Chapter: 2

জাঁ পল ছাৰ্ত্ৰেৰ দৰ্শন 


Broad Questions / ৰচনাধর্মী প্রশ্ন  ঃ 

1 . What existence ? Does existence precedes essence ? Discuss .

 অস্তিত্ব কি ? অস্তিত্ব সাৰধৰ্মৰ পূৰ্বৰ্ৱৰ্তী নে ? আলোচনা কৰা ৷

উত্তৰঃ অস্তিত্ব হল এনে, যি মনুষ্য়তত্বৰ সামান্য় ধাৰণাৰ পৰিৱৰ্তে ব্য়ক্তিবিশেষ অস্তিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই ব্য়ক্তিনিষ্ঠ মানৱ চৈতন্য় আৰু মানুহৰ সম্পূৰ্ণ স্বাধীনতা ওপৰত গুৰুত্ব আৰোপ কৰে।

        অস্তিত্ববাদীসকলে দৃঢ়তাৰে সাব্য়স্ত কৰিছে যে অস্তিত্ব সাৰধৰ্মৰ পূৰ্বৱৰ্তী। এই উক্তিটো সৰ্বপ্ৰথম ব্য়ৱহাৰ কৰে ডেনমাৰ্কৰ দাৰ্শনিক ছোৰেণ কীৰ্কেগাৰ্ড আৰু অস্তিত্ববাদী দৰ্শনত ইয়াক সৱল ৰূপত প্ৰতিষ্ঠিত কৰে ফৰাচী দাৰ্শনিক জাঁ পল ছাৰ্ত্ৰে। ছাৰ্ত্ৰেৰ মতে, প্ৰথমতে মানুহৰ অস্তিত্ব, তাৰ পিছত সেই অস্তিত্বৱান মানুহে নিজেই গঢ়ি তোলে নিজৰ সাৰৰ্ধম। ছাৰ্ত্ৰে কৈছে এই জগতত এটাই মাত্ৰ পৰম অস্তিত্ব বা সত্তা আছে সেয়া হৈছে মানুহ। মানুহৰ অস্তিত্ব সাৰধৰ্মতকৈ আগত। এই প্ৰসংগত অস্তিত্ববাদীসকলে সাব্য়স্ত কৰিছে যে অস্তিত্বৰহে মৌলিকত্ব আছে। গতিকে অস্তিত্বৰ পাছতহে তত্ববিষয়ক জানিব পাৰি। অস্তিত্ববাদীসকলৰ মতে সাৰৰ্ধমৰ দ্বাৰা অস্তিত্বক জানিব নোৱাৰি। ব্য়ক্তি জীৱনৰ বাবে অস্তিত্ব অপৰিহাৰ্য। অস্তিত্ব অবিহনে সাৰৰ্ধম নিৰৰ্থক। পৰম্পৰাগত দাৰ্শনিকসকলে তেওঁলোকৰ দৰ্শনত সাৰৰ্ধৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ বিপৰিতে অস্তিত্ববাদৰ সমৰ্থকসকলে পৰম্পৰাগত দাৰ্শনিকসকলৰ এই ধ্য়ান ধাৰণাক প্ৰত্য়াখ্য়ান কৰি অস্তিত্বৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰি সাব্য়স্ত কৰিছে যে অস্তিত্ব সাৰৰ্ধমৰ পূৰ্বৱৰ্তী। 

            দাৰ্শনিক প্লেটোৰ পৰা ডেকাৰ্টলৈকে সকলো দাৰ্শনিকে সাব্য়স্ত কৰিছিল যে ' সাৰৰ্ধম অস্তিত্বৰ পূৰ্বৱৰ্তী'। ভাববাদী দাৰ্শনিকসকলৰ মতে  প্ৰথমতে সাৰধৰ্ম আৰু সেই সাৰধৰ্ম অনুসাৰে পিছত ৰচিত হয় বিশেষ বিশেষ বস্তুৰ অস্তিত্ব। উদাহৰণস্বৰূপে- 'ঘট' এটা তৈয়াৰ কৰাৰ আগত কুমাৰৰ সাৰসত্তা 'ঘটত্ব'ৰ ধাৰণা থাকে। পিছত সেই ধাৰণা অনুসাৰে ঘট এটা তৈয়াৰ কৰে। 'ঘটত্ব' ৰ ধাৰণা নাথাকিলে কুমাৰে ঘটটোক তৈয়াৰ কৰিব নোৱাৰিব। গতিকে ঘট তৈয়াৰ কৰাৰ আগত কুমাৰৰ মনত ঘটৰ সাৰধৰ্ম 'ঘটত্ব'ৰ ধাৰণা নিহিত থাকে। সেইকাৰণে সাৰধৰ্ম আগত, তাৰ পিছত বিশেষ বিশেষ বস্তুৰ অস্তিত্ব। গ্ৰীক ভাববাদী দাৰ্শনিক প্লেটোৱে সাৰধৰ্মক গুৰুত্ব দি কৈছে, প্ৰত্য়য় বা ধাৰণাৰ জগত হৈছে প্ৰকৃত জগত, বিশেষ বিশেষ ইন্দ্ৰিয়গ্ৰাহ্য় বস্তুৰ জগত হৈছে সেই ধাৰণাৰ নকল মাত্ৰ। 

        ভাববাদীসকলে ঈশ্বৰক সৃষ্টিকৰ্তা হিচাপে স্বীকাৰ কৰে আৰু এইটো বিশ্বাস কৰে যে, সকলো অস্তিত্বৱান বস্তুৰ সাৰসত্তা বা সাৰধৰ্ম ঈশ্বৰৰ মনত প্ৰথমৰে পৰাই নিহিত আছিল। পিছত সেই সাৰসত্তাৰ অনুৰূপে বিশেষ বিশেষ বস্তুৰ অস্তিত্ব প্ৰদান কৰে। এই দৃষ্টিকোণৰ পৰা মানুহৰ সাৰধৰ্ম 'মনুষ্য়ত্ব' এই জগতত মানুহ অস্তিত্বৱান হোৱাৰ পূৰ্বৰে পৰা ঈশ্বৰৰ মনত আছিল। গতিকে মানুহ অস্তিত্বৰ পূৰ্বে আছে তেওঁৰ সাৰসত্তা।

