Chapter: 4

পটভূমি, সাধাৰণ বৈশিষ্ট্য, বৈষ্ণৱ আৰু পাঁচালী ( শংকৰদেৱ, মাধৱদেৱ, ভট্টদেৱ, দুৰ্গাবৰ,সুকবি নাৰায়ণ দেৱ ) কবিসকল আৰু তেওঁলোকৰ সাহিত্যকৃতি।


১। মহাপুৰুষ শংকৰদেৱৰ নাটক কেইখনৰ নাম লিখা?

উত্তৰঃ পত্নীপ্ৰসাদ, কালিয়দমন, কেলিগোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ আৰু ৰামবিজয়।

২। মহাপুৰুষ শংকৰদেৱৰ অনন্য সৃষ্টি কি?

উত্তৰঃ তেওঁৰ ৰচিত বৰগীত সমূহ।

৩। অসমীয়া গদ্য সাহিত্যৰ পথ প্ৰদৰ্শক কাক কোৱা হয়?

উত্তৰঃ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য বা ভট্টদেৱ।

৪। ভট্টদেৱৰ পিতৃ নাম কি?

উত্তৰঃ চন্দ্ৰ ভাৰতী।

৫। ভট্টদেৱৰ জন্ম কোন শতাব্দীত হয়?

উত্তৰঃ খ্ৰীষ্টীয় ষোড়শ শতাব্দী ৰ মাজভাগত ১৫৮৮ চনত হয়।

৬। অসমত নৱ বৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোঁতা আৰু পথ-প্ৰদৰ্শক কোন?

উত্তৰঃ মহাপুৰুষ শংকৰদেৱ।

৭। মহাপুৰুষ শংকৰদেৱৰ আবিৰ্ভাৱ কেতিয়া হয়?

উত্তৰঃ ১৪৮৯ খৃষ্টাব্দত।

৮। মহাপুৰুষ শংকৰদেৱৰ প্ৰধান শিষ্য কোন?

উত্তৰঃ মহাপুৰুষ মাধৱ দেৱ।

৯। বৈষ্ণৱ সাহিত্য এটা বৈশিষ্ট্য লিখা?

উত্তৰঃ সাৰ্বজনীনতা।

১০।মহাপুৰুষ শংকৰদেৱে প্ৰথমতে কিমান বৰগীত ৰচনা কৰিছিল?

উত্তৰঃ বাৰ কুৰি।

১১। বৰ্তমান শংকৰদেৱৰ বৰগীত কিমানটা পোৱা যায়?

উত্তৰঃ ৩৪ টা।

১২। শংকৰদেৱে কাৰ টোলত পঢ়িছিল?

উত্তৰঃ মহেন্দ্ৰ কন্দলীৰ টোলত।

১৩। বৈষ্ণৱ ধৰ্মৰ চাৰিবস্তু কি কি ?

উত্তৰঃ নাম , দেউ, গুৰু আৰু ভকত।

১৪। ভট্টদেৱে কাৰ ওচৰত শৰণ লৈছিল?

উত্তৰঃ দামোদৰ দেৱৰ ওচৰত।

১৫। কথা ভাগৱত কোনে ৰচনা কৰিছিল?

উত্তৰঃ ভট্টদেৱে।

১৬। কাৰ উপদেশ মতে ভট্টদেৱে কথা ভাগৱত ৰচনা কৰিছিল?

উত্তৰঃ গুৰু দামোদৰদেৱৰ।

১৭। ভট্টদেৱে সংস্কৃত  ভাষাত লিখা গ্ৰন্থ দুখনৰ নাম লিখা?

উত্তৰঃ ভক্তিসাৰ আৰু ভক্তিবিবেক।

১৮। ভট্টদেৱে কথাভাগৱত কেতিয়া ৰচনা কৰিছিল?

উত্তৰঃ ষোড়শ শতিকাৰ  শেষ দশকত।

১৯। ভট্টদেৱে কথা গীতাত কেইটা আৰু কি কি টীকাৰ আলোচনা কৰিছিল?

উত্তৰঃ চাৰিটা। সেয়া হল- শঙ্কৰী, ভাস্কৰী, দামোদৰী আৰু শ্ৰীধৰী টীকা।

২০। ভট্টদেৱে স্থাপন কৰাৰ সত্ৰ দুখন কি কি?

