্কৰ জীৱাশ্ম। প্রায় ১,৬৬,০০০ বছৰৰ পূৰ্বৰ বুলি অনুমান কৰা এই জীৱাশ্ম সম্ভৱতঃ মধ্য অথবা উচ্চ প্লেইষ্ট'চিন যুগৰ আছিল।


    ভাৰত উপমহাদেশত আদি প্ৰক্তৰ যুগৰ শিলৰ আহিলা উত্তৰে হিমালয় পার্বত্য অঞ্চলৰ পাদদেশৰ পৰা দক্ষিণে তামিলনাড়ু আৰু পশ্চিমে বর্তমান পাকিস্তানৰ অন্তৰ্গত পেছোৱাৰ আৰু সিন্ধু প্ৰদেশৰ পৰা পূৰ্বে উত্তৰ-পূব ভাৰত পর্যন্ত বিস্তাৰিত হৈ আছে। শিৱালিক পার্বত্য অঞ্চল, নর্মদা উপত্যকা, বেলান উপত্যকা, কাশ্মীৰৰ পোহালগাম, উড়িষ্যাৰ সুন্দৰগড়, চম্বলপুৰ, বুলাঙ্গী আৰু ময়ুৰ্ভঞ্জ, ঝাৰখণ্ডৰ সিংহভূম আৰু হাজাৰীবাগ, মহাৰাষ্ট্ৰৰ নেভাচা আৰু পাটন, গুজৰাটৰ সবৰমতী উপত্যকা, ৰাজস্থানৰ দিডৱানা আৰু বাগৰ, মধ্যপ্ৰদেশৰ ভীমবেটকা, আদমগড় আৰু হাথনোৰা, পশ্চিমবংগৰ বীৰভোম, বোৰদোৱান, পুৰুলীয়া আৰু মিদনাপুৰ, অন্ধ্ৰপ্ৰদেশৰ কাৰনোল, চিত্তোৰ, নালাগা আৰু ৰেণীগুণ্টা, কণটিকৰ ইচামপুৰ আৰু আনঙ্গবাদী, তামিলনাডুৰ আতিমপক্কম আদি ভাৰতবৰ্ষত আদি প্ৰস্তৰ যুগৰ কিছুমান উৎকৃষ্ট নিদৰ্শন বহনকাৰী স্থান। উত্তৰ প্ৰদেশৰ বেলান উপত্যকা, ৰাজস্থানৰ দিডৱানা, মহাৰাষ্ট্ৰৰ নেভাচা, অন্ধ্ৰপ্ৰদেশৰ নাগার্জুনাকোণ্ডা আদিৰ পৰা নিম্ন আদি প্ৰস্তৰ যুগৰ মূল্যৱান আহিল৷ উদ্ধাৰ হৈছে। তামিলনাডুৰ কিছুমান গুহাকে ধৰি ভাৰতবৰ্ষৰ বহু প্ৰান্তত মধ্য আদি প্ৰস্তৰ যুগৰ পৰা মানৱ বসতি আৰম্ভ হৈছিল। উত্তৰ প্ৰদেশৰ বেলান উপত্যকা, মেৱাকক কাদামালী নদী উপত্যকা, মহাৰাষ্ট্ৰৰ নেভাচা, ভীমবেটকা, উজনি সিন্ধুৰ ৰহৰি পার্বত্য অঞ্চল আদি মধ্য আদি প্ৰস্তৰযুগৰ কিছুমান উল্লেখযোগ্য নিদর্শন। বেলান উপত্যকাৰ পৰা শিলৰ আহিলাৰ লগতে বহু জন্তুৰ জীৱাশ্ম পোৱা গৈছে যাৰ কাল নিম্ন অথবা মধ্য আদি প্ৰস্তৰ যুগ। উচ্চ আদি প্ৰস্তৰ যুগৰ বহু আহিলা উত্তৰ পশ্চিম সীমান্ত প্ৰদেশৰ চঙ্গাও গুহা, উত্তৰ পাঞ্জাৱৰ পাটোৱাৰ মালভূমি, দক্ষিণ ভাৰতৰ ৰেপীগুণ্টা, মধ্য গুজৰাট, উত্তৰ পশ্চিম কাথিৱাৰ আদি অঞ্চলৰ পৰাও পোৱা গৈছে।


Author: Monikongkona Saikia 




Post ID : DABP004886