        কিন্তু ছাৰ্ত্ৰে ইয়াৰ বিৰোধিতা কৰি কয় যে, মানুহৰ অস্তিত্বৰ বাবে ঈশ্বৰৰ ধাৰণা অপ্ৰাসংগিক। ছাৰ্ত্ৰে এজন নিৰীশ্বৰবাদী অস্তিত্ববাদী দাৰ্শনিক।ছাৰ্ত্ৰেৰ মতানুসাৰে মানৱ প্ৰকৃতি এনেকুৱা কোনো বস্তু নহয় যাৰ বাবে ঈশ্বৰৰ প্ৰয়োজন হয়। মানুহৰ জীৱনৰ উদ্দেশ্য় ঈশ্বৰৰ দ্বাৰা নিয়ন্ত্ৰিত নহয়। মানৱ জীৱনৰ উদ্দেশ্য় নিয়ন্ত্ৰিত হয় তেওঁৰ অস্তিত্বৰ দ্বাৰা যাক তেওঁ নিজে নিজৰ দৰে তৈয়াৰ কৰি লয়।  

2. Discuss the contrast between ' existence ' and ' essence . " 

‘ অস্তিত্ব ’ আৰু ‘ সাধৰ্ম’ৰ বিৰোধিতা আলোচনা কৰা । 

উত্তৰঃ জাঁ পল ছাৰ্ত্ৰে আৰু অন্য়ান্য় অস্তিত্ববাদী সকলৰ মতে কোনো  এটা বস্তুৰ চিন্তা-চৰ্চা আৰম্ভ হোৱাৰ আগতে সেই বস্তুটো অস্তিত্বশীল হয়। সত্তা আৰু অস্তিত্বৰ মাজত বিৰোধিতা কৰি ছাৰ্ত্ৰে কয় যে, অস্তিত্ব মানে স্থান আৰু কালত অৱস্থান কৰা সত্তা। তেওঁলোকৰ মতে, অস্তিত্বই আত্ম সচেতন, স্বাধীন আৰু পৰিৱৰ্তশীল সত্তাক বুজায়। অস্তিত্ববাদী দাৰ্শনিক সকলৰ মতে অস্তিত্ব এক ধাৰণা বিশেষ নহয় ই এক বাস্তৱ অভিজ্ঞতাৰ বস্তু। দৃশ্য়মান জগতত আমি যি দেখো সেয়ে অস্তিত্বশীল। অস্তিত্ব এক পৰিৱৰ্তনশীল বাস্তৱ বিষয় নাইবা বস্তু আনহাতে সাৰধৰ্ম অপৰিৱৰ্তনীয় স্থায়ী যাক বাস্তৱ জগতত নাইবা স্থান কালত প্ৰত্য়ক্ষ কৰাটো সম্ভৱ নহয় কাৰণ স্থান, কালত উপস্থাপিত হোৱা সকলোবোৰ বস্তুৱে পৰিৱৰ্তশীল। এৰিষ্টটল আৰু তেওঁৰ অনুগামী পৰম্পৰাগত দাৰ্শনিকলকলেও সত্তা আৰু অস্তিত্বৰ মাজত বিৰোধিতা কৰা দেখা যায়। তেওঁলোকৰ মতে সাৰধৰ্ম আৰু অস্তিত্বৰ পাৰ্থক্য়টো অধিবিদ্য়াৰ অন্তৰ্গত বিষয়। তেওঁলোকৰ মতে কোনো এটা বস্তু প্ৰকৃত পক্ষে যি সেয়ে তাৰ সত্তা, বস্তুটোৰ শাশ্বত আৰু যথাৰ্থ বৈশিষ্টবোৰ সত্তাৰ অন্তৰ্গত। আনহাতে অস্তিত্ব হৈছে বস্তু এটাৰ বাস্তৱ অৱস্থান। সাৰধৰ্ম ইয়াৰ মৌলিক গুণ।

        এনেদৰে অস্তিত্ববাদী দাৰ্শনিক সকলে অস্তিত্ব আৰু সাৰধৰ্মৰ মাজৰ বিৰোধিতা ব্য়াখ্য়া কৰি কয় যে মানুহে একমাত্ৰ অস্তিত্বশীল বস্তু যিয়ে নিজে নিজৰ অস্তিত্ব উপলব্ধি কৰিব পাৰে আৰু নিজ অস্তিত্ব নিজে গঢ়ি তোলে।

3. Discuss Sartre's view about human freedom . 

ছাত্ৰেৰ মানৱ স্বাধীনতাৰ অভিমতটো আলোচনা কৰা । 

উত্তৰঃ স্বাধীনতাৰ ধাৰণা আৰু অস্তিত্ববাদী দৰ্শনৰ ধাৰণা এক আৰু অভিন্ন। ব্য়ক্তি যি অৰ্থত অস্তিত্বৱান সেই একেই অৰ্থত ব্য়ক্তি স্বাধীন। যি ব্য়ক্তি স্বাধীন নহয় সেই ব্য়ক্তি অস্তিত্বৱান নহয়। কিন্তু দাৰ্শনিক ছাৰ্ত্ৰে মানৱ স্বাধীনতাক এক বিশেষ দৃষ্টিত উপস্থাপন কৰিছে। এই দৃষ্টিভংগীত মানৱ স্বাধীনতা অতি মহত্বপূৰ্ণ ধাৰণা। ছাৰ্ত্ৰে মানুহৰ স্বাধীনতাক ইমান বেছি গুৰুত্ব দিছে যে এই স্বাধীনতাই মানুহৰ বাবে এটা গধুৰ দায়িত্বত পৰিনত হৈছে। ছাৰ্ত্ৰেৰ মতে, মানুহ স্বতন্ত্ৰ হোৱাৰ বাবে বাধ্য় বা অভিশপ্ত। ছাৰ্ত্ৰে তেওঁৰ ' Existentialism and Humanism' নামৰ গ্ৰন্থত এই কথাটোকে ব্য়াখ্য়া কৰি কৈছে, আমি এই জগতত স্বতন্ত্ৰ হোৱাৰ বাবে বাধ্য় বা অভিশপ্ত, এই জগতত জন্মগ্ৰহণ কৰাৰ পিছত আমি যি কৰোঁ তাৰ বাবে আমি নিজেই দায়ী।