উত্তৰঃ পাটবাউসী আৰু ব্যাসকুছি সত্ৰ।

২১। ভট্টদেৱৰ গ্ৰন্থতিনিখনৰ নাম লিখা?

উত্তৰঃ কথাভাগৱত, কথাগীতা আৰু কথাৰত্নাৱলী।

২২। ভট্টদেৱ গদ্যৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা?

উত্তৰঃ ১) ভট্টদেৱৰ গদ্যত ব্যৱহৃত বাক্যবোৰ চুটি, চুটি ২) ত ৎসম, তদ্ভৱ শব্দৰ অধিক প্ৰয়োগ।

২৩। নামঘোষা দাৰ্শনিক ভিত্তি কি?

উত্তৰঃ নামঘোষা দাৰ্শনিক ভিত্তি বেদান্ত। ভাগৱত পুৰাণ হল সমস্ত বেদান্তসাৰ।         

২৪। ভট্টদেৱৰ প্ৰকৃত নাম কি?

উত্তৰঃ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য।

২৫। অসমীয়া গদ্য-সাহিত্যৰ  জন্মদাতা কোন?

উত্তৰঃ ভট্টদেৱ।

২৬। পাঁচালী সাহিত্যৰ আন এটা নাম কি?

২৭। পাঁচালী শব্দটো কৰ পৰা আহিছে?

উত্তৰঃ সংস্কৃত ্পাঞ্চালিকা বা পাঞ্চালী শব্দৰ পৰা আহিছে।

২৮। শংকৰদেৱৰ ৰচনাৱলীৰ তাৰিখৰ তাৰিখ নিৰুপনৰ ক্ষেত্ৰত একমাত্ৰ বাহ্য প্ৰমাণ কি?

উত্তৰঃ গুৰু চৰিত। 

২৯। গুৰু ভটিমা প্ৰৱৰ্তক কোন?

উত্তৰঃ মাধৱদেৱ।

৩০। মধ্য অসমৰ কোনখিনি অঞ্চল কছাৰী ৰজাই আক্ৰমণ কৰিছিল?

৩১। অসমীয়া ভাষাত ৰচনা কৰা এখন হৰণ কাব্যৰ নাম লিখা?

উত্তৰ-ঃ ৰুক্মিণি হৰণ।

৩২। নামঘোষাত কিমানটা ঘোষা আছে। ইয়াক কিয় হেজাৰী ঘোষা বোলা হয়?

উত্তৰঃ নামঘোষাত এহাজাৰ এটা ঘোষা আছে।

                        নামঘোষাত মুঠ এহাজাৰ এটা ঘোষা সন্নিবিষ্ট হৈছে কাৰণে হেজাৰী ঘোষা বোলা হয়।

৩৩। শংকৰদেৱৰ বৰগীতত কি কি দুটা ভাৱৰ প্ৰয়োগ দেখা যায়?

উত্তৰঃ আধ্যাত্মিক ভাৱ আৰু ভক্তি ভাৱ।

৩৪। গুণমালা কি ছন্দত ৰচিত? ইয়াৰ কিমানটা পদ আছে?

উত্তৰঃ গুণমালা ছয় আখৰীয়া কুসুমমালা ছন্দত ৰচিত।

                ইয়াত ৩৩৭ টা পদ আছে।

৩৫। দুগৰাকী পাঁচালী কবিৰ নাম লিখা?

উত্তৰঃ মনকৰ আৰু দুৰ্গাবৰ।

৩৬। বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা গৰাকী নাম কি?

উত্তৰঃ শ্ৰীমন্ত  শংকৰদেৱ।

৩৭। শংকৰদেৱৰ প্ৰথম কাব্যগ্ৰন্থখনৰ নাম কি?

উত্তৰঃ হৰিচন্দ্ৰ উপাখ্যান।

৩৮।শংকৰদেৱ ৰচিত প্ৰথম নাটখনৰ নাম কি?

উত্তৰঃ পত্নীপ্ৰসাদ।

৩৯। গুণমালা কি ছন্দত ৰচিত?

