Chapter: 3

নৱজাগৰণ


১। কনষ্টাল্তিন’পল চহৰখনৰ কি ?

উত্তৰঃ কনষ্টান্তিন’পল চহৰখনৰ পুৰণি নাম হল বাইজানটিয়াম ।

২। কনষ্টান্তিল’পলৰ ৰাজকীয় গ্ৰন্থালয়ত কিমান গ্ৰন্থ সংৰক্ষিত হৈ আছিল ?

উত্তৰঃ প্ৰায় এক লাখ প্ৰাচীন গ্ৰন্থ ।

৩। ভাৰ্জিল ৰচিত মহাকা্ব্যখনৰ নাম কি ?

উত্তৰঃ ভাৰ্জিল ৰচিত মহাকাব্যখনৰ নাম হল ঈনীড ।

৪। ছপাশালৰ আৱিস্কাৰক কোন  ?

উত্তৰঃ ছপাশালৰ আৱিস্কাৰক হল জহানেছ গুটেনবাৰ্গ ।

৫। বাইবেল গ্ৰন্থখন কোনে প্ৰথমে জাৰ্মান ভাষাত ছপা কৰি উলিয়াইছিল ?

উত্তৰঃ মাৰ্টিন লুথাৰে বাইবেল গ্ৰন্থখন প্ৰথমে জাৰ্মান ভাষাত ছপা কৰি উলিয়াইছিল ।

৬। আধুনিক দৰ্শনৰ পিতৃ কাক কয়   ?

উত্তৰঃ ৰেনে ডেছকাৰটেছক আধুনিক দৰ্শনৰ পিতৃ বুলি কোৱা হয় ।

৭। ‘’ পৃথিৱী নহয়, সূয্যহে সৌৰজগতৰ কেন্দ্ৰ ।‘’ কোনে প্ৰথমে কৈছিল ।

উত্তৰঃ নিকোলাছ কপাৰনিকাছে প্ৰথমে কৈছিল ।

৮। ‘পেৰাডাইজ লষ্ট’   গ্ৰন্থৰ লেখক কোন ?

উত্তৰঃ জন মিল্টন ।

৯। মধ্যযুগৰ এথেন্স’ ---  কাক কোৱা হয় ?

উত্তৰঃ ফ্লৰেন্স নগৰীক মধ্যযুগৰ এথেন্স বুলি কোৱা হয় ।

১০। মনালিছা চিত্ৰখনৰ শিল্পীগৰাকীৰ নাম কোৱা ।

উত্তৰঃ লিওনাৰ্ড দা ভিন্সি ।

১১। উৰণীয়া যন্ত্ৰৰ চিত্ৰ অংকন কৰা শিল্পীগৰাকীৰ নাম কোৱা ।

উত্তৰঃ লিওনাৰ্ড দা ভিন্সি ।

১২। কুমাৰী মেৰীৰ চিত্ৰ কোনে অংকন কৰিছিল ।

উত্তৰঃ ৰাফেলে কুমাৰী মেৰীৰ চিত্ৰ অংকন কৰিছিল ।

১৩। নৱজাগৰণৰ শিল্প-ভাস্কৰ্যত নগ্নতা সংযোজন কৰা প্ৰথমগৰাকী শিল্পীৰ নাম কোৱা ।

উত্তৰঃ নৱজাগৰণৰ শিল্প-ভাস্কৰ্যত নগ্নতা সংযোজন কৰা প্ৰথমগৰাকী শিল্পীৰ নাম হল ডনা টেলো ।

১৪। কোনজন পোপক নৱজাগৰণৰ সময়ছোৱাৰ আটাইতকৈ ধুৰন্ধৰ পোপ বুলি জনা যায় ?

উত্তৰঃ পোপ ষষ্ঠ আলেকজেণ্ডাৰক নৱজাগৰণৰ সময়ছোৱাৰ আটাইতকৈ ধুৰন্ধৰ পোপ বুলি জনা যায় ।

১৫। মিলানৰ শাসক পৰিয়ালটোৰ মান কি ?

উত্তৰঃ মেডিচি পৰি়য়াল ।


চমু প্ৰশ্নঃ

১। ৰেনেছাঁ শব্দটি কৰ পৰা অহা ?  ইয়াৰ অৰ্থ কি ?

উত্তৰঃ ৰেনেছাঁ শব্দটো ফৰাচী ভাষাৰ পৰা আহিছে । ইয়াৰ অৰ্থ হল পুনৰজন্ম ।


২। নৱজাগৰণৰ সময়ছোৱাত কেনেকুৱা সাহিত্য অধ্যয়নত গুৰুত্ব দিয়া হৈছিল ?

