Chapter: 3

মাৰ্টিন হাইডেগাৰৰ দৰ্শন 


Short Questions / অতি চমু প্রশ্ন : 

1. Was Heidegger a atheist? 

হাইডেগাৰ আস্তিক নে?

উত্তৰঃ নহয়।


2. Was Heidegger a phenomenologist? 

হাইডেগাৰ এজন প্ৰতীতিবাদী আছিল নে?

উত্তৰঃ হয়, হাইডেগাৰ এজন প্ৰতীতিবাদী আছিল। 


3. When and where Heidegger was born ? 

হাইডেগাৰ কেতিয়া আৰু ক’ত জন্মগ্ৰহণ কৰিছিল?

উত্তৰঃ হাইডেগাৰ ১৮৮৯ চনৰ ২৬ চেপ্টম্বৰত ব্লাক ফৰেষ্টৰ অন্তৰ্গত জাৰ্মানিৰ এখন চহৰ মেচকিৰ্ছত জন্মগ্ৰহণ কৰিছিল।


4. Heidegger was a theistic / atheistic existentialist.(Choose the correct option)

হাইডোগৰ এজন আস্তিক / নাস্তিক অস্তিবাদী দার্শনিক। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)

উত্তৰঃ হাইডেগাৰ এজন নাস্তিক অস্তিত্ববাদ দাৰ্শনিক।


5. Name the two teachers from whome Heidegger learned philosophy. 

হাইডেগাৰক দৰ্শনশাস্ত্ৰৰ শিক্ষা প্ৰদান কৰা শিক্ষক দুগৰাকীৰ নাম লিখা।

উত্তৰঃ হাইডেগাৰক দৰ্শনশাস্ত্ৰৰ শিক্ষা প্ৰদান কৰা শিক্ষক দুগৰাকী হল- হেনৰিখ ৰিকাৰ্ট আৰু এডমুণ্ড হুছাৰ্ল।


6. Was Husserl a teacher of Heidegger? 

হুছাৰ্ল হাইডেগাৰৰ শিক্ষক আছিল নে?

উত্তৰঃ হয়, হুছাৰ্ল হাইডেগাৰৰ শিক্ষক আছিল।


7. Who was the author of 'Being and Time'? 

'Being and Time' গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ 'Being and Time' গ্ৰন্থখনৰ লেখক হল- মাৰ্টিন হাইডেগাৰ।


8. Heidegger was influenced by the philosophy of .. . (Fill in the blank)

হাইডেগাৰ............ দৰ্শনৰ দ্বাৰা প্ৰভাৱিত। (খালী ঠাই পূৰণ কৰা)

উত্তৰঃ ফ্ৰেঞ্চ ব্ৰেন্টানো দৰ্শনৰ দ্বাৰা প্ৰভাৱিত হৈছিল।  


9. Who was the author of 'On the Monifold Sense of Being according to Aristotle'?

'On the Monifold Sense of Being according to Aristotle' গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ 'On the Monifold Sense of Being according to Aristotle' গ্ৰন্থখনৰ লেখক হল- ফ্ৰেঞ্চ ব্ৰেন্টানো।


10. Who was the author of 'The End of Philosophy"?

The End of Philosophy' গ্ৰন্থখনৰ লেখক কোন? 

উত্তৰঃ 'The End of Philosophy' গ্ৰন্থখনৰ লেখক হল- মাৰ্টিন হাইডেগাৰ।


11. Who was the author of 'Discourse on Thinking?

'Discourse on Thinking' গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ 'Discourse on Thinking' গ্ৰন্থখনৰ লেখক হল- মাৰ্টিন হাইডেগাৰ।


 12. Who was the author of "The Question of Being'?

The Question of Being' গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ 'The Question of Being' গ্ৰন্থখনৰ লেখক হল- মাৰ্টিন হাইডেগাৰ।


13. Who was the author of 'Existence and Being"?

'Existence and Being' গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ 'Existence and Being' গ্ৰন্থখনৰ লেখক হল- মাৰ্টিন হাইডেগাৰ।


 14. Name any two books of Heidegger.

হাইডেগাৰৰ দুখন গ্ৰন্থৰ নাম লিখ। 

উত্তৰঃ হাইডেগাৰৰ দুখন গ্ৰন্থৰ নাম হল- Being and Time আৰু The End of Philosophy।


15. What is the main subject of Heidegger's philosophy?

হাইডেগাৰৰ দৰ্শনৰ মূখ্য বিষয়টো কি?

উত্তৰঃ হাইডেগাৰৰ দৰ্শনৰ মূখ্য় বিষয়টো হল- সত্তা বা 'Being'।


16. Name the two existential philosophers who supported phenomenology. 

প্রতীতিবাদক সমৰ্থন কৰা দুগৰাকী অস্তিত্ববাদী দাৰ্শনিকৰ  নাম লিখা।

উত্তৰঃ প্ৰতীতিবাদক সমৰ্থন কৰা দুগৰাকী অস্তিত্ববাদী দাৰ্শনিকৰ নাম হল- মাৰ্টিন হাইডেগাৰ আৰু জ্য়াঁ পল ছাৰ্ত্ৰে।


17. What is Being, according to Heidegger? 

হাইডেগাৰৰ মতে Being বা সত্তা মানে কি?

উত্তৰঃ হাইডেগাৰৰ মতে Being বা সত্তা মানে -অস্তিত্ব।


18. What is 'being', according to Heidegger? 

হাইডেগাৰৰ মতে 'being' মানে কি?

উত্তৰঃ হাইডেগাৰৰ মতে 'being' মানে- অনটিক being। এইটো হল সাধাৰণ বিষয়সমূহ। যেনে- চেয়াৰ, টেবিল, মানুহ ইত্য়াদি।


19. What is the basic difference between Being and being, according to Heidegger?

হাইডেগাৰৰ মতে Being আৰু being ৰ মাজত থকা মূল পার্থক্যটো কি? 

উত্তৰঃ হাইডেগাৰৰ মতে Being,ইয়াক কোৱা হয় তত্ত্বমূলক Being। এইটোৱে হল 'অস্তিত্ব' যত 'মই'ৰ আগত যি 'আছে হৈ থাকে' সেই অস্তিত্বক বুজিব পৰা যায়।

                    আনটো, being,ইয়াক কোৱা হয় অনটিক being।এইটো হল সাধাৰণ বিষয়সমূহ। যেনে- চেয়াৰ, টেবিল, মানুহ ইত্য়াদি।


20. What is the fundamental problem of philosophy, according to Heidegger?

হাইডেগাৰৰ মতে দৰ্শনৰ মৌলিক সমস্যাটো কি?

উত্তৰঃ হাইডেগাৰৰ মতে, 'Being' সম্পৰ্কীয় সমস্য়াই দৰ্শনৰ মৌলিক সমস্য়া।


21. Who was the author of 'Introduction to Metaphysics"? 

"Introduction to Metaphysics' গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ ''Introduction to Metaphysics' গ্ৰন্থখনৰ লেখক হল- মাৰ্টিন হাইডেগাৰ।


22. What is the etymological or literal meaning of Being?

Being ৰ ব্যুৎপত্তিগত বা আক্ষৰিক অর্থ কি?

উত্তৰঃ 


23. What is 'Dasein', according to Heidegger?

হাইডেগাৰৰ মতে সোজেইন বা 'Sosein' মানে কি?


24. What is the etymological or literal meaning of Dasein? 

Dasein ৰ ব্যুৎপত্তিগত বা আক্ষৰিক অর্থ কি?

