Chapter: 4

১৬ শতিকাৰ সংস্কাৰ: উৎস আৰু প্ৰভাৱ



অতি চমু প্ৰশ্ন

১। সংস্কাৰ আন্দোলন কাক কয় ?

উত্তৰঃ গীৰ্জা আৰু লুথাৰপন্থীলোকসকলৰ মাজত ধৰ্মক লৈ যি বাদানুবাদৰ সৃষ্টি হৈছিল তাকে সংস্কাৰ আন্দোলন বুলি কোৱা হয়।


২। ৰোমান কেথলিক গীৰ্জাৰ মূৰব্বীক কি কোৱা হয়?

উত্তৰঃ ৰোমান কেথলিক গীৰ্জাৰ মূৰব্বীক পোপ বুলি  কোৱা হয়।


৩। মাৰ্টিন লুথাৰে কিমান চনত জন্ম গ্ৰহণ কৰিছিল?

উত্তৰঃ মাৰ্টিন লুথাৰে ১৪৬৩ চনৰ ১০ নবেম্বৰত জন্ম গ্ৰহণ কৰিছিল।

৪। কোন চনত প্ৰটেষ্টান্ট ধৰ্মসংস্কাৰ আন্দোলন আনুষ্ঠানিকভাৱে সূচনা হৈছিল?

উত্তৰঃ ১৬ আৰু ১৭ শতিকাৰ প্ৰথমভাগত প্ৰটেষ্টান্ট ধৰ্মসংস্কাৰ আন্দোলন আনুষ্ঠানিকভাৱে সূচনা কৰা হৈছিল।


৫। ইণ্ডালজেন্স  কি?

উত্তৰঃ ইণ্ডালজেন্স  হল পাপ মোচনৰ প্ৰমাণ পত্ৰ।


৬। ইণ্ডালজেন্সক কিয় বিক্ৰীৰ দিহা কৰা হৈছিল?

উত্তৰঃ পোপ দ্বিতীয় জুলিয়াছৰ শাসনকালত ছেইন্ট পিটাৰ গীৰ্জাৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বৰঙণি দিয়াৰ বিনিময়ত ইণ্ডালজেনেসক বিক্ৰীৰ দিহা কৰা হৈছিল।


৭। জাৰ্মানীৰ বাহিৰত প্ৰটেষ্টান্ট আন্দোলনক কি নামেৰে জানিছিল?

উত্তৰঃ জাৰ্মানীৰ বাহিৰত প্ৰটেষ্টান্ট আন্দোলনক  এভানজেলিকল নামেৰে জানিছিল।


৮। ৱৰমছৰ ডায়েট বা সভাত কোনে সভাপতিত্ব কৰিছিল?

উত্তৰঃ ৱৰমছৰ ডায়েট বা সভাতৰোমান সাম্ৰাজ্যৰ পঞ্চম চাৰ্লছে  সভাপতিত্ব কৰিছিল।


৮। মাৰ্টিন লুথাৰৰ এজন প্ৰধান  সমৰ্থক  জাৰ্মান নগৰ ৰাষ্ট্ৰৰ মূৰব্বীৰ নাম কোৱা।

উত্তৰঃ জ'ডকাচ ট্টুটফেট্টাৰ


১০। প্ৰটেষ্টান্ট আন্দোলনৰ দ্বিতীয় প্ৰজন্মৰ প্ৰধান নেতাজনৰ নাম কি?

উত্তৰঃ জন কেলভিন।


১১। জন কেলভিন কোন দেশৰ নাগৰিক আছিল ?

উত্তৰঃ জন কেলভিন উত্তৰ ফ্ৰান্পৰ নাগৰিক আছিল।


১২। কেলভিনৰ  অনুগতসকলক কি নামেৰে জনা য়ায?

উত্তৰঃ কেলভিনৰ অনুগতসকলক কেলভিনপন্থী নামেৰে  জনা যায়।


১৩। কেলভিনৰ পত্নীৰ নাম কি ?

উত্তৰঃ আইডেলেট্ট দি বুৰে।


১৪। উলৰিচ জুইংলি কোন?

উত্তৰঃ উলৰিচ জুইংলি হল  ধৰ্ম সংস্কাৰ আন্দোলনৰ এজন নেতা।


১৫।  জুইংলিৰ আন্দোলনৰ মূল কেন্দ্ৰ চহৰখনৰ নাম লিখা।

উত্তৰঃ জুইংলিৰ আন্দোলনৰ মূল কেন্দ্ৰ চহৰখনৰ নাম হল জুৰিক।


১৬। উগ্ৰ সংস্কাৰ আন্দোলনৰ জন্মৰ প্ৰধান কাৰণ কি আছিল?

উত্তৰঃ ইউৰোপত সংঘটিত হোৱা অন্যায়-দুৰ্নীতিয়ে হল উগ্ৰ সংস্কাৰ আন্দোলনৰ জন্মৰ প্ৰধান কাৰণ।


১৭। এনাবেপ্তিষ্ট  কি?

উত্তৰঃ এনাবেপ্তিষ্ট হল খ্ৰীষ্টান ধৰ্মৰ আন্দোলন।


১৮। নান্টছ ৰাজাজ্ঞা  কিমান চনত  ঘোষণা কৰা হৈছিল?

উত্তৰঃ ১৫৯৮ চনৰ ১৩ এপ্ৰিলত নান্টছ ৰাজাজ্ঞা ঘোষণা কৰা হৈছিল।


১৯। ফ্ৰান্সৰ  সৰ্বোচ্চ কেথলিক গিৰ্জাক কি নামেৰে  মতা হয়?

উত্তৰঃ গ'লিকান গিৰ্জা নামেৰে জনা যায়।


২০।  ইংলেণ্ডত কেলভিনপন্থীসকলক কি নামেৰে জনা যায়?

উত্তৰঃ ইংলেণ্ডত কেলভিনপন্থীসকলক পিউৰিটান নামেৰে জনা যায়।


২১। ইংলেণ্ডৰ  অন্তিম  কেথলিক আৰ্কবিছপগৰাকীৰ নাম কি?

 উত্তৰঃ ইংলেণ্ডৰ অন্তিম কেথলিক আৰ্কবিছপগৰাকীৰ নাম হল ৰেগিনাল্ড প'ল।


২২। ট্ৰেন্ট  পৰিষদৰ সভা  কোনে   আহ্বান  কৰিছিল?

উত্তৰঃ পোপ প'লে ট্ৰেন্ট  পৰিষদৰ সভা আহ্বান কৰিছিল।


২৩। টেৰেছা অভিলা  কোন?

উত্তৰঃ টেৰেছা অভিলা আছিল কেথলিক ধৰ্ম গহণ  কৰা এগৰাকী শিক্ষিত মহিলা।

২৪। জেছুইট সমাজৰ প্ৰতিষ্ঠাতা  কোন?

উত্তৰঃ জেছুিট সমাজৰ প্ৰতিষ্ঠাতা হল ইগনেছাছ লয়লা।


চমু উত্তৰ দিয়া ঃ

১। দুজন সংস্কাৰবাদী ধৰ্ম  প্ৰচাৰকৰ নাম লিখা।

উত্তৰঃ দুজন সংস্কাৰবাদী ধৰ্ম প্ৰচাৰকৰ নাম হল

ক) মাৰ্টিন লুথাৰ

খ) জন কেলভিন


২। মাৰ্টিন লুথাৰৰ  জীৱনত বিশেষ প্ৰভাৱ পেলোৱা তেওঁৰ শিক্ষাগুৰু দুগৰাকীৰ নাম  কি?

উত্তৰঃ মাৰ্টিন লুথাৰৰ জীৱনত বিশেষ প্ৰভাৱ পেলোৱা তেওঁৰ  শিক্ষাগুৰু  দুগৰাকীৰ নাম হল

ক) বাৰ্থ'ল'মাইউচ  এৰনলিদ ভ'ন  উচিনজেন

খ) জ'ড'কাছ  ট্ৰুটফেট্টাৰ


৩। মাৰ্টিন লুথাৰক কিয়,  কিমান চনত কেথলিক ধৰ্মৰ পৰা বহিস্কাৰ কৰা হৈছিল?