উত্তৰঃ প্ৰাচীন যুগৰ গ্ৰীক আৰু ৰোমান সাহিত্য অধ্যয়নত গুৰুত্ব দিয়া হৈছিল ।


৩। ইউৰোপৰ কোন দেশৰ কি চহৰত প্ৰথম নৱজাগৰণ সংঘটিত হৈছিল ।

উত্তৰঃ ১৩ শতিকাৰ শেষভাগত ইউৰোপৰ ইটালীৰ নগৰৰাষ্ট্ৰ আষ্টেকেনীৰ ৰাজধানী ফ্লৰেন্সত প্ৰথম নৱজাগৰণ সংঘটিত হৈছিল ।


৪। নৱজাগৰণৰ দুটা প্ৰধান কাৰণ উল্লেখ কৰা ।

উত্তৰঃ নৱজাগৰণৰ দুটা প্ৰধান কাৰণ হল 

ক) কনষ্টান্তিনপলৰ পতন ।

খ) ভৌগলিক আৱিস্কাৰ ।


৫। ‘নৱজাগৰণ শব্দটি কোনে, কেতিয়া প্ৰথম ব্যৱহাৰ কৰিছি্ল ।

উত্তৰঃ ১৮৫৮ চনত ফৰাচী ইতিহাসবিদ জুলছ মিছেলেটে পোন প্ৰথমে নৱজাগৰণ শব্দটি ব্যৱহাৰ কৰিছিল ।


৬। নৱজাগৰণৰ দুগৰাকী মানৱতাবাদী পণ্ডিতৰ নাম লিখা ।

উত্তৰঃ ডেছিডেৰিয়াছ ইৰাছমাছ, পিইৰেই দা ৰনচাৰদ ।


৭।  মানৱতাবাদী আদৰ্শ প্ৰচাৰৰ কেন্দ্ৰ দুখন প্ৰধান চহৰৰ নাম লিখা ।

উত্তৰঃ ফ্লৰেন্স, নেপলচ ।


৮। ইটালীয় নৱজাগৰণ বুলিলে কি বুজা ?

উত্তৰঃ ইটালীৰ পণ্ডিত আৰু শিল্পীসকলে ধ্ৰ্ৰপদী যুগৰ ৰোমান সংস্কৃতিৰ আদৰ্শ াৰু সফলতা অধ্যয়ন কৰি নিজে-নিজৰ সভ্যতা-সংস্কৃতি সম্পৰ্কে সচেতন হৈ উঠাকেই ইটালীয় নৱজাগৰণ বুলি কোৱা হয় ।


৯। ৰাফেলৰ দুখন বিখ্যাত চিত্ৰৰ নাম উল্লেখ কৰা ।

উত্তৰঃ ৰাফেলৰ দুখন বিখ্যাত চিত্ৰৰ নাম হল  কুমাৰী মেৰী আৰু দি স্কুল অৱ এথেন্স ।


 ১০।নৱজাগৰণৰ সময়ছোৱাৰ দুগৰাকী বিখ্যাত স্থাপত্যবিদৰ নাম কোৱা ।

উত্তৰঃ ফিলিপ, আৰু বৰ্ণেলিছি ।


১১। ইটালীৰ মহিলাই নৱজাগৰণত কেনেদৰে প্ৰভাৱ পেলাইছিল ?

উত্তৰঃ নৱজাগৰণৰ সময়ত লৰাৰ শিক্ষা যথেষ্ট গুৰুত্ব দিয়া হৈছিল । কিন্ত ছোৱালীৰ মাজত শিক্ষা দিয়াৰ ব্যৱস্থা নাছিল । ইটালীৰ মহিলা মানৱতাবাদী সকলে শিক্ষা গ্ৰহণ কৰাৰ বাবে জীৱনত বহুত পৰিশ্ৰম কৰিব লগা হৈছিল । 


১২। দুগৰাকী ইটালীৰ মহিলা মানৱতাবাদকাৰীৰ নাম লিখা ।

উত্তৰঃ লৌৰা চেৰেটা, আৰু কাছান্দ্ৰা ফেদেলে 



১৩। জুলিয়াচ চিজাৰে লিখা গ্ৰন্থ দুখনৰ নাম লিখা ।

উত্তৰঃ জুলিয়াচ চিজাৰে লিখা গ্ৰন্থ দুখনৰ নাম হল 

ক) কমেন্ট্ৰি দি বেলেগা-গালিকো ।


খ) কমেন্ট্ৰি দি বেলো চিভিলি ।

১৪। নৱজাগৰণৰ সময়ছোৱাত ইটালীৰ দুখন বিখ্যাত বিশ্ববিদ্যালয়ৰ নাম কোৱা .

উত্তৰঃ  ক) ব’লোগনা বিশ্ববিদ্যালয় ।

      খ) পিছা বিশ্ববিদ্যালয় ।




চমু টোকা লিখা 

১। ছপাশাল বিপ্লৱ

উত্তৰঃ ১৪৪০ চনত জাৰ্মানীত জহানেছ গুটেনবাৰ্গ নামৰ এজন স্বৰ্ণকাৰে ছপাশাল আৱিস্কাৰ কৰাত এক ছপাশাল বিপ্লৱ আৰম্ভ হল । গুটেনবাৰ্গৰ ছপাশালে প্ৰকৃত অৰ্থত ইউৰোপৰ জনসাধাৰণৰ এচৰত সাহিত্যৰ জ্ঞান বিলোৱাত কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰিছিল। উল্লেখ কৰিব পাৰি যে ছপাশালে দিনে ৩,৬০০ পৃষ্ঠাকৈ কাগজ ছপা কৰিব পাৰিছিল । তাৰ ফলত অতি কম দিনৰ ভিতৰত বগুতো গ্ৰন্থ ছপা হল । হাতেলিখা গ্ৰন্থৰ সলনি এইবোৰ ছপা হোৱাত গ্ৰন্থবোৰৰ আকাৰ আৰু ওজন হ্ৰাস পালে । লগতে ইয়াৰ মূল্যও কম হল । ইউৰোপীয় গ্ৰন্থলয়বোৰত এইবোৰ গ্ৰন্থ সংগ্ৰহ কৰি পাঠকৰ অধ্যয়নৰ বাবে মুকলি কৰি দিলে


