Chapter: 4

এডমুণ্ড হুছাৰ্লৰ প্ৰতীতিবাদ

1. What is phenomenology? How is it different from phenomenalism? Discuss. 

প্রতীতিবাদ বা প্রতিভাস বিজ্ঞান কাক বোলে? প্রতীতিবাদ প্রতিভাসবাদৰ পৰা কেনেদৰে পৃথক? আলোচনা কৰা।

উত্তৰঃ আক্ষৰিক অৰ্থত 'প্ৰতীতি' বা 'প্ৰতিভাস' বুলিলে বুজায় বস্তুৰ দৃশ্য়ৰূপ যি আমাৰ ওচৰত প্ৰতিভাসিত হয়।কিন্তু ইয়াৰ অন্তৰালত বস্তুৰ প্ৰকৃত ৰূপটো অজ্ঞাত থাকে যাক সম্য়ক জ্ঞানৰ জৰিয়তে লাভ কৰা যায়। মানুহৰ চাৰিওফালে যি ঘটনাপ্ৰৱাহ বা বস্তুজগত অৱস্থান কৰিছে সি হল প্ৰতিভাস। জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা আমি যি জ্ঞান লাভ কৰোঁ সেই জ্ঞানৰ বিষয়বস্তু হল প্ৰতিভাস।গতিকে কোৱা যায় যি বস্তু মানৱ মনত প্ৰতীত বা প্ৰতিভাসিত হয় অথবা প্ৰত্য়ক্ষকৃত হয়, সেই বস্তু হল প্ৰতিভাস।

        কিন্তু প্ৰতীতিবাদ কি- এই প্ৰশ্নৰ উত্তৰ হুছাৰ্লে পোনপটীয়াভাৱে দিয়া নাই। ইয়াৰ পৰিৱৰ্তে তেওঁ 'Phenomenology' শব্দৰ অৰ্থ বিশ্লষণ কৰিছে। 'Phenomenology' শব্দটো দুটা গ্ৰীক শব্দ 'Phenomena' আৰু 'Logos' শব্দৰ পৰা উৎপত্তি হৈছে।'Phenomena' শব্দৰ অৰ্থ হল 'প্ৰতিভাস' আৰু 'Logos' শব্দৰ অৰ্থ হল 'বিজ্ঞান'। গতিকে 'Phenomenology' শব্দৰ ব্য়ুৎপত্তিগত অৰ্থ হল প্ৰতিভাস বিজ্ঞান, যি বিজ্ঞানত বস্তুৰ প্ৰতিভাসিত বা দৃশ্য়ৰূপৰ আলোচনা কৰা হয়।ঐতিহাসিক দিশৰ পৰা হেগেল আৰু কান্ট প্ৰতিভাসিত বস্তুৰ আলোচনা লগত জড়িত আৰু ইয়াৰ ভিতৰত হেগেলে সৰ্বপ্ৰথম 'Phenomenology' শব্দটো ব্য়ৱহাৰ কৰিছে।হেগেল তেওঁৰ বিখ্য়াত গ্ৰন্থ 'Phenomenology of Spirit' ত সুশৃংখলাবদ্ধভাৱে এই শব্দটো ব্য়ৱহাৰ কৰে।

প্ৰতিভাস বিজ্ঞান বা প্ৰতীতিবাদ কি- এইটো ভালদৰে বুজিবলৈ হলে প্ৰতিভাসবাদৰ লগত ইয়াৰ অলপ পাৰ্থক্য় কৰি চাব পাৰোঁ। এইটো ভাবিবলৈ ভুল হব যে প্ৰতিভাসবাদ আৰু প্ৰতীতিবাদ এক আৰু অভিন্ন। প্ৰতিভাসবাদ আৰু প্ৰতীতিবাদ দুটাই সম্পূৰ্ণ পৃথক। প্ৰতিভাসবাদ অনুসৰি প্ৰতিভাস হল বস্তুৰ অপ্ৰকৃত ৰূপ। বস্তুৰ প্ৰকৃত ৰূপৰ বাহ্য়িক প্ৰকাশেই প্ৰতিভাস। সত্তাৰ প্ৰকাশেই প্ৰতিভাস। কিছুমানৰ মতে, প্ৰতিভাস সত্য়- কাৰণ প্ৰতিভাস সত্তাৰ প্ৰকাশক। কিছুমানৰ মতে আকৌ প্ৰতিভাস মিথ্য়া- একমাত্ৰ সত্তাই সত্য়।সেইকাৰণে প্ৰতিভাসবাদৰ মূল আলোচ্য় বিষয় বস্তু হল প্ৰতিভাস। আনহাতে, প্ৰতিভাস বিজ্ঞান বা প্ৰতীতিবাদ অনুসৰি প্ৰতিভাস সত্য়-কিন্তু এই প্ৰতিভাস হল সেই প্ৰতিভাস যি চেতনাত ধৰা পৰে। সেইকাৰণে প্ৰতীতিবাদৰ মূল আলোচ্য় বিষয় চেতনা আৰু চেতনাত প্ৰকাশিত প্ৰতিভাস।প্ৰতিভাসবাদৰ আলোচনা আত্মগত, কিন্তু প্ৰতীতিবাদৰ আলোচনা বস্তুনিষ্ঠ। প্ৰতিভাসবাদ আৰু প্ৰতীতিবাদ পৰস্পৰ বিৰোধী মতবাদ।

2. Bring out the salient feature of phenomenology. 

প্রতীতিবাদৰ প্ৰধান বৈশিষ্ট্যসমূহ নিৰ্ধাৰণ কৰা ।

উত্তৰঃ প্ৰতীতিবাদৰ প্ৰধান বৈশিষ্ট্য়সমূহ হল-

i)প্ৰাক-প্ৰতীতিবাদৰ পৰ্বঃ হুছাৰ্লৰ ৰচনাৱলীৰ প্ৰথম পৰ্বটোক কোৱা হয় প্ৰাক-প্ৰতীতিবাদ পৰ্ব। প্ৰাক-প্ৰতীতিবাদৰ বিস্তৃতি কাল ১৮৮৭ ৰ পৰা ১৮৯৫ চনলৈকে। এই পৰ্বত হুছাৰ্লে তেওঁৰ বিখ্য়াত গ্ৰন্থ 'The Philosophy of Arithmatic' প্ৰকাশৰ যোগেদি গণিতৰ মৌলিক ধাৰণাবোৰক মনস্তাত্ত্বিক ক্ৰিয়াৰ পৰা নিঃসৃত কৰাৰ চেষ্টা কৰিছিল। অৱশ্য় কিছুদিন পিছত তেওঁ মনস্তত্ত্ববাদৰ সমালোচনাও কৰে। মনস্তত্ত্ববাদৰ সমালোচনা কৰি তেওঁ 'Logical Investigation' গ্ৰন্থখনৰ প্ৰথম খণ্ড প্ৰকাশ কৰে আৰু গ্ৰন্থখনৰ প্ৰকাশিত হোৱাৰ পিছত হুছাৰ্লৰ প্ৰতীতিবাদৰ পদ্ধতিৰ আবিৰ্ভাৱ ঘটে।

ii) বৰ্ণনামূলক প্ৰতীতিবাদঃ হুছাৰ্লৰ দাৰ্শনিক অনুসন্ধানৰ দ্বিতীয় পৰ্বক কোৱা হয় বৰ্ণনামূলক প্ৰতীতিবাদ। কাৰণ এই পৰ্বত তেওঁ প্ৰতীতিবাদৰ সহযোগী বিভিন্ন ধাৰণা, যেনে- চেতনাৰ বিষয়মূখীনতা, স্বজ্ঞা, সাৰসত্তা, অৰ্থ প্ৰভৃতিক সুস্পষ্টভাৱে বৰ্ণনা কৰে আৰু এইদৰে তেওঁ প্ৰতীতিবাদক এটি বৰ্ণনামূলক বিজ্ঞান হিচাপে প্ৰতিষ্ঠিত কৰে। এই বিজ্ঞানৰ কাম হল চেতনাত প্ৰদত্ত প্ৰতিভাসৰ ভিত্তিত তৰ্কবিজ্ঞান আৰু জ্ঞানবিদ্য়াৰ ভিত্তি পৰীক্ষা কৰা। কিন্তু হুছাৰ্লৰ মতে, চেতনাৰ এই বৰ্ণনামূলক আলোচনা চেতনাৰ ঘটনা বা বিষয়ৰ মনস্তাত্ত্বিক আলোচনা নহয়। প্ৰতীতিবাদৰ বিশুদ্ধ বৰ্ণনা আৰু প্ৰাকৃতিক বিজ্ঞানৰ অভিজ্ঞতামূলক বৰ্ণনাৰ মাজত পাৰ্থক্য় আছে।

iii) বিশুদ্ধ বা অতীন্দ্ৰিয় প্ৰতীতিবাদঃ হুছাৰ্লৰ প্ৰতীতিবাদৰ তৃতীয় পৰ্ব হল বিশুদ্ধ বা অতীন্দ্ৰিয় প্ৰতিভাস বিজ্ঞান।বিশুদ্ধ প্ৰতীতিবাদ দৰ্শন আৰু বিজ্ঞানৰ ভিত্তি হিচাপে ৰূপ লাভ কৰে ১৯০৬ চনত আৰু 'Ideas' গ্ৰন্থখন প্ৰকাশৰ মাধ্য়মত ই পৰিপূৰ্ণভাৱে আত্মপ্ৰকাশ কৰে।হুছাৰ্লৰ মতে, বিশুদ্ধ প্ৰতিভাসবাদী বিশ্লষণ অৰ্জন কৰিব নোৱাৰিম তেতিয়ালৈকে, যেতিয়ালৈকে জাগতিক বস্তুসমূহৰ পৰা মনৰ সংযোগ বিচ্ছিন্ন কৰা নাযায়। সংযোগ বিচ্ছিন্নকৰণৰ এই প্ৰক্ৰিয়া যাক হুছাৰ্লে বন্ধনীকৰণ বুলি কৈছে,তাৰ ওপৰত নিৰ্ভৰ কৰিয়েই হুছাৰ্লৰ প্ৰতীতিবাদৰ তৃতীয় পৰ্বৰ আৰম্ভণি।

iv) জীৱন-জগতৰ প্ৰতীতিবাদঃ প্ৰতীতিবাদৰ সৰ্বশেষ পৰ্ব বা স্তৰটো হল জীৱন-জগতৰ প্ৰতীতিবাদ।'The Crisis of European Sciences and Transcendental Phenomenology' হুছাৰ্লৰ সৰ্বশেষ ৰচনা। গ্ৰন্থখন অধ্য়য়ন কৰিলে দেখা যায় হুছাৰ্লৰ দাৰ্শনিক অনুসন্ধানৰ এটা মূল লক্ষ্য় আছে। লক্ষ্য়টো হল-মানুহৰ প্ৰাক-বৈজ্ঞানিক জীৱনৰ বিশ্লষণৰ সহায়ত সেই সমস্ত সমস্য়া সমাধানৰ চেষ্টা কৰা যিবোৰ মানুহৰ তাত্ত্বিক জ্ঞান আৰু বিজ্ঞানত উদ্ভৱ হয়। হুছাৰ্লৰ মতে,Lebenswelt বা জীৱন-জগত হল আমাৰ ব্য়ক্তিগত আৰু সামাজিক অভিজ্ঞতাত অপৰোক্ষভাৱে প্ৰদত্ত জগত।

