তৃতীয় গোটঃ 

প্ৰাক অৰুনোদই যুগ আৰু অৰুনোদই যুগ (উনবিংশ শতিকা)ঃ 

ঐতিহাসিক আৰু সাহিত্যিক পটভূমি আৰু বৈশিষ্ট্য

১। প্ৰাক অৰুনোদই  আৰু অৰুনোদই যুগৰ সাহিত্যৰ পটভূমি লিখা? 

উত্তৰঃ ইং ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি সৰ্ত অনুসৰি অসম দেশ ইংৰাজৰ অধীনলৈ যায়। মানে সোণৰ অসমক মৰিশালিত পৰিণত কৰি উলটি গল। এই দুৰ্যোগত অসমৰ সাধু জনসংখ্যা ধ্বংস হল, যি বাচি আছিল সিও মৃতকল্প হল। মান সৈন্যই উভতি যাওতে অতি কমেও ত্ৰিছ হাজাৰ অসমীয়াক বন্দীৰূপে ধৰি লৈ যায়। ১৮৭০ চনৰ পৰা হোৱা অন্ত বিপ্লৱ আৰু তাৰ পাছত হোৱা মানৰ অমানুষিক অত্যাচাৰত কিমান যে অসমীয়া  মানুহ জাহ গল তাৰ সীমা সংখ্যা নাই। ইংৰাজে অত্যাচাৰী মানক খেদি বৃটিছ ৰাজত্ব প্ৰতিষ্ঠা কৰিলে আৰু অসমীয়া মানুহেও ইংৰাজ শাসনৰ ভবিষ্যত ফলাফলৰ পিনে দৃষ্টি নকৰি মানৰ অত্যাচাৰৰপৰা ৰক্ষা পোৱাতে স্বস্তিৰ নিশ্বাস পেলালে। কিন্তু সাধাৰণ প্ৰজাই ইংৰাজ শাসন মানি লৈছিল যদিও আগৰ ডা-ডাঙৰীয়া আৰু বিষয়া শ্ৰেণীৰ লোকে সহজে বিদেশী শাসন মানি লোৱা নাছিল। ১৮৩০ চনৰ আশে-পাশে হোৱা পিয়লি ফুকন, গোমধৰ কোঁৱৰ আদিৰ বিদ্ৰোহেই তাৰ প্ৰমাণ।

        এই বিদ্ৰোহ হৈ থকা ফলত ইংৰাজে শিক্ষাৰ সমস্যা, ভাষা সমস্যা বা আৰ্থিক অৱস্থা আদিলৈ চকু দিয়া নাছিল। আগৰ পৰা চলি অহা ব্যৱস্থাই বলবৎ আছিল, কিন্তু পিয়লি ফুকনৰ আদিৰ বিদ্ৰোহত সম্ভ্ৰান্ত বংশীয় লোকসকল জড়িত থকা দেখি আৰু উজনি অসমৰ উচ্চ শ্ৰেণী লোকে ইংৰাজ ৰাজত্বক ভাল চকুৰে নোচোৱা দেখি  আৰু ইংৰাজ শাসন ব্যৱস্থাৰ লগত অনভিজ্ঞ দেখি বঙ্গদেশৰ পৰা বঙালী কেৰাণী মহৰি আমদানি কৰি দেশৰ শাসন ব্যৱস্থা চলাবলৈ আৰম্ভ কৰে। বঙালী কেৰাণী, মহৰি বোৰে আত্মস্বাৰ্থ সংৰক্ষণ কৰিবৰ কাৰণে আৰু ভৱিষ্যতেও তেওঁলোকৰ স্থান অব্যাহত ৰাখিবৰ উদ্দেশ্য ইংৰাজ বিষয়াসকলক বুজাই দিলে যে  অসমীয়া এটা স্বতন্তৰীয় ভাষা নহয়, বঙালীৰে এটা গ্ৰাম্য অপভ্ৰংশ। তেওঁলোকৰ কথাত বিশ্বাস কৰি ১৮৩৬ চনত খ্ৰীষ্টাব্দত স্কুল-কছাৰি, আদিত অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙলা ভাষাক ইংৰাজে প্ৰতিষ্ঠা কৰিলে। প্ৰত্যক্ষ ভাৱে কোনো বঙালী কৰ্মচাৰীক এই বিষয়ত অভিযুক্ত কৰিব নোৱাৰি। কাৰণ বঙলা প্ৰৱৰ্তন কৰা সিদ্ধান্ত হৈছিল কলিকতাৰ ইংৰাজ কৰ্তৃপক্ষই। 