এইবোৰ কাৰণতে ছপাশালৰ বিপ্লৱ হৈছিল ।

২। ডেছিডেৰিয়াছ ইৰাছমাছ 

উত্তৰঃ ডেছিডেৰিয়াছ ইৰাচমাছ আছিল মানৱতাবাদৰ অন্যতম অগ্ৰদূত । তেওঁ জন্মসুত্ৰে নেদাৰলেণ্ডৰ অধিবাসী লোক আছিল , কিন্ত তেওঁ সৰহখিনি সময়ে জাৰ্মানী, ফ্ৰান্স, ইটালী আৰু ছুইজাৰলেণ্ডত অতিবাহিত কৰিছিল। জাৰ্মেনীৰ জনগণে তেোংৰ প্ৰতিভাৰ বাবে তেোংক ইউৰোপৰ শ্ৰেষ্ঠ পণ্ডিত বুলি অভিহিত কৰিছিল । 

ইৰেচমাছে ধৰ্মগুৰুসকলৰ উপৰিও বিভিন্ন দেশৰ সম্ৰাতসকলৰ সৈতেও বন্ধুত্ব গঢ়ি উঠিছিল । তেওঁ গ্ৰীক ভাষাত নতুন টেষ্টামেন্ট লিখি তাৰ লেটিন ভাষাৰ ভাঙনি কৰিছিল । তেোং নৱজাগৰণৰ যুগত যাজকসকলৰ ব্যভিচাৰ কটু-সমালোচনা কৰি যুক্তিবাদীতাৰ যোগেদি জনসাধাৰণক ধৰ্মীয় চিন্তাধাৰাৰে আহ্বান কৰিছিল । তেোঁৰ যুক্তিবাদী লেখনিৰে প্ৰটেষ্টান্ত ধৰ্ম উত্থানৰ পথ সুগম কৰিছিল । সেইবুলি তেওঁ পোপৰ বিৰোধিতা কৰা নাছিল । আৰু লুথাৰৰ সমৰ্থকো নাছিল, তেওঁ আছিল অন্ধবিশ্বাসৰ বিৰোধী । তেওঁৰ বিখ্যাত গ্ৰন্থখনৰ নাম হল the praise of foly.


৩। নিকোলাছ কপাৰনিকাছ 

উত্তৰঃ নিকোলাছ কপাৰনিকাছ বিখ্যাত গণিতজ্ঞ আৰু জ্যোতিবিদগৰাকী আছিল পোলেণ্ডৰ নাগৰিক । তেোং ঘোষণা কৰিছিল যে পৃথিৱী নহয়, সূয্যহে সৌৰজগতৰ কেন্দ্ৰ ।


৪। উইলিয়াম শ্বেইক্সপীয়াৰ

উত্তৰঃ উইলিয়াম শ্বেইক্সপীয়াৰ ইংলেণ্ডৰ ৰাষ্ট্ৰীয় কবি ।তেওং কোবাখনো কালজয়ী বিখ্যাত নাটক ৰচনা কৰিছিল । তেওঁৰ উল্লেখযোগ্য ১৪ শাৰীৰ কবিতা ‘ছনেট’ াৰু নাটক যেনে ‘’ৰোমিঅ –জুলিয়েট’ৰ বাবে বিশেষ খ্যাতি লাভ কৰিছিল .

৫। মেডিচি পৰিয়াল ।

উত্তৰঃ  ফ্লৰেন্সৰ শাসক পৰিয়ালটোক মেডিচি পৰিয়াল বুলি কোৱা হয় ।


৬। নৱজাগৰণৰ সময়ছোৱাৰ ছাত্ৰৰ পাঠ্যক্ৰম ।

উত্তৰঃ নৱজাগৰণৰ সময়ছোৱাত অতি সহজে এক শিক্ষা ব্যৱস্থা গঢ়ি তোলা হৈছিল যাতে ছাত্ৰসকলে প্ৰচলিত সমাজ ব্যৱস্থাৰ লগত সমতা ৰক্ষা ৰি চলিব পাৰে । সেই সময়ত শিক্ষা ব্যৱস্থাটো ইমান সফল আছিল যে ই কুৰি শতিকাৰ আৰম্ভণিলৈকে বৰ্তি থাকিব পাৰিছিল । নৱজাগৰণৰ সময়ছোৱাত ছাত্ৰসকলক ঘৰতে শি৭া প্ৰদান কৰা হৈছিল । আজিকালিৰ দৰে সেই সময়ত ৰাজহুৱা শিক্ষানুস্থান সেই সময়ত খুউব কম আছিল । অভিজাত শ্ৰেণীৰ ছাত্ৰসকলক ঘৰুৱা শিক্ষকৰ দ্বাৰা পাঠদান কৰা হৈছিল । পাচ বছৰ বয়সতে লৰাবোৰক লেটিন ব্যাকৰণৰ ওপৰত শিক্ষা প্ৰদান কৰা হৈছিল । লেটিন ব্যকৰণৰ বাদে আন বিষয়ৰ ওপৰত আলোচনা কৰা হোৱা নাছিল ।