উত্তৰঃ 'Dasein'শব্দটো জাৰ্মান শব্দ। এই শব্দটো জাৰ্মান 'Da' আৰু 'sein'ৰ পৰা উদ্ভৱ হৈছে। 'Da' মানে 'তাত' আৰু 'sein' মানে হল 'হোৱা' অৰ্থাৎ অস্তিত্বশীল হোৱা।গতিকে 'Dasein'ৰ ব্য়ুৎপত্তিগত অৰ্থ হল 'তত্ৰ সত্তা' অৰ্থাৎ 'তাত অস্তিত্বশীল হোৱা'।


25. What is 'Sosein', according to Heidegger?

হাইডেগাৰৰ মতে সোজেইন বা 'Sosein' মানে কি?

উত্তৰঃ 


26. What is care, according to Heidegger?

হাইডেগাৰৰ মতে উদ্বেগ কাক বোলে? 

উত্তৰঃ হাইডেগাৰে 'উদ্বেগ' বা 'Care' ক বুজাবলৈ 'Sorge' শব্দটো ব্য়ৱহাৰ কৰিছে। মানুহ জগতৰ লগত সম্বন্ধিত হোৱাৰ মূলতে আছে উদ্বেগ।মানুহৰ যদি জগতৰ প্ৰতি উদ্বেগ নাথাকে, তেনেহলে তেওঁৰ অস্তিত্বৰ অনুভূতি নহয়।


27. What are the three characteristics of care?

উদ্বেগৰ তিনিটা লক্ষণ কি কি?

উত্তৰঃ উদ্বেগৰ তিনিটা লক্ষণ হল- বাস্তৱতা বা তথ্য়তা, সম্ভাৱনা আৰু পতন।


28 What is facticity. according to Heidegger? 

হাইডেগাৰৰ মতে তথ্যতা বা বাস্তৱতা মানে কি?

উত্তৰঃ হাইডেগাৰৰ মতে, তথ্য়তা বা বাস্তৱতা বুলিলে মানুহ যে জগতত আছে তাক বুজায়।জগতত যে মানুহ বাস কৰে,সিয়ে তেওঁৰ বাস্তৱতা।মানুহ জগতত অকলশৰীয়া,তেওঁক এই জগতত দলিয়াই দিয়া হৈছে। জগতত মানুহৰ আছে অতীত জীৱনৰ বংশগতি,মানুহৰ দেহ, দৈনন্দিন জীৱনযাত্ৰাৰ নানা পদ্ধতি। এই সকলোবোৰক লৈ তেওঁ অন্য় মানুহৰ লগত জগতত আছে যাক কোনো প্ৰকাৰে অস্বীকাৰ কৰিব নোৱাৰি।


29. What is potentiality, according to Heidegger?

হাইডেগাৰৰ মতে সম্ভাৱনা মানে কি? 

উত্তৰঃ হাইডেগাৰৰ মতে, সম্ভাৱনা মানে- জগতত নিহিত থকা প্ৰতিটো বস্তুৰ সম্ভাৱনাৰ কথা বুজাইছে। জগতত মানুহৰ অস্তিত্ব যিহেতু আছে, গতিকে সেই মানুহৰো অসংখ্য় সম্ভাৱনা আছে। জগতত মানুহৰ অস্তিত্বত এইটো সম্ভাৱনাও নিহিত আছে যে তেওঁ ইচ্ছা কৰিলে সত্তাৰ স্বৰূপ উপলদ্ধি কৰিব পাৰে।


29. What is fallness, according to Heidegger? 

হাইডেগাৰৰ মতে পতন বা পতিত অৱস্থা মানে কি?

উত্তৰঃ উদ্বেগৰ আন এটা লক্ষণ হল পতন। পতন বুলিলে স্খলনৰ সম্ভাৱনাক বুজোৱা হয়।


30. What is authentic existence, according to Heidegger? 

হাইডেগাৰৰ মতে প্রামাণিক বা যথার্থ অস্তিত্ব বুলিলে কি বুজায় ?

উত্তৰঃ মানুহে নিজৰ স্বতন্ত্ৰতা, বিশিষ্টতা, মানৱীয় গৰিমা বজাই ৰাখি, নিজৰ অস্তিত্বৰ প্ৰতি চেতনা হৈ, সকলো প্ৰকাৰৰ সম্ভাৱনাৰ বিকাশ ঘটাই জগতত থাকিব পাৰে। এনে অৱস্থাকে প্ৰামাণিক বা যথাৰ্থ অস্তিত্ব বুলি কোৱা হয়।


31. What is inauthentic existence, according to Heidegger? 

হাইডেগাৰৰ মতে অপ্ৰামাণিক বা অযথার্থ অস্তিত্ব কাকে বোলে?

উত্তৰঃ মানুহৰ নিজৰ স্বতন্ত্ৰতা, বিশিষ্টতাক পাহৰি জগতৰ বিভিন্ন বস্তুৰ লগত সম্বন্ধিত হৈ সেইবোৰৰ মাজতে হেৰাই যাব পাৰে। জগতত মানুহৰ এনেকুৱা অস্তিত্বকে অপ্ৰামাণিক বা অযথাৰ্থ অস্তিত্ব বুলি কোৱা হয়।


Broad Questions / ৰচনাধৰ্মী প্রশ্ন :


1. What is Being? Explain Heidegger's concept of Being 

সত্তা কাক বোলে? হাইডোগৰৰ সত্তাৰ ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰঃ  

 

2. What is Dasein? How does Heidegger analyse the notion of Dasein)Explain.

ডাজেইন মানে কি? হাইডেগাৰে ডাজেইনক কেনেদৰে বিশ্লেষণ কৰিছে? ব্যাখ্যা কৰা।

উত্তৰঃ মাৰ্টিন হাইডেগাৰৰ 'Being and Time' গ্ৰন্থৰ প্ৰধান আলোচ্য় বিষয় আছিল 'Dasein' মানৱ অস্তিত্বৰ বিশ্লষণ। 'Dasein' শব্দটো জাৰ্মান শব্দ। কিন্তু জাৰ্মান শব্দতকৈ হাইডেগাৰে ইয়াত বেছি অৰ্থ আৰোপ কৰিছে। এই শব্দটো জাৰ্মান 'Da' আৰু 'Sein'ৰ পৰা উদ্ভৱ হৈছে। 'Da'মানে 'তাত' আৰু 'Sein' মানে হল 'হোৱা' অৰ্থাৎ অস্তিত্বশীল হোৱা। গতিকে 'Dasein' ৰ ব্য়ুৎপত্তিগত অৰ্থ হল 'তত্ৰ সত্তা' অৰ্থাৎ 'তাত অস্তিত্বশীল হোৱা'। কিন্তু হাইডেগাৰৰ অৰ্থত ই হল 'মানুহ অস্তিত্বৱান হোৱাৰ অৱস্থা', 'অস্তিত্বৰ মানৱীয় অৱস্থা'। সেইকাৰণে ইয়াক অসমীয়াত 'মানৱ অস্তিত্ব' বুলি কব পৰা যায়।হাইডেগাৰৰ মতে ,ডাজেইনৰ অৰ্থ হল সত্তাৰূপী সেই মানৱ যি তৎক্ষণিকভাৱে জগতত উপস্থিত আৰু যি জগতৰ লগত অপ্ৰতিৰোধ্য় সম্বন্ধৰ মাজেদি জীয়াই থাকিবলগীয়া হয়।