3. Explain the nature and aim of the phenomenological method. 

প্রতীতিবাদ পদ্ধতিৰ স্বৰূপ আৰু উদ্দেশ্য ব্যাখ্যা কৰা।

উত্তৰঃ হুছাৰ্লৰ প্ৰতীতিবাদৰ মূল উদ্দেশ্য় হল বিশুদ্ধ চেতনাৰ অধ্য়য়ন, যি চেতনাত কোনো বস্তু স্ব-ৰূপত প্ৰকাশিত হয়। এই বিশুদ্ধ চেতনাত বস্তুৰ প্ৰতিভাস ধৰা পৰে যাৰ ফলত আমাৰ সমস্ত জ্ঞান সম্ভৱ হয়। হুছাৰ্লে প্ৰতীতিবাদ পদ্ধতি হিচাপে ইপোকি আৰু লঘুকৰণৰ কথা উল্লেখ কৰিছে। হুছাৰ্লৰ এই প্ৰতীতিবাদ পদ্ধতি সম্য়কভাৱে অধ্য়য়ন কৰিলে দেখা যায় ই দ্বি-স্তৰবিশিষ্ট- এটা ইতিবাচক আৰু আনটো নেতিবাচক। নেতিবাচক দিশটো হল ইপোকি আৰু বন্ধনীকৰণ, আৰু ইতিবাচক দিশটো হল লঘুকৰণ।নেতিবাচক দিশটো ইতিবাচক দিশটোতকৈ অধিক গুৰুত্বপূৰ্ণ। নেতিবাচক দিশটোৰ প্ৰধান উদ্দেশ্য় হল অভিজ্ঞতালব্ধ পূৰ্বস্বীকৃত ধাৰণাবোৰ বৰ্জন কৰি বস্তুৰ বিশুদ্ধ দৃশ্য়ৰূপ বৰ্ণনাৰ মাধ্য়মত চেতনাৰ সাৰধৰ্মটোক প্ৰকাশ কৰা। আনহাতে, ইতিবাটক দিশটোৰ লক্ষ্য় হল চেতনাক পৰিশুদ্ধ কৰি বিশুদ্ধ আত্মাক লাভ কৰা।

ইপোকি আৰু বন্ধনীকৰণঃহুছাৰ্লৰ প্ৰতীতিবাদ পদ্ধতিৰ নেতিবাচক দিশটোৱে হল ইপোকি।ইপোকি হুছাৰ্লৰ প্ৰতীতিবাদৰ সবাতোকৈ ডাঙৰ আৱিষ্কাৰ। 'Epoche' শব্দটো গ্ৰীক শব্দ। ইয়াৰ আক্ষৰিক অৰ্থ হল 'স্থগিত ৰখা' বা 'পৃথক ৰখা'। এই গাণিতিক উপমাৰ সহায়ত হুছাৰ্লে তেওঁৰ প্ৰতীতিবাদত জগত সম্পৰ্কীয় আমাৰ সকলো পূৰ্বধাৰণা বা পূৰ্ব বিশ্বাসক স্থগিত ৰাখিবলৈ বা পৃথককৈ ৰাখিবলৈ কৈছে। ইপোকি বুলিলে হুছাৰ্লৰ প্ৰতীতিবাদ পদ্ধতিক বুজায় যাৰ দ্বাৰা আমাৰ সমস্ত পূৰ্বধাৰণা বা পূৰ্ববিশ্বাসক স্থগিত ৰাখি বিশুদ্ধ চেতনাক অধ্য়য়ন কৰা সম্ভৱ হয়।   

               হুছাৰ্ল এই ইপোকি পদ্ধতিক ব্য়াখ্য়া কৰিবৰ বাবে এটা বিশেষ শব্দ ব্য়ৱহাৰ কৰিছে যাৰ দ্বাৰা আমি ইপোকিৰ স্বৰূপ সম্য়কভাৱে উপলদ্ধি কৰিব পাৰিম। এই বিশেষ শব্দটো হৈছে 'বন্ধনীকৰণ'। হুছাৰ্লৰ মতে, চেতনাৰ বিশুদ্ধ অধ্য়য়নৰ ক্ষেত্ৰত সৰ্বপ্ৰথম আমি জগতক অৰ্থাৎ জাগতিক সকলো পূৰ্বধাৰণা বা পূৰ্ববিশ্বাসক বন্ধনীকৰণ কৰিব লাগিব যাতে আমি চেতনাক বিশুদ্ধ ৰূপত উপলদ্ধি কৰিব পাৰোঁ

বিশুদ্ধিকৰণ বা লঘুকৰণঃ হুছাৰ্লৰ প্ৰতীতিবাদ পদ্ধতিৰ ইতিবাচক দিশ হল বিশুদ্ধিকৰণ বা লঘুকৰণ।প্ৰতীতিবাদৰ এই পদ্ধতি দৰাচলতে প্ৰথম দিশ অৰ্থাৎ ইপোকি বা বন্ধনীকৰণৰ পৰিপূৰক। হুছাৰ্লৰ বিশুদ্ধিকৰণ বা লঘুকৰণৰ উদ্দেশ্য় অহং বা বিশুদ্ধ আত্মাৰ বাস্তৱিক আৰু বিশুদ্ধ স্বৰূপক অনাবৰণ কৰা।আপতিক আৰু অপ্ৰাসংগিক বিষয়ক বৰ্জন কৰি ক্ৰমান্বয়ে বিশুদ্ধ চেতনাৰ যি সন্ধান পোৱা যায় তাৰ প্ৰকৃত স্বৰূপ বৰ্ণনা কৰাই হুছাৰ্লৰ বিশুদ্ধিকৰণ বা লঘুকৰণৰ কাম।বিশুদ্ধিকৰণ হল এক আন্তৰিক ক্ৰিয়া যাৰ জৰিয়তে চেতনাক আন্তৰিক বিকৃতিৰ পৰা পৃথক কৰি পৰিশুদ্ধ কৰা হয়।

হুছাৰ্লে চেতনাক পৰিষ্কৃত কৰাৰ  স্তৰকেইটাক তিনিটা ভাগত ভাগ কৰিছে। সেইবোৰ হলঃ 

i)মনোবৈজ্ঞানিক বিশুদ্ধিকৰণ বা লঘুকৰণ

ii) ভাবাত্মক বিশুদ্ধিকৰণ বা লঘুকৰণ

iii) অতীন্দ্ৰিয় বিশুদ্ধিকৰণ বা লঘুকৰণ।

4. What is phenomenology ? Explain the phenomenological attitude. 

প্রতীতিবাদ বা প্রতিভাস বিজ্ঞান কি? প্ৰতীতিবাদৰ দৃষ্টিভংগী ব্যাখ্যা কৰা ৷

উত্তৰঃ 

5. Give a general account of phenomenological reduction. 

প্রতীতিবাদৰ বিশুদ্ধিকৰণ বা লঘুকৰণ এটি সাধাৰণ বৰ্ণনা দিয়া।

উত্তৰঃ হুছাৰ্লৰ প্ৰতীতিবাদ পদ্ধতিৰ ইতিবাচক দিশ হল বিশুদ্ধকৰণ বা লঘুকৰণ। হুছাৰ্লৰ বিশুদ্ধিকৰণ বা লঘুকৰণৰ উদ্দেশ্য় অহং বা বিশুদ্ধ আত্মাৰ বাস্তৱিক আৰু বিশুদ্ধ স্বৰূপক অনাবৰণ কৰা। আপতিক আৰু অপ্ৰাসংগিক বিষয়ক বৰ্জন কৰি ক্ৰমান্বয়ে বিশুদ্ধ চেতনাৰ যি সন্ধান পোৱা যায় তাৰ প্ৰকৃত স্বৰূপ বৰ্ণনা কৰাই হুছাৰ্লৰ বিশুদ্ধিকৰণ বা লঘুকৰণৰ কাম। বিশুদ্ধিকৰণ হল এক আন্তৰিক ক্ৰিয়া যাৰ জৰিয়তে চেতনাক আন্তৰিক বিকৃতিৰ পৰা পৃথক কৰি পৰিশুদ্ধ কৰা হয়। ইপোকি বা বন্ধনীকৰণৰ দ্বাৰা চেতনাক বাহ্য় প্ৰভাৱৰ পৰা মুক্ত কৰি বিশুদ্ধ চেতনাক আৱিষ্কৃত কৰা হয়। কিন্তু চেতনাক কেৱল বাহ্য় প্ৰভাৱৰ পৰা মুক্ত কৰিলেই চেতনাৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিব নোৱাৰি। চেতনাৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হলে ইয়াক মানসিক বা আন্তৰিক বিকৃতিৰ পৰাও মুক্ত কৰিব লাগিব।আন্তৰিক সকলো প্ৰভাৱৰ পৰা মুক্ত কৰি চেতনাৰ যি বিশুদ্ধ ৰূপ পোৱা যায় সি বিশুদ্ধ অহং বা বিশুদ্ধ আত্মা।দৰাচলতে হুছাৰ্লৰ প্ৰতীতিবাদ পদ্ধতিৰ মূল উদ্দেশ্য় এইটোৱেই।

হুছাৰ্লে চেতনাক পৰিষ্কৃত কৰাৰ  স্তৰকেইটাক তিনিটা ভাগত ভাগ কৰিছে। সেইবোৰ হলঃ 

i) মনোবৈজ্ঞানিক বিশুদ্ধিকৰণ বা লঘুকৰণঃ এই স্তৰত চেতনাতক সমস্ত মনোবৈজ্ঞানিক প্ৰভাৱৰ পৰা মুক্ত কৰা হয়। গতিকে মনোবৈজ্ঞানিক বিশুদ্ধিকৰণ হৈছে চেতনাক বিভিন্ন মানসিক অৱস্থাৰ পৰা মুক্ত কৰা এটা পদ্ধতি। সাধাৰণতে চেতনাক মানসিক স্থিতিৰ ৰূপত স্বীকাৰ কৰা হয়। কিন্তু যদি এই পূৰ্বধাৰণাৰ ৰূপত চেতনাক দেখা হয়, তেনেহলে চেতনাৰ বিশুদ্ধ ৰূপ কেতিয়াও স্পষ্ট নহব। সেইকাৰণে এই স্তৰত চেতনাৰ পূৰ্বধাৰণাক পৃথক ৰখাৰ প্ৰচেষ্টাত আমি চেতনাৰ মানসিক স্থিত ৰূপক বন্ধনীকৰণ কৰি দি চেতনাৰ প্ৰকৃত ৰূপত চেতনাক উপলব্ধি কৰোঁ। 

ii) ভাবাত্মক বিশুদ্ধিকৰণ বা লঘুকৰণঃএই স্তৰত আমি চেতনাত প্ৰদত্ত বিষয়ক এক 'সামান্য়' বা 'সাৰসত্তাৰ' ৰূপত উপলব্ধি কৰাৰ চেষ্টা কৰোঁ। যি প্ৰদত্ত হল তাক সাৰ্বজনীন ৰূপত ধৰাৰ প্ৰচেষ্টাই কৰা হয় এই স্তৰত। গতিকে ভাবাত্মক বিশুদ্ধিকৰণ হল এক ধৰণৰ পদ্ধতি যত বিশেষ বস্তুসমূহৰ প্ৰতি সকলো নিৰ্দেশ স্থগিত ৰখা হয় আৰু সেইবিলাক প্ৰতিভাস লৈ আলোচনা কৰা হয় যি সাৰসত্তাক প্ৰদৰ্শন কৰে।

iii) অতীন্দ্ৰিয় বিশুদ্ধিকৰণ বা লঘুকৰণঃ এই স্তৰত আমি ভাবাত্মক বিশুদ্ধিকৰণৰ দ্বাৰা প্ৰাপ্ত সামান্য় বা সাৰসত্তাকো  নিষেধ কৰি দিওঁ আৰু তেতিয়া আমাৰ অন্বেষণৰ বিষয় হৈ পৰে কেৱল অতীন্দ্ৰিয় আত্মা। বস্তুতঃ এই অতীন্দ্ৰিয় আত্মাই আমাৰ সমস্ত জ্ঞান আৰু জগতৰ আধাৰ। এই ধৰণৰে সমস্ত তত্ব, প্ৰত্য়য়, অভিপ্ৰায় আৰু অভ্য়াসৰ নিষেধৰ ফলত আত্মা নিজৰ স্ব-ৰূপত প্ৰকাশিত হয়। ইয়াকে হুছাৰ্লে অতীন্দ্ৰিয় বিশুদ্ধিকৰণ বা লঘুকৰণ বুলি কৈছে।