উত্তৰঃ ছয় অক্ষৰযুক্ত কুসুমমালা ছন্দত ৰচিত।

৪০। শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?

উত্তৰঃ কীৰ্তন।

৪১। ভটিমা কি?

উত্তৰঃ ভটিমা হৈছে স্তুতি বা প্ৰসস্তিমূলক গীত।

৪২। মাধৱ দেৱৰ ৰচিত পূৰ্ণাংগ নাটখনৰ নাম কি?

উত্তৰঃ অৰ্জুন-ভঞ্জন। 

৪৩। নামঘোষা কাৰ ৰচনা?

উত্তৰঃ শ্ৰী শ্ৰী মাধৱদেৱৰ।

৪৪। ৰাজসূয় কাব্যৰ ৰচক কোন?

উত্তৰঃ মাধৱদেৱৰ।

৪৫। সুকনান্নী বুলিলে কি বুজা?

উত্তৰঃ সুকনান্নী হৈছে সুকবি নাৰায়ণৰ নামনি অসমৰ সৰ্বসাধাৰণ লোকৰ মুখত পৰি হোৱা এটা সংক্ষিপ্ত ৰুপ।

    সুকবি নাৰায়ণৰ লগত বিশেষণ অৰ্থত ঈ লগ লাগি সুকবি নাৰায়ণী হৈছে।  তাৰে সু, কবিৰৰ ক, আৰু নাৰায়ণী ৰ নান্নী লগ লাগি সুকনান্নী ৰুপ সৃষ্টি হৈছে।

৪৬। দুৰ্গাবৰ কায়স্থৰ সাহিত্যৰ চমু পৰিচয় দিয়া?

উত্তৰঃ দুৰ্গাবৰ কায়স্থ দেৱে  দুখন কাব্য ৰচনা  কৰিছে। সেইকেইখন হৈছে গীতি-ৰামায়ণ আৰু মনসা কাব্য।

দুৰ্গাবৰ বিৰচিত গীতি-ৰামায়ণৰ চাৰিটা কাণ্ডহে বৰ্তমানলৈ  পোৱা গৈছে।অৰণ্য কাণ্ড, কিষ্কিন্ধ্যা কাণ্ড, সুন্দৰা কাণ্ড আৰু লংকা কাণ্ড।

দুৰ্গাবৰ ৰচিত আন এখনি কাব্য হল- মনসা কাব্য। এই কাব্য খনত তেওঁ মনসা বা পদ্মা দেৱীৰ মাহাত্ম্য বৰ্ণনা কৰিছে। বিবিধ ৰাগ আৰু ওজাপালিয়ে গাব পৰাকৈ এই কাব্যখন ৰচনা কৰা কাৰণেও দুৰ্গাবৰ পাচাঁলী কবি। এইখন কাব্য দুৰ্গাবৰ মৌলিক ৰচনা।

৪৭। অংকীয়া নাটৰ বৈশিষ্ট্য লিখা?

উত্তৰঃ অংকীয়া নাটৰ বৈশিষ্ট্য হল- ক) সূত্ৰধাৰৰ প্ৰাধান্য, খ) গীত-শ্লোক আৰু পয়াৰৰ ব্যৱহাৰ, গ) ব্ৰজাৱলী ভাষা প্ৰয়োগ আৰু ঘ) লয়যুক্ত গদ্য আৰু স্পন্দিত ব্যৱহাৰ।

৪৮। শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতৰ তুলমামূলক আলোচনা আগবঢ়োৱা।

উত্তৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীত সমূহ পৰ্যালোচনা কৰিলে দেখা যায় যে দুয়োগৰাকী গীতিকাৰে ভাৰতীয় ৰাগ সংগীতৰ আৰ্হিত ভগৱান শ্ৰীকৃষ্ণ ঐশ্বৰিক লীলা সম্পকীয় আধ্যাত্মিক ভাৱবোৰক ভিত্তি কৰি গীতবোৰ ৰচনা কৰিছে। অৱশ্যে গীতিকাৰৰ উদ্দেশ্যৰ মাজত ঐক্য থাকিলেও ৰচনাৰীতি আৰু প্ৰকাশ ভংগীৰ মাজত কিছু পাৰ্থক্য দেখা যায়।