ছাত্ৰসকলে সহজ পাঠ্যক্ৰমৰ ওপৰত ভালদৰে জ্ঞান অৰ্জন কৰাৰ পিছত জটিল ব্যাকৰণৰ ওপৰত জ্ঞান দিয়া হৈছিল  

৮। ভেনিচ গণৰাজ্য 

উত্তৰঃ ভেনিচ এখন পৃথিৱীৰ ভিতৰত সমৃদ্ধশালী নগৰ-ৰাষ্ট্ৰ আছিল । আৰু এই দেশৰ নৌ-বাহিনীয়ে ভূ-মধ্যসাগৰত যথেষ্ট প্ৰভীৱ বিস্তাৰ কৰিছিল । এই নৌ-বাহিনীয়ে এড্ৰিয়াটিক উপকূল াৰু গ্ৰীক দ্বীপসমূহত থকা ডেনিছিয়ান ঔপনিৱেশ আৰু বাণিজ্যিক জাহাজডসমূহক নিৰাপত্তা দিছিল । তদুপৰি চুবুৰীয়া আৰু বাণিজ্যিক সম্পৰ্ক থকা সকলো দেশতে কূটনীতিক নিয়োগ কৰা ভেনিচ আছিল বিশ্বৰ প্ৰথমখন নগৰ-ৰাষ্ট্ৰ । সমসাময়িক বহুতো লোকে ভেনিচক মৌ-বাহৰ লগত তুলনা কৰিছিল । 

ইয়াৰ সকলো আৱাসীয়ে দায়িত্ব নিৰ্বাহ কৰিব লাগিছিল । সাধাৰণ জনতাই জাহাজ নিৰ্মাণ আৰু চলাইছিল ।  মধ্যবিত্ত শ্ৰেণীটোৱে পৃথিৱীৰ বিভিন্ন চহৰৰ লগত ব্যৱসায়ত নিয়োজিত হৈছিল । শাসক পৰিয়ালৰ লগত জড়িত ব্যক্তি সকলে জাহাজ  পৰিচালনা কৰিছিল আৰু ৰাজদূত দায়িত্ব নিৰ্বাহ কৰিছিল ।


৯। পোপ নগৰী ।

উত্তৰঃ চেইন্ট পিটাৰ বা চিমন পিটাৰ াছিল প্ৰভূ যীশুখ্ৰীষ্টৰ বাৰজন শিষ্যৰ ভিতৰৰ এজন আৰু প্ৰাৰম্ভিক খ্ৰীষ্টান ধৰ্মৰ এজন  প্ৰধান গুৰু । খ্ৰীষ্টান ধৰ্মৰ পৰম্পৰা অনুসৰি পিটাৰে  সম্ৰাট নিৰোৰ নিৰ্দেশত ক্ৰছবিদ্ধ হৈছিল ।  তেঁওক পৰম্পৰাগতভাৱে ৰোমৰ প্ৰথম বিছপ বা প্ৰথম পোপ বুলি কোৱা হয় । এই পোপৰ এলেকাধীন ভূ-খণ্ড খিনি তেতিয়াৰ পৰা তেওঁৰ উত্তৰাধিকাৰী পোপসকলে শাসন কৰি আহিছিল । মধ্য ইটালীত অৱস্থিত এই অঞ্চলটো ইউৰোপৰ আটাইতকৈ ধাৰ্মিক ভদ্ৰ ৰাজকুমাৰ । অৰ্থাৎ পোপে শাসন কৰিছিল । আদৰ্শগতভাৱে পোপ এজন সৰল ধৰ্ম বিশ্বাসী মানুহ আছিল । কিন্ত নৱজাগৰণৰ সময়ৰ পোপ আছিল এজন ৰাজকুমাৰ । যিয়ে চুবুৰীয়া দেশসমূহৰ লগত ৰাজনৈতিক ক্ষমতাৰ খেলত লিপ্ত হৈছিল আৰু ইউৰোপ আৰু ইউৰোপৰ বাহিৰৰ গজা আৰু সম্ৰাটৰ লগত বিভিন্ন বিষয়ৰ দৰ-দাম, বুজা-বুজিত উপনীত হৈছিল । নৱজাগৰণৰ সময়ছোৱাৰ আটাইটকৈ ধুৰন্ধৰ পোপ আছিল ষষ্ঠ আলেকজেণ্ডাৰ আৰু তেওঁৰ বৰগিয়া পৰিয়াল । পোপ ষষ্ঠ আলেকজেণ্ডাৰ শাসনকালত এই পৰিয়ালৰ সদস্যসকলে যৌন কেলেংকাৰি ধনৰ বিনিময়, ক্ষমা, বেচা-কিনা , চুৰি, ঘোচ লোৱা আৰু হত্যাকে ধৰি বিভিন্ন অপৰাধত জড়িত হৈ পৰিছিল ।