6. Explain Husserl's Phenomenological method.

  হুছাৰ্লৰ প্ৰতীতিবাদ পদ্ধতিটো ব্য়াখ্য়া কৰা।

উত্তৰঃ হুছাৰ্লৰ প্ৰতীতিবাদৰ মূল উদ্দেশ্য় হল বিশুদ্ধ চেতনাৰ অধ্য়য়ন, যি চেতনাত কোনো বস্তু স্ব-ৰূপত প্ৰকাশিত হয়।এই বিশুদ্ধ চেতনাত বস্তুৰ প্ৰতিভাস ধৰা পৰে যাৰ ফলত আমাৰ সমস্ত জ্ঞান সম্ভৱ হয়।হুছাৰ্লে প্ৰতীতিবাদ পদ্ধতি হিচাপে ইপোকি আৰু লঘুকৰণৰ কথা উল্লেখ কৰিছে।হুছাৰ্লৰ এই প্ৰতীতিবাদ পদ্ধতি সম্য়কভাৱে অধ্য়য়ন কৰিলে দেখা যায় ই দ্বি-স্তৰবিশিষ্ট- এটা ইতিবাচক আৰু আনটো নেতিবাচক। নেতিবাচক দিশটো হল ইপোকি আৰু বন্ধনীকৰণ, আৰু ইতিবাচক দিশটো হল লঘুকৰণ। নেতিবাচক দিশটো ইতিবাচক দিশটো ইতিবাচক দিশটোতকৈ অধিক গুৰুত্বপূৰ্ণ।নেতিবাচক দিশটোৰ প্ৰধান উদ্দেশ্য় হল অভিজ্ঞতালব্ধ পূৰ্বস্বীকৃত ধাৰণাবোৰ বৰ্জন কৰি বস্তুৰ বিশুদ্ধ দৃশ্য়ৰূপ বৰ্ণনাৰ মাধ্য়মত চেতনাৰ সাৰধৰ্মটোক প্ৰকাশ কৰা। আনহাতে, ইতিবাচক দিশটোৰ লক্ষ্য় হল চেতনাক পৰিশুদ্ধ কৰি বিশুদ্ধ আত্মাক লাভ কৰা ।

ইপোকি আৰু বন্ধনীকৰণঃহুছাৰ্লৰ প্ৰতীতিবাদ পদ্ধতিৰ নেতিবাচক দিশটোৱে হল ইপোকি।ইপোকি হুছাৰ্লৰ প্ৰতীতিবাদৰ সবাতোকৈ ডাঙৰ আৱিষ্কাৰ। 'Epoche' শব্দটো গ্ৰীক শব্দ। ইয়াৰ আক্ষৰিক অৰ্থ হল 'স্থগিত ৰখা' বা 'পৃথক ৰখা'। এই গাণিতিক উপমাৰ সহায়ত হুছাৰ্লে তেওঁৰ প্ৰতীতিবাদত জগত সম্পৰ্কীয় আমাৰ সকলো পূৰ্বধাৰণা বা পূৰ্ব বিশ্বাসক স্থগিত ৰাখিবলৈ বা পৃথককৈ ৰাখিবলৈ কৈছে। ইপোকি বুলিলে হুছাৰ্লৰ প্ৰতীতিবাদ পদ্ধতিক বুজায় যাৰ দ্বাৰা আমাৰ সমস্ত পূৰ্বধাৰণা বা পূৰ্ববিশ্বাসক স্থগিত ৰাখি বিশুদ্ধ চেতনাক অধ্য়য়ন কৰা সম্ভৱ হয়।   

               হুছাৰ্ল এই ইপোকি পদ্ধতিক ব্য়াখ্য়া কৰিবৰ বাবে এটা বিশেষ শব্দ ব্য়ৱহাৰ কৰিছে যাৰ দ্বাৰা আমি ইপোকিৰ স্বৰূপ সম্য়কভাৱে উপলদ্ধি কৰিব পাৰিম। এই বিশেষ শব্দটো হৈছে 'বন্ধনীকৰণ'। হুছাৰ্লৰ মতে, চেতনাৰ বিশুদ্ধ অধ্য়য়নৰ ক্ষেত্ৰত সৰ্বপ্ৰথম আমি জগতক অৰ্থাৎ জাগতিক সকলো পূৰ্বধাৰণা বা পূৰ্ববিশ্বাসক বন্ধনীকৰণ কৰিব লাগিব যাতে আমি চেতনাক বিশুদ্ধ ৰূপত উপলদ্ধি কৰিব পাৰোঁ

বিশুদ্ধিকৰণ বা লঘুকৰণঃ হুছাৰ্লৰ প্ৰতীতিবাদ পদ্ধতিৰ ইতিবাচক দিশ হল বিশুদ্ধিকৰণ বা লঘুকৰণ।প্ৰতীতিবাদৰ এই পদ্ধতি দৰাচলতে প্ৰথম দিশ অৰ্থাৎ ইপোকি বা বন্ধনীকৰণৰ পৰিপূৰক। হুছাৰ্লৰ বিশুদ্ধিকৰণ বা লঘুকৰণৰ উদ্দেশ্য় অহং বা বিশুদ্ধ আত্মাৰ বাস্তৱিক আৰু বিশুদ্ধ স্বৰূপক অনাবৰণ কৰা।আপতিক আৰু অপ্ৰাসংগিক বিষয়ক বৰ্জন কৰি ক্ৰমান্বয়ে বিশুদ্ধ চেতনাৰ যি সন্ধান পোৱা যায় তাৰ প্ৰকৃত স্বৰূপ বৰ্ণনা কৰাই হুছাৰ্লৰ বিশুদ্ধিকৰণ বা লঘুকৰণৰ কাম।বিশুদ্ধিকৰণ হল এক আন্তৰিক ক্ৰিয়া যাৰ জৰিয়তে চেতনাক আন্তৰিক বিকৃতিৰ পৰা পৃথক কৰি পৰিশুদ্ধ কৰা হয়।

হুছাৰ্লে চেতনাক পৰিষ্কৃত কৰাৰ  স্তৰকেইটাক তিনিটা ভাগত ভাগ কৰিছে। সেইবোৰ হলঃ 

i)মনোবৈজ্ঞানিক বিশুদ্ধিকৰণ বা লঘুকৰণ

ii) ভাবাত্মক বিশুদ্ধিকৰণ বা লঘুকৰণ

iii) অতীন্দ্ৰিয় বিশুদ্ধিকৰণ বা লঘুকৰণ।

7. What is Epoche? Explain epoche as a phenomenological method.

ইপোকি কি? প্ৰতীতিবাদ পদ্ধতি হিচাপে ইপোকিৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ হুছাৰ্লৰ প্ৰতীতিবাদ পদ্ধতিৰ নেতিবাচক দিশটোৱে হল ইপোকি।ইপোকি হুছাৰ্লৰ প্ৰতীতিবাদৰ সবাতোকৈ ডাঙৰ আৱিষ্কাৰ। 'Epoche' শব্দটো গ্ৰীক শব্দ। ইয়াৰ আক্ষৰিক অৰ্থ হল 'স্থগিত ৰখা' বা 'পৃথক ৰখা'। এই গাণিতিক উপমাৰ সহায়ত হুছাৰ্লে তেওঁৰ প্ৰতীতিবাদত জগত সম্পৰ্কীয় আমাৰ সকলো পূৰ্বধাৰণা বা পূৰ্ব বিশ্বাসক স্থগিত ৰাখিবলৈ বা পৃথককৈ ৰাখিবলৈ কৈছে। ইপোকি বুলিলে হুছাৰ্লৰ প্ৰতীতিবাদ পদ্ধতিক বুজায় যাৰ দ্বাৰা আমাৰ সমস্ত পূৰ্বধাৰণা বা পূৰ্ববিশ্বাসক স্থগিত ৰাখি বিশুদ্ধ চেতনাক অধ্য়য়ন কৰা সম্ভৱ হয়।

            হুছাৰ্ল এই ইপোকি পদ্ধতিক ব্য়াখ্য়া কৰিবৰ বাবে এটা বিশেষ শব্দ ব্য়ৱহাৰ কৰিছে যাৰ দ্বাৰা আমি ইপোকিৰ স্বৰূপ সম্য়কভাৱে উপলদ্ধি কৰিব পাৰিম। এই বিশেষ শব্দটো হৈছে 'বন্ধনীকৰণ'। হুছাৰ্লৰ মতে, চেতনাৰ বিশুদ্ধ অধ্য়য়নৰ ক্ষেত্ৰত সৰ্বপ্ৰথম আমি জগতক অৰ্থাৎ জাগতিক সকলো পূৰ্বধাৰণা বা পূৰ্ববিশ্বাসক বন্ধনীকৰণ কৰিব লাগিব যাতে আমি চেতনাক বিশুদ্ধ ৰূপত উপলদ্ধি কৰিব পাৰোঁ। বন্ধনীকৰণ প্ৰক্ৰিয়া অনুসৰি আমাৰ আলোচ্য় বিষয়ৰ ভিতৰত যিবিলাক বিষয় সন্দেহযুক্ত, আপতিক অৰ্থাৎ অপ্ৰাসংগিক সেইবিলাকক চেতনাৰ সাৰধৰ্ম অনুসন্ধানৰ ক্ষেত্ৰত বন্ধনীকৰণ বা স্থগিত কৰি ৰাখিব লাগিব। হুছাৰ্লৰ ইপোকি বা বন্ধনীকৰণ প্ৰক্ৰিয়া ডেকাৰ্টৰ সংশয় পদ্ধতি আৰু তৰ্কবিজ্ঞানৰ 'অপসৰণ পদ্ধতি'ৰ দৰে নহয়। ডেকাৰ্টৰ সংশয় পদ্ধতিত স্পষ্ট আৰু স্বচ্ছ সত্য়ত উপনীত হোৱাৰ বাবে জাগতিক সকলো বস্তুক সন্দেহ কৰা হয়। ডেকাৰ্টৰ মতে, জগত, বস্তু, ইন্দ্ৰিয়, বুদ্ধি ইত্য়াদি সকলোকে সন্দেহ কৰা যায়। কিন্তু সন্দেহ কৰ্তা হিচাপে 'মই' বা আত্মাৰ অস্তিত্বক সন্দেহ কৰা নাযায়।এই পদ্ধতিৰ ভিত্তিত ডেকাৰ্টে এটা সুনিশ্চত, নিসন্দিগ্ধ সিদ্ধান্তত উপনীত হয় এইবুলি যে,'মই চিন্তা কৰোঁ, গতিকে মই অস্তিত্বশীল'(cogito ergo sum)। কিন্তু হুছাৰ্লৰ ইপোকি বা বন্ধনীকৃত পদ্ধতিৰ লগত ডেকাৰ্টক সংশয় পদ্ধতিৰ পাৰ্থক্য় আছে।

        ইপোকিৰ অৰ্থ প্ৰাকৃতিক জগতৰ বস্তুৰ অবিশ্বাস বা তাৰ নিষেধ নহয়। বৰং কিছু সময়ৰ বাবে জগতৰ আলোচনাক স্থগিত কৰা। কিন্তু হুছাৰ্লৰ মতে, এই কাম সহজ নহয়। হুছাৰ্লে আমাৰ প্ৰচেষ্টাৰ দ্বাৰা যে এনে কাৰ্য সিদ্ধি কৰা যায় সেইটো স্বীকাৰ কৰিছে। হুছাৰ্লৰ মতে, এই কাৰ্য সাধন নকৰিলে প্ৰতিভাস বিজ্ঞান পদ্ধতিত আমি অগ্ৰসৰ হব নোৱাৰোঁ। কাৰণ ইয়াৰ দ্বাৰা আমি চেতনাক তাৰ বাহ্য়প্ৰভাৱৰ পৰা মুক্ত ৰূপত ধৰিব পাৰোঁ। ইপোকিৰ দ্বাৰা প্ৰকৃতিবাদী বিশ্বাসক আঁতৰাই ৰাখোঁতে আমি চেতনাৰ অনাবৃত্ত ৰূপ উপলব্ধি কৰিব পাৰোঁ-বাহ্য় প্ৰভাৱৰ পৰা মুক্ত, বিশুদ্ধ চেতনাক ধৰিব পাৰোঁ।