            'অস্তিত্ব'ক বুজোৱাৰ বাবে তেওঁ ক্ৰমে 'Dasein', 'Vorhandenheit' আৰু 'Existenz' শব্দ তিনিটা ব্য়ৱহাৰ কৰিছে। ইয়াৰ ভিতৰত ' Dasein' শব্দটোৱে সাধাৰণতে বিভিন্ন অস্তিত্বক আনকি ঈশ্বৰৰ অস্তিত্বক নিৰ্দেশ কৰাৰ বাবে ব্য়ৱহৃত হব পাৰে। কিন্তু হাইডেগাৰ কেৱলমাত্ৰ জগতত অস্তিত্বশীল মানৱ অস্তিত্বক নিৰ্দেশ কৰাৰ বাবে এই শব্দটো ব্য়ৱহাৰ কৰিছ।

         হাইডেগাৰৰ দৰ্শনত ডাজেইন মানে মানৱ অস্তিত্ব, জগত-স্থিত-সত্তাই ডাজেইন।এই দৰ্শনত সাৰৰ্ধম আৰু অস্তিত্বৰ পুৰণি স্কলাষ্টিক পাৰ্থক্য় ভিন্ন ৰূপত সোজেইন আৰু ডাজেইন আকাৰত প্ৰতিফলিত হৈছে।ডাজেইনে এইটো প্ৰকাশ কৰে যে কোনো কিছু হয় বা আছে আৰু সোজেইন বা সাৰধৰ্ম প্ৰকাশ কৰে সেই কোনো কিছু কি।ডাজেইন কোনো কাৰ্যকাৰণ অৰ্থত সত্তাক নুবুজায়। এইটো অন্য়ান্য় বিষয়ৰ বা বস্তুৰ মাজত এটি বিষয় বা বস্তু নহয়। ই হল শুদ্ধ সত্তাৰ প্ৰকাশক। ডাজেইনৰ আকাৰগত বিশ্লষণত দুটা গুৰুত্বপূৰ্ণ পাৰ্থক্য় উল্লেখ কৰা হয়।প্ৰথম পাৰ্থক্য়টো বাস্তৱিক সম্বন্ধৰ ওপৰত আধাৰিত আৰু তত্ত্বমূলক বিষয়ৰ মাজৰ পাৰ্থক্য়। বাস্তৱিক সম্বন্ধ হল অস্তিত্বৰ এটি বিশ্লষণনমূলক আকাৰ যি অস্তিত্ব বিষয়ক সকলো বস্তুকে নিৰ্দেশ কৰে।ইয়াৰ দ্বাৰা দৈনন্দিন অস্তিত্বক বুজোৱা হয়। ডাজেইন সত্তাৰ জ্ঞান বিষয়ক, কাৰণ ডাজেইনে অনিবাৰ্যভাৱে সত্তা সম্পৰ্কীয় প্ৰশ্নৰ উথাপন কৰে। ডাজেইন বিষয়ী নহয়, ডাজেইনে বিষয় আৰু বিষয়ীৰ পাৰ্থক্য় দূৰ কৰে। কাৰণ ডাজেইন হল জগত-স্থিত-সত্তা। ডাজেইনৰ পৰা পৃথক কৰি জগতৰ অস্তিত্বক স্বীকাৰ কৰা নাযায়।


 3. Explain and examine Heidegger's concept of Dasein. 

হাইডেগাৰৰ ডাজেইন বা মানৱ অস্তিত্বৰ ধাৰণাটো ব্যাখ্যা আৰু পৰীক্ষা কৰা।

উত্তৰঃ মাৰ্টিন হাইডেগাৰৰ 'Being and Time' গ্ৰন্থৰ প্ৰধান আলোচ্য় বিষয় আছিল 'Dasein' বা মানৱ অস্তিত্বৰ বিশ্লষণ।'অস্তিত্ব'ক বুজোৱাৰ বাবে তেওঁ ক্ৰমে 'Dasein', 'Vorhandenheit' আৰু 'Existenz' শব্দ তিনিটা ব্য়ৱহাৰ কৰিছে। ইয়াৰ ভিতৰত ' Dasein' শব্দটোৱে সাধাৰণতে বিভিন্ন অস্তিত্বক আনকি ঈশ্বৰৰ অস্তিত্বক নিৰ্দেশ কৰাৰ বাবে ব্য়ৱহৃত হব পাৰে। কিন্তু হাইডেগাৰ কেৱলমাত্ৰ জগতত অস্তিত্বশীল মানৱ অস্তিত্বক নিৰ্দেশ কৰাৰ বাবে এই শব্দটো ব্য়ৱহাৰ কৰিছ।'Dasein' শব্দটো জাৰ্মান শব্দ।এই শব্দটো জাৰ্মান 'Da' আৰু 'Sein'ৰ পৰা উদ্ভৱ হৈছে। 'Da'মানে 'তাত' আৰু 'Sein' মানে হল 'হোৱা' অৰ্থাৎ অস্তিত্বশীল হোৱা। গতিকে 'Dasein' ৰ ব্য়ুৎপত্তিগত অৰ্থ হল 'তত্ৰ সত্তা' অৰ্থাৎ 'তাত অস্তিত্বশীল হোৱা'। কিন্তু হাইডেগাৰৰ অৰ্থত ই হল 'মানুহ অস্তিত্বৱান হোৱাৰ অৱস্থা', 'অস্তিত্বৰ মানৱীয় অৱস্থা'। সেইকাৰণে ইয়াক অসমীয়াত 'মানৱ অস্তিত্ব' বুলি কব পৰা যায়।হাইডেগাৰৰ মতে ,ডাজেইনৰ অৰ্থ হল সত্তাৰূপী সেই মানৱ যি তৎক্ষণিকভাৱে জগতত উপস্থিত আৰু যি জগতৰ লগত অপ্ৰতিৰোধ্য় সম্বন্ধৰ মাজেদি জীয়াই থাকিবলগীয়া হয়।

                    হাইডেগাৰৰ দৰ্শনত ডাজেইন মানে মানৱ অস্তিত্ব, জগত-স্থিত-সত্তাই ডাজেইন।এই দৰ্শনত সাৰৰ্ধম আৰু অস্তিত্বৰ পুৰণি স্কলাষ্টিক পাৰ্থক্য় ভিন্ন ৰূপত সোজেইন আৰু ডাজেইন আকাৰত প্ৰতিফলিত হৈছে।ডাজেইনে এইটো প্ৰকাশ কৰে যে কোনো কিছু হয় বা আছে আৰু সোজেইন বা সাৰধৰ্ম প্ৰকাশ কৰে সেই কোনো কিছু কি।ডাজেইন কোনো কাৰ্যকাৰণ অৰ্থত সত্তাক নুবুজায়। এইটো অন্য়ান্য় বিষয়ৰ বা বস্তুৰ মাজত এটি বিষয় বা বস্তু নহয়। ই হল শুদ্ধ সত্তাৰ প্ৰকাশক। 

        হাইডেগাৰৰ মতে, মানুহ অস্তিত্বৱান হোৱা কথাটো আন বস্তু অস্তিত্বৱান হোৱাৰ পৰা পৃথক।যিদৰে মেজ এই ৰূমত আছে, বা কলমটো মোৰ হাতত আছে, সেইদৰে মানুহ জগতত নাথাকে। মানৱ অস্তিত্বৰ চেতনাত তেওঁ জগতত অৱস্থিত হোৱাৰ চেতনা নিহিত থাকে আৰু তেওঁৰ  অস্তিত্বৰ সকলো অৱস্থা সেই চেতনাৰ লগত সংৰচিত থাকে।সম্ভৱত এই চেতনাৰ সকলো অৱস্থাক নিৰূপন কৰিব পৰা নাযায়, কিন্তু এনে কিছুমান অৱস্থা আছে যিবোৰ মানৱ অস্তিত্বত প্ৰায়েই স্পষ্ট হয়। হাইডেগাৰে এই অৱস্থাসমূহৰ স্পষ্ট ব্য়াখ্য়া কৰে আৰু কয় যে মানৱ-অস্তিত্ব-বিশ্লষণৰ অৰ্থই হল সেই সুস্পষ্ট অৱস্থাৰ দ্বাৰা মানৱ অস্তিত্বক উপলব্ধি কৰা।