উত্তৰঃ মাৰ্টিন লুথাৰে এখন পত্ৰত ৯৫ টা যুক্তিসহ আৰু ৪১ টা বাক্য লিখিছিল। আৰু সেই ৮৫ টা যুক্তি আৰু ৪১ টা বাক্য ১৫১৭ চনৰ ডিচেম্বৰ মাহত তেওঁৰ পত্ৰ আৰু যুক্তিখিনি ৰোমৰ পোপলৈ প্ৰেৰণ কৰে। পোপ লিওই খুৱ সাৱধানে আৰু লাহে-লাহে এই ঘটনাৰ ওপৰত ব্যৱস্থা লব আগবাঢ়ি আহিল। কিন্ত পিছৰ তিনিবছৰত লুখাৰৰ বিৰুদ্ধে আৰু বহুতসংখ্যক কেখলিক শাস্ত্ৰ আৰু দুত নিয়োগ কৰিছিল। কিন্ত পোপৰ এই কাৰ্যব্যৱস্থাৰ ফলত প্ৰটেষ্টান্টসকলক অধিক পোপ বিৰোধী হৈ পৰিছিল।

কিন্ত লুথাৰৰ লগত এক বুজা-বুজিলৈ অহাৰ সকলো চেষ্টা বিফল হোৱাৰ পিছত ১৫২০ চনৰ ১৫ জুনত পোপ দশম লিএৱে এক অধ্যাদেশ লুথাৰক জনাই দিলে তেওঁ লিখা পত্ৰখনত ৯৫ টা যুক্তিসহ ৪১ টা বাক্য ৬০ দিনৰ ভিতৰত উঠাই নলয় তেনেহলে তেওঁক খ্ৰীষ্টান ধৰ্মৰ পৰা বহিস্কাৰ কৰা হব। লুথাৰে বহুতসংখ্যক প্ৰভাৱশালী ব্যক্তি আৰু জনসাধাৰণৰ প্ৰভুত সমৰ্থন পাইছিল।

সেয়েহে তেওঁ এই অধ্যদেশখন মানি লবলৈ টান পাইছিল। সেইকাৰণে তেওঁক ১৫২১ চনৰ ৩ জানুৱাৰীত ৰোমৰ পোপ দশম লিওৱে  কেথলিক ধৰ্মৰ পৰা বহিস্কাৰ কৰি দিছিল।

৪। বেপ্তিষ্টকৰণ  মানে কি?

উত্তৰঃ বেপ্তিষ্টকৰণ মানে হল খ্ৰীষ্টান ধৰ্মৰ এটা প্ৰধান লীতি বিধান।


৫। ফৰাচী যুদ্ধ কেতিয়াৰ পৰা কিমানলৈ হৈছিল?

উত্তৰঃ ফৰাচী যুদ্ধ ১৫৬২ চনৰ পৰা ১৫৯৮ চনলৈ হৈছিল।


৬। ইংলেণ্ডৰ দুখন বিখ্যাত বিশ্ববিদ্যালয়ৰ নাম লিখা।

উত্তৰঃ ইংলেণ্ডৰ দুখন বিখ্যাত বিশ্ববিদ্যালয়ৰ নাম হল

ক) কেম্ব্ৰীজ বিশ্ববিদ্যালয়

খ)  অক্সফৰ্ড  বিশ্ববিদ্যালয়


৭। কোনে কাক  ধৰ্ম ৰক্ষক ুউপাধি প্ৰদান কৰিছিল।

উত্তৰঃ পোপ দশম লিওৱে ৰজা অষ্টম হেনৰীৰ কাৰ্যত সন্তষ্ট হৈ  তেঁওক ধৰ্ম ৰক্ষক উপাধি প্ৰদান কৰিছিল।


৮। ৰাণী প্ৰথম মেৰীক কিয় ৰক্তপিপাসু  মেৰী আখ্যা দিয়া হৈছিল?

উত্তৰঃ ৰাণী প্ৰথম এলিজাবেথে ইংলেণ্ডৰ প্ৰটেষ্টান্টপন্থীসকলৰ  মাজত বহুতো কাল-ধুমুহা নমাই আনিছিল।  হাজাৰ হাজাৰ প্ৰটেষ্টান্টপন্থীক জীয়াই জলাই মাৰিছিল সেইকাৰণে তেঁওক ৰক্তপিপাসু মেৰী  বুলি কোৱা হয়।


৯। পোপে ৰাণী এলিজাবেথক কিয় খ্ৰীষ্টান ধৰ্মৰ পৰা বহিস্কাৰ কৰিছিল?

উত্তৰঃ ৰোমৰ পোপ পঞ্চম পিয়াছে ১৫৭০ চনত ৰোমান কেথলিক গিৰ্জাবিৰোধী কাম কৰা আৰু ইংলেণ্ডৰ কেথলিকসকলক অত্যচাৰ কৰা বুলি অভিযোগ আনি ৰাণী এলিজাবেথক খ্ৰীষ্টান ধৰ্মৰ পৰা বহিস্কাৰ কৰিছিল।


১০। সংস্কাৰবিৰোধী আন্দোলন মানে কি বুজা?

উত্তৰঃ ১৬ আৰু ১৭ শতিকাৰ প্ৰথমভাগত প্ৰটেষ্টান্ট ধৰ্ম সংস্কাৰ আন্দোলনৰ বিৰোধিতা আৰু আভ্যন্তৰীণ সংস্কাৰৰ উদ্দেশ্য পোপ নেতৃত্বধীন ৰোমান কেথলিক গিৰ্জা আৰু কেথলিক ধৰ্মৰ অনুগামীসকলে গঢ়ি তোলা আন্দোলনটোকেই সংস্কাৰবিৰোধী আন্দোলন বুলি কোৱা হয়।


চমু টোকাঃ

১। কেথলিক ৰীতিমতে পালন কৰিবলগীয়া  সাতটা নিয়ম 

উত্তৰঃ কেথলিক ৰীতিমতে পালন কৰিবলগা হোৱা সাতটা লিয়ম হল

প্ৰথমতে, ধৰ্মীয় সত্যৰ সম্বন্ধে দুয়োপক্ষৰ বিৰোধ আছিল। কেথলিকসকলৰ মতে বহু পূৰ্বৰে ৰোমান গিৰ্জাৰ পোপ আৰু তেঁওৰ পৰিষদ হল খ্ৰীষ্টান ধৰ্মীয় সত্যৰ মূল উৎস। আনহাতে লুথাৰ আৰু আন আন ধৰ্ম সংস্কাৰকৰ একমাত্ৰ বাইবেল হল খ্ৰীষ্টান ধৰ্মৰ মূল উৎস।

দ্বিতীয়তে, কেথলিকসকলৰ মতে ভগবান আৰু সাধৰণ মানুহৰ মাজৰ অনিবাৰ্য মধ্যস্থতাকাৰী হল গিৰ্জা। বিশেষকৈ অবিবাহিতক খ্ৰীষ্টান পুৰোহিতে ভগৱান আৰু সাধাৰণ মানুহৰ মাজত বিশেষ মধ্যস্থতাকাৰী ভূমিকা লৱ পাৰে।

তৃতীয়তে, কেথলিক ধৰ্মমতে স্বৰ্গীয় আশীৰ্বাদ পাবলৈ হলে কিছুমান  ধৰ্মীয় ৰীতি-নীতি, পৰম্পৰা পালন কৰা উচিত। কেথলিক গিৰ্জাৰ মতে,

