Chapter 3

খাদ্য উপাদন পদ্ধতিৰ আৰম্ভণি

(The advent of food production) 


অতি চমু প্ৰশ্নঃ

১। কোন যুগত মানৱে অঘৰী জীৱন ত্যাগ কৰি স্থায়ী জীৱন নিৰ্বাহ প্ৰণালীৰ আৰম্ভণি ঘটায় ?

উত্তৰঃ- নৱপ্ৰস্তৰ যুগত মানৱে অঘৰী জীৱন ত্যাগ কৰি স্থায়ী জীৱন নিৰ্বাহ প্ৰণালীৰ আৰম্ভণি ঘটায় ।


২। কোন যুগত ধাতুবিদ্যাৰ বিকাশ আৰম্ভ হয় ? 

উত্তৰঃ- তাম্ৰপ্ৰস্তৰ যুগত ধাতুবিদ্যাৰ বিকাশ আৰম্ভ হয় ।


৩। ইংৰাজী ভাষাৰ 'Neolithic' শব্দটো ক'ৰ পৰা আহিছে ?

উত্তৰঃ- ইংৰাজী ভাষাৰ 'Neolithic' শব্দটো গ্ৰীক ভাষাৰ 'Neos' অৰ্থাৎ নৱ বা নতুন আৰু 'Lithos' অৰ্থাৎ শিলৰ পৰা আহিছে ।


৪। Neolithic শব্দটো কোনে প্ৰথমে প্ৰচলন ঘটাইছিল ? 

উত্তৰঃ- ইংলেণ্ডৰ চাৰ জন লুকে এ ১৮৬৫ চনত Neolithic শব্দটো প্ৰথমে প্ৰচলন ঘটাইছিল।


৫। নৱপ্ৰস্তৰ যুগত কেনেকুৱা আকৃতিৰ শিলৰ কুঠা পোৱা গৈছে ? 

উত্তৰঃ- নৱপ্ৰস্তৰ যুগত ইংৰাজী 'V', 'U' বা কান্ধ আকৃতিৰ শিলৰ কুঠা পোৱা গৈছে।


চমু প্ৰশ্নঃ


১। উত্তৰ-পূৰ্বাঞ্চলত নৱ প্ৰস্তৰ যুগৰ সংস্কৃতিৰ দুটা মূল বিশেষত্ব লিখা ।

উত্তৰঃ- উত্তৰ-পূৰ্বাঞ্চলত নৱ প্ৰস্তৰ যুগৰ সংস্কৃতিৰ দুটা মূল বিশেষত্ব হ'ল Celt নিৰ্মাণ পৰম্পৰা আৰু ৰছীপ চাপ থকা মৃৎপাত্ৰৰ অৱস্থিতি।


২। তাম্ৰ প্ৰস্তৰ যুগৰ কৃষিজাত শস্য সমূহ কি কি আছিল ?

উত্তৰঃ- তাম্ৰ প্ৰস্তৰ যুগৰ কৃষিজাত শস্য় সমূহ হ'ল ধান, যৱ, মচুৰ, মটৰ, মাটিমাহ, মগুমাহ ইত্যাদি।


৩। তাম্ৰ প্ৰস্তৰ যুগত ব্যৱহাৰ হোৱা দুটা ধাতুৰ নাম লিখা ।

উত্তৰঃ- তাম্ৰ প্ৰস্তৰ যুগত ব্যৱহাৰ হোৱা দুটা ধাতু হ'ল তাম আৰু শিলৰ আহিলা ।


৪। ভাৰতবৰ্ষত তামৰ আহিলাৰ ভাণ্ডাৰ প্ৰথম ক'ত আৰু কেতিয়া উদ্ধাৰ হয় লিখা ।

উত্তৰঃ- ভাৰতবৰ্ষত তামৰ আহিলাৰ ভাণ্ডাৰ প্ৰথম উদ্ধাৰ হয় ১৮২২ খ্ৰীষ্টাব্দত উত্তৰ প্ৰদেশৰ কানপুৰ জিলাৰ বিথুৰৰ পৰা যেতিয়া এডাল তামৰ হৰ্পোন পোৱা যায় ।