4. Explain Heidegger's concept of 'Being-in-the world.

" হাইডেগাৰৰ ‘জগত-স্থিত-সত্তা’ৰ ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰঃ মাৰ্টিন হাইডেগাৰে ডাজেইনৰ বিশ্লষণত কৈছে যে মানৱ অস্তিত্ব মানে 'জগত-স্থিত-সত্তা'।আত্মসত্তাৰ লগত অন্য়ান্য় বস্তু বা ব্য়ক্তিৰ সম্বন্ধ আছে।জগত আৰু ডাজেইন যৌক্তিকভাৱে অবিচ্ছেদ্য় আৰু জগত-স্থিত-সত্তাৰ পৰা পৃথক কৰি ডাজেইনক বুজিব নোৱাৰো। হাইডেগাৰ ডাজেইনৰ পৰা পৃথকভাৱে জগতৰ অস্তিত্ব স্বীকাৰ নকৰে।

        হাইডেগাৰে মানৱ অস্তিত্বৰ বিশ্লষণত দুটা বিষয়ৰ কথা কৈছে- এটা হল বাস্তৱিক সম্বন্ধৰ ওপৰত আধাৰিত আৰু আনটো হল তত্ত্বমূলক। মানৱ অস্তিত্বৰ বিশ্লষণত হাইডেগাৰে তত্ত্বমূলক বিৱৰণ দিছে যত স্পষ্ট কৰা হৈছে যে, মানৱ অস্তিত্বৰ কোনটো অৱস্থা সাধাৰণতে সুস্পষ্ট। হাইডেগাৰে এই অৱস্থাক মূলত 'জগত-স্থিত-সত্তা' বা 'জগতত মানৱ অস্তিত্ব' বুলি কৈছে। 'জগতত মানৱ অস্তিত্ব' বা 'being-in-the-world' ধাৰণাটোক হাইডেগাৰে অস্তিত্ববাদী দৃষ্টিকোণৰ পৰা বুজিবলৈ চেষ্টা কৰিছে। ইয়াৰ অৰ্থত এইটো নিশ্চিতভাৱে কব পৰা যায় যে,জগত আৰু মানুহ পৰস্পৰ সম্বন্ধিত।প্ৰথমতে, 'মানৱ জগতত অস্তিত্বশীল হোৱা' হাইডেগাৰৰ মতে এক একক।মানুহৰ 'আত্ম-অস্তিত্বৰ-চেতনা' তেওঁৰ 'জগতত অস্তিত্বশীল হোৱা'ৰ চেতনাক বুজায়।মানৱ অস্তিত্বৰ অৰ্থ বুলিলে 'জগত-স্থিত-সত্তা'ক বুজোৱা হয়, অৰ্থাৎ জগতত মানৱ অস্তিত্বক বুজোৱা হয়।

        'জগত মানৱ অস্তিত্ব' বা 'Being-in the World' ধাৰণাটোৰ হাইডেগাৰে অস্তিত্ববাদী দৃষ্টিকোণৰ পৰা বুজাবলৈ গৈ ইয়াৰ অৰ্থ প্ৰকাশ কৰিছে যে, জগত আৰু মানুহ পৰস্পৰ সম্বন্ধিত। মানুহ জগতত এনেধৰণে নাথাকে যেনেদৰে পাত্ৰত পানী থাকে। মানুহৰ জগতত অস্তিত্বশীল হোৱাৰ বিভিন্ন ধৰণ বা অৱস্থাসমূহ তলত ব্য়াখ্য়া কৰা হল-

i) উদ্বেগঃ হাইডেগাৰে 'উদ্বেগ' বা 'Care'ক বুজাবলৈ 'Sorge' শব্দটো ব্য়ৱহাৰ কৰিছে।মানুহ জগতৰ লগত সম্বন্ধিত হোৱাৰ মূলতে আছে উদ্বেগ। মানুহৰ যদি জগতৰ প্ৰতি উদ্বেগ নাথাকে, তেনেহলে তেওঁৰ অস্তিত্বৰ অনুভূতি নহয়।মানুহ জগতত অস্তিত্বশীল হোৱাৰ ধৰণ পাহৰা এখন জগতত অস্তিত্বশীল হোৱাৰ ধৰণৰ পৰা পৃথক। উদ্বেগৰ কাৰণে কাৰণে মানুহ জগতত যিদৰে অস্তিত্বশীল হয়, সেই অস্তিত্বশীলতা পাহাৰৰ পৰা পৃথক। উদ্বেগৰ কিছুমান বিশেষ লক্ষণ আছে। এই তিনিটা লক্ষণ হল- বাস্তৱতা বা তথ্য়তা, সম্ভাৱনা আৰু পতন।

ii) সম্ভাৱনাময় জগতঃ মানুহে জগতত নিজৰ লকলো সম্ভাৱনাক ব্য়ক্ত কৰিব পাৰে।হাইডেগাৰে ইয়াক ব্য়াখ্য়া কৰাৰ বাবে 'Present-at-hand' আৰু 'ready-to-hand'ৰ মাজত পাৰ্থক্য় কৰিছে। সহজ ভাষাত, ইয়াক ক্ৰমে 'হাতৰ-ওচৰত-উপস্থিত জগত' বা 'সন্মুখত প্ৰস্তুত জগত' আৰু 'হাতৰ ওচৰত তৈয়াৰী জগত' বা 'প্ৰয়োগৰ বাবে প্ৰস্তুত জগত' বুলিও কব পাৰি।জাগতিক বস্তুবোৰ হল 'হাতৰ ওচৰত উপস্থিত জগত' আৰু এই বস্তুবোৰক কিদৰে ব্য়ৱহাৰ কৰি নিজৰ প্ৰয়োজনত খটুৱাব পাৰি, সেইটো হল-'হাতৰ-ওচৰত-প্ৰস্তুত' জগত।

iii)আগলৈ জীয়াই থকাঃ মানুহ জগতত অস্তিত্বশীল হোৱাৰ আন এটা অৱস্থা হল আগলৈ জীয়াই থকা।মানুহৰ জীৱন কেৱল বৰ্তমানতে সীমিত নহয়, তেওঁ ভৱিষ্য়ততো জীয়াই থাকে। তেওঁৰ সকলো পৰিকল্পনা ভৱিষ্য়ত নিৰ্ভৰ হয়। জগতৰ সমস্ত বস্তুৰ অনন্ত সম্ভাৱনা আছে আৰু মানুহৰ নিজেও অসীম সম্ভৱনা বহন কৰি ফুৰিছে। জগতৰ সমস্ত বস্তুক নিজৰ প্ৰয়োজন প্ৰয়োগ কৰি নিজৰ অস্ফূট সম্ভাৱনাক ব্য়ক্ত কৰাই মানুহৰ প্ৰকৃত অস্তিত্ব। গতিকে জগতৰ প্ৰতি থকা মানুহৰ উদ্বেগ তেওঁৰ আগলৈ জীয়াই থকাৰ চেতনাৰ পৰাও উৎপন্ন হয়।