ৰচনাধৰ্মী প্ৰশ্নঃ

১। নৱজাগৰণৰ কাৰণ আৰু ফলাফলসমূহ চমুকৈ উল্লেখ কৰা ।

উত্তৰঃ নৱজাগৰণৰ কাৰণ আৰু ফলাফলসমূহ হল ১৩ শতিকাৰ শেষভাগত আৰু ১৪ শতিকাৰ প্ৰথম ভাগত ইটালীত নৱজাগৰণৰ উন্মেষ হৈছিল । নৱজাগৰণ যুগৰ সময়ছোৱাত ইটালীৰ পণ্ডিত আৰু শিল্পীসকলে ধ্ৰপদী যুগৰ সাহিত্য আৰু ৰোমান সংস্কৃতিৰ আদৰ্শ আৰু সফলতা অধ্যয়ন কৰি নিজে-নিজৰ সভ্যতা-সংস্কৃতি সম্পৰ্কে সচেতন হৈ উঠিছিল । ১৩ শতুকাৰ শেষআগত ইটালীৰ ফ্লৰেন্স চহৰত প্ৰথম নৱজাগৰণ আৰম্ভ হৈছিল । কিন্ত পিছত লমগ্ৰ ইউৰোপ মহাদেশত বিয়পি পৰিছিল । ইউৰোপীয় সভ্যতাৰ কেন্দ্ৰভূমি প্ৰাচীন গ্ৰীক আৰু ৰোমত বিভিন্ন দিশৰ ওপৰত ৰচিত এই গ্ৰন্থসমূহ পঢ়ি ইউৰোপীয় সমাজে মধ্যযুগীয় অন্ধকাৰৰ পৰা ওলাই আহি সকলোবোৰ দিশ নতুন দৃষ্টিভংগীৰে চাবলৈ শিকে । ১৬-১৭ শতিকাত নৱজাগৰণে সমগ্ৰ পৃথিৱী আৱৰি ধৰিছিল । খ্ৰীষ্টান ধৰ্ম সংস্কৃতিৰ কেন্দ্ৰ হৈ পৰা কনষ্টান্তিনোপল চহৰখনত ৬২২ চনত নতুনকৈ জন্ম লাভ কৰা ইছলাম ধৰ্মই প্ৰসাৰতা লাভ কৰে ।আৰু প্ৰসাৰতা লাভ কৰা কৰাৰ পিছত ই খ্ৰীষ্টান সকলৰ বাবে এক ডাঙৰ সমস্যাৰ সৃষ্টি কৰে ।আৰু ইতিমধ্য দুয়োটা ধৰ্মই ইটোৱে সিটোক পৰস্পৰ প্ৰতিদ্বন্দ্বী হিচাপে গ্ৰহণ কৰিছিল । সেইখিনি সময়তে ওটমান সান্ৰাজ্যৰ চুলতান ২১ বছৰীয়া দিতায় মহম্মদে ১৪৫৩ চনৰ ৬ এপ্ৰিলত বাইজানটাইন সাম্ৰাজ্যৰ ৰাজধানী আক্ৰমণ কৰি অৱৰোধ কৰে । আৰু শেষত ৫৩ দিনৰ বাধা আৰু অৱৰোধৰ অন্ত পেলাই ১৪৫৩ চনৰ ২৯ মেত তেোং কনষ্টান্তিনোপল জয় কৰে আৰু ওটমান সাম্ৰাজ্যৰ নতুন ৰাজধানী পাতে । এইদৰে কনষ্টান্তিনোপলৰ পতনৰ পিছত ইউৰোপ আৰু এছিয়া মাইনৰৰ মাজত এক বিভাজন আহি পৰে । তাৰ ফলত গ্ৰীক আৰু পূব ইউৰোপীয় খ্ৰীষ্টানসকলে তেওঁলোতকৰ পৱিত্ৰ নগৰখন হেৰুৱাই পেলালে । আৰু চহৰখন তুৰ্কীৰ হাতলৈ গল । হত্যা, ধৰ্ষণ, নিৰ্যাতনৰ বলি হৈ বহুত প্ৰজাৰ মৃত্যু হল । াৰু যিখিনি প্ৰজা বাছি থাকিল তেওঁলোকে তুৰ্কীৰ লগত সহযোগ কৰিলে । নৱজাগৰণৰ সময়ত বিশেষকৈ প্ৰাচীন গ্ৰীক আৰু ধ্ৰপদী সাহিত্যতহে বেছিকৈ গুৰুত্ব দিয়া হৈছিল । ইউৰোপ, ইটালীৰ ভেনিচ, আৰু এইবোৰ শিক্ষাহে বেছিকৈ দিয়া গৈছিল । পিছত ধৰ্মক লৈ খ্ৰীষ্টান আৰু মুছলমানৰ মাজত এলানি ধৰ্মযুদ্ধৰ সৃষ্টি হল । আৰু সেই ধৰ্মযুদ্ধ সৃষ্টি হোৱা সময়ৰ পৰাই কিছুসংখ্যক লোক পশ্চিম ইউৰোপলৈ পৱাই আহিছিল । এইদৰে কনষ্টান্তিনোপলৰ পৰাই বহুত লোক পলাই অহাৰ কাৰণে ইউৰোপত নৱজাগৰণৰ সূচনা হৈছিল ।নৱজাগৰণৰ সময়ছোৱা ৰাজহুৱা উৎসৱ জাকজমকতাৰে পতাৰ এক সোণালী সুযোগ । নৱজাগৰণৰ যুগত লৰাবোৰক ঘৰতে শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছিল ।