ক) বেপ্তিজিম

খ) নিশ্চিতকৰণ বা অনুমোদন

গ) স্বীকাৰোক্তি

ঘ) ঐক্য

ঙ) বিবাহ

চ) পুৰোহিতালি

ছ) আধ্যাত্মিক  একতা 

২। পোপ দশম লিও

উত্তৰঃ পোপ দশম লিও  হল এজন ৰোমান সাম্ৰাজ্যৰ শাসক ।  পবিত্ৰ ৰোমান সাম্ৰাজ্য শাসন কৰা ১৪ জন শাসকৰ ভিতৰত পোপ দশম লিও  অন্যতম । পোপ দশম লিওৰ শাসনকালতে মাৰ্টিন লুথাৰ নামৰ  এজন সংস্কাৰবাদী ধৰ্ম প্ৰচাৰকক গিৰ্জাৰ পৰা বাহিৰ কৰি দিয়া হৈছিল  ।

৩।  ৯৫ টা যুক্তি 

উত্তৰঃ  অৰ্থলোভী আৰু বিলাসপ্ৰিয় পোপ দশম লিওয়ে চেন্ট পিটাৰচবাৰ্গৰ  গীৰ্জাঘৰটো জাকজমকীয়াকৈ  নিৰ্মাণ কৰিবলৈ ধনৰ প্ৰয়োজন হোৱাত  তেঁও উক্ত ধন  সংগ্ৰহ কৰিবৰ বাবে এজন যাজক ( ট্ৰেজেলক)  কিছুমান পাপমোচন  পত্ৰ লৈ জাৰ্মানীত জনসাধাৰণৰ মাজত বিক্ৰী  কৰিবলৈ পঠাইছিল । ট্ৰেজেলে বিভিন্ন ঠাইত পত্ৰ বিক্ৰী কৰি উইটেনবাৰ্গ বিশ্ববিদ্যালয়ত উপস্থিত হৈছিল । সেই সময়ত বিশ্ববিদ্যালয়ৰ  ধৰ্ম  শাস্ত্ৰৰ অধ্যাপক  আছিল মাৰ্টিন  লুথাৰ ।

লুথাৰে এই পত্ৰ বিক্ৰীৰ তীব্ৰ প্ৰতিবাদ কৰি ৯৫ টা  যুক্তিৰ  দফাৰ এখন ফলক বিশ্ববিদ্যালয়ৰ সন্মুখত 

আৰি দিলে । আৰু ট্ৰজেলক কমেই  এই দফাসমূহৰ ব্যাখ্যা দিবলৈ  অনুৰোধ কৰিবলৈ, যদিহে এই দফাসমূহ ট্ৰেজেলে  খণ্জন কৰিব পাৰে, তেতিয়াহে তেওঁ  পাপমোচন প্ত্ৰ বিক্ৰী কৰিব পাৰিব । মাৰ্টিন লুথাৰৰ  এই ৯৫ টা যুক্তিৰ লিখনিকেই  ৯৫ টা যুক্তি বুলি কোৱা হয় ।

৪। মাৰ্টিন লুথাৰৰ বৈবাহিক জীৱন 

উত্তৰঃ মাৰ্টিন লুথাৰ খ্ৰীষ্টান ধৰ্মৰ আগাষ্টিয়ান গোটৰ এজন সন্ন্যাসী আছিল ।  তেওঁ  খ্ৰীষ্টান পৰম্পৰা নামানি ১৫২৫ চনত কাথাৰিনা ভ'ন ব'ৰা নামৰ খ্ৰীষ্টান  সন্ন্যাসিনী জীৱন পৰিত্যাগ কৰি উইটেনবাৰ্গত ভগনীয়া হিচাপে আশ্ৰয় লৈ থকা মহিলা এগৰাকীক বিবাহ কৰায়  ।   এইদৰে কেথলিক ধৰ্ম নীতি-নিয়ম ভংগ কৰি বিবাহপাশত আৱদ্ধ হোৱা লুথাৰ আৰু তেঁঁওৰ পত্নীয়ে তেঁওলোকৰ বৈবাহিক জীৱনত ছটাকৈ সন্তানৰ জন্ম  দিছিল ।

৫।  লুথাৰপন্থী আৰু কেলভিনপন্থীৰ  মাজত প্ৰভেদ 

উত্তৰঃ  লুথাৰপন্থীসকলৰ  মতে সকলো মানুদে নিজে আন কাৰোৰ পৰা সহয় নোলোৱাকৈ  ভগৱানক উপলব্ধি কৰিব পাৰে ।  যাজক শ্ৰেণীয়ে ভক্তসকলক  এক ধৰ্মীয় জীৱন যাপন কৰাত  সহায় কৰিব পাৰে । কিন্ত তেঁওলোকে সাধাৰণ মানুহৰ দৰে  জীৱন-যাপন কৰিব লাগে ।  লুথাৰপন্থীসকলে যাজকক বিবাহ-বাৰু কৰাই  গৃহস্থী জীৱন কটাৱ উৎসাহ  দিছিল ।

কেলভিনপন্থীসকলৰ মূল ধৰ্মমতক সংক্ষিপ্ত  ৰুপত টুলিপ  অৰ্থাৎ T.U.L.I.P. বুলি কোৱা হয়  । ূ  অৰ্থাৎ সম্পূৰ্ণ  দুৰাচাৰ  ইয়াৰ অৰ্থ হল সকলো মানুহ পাপী আৰু জন্মগতভাৱে প্ৰাকৃতিক  পাপী  মন লৈ আহে । জন্মৰ সময়ৰে পৰা সকলো মানুহ সম্পূৰ্ণভাৱে   পাপী ।    U  অৰ্থাৎ  চৰ্তহীন  নিৰ্বাচন -  ইয়াৰ অৰ্থ হল  সকলো মানুহৰে ব্যক্তিগত ভাগ্য  সম্পূৰ্ণভাৱে ভগৱানে নিৰ্ধাৰণ কৰে ।  গতিকে কোনো মানুহে ভগবানে তেঁওক পচন্দ কৰে নে নকৰে শেষ সময়লৈ জানিব নোৱাৰে । 

৬। উইংলিৰ ৬৭ টা মতবাদ

উত্তৰঃ   ১৫১৯ চনৰ  জুৰিক চহৰৰ এজন সহকাৰী যাজক হিচাপে নিযুক্তি লাভ কৰে   আৰু চহৰখনত সূচনা কৰা সংস্কাৰসমূহত  একাংশ বিছপৰ  বিৰোধিতা কৰা স্বতেও  জনসাধাৰণৰ সদায় াৰু আৰু সমৰ্থন লাভ কৰিছিল  ।    জুইংলিয়ে  বাইবেলৰ জৰিয়তে বৈপ্লৱিক পদ্ধতিৰে প্ৰভূ যিশুৰ বাণী শিকোৱাৰ  এক নতুন পদ্ধতি উদ্ভাৱন কৰিছিল ।  ১৫১৯ চনত বাইবেলৰ দ্বিতীয়  খণ্ড নিউ টেষ্টামেন্টৰ বাণী মেথিউৰ  সুবিচাৰ জৰিয়তে তেঁও প্ৰচাৰ ব্যৱস্থা কৰে ।

মেথিউ আছিল  প্ৰভূ যীশুৰ  এজন শিষ্য । ১৫২৩ চনত জুইংলিউ ৬৭ টা  অনুচছেদ নামেৰে তেঁওৰ ৬৭ টা আদৰ্শ  প্ৰকাশ  কৰে । 

৭। টমাচ মুন্টজাৰ

উত্তৰঃ  জাৰ্মান উগ্ৰ সংস্কাৰক  মুন্টজাৰে মাৰ্টিন লুথাৰৰ সামাজিক আৰু ৰাজনৈতিক কৰ্তৃপক্ষৰ ওচৰত 

নিজকে সমৰ্পণ কৰা  আৰু তেঁওলোকৰ লগত সহযোগেৰে চলা ধাৰণাৰ ঘোৰ বিৰোধিতা কৰিছিল ।   তেঁও বিশ্বাস কৰিছিল লুথাৰে তেঁওৰ  সংস্কাৰৰ আচনি  আধাতে বন্ধ কৰিছে ।  তদুপৰি  একমাত্ৰ সংস্কাৰেৰে সমাজৰ পৰিবৰ্তন সম্ভৱ নহয়  ।  মুন্টজাৰৰ মতে  সমাজখনো সংস্কাৰ কৰিব লাগিব আৰু অভিজাত আৰু ৰাজকীয়  বিষয়াসকলে ভোগ কৰা  বিশেষ সা-সুবিধাবোৰৰ অৱসান ঘটাই তেঁওলোকৰ অতিৰিক্ত সম্পদবোৰ  সকলো জনসাধাৰণৰ মাজত বিলাই দিব লাগে ।