8. What is bracketing? Discuss.

বন্ধনীকৰণ বুলিলে কি বুজা? আলোচনা কৰা।

উত্তৰঃ হুছাৰ্লৰ প্ৰতীতিবাদ পদ্ধতিৰ নেতিবাচক দিশটো হল ইপোকি আৰু বন্ধনীকৰণ।ইপোকি হুছাৰ্লৰ প্ৰতীতিবাদৰ সবাতোকৈ ডাঙৰ আৱিষ্কাৰ। 'Epoche' শব্দটো গ্ৰীক শব্দ। ইয়াৰ আক্ষৰিক অৰ্থ হল 'স্থগিত ৰখা' বা 'পৃথক ৰখা'। এই গাণিতিক উপমাৰ সহায়ত হুছাৰ্লে তেওঁৰ প্ৰতীতিবাদত জগত সম্পৰ্কীয় আমাৰ সকলো পূৰ্বধাৰণা বা পূৰ্ব বিশ্বাসক স্থগিত ৰাখিবলৈ বা পৃথককৈ ৰাখিবলৈ কৈছে।জগত সম্পৰ্কীয় সকলো পূৰ্ব বিশ্বাস আৰু পূৰ্বধাৰণাক স্থগিত ৰাখি বিশুদ্ধ চেতনাক অধ্য়য়ন কৰাই হুছাৰ্লৰ প্ৰতীতিবাদ পদ্ধতিৰ উদ্দেশ্য়।

            হুছাৰ্ল এই ইপোকি পদ্ধতিক ব্য়াখ্য়া কৰিবৰ বাবে এটা বিশেষ শব্দ ব্য়ৱহাৰ কৰিছে যাৰ দ্বাৰা আমি ইপোকিৰ স্বৰূপ সম্য়কভাৱে উপলব্ধি কৰিব পাৰিম।এই বিশেষ শব্দটো হৈছে 'বন্ধনীকৰণ'। হুছাৰ্লৰ মতে, চেতনাৰ বিশুদ্ধ অধ্য়য়নৰ ক্ষেত্ৰত সৰ্বপ্ৰথম আমি জগতক অৰ্থাৎ জাগতিক সকলো পূৰ্বধাৰণা বা পূৰ্ববিশ্বাসক বন্ধনীকৰণ কৰিব লাগিব যাতে আমি চেতনাক বিশুদ্ধ ৰূপত উপলব্ধি কৰিব পাৰোঁ। বন্ধনীকৰণ প্ৰক্ৰিয়া অনুসৰি আমাৰ আলোচ্য় বিষয়ৰ ভিতৰত যিবিলাক বিষয় সন্দেহযুক্ত, আপতিক অৰ্থাৎ অপ্ৰাসংগিক সেইবিলাকক চেতনাৰ সাৰধৰ্ম অনুসন্ধানৰ ক্ষেত্ৰত বন্ধনীকৰণ বা স্থগিত কৰি ৰাখিব লাগিব। হুছাৰ্লৰ ইপোকি বা বন্ধনীকৰণ প্ৰক্ৰিয়া ডেকাৰ্টৰ সংশয় পদ্ধতি আৰু তৰ্কবিজ্ঞানৰ 'অপসৰণ পদ্ধতি'ৰ দৰে নহয়।ডেকাটৰ সংশয় পদ্ধতি অনুসৰি জাগতিক বিষয়ৰ জ্ঞান- ইন্দ্ৰীয়গ্ৰাহ্য় বা বুদ্ধগ্ৰাহ্য় যিয়েই নহওক সকলোবোৰকে সন্দেহ কৰা যায়। ডেকাৰ্টৰ মতে , জগত, বস্তু, ইন্দ্ৰিয়, বুদ্ধি ইত্য়াদি সকলোকে সন্দেহ কৰা যায়। কিন্তু সন্দেহ কৰ্তা হিচাপে 'মই' বা আত্মাৰ অস্তিত্বক সন্দেহ কৰা নাযায়। এই পদ্ধতিৰ ভিত্তিত ডেকাৰ্টে এটি সুনিশ্চিত, নিসিগ্ধ সিন্ধান্তত উপনীত হয় এইবুলি যে,'মই চিন্তা কৰোঁ, গতিকে মই অস্তিত্বশীল'(cogito ergo sum) । কিন্তু হুছাৰ্লৰ ইপোকি বা বন্ধনীকৃত পদ্ধতিৰ লগত ডেকাৰ্টৰ সংশয় পদ্ধতিৰ পাৰ্থক্য় আছে।

        হুছাৰ্লৰ মতে, বন্ধনীকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা জাগতিক সত্য়ক অস্বীকাৰ কৰা নুবুজায়- ই আমাৰ সাধাৰণ অভিজ্ঞতাকো অৰ্থহীন বুলিও প্ৰতিপন্ন নকৰে। বস্তুতঃ এই অৱস্থাত পৰিৱৰ্তন বাহ্য়জগতত নহয়, পৰিৱৰ্তন হয় আমাৰ আন্তৰিক জগতত। জগত যিভাৱে আছে, সেইভাৱেই থাকে- মাথোন তাৰ প্ৰতি আমাৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন হয় আৰু এইদৰে আমাৰ ভিতৰত এক নতুন দিশৰ উদঘাটন হয়।

9. State briefly the method of bracketing. 

বন্ধনীকৰণ পদ্ধতিটো কি তাক চমুকৈ উল্লেখ কৰা।

10. Discuss the characteristic features of the phenomenology of Husserl.

 হুছালৰ প্ৰতীতিবাদৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ হুছাৰ্লৰ প্ৰতীতিবাদৰ বৈশিষ্ট্য়সমূহ হল-

i)প্ৰাক-প্ৰতীতিবাদৰ পৰ্বঃ হুছাৰ্লৰ ৰচনাৱলীৰ প্ৰথম পৰ্বটোক কোৱা হয় প্ৰাক-প্ৰতীতিবাদ পৰ্ব। প্ৰাক-প্ৰতীতিবাদৰ বিস্তৃতি কাল ১৮৮৭ ৰ পৰা ১৮৯৫ চনলৈকে। এই পৰ্বত হুছাৰ্লে তেওঁৰ বিখ্য়াত গ্ৰন্থ 'The Philosophy of Arithmatic' প্ৰকাশৰ যোগেদি গণিতৰ মৌলিক ধাৰণাবোৰক মনস্তাত্ত্বিক ক্ৰিয়াৰ পৰা নিঃসৃত কৰাৰ চেষ্টা কৰিছিল। অৱশ্য় কিছুদিন পিছত তেওঁ মনস্তত্ত্ববাদৰ সমালোচনাও কৰে। মনস্তত্ত্ববাদৰ সমালোচনা কৰি তেওঁ 'Logical Investigation' গ্ৰন্থখনৰ প্ৰথম খণ্ড প্ৰকাশ কৰে আৰু গ্ৰন্থখনৰ প্ৰকাশিত হোৱাৰ পিছত হুছাৰ্লৰ প্ৰতীতিবাদৰ পদ্ধতিৰ আবিৰ্ভাৱ ঘটে।

ii) বৰ্ণনামূলক প্ৰতীতিবাদঃ হুছাৰ্লৰ দাৰ্শনিক অনুসন্ধানৰ দ্বিতীয় পৰ্বক কোৱা হয় বৰ্ণনামূলক প্ৰতীতিবাদ। কাৰণ এই পৰ্বত তেওঁ প্ৰতীতিবাদৰ সহযোগী বিভিন্ন ধাৰণা, যেনে- চেতনাৰ বিষয়মূখীনতা, স্বজ্ঞা, সাৰসত্তা, অৰ্থ প্ৰভৃতিক সুস্পষ্টভাৱে বৰ্ণনা কৰে আৰু এইদৰে তেওঁ প্ৰতীতিবাদক এটি বৰ্ণনামূলক বিজ্ঞান হিচাপে প্ৰতিষ্ঠিত কৰে। এই বিজ্ঞানৰ কাম হল চেতনাত প্ৰদত্ত প্ৰতিভাসৰ ভিত্তিত তৰ্কবিজ্ঞান আৰু জ্ঞানবিদ্য়াৰ ভিত্তি পৰীক্ষা কৰা। কিন্তু হুছাৰ্লৰ মতে, চেতনাৰ এই বৰ্ণনামূলক আলোচনা চেতনাৰ ঘটনা বা বিষয়ৰ মনস্তাত্ত্বিক আলোচনা নহয়। প্ৰতীতিবাদৰ বিশুদ্ধ বৰ্ণনা আৰু প্ৰাকৃতিক বিজ্ঞানৰ অভিজ্ঞতামূলক বৰ্ণনাৰ মাজত পাৰ্থক্য় আছে।

iii) বিশুদ্ধ বা অতীন্দ্ৰিয় প্ৰতীতিবাদঃ হুছাৰ্লৰ প্ৰতীতিবাদৰ তৃতীয় পৰ্ব হল বিশুদ্ধ বা অতীন্দ্ৰিয় প্ৰতিভাস বিজ্ঞান।বিশুদ্ধ প্ৰতীতিবাদ দৰ্শন আৰু বিজ্ঞানৰ ভিত্তি হিচাপে ৰূপ লাভ কৰে ১৯০৬ চনত আৰু 'Ideas' গ্ৰন্থখন প্ৰকাশৰ মাধ্য়মত ই পৰিপূৰ্ণভাৱে আত্মপ্ৰকাশ কৰে।হুছাৰ্লৰ মতে, বিশুদ্ধ প্ৰতিভাসবাদী বিশ্লষণ অৰ্জন কৰিব নোৱাৰিম তেতিয়ালৈকে, যেতিয়ালৈকে জাগতিক বস্তুসমূহৰ পৰা মনৰ সংযোগ বিচ্ছিন্ন কৰা নাযায়। সংযোগ বিচ্ছিন্নকৰণৰ এই প্ৰক্ৰিয়া যাক হুছাৰ্লে বন্ধনীকৰণ বুলি কৈছে,তাৰ ওপৰত নিৰ্ভৰ কৰিয়েই হুছাৰ্লৰ প্ৰতীতিবাদৰ তৃতীয় পৰ্বৰ আৰম্ভণি।

iv) জীৱন-জগতৰ প্ৰতীতিবাদঃ প্ৰতীতিবাদৰ সৰ্বশেষ পৰ্ব বা স্তৰটো হল জীৱন-জগতৰ প্ৰতীতিবাদ।'The Crisis of European Sciences and Transcendental Phenomenology' হুছাৰ্লৰ সৰ্বশেষ ৰচনা। গ্ৰন্থখন অধ্য়য়ন কৰিলে দেখা যায় হুছাৰ্লৰ দাৰ্শনিক অনুসন্ধানৰ এটা মূল লক্ষ্য় আছে। লক্ষ্য়টো হল-মানুহৰ প্ৰাক-বৈজ্ঞানিক জীৱনৰ বিশ্লষণৰ সহায়ত সেই সমস্ত সমস্য়া সমাধানৰ চেষ্টা কৰা যিবোৰ মানুহৰ তাত্ত্বিক জ্ঞান আৰু বিজ্ঞানত উদ্ভৱ হয়। হুছাৰ্লৰ মতে,Lebenswelt বা জীৱন-জগত হল আমাৰ ব্য়ক্তিগত আৰু সামাজিক অভিজ্ঞতাত অপৰোক্ষভাৱে প্ৰদত্ত জগত।

11. Explain the method of bracketing of Husserl's phenomenology. 

হুছাৰ্লৰ প্ৰতীতিবাদৰ বন্ধনীকৰণ পদ্ধতিটো ব্যাখ্যা কৰা।

উত্তৰঃ হুছাৰ্লৰ প্ৰতীতিবাদ পদ্ধতিৰ নেতিবাচক দিশটো হল ইপোকি আৰু বন্ধনীকৰণ।ইপোকি হুছাৰ্লৰ প্ৰতীতিবাদৰ সবাতোকৈ ডাঙৰ আৱিষ্কাৰ। 'Epoche' শব্দটো গ্ৰীক শব্দ। ইয়াৰ আক্ষৰিক অৰ্থ হল 'স্থগিত ৰখা' বা 'পৃথক ৰখা'। এই গাণিতিক উপমাৰ সহায়ত হুছাৰ্লে তেওঁৰ প্ৰতীতিবাদত জগত সম্পৰ্কীয় আমাৰ সকলো পূৰ্বধাৰণা বা পূৰ্ব বিশ্বাসক স্থগিত ৰাখিবলৈ বা পৃথককৈ ৰাখিবলৈ কৈছে।জগত সম্পৰ্কীয় সকলো পূৰ্ব বিশ্বাস আৰু পূৰ্বধাৰণাক স্থগিত ৰাখি বিশুদ্ধ চেতনাক অধ্য়য়ন কৰাই হুছাৰ্লৰ প্ৰতীতিবাদ পদ্ধতিৰ উদ্দেশ্য়।