চমুটোকাঃ

১। তাম্ৰ প্ৰস্তৰ যুগ ।

উত্তৰঃ-  ইংৰাজী Chalcolithic শব্দটো গ্ৰীকভাষাৰ Khalkos অৰ্থাৎ তাম আৰু Lithos অৰ্থাৎ শিলৰ পৰা আহিছে। তাম্ৰ প্ৰস্তৰ যুগক লেটিন ভাষাত তামৰ প্ৰতিশব্দ 'aeneus' ৰ পৰা 'Eneolithic' বা 'Aenolithic' অহা বুলিও জনা যায় । বহু ক্ষেত্ৰত তাম্ৰ প্ৰস্তৰ যুগক বৃহৎ নৱ প্ৰস্তৰ যুগেৰে এটা অংশৰূপেও বিবেচনা কৰা হয়। নৱ প্ৰস্তৰ যুগ আৰু ব্ৰঞ্জ যুগৰ মাজৰ এক যোগসূত্ৰৰূপে তাম্ৰ প্ৰস্তৰ যুগক চিহ্নিত কৰা হয় । এই যুগৰ ধাতু শিল্পত বিশেষত্বঃ তামৰ প্ৰভুত্ব আছিল । ১৮৮১ চনত ইংলেণ্ডৰ জন ইভানচ এ প্ৰথমবাৰলৈ তামক ব্ৰঞ্জৰ পূৰ্বসূৰীৰূপে চিনাক্ত কৰি তাম্ৰ যুগ আৰু ব্ৰঞ্জ যুগৰ মাজত বিভাজন আনিছিল ।

    ধাতুৰ ভিতৰত মানৱে প্ৰথম ব্যৱহাৰ কৰিছিল তাম । তাম্ৰ প্ৰস্তৰ যুগত মানৱে তাম আৰু শিলৰ আহিলা একেসময়তে ব্যৱহাৰ কৰিছিল। শিলৰ পৰা ধাতুলৈ মানৱ সংস্কৃতিৰ উত্তৰণৰ প্ৰক্ৰিয়া আছিল ধীৰ অথচ ক্ৰমানুগত। তদুপৰি প্ৰাৰম্ভিক ধাতু আৰু নৱপ্ৰস্তৰযুগৰ আহিলাৰ মাজত যথেষ্ট সাদৃশ্য় থকা দেখা যায় । কিন্তু ভাৰতবৰ্ষত বিভিন্ন প্ৰান্তত ধাতুৰ আৰম্ভণিৰ ক্ষেত্ৰত কোনো সামঞ্জস্য়তা পৰিলক্ষিত নহয় । এই সময়ত মানৱে পশুপালন আৰু কৃষিকাৰ্যৰ যোগেদি জীৱন যাপন কৰিছিল । কৃষিকাৰ্যৰ ক্ষেত্ৰত তাম্ৰপ্ৰস্তৰ যুগত মানৱ যথেষ্ট আগবাঢ়ি গৈছিল। ভাৰতীয় উপমহাদেশত খ্ৰীষ্টপূৰ্ব ৩০০০ মানৰ পৰাই তাম ব্যৱহাৰ প্ৰমাণ পোৱা যায়।