iv) অৱবোধঃ জগতত মানৱ অস্তিত্বৰ এক স্পষ্ট অৱস্থা হল অৱবোধ। অৱবোধক সাধাৰণতে জাগতিক জ্ঞান লাভৰ অৰ্থত ব্য়ৱহাৰ কৰা হয়। কিন্তু হাইডেগাৰৰ দৰ্শনত ইয়াক জগতৰ লগত মানুহৰ সকলো প্ৰকাৰৰ সম্বন্ধ আৰু অভিপ্ৰায়ক বুজাবলৈ ব্য়ৱহাৰ কৰা হৈছে। হাইডেগাৰৰ মতে, মানুহ কেৱল জগতৰ তাত্ত্বিক জ্ঞাতা নহয়, তেওঁ জগতৰ সম্ভাৱনাক নিজৰ প্ৰয়োজন অনুসাৰে প্ৰয়োগ কৰে। অৱবোধ সকলো সম্পৰ্কৰ ক্ষেত্ৰত এক প্ৰকাৰৰ অৰ্থ প্ৰক্ষেপ কৰে। হাইডেগাৰৰ মতে, অৱবোধে এই প্ৰক্ষেপণ প্ৰক্ৰিয়াৰ দ্বাৰা জগতক সাৰ্থক কৰি তোলে।

v) শূন্য়তাৰ অনুভূতিঃ হাইডেগাৰৰ দৰ্শনত শূন্য়তাৰ ধাৰণা অতি গুৰুত্বপূৰ্ণ। শূন্য়তা কেৱল নিষেধ নহয়, ইয়াৰ মাধ্য়মত সত্তাৰ অনুভূতি হয়।মানুহ জগতত শূন্য়তাৰ সৈতে অস্তিত্বশীল। সত্তাৰ উপলব্ধিৰ বাবে শূন্য়তাৰ অনুভূতি প্ৰয়োজন। জগতৰ যদি সকলো বস্তুৱে পৰিৱৰ্তনশীল নহয়, বিনাশ নহয়, সকলো মানুহ যদি ৰোগমুক্ত আৰু অমৰ হয়, তেনেহলে সত্তাৰ প্ৰতি উন্মুখ হোৱাৰ কোনো উপাদানে নাথাকে। কিন্তু বিনাশ, মানৱ অস্তিত্বৰ ক্ষণস্থায়িত আদিয়ে সত্তাৰ উপলব্ধিৰ এক মাধ্য়মত পৰিণত হয়। মানৱ অস্তিত্বত সত্তাৰ প্ৰতিফলন এইকাৰণে হয় যে মানৱ অস্তিত্বত শূন্য়তাৰ অনুভূতি সম্ভৱ হয়, যি অন্য় কোনো জীৱৰ পক্ষে সম্ভৱ নহয়।


5. What is meant by 'Being-in-the world.' in Heidegger's philosophy Explain. 

হাইডেগাৰৰ দৰ্শনত 'জগত-স্থিত-সত্তা’ৰ দ্বাৰা কি বুজাইছে? ব্যাখ্যা কৰা।

উত্তৰঃ মাৰ্টিন হাইডেগাৰে ডাজেইনৰ বিশ্লষণত কৈছে যে মানৱ অস্তিত্ব মানে 'জগত-স্থিত-সত্তা'।আত্মসত্তাৰ লগত অন্য়ান্য় বস্তু বা ব্য়ক্তিৰ সম্বন্ধ আছে। জগত আৰু ডাজেইন যৌক্তিকভাৱে অবিচ্ছেদ্য় আৰু জগত-স্থিত-সত্তাৰ পৰা পৃথক কৰি আমি ডাজেইনক বুজিব নোৱাৰো। হাইডেগাৰ ডাজেইন পৰা পৃথকভাৱে জগতৰ অস্তিত্ব স্বীকাৰ নকৰে। হাইডেগাৰে মানৱ অস্তিত্বৰ বিশ্লেষণত দুটা বিষয়ৰ কথা কৈছে- এটা হল বাস্তৱিক সম্বন্ধৰ ওপৰত আধাৰিত আৰু আনটো হল তত্ত্বমূলক।মানৱ অস্তিত্বৰ বিশ্লষণত হাইডেগাৰে তত্ত্বমূলক বিৱৰণ দিছে যত স্পষ্ট কৰা হৈছে যে, মানৱ অস্তিত্বৰ কোনটো অৱস্থা সাধাৰণতে সুস্পষ্ট। হাইডেগাৰে এই অৱস্থাক মূলত 'জগত-স্থিত-সত্তা' বা 'জগতত মানৱ অস্তিত্ব' বুলি কৈছে। 

        'জগতত মানৱ অস্তিত্ব' বা 'being-in-the-world' ধাৰণাটোক হাইডেগাৰে অস্তিত্ববাদী দৃষ্টিকোণৰ পৰা বুজিবলৈ চেষ্টা কৰিছে।ইয়াৰ অৰ্থত এইটো নিশ্চিতভাৱে কব পৰা যায় যে, জগত আৰু মানুহ পৰস্পৰ সম্বন্ধিত। কিন্তু এই সম্বন্ধৰ কিছু বিশেষত্ব আছে। প্ৰথমতে, 'মানৱ জগতত অস্তিত্বশীল হোৱা' হাইডেগাৰৰ মতে এক একক। মানুহৰ 'আত্মা-অস্তিত্বৰ-চেতনা' তেওঁৰ 'জগতত অস্তিত্বশীল হোৱা'ৰ চেতনাক বুজায়।এনেকুৱা নহয় যে 'আত্মা'ৰ চেতনা আৰু 'জগত'ৰ চেতনা পৃথক। আমি বিশ্লষণৰ দ্বাৰা আত্মা আৰু জগতত পৃথক কৰিব পাৰোঁ, আমি বিশ্লষণৰ দ্বাৰা এইটোও পৃথক কৰিব পাৰোঁ যে আত্মা যি জগতত আছে তাত কিছুমান তত্ত্ব আৰু বস্তু আছে আৰু অন্য় বিষয়সমূহো আছে। কিন্তু মানৱ অস্তিত্বৰ অৰ্থ বুলিলে 'জগত-স্থিত-সত্তা'ক বুজোৱা হয়, অৰ্থাৎ জগতত মানৱ অস্তিত্বক বুজোৱা হয়।সাধাৰণতে তত্ত্বমীমাংসক সকলে আত্মা আৰু জগতৰ এই প্ৰাথমিক ধাৰণাক উপেক্ষা কৰে, ইহঁতক দুটা পৃথক তত্ত্ব বুলি ভাবে।

            ডাজেইন আৰু জগতৰ মাজত এটি অবিচ্ছেদ্য় সম্বন্ধ আছে। তত্বগত দিশৰ পৰা যিদৰে অনাত্মাবিহীন আত্মাৰ কল্পনা কৰা নাযায়। 'মই আছোঁ' মানে হল 'মই এই জগতত আছোঁ'। কিন্তু যি অৰ্থত গ্লাছৰ ভিতৰত পানী থাকে, সেই অৰ্থত কিন্তু মই 'দেশ বা স্থান অধিকাৰ কৰি আছোঁ' বুলি বুজোৱা নাযায়। জগত সম্পৰ্কীয় উদ্বেগেই মানৱ অস্তিত্বৰ মূল কথা।


6. What do you mean by temporality? Explain the notion of temporality. 

কালিকতা বা কালপ্ৰৱাহ বুলিলে কি বুজা। কালিকতাৰ ধাৰণাটো ব্যাখ্যা কৰা। 

উত্তৰঃ হাইডেগাৰৰ 'জগত-স্থিত-সত্তাৰ ধাৰণা হল কলিকতা বা কালপ্ৰৱাহৰ ধাৰণা। ডাজেইন বা মানৱ অস্তিত্বৰ লগত কাল বা সময়ৰ এক গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে। কাল অনিত্য়, চিৰপ্ৰৱাহমান। মানৱ জীৱন এই কালৰ দ্বাৰাই সীমিত। মানৱ জীৱনৰ সমস্ত ঘটনাই কালত ঘটে। মানৱ জীৱন  অতীত, বৰ্তমান আৰু ভৱিষ্য়ত- কালৰ  এই তিনিটা প্ৰৱাহৰ দ্বাৰা আৱদ্ধ বা সীমিত।