            হুছাৰ্ল এই ইপোকি পদ্ধতিক ব্য়াখ্য়া কৰিবৰ বাবে এটা বিশেষ শব্দ ব্য়ৱহাৰ কৰিছে যাৰ দ্বাৰা আমি ইপোকিৰ স্বৰূপ সম্য়কভাৱে উপলব্ধি কৰিব পাৰিম।এই বিশেষ শব্দটো হৈছে 'বন্ধনীকৰণ'। হুছাৰ্লৰ মতে, চেতনাৰ বিশুদ্ধ অধ্য়য়নৰ ক্ষেত্ৰত সৰ্বপ্ৰথম আমি জগতক অৰ্থাৎ জাগতিক সকলো পূৰ্বধাৰণা বা পূৰ্ববিশ্বাসক বন্ধনীকৰণ কৰিব লাগিব যাতে আমি চেতনাক বিশুদ্ধ ৰূপত উপলব্ধি কৰিব পাৰোঁ। বন্ধনীকৰণ প্ৰক্ৰিয়া অনুসৰি আমাৰ আলোচ্য় বিষয়ৰ ভিতৰত যিবিলাক বিষয় সন্দেহযুক্ত, আপতিক অৰ্থাৎ অপ্ৰাসংগিক সেইবিলাকক চেতনাৰ সাৰধৰ্ম অনুসন্ধানৰ ক্ষেত্ৰত বন্ধনীকৰণ বা স্থগিত কৰি ৰাখিব লাগিব। হুছাৰ্লৰ ইপোকি বা বন্ধনীকৰণ প্ৰক্ৰিয়া ডেকাৰ্টৰ সংশয় পদ্ধতি আৰু তৰ্কবিজ্ঞানৰ 'অপসৰণ পদ্ধতি'ৰ দৰে নহয়।ডেকাটৰ সংশয় পদ্ধতি অনুসৰি জাগতিক বিষয়ৰ জ্ঞান- ইন্দ্ৰীয়গ্ৰাহ্য় বা বুদ্ধগ্ৰাহ্য় যিয়েই নহওক সকলোবোৰকে সন্দেহ কৰা যায়। ডেকাৰ্টৰ মতে , জগত, বস্তু, ইন্দ্ৰিয়, বুদ্ধি ইত্য়াদি সকলোকে সন্দেহ কৰা যায়। কিন্তু সন্দেহ কৰ্তা হিচাপে 'মই' বা আত্মাৰ অস্তিত্বক সন্দেহ কৰা নাযায়। এই পদ্ধতিৰ ভিত্তিত ডেকাৰ্টে এটি সুনিশ্চিত, নিসিগ্ধ সিন্ধান্তত উপনীত হয় এইবুলি যে,'মই চিন্তা কৰোঁ, গতিকে মই অস্তিত্বশীল'(cogito ergo sum) । কিন্তু হুছাৰ্লৰ ইপোকি বা বন্ধনীকৃত পদ্ধতিৰ লগত ডেকাৰ্টৰ সংশয় পদ্ধতিৰ পাৰ্থক্য় আছে।

        হুছাৰ্লৰ মতে, বন্ধনীকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা জাগতিক সত্য়ক অস্বীকাৰ কৰা নুবুজায়- ই আমাৰ সাধাৰণ অভিজ্ঞতাকো অৰ্থহীন বুলিও প্ৰতিপন্ন নকৰে। বস্তুতঃ এই অৱস্থাত পৰিৱৰ্তন বাহ্য়জগতত নহয়, পৰিৱৰ্তন হয় আমাৰ আন্তৰিক জগতত। জগত যিভাৱে আছে, সেইভাৱেই থাকে- মাথোন তাৰ প্ৰতি আমাৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন হয় আৰু এইদৰে আমাৰ ভিতৰত এক নতুন দিশৰ উদঘাটন হয়।

12. Explain briefly Husserl's concept of intentionality.

হুছাৰ্লৰ বিষয়মুখীনতাৰ ধাৰণাটো চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃহুছাৰ্লৰ প্ৰতীতিবাদৰ মূল উদ্দেশ্য় হল চেতনাক বিশুদ্ধ ৰূপত উপলব্ধি কৰা। চেতনাৰ স্বৰূপ ব্য়াখ্য়া কৰাৰ বাবে চেতনাৰ বিষয়মূখীনতাৰ ধাৰণাটো উল্লেখ কৰিছে। তেওঁৰ চেতনাৰ বিষয়মূখীনতাৰ ধাৰণাটো তেওঁৰ শিক্ষাগুৰু ফ্ৰেঞ্চ ব্ৰেন্টানোৰ পৰা লাভ কৰিছে। তেওঁৰ এই ধাৰণাটো '' The Philosophy of Arithmatic' গ্ৰন্থত প্ৰচ্ছন্নভাৱে নিহিত আছে।হুছাৰ্লৰ প্ৰতীতিবাদৰ অন্য়তম প্ৰধান কাম হল চেতনাৰ স্বৰূপৰ ব্য়াখ্য়া দিয়া, কাৰণ চেতনাৰ কাষত প্ৰতিভাস প্ৰদত্ত হয়। গতিকে চেতনা, চেতনাৰ লগত প্ৰতিভাসৰ সম্পৰ্ক আৰু চেতনাৰ লগত বস্তুৰ সম্পৰ্ক হুছাৰ্লৰ প্ৰতীতিবাদত খুবেইপ গুৰুত্বপূৰ্ণ।

   হুছাৰ্লৰ চেতনাৰ এই বিশ্লষণত দেখা যায় যে, চেতনাৰ এটা ফালে আছে আত্মা আৰু আনটো ফালে আছে বিষয়। হুছাৰ্লে প্ৰথমটোক বিষয়ীমূলক আৰু দ্বিতীয়টোক  বিষয়মূলক বুলি কৈছে।কিন্তু দুয়োটাই পৃথকভাৱে থকা সত্ত্বেও উভয়ে স্বতন্ত্ৰ সত্তা নহৈ এটা আনটোৰ অবিচ্ছেদ্য়ভাৱে সম্পৰ্কিত। হুছাৰ্লৰ মতানুসাৰে বিষয়মুখীনতা হল চিন্তা আৰু সত্তা, বিষয়ী  আৰু বিষয়ৰ এক নতুন সম্পৰ্কৰ সূচক। এই সম্পৰ্ক হল এক মৌলিক সম্পৰ্ক, যত বিষয়ী আৰু বিষয়, চিন্তা আৰু সত্তা পৰস্পৰ অবিচ্ছেদ্য়।এই সম্পৰ্ক ব্য়তিৰেকে চেতনা আৰু জগত কোনোটাকে বুজিব নোৱাৰি। গতিকে হুছাৰ্লৰ কথা হল সত্তাৰ অৰ্থ একেলগে কোনো বিষয়ৰ বিষয়ী আৰু কোনো বিষয়ীৰ বিষয় হোৱা। বিশুদ্ধ বিষয়ীৰ নিজে নিজে কোনো অৰ্থ নহয়, বিষয় আছে বাবেই বিষয়ী আছে।বিষয়মুখীনতা চেতনাৰ বিচাৰ এই ঐক্য়তাক প্ৰকাশ কৰে। 

13. What is intentionality of consciousness? Explain.

চেতনাৰ বিষয়মূখীনতা বুলিলে কি বুজা? ব্যাখ্যা কৰা।

উত্তৰঃ হুছাৰ্লৰ প্ৰতীতিবাদৰ মূল উদ্দেশ্য় হল চেতনাক বিশুদ্ধ ৰূপত উপলব্ধি কৰা। চেতনাৰ স্বৰূপ ব্য়াখ্য়া কৰাৰ বাবে চেতনাৰ বিষয়মূখীনতাৰ ধাৰণাটো উল্লেখ কৰিছে। তেওঁৰ চেতনাৰ বিষয়মূখীনতাৰ ধাৰণাটো তেওঁৰ শিক্ষাগুৰু ফ্ৰেঞ্চ ব্ৰেন্টানোৰ পৰা লাভ কৰিছে। তেওঁৰ এই ধাৰণাটো '' The Philosophy of Arithmatic' গ্ৰন্থত প্ৰচ্ছন্নভাৱে নিহিত আছে।হুছাৰ্লৰ প্ৰতীতিবাদৰ অন্য়তম প্ৰধান কাম হল চেতনাৰ স্বৰূপৰ ব্য়াখ্য়া দিয়া, কাৰণ চেতনাৰ কাষত প্ৰতিভাস প্ৰদত্ত হয়। গতিকে চেতনা, চেতনাৰ লগত প্ৰতিভাসৰ সম্পৰ্ক আৰু চেতনাৰ লগত বস্তুৰ সম্পৰ্ক হুছাৰ্লৰ প্ৰতীতিবাদত খুবেইপ গুৰুত্বপূৰ্ণ।

        হুছাৰ্লৰ চেতনাৰ বিষয়মূখীনতা তত্ত্ব অনুসৰি চেতনা সৰ্বদা বিষয় অভিমূখী, চেতনা সৰ্বদা কোনো বিষয়ৰ ফালে ধাৱিত। হুছাৰ্লৰ প্ৰতীতিবাদত চেতনাৰ যি বৰ্ণনা দিয়া হৈছে তাৰ পৰা দেখা যায় যে, চেতনা হল ক্ৰিয়া বিশেষ আৰু সি সকলো সময়তে কোনো বস্তুৰ অভিমূখী কোনো বস্তুৰ ফালে চালিত। আমাৰ চেতনা সৰ্বদাই কিবা নহয় কিবা লক্ষ্য়ৰ ফালে, বিষয়ৰ ফালে উন্মুখ হৈ ৰয়। গতিকে আমাৰ সকলো চেতন ক্ৰিয়াৰ মূল স্বৰূপ লক্ষ্য়মুখী। এইদৰে আমাৰ প্ৰত্য়েক বিচাৰ কিবা নহয় কিবা বস্তুৰ বিচাৰ, প্ৰত্য়েক স্মৰণ কিবা নহয় কিবা বস্তুৰ স্মৰণ, প্ৰত্য়েক সংকল্প কিবা নহয় কিবা বস্তুৰ সংকল্প, প্ৰত্য়েক ইচ্ছা কিবা নহয় কিবা বস্তুৰ ইচ্ছা। এয়াই হুছাৰ্লৰ চেতনাৰ বিষয়মুখীনতাৰ সাৰকথা।

        হুছাৰ্লৰ চেতনাৰ এই বিশ্লষণত দেখা যায় যে, চেতনাৰ এটা ফালে আছে আত্মা আৰু আনটো ফালে আছে বিষয়। হুছাৰ্লে প্ৰথমটোক বিষয়ীমূলক আৰু দ্বিতীয়টোক  বিষয়মূলক বুলি কৈছে।কিন্তু দুয়োটাই পৃথকভাৱে থকা সত্ত্বেও উভয়ে স্বতন্ত্ৰ সত্তা নহৈ এটা আনটোৰ অবিচ্ছেদ্য়ভাৱে সম্পৰ্কিত। হুছাৰ্লৰ মতানুসাৰে বিষয়মুখীনতা হল চিন্তা আৰু সত্তা, বিষয়ী  আৰু বিষয়ৰ এক নতুন সম্পৰ্কৰ সূচক। এই সম্পৰ্ক হল এক মৌলিক সম্পৰ্ক, যত বিষয়ী আৰু বিষয়, চিন্তা আৰু সত্তা পৰস্পৰ অবিচ্ছেদ্য়।এই সম্পৰ্ক ব্য়তিৰেকে চেতনা আৰু জগত কোনোটাকে বুজিব নোৱাৰি। গতিকে হুছাৰ্লৰ কথা হল সত্তাৰ অৰ্থ একেলগে কোনো বিষয়ৰ বিষয়ী আৰু কোনো বিষয়ীৰ বিষয় হোৱা। বিশুদ্ধ বিষয়ীৰ নিজে নিজে কোনো অৰ্থ নহয়, বিষয় আছে বাবেই বিষয়ী আছে।বিষয়মুখীনতা চেতনাৰ বিচাৰ এই ঐক্য়তাক প্ৰকাশ কৰে। 