৮।  অনাবেপ্তিষ্ট  আন্দোলনৰ মূল মতসমূহ 

উত্তৰঃ  এনাবেপ্তিষ্ট হল এক ধৰ্ম আন্দোলন  । এনাবেপ্তিষ্টৰ অৰ্থ হল পুনৰ বেপ্তিষ্ট কৰা ।   এই ধৰ্ম আন্দোলনৰ গুৰিতে আছিল ১৬ শতিকাত ৰোমান কেথলিক গিৰ্জা আৰু  ধৰ্ম সংস্কাৰ আন্দোলনৰ কিছু বছৰৰ পিছত একাংশ লোকে খ্ৰীষ্টান ধৰ্ম ৰীতি-নীতি , নিয়ম পৰম্পৰাৰ ব্যাপক আৰু ক্ষিপ্ৰ সংস্কাৰৰ দাবীৰে আৰম্ভ কৰা এক উগ্ৰ সংস্কাৰ আন্দোলন  । ৰোমান কেথলিক ধৰ্মৰ এক প্ৰধান ৰীতি হল বেপ্তিষ্টকৰণ  । এই ৰীতি মতে খ্ৰীষ্টান মাক-দেউতাক ে তেঁওৰ শিশু সন্তানক এদিন গিৰ্জালৈ লৈ গৈ গিৰ্জাৰ যাজকৰ দ্বাৰা শিশুটিৰ কপালত নাইবা গোটেই শৰীৰত গিৰ্জাৰ পবিত্ৰ পানী সানি দি, গাত ছটিয়াই দি আনুষ্ঠানিকভাৱে  গিৰ্জা আৰু খ্ৰীষ্টান ধৰ্মত আদৰি লয়  ।


কিন্ত  এইবোৰ ৰীতি-নীতি  উগ্ৰ সংস্কাৰবাদীসকলে  এই নীতি নিয়মৰ বিৰোধ কৰি যুক্তি দিছিল যে শিশুসকল নিৰ্বোধ তেঁওলোকক নজনাকৈ খ্ৰীষ্টান ধৰ্মত অন্তৰ্ভূক্ত  কৰাটো বাইবেলত প্ৰকাশ পোৱাটো  চিন্তাধাৰাৰ  বিপৰীত । সেয়েহে উপযুক্ত চিন্তা-চৰ্চা কৰিব পৰা প্ৰাপ্তবয়স্ক লোককহে বেপ্তিষ্ট কৰাটো বিধানসন্মত  ।  গতিকে 

যিসকল  লোকক  শিশুকালত তেঁওলোকৰ অজ্ঞাতে  বেপ্তিষ্ট কৰা হৈছিল  । অৰ্থাৎ খ্ৰীষ্টান কৰা হৈছিল তেঁওলোকক  পুনৰ অবেপ্তিষ্ট  কৰিব লাগে । ইয়াকে অএনাবেপ্তিষ্ট বোলে অৰ্থাৎ যি পুনৰ বেপ্তিষ্ট হল 

যিসকল লোকো সম্পূৰ্ণ জ্ঞাতসাৰে নিজৰ পাপ কৰ্মৰ বাবে অনুতপ্ত হয় আৰু নিজৰ ভূল সংশোধন  কৰে আৰু তেঁওলোকৰ ভূলৰ বাবে যীশু মৃত্যুবৰণ কৰিবলগীয়া  হৈছিল বুলি ধৰি লৈ প্ৰভূ  যীশুক তেঁওলোকক আদৰি লব অনুৰোধ জনাই, তেতিয়া তেঁওলোকক খ্ৰীষ্টান ধৰ্মত আদৰি লোৱা হৱ অৰ্থাৎ বেপ্তিষ্ট কা হব । কোনো শিশুকে বেপ্তিষ্ট কৰা নহব ।

৯। নান্টছ ৰাজাজ্ঞা, ১৫৯৮

উত্তৰঃ ১৫৯৮ চনৰ ১৩ এপ্ৰিলত ফ্ৰান্সৰ ৰজা চতুৰ্থ হেনৰীয়ে নান্টছ ৰাজাজ্ঞাৰ জৰিয়তে ৰোমান কেথলিক আৰু হিউগনটসকলৰ  মাজত চলা  তীব্ৰ ধৰ্মযুদ্ধৰ সাময়িকভাৱে  অন্ত পেলাইছিল ।  ইয়াত কোৱা হয় যে  ফ্ৰান্সত বুৰবন বংশৰ প্ৰতিষ্ঠাতা কৰা হেনৰী জীৱনৰ আৰম্ভণিতে এজন প্ৰটেষ্টান্ট ধৰ্মৰ লোক আছিল ।  পিছত তেংও কেথলিক ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল । নান্টছ ৰাজাজ্ঞাৰ জৰিয়তে হিউগনচসকলক  ফ্ৰান্সৰ সকলো ঠাইত  ব্যক্তিগতভাৱে আৰু ৰাজহুৱাভাৱে ২০০ খন নগৰ আৰু প্ৰচেষ্টান্ট ভূ-মালিকৰ প্ৰশাসনীয় এলেকা উপাসনা কৰাৰ অনুমতি দিছিল  । তেঁওলোকক আন আন জনসাধাৰণৰ দৰে উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি আহৰণ, বাণিজ্য কৰা, স্কুল -বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা,  চিকিৎসা কৰাকে ধৰি সকলো সা-সুবিধা প্ৰদান কৰা হৈছিল ।  

১০। ৰজা চতুৰ্দশ লুইৰ হিউগনট অত্যাচাৰ

উত্তৰঃ ১৬৩৮ চনত চফ্তুৰান্ৰ্দসৰ শ লুই ফ্ৰান্সৰ ৰজা হয় ।  ৭২ বছৰ ১১০ দিন ফ্ৰান্স শাসন  কৰা ৰজা লুই আছিল ইউৰোপ একমাত্ৰ সাৰ্বভৌম শাসক--- যিয়ে ইমান দীঘলীয়াকৈ দেশ শাসন কৰিছিল  । এজন গোড়া  কেথলিকপন্থী ৰজা লুয়ে ফ্ৰান্সৰ গলিকান কেথলিক গিৰ্জাৰ 

অধীনত দেশৰ সকলো ধৰ্মৰ প্ৰজাকে একত্ৰিত হবলৈ নিৰ্দেশ  দিছিল ।  ফ্ৰান্সৰ দক্ষিণ আৰু পশ্চিম অঞ্চলত ভালেসংখ্যক হিউগনট বাস কৰিছিল । ১৬ শতিকাৰ মাজভাগত  ফ্ৰান্সৰ  মুঠ জনসংখ্যাৰ ১০ শতাংশ লোক হিউগনট আছিল । সমাজত হিউগনটসকলৰ ক্ৰমাৎ প্ৰতিপত্তি বৃদ্ধি পোৱাত আৰু তেঁওলোকে কেলৱভিন নেতৃত্বাধীন প্ৰটেষ্টান্ট ধৰ্ম-ৰীতি কঠোৰভাৱে মানি চলাৰ বাবে কেথলিক চৰকাৰ আৰু গিৰ্জা উভয়ে হিউগলটসকলৰ প্ৰতি অসহিষ্ণু হৈ উঠে । ইয়াৰ ফলত উভয় পক্ষৰ  মাজত এলানি ধৰ্মীয় যুদ্ধ সংঘটিত হৈছিল । ১৫৬২ চনৰ পৰা ১৫৯৮ চনলৈ এই অত্যচাৰ চলি থাকিল ।