            ছাৰ্ত্ৰেৰ মতে, মানুহ কোনো উদ্ভিদ বা ফল-ফুলৰ দৰে বস্তু নহয় যি আপোনা-আপুনি বিকশিত হব। মানুহ হৈছে এটা পৰিকল্পনা। মানুহ অস্তিত্বৱান তেতিয়া হয়, যেতিয়া তেওঁ স্বয়ং নিজকে তৈয়াৰ কৰি লয়। মানুহ বৃক্ষ বা পথাৰৰ দৰে নহয় যি স্বতন্ত্ৰ ইচ্ছা বিহীনভাৱে কেৱল অস্তিত্বশীল। মানুহ এনেকুৱা সত্তা যি পৰিকল্পনা অনুসাৰে নিজৰ ভৱিষ্য়ত তৈয়াৰ কৰি লয়। ছাৰ্ত্ৰেৰ দৃষ্টিত স্বাধীনতাৰ অৰ্থ হল নিৰ্বাচন কৰাৰ স্বাধীনতা-- সিদ্ধান্ত লোৱাৰ স্বাধীনতা। মানুহ কি হব, কি ধৰণেৰে তেওঁ তেওঁৰ পৰিকল্পনাক কাৰ্যকৰী কৰিব সেইটো তেওঁৰ স্বতন্ত্ৰ সিদ্ধান্তৰ ওপৰতে নিৰ্ভৰ কৰে। ছাৰ্ত্ৰে স্পষ্ট ভাষাত কৈছে, মানুহে তেওঁৰ স্বতন্ত্ৰ ইচ্ছা-শক্তিৰ দ্বাৰাই নিজকে নিৰ্মাণ কৰে, তেওঁ জীৱনত যি হয় সি তেওঁৰ স্বতন্ত্ৰ নিৰ্বাচন বা সিদ্ধান্তৰে পৰিণাম। ইচ্ছাৰ স্বাধীনতাৰ ওপৰত অত্য়ধিক গুৰুত্ব দি ছাৰ্ত্ৰে কৈছে, যেতিয়া আমি কওঁ মানুহ স্বতন্ত্ৰ হোৱাৰ বাবে বাধ্য় ,তেতিয়া ইয়াৰ তাৎপৰ্য হল নিয়তিবাদৰ দৰে কোনো বস্তু নাই- মানুহ মুক্ত, সম্পূৰ্ণভাৱে স্বাধীন।

        ছাৰ্ত্ৰেৰ মতে, যিকোনো ব্য়ক্তি নিজৰ লক্ষ্য়ত উপনীত হব পাৰিব যদিহে তেওঁৰ সিদ্ধান্ত আৰু নিৰ্বাচন সঠিক হয়। নিজৰ লক্ষ্য়ত উপনীত হোৱাৰ ক্ষেত্ৰত ব্য়ক্তিৰ ক্ষেত্ৰত পাঁচটা বাধাই পৰিলক্ষিত হয়- মোৰ স্থান, মোৰ অতীত, মোৰ পৰিৱেশ, অপৰ ব্য়ক্তি আৰু মোৰ মৃত্য়ু। ছাৰ্ত্ৰেৰ মতে, আমি যদি এইবোৰৰ লগত যুজিব পাৰোঁ, তেনেহলে আমাৰ লক্ষ্য়ত উপনীত নোহোৱাৰ কোনো কাৰণ নাই। ইয়াৰ দ্বাৰাই আমি আমাৰ অস্তিত্বৰ জ্ঞান লাভ কৰোঁ-গতিকে আমাৰ স্বতন্ত্ৰ অস্তিত্বক স্বীকাৰ কৰিবই লাগিব। কিন্তু ইয়াৰ দ্বাৰা এইটো বুজিব নালাগিব যে আমি আমাৰ লক্ষ্য়ত উপনিত হলেই আমাৰ স্বাধীনতা প্ৰদৰ্শিত হয়। ছাৰ্ত্ৰেৰ মতানুসাৰে লক্ষ্য়প্ৰাপ্তি স্বাধীনতাৰ বাবে মহত্বপূৰ্ণ নহয়। স্পষ্ট ভাষাত স্বাধীনতাৰ বাবে সফলতা লাভ কৰাটো গুৰুত্বপূৰ্ণ কথা নহয়; গুৰুত্বপূৰ্ণ কথা হল লক্ষ্য় প্ৰাপ্তিৰ বাবে স্বয়ং নিজকে প্ৰেৰণ কৰাটো। 

            

4. What is human freedom , according to Sartre ? 

ছাত্ৰেৰ মতে , মানৱ স্বাধীনতা কি ?

উত্তৰঃ স্বাধীনতাৰ ধীৰণা আৰু অস্তিত্ববাদী দৰ্শনৰ ধাৰণা এক আৰু অভিন্ন। ব্য়ক্তি যি অৰ্থত অস্তিত্বৱীন সেই একেই অৰ্থত ব্য়ক্তি স্বাধীন। যি ব্য়ক্তি স্বাধীন নহয় সেই ব্য়ক্তি অস্তিত্বৱান নহয়। কিন্তু দাৰ্শনিক ছাৰ্ত্ৰে মানৱ স্বাধীনতাক এক বিশেষ দৃষ্টিত উপস্থাপন কৰিছে। এই দৃষ্টিভংগীত মানৱ স্বাধীনতা অতি মহত্বপূৰ্ণ ধাৰণা। ছাৰ্ত্ৰে মানুহৰ স্বাধীনতাক ইমান বেছি গুৰুত্ব দিছে যে এই স্বাধীনতাই মানুহৰ বাবে এটা গধুৰ বোজা বা দায়িত্বত পৰিণত হৈছে। ছাৰ্ত্ৰেৰ মতে, মানুহ স্বতন্ত্ৰ হোৱাৰ বাবে বাধ্য় বা অভিশপ্ত।