সেই সময়খিনিতে  আমেৰিকা বেপ্টিষ্ট মিছনে হাতত খ্ৰীষ্টধৰ্ম জোৰ লৈ অসমত ভৰি দিলেহি। ১৮৩৬ চনৰ মাৰ্চ মাহত পোন প্ৰথমে ৰেভাৰেণ্ড নাথান ব্ৰাউন আৰু অট্টি কাট্টাৰ সপৰিয়ালে শদিয়া পাইদি। শদিয়াত ব্ৰাউন,কাট্টাৰ আৰু ব্ৰন্সনে ধৰ্ম প্ৰচাৰত আত্মনিয়োগ কৰে। পৰ্বতীয়া জাতিৰ মাজত ধৰ্মপ্ৰচাৰ সহজ নহব বুলি ভাবি ভৈয়ামৰ লোকৰ মাজত খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰিবলৈ সত্ৰ পাতে। 

             অসমৰ প্ৰচাৰ আৰম্ভ কৰোঁতে দেখা দিলে ভাষা সমস্যাই। তেওঁলোকে বঢ়িয়াকৈ বুজিছিল যে থলুৱা ভাষাত ধৰ্ম সম্পৰ্কীয় পুথি-পাঁজি প্ৰকাশ নকৰি বিদেশী বঙলা ভাষাৰ সহায় ললে উদ্দেশ্য সিদ্ধি নহয়। অথচ দেখা পালে যে মাতৃভাষা সলনি তেতিয়া পঢ়াশালি, আইন আদালতত আৰু শাসন ব্যৱস্থা সকলোতে বঙলাৰহে প্ৰচলন। বিদেশী আচহুৱা ভাষাৰ যোগেদি যে এটা জাতিক শিক্ষিত আৰু জ্ঞানী কৰি তুলিব নোৱাৰি সেই কথা মিছনেৰী সকলে বুজি পাইছিল। তেতিয়া পৰা তেওঁলোকে অসমীয়া ভাষাত বাইবেল পুথি অনুবাদ কৰিছিল। ১৮৪০ চনত শিবসাগৰত ছপাখনা বহুৱাই দুই এখনকৈ খ্ৰীষ্টান ধৰ্মপুস্তক কৰিবলৈ লয়। ৰবিন্সন চাহাবে বঙলা ভাষা আতৰাই অসমীয়া ভাষা পুনৰ প্ৰৱৰ্তনৰ প্ৰবল বাধা দিছিল।

                কেৱল অসমীয়া পুথি প্ৰণয়ন কৰিয়েই  মিছনেৰীসকল ক্ষান্ত থকা নাছিল। বঙলা ভাষাক অসমীয়া ওপৰত জাপি দি তেতিয়াৰ ইংৰাজ চৰকাৰে যি ভুল ভাষা নীতি লৈছিল তাৰ বিৰুদ্ধে এওঁলোকে যুদ্ধ দিছিল। কাগজে-পত্ৰই আৰু পদে-প্ৰমাণে চৰকাৰৰ ভূল নীতিৰ আঙুলীয়াই দিছিল।

        অৱশেষত ইংৰাজ চৰকাৰে নিজৰ ভূল বুজি পায় ১৮৭৩ চনত পঢ়াশালী আৰু আদালতত অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা কৰি ন্যায্য স্থান ঘূৰায় দিয়ে। সেই পঞ্চাছ বছৰ কালৰ ভিতৰত যি ভাষা আৰু সাহিত্য চৰ্চা হল সেয়েই আধুনিক অসমীয়া সাহিত্যৰ আধুনিকতা ভেটি স্থাপন কৰিলে।

২। অসমীয়া ভাষা-সাহিত্য জগতলৈ মিছনেৰীসকলৰ অৱদান সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ মিছনেৰীসকলে লুপ্ত প্ৰায় অসমীয়া ভাষা আৰু সাহিত্যত জীপ দি অকাল মৃত্যুৰপৰা ৰক্ষা কৰিলে বুলি ভুল নহব।