    তাম্ৰ প্ৰস্তৰ যুগৰ সংস্কৃতি আছিল মূলতঃ গ্ৰামীণ সংস্কৃতি। ইয়াত অৱশ্য়ে নগৰীকৰণ আৰম্ভণিৰ প্ৰমাণ পোৱা যায় । তাম্ৰ প্ৰস্তৰ যুগৰ প্ৰায়বোৰ স্থল হৰপ্পা সভ্যতাৰ সমসাময়িক বা তাৰো পাছৰ আছিল । কিন্তু হৰপ্পা সভ্যতা এক বিস্তিত অঞ্চলত প্ৰসাৰিত হৈ থকা সত্বেও তাৰ কিছুমান উমৈহতীয়া লক্ষণ দেখাৰ বিপৰীতে এই সংস্কৃতি ক্ষেত্ৰত কিছুমান আঞ্চলিক পৰিচয় দেখা যায় । ইয়াৰ মূল পাৰ্থক্য দেখা যায় মৃৎপাত্ৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত । ভাৰতীয় তাম্ৰপ্ৰস্তৰ যুগৰ চানেকী দেখা যায় ৰাজস্থানৰ আহাৰ , গিলেণ্ড, বালোথল, মধ্যপ্ৰদেশৰ কায়থা আৰু এৰাত্ৰ, মহাৰাষ্ট্ৰৰ জৰৱে, নেভাচা, দায়মাবাদ, চ'নগাঁও, ইনামগাঁও, প্ৰকাশ আৰু নাচিক, উত্তৰ প্ৰদেশৰ নাৰহন, পশ্চিমবংগৰ পাণ্ডোৰাজাৰ ধিবি, ভৰতপুৰ, মহিষাদল ইত্যাদি স্থানত । তেওঁলোকৰ অৰ্থনীতিৰ মূল ভিত্তি আছিল কৃষি, পশুপালন, চিকাৰ আৰু মাছ ধৰা । তাম্ৰ প্ৰস্তৰ যুগৰ কৃষিজাত শস্য়ৰ ভিতৰত মুখ্য আছিল ধান, ঘেঁহু, যৱ, মচুৰ, মটৰ, মাটিমাহ, মগুমাহ ইত্যাদি । খনন কাৰ্যৰ পৰা এই যুগত গৰু, ম'হ, ভেড়া, ছাগলী, কুকুৰ, গাহৰি, কুকুৰা, ঘোঁৰাৰ পশুপালনৰ প্ৰমাণ পোৱা যায়। তাম্ৰ প্ৰস্তৰ সংস্কৃতিৰ অন্যতম বৈশিষ্ট্য আছিল ব্যৱহাৰ মৃৎপাত্ৰ আৰু ইয়াৰ বিশেষ প্ৰকাৰ । তাম্ৰ প্ৰস্তৰ সংস্কৃতিয়ে ৰাজস্থান, মধ্যপ্ৰদেশ, গুজৰাট আৰু মহাৰাষ্ট্ৰৰ অঞ্চল বিশেষত প্ৰসাৰতা লাভ কৰিছিল। 

২। মালৱ সংস্কৃতি ।

উত্তৰঃ- মালৱ সংস্কৃতি মূলতঃ নর্মদা নদী আৰু ইয়াৰ উপনদীসমূহ কেন্দ্ৰ কৰি গঢ়ি উঠিছিল। এই সংস্কৃতি মধ্যভাৰতৰ অন্যতম প্ৰধান তাম্ৰ প্ৰস্তৰ সংস্কৃতি। এই সংস্কৃতি প্রথম উদ্ধাৰ হয় মধ্যপ্ৰদেশৰ নর্মদা নদীৰ পাৰৰ মহেশ্বৰৰ পৰা যাক পুৰাণত উল্লিখিত মহিশমতি ৰূপে চিনাক্ত কৰা হৈছে। এই সংস্কৃতিৰ উল্লেখযোগ্য উদাহৰণ হ'ল নভদাটলী, এৰান, নাগদা, মহেশ্বৰ ইত্যাদি। খ্রীষ্টপূর্ব ১৯০০–১৪০০ ৰ ভিতৰত মালৱ সংস্কৃতিয়ে প্ৰসাৰতা লাভ কৰিছিল। মালৱ সংস্কৃতিৰ উল্লেখযোগ্য বৈশিষ্ট্য হৈছে – Malwa Ware যাৰ cream বা buff slipped পৃষ্ঠত ক’লা বা গাঢ় মুগা বৰণীয়া ৰেখাচিত্র খোদিত থাকে। 