14. Write a critical essay on phenomenology. 

প্রতীতিবাদৰ ওপৰত এটি ৰচনা লিখা।

উত্তৰঃআক্ষৰিক অৰ্থত 'প্ৰতীতি' বা 'প্ৰতিভাস' বুলিলে বুজায় বস্তুৰ দৃশ্য়ৰূপ যি আমাৰ ওচৰত প্ৰতিভাসিত হয়।কিন্তু ইয়াৰ অন্তৰালত বস্তুৰ প্ৰকৃত ৰূপটো অজ্ঞাত থাকে যাক সম্য়ক জ্ঞানৰ জৰিয়তে লাভ কৰা যায়। মানুহৰ চাৰিওফালে যি ঘটনাপ্ৰৱাহ বা বস্তুজগত অৱস্থান কৰিছে সি হল প্ৰতিভাস। জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা আমি যি জ্ঞান লাভ কৰোঁ সেই জ্ঞানৰ বিষয়বস্তু হল প্ৰতিভাস।গতিকে কোৱা যায় যি বস্তু মানৱ মনত প্ৰতীত বা প্ৰতিভাসিত হয় অথবা প্ৰত্য়ক্ষকৃত হয়, সেই বস্তু হল প্ৰতিভাস।

        কিন্তু প্ৰতীতিবাদ কি- এই প্ৰশ্নৰ উত্তৰ হুছাৰ্লে পোনপটীয়াভাৱে দিয়া নাই। ইয়াৰ পৰিৱৰ্তে তেওঁ 'Phenomenology' শব্দৰ অৰ্থ বিশ্লষণ কৰিছে। 'Phenomenology' শব্দটো দুটা গ্ৰীক শব্দ 'Phenomena' আৰু 'Logos' শব্দৰ পৰা উৎপত্তি হৈছে।'Phenomena' শব্দৰ অৰ্থ হল 'প্ৰতিভাস' আৰু 'Logos' শব্দৰ অৰ্থ হল 'বিজ্ঞান'। গতিকে 'Phenomenology' শব্দৰ ব্য়ুৎপত্তিগত অৰ্থ হল প্ৰতিভাস বিজ্ঞান, যি বিজ্ঞানত বস্তুৰ প্ৰতিভাসিত বা দৃশ্য়ৰূপৰ আলোচনা কৰা হয়।ঐতিহাসিক দিশৰ পৰা হেগেল আৰু কান্ট প্ৰতিভাসিত বস্তুৰ আলোচনা লগত জড়িত আৰু ইয়াৰ ভিতৰত হেগেলে সৰ্বপ্ৰথম 'Phenomenology' শব্দটো ব্য়ৱহাৰ কৰিছে।হেগেল তেওঁৰ বিখ্য়াত গ্ৰন্থ 'Phenomenology of Spirit' ত সুশৃংখলাবদ্ধভাৱে এই শব্দটো ব্য়ৱহাৰ কৰে।

        হুছাৰ্লৰ প্ৰতিভাস কোনো ইন্দ্ৰয়াতীত সত্তা নহয়, ইন্দ্ৰিয়াতীত সত্তাৰ অৱভাস বা প্ৰতিভাসো নহয়। হুছাৰ্লৰ প্ৰতীতিবাদ হল কিদৰে আমাৰ বস্তুবিষয়ৰ জ্ঞান সম্ভৱ হয় তাৰ অধ্য়য়ন। হুছাৰ্লে তেওঁৰ প্ৰতীতিবাদ পদ্ধতিৰে কি কি মূল প্ৰত্য়য় বা সামান্য় সাৰসত্তাই আমাৰ জ্ঞান সম্ভৱ কৰি তোলে তাৰ অধ্য়য়ন কৰে। এই মূল প্ৰত্য়য় আমাৰ মনৰ কাষত ঘটনা বা প্ৰতিভাস হিচাপে তৎক্ষণাৎ প্ৰকাশিত হয়। হুছাৰ্লৰ আলোচ্য় প্ৰতিভাস বাস্তৱ- চেতনাৰ নিকট প্ৰকাশিত বস্তু, চেতনাৰ দ্বাৰা সৃষ্ট নহয়। সেইকাৰণে হুছাৰ্ল প্ৰতীতিবাদ অৱভাসবাদ নহয়, হুছাৰ্লৰ ফেনোমেনোলজিক ফেনোমেনাৰ বিজ্ঞান বুলি চিহ্নত কৰাই সমীচীন।গতিকে প্ৰতীতিবাদ হল চেতনাত প্ৰকাশিত বা প্ৰদত্ত প্ৰতিভাসৰ বৌদ্ধিক অধ্য়য়ন।প্ৰতিভাস বিজ্ঞান অনুসাৰে বস্তুৰ সাৰসত্তা চেতনাৰ দ্বাৰা ৰচিত বা সৃষ্ট নহয়, চেতনাত ই প্ৰকাশিত হয়- চেতনাত ই ধৰা পৰে। এইদৰে প্ৰতীতিবাদৰ মূল বিষয়বস্তু হৈ পৰে চেতনা- কাৰণ চেতনাৰ বিশ্লষণৰ দ্বাৰা এই প্ৰদত্ত সাৰসত্তাক বা প্ৰতিভাসক অধ্য়য়ন কৰাৰ প্ৰচেষ্টাই হল হুছাৰ্লৰ প্ৰতীতিবাদ। হুছাৰ্লৰ প্ৰতীতিবাদ হল চেতনাৰ বিশুদ্ধ অধ্য়য়ন যি আমাৰ সকলো ধৰণৰ জ্ঞানক সম্ভৱ কৰি তোলে।

15. Distinguish between phenomenology and phenomenalism. 

প্রতীতিবাদ আৰু প্ৰতিভাসবাদৰ পাৰ্থক্য নির্ণয় কৰা।

উত্তৰঃ প্ৰতিভাস বিজ্ঞান বা প্ৰতীতিবাদ কি- এইটো ভালদৰে বুজিবলৈ হলে প্ৰতিভাসবাদৰ লগত ইয়াৰ অলপ পাৰ্থক্য় কৰি চাব পাৰোঁ। এইটো ভাবিবলৈ ভুল হব যে প্ৰতিভাসবাদ আৰু প্ৰতীতিবাদ এক আৰু অভিন্ন। প্ৰতিভাসবাদ আৰু প্ৰতীতিবাদ দুটাই সম্পূৰ্ণ পৃথক। প্ৰতিভাসবাদ অনুসৰি প্ৰতিভাস হল বস্তুৰ অপ্ৰকৃত ৰূপ। বস্তুৰ প্ৰকৃত ৰূপৰ বাহ্য়িক প্ৰকাশেই প্ৰতিভাস। সত্তাৰ প্ৰকাশেই প্ৰতিভাস। কিছুমানৰ মতে, প্ৰতিভাস সত্য়- কাৰণ প্ৰতিভাস সত্তাৰ প্ৰকাশক। কিছুমানৰ মতে আকৌ প্ৰতিভাস মিথ্য়া- একমাত্ৰ সত্তাই সত্য়।সেইকাৰণে প্ৰতিভাসবাদৰ মূল আলোচ্য় বিষয় বস্তু হল প্ৰতিভাস। আনহাতে, প্ৰতিভাস বিজ্ঞান বা প্ৰতীতিবাদ অনুসৰি প্ৰতিভাস সত্য়-কিন্তু এই প্ৰতিভাস হল সেই প্ৰতিভাস যি চেতনাত ধৰা পৰে। সেইকাৰণে প্ৰতীতিবাদৰ মূল আলোচ্য় বিষয় চেতনা আৰু চেতনাত প্ৰকাশিত প্ৰতিভাস।

                প্ৰতিভাসবাদৰ আলোচনা আত্মগত, কিন্তু প্ৰতীতিবাদৰ আলোচনা বস্তুনিষ্ঠ। প্ৰতিভাসবাদ আৰু প্ৰতীতিবাদ পৰস্পৰ বিৰোধী মতবাদ।প্ৰতীতিবাদৰ এটি সুনিৰ্দিষ্ট পদ্ধতি আছে আৰু এই পদ্ধতি লৈ বিস্তাৰিত আলোচনা কৰা হয় প্ৰতীতিবাদ। কিন্তু প্ৰতিভাসবাদ তাৰ পদ্ধতি সম্বন্ধে নীৰৱ, প্ৰতিভাসবাদ ধৰি লোৱা বিষয় অনুমান নিৰ্ভৰ। ফলত প্ৰতীতিবাদ বা প্ৰতিভাস বিজ্ঞানলব্ধ জ্ঞান সুনিশ্চিত, কিন্তু প্ৰতিভাসবাদলব্ধ জ্ঞান সম্ভাৱ্য়। গতিকে প্ৰতীতিবাদ আৰু প্ৰতিভাসবাদ প্ৰতিভাসক লৈ তেওঁলোকৰ আলোচনা আৰম্ভ কৰিলেও প্ৰথমটো নিশ্চিয়তাৰ অন্বেষণকাৰী আৰু দ্বিতীয়টো সম্ভাৱনা অভিমূখী।

16. What is reduction? Discuss the different satges of reduction.

বিশুদ্ধিকৰণ বা লঘুকৰণ কি? বিশুদ্ধিকৰণ বা লঘুকৰণৰ বিভিন্ন স্তৰসমূহ আলোচনা

কৰা।

উত্তৰঃ হুছাৰ্লৰ প্ৰতীতিবাদ পদ্ধতিৰ ইতিবাচক দিশ হল বিশুদ্ধকৰণ বা লঘুকৰণ। হুছাৰ্লৰ বিশুদ্ধিকৰণ বা লঘুকৰণৰ উদ্দেশ্য় অহং বা বিশুদ্ধ আত্মাৰ বাস্তৱিক আৰু বিশুদ্ধ স্বৰূপক অনাবৰণ কৰা। আপতিক আৰু অপ্ৰাসংগিক বিষয়ক বৰ্জন কৰি ক্ৰমান্বয়ে বিশুদ্ধ চেতনাৰ যি সন্ধান পোৱা যায় তাৰ প্ৰকৃত স্বৰূপ বৰ্ণনা কৰাই হুছাৰ্লৰ বিশুদ্ধিকৰণ বা লঘুকৰণৰ কাম। বিশুদ্ধিকৰণ হল এক আন্তৰিক ক্ৰিয়া যাৰ জৰিয়তে চেতনাক আন্তৰিক বিকৃতিৰ পৰা পৃথক কৰি পৰিশুদ্ধ কৰা হয়। ইপোকি বা বন্ধনীকৰণৰ দ্বাৰা চেতনাক বাহ্য় প্ৰভাৱৰ পৰা মুক্ত কৰি বিশুদ্ধ চেতনাক আৱিষ্কৃত কৰা হয়। কিন্তু চেতনাক কেৱল বাহ্য় প্ৰভাৱৰ পৰা মুক্ত কৰিলেই চেতনাৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিব নোৱাৰি। চেতনাৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হলে ইয়াক মানসিক বা আন্তৰিক বিকৃতিৰ পৰাও মুক্ত কৰিব লাগিব।আন্তৰিক সকলো প্ৰভাৱৰ পৰা মুক্ত কৰি চেতনাৰ যি বিশুদ্ধ ৰূপ পোৱা যায় সি বিশুদ্ধ অহং বা বিশুদ্ধ আত্মা।দৰাচলতে হুছাৰ্লৰ প্ৰতীতিবাদ পদ্ধতিৰ মূল উদ্দেশ্য় এইটোৱেই।