১) তেওঁলোকে ইংৰাজ গভৰ্ণমেন্টৰ লগত যুঁজ  দি অসমীয়া ভাষাক পঢ়াশালি আৰু আদালতত পুনৰ প্ৰতিষ্ঠা কৰাত সহায় কৰিলে। কলিকতাৰ সদৰ দেৱানী আদালতৰ জজ মোফাট মিলচ চাহাবৰ আগত এতলা দাখিল কৰোঁতে ৰবিন্সন চাহাবৰ অসমীয়া ভাষা বিৰোধী অভিমতৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনায় অসমীয়া ভাষাৰ স্বতন্ত্ৰতা প্ৰমাণ কৰোঁতে আৰু অসমীয়া জনসাধাৰণৰ উন্নতি যে মাতৃভাষা যোগেদি লাভ কৰা শিক্ষাৰপৰা হে  সম্ভৱ এই কথা পদে-প্ৰমাণে ব্যাখ্যা কৰোঁতে মিছনেৰী প্ৰচাৰক সকলে যি অহোপুৰুষাৰ্থ কৰিলে তাৰ কাৰণে অসমীয়া ভাষা-ভাষী তেওঁলোকৰ ওচৰত ঋণী।

২। ব্যাকৰণ, অভিধান আৰু পাঠ্যপুথি যুগুত কৰি সাহিত্যৰ ভেটি বান্ধিলে। অভিধান, ব্যাকৰণ আৰু পাঠ্যপুথি নহলে কোনো ভাষা আয়ত্ব কৰা আৰু সাহিত্য ৰচনা কৰা সম্ভৱ নহয়। অৱশ্যে এইবোৰ তেওঁলোকৰ নিজৰ সুবিধাৰ কাৰণে ৰচনা কৰিছিল। কিন্তু উদ্দেশ্য যিয়েই নাথাকক অসমীয়াৰ ভাষা যে প্ৰভূত উপকাৰ সাধিত হল সেই বিষয়ে সন্দেহৰ থল নাই। 

৩। এওঁলোকে অসমীয়া ভাষাত প্ৰথম আলোচনী-বাতৰি কাকত উলিয়াই চুকৰ ভেকুলী দৰে অসমীয়া মানুহক পাশ্চাত্য জগতৰ সন্ধান দিছিল। 

৪। পুৰণি জ্ঞান-বিজ্ঞানৰ আৰু বুৰঞ্জীৰ পুথি সংগ্ৰহ কৰি প্ৰকাশ কৰিছিল। পুৰণি পুথি সংগ্ৰহ আৰু সংৰক্ষণৰএয়ে প্ৰথম প্ৰচেষ্টা।

৫। পাদুৰীচাহাবসকলে অসমীয়াৰ ভাষাৰ শব্দাৱলীত বহুত পোহৰ দিলে। তেওঁলোকে ইংৰাজী শব্দৰ ভাবলৈ বহুত নতুন শব্দ সৃষ্টি কৰিলে আৰু অসমীয়া ভাষাৰ যিবোৰ মিঠা মিঠা শুৱলা শব্দ ব্যৱহাৰ নকৰাত মামৰ বন্ধ হৈছিল, সেইবোৰ শব্দ আকৌ ব্যৱহাৰৰ উপযুক্ত কৰিলে।

৬। তেওঁলোকে আমাৰ ভাষাক এটি সুৰ শিকাই গল। সেই সুৰটি আগেয়ে অসমীয়া ভাষাই নাজানিছিল।ই পাশ্চাত্য সাহিত্যৰ নিজা সম্পত্তি আৰু পাদুৰীচাহাবসকলে সাত সাগৰ তেৰ নদী পাৰ হৈ আহি ভাৰতবৰ্ষৰ ভাষাবোৰক শিকাই দিলেহি। বৰ্তমান যুগৰ ভাৰতবৰ্ষীয় আন আন সাহিত্যৰ দৰে অসমীয়া সাহিত্যৰো যতে টোকাৰ মাৰা এই বিলাতী সুৰটিৰ গুণ-গুণনি শুনিবলৈ পাবা। মিছনেৰীসকলৰ লেখলীৰ যোগেদিয়েই পাশ্চাত্যভাৱ ধাৰাই অসমীয়াত প্ৰথম প্ৰৱেশ কৰে। 

৭। এই মিছনেৰীসকলেই স্বনামধন্য আনন্দৰাম ঢেকিয়াল ফুকন, নিধিৰাম ফাৰৱেল, যদুৰাম ডেকাবৰুৱা, পূৰ্ণানন্দ বৰুৱা, গুণাভিৰাম বৰুৱা, বলৰাম ফুকন, কিনাৰাম সত্ৰিয়া আদি অসমীয়া দেশহিতৈষী ডেকাক সাহিত্যৰ ক্ষেত্ৰত আৰু অনুপ্ৰেৰণা দি অসমীয়া সাহিত্যৰ উন্নতিৰ পথ পৰিষ্কাৰ কৰি দিছিল।ঠায়ে ঠায়ে বিদ্যালয়  স্থাপন কৰি আৰু পঢ়োৱাৰ ব্যৱস্থা কৰি তেওঁলোকে শিক্ষা প্ৰসাৰত সহায় কৰিলে।  

চমুপ্ৰশ্নোত্তৰঃ 

১। প্ৰথম অসমীয়া বাইবেল কিমান চনত ছপা হৈ ওলাইছিল?