২। নৱজাগৰণীয় মানৱতাবাদ মানে কি বুজা ?  এই সময়ছোৱাৰ মানৱতাবাদী পণ্ডিতসকলৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ সাধাৰণ অৰ্থত মানৱতাবাদে এক প্ৰকাৰৰ মানুহৰ পূৰ্ণ বিকাশক বুজায় । কিন্ত আধুনিক অৰ্থক মানৱতবাদে বুজা-বুজি, পৰোপকাৰিতা, দয়া-ক্ষমা,যুগৰ ৰোমান আৰু গ্ৰীক সাহিত্যৰ কথা বুজায় ।এই সময়ছোৱাৰ কেইগৰাকীমান মানৱতাবাদী পণ্ডিত হল 

কলুচিত্ত শলুতাটি, জিওভান্নী বকাচিও ।

জিওভান্নী বকাচিত্ত- জিওভান্নী বকাচিত্ত ধ্ৰপদী গ্ৰীক আৰু ৰোমান সাহিত্য অধ্যয়নত অৰিহণা যোগোৱা এগৰাকী মানৱতাবাদী পণ্ডিত । তেওঁ ৰোমান সাহিত্য সংস্কৃতি পুনৰ প্ৰচাৰ কৰি নৱজাগৰণৰ নতুন আৰম্ভণি হোৱাত সহায় কৰিছিল । জিওভান্নী বকাচিওৱে ধ্ৰপদী যুগৰ সাহিত্য অনুকৰণ কৰি লেটিন ভাষাত বহুতো গ্ৰন্থ লিখিছিল 

কলুচিত্ত শলুতাটি- নৱজাগৰণ যুগৰ কেইজনমান বিখ্যাত মানৱতাবাদী পণ্ডিতৰ ভিতৰত কলুচিত্ত শলুতাটি অন্যতম । কলুচিত্ত শলুতাটিৰ জন্ম হৈছিল ষ্টিগনানোত । এটা সৰু কমিউন প্ৰদেশ ( তাস্কেনি) । কলুচিত্ত শলুতাটিয়ে ফ্লৰেন্স গণৰাজ্যৰ অধিক সুৰক্ষিতভাৱে তাত অংশ হৈ পৰিছিল । কলুচিত্ত শলুতাটি ফ্লৰেন্সৰ বিখ্যাত মানৱতাবাদী বকাচিত্তৰ সংস্পৰ্শলৈ অহাৰ পিছত তেওঁ এজন মানৱতাবাদী পণ্ডিত নামেৰে জনাজাত হৈ পৰে



৩। ইটালীয় চিত্ৰশিল্পৰ বিকাশৰ বিভিন্ন স্তৰসমূহৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ

চিত্ৰশিল্পী ৰাফেলেও ভালেমান বিখ্যাত চিত্ৰ অংকন কৰিছিল । তেনে কেইখন চিত্ৰ হল দি স্কুল অৱ এথেন্স, দি চিচটিনে মোডোনা। এই চিত্ৰসমূহৰ ভিতৰত কুমাৰী মেৰী অন্যতম । সেইদৰে চিত্ৰকৰ বলিচেট্ৰিৰ হাততো বহুতো চিত্ৰই প্ৰাণ পাই উঠিছিল । সেইবোৰৰ ভিতৰত ভেনাছৰ জন্ম, মাৰ্চ আৰু ভেনাচ আৰু মেডোনা আৰু শিশু আদি বিশেষভাৱে উল্লেখযোগ্য । বলিচেট্ৰিয়ে মধ্যযুগীয় উত্তৰ ফ্ৰান্সৰ গঠিক চিত্ৰশৈলীৰ লগত নতুনকৈ উদয় হোৱা মানৱীয় বাস্তৱতাবাদৰ সংমিশ্ৰণ ঘটাই নতুন ধৰণে চিত্ৰ অংকন কৰিছিল । এই চাৰিগৰাকী শ্ল্পীৰ উপৰিও আন এগৰাকী বিখ্যত চিত্ৰকৰ নাম হল ড’না টেলো । তেওঁৰ শিল্পকৰ্মত ফ্লৰেন্সত হৈ থকা বিজ্ঞান, গণিত আৰু স্থাপত্যৰ দিশ মূৰ্ত্তিমান হৈ উঠিছিল । তেওঁৰ চিত্ৰ আৰু ভাস্কৰ্যত শৰীৰৰ ু্ৰতিটো অংগ হুবহু ৰুপত প্ৰতিফলিত হৈছিল । তেৱেই আছিল নৱজাগৰণ যুগৰ প্ৰথম শিল্পী --- যি ভাস্কৰ্যত নগ্নতা পুনৰ প্ৰৱৰ্তন কৰিছিল । তেওঁ শিল, ব্ৰঞ্জ, কাঠ প্লাষ্টাৰৰ প্ৰলেপ, মাটি, আৰু মমেৰে বিভিন্ন শিল্পকৰ্ম সৃষ্টিত পাকৈত আছিল । তেওংৰ নিৰ্মিত ডেভিদ, জুকন পেনিটেন্ট মগদালেনে আদি উল্লেখযোগ্য মূৰ্ত্তিশিল্প আছিল । ইটালীয় নৱজাগৰণৰ স্থাপত্য সমূহ মূলতঃ ধ্ৰপদী ৰোমান যুগৰ স্থাপত্য ওপৰত ভিত্তি কৰি গঢ়ি তোলা হৈছিল । প্ৰাচীন ৰোমৰ অট্টালিকা, ধ্বংসাশেষ, বিশেষকৈ কলচিয়াম আৰু পেনথিওন সমূহ ভালদৰে অধ্যয়ন কৰি নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা হৈছিল ।