    এৰান আৰু নাগদাত বৃৎত দেৱাল (fortification wall) পোৱা গৈছে। বাসিন্দাসকলে ইকৰা আৰু বোকা মাটিৰে নিৰ্মিত ঘৰত বাস কৰিছিল। নাগদাত কেঁচা ইটা আৰু পোৰা ইটাৰ ব্যৱহাৰ দেখা যায়। কেইবাটাও কোঠালিৰ ঘৰ আৰু চৌকাও পোৱা গৈছে। নাগদাত মূলপথ আৰু উপ-পথৰ কাষত শাৰী শাৰীকৈ বাসগৃহ নিৰ্মাণৰ তথ্য পোৱা যায়। নভদাটলীত চলা খননত বৃত্তাকাৰ পঁজা আৰু আয়ত আকাৰ গৃহৰ অৱশেষ পোৱা গৈছে। গৃহৰ দেৱাল মাটিৰে লিপাৰ লগতে । খেৰৰ মুধচ ধৰি ৰাখিবলৈ কাঠৰ খুটা বাৱহাৰ কৰা হৈছিল। নভাদাটলীত এক বৃহৎ এলেকাত আৱাসভূমি বিস্তৃত আছিল যদিও এৰাল আৰু নাগদাৰ দৰে ইয়াত বৃহৎ দেৱালৰ কোনো সুৰক্ষা কবচ নাছিল। ইয়াত বৃত্তকাৰ পঁজা বিলাক প্রায় ৩ মিটাৰ ব্যাসার্ধৰ তথা আয়তকাৰ গৃহৰ আয়তন প্রায় ৩ মিটাৰ × ২.২ মিটাৰ। গৃহসমূহৰ মজিয়া নদীৰ পলস, শিলগুটি আৰু মাটিৰে প্ৰস্তুত কৰা হৈছিল। গৃহসমূহৰ পৰা এটা বা দুটা চৌকা তথা শস্য সংগ্ৰহ কৰি ৰখা পাত্ৰ (storage jar) ও পোৱা গৈছে।

    মালৱ সংস্কৃতিৰ অৰ্থনীতিৰ মূল আছিল কৃষি পশুপালন আৰু চিকাৰ। তেওঁলোক শিলৰ আহিলাৰ লগতে তামৰ সজুঁলিৰ সৈতে অভ্যস্ত আছিল। তামৰ কুঠাৰ, বটালি, কাঁড়ৰ টুপ আদি আহিলাৰ উপৰিও তামৰ মণি, খাৰু আদি উদ্ধাৰ হৈছে। তেওঁলোকে ৰবি আৰু খাৰিফ শস্যৰ কৃষিকাৰ্য কৰাৰ উপৰিও বিভিন্ন জন্তুৰ পশুপালনৰে জড়িত আছিল। মালৱ মালভূমিৰ সাৰুৱা কলা ভূমিয়ে কৃষিকাৰ্যৰ বাবে পর্যাপ্ত সুবিধা আগবঢ়াইছিল। ধান, ঘেঁহু, যৱ আদি খাদ্য শস্য ৰূপে গ্রহণ আৰু ম'হ, গৰু, ছাগলী আৰু ভেড়া পালনৰ প্ৰমাণ পোৱা যায়। মাছ, কাছ তথা হৰিণ, কৃষ্ণমৃগ, নীলগাই আদিৰ হাড়ৰ অৱশেষে প্রমাণ কৰে যে মাছ ধৰা আৰু চিকাৰ অৰ্থনীতিৰ অভিন্ন অংগ আছিল।

    মহাৰাষ্ট্ৰৰ দায়মাবাদৰ চতুৰ্থ যুগ (Period IV) ইনামগাঁৱৰ ১ম যুগ (Period I) ৰ পৰাও মালৱ সংস্কৃতিৰ বহু তথ্য পোৱা যায়। দায়মাবাদৰ পৰা এই সংস্কৃতিক প্রতিনিধিত্ব কৰা স্তৰ (চতুৰ্থ যুগ, খ্ৰীষ্টপূর্ব ১৬০০ - ১৪০০) ৰ পৰা শিল আৰু তামৰ আহিলা, যৱ, তিনি প্ৰকাৰৰ ঘেঁহু, মচুৰ, মাহজাতীয় শস্যৰ অৱশেষ পোৱা গৈছে। গৃহৰ প্ৰমাণত যজ্ঞ বেদীৰ উপস্থিতি মন কৰিবলগীয়া। দায়মাবাদৰ পৰা ১৬ টা সমাধিৰ তথ্য পোৱাৰ লগতে ইনামগাঁৱৰ ১ম যুগ (খ্রীষ্টপূর্ব ১৬০০ - (১৪০০) শিশু সমাধি উল্লেখযোগ্য।