উত্তৰঃ প্ৰথম অসমীয়া বাইবেল ১৮১৩ চনত ছপা হৈ ওলাইছিল।

২। ভাৰতীয় সকলো স্থানীয় চৰকাৰে স্থানীয় মাতৃভাষা স্কুল আদালতত চলাব লাগে বুলি আইন কিমান চনত কৰা হৈছিল?

উত্তৰঃ ভাৰতীয় সকলো স্থানীয় চৰকাৰে স্থানীয় মাতৃভাষা স্কুল আদালতত চলাব লাগে বুলি আইন  ১৮৩৭ চনত কৰা হৈছিল।

৩। কল্কিপুৰাণ কোনে অসমীয়া পদলৈ অনুবাদ কৰে?  

উত্তৰঃ কল্কিপুৰাণ  ঘনশ্যাম খাৰঘৰীয়া ফুকনে অসমীয়া পদলৈ অনুবাদ কৰে।

৪। ধৰ্মপুৰাণ আৰু বিষ্ণু পুৰাণ অসমীয়া পদত কোনে ৰচনা কৰে?

উত্তৰঃ ধৰ্মপুৰাণ আৰু বিষ্ণু পুৰাণ অসমীয়া পদত পৰশুৰাম দ্বিজে ৰচনা কৰে।

৫। কলিভাৰত বুৰঞ্জী কোনে ৰচনা কৰিছিল?

উত্তৰঃ কলিভাৰত বুৰঞ্জী দুতিৰাম হাজৰিকাই ৰচনা কৰিছিল।

৬। অৰুনোদইত ছোৱা ছোৱাকৈ প্ৰকাশ হোৱা বুৰঞ্জীকেইখনৰ নাম কি?

উত্তৰঃ দেওধাই অসম বুৰঞ্জী, পুৰণি অসম বুৰঞ্জী, কামৰূপৰ বুৰঞ্জী।

৭। কিমান চনৰ পৰা কিমান চনলৈকে অসমৰ স্কুল আদালতত বঙলা ভাষা চলে?

উত্তৰঃ ১৮৩৬ ৰ পৰা ১৯৭২ চনলৈকে অসমৰ স্কুল আদালতত বঙলা ভাষা চলে।

৮। ''A Grammar of The Assamese Language" কোনে ৰচনা কৰে?

উত্তৰঃ ''A Grammar of The Assamese Language" ৰবিন্সনে ৰচনা কৰে।

৯। পদাৰ্থ-সাৰ নামৰ পুথিখন কোনে প্ৰণয়ন কৰিছিল?

উত্তৰঃ পদাৰ্থ-সাৰ নামৰ পুথিখন নিধিৰাম ফাৰৱেলে প্ৰণয়ন কৰিছিল ।

১০। ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল?

উত্তৰঃ ইয়াণ্ডাবু সন্ধি ১৮২৬ চনত হৈছিল।

১১। অসম কেতিয়া ইংৰাজ অধীন হয়?

উত্তৰঃ ১৮২৬ চনত ফেব্ৰুৱাৰী মাহক ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি অসম ইংৰাজ অধীনলৈ যায়।

১২। অৰুনোদই কাকত কিমান চনত প্ৰকাশ পায়?

উত্তৰঃ অৰুনোদই কাকত ১৮৪৬ চনত প্ৰকাশ পায়।

১৩। গুৱাহাটী ছেমিনাৰীৰ হেডমাষ্টাৰ কোন আছিল?

উত্তৰঃ গুৱাহাটী ছেমিনাৰীৰ হেডমাষ্টাৰ ৰবিন্সন চাহাব আছিল।

১৪। জাত্ৰিকৰ যাত্ৰা কোনে অনুবাদ কৰে?

উত্তৰঃ  জাত্ৰিকৰ যাত্ৰা নাথান ব্ৰাউনে অনুবাদ কৰে।

১৫। ফুলমণি আৰু কৰুণাৰ অনুবাদক কোন?

উত্তৰঃ ফুলমণি আৰু কৰুণাৰ অনুবাদক শ্ৰীমতী গাৰ্নি ।