          ছাৰ্ত্ৰেৰ মতে, মানুহ কোনো উদ্ভিদ বা ফল-ফুলৰ দৰে বস্তু নহয় যি আপোনা-আপুনি বিকশিত হব। মানুহ হৈছে এটা পৰিকল্পনা। মানুহ অস্তিত্বৱান তেতিয়া হয়, যেতিয়া তেওঁ স্বয়ং নিজকে তৈয়াৰ কৰি লয়। মানুহ বৃক্ষ বা পথাৰৰ দৰে নহয় যি স্বতন্ত্ৰ ইচ্ছা বিহীনভাৱে কেৱল অস্তিত্বশীল। মানুহ এনেকুৱা সত্তা যি পৰিকল্পনা অনুসাৰে নিজৰ ভৱিষ্য়ত তৈয়াৰ কৰি লয়। ছাৰ্ত্ৰেৰ দৃষ্টিত স্বাধীনতাৰ অৰ্থ হল নিৰ্বাচন কৰাৰ স্বাধীনতা-- সিদ্ধান্ত লোৱাৰ স্বাধীনতা। মানুহ কি হব, কি ধৰণেৰে তেওঁ তেওঁৰ পৰিকল্পনাক কাৰ্যকৰী কৰিব সেইটো তেওঁৰ স্বতন্ত্ৰ সিদ্ধান্তৰ ওপৰতে নিৰ্ভৰ কৰে। ছাৰ্ত্ৰে স্পষ্ট ভাষাত কৈছে, মানুহে তেওঁৰ স্বতন্ত্ৰ ইচ্ছা-শক্তিৰ দ্বাৰাই নিজকে নিৰ্মাণ কৰে, তেওঁ জীৱনত যি হয় সি তেওঁৰ স্বতন্ত্ৰ নিৰ্বাচন বা সিদ্ধান্তৰে পৰিণাম। ইচ্ছাৰ স্বাধীনতাৰ ওপৰত অত্য়ধিক গুৰুত্ব দি ছাৰ্ত্ৰে কৈছে, যেতিয়া আমি কওঁ মানুহ স্বতন্ত্ৰ হোৱাৰ বাবে বাধ্য় ,তেতিয়া ইয়াৰ তাৎপৰ্য হল নিয়তিবাদৰ দৰে কোনো বস্তু নাই- মানুহ মুক্ত, সম্পূৰ্ণভাৱে স্বাধীন।  

5. Explain after Sartre the relation between freedom and responsibility . 

ছাত্ৰেক অনুসৰণ কৰি স্বাধীনতা আৰু দায়বদ্ধতাৰ সম্বন্ধ ব্যাখ্যা কৰা । 

উত্তৰঃ ছাৰ্ত্ৰেৰ স্বাধীনতাৰ ধাৰণাৰ লগত অনিবাৰ্যভাৱে সম্পৰ্কিত আন এটা ধাৰণা হল দায়বদ্ধতাৰ ধাৰণা। ছাৰ্ত্ৰেৰ দৰ্শনত স্বাধীনতা আৰু দায়বদ্ধতাৰ পৰস্পৰ সম্পৰ্কিত। মানুহৰ স্বাধীনতাই মানুহক সতত ক্ৰিয়াশীল কৰি তোলে আৰু সেই ক্ৰিয়াশীলতাতেই তেওঁৰ অস্তিত্ব বিকশিত হয়। এই স্বতন্ত্ৰ মনোনয় বা নিৰ্বাচনৰ অনুৰূপে তেওঁ আত্ম-নিৰ্মাণ কৰে। গতিকে আত্ম-নিৰ্মাণৰ পূৰ্ণ দায়িত্ব ব্য়ক্তিৰ ওপৰতেই নিৰ্ভৰশীল। ছাৰ্ত্ৰেৰ মতানুসাৰে এই দৃষ্টিভংগীৰ পৰা স্বাধীনতা এটা গধুৰ দায়িত্ব বা বোজা হিচাপে থিয় দিয়ে। প্ৰত্য়েক নিৰ্বাচন বা সিদ্ধান্তত ব্য়ক্তিয়ে এই গধুৰ দায়িত্ব বহন কৰিবলগা হয়। এই বোজা দায়বদ্ধতাৰ বোজা। ছাৰ্ত্ৰেৰ ভাষাত, চেতন অস্তিত্বৰ অৰ্থ হল দায়বদ্ধতাৰ প্ৰতি সৰ্বদা সজাগ থকা। 

        ছাৰ্ত্ৰে এই দায়িত্ববোধক স্পষ্ট কৰিবলৈ গৈ কৈছে যে, এই প্ৰকাৰৰ দায়িত্বৰ ভাবনা ব্য়ক্তিৰ নিজৰ প্ৰতিও আছে আৰু আন ব্য়ক্তিৰ প্ৰতিও আছে। প্ৰত্য়েক সিদ্ধান্ত বা মনোনয়ত নিজৰ প্ৰতি দায়িত্ব থাকে-- কাৰণ তেওঁৰ এইটো জ্ঞান থাকে যে সেই সিদ্ধান্তৰ ওপৰত তেওঁৰ সমস্ত পৰিকল্পনা নিৰ্ভৰ কৰিছে।তেওঁৰ সিদ্ধান্তৰ ওপৰত এইটোও নিৰ্ভৰ কৰে যে তেওঁ কি ধৰণৰে এতিয়া অস্তিত্বৱান হব। কিন্তু এই সিদ্ধান্তত সুক্ষ্মভাৱে হলেও আন ব্য়ক্তিৰ প্ৰতি দায়িত্ববোধ থাকে। মানুহৰ প্ৰত্য়েক সিদ্ধান্ত তেতিয়াই লোৱা হয় যেতিয়া তেওঁৰ ওচৰত সেই সিদ্ধান্ত আন সকলো বিকল্প সিদ্ধান্তৰ তুলনাত অধিক যুক্তিযুক্ত বুলি ধাৰণা হয়। এই দৃষ্টিকোণৰ পৰা তেওঁৰ সিদ্ধান্ত এই পৰিস্থিতিত সৰ্বশ্ৰেষ্ঠ সিদ্ধান্তৰ বুলি বিবেচিত হয়। ইয়াৰ অৰ্থ হল ব্য়ক্তিয়ে এনেকুৱা সিদ্ধান্ত তেতিয়াই লয় যেতিয়া তেওঁ ভাবে এই পৰিস্থিতিৰ মেৰপেচত পৰা সকলো ব্য়ক্তিয়ে এই সিদ্ধান্তই লব। ছাৰ্ত্ৰেৰ মতানুসাৰে এনেদৰে নিজৰ বাবে সিদ্ধান্ত লওঁতে মানুহে আন ব্য়ক্তিৰ বাবেও পথ প্ৰদৰ্শক হয়- আনৰ প্ৰতি নিজৰ দায়িত্ব সম্পৰ্কে সতৰ্ক থাকে আৰু তেওঁ ভাবে যে এই পৰিস্থিতিত সকলোৱে এনেকুৱা কৰিব। সেইকাকণে ছাৰ্ত্ৰে স্পষ্ট ভাষাত কৈছে, আমি কেৱল নিজৰ অস্তিত্বৰ বাবেই নহয়; বৰং নিজ নিজ সমাজ আৰু সমগ্ৰ মানৱ জাতিৰ বাবে দায়ী। আমি এই জগতত পাৰস্পৰিকভাৱে আত্মিক সম্পৰ্কত সম্পৰ্কিত।