এই দীঘলীয়া যুদ্ধৰ সময়ছোৱাত হিংসা, দুৰ্ভিক্ষ, আৰু বিভিীন্ন ৰোগত আক্ৰান্ত হৈ প্ৰায় তিনি নিযুত লোকৰ মৃত্যু হৈছিল । এইৰোপীয় ইতিহাসত ধৰ্মীয় মতানৈক্য লৈ ইমান মানুহৰ মৃত্যু  হোৱা দ্বিতীয়খন সৰ্ববৃহৎ ধৰ্মযুদ্ধ আছিল । কিন্ত ফ্ৰান্সৰ ৰজা  চতুদৰ্শ  লুইৱে হিউগনটসকলক বহুত বেয়াকৈ অত্যচাৰ কৰিছিল  

১১। ট্ৰেন্ট পৰিষদ

উত্তৰঃ লুথাৰপন্থীসকলৰ হাতৰ পৰা কেথলিক ধৰ্মক ৰক্ষা কৰিবলৈ হলে প্ৰটেষ্টান্টসকলৰ  বিৰুদ্ধেও একে ধৰণে  প্ৰতিৰোধ আন্দোলন কৰিব লাগিব,  কেথলিক ধৰ্মৰ দুৰ্বলতাসমূহ  আঁতৰাব লাগিব ।  এই বিষয়ক লৈ বিভিন্ন কেথলিক ধৰ্মগুৰুৰ মাজত মতানৈক্য আছিল অৱশেষত পোপ তৃতীয় পলে ১৫৩৪ চনত দায়িত্বভাৰ  লৈ  সকলোৱে  এক কৰি বুজাব সক্ষম হৈছিল যে খ্ৰীষ্টচান ঐক্য আৰু গিৰ্জাৰ কাৰ্যকৰী সংস্কাৰ একমাত্ৰ পৰিষদৰ সভা আহ্বান কৰিহে সম্ভৱ হব ।সেথলিক গিৰ্জাৰ সন্মুখত এখন সভা অনুষ্ঠিত কৰা হৈছিল  তাকে ট্ৰেন্ট পৰিষদ  বুলি কোৱা হয় । পোপ পলে সভা অনুষ্ঠিত কৰা প্ৰথমজন সংস্কাৰবিৰোধী আন্দোলনৰ প্ৰথম পোপ হিচাপে খ্যাতি 

অৰ্জন কৰিছিল আৰু এই পৰিষদখনক  ট্ৰেন্ট পৰিষদ নামেৰে জনা যায় । 

ট্ৰেন্ট পৰিষদৰ সভা তিনিটা খণ্ডত অনুষ্ঠিত হৈছিল আৰু মুঠ ২৫ খন সভা অনুষ্ঠিত হৈছিল ।

১২। জেছাছৰ সমাজ

উত্তৰঃ  কেথলিক গিৰ্জাৰ সংস্থাপনত আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰে জেছাছৰ সমাজে  । এই অনুষ্ঠানৰ প্ৰতিষ্ঠাপক আছিল ইগনেছাছ  লয়লা নামৰ  স্পেইন দেশৰ এজন  সৈনিক ।  তেও যুদ্ধত  আহত হৈ বিছনা পাৰি থকা অৱস্থাত  কেথলিক ধৰ্মৰ .শিকনিসমূতহে তেঁওৰ মনত গভীৰ ৰেখাপাত কৰিছিল ।

তেঁও কেনেকৈ অধ্যাত্মিক চৰ্চাৰ  যোগেদি প্ৰভূ যীশুৰ ওচৰ চাপিব পাৰি তাকে চিন্তা কৰিছিল । 

১৫৩৯ চনত লয়লাই তেওৰ প্ৰস্তিৱিত সংগঠনটোৰ সুচুৰা প্ৰকাশ কৰে  ।  পোপ তৃতীয় পলে ১৫৪০ চনৰ ২৭ ডিচেম্বৰত লয়লাৰ অনুষ্ঠানটোক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰে  ।

ৰচনাধৰ্মী প্ৰশ্ন

১। মাৰ্টিন লুথাৰৰ জীৱন আৰু কাৰ্যাৱলীৰ ওপৰত চমুকৈ  লিখা ।

উত্তৰঃ ইছলেদেন নামৰ এখন সৰু চহৰত ১৪৮৩ চনৰ ১০ নবেম্বৰত মাৰ্টিন লুথাৰে জন্ম প্ৰহণ  কৰিছিল । তেঁওৰ দেউতাকৰ নাম আছিল  হানছ লুথাৰ আৰু মাকৰ নাম আছিল মাৰ্গাৰেথ লুথাৰ ।  মাক বাপেকৰ জেষ্ঠ সন্তান লুথাৰৰ  কেবাজন ভাই আৰু কেবাগৰাকী ভনীয়েক আছিল ।

১৫০১ চনত ১৭ বছৰ বয়সত তেঁও জাৰ্মানীৰ আফ্ৰট বিশ্ববিদ্যালত অধ্যয়ন কৰিবলৈ  গৈছিল । আৰু ১৫০৫ চনত  এই বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী আহৰণ কৰে । ইয়াৰ পিছত দেউতাকৰ ইচ্ছা অনুসৰি  আইন অধ্যয়ন কৰিবলৈ লয় যদিও আইন  ভাল নলগাত ধৰ্ম আৰু দৰ্শন  অধ্যয়ন কৰিবলৈ লয় । 

লুথাৰে  শিকাইছিল  যে মৃত্যুৰ পিছত লাভ কৰা মোক্ষ জীৱনকালত  

কোনো ভাল কামৰ বাবে লাভ নকৰে । তাতকৈ যীশুখ্ৰীষ্টক পোপ মোচকৰুপে বিশ্বাস কৰাৰ ফলস্বৰুপে ইশ্বৰে উপহাৰ হিচাপে আত্মাৰ মুক্তি দিয়ে  ।  তেঁও পোপ  আৰু তেঁওৰ বাহিনীৰ ধৰ্মীয়  কতৃত্বক প্ৰত্যাহবান জনাইছিল ।

তেঁও ঘোষণা কৰিছিল  যে স্বৰ্গীয়  জ্ঞান লাভৰ  একমাত্ৰ উৎস হল বাইবেল । তেঁও খ্ৰীষ্টান পুৰোহিতসকলে ভগৱান যীশুখ্ৰীষ্ট  আৰু সাধাৰণ মানুহৰ মাজৰ  মধ্যস্থতাকাৰী বা যোগাযোগকাৰীৰ ভূমিকাক ঘোৰ বিৰোধ কৰিছিল ।  মাৰ্টিন লুথাৰে তেঁওৰ   কেইজনমান  সহযোগীৰ সৈতে  ১৫২২ চনত নিউ টেষ্টামেন্টখনৰ প্ৰথম প্ৰকাশ কৰে  ।   আৰু পুৰণি নতুন টেষ্টামেন্টখন সম্পূৰ্ণ ৰুপত জাৰ্মান ভাষাৰ মৰ্যাদা  বহু ওপৰলৈ তুলি নিছিল  ।

ইয়াৰ ওপৰত ভিত্তি কৰি পিছলৈ আৰু বিভিন্ন গ্ৰন্থ অনুবাদ কৰা নতুন নতুন  শৈলী উদ্ভাৱন কৰা হৈছিল ।

মাৰ্টিন লুথাৰৰ অনুগামীসকলক লুথাৰপন্থী নামেৰে  জনা গৈছিল । লুথাৰৰ এই অনুবাদৰ প্ৰেৰণাস্বৰুপে  কিছু সময় পিছত  বাইবেলখন  ইংৰাজীলৈ অনুবাদ কৰা হৈছিল ।

২। জন কেলভিনৰ জীৱন আৰু কাৰ্যৱলীৰ ওপৰত চমুকৈ লিখা ।

উত্তৰঃ ১৫০৯ চনৰ ১০ জুলাইত উত্তৰ ফ্ৰান্সৰ  পিকাৰ্ডি অঞ্চলৰ ন'য়'ন চহৰত এক মধ্যবিত্ত পৰিয়ালত  জন কেলভিনৰ জন্ম হয়  ।