শংকৰদেৱৰ গীতসমূহ প্ৰধানকৈ প্ৰাৰ্থনাসূচক বা বন্দনামূলক আৰু উপদেশ মূলক। এওঁ গীতসমূহত শ্ৰীকৃষ্ণ আৰু ৰামৰ ঐশ্বৰিক ৰুপটো গীতৰ মাজেদি প্ৰকাশ কৰিছে। আনহাতে মাধৱ দেৱৰ গীত সমূহত শ্ৰীকৃষ্ণ শিশুকালৰ ৰুপটো বৰ্ণনা কৰিছে।

শংকৰদেৱৰ গীতসমূহত কৃষ্ণৰ ঐশ্বৰ, মহত্ব, আৰু পৰমপুৰুষত্ব কথাত ৰচনা কৰিছে। আনহাতে মাধৱদেৱৰ গীতসমূহ বাৎসল্য,সখা, আৰু দাস্যৰ ভক্তিৰ ওপৰত গুৰুত্ব দি ৰচনা কৰিছে।এওঁ গীত সমূহত বালকৃষ্ণৰ চুৰি-চাতুৰি, নৃত্য,জাগৰণ আৰু চলনৰ ৰুপ প্ৰাধান্য লাভ কৰিছে।

মহাপুৰুষ শংকৰদেৱৰ যিখিনি বৰগীত প্ৰচলিত আছে সেইবোৰ বেছিভাগ পাৰমাৰ্থিকত্ত্ব আৰু সংসাৰৰ প্ৰতি বিৰক্তি ভাৱ প্ৰকাশ পাইছে। জীৱন ক্ষণস্থায়ী দুৰ্লভ। এই দুৰ্লভ আৰু ক্ষণণস্থায়ী জীৱন সাৰ্থক কৰিবলৈ একমাত্ৰ উপায় হৈছে হৰিভক্তি। চঞ্চল মনৰ অধীন ইন্দ্ৰিয় বৰ্গই সংসাৰৰ সমুদ্ৰত জীৱনক লটি-ঘটি কৰি মাৰে হৰিক আশ্ৰয় কৰি জীৱই সংসাৰ সাগৰ পাৰ হবলৈ সক্ষম হয়। এইবোৰ শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য। আনহাতে মাধৱদেৱৰ বৰগীত সমূহ ভক্তিপ্ৰাণৰ মৰ্মস্পশী প্ৰকাশ। তেওঁ গীতসমূহ হৰিভক্তিৰ মোহাচ্ছন্ন জীৱন সমুদ্ৰত ধ্ৰুৱতৰা, এয়ে নানা ভাৱ আৰু ভাষাত সাধাৰণ তাৎপৰ্য। তেওঁ গীতবোৰত শিশু চৰিত্ৰ অভিব্যক্তি,বৰ্ণনা সজীবতা, ভাষাৰ মাধুৰ্য আৰু হৰিপ্ৰাণৰ উচ্ছাস আৰু হৃদয়ৰ কুতি অতি সাৰ্থক ভাৱে প্ৰকাশ পাইছে। 

৪৯। কীৰ্তন ঘোষাক কিয় শংকৰদেৱৰ শ্ৰেষ্ঠ ৰচনা বুলি কোৱা হৈছে।

উত্তৰঃ কীৰ্তন হৈছে মহাপুৰুষৰ কবিত্ব প্ৰতিভাৰ শ্ৰেষ্ঠ নিৰ্দশন, বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভভ। কম পৰিসতে একোটা আখ্যান বা ঘটনা পৰ্যাপ্ত ভাৱে পাঠক বা শ্ৰোতাৰ হৃদয় সংবাদী কৰি তোলাত শংকৰদেৱৰ প্ৰধান কৃতিত্ব। ৯ বিধ ভক্তিৰ ভিতৰত শংকৰী ধৰ্মত শ্ৰৱন আৰু কীৰ্তনৰ সুবিধাৰ কাৰণেই অৰ্থাৎ নাম প্ৰসংগৰ উপযোগী কৰি ঘোষা আৰু পদ সহ এই কীৰ্তন গ্ৰন্থ ৰচনা কৰে।