6 . What are the obstacle of human freedom , according Sartre ? Explain them . 

ছাত্ৰেৰ মতে , মানৱ অস্তিত্বৰ প্রতিবন্ধক বা বাধাসমূহ কি কি ? সেইবোৰ ব্যাখ্যা কৰা ।

উত্তৰঃ ছাৰ্ত্ৰেৰ মতে, যিকোনো ব্য়ক্তি নিজৰ লক্ষ্য়ত উপনিত হব পাৰিব যদিহে তেওঁৰ সিদ্ধান্ত আৰু নিৰ্বাচন সঠিক হয়। নিজৰ লক্ষ্য়ত উপনিত হোৱাৰ ক্ষেত্ৰত ব্য়ক্তিৰ ক্ষেত্ৰত পাচঁটা বাধাই পৰিলক্ষিত হয়, বাধাসমূহ হল- মোৰ স্থান, মোৰ অতীত, মোৰ পৰিৱেশ, অপৰ ব্য়ক্তি আৰু মোৰ মৃত্য়। প্ৰচলিত মত অনুসাৰে মোৰ স্থান সকলো সময়তে স্বাধীনতাৰ এটি প্ৰতিবন্ধক। কিন্তু ছাৰ্ত্ৰেৰ মতে, মানুহৰ কেন্দ্ৰৰ এটি বিশেষ স্থান আছে ঠিকেই, কিন্তু তেওঁ ইচ্ছা কৰিলে তেওঁৰ পছন্দ অনুসাৰে আন কোনো স্থানত যাব পাৰে।মোৰ অতীতৰ পৰিপ্ৰেক্ষিতত মোৰ বৰ্তমান বোধগম্য় হয়। কিন্তু মোৰ পৰৱৰ্তী অতীত বৰ্তমান আৰু ভৱিষ্য়তৰ দ্বাৰা নিৰ্ধাৰিত হয়। অতীতক বাদ দি স্বাধীনতা পোৱা নাযায় ঠিকেই, কিন্তু মোৰ বৰ্তমান আৰু ভৱিষ্য়তেই নিৰ্ধাৰণ কৰি দিয়ে মোৰ অতীতৰ প্ৰকল্প সাৰ্থক হব নে ব্য়ৰ্থ হব। গতিকে মোৰ বৰ্তমান অতীতৰ প্ৰেক্ষাপটত বোধগম্য় হলেও মোৰ বৰ্তমান স্বাধীনতা অতীতে কেতিয়াও নষ্ট কৰিব নোৱাৰে। যিকোনো সময়ত মোৰ অতীত সিদ্ধান্তক পৰিৱৰ্তন কৰাৰ স্বাধীনতা আছে। মোৰ পৰিৱেশ বুলিলে ছাৰ্ত্ৰে আমাৰ চাৰিওফালে উপযোগী বস্তুবোৰক বুজাইছে। অনুপযোগী বস্তু মোৰ স্বাধীনতাত বাধা প্ৰদান কৰে। ছাৰ্ত্ৰেৰ মতে, পূৰ্বপ্ৰদত্ত বস্তু জগতত থাকিলেও আমি স্বাধীন ইচ্ছাৰ দ্বাৰা সেই বস্তুক মোৰ জগতত পৰিৱৰ্তন কৰিব পাৰোঁ। অপৰ ব্য়ক্তিৰ অস্তিত্বই আমাৰ স্বাধীনতাক ব্য়াহত কৰে। স্পষ্ট ভাষাত, মানুহেই মানুহৰ স্বাধীনতাৰ পথত বাধা হৈ থিয় দিয়ে। অপৰ ব্য়ক্তি ওচৰত নিজকে বস্তু বুলি মনে হয়। ইয়াৰ ফলত আমাৰ স্বাধীনতা নষ্ট হয়। কিন্তু অপৰ ব্য়ক্তিৰ লগত সংঘৰ্ষত আমি আমাৰ স্বাধীনতাক পুনৰুজ্জীৱিত কৰিব পাৰোঁ বা নিজৰ স্বাধীনতাক উপলদ্ধি কৰিব পাৰোঁ। শেষত, মোৰ মৃত্য়ুয়ে মোৰ স্বাধীনতাৰ চিৰসমাপ্তি ঘটায়-মোৰ সমস্ত সম্ভাৱনাৰ পৰিসমাপ্তি ঘটে। কিন্তু ছাৰ্ত্ৰেৰ মত অনুসাৰে এইটো ভবা ভুল যে মৃত্য়ু আমাৰ স্বাধীনতাক বিনিষ্ট কৰি দিয়ে। কাৰণ মৃত্য়ু আমাৰ স্বাধীনতাৰ সম্ভাৱনা নহয় বাবে মৃত্য়ুত মোৰ সত্তাৰ কোনো সম্পৰ্ক নাই। 