স্থানীয় গিৰ্জাৰ এজন সাধাৰণ বিছপ দেউতাকে ১৫২৩ চনত ফ্ৰান্সৰ  পেৰিচ বিশ্ববিদ্যালয়ত  কেলভিনক পুৰোহিতালিৰ  ওপৰত শিক্ষা গ্ৰহণ কৰিব পঠাইছিল । কিন্তু কিছুদিন পিছত কেলভিনে পুৰোহিতালিৰ সলনি আইন বিষয়ত অধ্যয়ন কৰিব মনস্থ কৰে ।

সেয়েহে  তেঁও ১৫২৮ চনৰ পৰা ১৫৩১ চনলৈকৈ মধ্য ফ্ৰান্সৰ বৰগেছ চহৰত ওৰলিআনছ আৰু বৰগেছ স্কুলত আইন অধ্যয়ন কৰিব লয় ।

ইয়াৰ পিছত তেঁও পেৰিছলৈ ঘুৰি  আহে । এই সময়ছোৱাতে  তেঁও নৱজাগৰণে সৃষ্টি কৰা মানৱতাবাদী শিক্ষাৰ প্ৰতি  হেপাহ হোৱাৰ উপৰিও সেই সময়ত ওলন্দাচ দাৰ্শনিক আৰু খ্ৰীষ্টান ধৰ্মংৰ বিশেষজ্ঞ পণ্ডিত  ডেচিডেৰিয়াছ ইৰাছমাছ আৰু ফৰাচী ধৰ্মশাস্ত্ৰজ্ঞ আধ্যাত্মিক পণ্ডিত আৰু মানৱতাছাত্ৰ আন্দোলনে তেঁওক আকৰ্ষিত কৰিছিল ।

১৫৩৩ চনৰ শেষভাগত  কেলভিনে ফ্ৰান্সত থাকি তেঁওৰ কাৰ্যকলাপ চলাই নিয়া অসম্ভৱ হয়  ।  কাৰণ ফ্ৰান্সৰ  কেথলিক ধৰ্মৰ প্ৰধান পৃষ্ঠপোষক  চৰকাৰে তেঁওক প্ৰটেষ্টান্ট ধৰ্মৰ প্ৰসাৰ আৰু প্ৰচাৰ  কৰা কাৰ্য কঠোৰভাৱে ৰোধ কৰা সিদ্ধান্ত কৰিছিল  ।  সেয়েহে ফ্ৰান্সত সংঘটিত হোৱা ভয়ানক প্ৰটেষ্টান্টবিৰোধী  হিংসাৰ পিছত যত বহুতো লোকৰ মৃত্যু হৈছিল  । 

জন কেলভিনে ছুইজাৰলেণ্ডৰ বছেল চহৰলৈ  পলাই যায় । ইয়াতে তেঁও তেওৰ  বিখ্যাত গ্ৰন্থ  ইনষ্টিটিউটছ  অৱ দা  খ্ৰীষ্টান 

 ৰিলিজিয়ন 'ৰ প্ৰথম সংস্কৰণটো প্ৰকাশ কৰিছিল । সেইবছৰে অৰ্থাৎ ১৫৩৬ চনত ছুইজাৰলেণ্ডৰ আন এখন প্ৰখ্যাত চহৰ জেনেভালৈ যায়  আৰু চহৰখনৰ আৱাসীসকলে  তেঁওৰ পূৰ্বৰ সুনামৰ বাবে  জেনেভাত প্ৰটেষ্টান্ট ধৰ্মক  পুনৰ সু-সংগঠিত আৰু সংস্কাৰ কৰিবলৈ  হেচা প্ৰয়োগ কৰিছিল  । কেলভিনে জেনেভাত থকা আন এজন ফৰাচী সংস্কাৰক গুইল্লাউমে ফৰেলৰ  লগ হৈ সংস্কাৰ কাৰ্যসূচী ৰুপায়ণ  কৰিছিল  ।

৩। উলৰিচ জুইংলিৰ জীৱন আৰু কাৰ্যৱলীৰ ওপৰত চমুকৈ লিখা ।

উত্তৰঃ ১৪৮৪ চনৰ ১ জানুৱাৰীত ছুইজাৰলেণ্ডৰ উত্তৰ-পূবত অৱস্থিত উইলধাউচ নামৰ এখন গাঁৱত এক কৃষক পৰিয়ালত ইলৰিচ জুইংলিৰ  জন্ম হয়  ।  তেঁওৰ পিতৃৰ নাম আছিল  জহানন উলৰিচ জুইংলি আৰু মাতৃৰ নাম আছিল  মাৰ্গাৰেথা জুইংলি  । তেঁও নৱজাগৰণৰ মানৱতাবাদী শিক্ষাৰ প্ৰধান কেন্দ্ৰ অষ্টিয়াৰ ভিয়েনা বিশ্ববিদ্যালয় আৰু ছুইজাৰলেণ্ডৰ  বাছেল বিশ্ববিদ্যালয়ৰ শিক্ষা  লাভ কৰে  ।  শিক্ষা সমাপ্তি  কৰাৰ পিছত ৰোমান কেথলিক গিৰ্জাৰ পৰা পুৰোহিত  বা গুৰু হোৱাৰ যোগ্যতা  অৰ্জন কৰিছিল  ।  আৰু তেঁওৰ শৈশৱ কালৰ গ্লাৰুচদ গিৰ্জাত পেষ্টোৰ  পদত নিযুক্ত হৈছিল ।  নিজকে এজন সফল পেষ্টোৰ বা ধৰ্মীয়  মাগদৰ্শক ৰুপে প্ৰতিষ্ঠা লাভ  কৰাৰ উপৰিও  এই সময়ছোৱাত  নিজৰ অধ্যয়ন অব্যাহত ৰাখি গ্ৰীক আৰু হীব্ৰু   ভাষা শিকে  আৰু পূৰ্বৰ গিৰ্জাৰ  প্ৰভাৱশালী যাজকসকলৰ  জীৱনৰ বিষয়ে অধ্যয়ন কৰে । তেঁওৰ নৱজাগৰণ আন্দোলনৰ প্ৰতি  সহানুভূতিশীল  ডাটচ দাৰ্শনিক  আৰু খ্ৰীষ্টান  পণ্ডিত ইৰাচমাচৰ লগত যোগাযোগ  ৰাখিছিল ।  উলৰিচ  জুইংলিৰ জুৰিক চহৰৰ এজন সহকাৰী যাজক হিচাপে  নিযুক্তি  লাব কৰে  আৰু চহৰখনত সূচনা কৰা  সংস্কাৰসমূহত একাংশ  বিছপৰ  বিৰোধিতা কৰা স্বতেো  জনসাধাৰণৰ সহায আৰু সমৰ্থন লৱাভ কৰিছিল  ।  

জুইংলিয়ে বাইবেলৰ  জৰিয়তে বৈপ্লৱিক পদ্ধতিৰে  প্ৰভূ  যীশুৰ বাণী শিকোৱাৰ এক নতুন পদ্ধতি  উদ্ভাৱন কৰিছিল  ।

১৫২৩ চনত জুইংলিো ৬৭ টা অনুচ্ছেদ নামেৰে  তেঁওৰ ৬৭ টা আদৰ্শ প্ৰকাশ কৰে  ।  তেওঁৰ  এই আদৰ্শত বহুতো মধ্যযুগীয়া বিশ্বাস  যেনে - বাধ্যতামূলক উপবাস বা ব্ৰত, যাজক  শ্ৰেণী সংসাৰী  জীৱনৰ পৰা আতৰত  থকা,  প্ৰায়চিত্তমূলক বা  অভিযোগ মোচন কৰা ,  দল বা সমষ্টি  আৰু পুৰোহিত  ধ্যানত বহা আদি কৰ্ম কাণ্ডৰ  ঘোৰ  বিৰোধিতা কৰিছিল  ।