মহাপুৰুষ শংকৰদেৱে কীৰ্তন গ্ৰন্থখনৰ খণ্ড ভাগৱত পুৰাণৰ পৰা সংগ্ৰহ কৰে। শংকৰদেৱৰ কীৰ্তনত সন্নিবিষ্ট হোৱা সকলো খণ্ড একেলগ কৰি এথন গ্ৰন্থৰুপে প্ৰচাৰ হোৱা নাছিল, ইয়াৰ বিভিন্ন অংশ স্বতন্ত্ৰ পুথিৰুপে বেলেগ বেলেগ ঠাইত প্ৰচলিত আছিল।

বিষয়বস্তু মনোৰম প্ৰকাশে ছন্দৰ বৈচিত্ৰ আৰু লালিত্যই, ভাৱ উজ্জীৱিত কৰিব পৰা উপযুক্ত শব্দ ব্যৱহাৰে আৰু সকলোৰে ওপৰত ভক্তিৰ মধু প্ৰলেপে কীৰ্তন খনক লৰা, ডেকা আৰু বুঢ়া সকলো শ্ৰেণী লোকৰ প্ৰিয় কৰি তুলিছে।সেই কাৰণে এজন বিশিষ্ট লেখকে লিখিছে – প্ৰহ্লাদৰ নিৰ্মল ভকতি, হিৰণ্যকশিপু অগ্নিসম ক্ৰোধ, স্তম্ভ পৰা ওলোৱা নৰসিংহ ভৈৰৱ, মূৰ্তি, গ্ৰাহৰ যুজঁত গজেন্দ্ৰৰ স্তুতি, উদ্ভৱক নীৰলে মাতি নি ব্ৰজনাৰীসকলে শ্ৰীকৃষ্ণ বাতৰি সোধা, শ্ৰীকৃষ্ণ বৈকুণ্ঠ প্ৰয়াণৰ সময়ত উদ্ধৱৰ শোক বহ্নি আৰু মনৰ ব্যাকুলতা, ব্যাধৰ কাকূতি-মিনতি, দ্বাৰকাৰত যদূকূল ধ্বংস হোৱাত সাগৰৰ পাৰত নাৰীৰ সকলৰ হৃদয় বিদাৰক বিননি আদি কিমান আছে কৈ শেষ কৰিব নোৱাৰি। কীৰ্তনত হৰ্ষবিষাদ, প্ৰেম-বিৰহ, ক্ৰোধ, ক্ষমতা আদিয়ে জুমুৰি পাতিছে, ইয়াত নৱৰসৰ মিলন হৈছে।এনেবোৰ কাৰণত শংকৰদেৱৰ কীৰ্তন গ্ৰন্থক শ্ৰেষ্ঠ ৰচনা বুলি কৈছে।


৫০। ভট্টদেৱৰ গদ্যৰীতি সম্পৰ্কে লিখা?

উত্তৰঃ অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱে যি সময়ত  গদ্যত পুথি ৰচনা কৰিছিল সেই সময়ত অৰ্থাৎ ষোড়শ শতিকাৰ শেষ ভাগতো পদ্যতে সাহিত্য ৰচনা দস্তুৰ আছিল। মহাপুৰুষ শংকৰদেৱৰ নাট সমূহত গদ্যৰ নমুনা পোৱা যায় যদিও সেই গদ্য অসমীয়া নহয়, সেয়া হল ব্ৰজাৱলী গদ্য। লগতে সেই গদ্যত ছন্দৰ প্ৰভাৱো আছে। ভট্টদেৱে কথা ভাগৱত আৰু কথা গীতা ৰচনা  কৰোতে সম্পূৰ্ণৰুপে কথিত ভাষা গ্ৰহণ কৰা নাই। কাৰণ, তেওঁ অনুবাদ কৰা পুথি কেইখন আধ্যাত্মিক তত্ত্বপ্ৰধান আৰু বৈষ্ণৱ সমাজৰ শীৰ্ষস্থানীয়। গতিকে গ্ৰন্থ কেইখনৰ ভাষা কথিত ভাষা হলে তাৰ পৱিত্ৰতা ৰক্ষিত নহব। সেইবুলি সেই গদ্যৰ মাজত ঘৰুৱা শব্দৰ প্ৰয়োগ  যে হোৱা নাই এনে নহয়। লগতে সংস্কৃত ভাষাত বিশেষ ব্যুৎপত্তি থকা পণ্ডিত গৰাকীয়ে সংস্কৃতৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণৰুপে মুক্ত হব পাৰিব বুলি আশা কৰাটোও যুগুত নহয়। মুঠতে ভট্টদেৱে সকলো কথা চিন্তা কৰি নিশ্চয় একপ্ৰকাৰৰ গদ্য সৃষ্টি কৰি লৈছিল।ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্য তলত উল্লেখ কৰা হল-