৪। ইটালীয় নৱজাগৰণৰ কলা-কুশলীৰ কৰ্মৰ ওপৰত এখন ৰচনা লিখা ।

উত্তৰঃ বহু পণ্ডিতৰ মতে, এনেদৰে কনষ্টান্তিনোপলৰ পৰা বহুসংখ্যক গ্ৰীক পণ্ডিতে পলাই অহাৰ ফলত ইউৰোপত মধ্যযুগৰ অন্ত পৰে আৰু নৱজাগৰৰ সূচনা হয় ।

এটি সৰু পণ্ডিতৰ গোটে উত্তৰ ইটালীত প্ৰাচীন গ্ৰীচ আৰু ৰোমৰ  ভাষা- সাহিত্য আৰু ইতিহাসৰ  জ্ঞানৰ বিষয়ে জনসাধাৰক পুনৰ বুজাবৰ বাবে এটি বৌদ্ধিক  আন্দোলনৰ সূচনা কৰিলে ।

এই সময়ছোৱাত লেটিন ভাষা চৰ্চাই ইউৰোপত ষথেষ্ট গুৰুত্ব আৰোপ কৰে । যদিএ সমগ্ৰ মধ্যযুগত জ্ঞান, ধৰ্ম, আৰু প্ৰশাসনৰ  কেন্দ্ৰ আছিল লেটিন ভাষাৰ এপৰত জ্ঞান, তথাপি সময়চ লগে-লগে প্ৰাচীন ৰোমত কোৱা আৰু লিখা লেটিন ভাষাটো মূলৰ পৰা বহু আতৰি আহিছিল। 1 কেন্দ্ৰ আপু লিখা প্ৰথাৰ উদ্ভৱ হৈছিল । অন্ধকাৰ যুগৰ সময়ছোৱাত ইটালীয় ধৰ্মকলা সম্পূৰ্ণভাৱে ধৰ্মীয়মূলক আছিল । এই সময়ছোৱাত অংকিত চিত্ৰ বা খোদিত মূৰ্ত্তিসমূহত ধৰ্মীয় বিশ্বাস ফুটি উঠিছিল । কিন্ত ১৩ শতিকাৰ পৰা ফ্লৰেন্স নগৰত বাস কৰা ইটালীয়  শিল্পীসকলক সেই এক বিশেষ শৈলীৰ চিত্ৰ অংকন কৰা পদ্ধতি পৰিত্যাগ কৰি  চিত্ৰশিল্পসমূহ অধিক  মানৱীয়  কৰি তোলাৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰে  ।  এইদৰে পৰিৱৰ্তিত সময়ছোৱাত  চিত্ৰকলা  স্থাপত্য আৰু বিজ্ঞানৰ এক অপূৰ্ব  সংযোগ ঘটিছিল , যাৰ ফলত এই আটাইবোৰ বিষয়ৰ ওপৰত  পৰিস্ফুট  হৈছিল  ।

৬০ বছৰতকৈ  অধিক কাল শিল্পী –কাৰিকৰসকলক পৃষ্ঠপোষকতা  কৰাত সৃষ্টি কৰ্মত শিল্পীসকলে  নিজকে উজাৰি দিবলৈ সক্ষম হৈছিল  ।  প্ৰাকৃতিক দৃশ্য অংকন কৰি  সম্পূৰ্ণ কৰি তুলিবলৈ  শিল্পীসকলে  চেষ্টা  কৰিছিল   ।

ধৰ্মীয়  চিত্ৰৰ ওপৰত কম গুৰুত্ব দিয়া হৈছিল । অশৰীৰী মানুহবোৰৰ চিত্ৰ সুন্দৰকৈ উপস্থাপন কৰি  তেওঁলোকে একো-একোটা মুখামুখিকৈ  চাই উভতি অহা  গোটত চিত্ৰ অংকন কৰিছিল  । বৈজ্ঞানিক দৃষ্টিভংগীৰ সহায়ত  এই চিত্ৰবোৰ বিভিন্ন কৌশল অৱলম্বন কৰি জীৱন্ত আৰু অৰ্থপূৰ্ম কৰি তোলা হৈছিল ।  তদুপৰি সেইসময়তে  মানুহে আকাশত উৰিব পৰা সপোন দেখিছিল আৰু উৰণীয়া যন্ত্ৰৰ  চিত্ৰ অংকন কৰিছিল । যি  আছিল মানুহৰ কল্পনাৰ অতীত । 