           হাইডেগাৰৰ মতে, গ্ৰীকসকলে কালক যথাৰ্থভাৱে মূল্য়ায়ন কৰিব পৰা নাই।তেওঁলোকে কালক বিচাৰ  কৰিছে কেৱল বৰ্তমানৰ এটি অনুসংগ হিচাপে।কিন্তু কেৱল বৰ্তমানকলৈ মানুহ জীয়াই নাথাকে, অতীত আৰু ভৱিষ্য়তো তেওঁৰ  সত্তাৰ অংগীভূত। আমাৰ জন্মকাল, স্থান, পিতা-মাতাৰ পৰিচয়, শিক্ষাকাল ইত্য়াদিক লৈ আমি অতীত সম্পৰ্কে সচেতন। আমাৰ এই মূহুৰ্তৰ কৰ্মখিনি, আমি অতিবাহিত কৰি থকা সময়খিনি, এতিয়াৰ ঘটনা-পৰিঘটনাবোৰ, মোৰ আমাৰ সন্মুখত উপস্থিত বস্তুবোৰ, ব্য়ক্তিবোৰ ইত্য়াদিকলৈ পোনপটীয়াকৈ আমি আছো এক বৰ্তমান কালপ্ৰৱাহত।কিন্তু অতীত আৰু বৰ্তমানেই আমাৰ জীৱনৰ শেষ কথা নহয়। হাইডেগাৰৰ মতে, ডাজেইনৰ সম্ভাৱনাবোৰ বাস্তৱত ৰূপায়িত হয় ভৱিষ্য়ত কালপ্ৰৱাহত। গতিকে কালিকতা বা কালপ্ৰৱাহ জগত-স্থিত-মানৱৰ মূল সত্তা। 

        কালিকতা বা কালপ্ৰৱাহ ডাজেইনৰ স্বতন্ত্ৰ গুৰুত্বপূৰ্ণ কাঠামো নহয়, বৰং এইটো কোৱা হয় যে সত্তা নিজেই কালিক। হাইডেগাৰৰ মতে, ডাজেইনেই কালিক। ডাজেইন বিহীন কোনো কাল হব নোৱাৰে আৰু বিপৰীতফালে কালবিহীন কোনো ডাজেইন থাকিব নোৱাৰে।ডাজেইনক যেতিয়া 'জগত-স্থিত-সত্তা' বুলি কোৱা হয়, তেতিয়া ইয়াৰ দ্বাৰা এইটো বুজোৱা হয় যে ডাজেইন কেৱল দেশতে নাথাকে, ই অনিবাৰ্যভাৱে কালতো আছে। ডাজেইন কালপ্ৰৱাহ বা কালিকতাক গঠন কৰে বা প্ৰক্ষেপ কৰে।বিষয়ীগত সত্তাৰ অস্তিত্বমূলক অৱস্থাক বৈশিষ্ট্য়মণ্ডিত কৰা ঘটনা বা বিষয়েই হল কালিকতা।মানৱ অস্তিত্ব বা ডাজেইন কালৰ দ্বাৰাই বৈশিষ্ট্য়মণ্ডিত হয়। গতিকে অতীত-বৰ্তমান-ভৱিষ্য়ত কালৰ এই তিনিটা মূহুৰ্তৰ ধাৰণা মানুহৰ অস্তিত্বৰ ধৰণাৰ পৰাই নিঃসৃত হয়। কালৰ ধাৰাবাহিকতাৰ পৰ্যায়বোৰক হাইডেগাৰে 'কালিকতাৰ আনন্দ' বুলি কৈছে। কালিকতা অনিবাৰ্যভাৱে আনন্দৰ ভাবাবেশ। ভৱিষ্য়ত, অতীত আৰু বৰ্তমানেই হল কালপ্ৰৱাহৰ ভাবাবেশৰ মূহুৰ্ত আৰু ইয়াৰ ভিতৰত ভৱিষ্য়তেই হল মুখ্য়। কাৰণ মানৱ জীৱন বা ডাজেইনত ভৱিষ্য়তৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ। কালপ্ৰৱাহ আৰু মানৱ জীৱন অবিচ্ছেদ্য়ভাৱে যুক্ত হোৱা কাৰণে 'Ecstasy' গ্ৰীক শব্দটোৱে অস্তিত্ব তথা মানৱ জীৱনৰ গতিশীলতাৰ ওপৰত আলোকপাত কৰিছে।

 

7. Explain Heidegger's concept of temporality.

হাইডেগাৰৰ কালিকতা বা কালপ্ৰৱাহৰ ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰঃ হাইডেগাৰৰ 'জগত-স্থিত-সত্তাৰ ধাৰণা হল কলিকতা বা কালপ্ৰৱাহৰ ধাৰণা। ডাজেইন বা মানৱ অস্তিত্বৰ লগত কাল বা সময়ৰ এক গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে। কাল অনিত্য়, চিৰপ্ৰৱাহমান। মানৱ জীৱন এই কালৰ দ্বাৰাই সীমিত। মানৱ জীৱনৰ সমস্ত ঘটনাই কালত ঘটে। মানৱ জীৱন  অতীত, বৰ্তমান আৰু ভৱিষ্য়ত- কালৰ  এই তিনিটা প্ৰৱাহৰ দ্বাৰা আৱদ্ধ বা সীমিত।

           হাইডেগাৰৰ মতে, গ্ৰীকসকলে কালক যথাৰ্থভাৱে মূল্য়ায়ন কৰিব পৰা নাই।তেওঁলোকে কালক বিচাৰ  কৰিছে কেৱল বৰ্তমানৰ এটি অনুসংগ হিচাপে।কিন্তু কেৱল বৰ্তমানকলৈ মানুহ জীয়াই নাথাকে, অতীত আৰু ভৱিষ্য়তো তেওঁৰ  সত্তাৰ অংগীভূত। আমাৰ জন্মকাল, স্থান, পিতা-মাতাৰ পৰিচয়, শিক্ষাকাল ইত্য়াদিক লৈ আমি অতীত সম্পৰ্কে সচেতন। আমাৰ এই মূহুৰ্তৰ কৰ্মখিনি, আমি অতিবাহিত কৰি থকা সময়খিনি, এতিয়াৰ ঘটনা-পৰিঘটনাবোৰ, মোৰ আমাৰ সন্মুখত উপস্থিত বস্তুবোৰ, ব্য়ক্তিবোৰ ইত্য়াদিকলৈ পোনপটীয়াকৈ আমি আছো এক বৰ্তমান কালপ্ৰৱাহত।কিন্তু অতীত আৰু বৰ্তমানেই আমাৰ জীৱনৰ শেষ কথা নহয়। হাইডেগাৰৰ মতে, ডাজেইনৰ সম্ভাৱনাবোৰ বাস্তৱত ৰূপায়িত হয় ভৱিষ্য়ত কালপ্ৰৱাহত। গতিকে কালিকতা বা কালপ্ৰৱাহ জগত-স্থিত-মানৱৰ মূল সত্তা। 