১। পূৰ্বকবিসকলৰ দৰে ভট্টদেৱেও পঞ্চমী বিভক্তিৰ চিন হন্তে আৰু ৰ ৰ ব্যৱহাৰ কৰিছে, যেনে-  তুমাৰ দৈৱকীত হন্তে কিছু ভয় নাই, তাৰ পুত্ৰ হন্তেসে হৈৱ, মহাক্ৰোধে আসনৰ উঠি ইত্যাদি।

২। ঠাই বিশেষে আধুনিক অসমীয়া দৰে পঞ্চমী বিভক্তিৰ চিন পৰা ব্যৱহাৰ কৰিছে, যেনে- গৰ্বপৰ্বতৰ পৰা ইন্দ্ৰক নমাইতে।

৩। তৃতীয় বিভক্তিৰ চিন এ ব্যৱহাৰ কৰিছে,- এক হস্তে অংগ ঢাকিঃ এক হস্তে প্ৰণামিলা ।

৪। নঞাৰ্থক ন ৰ ব্যৱহাৰ ভট্টদেৱে আকাৰ নথকাকৈ আৰু আকাৰৰ সংযোগ কৰিও কৰিছে, যেনে- নযাই, নপাৰি, নজানো, নাথাকে, নাজানিলো ইত্যাদি।

৫। নামধাতুৰ প্ৰয়োগ ভট্টদেৱে যথাযথ ভাৱে কৰিছে, যেনে- শ্ৰীধৰ টীকামতে কথা নিবন্ধিবো,  নৈবেদ্যক জিহ্বায়ে আস্বাদিলা ইত্যাদি।

৬। তৎসম আৰু তদ্ভৱ শব্দৰ প্ৰয়োগত ভট্টদেৱে সমতা ৰক্ষা কৰিছে।

৭। ভট্টদেৱৰ ৰচনাৰ বাক্যৰ বোৰ চুটি চুটি। একোটি বাক্যতে ভালেখিনি কথা সুমুৱাই ৰাখিব পৰা শক্তি আছে।

এনেদৰে চালে দেখা যায় যে ভট্টদেৱে অসমীয়া গদ্যক গধূৰ ভাৱ প্ৰকাশৰ বাহনৰুপে প্ৰয়োগ কৰি অসমীয়া ভাষাক যি মৰ্যাদা প্ৰদান কৰিলে তাৰবাবে তেওঁ বিশেষ স্থান পাইছে।


৫১। শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য কি কি উপায় অৱলম্ৱন কৰিছিল?

উত্তৰঃ  প্ৰথমে শিষ্য-প্ৰশিষ্য সহায়ত দেশৰ বিভিন্ন ঠাইত সত্ৰ নামঘৰ স্থাপন কৰিছিল আৰু দ্বিতীয়তে নানা প্ৰকাৰৰ বৈষ্ণৱ ধৰ্ম বিষয়ক গ্ৰন্থ ৰচনা কৰিছিল।

৫৩। গঠণ বা ৰচনা ৰীতি অনুসৰি বৈষ্ণৱ সাহিত্যিক কেইটা শ্ৰেণীত ভগাব পাৰি আৰু কি কি ?

উত্তৰঃ গঠন বা ৰচনা ৰীতি অনুসৰি বৈষ্ণৱ সাহিত্যিক ছয়টা ভাগত ভগাব পাৰি।

সেই কেইটা হল-

ক) অনুবাদমূলকগ্ৰন্থ

খ) কাব্য

গ) নাটক

ঘ) গীত আৰু ভটিমা

ঙ) গদ্য আৰু 

চ) চৰিত পুথি



Type- Geetanjali Bora