7.Discuss how the idealist philosophers proved that ' essence precedes existence . ' 

 ভাববাদী দার্শনিকসকলে কেনেদৰে ‘ সাৰসত্তা অস্তিত্বৰ পূৰ্বৱৰ্তী ’ বুলি প্ৰমাণ কৰিছে আলোচনা কৰা ।

উত্তৰঃ ভাববাদী দাৰ্শনিকসকলে অস্তিত্বৰ পৰিৱৰ্তে সাৰসত্তাক অগ্ৰাধিকাৰ দি সদম্ভে ঘোষণা কৰিছিল যে, সাৰধৰ্ম অস্তিত্বৰ পূৰ্বৱৰ্তী। প্ৰথমতে সাৰধৰ্ম আৰু সেই সাৰধৰ্ম অনুসাৰে পিছত ৰচিত বয় বিশেষ বিশেষ বস্তুৰ অস্তিত্ব। উদাহৰণস্বৰূপে, 'ঘট' এটা তৈয়াৰ কৰাৰ আগত কুমাৰৰ সাৰসত্তা 'ঘটত্ব'ৰ ধাৰণা থাকে। পিছত সেই ধাৰণা অনুসাৰে ঘট এটা তৈয়াৰ কৰে। 'ঘটত্ব'ৰ ধাৰণা নাথাকিলে কুমাৰে ঘটটোক তৈয়াৰ কৰিব নোৱাৰিব। গতিকে ঘট তৈয়াৰ কৰাৰ আগত কুমাৰৰ মনত ঘটৰ সাৰধৰ্ম 'ঘটত্ব'ৰ ধাৰণা নিহিত থাকে। সেইকাৰণে সাৰধৰ্ম আগত, তাৰ পিছত বিশেষ বিশেষ বস্তুৰ অস্তিত্ব। গ্ৰীক ভাববাদী দাৰ্শনিক প্লেটোৱে সাৰধৰ্মক গুৰুত্ব দি কৈছে, প্ৰত্য়য় বা ধাৰণাৰ জগত হৈছে প্ৰকৃত জগত; বিশেষ বিশেষ ইন্দ্ৰিয়গ্ৰাহ্য় বস্তুৰ জগত হৈছে সেই ধাৰণাৰ জগতৰ নকলমাত্ৰ। জাগতিক ইন্দ্ৰিয়গ্ৰাহ্য় বস্তুবোৰ পৰিৱৰ্তনশীল,দেশ-কালৰ দ্বাৰা সীমাবদ্ধ। একমাত্ৰ বুদ্ধিৰ দ্বাৰাই লাভ কৰা সাধাৰণ ধাৰণাই শাশ্বত। যেনে- বিশেষ বিশেষ মানুহৰ জন্ম আৰু মৃত্য়ু থাকিলও মানুহৰ সাৰধৰ্ম 'মনুষ্য়ত্ব' অমূৰ্তভাব, সাৰ্বিক আৰু চিৰন্তন। অতীত, বৰ্তমান আৰু ভৱিষ্য়ত এই তিনিওকালৰ মানুহৰ ক্ষেত্ৰত  'মনুষ্য়ত্ব' কথাটো প্ৰযোজ্য়। কাৰণ 'মনুষ্য়ত্ব' এই সাৰধৰ্ম গঠিত হৈছে মানুহৰ অপৰিহাৰ্য গুণবোৰক লৈ- যি গুণবোৰৰ অনুপস্থিতিত কোনো জীৱক মানুহ বুলি কব পৰা নাযায়। প্ৰত্য়েক মানুহেই জীৱ, গতিকে তেওঁৰ প্ৰাণীবৃত্তি থাকিব লাগিব, প্ৰত্য়েক মানুহেই বুদ্ধিমান,গতিকে তেওঁৰ বুদ্ধিবৃত্তি থাকিব লাগিব।এই দুটা বৈশিষ্ট্য় যি জীৱৰ মাজত থাকিব তাকেই মানুহ বুলি গণ্য় কৰা হব। 

8. " Man is condemned to be free . " Discuss the significance of this statement . 

“ মানুহ স্বাধীন হ’বলৈ বাধ্য বা অভিশপ্ত ” —এই উক্তিটোৰ তাৎপৰ্য আলোচনা কৰা ।

উত্তৰঃ স্বাধীনতাৰ ধাৰণা আৰু অস্তিত্ববাদী দৰ্শনৰ ধাৰণা এক আৰু অভিন্ন। ব্য়ক্তি যি অৰ্থত অস্তিত্বৱান সেই একেই অৰ্থত ব্য়ক্তি স্বাধীন। যি ব্য়ক্তি স্বাধীন নহয় সেই ব্য়ক্তি অস্তিত্বৱান নহয়। কিন্তু দাৰ্শনিক ছাৰ্ত্ৰে মানৱ স্বাধীনতাক এক বিশেষ দৃষ্টিত উপস্থাপন কৰিছে। এই দৃষ্টিভংগীত মানৱ স্বাধীনতা অতি মহত্বপূৰ্ণ ধাৰণা। ছাৰ্ত্ৰে মানুহৰ স্বাধীনতাক ইমান বেছি গুৰুত্ব দিছে যে এই স্বাধীনতাই মানুহৰ বাবে এটা গধুৰ বোজা বা দায়িত্বত পৰিণত হৈছে। ছাৰ্ত্ৰেৰ মতে, মানুহ স্বাধীন হোৱাৰ বাবে বাধ্য় বা অভিশপ্ত। ছাৰ্ত্ৰে তেওঁৰ 'Existentialism and Humanism' নামৰ গ্ৰন্থত এই কথাটোকে ব্য়াখ্য়া কৰি কৈছে, আমি এই জগতত স্বতন্ত্ৰ হোৱাৰ বাবে বাধ্য় বা অভিশপ্ত-- এই জগতত জন্মগ্ৰহণ কৰাৰ পিছত আমি যি কৰোঁ তাৰ বাবে আমি নিজেই দায়ী। 