ৰচনাধৰ্মী প্ৰশ্নঃ

১। ভাৰবৰ্ষত নৱ প্ৰস্তৰ যুগৰ বিকাশ সম্পৰ্কে আলোচনা কৰা ।

উত্তৰঃ-   ভাৰতীয় উপমহাদেশত অঞ্চল বিশেষে প্রাপ্ত নৱ প্ৰস্তৰ যুগৰ তথ্যত বিবিধতা পৰিলক্ষিত হয়। উত্তৰ বিন্ধ্য অঞ্চলকে ধৰি কিছুমান অঞ্চলত নৱ প্রস্তৰ যুগৰ সংস্কৃতি মধ্য প্রস্তৰ যুগৰে উত্তৰণ যদিও আন কোনো অঞ্চল, যেনে উত্তৰ-পশ্চিম ভাৰতত মানৱ সমাজ আৰম্ভ হৈছে নৱ প্ৰস্তৰ যুগৰ পৰাহে। আকৌ কিছুমান অঞ্চল সম্পূৰ্ণৰূপে নৱ প্ৰস্তৰ যুগৰ স্বাক্ষৰ বহনকাৰী স্থান যদিও আন কিছুমানত নৱ প্ৰস্তৰ যুগ আৰু তাম্ৰ প্ৰস্তৰ যুগৰ সাংস্কৃতিক উপাদান ওপৰা-উপৰি হোৱা পৰিলক্ষিত হয়। অর্থাৎ নৱ প্ৰস্তৰ যুগৰ মৌলিক উপাদানৰ লগতে এনে অঞ্চলত ধাতু, বিশেষকৈ তামৰ বহুল প্রচলন হোৱা দেখা যায়।