হুছাৰ্লে চেতনাক পৰিষ্কৃত কৰাৰ  স্তৰকেইটাক তিনিটা ভাগত ভাগ কৰিছে। সেইবোৰ হলঃ 

i) মনোবৈজ্ঞানিক বিশুদ্ধিকৰণ বা লঘুকৰণঃ এই স্তৰত চেতনাতক সমস্ত মনোবৈজ্ঞানিক প্ৰভাৱৰ পৰা মুক্ত কৰা হয়। গতিকে মনোবৈজ্ঞানিক বিশুদ্ধিকৰণ হৈছে চেতনাক বিভিন্ন মানসিক অৱস্থাৰ পৰা মুক্ত কৰা এটা পদ্ধতি। সাধাৰণতে চেতনাক মানসিক স্থিতিৰ ৰূপত স্বীকাৰ কৰা হয়। কিন্তু যদি এই পূৰ্বধাৰণাৰ ৰূপত চেতনাক দেখা হয়, তেনেহলে চেতনাৰ বিশুদ্ধ ৰূপ কেতিয়াও স্পষ্ট নহব। সেইকাৰণে এই স্তৰত চেতনাৰ পূৰ্বধাৰণাক পৃথক ৰখাৰ প্ৰচেষ্টাত আমি চেতনাৰ মানসিক স্থিত ৰূপক বন্ধনীকৰণ কৰি দি চেতনাৰ প্ৰকৃত ৰূপত চেতনাক উপলব্ধি কৰোঁ। 

ii) ভাবাত্মক বিশুদ্ধিকৰণ বা লঘুকৰণঃএই স্তৰত আমি চেতনাত প্ৰদত্ত বিষয়ক এক 'সামান্য়' বা 'সাৰসত্তাৰ' ৰূপত উপলব্ধি কৰাৰ চেষ্টা কৰোঁ। যি প্ৰদত্ত হল তাক সাৰ্বজনীন ৰূপত ধৰাৰ প্ৰচেষ্টাই কৰা হয় এই স্তৰত। গতিকে ভাবাত্মক বিশুদ্ধিকৰণ হল এক ধৰণৰ পদ্ধতি যত বিশেষ বস্তুসমূহৰ প্ৰতি সকলো নিৰ্দেশ স্থগিত ৰখা হয় আৰু সেইবিলাক প্ৰতিভাস লৈ আলোচনা কৰা হয় যি সাৰসত্তাক প্ৰদৰ্শন কৰে।

iii) অতীন্দ্ৰিয় বিশুদ্ধিকৰণ বা লঘুকৰণঃ এই স্তৰত আমি ভাবাত্মক বিশুদ্ধিকৰণৰ দ্বাৰা প্ৰাপ্ত সামান্য় বা সাৰসত্তাকো  নিষেধ কৰি দিওঁ আৰু তেতিয়া আমাৰ অন্বেষণৰ বিষয় হৈ পৰে কেৱল অতীন্দ্ৰিয় আত্মা। বস্তুতঃ এই অতীন্দ্ৰিয় আত্মাই আমাৰ সমস্ত জ্ঞান আৰু জগতৰ আধাৰ। এই ধৰণৰে সমস্ত তত্ব, প্ৰত্য়য়, অভিপ্ৰায় আৰু অভ্য়াসৰ নিষেধৰ ফলত আত্মা নিজৰ স্ব-ৰূপত প্ৰকাশিত হয়। ইয়াকে হুছাৰ্লে অতীন্দ্ৰিয় বিশুদ্ধিকৰণ বা লঘুকৰণ বুলি কৈছে।

18. Give a general outline of phenomenology of Husserl. 

হুছাৰ্লৰ প্ৰতিভাস বিজ্ঞানৰ এটি সাধাৰণ ৰূপৰেখা প্রদান কৰা।

উত্তৰঃ আক্ষৰিক অৰ্থত 'প্ৰতীতি' বা 'প্ৰতিভাস' বুলিলে বুজায় বস্তুৰ দৃশ্য়ৰূপ যি আমাৰ ওচৰত প্ৰতিভাসিত হয়।কিন্তু ইয়াৰ অন্তৰালত বস্তুৰ প্ৰকৃত ৰূপটো অজ্ঞাত থাকে যাক সম্য়ক জ্ঞানৰ জৰিয়তে লাভ কৰা যায়। মানুহৰ চাৰিওফালে যি ঘটনাপ্ৰৱাহ বা বস্তুজগত অৱস্থান কৰিছে সি হল প্ৰতিভাস। জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা আমি যি জ্ঞান লাভ কৰোঁ সেই জ্ঞানৰ বিষয়বস্তু হল প্ৰতিভাস।গতিকে কোৱা যায় যি বস্তু মানৱ মনত প্ৰতীত বা প্ৰতিভাসিত হয় অথবা প্ৰত্য়ক্ষকৃত হয়, সেই বস্তু হল প্ৰতিভাস।

        কিন্তু প্ৰতীতিবাদ কি- এই প্ৰশ্নৰ উত্তৰ হুছাৰ্লে পোনপটীয়াভাৱে দিয়া নাই। ইয়াৰ পৰিৱৰ্তে তেওঁ 'Phenomenology' শব্দৰ অৰ্থ বিশ্লষণ কৰিছে। 'Phenomenology' শব্দটো দুটা গ্ৰীক শব্দ 'Phenomena' আৰু 'Logos' শব্দৰ পৰা উৎপত্তি হৈছে।'Phenomena' শব্দৰ অৰ্থ হল 'প্ৰতিভাস' আৰু 'Logos' শব্দৰ অৰ্থ হল 'বিজ্ঞান'। গতিকে 'Phenomenology' শব্দৰ ব্য়ুৎপত্তিগত অৰ্থ হল প্ৰতিভাস বিজ্ঞান, যি বিজ্ঞানত বস্তুৰ প্ৰতিভাসিত বা দৃশ্য়ৰূপৰ আলোচনা কৰা হয়।ঐতিহাসিক দিশৰ পৰা হেগেল আৰু কান্ট প্ৰতিভাসিত বস্তুৰ আলোচনা লগত জড়িত আৰু ইয়াৰ ভিতৰত হেগেলে সৰ্বপ্ৰথম 'Phenomenology' শব্দটো ব্য়ৱহাৰ কৰিছে।হেগেল তেওঁৰ বিখ্য়াত গ্ৰন্থ 'Phenomenology of Spirit' ত সুশৃংখলাবদ্ধভাৱে এই শব্দটো ব্য়ৱহাৰ কৰে।

        হুছাৰ্লৰ প্ৰতিভাস কোনো ইন্দ্ৰয়াতীত সত্তা নহয়, ইন্দ্ৰিয়াতীত সত্তাৰ অৱভাস বা প্ৰতিভাসো নহয়। হুছাৰ্লৰ প্ৰতীতিবাদ হল কিদৰে আমাৰ বস্তুবিষয়ৰ জ্ঞান সম্ভৱ হয় তাৰ অধ্য়য়ন। হুছাৰ্লে তেওঁৰ প্ৰতীতিবাদ পদ্ধতিৰে কি কি মূল প্ৰত্য়য় বা সামান্য় সাৰসত্তাই আমাৰ জ্ঞান সম্ভৱ কৰি তোলে তাৰ অধ্য়য়ন কৰে। এই মূল প্ৰত্য়য় আমাৰ মনৰ কাষত ঘটনা বা প্ৰতিভাস হিচাপে তৎক্ষণাৎ প্ৰকাশিত হয়। হুছাৰ্লৰ আলোচ্য় প্ৰতিভাস বাস্তৱ- চেতনাৰ নিকট প্ৰকাশিত বস্তু, চেতনাৰ দ্বাৰা সৃষ্ট নহয়। সেইকাৰণে হুছাৰ্ল প্ৰতীতিবাদ অৱভাসবাদ নহয়, হুছাৰ্লৰ ফেনোমেনোলজিক ফেনোমেনাৰ বিজ্ঞান বুলি চিহ্নত কৰাই সমীচীন।গতিকে প্ৰতীতিবাদ হল চেতনাত প্ৰকাশিত বা প্ৰদত্ত প্ৰতিভাসৰ বৌদ্ধিক অধ্য়য়ন।প্ৰতিভাস বিজ্ঞান অনুসাৰে বস্তুৰ সাৰসত্তা চেতনাৰ দ্বাৰা ৰচিত বা সৃষ্ট নহয়, চেতনাত ই প্ৰকাশিত হয়- চেতনাত ই ধৰা পৰে। এইদৰে প্ৰতীতিবাদৰ মূল বিষয়বস্তু হৈ পৰে চেতনা- কাৰণ চেতনাৰ বিশ্লষণৰ দ্বাৰা এই প্ৰদত্ত সাৰসত্তাক বা প্ৰতিভাসক অধ্য়য়ন কৰাৰ প্ৰচেষ্টাই হল হুছাৰ্লৰ প্ৰতীতিবাদ। হুছাৰ্লৰ প্ৰতীতিবাদ হল চেতনাৰ বিশুদ্ধ অধ্য়য়ন যি আমাৰ সকলো ধৰণৰ জ্ঞানক সম্ভৱ কৰি তোলে।

Short Questions :চমু প্রশ্ন :

1. Who is the father of phenomenology? 

প্রতীতিবাদৰ জনক বা প্রবর্তক কোন?

উত্তৰঃ প্ৰতীতিবাদৰ জনক বা প্ৰবৰ্তক হল- এডমুণ্ড হুছাৰ্ল।

2. When and where Husserl was born ? 

হুছাৰ্ল ক’ত আৰু কেতিয়া জন্মগ্ৰহণ কৰিছিল?

উত্তৰঃ হুছাৰ্লৰ জাৰ্মানৰ প্ৰষ্টেজভত ১৮৫৯ চনৰ এপ্ৰিলৰ ৮ তাৰিখে জন্মগ্ৰহণ কৰিছিল।

3. Name the philosopher by whom Husserl was influenced. 

যিগৰাকী দার্শনিকৰ দ্বাৰা হুছাৰ্ল অনুপ্রাণিত হৈছিল সেই দার্শনিক গৰাকীৰ নাম উল্লেখ কৰা।

উত্তৰঃ ফ্ৰেঞ্চ ব্ৰেন্টানো ।

4. Name any two philosophers who are phenomenologist. 

যিকোনো দুজন প্রতীতিবাদী দার্শনিকৰ নাম উল্লেখ কৰা।

উত্তৰঃ এডমুণ্ড হুছাৰ্ল আৰু জ্য়া পল ছাৰ্ত্ৰে।

5. Was Husserl a mathematician?

হুছাল এজন গণিতজ্ঞ নে?

উত্তৰঃ হয়, হুছাৰ্ল এজন গণিতজ্ঞ।

6. Name any two books of Husserl.

হুছাৰ্লৰ যিকোনো দুখন গ্ৰন্থৰ নাম উল্লেখ কৰা। 

উত্তৰঃ হুছাৰ্লৰ দুখন গ্ৰন্থ হল- 'The Philosophy of Arithmatic' আৰু 'Logical Investigation'।

7. Husserl was influenced by------- (Fill in the gap)

হুছাৰ্ল অনুপ্রাণিত হৈছিল -ৰ দ্বাৰা। (খালী ঠাই পুৰণ কৰা)

উত্তৰঃ হুছাৰ্ল অনুপ্ৰাণিত হৈছিল ফ্ৰেঞ্চ ব্ৰেন্টানো ৰ দ্বাৰা।

8. Name the book which was dedicated to Franz Brentano. 

ফ্রেঞ্চ ব্রেন্টানোৰ নামত উচৰ্গিত গ্ৰন্থখনৰ নাম লিখা। 

উত্তৰঃ ফ্ৰেঞ্চ ব্ৰেন্টানোৰ নামত উচৰ্গিত গ্ৰন্থখনৰ নাম হল- 'The Philosophy of Arithmatic' ।

9.Who was the author of "The Philosophy of Arithmatic?

'The Philosophy of Arithmatic' গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ 'The Philosophy of Arithmatic' গ্ৰন্থখনৰ লেখক হল- এডমুণ্ড হুছাৰ্ল।

10. Who was the author of 'Logical Investigation'? 

'Logical Investigation' গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ 'Logical Investigation' গ্ৰন্থখনৰ লেখক হল- এডমুণ্ড হুছাৰ্ল।

11. Who was the author of 'Ideas'? 

‘Ideas' গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ 'Ideas' গ্ৰন্থখনৰ লেখক হল- এডমুণ্ড হুছাৰ্ল।

12. Who was the author 'Formal and Transcendental Logic? 

'Formal and Transcendental Logic' গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ 'Formal and Transcendental Logic' গ্ৰন্থখনৰ লেখক হল- এডমুণ্ড হুছাৰ্ল।

13. Who was the author of 'Cartesian Meditations?

'Cartesian Meditations' গ্ৰন্থখনৰ লেখক কোন? 