            ইচ্ছাৰ স্বাধীনতাৰ ওপৰত অত্য়ধিক গুৰুত্ব দি ছাৰ্ত্ৰে কৈছে, যেতিয়া আমি কওঁ মানুহ স্বতন্ত্ৰ হোৱাৰ বাবে বাধ্য় বা অভিশপ্ত, তেতিয়া ইয়াৰ তাৎপৰ্য হল নিয়তিবাদৰ দৰে কোনো বস্তু নাই- মানুহ মুক্ত, সম্পূৰ্ণভাৱে স্বাধীন। এই সন্দৰ্ভত ছাৰ্ত্ৰে লিখিছে, ''বহুত মানুহৰ ওচৰত দুখৰ সময়ত নিজকে সান্তনা দিয়াৰ বাবে এটা উপায় থাকে আৰু সেইটো হল এইধৰণে ভবা--'পৰিস্থিতি মোৰ বিপৰীত। আজি মই  যেনেকুৱা তাতকৈ অধিক যোগ্য়তা মোৰ আছে। মই এইটো স্বীকাৰ কৰিছোঁ যে মই সৰ্বদা প্ৰকৃত প্ৰেমী আৰু সচাঁ বন্ধুত্বৰ পৰা বঞ্চিত আছিলোঁ, ইয়াৰ কাৰণ এইটো যে মই কোনো যোগ্য় পুৰুষ বা নাৰী লগ পোৱা নাই যাৰ লগত মই জীৱন অতিবাহিত কৰিব পাৰিম। সেইকাৰণে মোৰ ভিতৰত যোগ্য়তা, ৰুচিবোধ, আন্তঃশক্তিৰ বিশাল ভাণ্ডাৰ থকা সত্ত্বেও কামত নাহিল, কিন্তু উপযুক্ত সুবিধা পালে এইবোৰ কামত খটুৱাব পৰা গলহেঁতেন।'' ছাৰ্ত্ৰেৰ দৃষ্টিত এইবোৰ মানুহৰ একো একোটা অজুহাত। তেওঁৰ মতে, মানুহ নিজেই নিজকে ৰুদ্ধ কৰে, তেওঁ নিজৰ ব্য়ক্তিত্ব নিজেই তৈয়াৰ কৰে, আৰু এই ব্য়ক্তিত্বই মানৱ জীৱনত সব, ইয়াৰ বাহিৰে আন একো নাই। দৰাচলতে মানুহে নিজেই নিজৰ সকলো বিষয়ৰ বাবে নিজক দায়ী কৰিব নিবিচাৰে। কিন্তু মানুহ নিজৰ সকলো পৰিস্থিতিৰ বাবে নিজেই দায়ী। ছাৰ্ত্ৰেৰ মতানুসাৰে কোনো ব্য়ক্তিয়ে বীৰ বা কাপুৰুষ হিচাপে জন্মগ্ৰহণ নকৰে। কাপুৰুষ নিজকে কাপুৰুষ হিচাপে তৈয়াৰ কৰে, বীৰ নিজকে বীৰ ৰূপে গঢ়ি তোলে। 

9. Is a man absolutely free ?Discuss with reference to Sartre's concept of  freedom . 

এজন মানুহ সম্পূৰ্ণৰূপে স্বাধীন নে ? ছাত্ৰেৰ স্বাধীনতাৰ ধাৰণাৰ প্ৰসংগ সহকাৰে আলোচনা কৰা ।

উত্তৰঃ এজন মানুহ সম্পূৰ্ণৰূপে স্বাধীন নহয়।

                স্বাধীনতাৰ ধাৰণা আৰু অস্তিত্ববাদী দৰ্শনৰ ধাৰণা এক আৰু অভিন্ন। ব্য়ক্তি যি অৰ্থত অস্তিত্বৱান সেই একেই অৰ্থত ব্য়ক্তি স্বাধীন। যি ব্য়ক্তি স্বাধীন নহয় সেই ব্য়ক্তি অস্তিত্বৱান নহয়। কিন্তু দাৰ্শনিক ছাৰ্ত্ৰে মানৱ স্বাধীনতাক এক বিশেষ দৃষ্টিত উপস্থাপন কৰিছে। এই দৃষ্টিভংগীত মানৱ স্বাধীনতা অতি মহত্বপূৰ্ণ ধাৰণা। ছাৰ্ত্ৰে মানুহৰ স্বাধীনতাক ইমান বেছি গুৰুত্ব দিছে যে এই স্বাধীনতাই মানুহৰ বাবে এটা গধুৰ বোজা বা দায়িত্বত পৰিণত হৈছে। ছাৰ্ত্ৰেৰ মতে, মানুহ স্বাধীন হোৱাৰ বাবে বাধ্য় বা অভিশপ্ত। ছাৰ্ত্ৰে তেওঁৰ 'Existentialism and Humanism' নামৰ গ্ৰন্থত এই কথাটোকে ব্য়াখ্য়া কৰি কৈছে, আমি এই জগতত স্বতন্ত্ৰ হোৱাৰ বাবে বাধ্য় বা অভিশপ্ত-- এই জগতত জন্মগ্ৰহণ কৰাৰ পিছত আমি যি কৰোঁ তাৰ বাবে আমি নিজেই দায়ী। 