 ভাৰতীয় উপমহাদেশৰ পৰা পোনপ্ৰথমবাৰৰ বাবে ঘেঁহু আৰু যৰ ধানৰ খেতিৰে ভেড়া আৰু ছাগলীৰ পশুপালনসহ এক স্থায়ী কৃষিজীৱী মানৱ জীৱনৰ প্ৰমাণ বৰ্তমান বেলুচিস্তানৰ (পাকিস্তান) অন্তৰ্গত বলান নদীৰ উপকণ্ঠৰ মেহৰগড়ৰ পৰা পোৱা যায়। পুৰাতাত্ত্বিক দিশৰ পৰা গুৰুত্বপূর্ণ এই স্থানত প্রথম খননকার্য চলিছিল (১৯৭৪) ফৰাছী পুৰাতত্ত্ববিদ J.F. Jarriage ৰ নেতৃত্বত। একেদৰে মেহৰগড়ত প্ৰায় ২০০ হেক্টৰ জোৰা এক বিস্তৃত অঞ্চলত প্ৰাপ্ত পুৰাতাত্ত্বিক সমলৰ অধ্যয়নে ভাৰতীয় উপমহাদেশত মানৱ জীৱনৰ বিকাশৰ বহুতো অজ্ঞাত তথ্য পোহৰলৈ অনাত সহায় কৰিছে। এই স্থানত ১৯৭৪ চনৰ পৰা ১৯৮৬ চনলৈ আৰু ১৯৯৭ চনৰ পৰা ২০০০ চনলৈ পুৰতাত্ত্বিক খন কার্য চলিছিল। খ্রীষ্টপূর্ব ৭০০০ বছৰৰ পূৰ্বৰ পৰা ভিন্ন সময়ৰ মানৱ জীৱন বিকাশৰ কাহিনী ব্যাখ্যা কৰা মেহগড়ে ভাৰতীয় সিন্ধু সভ্যতাৰ উৎপত্তি আৰু বিকাশতো আলোকপাত কৰে। মেহগড়ত খ্রীষ্টপূর্ব ২৬০০ লৈ কেইবাটাও পৰ্যায়ত মানৱ বসতিৰ প্ৰমাণ পোৱা যায়। ইয়াৰ ১ম যুগ (Period-I) লৈকে চিকাৰ আৰু খাদ্য সংগ্ৰহৰ পৰা জীৱন নিৰ্বাহৰ বাবে মানৱৰ পশুপালন আৰু কৃষিকাৰ্যত বৰ্দ্ধিত নিৰ্ভৰশীলতাৰ তথ্য পোহৰলৈ আহে। ২য় যুগ (Period-II) (খ্রীষ্টপূর্ব ৫৫০০–৪৮০০) ত হস্তনিৰ্মিত আৰু চাকত নির্মিত মৃৎপাত্ৰ আৰু ৩য় যুগ (Period-III) ত বৃহৎ সমাধিক্ষেত্ৰৰ লগতে বৃহৎ হাৰত চাকত নিৰ্মিত অংকন কৰা পাত্র, পোৰা মাটিৰ বলদ গৰু, তামৰ অৱশেষ, মূল্যৱান শিল, লেপিজ লজোলি, কার্নেলিয়ান, টাৰ্কইজ, এগেট আদিৰ অলংকাৰ উদ্ধাৰ হৈছে। ইতিহাসবিদ D.K. Chakrabarti ৰ মতে, “ Turquoise and lapis lazuli suggest that trade or exchange network extended presumably up to north-east Iran and Badakhshan in Afghanistan, whereas dentalium sheels would suggest contracts with the coast, about 500 km away. ” ৪র্থ যুগ (Period-IV) (খ্রীষ্টপূর্ব ৩৫০০-৩২৫০) ৰ পৰা মেহৰগড়ৰ আৱাসস্থলৰ পৰিসৰ বৃদ্ধি পোৱাৰ লগতে বৰ্দ্ধিত কৃষিকাৰ্য আৰু কলাত্মক কার্যকলাপৰ আভাস পোৱা যায়। ইতিহাসবিদ Jarrigeৰ মতে মেহগড়ৰ (Period VII) ৪ৰ্থ যুগৰ কাষৰীয়া সিন্ধু সভ্যতাৰ স্থান নৌচাৰো (Nausharu)ৰ আৰম্ভণিৰো পৰ্বৰ।