        কালিকতা বা কালপ্ৰৱাহ ডাজেইনৰ স্বতন্ত্ৰ গুৰুত্বপূৰ্ণ কাঠামো নহয়, বৰং এইটো কোৱা হয় যে সত্তা নিজেই কালিক। হাইডেগাৰৰ মতে, ডাজেইনেই কালিক। ডাজেইন বিহীন কোনো কাল হব নোৱাৰে আৰু বিপৰীতফালে কালবিহীন কোনো ডাজেইন থাকিব নোৱাৰে।ডাজেইনক যেতিয়া 'জগত-স্থিত-সত্তা' বুলি কোৱা হয়, তেতিয়া ইয়াৰ দ্বাৰা এইটো বুজোৱা হয় যে ডাজেইন কেৱল দেশতে নাথাকে, ই অনিবাৰ্যভাৱে কালতো আছে। ডাজেইন কালপ্ৰৱাহ বা কালিকতাক গঠন কৰে বা প্ৰক্ষেপ কৰে।বিষয়ীগত সত্তাৰ অস্তিত্বমূলক অৱস্থাক বৈশিষ্ট্য়মণ্ডিত কৰা ঘটনা বা বিষয়েই হল কালিকতা।মানৱ অস্তিত্ব বা ডাজেইন কালৰ দ্বাৰাই বৈশিষ্ট্য়মণ্ডিত হয়। গতিকে অতীত-বৰ্তমান-ভৱিষ্য়ত কালৰ এই তিনিটা মূহুৰ্তৰ ধাৰণা মানুহৰ অস্তিত্বৰ ধৰণাৰ পৰাই নিঃসৃত হয়। কালৰ ধাৰাবাহিকতাৰ পৰ্যায়বোৰক হাইডেগাৰে 'কালিকতাৰ আনন্দ' বুলি কৈছে। কালিকতা অনিবাৰ্যভাৱে আনন্দৰ ভাবাবেশ। ভৱিষ্য়ত, অতীত আৰু বৰ্তমানেই হল কালপ্ৰৱাহৰ ভাবাবেশৰ মূহুৰ্ত আৰু ইয়াৰ ভিতৰত ভৱিষ্য়তেই হল মুখ্য়। কাৰণ মানৱ জীৱন বা ডাজেইনত ভৱিষ্য়তৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ। কালপ্ৰৱাহ আৰু মানৱ জীৱন অবিচ্ছেদ্য়ভাৱে যুক্ত হোৱা কাৰণে 'Ecstasy' গ্ৰীক শব্দটোৱে অস্তিত্ব তথা মানৱ জীৱনৰ গতিশীলতাৰ ওপৰত আলোকপাত কৰিছে।

 

8. What is inauthentic existence, according to Heidegger? 

হাইডেগাৰৰ মতে অপ্রামাণিক বা অযথার্থ অস্তিত্ব বুলিলে কি বুজায়?

উত্তৰঃ হাইডেগাৰ দৰ্শনত ডাজেইন বা মানৱ অস্তিত্বৰ দুই প্ৰকাৰৰ সম্ভাৱনাৰ কথা কোৱা হৈছে- প্ৰামাণিক বা যথাৰ্থ অস্তিত্ব আৰু অপ্ৰামাণিক বা অযথাৰ্থ অস্তিত্ব। মানুহে নিজৰ স্বতন্ত্ৰতা, বিশিষ্টতাক পাহৰি জগতৰ বিভিন্ন বস্তুৰ লগত সম্বন্ধিত হৈ সেইবোৰৰ মাজতে হেৰাই যাব পাৰে। জগতত মানুহৰ এনেকুৱা অস্তিত্ব হল অপ্ৰামাণিক বা অযথাৰ্থ অস্তিত্ব।অযথাৰ্থ অস্তিত্বত মানুহে নিজৰ মানৱীয়তাৰ পৰা আঁতৰি আহি কৃত্ৰিমতাৰ আধাৰত জীয়াই থাকে।অযথাৰ্থ অস্তিত্বত এনে কৃত্ৰিমতাত মানুহে অস্থায়ী তৃপ্তিও লাভ কৰে, নিজকে নিৰাপদ আৰু সুৰক্ষিত বুলি ভাবে।

        হাইডেগাৰ অযথাৰ্থ অস্তিত্বক পতিত স্তৰ বুলি উল্লেখ কৰিলেও কীৰ্কেগাৰ্ডৰ দৰে পাপযুক্ত বুলি চিহ্নিত কৰা নাই। অযথাৰ্থ অস্তিত্বত মানুহ জগতৰ লগত তেওঁৰ সম্পৰ্কৰ সত্য়ক অৱহেলা কৰে। জগতৰ বিষয়বস্তু সম্পৰ্কে তেওঁৰ কেৱল আংশিক জ্ঞান থাকে, সম্পূৰ্ণ জ্ঞান নাথাকে। ইয়াৰ মূল কাৰণ হল অন্য় লোকে জাগতিক বিষয়বোৰক যি দৃষ্টিভংগীৰে দেখে বা যি বৈশিষ্ট্য় আৰোপ কৰে,একে দৃষ্টিভংগীৰে দেখে বা যি বৈশিষ্ট্য় আৰোপ কৰে, একে দৃষ্টিভংগীৰ লগত তেওঁ নিজকে একে কৰি পেলায়।অন্য় মানুহৰ দ্বাৰা প্ৰভাৱিত হোৱা হেতুকে তেওঁ নিজস্ব কোনো মত গঠন কৰিব নোৱাৰে, তেওঁৰ মতামত আংশিকভাৱে অন্য় ব্য়ক্তিৰ।


9. What is authentic existence, according to Heidegger?

হাইডেগাৰৰ মতে প্ৰামাণিক অস্তিত্ব কাক বোলে?

উত্তৰঃ হাইডেগাৰ দৰ্শনত ডাজেইন বা মানৱ অস্তিত্বৰ দুই প্ৰকাৰৰ সম্ভাৱনাৰ কথা কোৱা হৈছে- প্ৰামাণিক বা যথাৰ্থ অস্তিত্ব আৰু অপ্ৰামাণিক বা অযথাৰ্থ অস্তিত্ব। মানুহে নিজৰ স্বতন্ত্ৰতা, বিশিষ্টতা, মানৱীয় গৰিমা বজাই ৰাখি, নিজৰ অস্তিত্বৰ প্ৰতি চেতনা হৈ, সকলো প্ৰকাৰৰ সম্ভাৱনাৰ বিকাশ ঘটাই জগতত থাকিব পাৰে। এনে অৱস্থাই হল প্ৰামাণিক বা যথাৰ্থ অস্তিত্বৰ অৱস্থা। মাৰ্টিন হাইডেগাৰে যথাৰ্থ অস্তিত্বক মানৱ জীৱনৰ বাবে উপযুক্ত অৱস্থা বুলি দাবি কৰিছে।

                হাইডেগাৰৰ মতে, মানুহ যেতিয়া উপলব্ধি কৰিব পাৰে যে তেওঁ কোন, এই জগতত তেওঁৰ স্থান কি, কেৱল তেতিয়াহে মানুহৰ যথাৰ্থ অস্তিত্বৰ সূচনা হয়। আমি প্ৰতিজন মানুহ স্বতন্ত্ৰ, অসীম সম্ভাৱনাৰ সমাহাৰ, গতিকে আমাৰ অস্তিত্ব আৰু সম্ভাৱনা অন্য় মানুহৰ পৰা পৃথক। এই জ্ঞান লাভ হলে আমাৰ নিজৰ প্ৰামাণিক অস্তিত্বৰ জ্ঞান হয়। হাইডেগাৰৰ প্ৰামাণিক অস্তিত্বৰ এই ধাৰণা, নিজৰ স্বতন্ত্ৰতাক উপলব্ধি কৰাৰ প্ৰয়োজনীয়তা লগত কীৰ্কেগাৰ্ডৰ ধৰ্মীয় স্তৰৰ ধাৰণা মিল আছে। 