ঠিক সেইদৰে এঞ্জেলোৱে মাৰ্বল শিলৰ এটি টুকুৰাটিত সুন্দৰকৈ  প্ৰাণৱন্ত স্থাপত্য অংকন কৰিছিল  ।  তেওঁৰ চিত্ৰকৰ্মৰ আটাইতকৈ সুন্দৰ নিদৰ্শন আছিল ভেটিকান নগৰীত থকা ৰোমৰ পোপৰ আৱাসস্থান  ।  


৫ ।  ইটালীয় নৱজাগৰণে শিক্ষাব্যৱস্থাৰ  ওপৰত  কেনেকুৱা প্ৰভাৱ পেলাইছিল,  সেই বিষয়ে চমুকৈ  লিখা   ।

উত্তৰঃ  ইটালীয় নৱজাগৰণৰ সময়ছোৱাত অতি সযতনে এনে এক শিক্ষা ব্যবস্থা  গঢ়ি তোলা হৈছিল যাতে ছাত্ৰসকলে প্ৰচলিত  সমাজ ব্যবস্থাৰ লগত সমতা ৰক্ষা কৰি চলাৰ লগতে নৱজাগৰণে জন্ম দিয়া  মূল্যবোধবোৰ ধৰি ৰাখিব পাৰে । সেই সময়ত গঢি তোলা শিক্ষা ব্যবস্থাটো ইমান সফল আছিল যে কুৰি শতিকাৰ আৰম্ভণিলৈকে  বৰ্তি  থাকিব পাৰিছিল  । প্ৰথম বিশ্বযুদ্ধৰ  সময়লৈকে  জীৱিত থকা ব্যক্তিসকলেহে প্ৰাচীন গ্ৰন্থ সমূহ পঢিব পাৰিছিল । লেটিন বা গ্ৰীক উদ্ধৃতি দিব পাৰিছিল  ।  ইউৰোপীয় মানুহে বিশ্বাস কৰিছিল  যে  প্ৰাচীন গ্ৰীচ আৰু ৰোমান গ্ৰন্থই যি জ্ঞান  দি গৈছে তাৰ দ্বাৰা  এখন সাম্ৰাজ্য গঢি তুলিব পাৰি । ইটালীয় নৱজাগৰণ যুগত লৰাবোৰক ঘৰতে শিক্ষা  প্ৰদান কৰা হৈছিল । আজিকালিৰ দৰে ৰাজহুৱা শিক্ষানুষ্ঠান নাছিল ।  অভিজাত শ্ৰেণীৰ লোকসকলে তেওঁলোকৰ পুত্ৰ সন্তানসকলক ঘৰতে শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছিল । ইটালীয় নৱজাগৰণৰ  সময়ছোৱাত    ৫ বছৰ বয়সতে  লৰাবোৰক লেটিন ব্যকৰণৰ শিক্ষা প্ৰদান কৰা হৈছিল  । লেটিন ব্যকৰণৰ বাদে আন একো বিষয়ৰ  শিক্ষা দিয়া হোৱা নাছিল  ।  স্থানীয় আৰু কথিত ভাষা কোনো কাৰণতে  শিশুক শিকোৱা নহৈছিল  ।  ইটালীয় নৱজাগৰণৰ সময়ছোৱাত  সময়ছোৱাত প্ৰাচীন ৰোমান পদ্ধতিৰে  শিক্ষা দিয়াৰ কাৰ্যসূচী আছিল  ।  ইটালীয় নৱজাগৰণৰ সময়ছোৱাত লৰাবোৰক  ঘৰতে শিক্ষা ব্যৱস্থা প্ৰদান কৰা হৈছ্ল কিন্ত ছোৱালীৰ শিক্ষাৰ কাৰণে  তেনে একো প্ৰচেষ্টা লোৱা হোৱা নাছিল ।  নৱ জাগৰণৰ প্ৰাৰম্ভিক সময়ছোৱাত উচ্চশ্ৰেণী আৰু বিষয়াবৰ্গৰ পুত্ৰ-কন্যা সকলোৱে  বিদ্যালয়ত পঢিব পাৰিছিল  ।

ছপাশালৰ আৱিস্কাৰে নৱজাগৰণক এক নতুন ৰুপ দিছিল  ।   নৱজাগৰণৰ সময়ছোৱাত বহু ছাত্ৰই  বিজ্ঞান পঢিছিল । সেই সময়ত ছাত্ৰসকলক কোনো বিজ্ঞান শিক্ষা  লবলৈ জোৰ কৰা নাছিল  ।মানবতাবাদী পণ্ডিত ফ্ৰেন্সিছ বেকন আৰু   ৰেনে দেছকাৰটেচে  যোগ আৰু বিয়োগ কৰাৰ  পদ্ধতি শিকাইছিল ।  



Author: Ali Rani Kakati