    মধ্য এছিয়াৰ দক্ষিণাংশ আৰু সিন্ধু উপত্যকাৰ মাজৰ গুৰুত্বপূৰ্ণ যোগসূত্ৰৰূপে প্ৰাচীন কালত বেলুচিস্তানৰ যথেষ্ট মহত্ব আছিল। মেহৰগড়ৰ পৰা কুৱেটা (Quetta) উপত্যকাৰ দিশত মানৱ জীৱন প্ৰসাৰৰ অস্তিত্ব কিলে গুল মহম্মদ (Kile Gul Mohammad), ডাম্ব চাউট (Damb Sadaat) আদি ঠাইত পুবাতাত্ত্বিক খননে প্ৰমাণ কৰিছে। প্ৰায় খ্ৰীষ্টপূর্ব ৫৫০০ বা তাৰো পূৰ্বে কিলে গুল মহম্মদ (Kile Gul Mohammad)ত মানৱ জীৱন আৰম্ভণিৰ তথ্য পোৱা যায়। ইয়াৰ ১ম যুগ (Period-1) ত মানৱে ক্ষুদ্ৰ শিলৰ আহিলা (microliths) ব্যৱহাৰ কৰা, মাটিৰ নিবাসত বাস কৰা আৰু ভেড়া, ছাগলী, গাধ, ঘোঁৰা আদি ঘৰচীয়াকৰণৰ প্ৰমাণ পোৱা যায়। একেদৰে ২য় যুগ (Period-II)ত হস্তনির্মিত মৃৎপাত্ৰ আৰু ৩য় যুগ (Period-III)ত কুমাৰ চাকত বনোৱা পাত্র, জ্যামিত্যিক ৰূপাঙ্কনেৰে black-on-red ware তথা তামৰ আহিলা পোৱা গৈছে। ৪র্থ যুগ (Period IV)ৰ পৰা 'Kenchi Beg Ware 'ৰূপত উৎকৃষ্ট মানদণ্ডৰ মৃৎপাত্ৰৰ লগতে মানুহে ইটাৰ ঘৰত বসবাসৰ প্ৰমাণ পোৱা গৈছে আৰু ইয়াৰ কাল গণনা ডাম্ব চাডট (Damb Sadaat) মানৱ সভ্যতাৰ আৰম্ভণিৰ প্ৰায় সমসাময়িক। এই বিশেষ অঞ্চলত মানর জীৱন বিকাশৰ আনুমানিক কাল হৈছে খ্রীষ্টপূর্ব ৩০০০। এই পর্যায়ত মানবে ইটাৰ ঘৰত বাস কৰা, Quetta Ware আৰু Grey Ware ৰূপত সুন্দর মৃৎপাত্র ব্যৱহাৰ কৰা, পোৰামাটিৰ পৰা শীল-মোহৰৰ ভিন্ন আৰ্হি প্ৰস্তুত কৰাৰ প্ৰমাণ পোৱা যায়। Walter A. Fairserevisৰ মতে ডাম্ব চাউট (Damb Sadaat)ৰ ২য় যুগ (Period-II) ৰ শেষাংশ আৰু ৩য় যুগ (Period III) সিন্ধু সভ্যতার সমসাময়িক।


    বেলুচিস্তানৰ ঝৱ লৰলাই (Zhob Loralai) অঞ্চলটো চুৰজঙ্গল (Sur Jangal), ডাবৰক'ৰ্ট (Dabar Kot), ৰাণা গুপ্তাই (Rana Ghundai), গুমলা (Gumla), বাহমানৰ ধেৰি (Rahman Dheri) আদিত নৱ প্ৰস্তৰ যুগৰ প্ৰাচীন গাঁৱৰ অৱশেষ পোৱা যায়। বিগ্রেডিয়াৰ E.J. Ross (১৯৪৬)এ খনন কৰা ৰাণা গুণ্ডাইত ১ম যুগ (Period-1) ৰ সময় খ্ৰীষ্টপূর্ব ৪৫০০-৪৩০০ৰ ভিতৰত শিলৰ আহিলা, পোৰা মাটিৰ বিভিন্ন সমল, মৃৎশিল্পৰ লগতে ঝৱ উপত্যকাৰ পৰা পোৱা ‘মাতৃ দেৱী’ৰ পোৰা মাটিৰ ভাস্কৰ্যসমূহ এইখিনিতে উল্লেখযোগ্য। ৰাণাগুণ্ডাইৰ ৩য় যুগ (Part-III) প্রায় খ্রীষ্টপূর্ব ৩১০০ লৈকে আছিল। গুমাল উপত্যকাৰ গুমলাৰ ১ম যুগ (Period I) চিৰামিক (aceramic) আৰু এই ঔৰৰ পৰা সূক্ষ্ম শিলৰ আহিলা, ঘৰচীয়া জন্তুৰ হাড় আৰু ৰন্ধন বা পুৰিবলৈ ব্যৱহাৰ কৰা বৃহৎ গীত উদ্ধাৰ হৈছে। ইয়াৰ ২য় যুগৰ পৰা চাকত নিৰ্মিত চিত্ৰিত পাত্ৰৰ লগতে সীমিত তাম আৰু ব্ৰঞ্জ তথা সুক্ষ্ম শিলৰ আহিলা, পোৰামাটিৰ খাৰু, পোৰামাটিৰ পৰিমাণৰ খেলনাগাড়ী, পাশাখেল জাতীয় খেলৰ গুটি আৰু নাৰী মূর্তি পোৱা গৈছে। আনহাতে গুমাল উপত্যকাৰ ৰহমানধেৰিত প্রায় ২০ হেক্টৰ অঞ্চলত বিস্তৃত পুৰাতাত্ত্বিক স্থানে খ্রীষ্টপূর্ব ৩৩০০ ৰ পৰা খ্ৰীষ্টপূৰ্ব ১৯০০ লৈকে প্রায় ১৪০০ বছৰজোৰা মানৱ বিৱৰ্তন সামৰি লৈছে। এই স্থানত নৱপ্ৰস্তৰ যুগৰ পৰা কোটভিজি বা আদি হৰপ্পা কালহৈ হৰপ্পা সভ্যতাৰ যুগলৈ নিৰৱচ্ছিন্ন মানৱ জাতিৰ প্ৰমাণ পোৱা যায়। ইয়াৰ ১ম যুগ (খ্ৰীষ্টপূর্ব ৩৩০০- ২৮৫০০) তে বসতিস্বলৰ কেউদিশে ১.২ মিটাৰ বহল বোকা মাটিৰ ইটাৰ দেৱাল নিৰ্মাণ কৰাৰ তথ্য পোৱা যায়। তদুপৰি `ম যুগৰ পৰাহ মৃৎপাত্ৰৰো ব্যৱহাৰ আৰম্ভ হৈছিল যাৰ ওপৰত কেটেভিজি আৰ্হিৰ প্রভাৱ দেখা যায়। ঘেঁহু আৰু বাৰ্লি, মাছ তথা ঘৰচীয়া গৰু, ছাগলী আৰু ভেৰাৰ পুরাতাত্ত্বিক প্রমাণে তেওঁলোকৰ খাদ্যাভ্যাসৰ আভাস দিয়াৰ উপৰিও ষ্টেটাইট আৰু শামুকৰ মণি, হাতী দাঁতৰ ছীল আদিয়ে আর্থিক অৱস্থাৰ ইংগিত দিয়ে।