            ইচ্ছাৰ স্বাধীনতাৰ ওপৰত অত্য়ধিক গুৰুত্ব দি ছাৰ্ত্ৰে কৈছে, যেতিয়া আমি কওঁ মানুহ স্বতন্ত্ৰ হোৱাৰ বাবে বাধ্য় বা অভিশপ্ত, তেতিয়া ইয়াৰ তাৎপৰ্য হল নিয়তিবাদৰ দৰে কোনো বস্তু নাই- মানুহ মুক্ত, সম্পূৰ্ণভাৱে স্বাধীন। এই সন্দৰ্ভত ছাৰ্ত্ৰে লিখিছে, ''বহুত মানুহৰ ওচৰত দুখৰ সময়ত নিজকে সান্তনা দিয়াৰ বাবে এটা উপায় থাকে আৰু সেইটো হল এইধৰণে ভবা--'পৰিস্থিতি মোৰ বিপৰীত। আজি মই  যেনেকুৱা তাতকৈ অধিক যোগ্য়তা মোৰ আছে। মই এইটো স্বীকাৰ কৰিছোঁ যে মই সৰ্বদা প্ৰকৃত প্ৰেমী আৰু সচাঁ বন্ধুত্বৰ পৰা বঞ্চিত আছিলোঁ, ইয়াৰ কাৰণ এইটো যে মই কোনো যোগ্য় পুৰুষ বা নাৰী লগ পোৱা নাই যাৰ লগত মই জীৱন অতিবাহিত কৰিব পাৰিম। সেইকাৰণে মোৰ ভিতৰত যোগ্য়তা, ৰুচিবোধ, আন্তঃশক্তিৰ বিশাল ভাণ্ডাৰ থকা সত্ত্বেও কামত নাহিল, কিন্তু উপযুক্ত সুবিধা পালে এইবোৰ কামত খটুৱাব পৰা গলহেঁতেন।'' ছাৰ্ত্ৰেৰ দৃষ্টিত এইবোৰ মানুহৰ একো একোটা অজুহাত। তেওঁৰ মতে, মানুহ নিজেই নিজকে ৰুদ্ধ কৰে, তেওঁ নিজৰ ব্য়ক্তিত্ব নিজেই তৈয়াৰ কৰে, আৰু এই ব্য়ক্তিত্বই মানৱ জীৱনত সব, ইয়াৰ বাহিৰে আন একো নাই। দৰাচলতে মানুহে নিজেই নিজৰ সকলো বিষয়ৰ বাবে নিজক দায়ী কৰিব নিবিচাৰে। কিন্তু মানুহ নিজৰ সকলো পৰিস্থিতিৰ বাবে নিজেই দায়ী। ছাৰ্ত্ৰেৰ মতানুসাৰে কোনো ব্য়ক্তিয়ে বীৰ বা কাপুৰুষ হিচাপে জন্মগ্ৰহণ নকৰে। কাপুৰুষ নিজকে কাপুৰুষ হিচাপে তৈয়াৰ কৰে, বীৰ নিজকে বীৰ ৰূপে গঢ়ি তোলে।  

 Short Questions : চমু প্রশ্ন : 

1 . When and where Sartre was born ? 

ছাৰ্ত্ৰে ক'ত আৰু কেতিয়া জন্মগ্রহণ কৰিছিল ? 

উত্তৰঃ ছাৰ্ত্ৰে পেৰিছত  ১৯০৫ খ্ৰীষ্টাব্দৰ ২১ জুনত জন্মগ্ৰহণ কৰিছিল। 


2. Name any one novel of Sartre . 

ছাৰ্ত্ৰেৰ  যিকোনো এখন উপন্যাসৰ নাম লিখা ।

উত্তৰঃ ছাৰ্ত্ৰেৰ এখন উপন্য়াস হল- Notebook for an Ethics । 


3 . ' Man is condemned to be free . ' Who said ? 

“ মানুহ স্বাধীন হ’বলৈ বাধ্য বা অভিশপ্ত ” –কোনে কৈছে ?

উত্তৰঃ '' মানুহ স্বাধীন হবলৈ বাধ্য় বা অভিশপ্ত'' - জাঁ পল ছাৰ্ত্ৰে কৈছে। 


4. State the name of any two books of Sartre . 

ছাৰ্ত্ৰেৰ  যিকোনো দুখন কিতাপৰ নাম উল্লেখ কৰা ৷ 

উত্তৰঃছাৰ্ত্ৰেৰ   দুখন কিতাপৰ না হল-

(i)Nausea

(ii)Being and Nothingness 

 

5. " Existence precedes essence " who said this ? 

“ অস্তিত্ব সাৰসত্তাৰ পূৰ্বৰ্ৱৰ্তী ” —এইটো কোনে কৈছে ?

উত্তৰঃ  জাঁ পল ছাৰ্ত্ৰে ।


6. Who is the author of ' Existentialism and Humanism . 

' ' Existentialism and Humanism ' গ্ৰন্থখনৰ লেখক কোন ?

উত্তৰঃ 'Existentialism and Humanism' গ্ৰন্থখনৰ লেখক হল- জাঁ পল ছাৰ্ত্ৰে। 

 

7. Who is the author of ' Being and Nothingness . ' ? 

' Being and Nothingness ' গ্ৰন্থখনৰ লেখক কোন ?

উত্তৰঃ' Being and Nothingness ' গ্ৰন্থখনৰ লেখক হল- জাঁ পল ছাৰ্ত্ৰে।

   

8.Who is the author of ' Nausea . ' ? 

 ‘ Nausea ’ গ্ৰন্থখনৰ লেখক কোন ? 

উত্তৰঃ 'Nausea' গ্ৰন্থখনৰ লেখক হল- জাঁ পল ছাৰ্ত্ৰে।


9 . Who is the author of ' Existentialism and Human Emotion ' ? 

' Existentialism and Human Emotion ' গ্ৰন্থখনৰ লেখক কোন ?

উত্তৰঃ ' Existentialism and Human Emotion ' গ্ৰন্থখনৰ লেখক হল- জাঁ পল ছাৰ্ত্ৰে।

 

10. Was Sartre a atheist ? 

ছাৰ্ত্ৰে এজন নাস্তিক বা নিৰীশ্বৰবাদী নে ?

উত্তৰঃ হয়। 

 

11. State any two obstacles of human freedom ? 

মানৱ স্বাধীনতাৰ যিকোনো দুটা প্রতিবন্ধক লিখা । 

12. Did Sartre admit fatalism ? 

ছাত্ৰে ভাগ্যবাদক স্বীকাৰ কৰে নে ?

উত্তৰঃ  নকৰে।

13.Sartre was a determinist / indeterminist . 

ছাত্ৰে এজন নিয়তিবাদী / অনিয়তিবাদী । 

উত্তৰঃ ছাৰ্ত্ৰে এজন নিয়তিবাদী।


14. Did Sartre admit determinism ? 

ছাত্রে নিয়তিবাদক স্বীকাৰ কৰে নে ?

উত্তৰঃ কৰে।



Author: Jipika Hazarika