তেঁও আশা কৰিছিল যে  এনে ধৰণৰ বিতৰ্কই চহৰ মানুহৰ  মানসিক বৌদ্ধিক উৎসৰ্গ  আনিব আৰু ভগৱানৰ  প্ৰতি প্ৰেম  ভাৱ জন্মাৰ । 

১৫২৫  চনৰ পৰা জুইংলিয়ে  মতানৈক্যৰ  বাবে  ছুইজাৰলেণ্ডৰ  ভিতৰত  আৰু  দেশৰ  বাহিৰত  লুথাৰপন্থীৰ বিৰোধিতাৰ  বাবে নিজ কাৰ্যসূচী  ভালদৰে  আগুৱাই নিব পৰা নাছিল  ।

 আনকি জুৰিক চহৰতে  একাংশ  উগ্ৰ গোটে  জুইংলিয়ে  গিৰ্জা আৰু যাজকৰ  সমৰ্থনৰ বাবে  মুঠ ৰাজহ  এক দশমাংশ  ৰাজহ  আদায় দিয়া পদ্ধতিৰ  অৱসান ঘটাই  ৰাষ্ট্ৰৰ লগত সম্পৰ্ক  বিচছন্ন  কৰাৰ ধাৰণা  ঘোৰ  বিৰোধিতা কৰিছিল  । 

কেনেকৈ জনসাধাৰণৰ লগত  সম্পৰ্ক  ৰক্ষা কৰা  হব   সেই বিষয়টোক  লৈ জুইংলিৰ  লগত মাৰ্টিন লুথাৰৰ  লগত  তীব্ৰ   মতানৈক্য   হয়  । উল্লেখযোগ্য  সংস্কাৰ  আন্দোলনৰ  আগশাৰীৰ  নেতা  দুগৰাকী  প্ৰায় সমসাময়িক আছিল  ।

দুয়োগৰাকী  নেতাই  যীশুৰ মৃত্যুৰ লগত জড়িত ব্ৰেড  আৰু সুৰা পবিত্ৰ  কৰি আৰু পান কৰি  প্ৰভূ যীশুৰ মৃত্যুদিন  পালন কৰা উৎসৱৰ বিৰোধী  আছিল  ।

৪।  ইংলেণ্ডৰ ৰজা অষ্টম হেনৰীৰ  লগত  ৰোমান কেথলিক  গিৰ্জাৰ সম্পৰ্ক  বিশেষভাৱে  উল্লেখ কৰি   তেঁওৰ   ধৰ্মীয়  নীতি আলোচনা  কৰা  ।

উত্তৰঃ  ৰজা সপ্তম হেনৰীৰ দৰে তেওৰ পুত্ৰ অষ্টম  হেনৰী  ৰাজত্বৰ  আৰম্ভণিতে এজন  নৈষ্ঠিক  ৰোমান কেথলিক আছিল তেঁও মাৰ্টন লুথাৰে ৰোমান  গিৰ্জাৰ বিৰুদ্ধে  অনা সকলো অভিযোগ  খণ্ডন কৰি  ইয়াৰ প্ৰত্যুতৰত  সুন্দৰ ব্যাখা আগবঢ়াইছিল  ।

ৰজা অষ্টম হেনৰীৰ এই কাৰ্যত পোপ দশম লিও  অতিশয়  আন্ন্দিত হৈছিল আৰু তেঁওক ধৰ্ম ৰক্ষক উপাধি প্ৰদান কৰিছিল  ।

কিন্তু  পোপৰ লগত তেঁওৰ এই সম্পৰ্কটো  বেছদিন নাথাকিল ।  ইয়াৰ ফলতে ইংলেণ্ডত  ধৰ্ম সংস্কাৰ  আন্দোলনৰ সূচনা  হৈছিল  । ৰজা  অষ্টম হেনৰীয়ে  স্পেইনৰ ৰজা দ্বিতীয় ফাৰ্ডিনাণ্ড  আৰু ৰাণী ইছাবেলাৰ কন্যা কেথৰিনক বিয়া কৰাইছিল  ।  কিন্তু ৰাণীয়ে ইংলেণ্ডৰ সিংহাসনৰ বাবে পুত্ৰ উত্তৰাধিকাৰীৰ  জন্ম দিব পৰা নাছিল  । সেয়েহে ৰজা অষ্ট হেনৰীয়ে ৰাণীক বিচ্ছেদ দি আন এগৰাকী বিয়া কৰাব বিছাৰিছিল  ।  যিহেতু  হেনৰী  সেই সময়ত এজন নিষ্ঠাৱান কেথলিক আছিল , গতিকে প্ৰচলিত ৰীতি মতে তেঁওলোকৰ ববিবাহৰ পৰিসমাপ্তিৰ বাবে ৰোমৰ পোপ   সপ্তম  ক্লিমেন্টৰ অনুমোদন বিছাৰিছিল । কিন্তু এফালে ৰাণী ইছাবেলাই এই  বিচ্ছেদত সন্মতি নিদিয়া বাবে আৰু আনফালে তেঁওৰ পৱিত্ৰ ৰোমান সাম্ৰাজ্যৰ সম্ৰাট পঞ্চম হেনৰীৰ খুৰীয়েক হোৱাৰ বাবে  যাৰ ওচৰত পোপ  সপ্তম ক্লিমেন্টৰ ভাগ্য বহু পৰিমাণে নিৰ্ভৰ কৰিছিল ।

পোপে বিবাহ বিচ্ছ্দৰ সন্মতি

 দিয়াৰ পৰিৱৰ্তে   দিন পিছুৱাবলৈ ধৰিলে ।  ইয়াতে অতিষ্ঠ হৈ ৰজা অষ্টম হেনৰীয়ে কেথৰিনক  তেঁওৰ পৰিষদৰ পৰা  খেদি পঠায়  ।   ৰজা অষ্ট হেনৰী  আৰু ৰোমান কেছলিক গিৰ্জাৰ মাজত হোৱা কাজিয়াৰ ফলত ৰজা অষ্টম হেনৰী  ইমানেই বিতুষ্টু আছিল  যে তেঁও ইংলেণ্ডত  থকা সকলো  ৰোমান কেথলিক গিৰ্জাৰ সম্পত্তি বাজেয়াপ্ত কৰে  ।  তেংও প্ৰায় ৮০০ ৰোমান খ্ৰীষ্টান সন্নাস্যীৰ মছ ধব্বংস কৰি তাৰ ঠাইত এলিংকান গিৰ্জা দখল কৰে  ।

৫।  ৰাণী এলিজাবেথৰ  ধৰ্মীয় নীতি আলোচনা কৰা  ।  তেঁও এই নীতিত সফল হৈছিলনে  ?

উত্তৰঃ  ৰাণী এলিজাবেথ হল ৰজা অষ্টম হেনৰী আৰু তেঁওৰ দ্বিতীয় পত্নী এনি বলেনৰ জীয়াৰী  । তেঁও  যদিও  প্ৰটেষ্টান্ট আৰু কেথলিক ধাৰাৰ মতে সিংহাসনৰ দাবীদাৰ হব  নোৱাৰে,  তেঁও সংসদৰ জৰিয়তে  গিৰ্জাৰ লগত  এক বুজাবুজিত আহি  েই সমস্যাৰ সমাধান কৰিছিল  । সম্পূৰ্ণ প্ৰটেষ্টান্ট পৰিৱেশৰ মাজেৰে ডাঙৰ-দীঘল  হোৱা এলিজাবেথে  ভালদৰে  বুজি পাইছিল যে  ধৰ্মক লৈ  ইংলেণ্ডে বহুতো সমস্যা ভূগিব  লগা হৈছে  ।  সেয়েহে তেঁও  কেথলিক আৰু প্ৰটেষ্টান্ট