    B.K. Thapar (১৯৮৫)এ নৱ প্ৰস্তৰ যুগৰ সাংস্কৃতিক উপাদানসমূহৰ ভিত্তিত ভাৰতবৰ্ষক ছটা ভৌগোলিক অঞ্চলত বিভক্ত কৰিছে—

১) কাশ্মীৰ উপত্যকা সহ উত্তৰ অঞ্চল,

২) বিন্ধ্য অঞ্চল, বেলান উপত্যকা আৰু বিন্ধ্য মালভূমি (এলাহাবাদ, মির্জাপুৰ, ৰেৱা আৰু সিদ্ধি জিলা),

৩) মধ্য-পূব অঞ্চল, উত্তৰ বিহাৰ (চৰণ জিলা),

৪) উত্তৰ-পূব অঞ্চল, অসম আৰু কাষৰীয়া হিমালয়ৰ পাদদেশৰ অঞ্চল,

৫) কেন্দ্রীয় পূব অঞ্চল, চোটনাগপুৰ মালভূমি সহিতে পশ্চিমবংগ আৰু উৰিষ্যা পর্যন্ত, আৰু

৬) দক্ষিণ অঞ্চল, ভাৰতীয় উপদ্বীপীয় অঞ্চল।

    অৱশ্যে ভাৰতীয় নৱ প্ৰস্তৰ যুগক লৈ হোৱা ন ন অধ্যয়নৰ পৰিপ্ৰেক্ষিতত ইয়াৰ ভৌগোলিক পৰিসীমা বিভিন্নজনে বিভিন্ন ধৰণে আগবঢ়াইছে। তদুপৰি ঠাই বিশেষে কিছুমান আঞ্চলিক তাৰতম্যও পৰিলক্ষিত হয়। বহুক্ষেত্ৰত নৱ প্ৰস্তৰ যুগৰ স্থানসমূহ তাম্ৰ প্ৰস্তৰ আৰু হৰপ্পা সভ্যতাৰ স্থানৰ সৈতেও একাকাৰ হৈছে।


Author : Monikongkona Saikia 




Post ID : DABP004572