        হাইডেগাৰৰ মতে, মানুহৰ মনত অস্তিত্বমূলক চিন্তা জাগ্ৰত হয় তেতিয়া, যেতিয়া এনেকুৱা চিন্তা জাগি উঠে আৰু যেতিয়া মৃত্য়ুৰ চিন্তা স্পষ্ট হয়।এই সময়ত তেওঁ নিৰাপদ কৃত্ৰিম জগতত আৱদ্ধ হৈ থাকিব নোৱাৰে, তেওঁ এইটো ভাবিব লগীয়া হয় যে, সত্তা কি? এই প্ৰশ্নতে তেওঁ প্ৰামাণিক জীৱনত বা যথাৰ্থ অস্তিত্বৰ প্ৰতি উন্মুখ হয়।যথাৰ্থ অস্তিত্বৰ অৰ্থ হল মানৱ অস্তিত্বক সত্তাৰ লগত সম্বন্ধিত কৰা। অযথাৰ্থ অস্তিত্বত এই সম্বন্ধ বিনষ্ট হৈ থাকে, কিন্তু মানুহৰ বিশেষত্ব এয়ে যে কেৱল মানুহেই সত্তাৰ সম্বন্ধিত হোৱা বিষয়ত ভাবিব পাৰে, তেওঁ সুধিব পাৰে যে নিজৰ অস্তিত্বৰ বিশিষ্টতা কি? এই ধৰণে যদি তেওঁৰ অন্তৰত অনুৰূপ প্ৰশ্ন জাগি উঠে, তেনেহলে বুজিব পাৰে যে অযথাৰ্থ অস্তিত্বৰ মূল কাৰণ হল তেওঁৰ বিশিষ্টতাক পৰিহাৰ কৰি জীয়াই থকা চেষ্টা কৰা। গতিকে প্ৰামাণিক অস্তিত্বৰ অৰ্থ হল মানৱ অস্তিত্বৰ লগত সত্তাৰ তাত্ত্বিক সম্বন্ধক কেতিয়াও পাহৰি নোযোৱা, বৰং এইটো উপলব্ধি কৰা যে এই সম্বন্ধক বজাই ৰখাটোৱে তেওঁৰ তাত্ত্বিক দায়িত্ব।


10. What is authentic existence? How is it different from inauthentic existence?

প্রামাণিক বা যথার্থ অস্তিত্ব বুলিলে কি বুজা? ই অপ্ৰামাণিক অস্তিত্বৰ পৰা কেনেদৰে পৃথক?


11. Explain Heidegger's concept of authentic existence. 

হাইডেগাৰৰ প্ৰামাণিক বা যথার্থ অস্তিত্বৰ ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰঃ  হাইডেগাৰ দৰ্শনত ডাজেইন বা মানৱ অস্তিত্বৰ দুই প্ৰকাৰৰ সম্ভাৱনাৰ কথা কোৱা হৈছে- প্ৰামাণিক বা যথাৰ্থ অস্তিত্ব আৰু অপ্ৰামাণিক বা অযথাৰ্থ অস্তিত্ব। মানুহে নিজৰ স্বতন্ত্ৰতা, বিশিষ্টতা, মানৱীয় গৰিমা বজাই ৰাখি, নিজৰ অস্তিত্বৰ প্ৰতি চেতনা হৈ, সকলো প্ৰকাৰৰ সম্ভাৱনাৰ বিকাশ ঘটাই জগতত থাকিব পাৰে। এনে অৱস্থাই হল প্ৰামাণিক বা যথাৰ্থ অস্তিত্বৰ অৱস্থা। মাৰ্টিন হাইডেগাৰে যথাৰ্থ অস্তিত্বক মানৱ জীৱনৰ বাবে উপযুক্ত অৱস্থা বুলি দাবি কৰিছে।

                হাইডেগাৰৰ মতে, মানুহ যেতিয়া উপলব্ধি কৰিব পাৰে যে তেওঁ কোন, এই জগতত তেওঁৰ স্থান কি, কেৱল তেতিয়াহে মানুহৰ যথাৰ্থ অস্তিত্বৰ সূচনা হয়। আমি প্ৰতিজন মানুহ স্বতন্ত্ৰ, অসীম সম্ভাৱনাৰ সমাহাৰ, গতিকে আমাৰ অস্তিত্ব আৰু সম্ভাৱনা অন্য় মানুহৰ পৰা পৃথক। এই জ্ঞান লাভ হলে আমাৰ নিজৰ প্ৰামাণিক অস্তিত্বৰ জ্ঞান হয়। হাইডেগাৰৰ প্ৰামাণিক অস্তিত্বৰ এই ধাৰণা, নিজৰ স্বতন্ত্ৰতাক উপলব্ধি কৰাৰ প্ৰয়োজনীয়তা লগত কীৰ্কেগাৰ্ডৰ ধৰ্মীয় স্তৰৰ ধাৰণা মিল আছে। 

        হাইডেগাৰৰ মতে, মানুহৰ মনত অস্তিত্বমূলক চিন্তা জাগ্ৰত হয় তেতিয়া, যেতিয়া এনেকুৱা চিন্তা জাগি উঠে আৰু যেতিয়া মৃত্য়ুৰ চিন্তা স্পষ্ট হয়।এই সময়ত তেওঁ নিৰাপদ কৃত্ৰিম জগতত আৱদ্ধ হৈ থাকিব নোৱাৰে, তেওঁ এইটো ভাবিব লগীয়া হয় যে, সত্তা কি? এই প্ৰশ্নতে তেওঁ প্ৰামাণিক জীৱনত বা যথাৰ্থ অস্তিত্বৰ প্ৰতি উন্মুখ হয়।যথাৰ্থ অস্তিত্বৰ অৰ্থ হল মানৱ অস্তিত্বক সত্তাৰ লগত সম্বন্ধিত কৰা। অযথাৰ্থ অস্তিত্বত এই সম্বন্ধ বিনষ্ট হৈ থাকে, কিন্তু মানুহৰ বিশেষত্ব এয়ে যে কেৱল মানুহেই সত্তাৰ সম্বন্ধিত হোৱা বিষয়ত ভাবিব পাৰে, তেওঁ সুধিব পাৰে যে নিজৰ অস্তিত্বৰ বিশিষ্টতা কি? এই ধৰণে যদি তেওঁৰ অন্তৰত অনুৰূপ প্ৰশ্ন জাগি উঠে, তেনেহলে বুজিব পাৰে যে অযথাৰ্থ অস্তিত্বৰ মূল কাৰণ হল তেওঁৰ বিশিষ্টতাক পৰিহাৰ কৰি জীয়াই থকা চেষ্টা কৰা। গতিকে প্ৰামাণিক অস্তিত্বৰ অৰ্থ হল মানৱ অস্তিত্বৰ লগত সত্তাৰ তাত্ত্বিক সম্বন্ধক কেতিয়াও পাহৰি নোযোৱা, বৰং এইটো উপলব্ধি কৰা যে এই সম্বন্ধক বজাই ৰখাটোৱে তেওঁৰ তাত্ত্বিক দায়িত্ব।


12. Distinguish between authentic and inauthentic existence.

প্ৰামাণিক বা যথাৰ্থ আৰু অপ্ৰামাণিক বা অযথাৰ্থ অস্তিত্বৰ মাজত পাৰ্থক্য নির্ণয় কৰা।

উত্তৰঃ