উভয়  মতেৰে এক মাধ্যম পন্থা  লৈ আগুৱাই যাবলৈ সিদ্ধান্ত লৈছিল ।যদিও এলিজাবেথে  শাসনভাৰ লোৱাৰে  পৰা পূৰ্বৰে  ৰাণী তথা তেঁওৰ সতীয়া ভনিয়েক প্ৰথম মেৰীয়ে  লোৱা  বিভিন্ন ধৰ্ম ব্যৱস্থাৰ উভতনি যাত্ৰা  আৰম্ভ  হৈছিল, তথাপি এলিজাবেথ আৰি তেঁওৰ পৰিষদে বুজি পাইছিল  যে দেশৰ প্ৰজাৰ বহু অংশই  পুৰণি প্ৰথাকে মানি  চলিছিল ।সেয়েহে  এলিজাবেথে  এই অশান্ত অৱস্থাৰ  অন্ত পেলাই  ইংলেণ্ডত ধৰ্ম আৰু ৰাজনৈতিক ব্যৱস্থাক লৈ এক ধৰ্মীয় মীমাংসাৰ চেষ্টা  কৰিছিল। এই মীমাংসৰ জৰিয়তে খ্ৰীষ্টিয়ানৰ ধৰ্মতত্ব আৰু ইংলেণ্ডৰ গিৰ্জাৰ উপাসনাৰ  এক সূত্ৰ  উলিওৱা হৈছিল  আৰু এংলিকানজিম  অৰ্থাৎ এংলিকানবাদ ইংলেণ্ডৰ  খ্ৰীষ্টান  পৰম্পৰাৰ স্পষ্ট ধাৰা  ৰুপে  বিকাশ লাভ কৰিব পাৰে ।

ইংলেণ্ডৰ  সংসদে  ১৫৫৮ চনত প্ৰণয়ণ কৰা এক্ট অৱ চুপ্ৰিমেচি  অৰ্থাৎ আধিপত্যৰ  আইনে ইংলেণ্ডৰ গিৰ্জাক ৰোমৰ অধীনতাৰ পৰা ছিন্ন কৰি স্বাধীন বুলি ঘোষণা কৰে আৰু সংসদে ৰাণী এলিজাবেথক  ইংলেণ্ডৰ গিৰ্জাৰ মূৰব্বী বুলি কোৱা হোৱা  নাছিল। ১৫৫৯ চনত প্ৰণয়ন কৰা  আন এক আইন এক্ট অৱ ইউনিফৰ্মিটি অৰ্থাৎ সমানতাৰ  আইনে ৰজা এডৱাৰ্ড  দিনত প্ৰচলিত থকা উমৈহতীয়া  প্ৰাৰ্থনা পুথিখন  য'ত গিৰ্জাৰ প্ৰচলিত বিধিবদ্ধ  উপাসনাসমূহ লিখিত আছিল সেইখনকে পুনৰ প্ৰচলন কৰে। কিন্তু একে সময়তে  কেথলিকসকল অসন্তুষ্ট নহবৰ বাবে লেটিন ভাষাতো পুথিখন ছপাৰ  ব্যৱস্থা কৰা হয়। নতুন পুথিখনত  খ্ৰীষ্টান পাওৰুটি  আৰু সুৰা পৰম্পুৰা উৎসৱত যীশু সোঁশৰীৰে উপস্থিত থকা বুলি মানি লোৱা হয়।

৬। সংস্কাৰবিৰোধী  আন্দোলনৰ বিষয়ে চমুকৈ আলোচনা কৰা। ই লক্ষ্যত উপনীত  হৈছিলনে ?

উত্তৰঃ  ১৬ শতিকা আৰু ১৭ শতিকাৰ প্ৰথমভাগত  প্ৰটেষ্টান্ট ধৰ্ম সংস্কাৰ আন্দোলনৰ বিৰোধিতা  আৰু আভ্যন্তৰীণ  সংস্কাৰৰ উদ্দেশ্য পোপ নেতৃত্বাধীন ৰোমান কেথলিকে গিৰ্জা  আৰু কেথলিক  ধৰ্মৰ  অনুগামীসকলে  গঢ়ি তোলা  আন্দোলনটোক  সংস্কাৰবিৰোধী  আন্দোলন নামেৰে জনা যায়। এই আন্দোলনটোক কেথলিক সংস্কাৰবা কেথলিক জাগৰণ নামেৰে জনা যায়। এইখিনিতে কব পাৰি যে পোপ আৰু কেথলিক ধৰ্মৰ বিভিন্ন নিয়ম নীতিৰ ওপৰত প্ৰশ্ন তুলি জাৰ্মানীৰ মাৰ্টিন লুথাৰৰ  নেতৃত্বত  এক তীব্ৰ ধৰ্ম আন্দোলনৰ সূচনা হৈছিল । ইয়াৰ ফলত খ্ৰীষ্টান  জগতখন  দুটা  ভাগত বিভক্ত হোৱাৰ উপৰিও  কেথলিক  গিৰ্জাৰ  ভেটি  কঁপাই তোলে । মাৰ্টিন লুথাৰ আৰু তেঁওৰ অনুগামীৰ আদৰ্শত  বিশ্বাসী ইংলেণ্ড, স্কটলেণ্ড, ছুইজাৰলেণ্ডৰ আৰু স্কেণ্ডিনেভিয়ান দেশসমূহ  প্ৰটেষ্টান্ট  ধৰ্মাৱলম্বী হল, কেথলিক ধৰ্ম ইটালি, অষ্ট্ৰিয়া, ফ্ৰান্স, স্পেইন, পতুৰ্গাল আৰু জাৰ্মানিৰ একাংশ আদিতে  সীমাবদ্ধ হৈ থাকিল । এই দেশসমূহতো প্ৰটেষ্টান্ট ধৰ্মই প্ৰাধান্য বিস্তাৰ কৰাৰ সম্ভৱনাাই দেখা দিয়ে । এনে অৱস্থাত কেথলিক ধৰ্মৰ দোষ-ক্ৰটিবোৰ  আতৰাই  গিৰ্জাৰ এটা নতুন ৰুপ দিয়াৰ প্ৰয়োজনীয়তাই দেখা দিয়ে। অন্যথা  কেথলিক  ধৰ্মৰ অস্তিত্ব ৰক্ষাই সন্দেহজনক হৈ পৰে। সেই  কাৰণে কেথলিক গিৰ্জা আত্মপ্ৰতিষ্ঠাত ব্ৰতী হব লগাত পৰে। নৱজাগৰণ আৰু ধৰ্মসংস্কাৰ আন্দোলনৰ পূৰ্বে পশ্চিম ইউৰোপৰ জনসাধাৰণে পোপক যীশুখ্ৰীষ্টৰ মৰ্ত্যৰ প্ৰতিনিধি বুলি বিশ্বাস কৰিছিল। তেঁও আছিল ৰোমান কেথলিক গিৰ্জাৰ মুৰব্বী আৰু পোপশাসিত অঞ্চলৰ প্ৰশাসক। সেয়েহে পোপে ৰাজনৈতিক আৰু ধৰ্মীয় উভয় ক্ষমতাই ভোগ কৰিছিল । ফলত বহু সময়ত পোপসকলে তেঁওৰ ধৰ্মীয় দায়িত্ব পাহৰি  ৰজাৰ দৰে জীৱন  কটাবলৈ লয়। ঠিক সেইদৰে পোপৰ অধীনস্থ দায়িত্ববাহী বিষয়া যেনে- কাৰ্ডিনেল, বিছপসকলেও এটি বিলাসপূৰ্ণ জীৱন কটাব লয়। তেোলোকে পৰিয়ালৰ লোক আৰু ধনৰ বিনিময়ত বহুতো লোকৰ গিৰ্জাৰ  বিভিন্ন পদত নিযুক্তি দিছিল। যাৰ বাবে তেঁওলোক সম্পূৰ্ণ অযোগ্য আছিল। ১৪০০ চনৰ পৰাই এনে ধৰণেৰে অভিযোগ সময়ে সময়ে উত্থাপিত হৈ আহিছিল। ১৪০০ চনৰ পৰা ১৫০০ চনৰ প্ৰথম ভাগত কেিবাবাৰো গিৰ্জাৰ পৰিষদত এইশঠিক ৰুপ পোৱা নাছিল পিছত ই লক্ষ্যত  উপনীত হব পাৰিছিল। 


Author: Ali Rani Kakati