উত্তৰঃ 'Cartesian Meditations' গ্ৰন্থখনৰ লেখক হল- এডমুণ্ড হুছাৰ্ল।

14. Who was the author of The Crisis of European Sciences and Transcendental Phenomenology'?

"The Crisis of European Sciences and Transcendental Phenomenology'গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ"The Crisis of European Sciences and Transcendental Phenomenology'গ্ৰন্থখনৰ লেখক হল- এডমুণ্ড হুছাৰ্ল। 

15. What is the etymological meaning of 'Phenomenology? 'Phenomenology' শব্দটোৰ ব্যুৎপত্তিগত অর্থ কি?

উত্তৰঃ 'Phenomenology' শব্দটো দুটা গ্ৰীক শব্দ 'Phenomena' আৰু 'Logos' শব্দৰ পৰা উৎপত্তি হৈছে। 'Phenomena' শব্দৰ অৰ্থ হল 'প্ৰতিভাস' আৰু 'Logos'শব্দৰ অৰ্থ হল 'বিজ্ঞান'। গতিকে 'Phenomenology' শব্দৰ বুৎপত্তিগত অৰ্থ হল- প্ৰতিভাস বিজ্ঞান।

16. What is the meaning of the term 'Phenomena'?

উত্তৰঃ 'Phenomena' ৰ অৰ্থ হল- প্ৰতিভাস।

17. Who at first used the term 'Phenomenology'? 

‘Phenomenology' শব্দটো সর্বপ্রথম কোনে ব্যৱহাৰ কৰিছে?

উত্তৰঃ 'Phenomenology' শব্দটো সৰ্বপ্ৰথম হেগেলে ব্য়ৱহাৰ কৰিছিল।

18. Who was the author of 'Phenomenology of Spirit"? • Phenomenology of Spirit' গ্ৰন্থখনৰ লেখক কোন ?

উত্তৰঃ 'Phenomenology of Spirit' গ্ৰন্থখনৰ লেখক হল- হেগেল।

19. What is the subject-matter of Husserl's Phenomenology ? প্রতিভাস বিজ্ঞান মূল আলোচ-বিষয় কি?

উত্তৰঃ প্ৰতিভাস বিজ্ঞানৰ মূল আলোচ্য়-বিষয় হল -চেতনা।

20. Phenomenology mainly studies the problem of consciousness / phenomena.

প্রতীতিবাদ মূলতঃ চেতনা / প্ৰতিভাসৰ সমস্যা লৈ অধ্যয়ন কৰে।

উত্তৰঃ প্ৰতীতিবাদ মূলতঃ চেতনাৰ সমস্য়া লৈ অধ্য়য়ন কৰে।

21. Are Phenomenology and Phenomenalism same? 

প্ৰতীতিবাদ আৰু প্ৰতিভাসবিদ্যা একে নে?

উত্তৰঃ নহয়।

22. The study of phenomenology is subjective / objective / both subjective and objective. 

প্রতীতিবাদৰ অধ্যয়ন আত্মনিষ্ঠ বস্তুনিষ্ঠ / আত্মনিষ্ঠ আৰু / বস্তুনিষ্ঠ উভয়ে।

উত্তৰঃ প্ৰতীতিবাদৰ অধ্য়য়ন বস্তুনিষ্ঠ।

23. Was Husserl an intuitionist? 

হুছার্ল এজন স্বজ্ঞাবাদী নে?

উত্তৰঃ হয়, হুছাৰ্ল এজন স্বজ্ঞাবাদী।

24. In what sense Phenomenology is a descriptive science? 

কোন অর্থত প্রতীতিবাদ এটা বর্ণনামূলক বিজ্ঞান?

25. Why Husserl's phenomenology is called the transcendental phenomenology ?

হুছাৰ্লৰ প্ৰতীতিবাদক কিয় অতীন্দ্ৰয় প্রতীতিবাদ বুলি কোৱা হয়?

26. What is Epoche? ইপোকি কি?

উত্তৰঃ ইপোকি হুছাৰ্লৰ প্ৰতীতিবাদৰ সবাতোকৈ ডাঙৰ আৱিষ্কাৰ। ইপোকি বুলিলে হুছাৰ্লৰ প্ৰতীতিবাদ পদ্ধতিক বুজায় যাৰ দ্বাৰা আমাৰ সমস্ত পূৰ্বধাৰণা বা পূৰ্ববিশ্বাসক স্থগিত ৰাখি বিশুদ্ধ চেতনাক অধ্য়য়ন কৰা সম্ভৱ হয়।

27. What is bracketing? 

বন্ধনীকৰণ কাক বোলে?

উত্তৰঃ ইপোকি হুছাৰ্লৰ প্ৰতীতিবাদৰ সবোতোকৈ ডাঙৰ আৱিষ্কাৰ।ইপোকিৰ দ্বাৰা চেতনাৰ প্ৰদত্ত বিষয়ক তাৰ প্ৰদত্ত ৰূপত জনা সম্ভৱ হয়।

        হুছাৰ্ল এই ইপোকি পদ্ধতিক ব্য়াখ্য়া কৰিবৰ বাবে এটা বিশেষ শব্দ ব্য়ৱহাৰ কৰিছে যাৰ দ্বাৰা আমি ইপোকিৰ স্বৰূপ সম্য়ক উপলব্ধি কৰিব পাৰিম। এই বিষয়টো হৈছে 'বন্ধনীকৰণ'।

28. What do you mean by reduction? 

বিশুদ্ধিকৰণ বা লঘুকৰণ বুলিলে কি বুজা?

উত্তৰঃহুছাৰ্লৰ প্ৰতীতিবাদ পদ্ধতিৰ ইতিবাচক দিশ হল বিশুদ্ধকৰণ বা লঘুকৰণ। হুছাৰ্লৰ বিশুদ্ধিকৰণ বা লঘুকৰণৰ উদ্দেশ্য় অহং বা বিশুদ্ধ আত্মাৰ বাস্তৱিক আৰু বিশুদ্ধ স্বৰূপক অনাবৰণ কৰা। আপতিক আৰু অপ্ৰাসংগিক বিষয়ক বৰ্জন কৰি ক্ৰমান্বয়ে বিশুদ্ধ চেতনাৰ যি সন্ধান পোৱা যায় তাৰ প্ৰকৃত স্বৰূপ বৰ্ণনা কৰাই হুছাৰ্লৰ বিশুদ্ধিকৰণ বা লঘুকৰণৰ কাম। 

29. What is the literal meaning of Epoche? 

ইপোকিৰ আক্ষৰিক অর্থ কি?

উত্তৰঃ 'Epoche' শব্দটো গ্ৰীক শব্দ। ইয়াৰ আক্ষৰিক অৰ্থ হল 'স্থগিত ৰখা' বা 'পৃথক ৰখা'।

30. What is the main objective of Phenomenology ? 

প্রতীতিবাদৰ মূল উদ্দেশ্য কি?

উত্তৰঃ প্ৰতীতিবাদৰ মূল উদ্দেশ্য় হল- বিশুদ্ধ চেতনাৰ অধ্য়য়ন,যি চেতনাত কোনো বস্তু স্ব-ৰূপত প্ৰকাশিত হয়।

31. The term 'Epoche' is a Greek / Letin term.

‘Epoche' শব্দটো গ্রীক / লেটিন শব্দ।

উত্তৰঃ 'Epoche' শব্দটো গ্ৰীক শব্দ।

32. What is the negative aspect of Husserl's phenomenological method? 

হুছাৰ্লৰ প্ৰতীতিবাদৰ নেতিবাচক দিশ কি?

উত্তৰঃ হুছাৰ্লৰ প্ৰতীতিবাদৰ নেতিবাচক দিশ হল- ইপোকি আৰু বন্ধনীকৰণ।

33. What is the positive aspect of Husserl's phenomenological method?

হুছাৰ্লৰ প্ৰতীতিবাদৰ ইতিবাচক দিশ কি?

উত্তৰঃ হুছাৰ্লৰ প্ৰতীতিবাদৰ ইতিবাচক দিশ হল- লঘুকৰণ।

34. What is Psychological Reduction? 

মনোবৈজ্ঞানিক লঘুকৰণ কি?

উত্তৰঃ মনোবৈজ্ঞানিক লঘুকৰণত চেতনাক সমস্ত মনোবৈজ্ঞানিক প্ৰভাৱৰ পৰা মুক্ত কৰা হয়। গতিকে মনোবৈজ্ঞানিক লঘুকৰণ হৈছে চেতনাক বিভিন্ন মানসিক অৱস্থাৰ পৰা মুক্ত কৰা এটা পদ্ধতি।

35. What is Eidetic Reduction? 

ভাবাত্মক লঘুকৰণ কাক বোলে?

উত্তৰঃ ভাবাত্মক লঘুকৰণত চেতনাত প্ৰদত্ত বিষয়ক এক 'সামান্য়' বা 'সাৰসত্তাৰ' ৰূপত উপলদ্ধি কৰাৰ চেষ্টা কৰোঁ। ভাবাত্মক লঘুকৰণ হল এক ধৰণৰ পদ্ধতি যত বিশেষ বস্তুসমূহৰ প্ৰতি সকলো নিৰ্দেশ স্থগিত ৰখা হয় আৰু সেইবিলাক প্ৰতিভাস লৈ আলোচনা কৰা হয় যি সাৰসত্তাক প্ৰদৰ্শন কৰে।

36. What is Transcendental Reduction?

অতীন্দ্ৰিয় লঘুকৰণ কি?

উত্তৰঃ অতীন্দ্ৰিয় লঘুকৰণঃএই স্তৰত আমি ভাবাত্মক বিশুদ্ধিকৰণৰ দ্বাৰা প্ৰাপ্ত সামান্য় বা সাৰসত্তাকো নিষেধ কৰি দিওঁ আৰু তেতিয়া আমাৰ অন্বেষণৰ বিষয় হৈ পৰে কেৱল অতীন্দ্ৰিয় আত্মা। বস্তুতঃ এই অতীন্দ্ৰিয় আত্মাই আমাৰ সমস্ত জ্ঞান আৰু জগতৰ আধাৰ। এই ধৰণৰে সমস্ত তত্ত্ব, প্ৰত্য়য়, অভিপ্ৰায় আৰু অভ্য়াসৰ নিষেধৰ ফলত আত্মা নিজৰ স্ব-ৰূপত প্ৰকাশিত হয়। ইয়াকে হুছাৰ্লে অতীন্দ্ৰিয় বিশুদ্ধিকৰণ বা লঘুকৰণ বুলি কৈছে। 

37. What do you mean by intentionality of consciousness?

চেতনাৰ বিষয়মূখীনতা বুলিলে কি বুজা? 

উত্তৰঃ হুছাৰ্লৰ প্ৰতিভাস বিজ্ঞানৰ মূল উদ্দেশ্য় হল চেতনাক বিশুদ্ধ ৰূপত উপলব্ধি কৰা। চেতনাৰ স্বৰূপ ব্য়াখ্য়া কৰাৰ বাবে চেতনাৰ বিষয়মূখীনতাৰ ধাৰণাটো উল্লেখ কৰিছে। হুছাৰ্লৰ চেতনাৰ বিষয়মূখীনতাৰ তত্ত্ব অনুসৰি চেতনা সৰ্বদা বিষয় অভিমূখী,চেতনা সৰ্বদা কোনো বিষয়ৰ ফালে ধাৱিত।চেতনা হল ক্ৰিয়া বিশেষ আৰু সি সকলো সময়তে কোনো বস্তুৰ ফালে চালিত।

38. Who was the author of Psychology from an Empirical Point of View?

Psychology from an Empirical Point of View' গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ'Psychology from an Empirical Point of View' গ্ৰন্থখনৰ লেখক হল- ফ্ৰেঞ্চ ব্ৰেন্টানো। 

39. Husserl derived the concept of intentionality of consciousness from his teacher - (Fill in the gap) 

চেতনাৰ বিষয়মূখীনতাৰ ধাৰণাটো হুছাৰ্লে তেওঁৰ শিক্ষাগুৰু - —ৰ পৰা লাভ কৰিছে। (খালী ঠাই পুৰণ কৰা)

উত্তৰঃ ফ্ৰেঞ্চ ব্ৰেন্টানো ৰ পৰা লাভ কৰিছে।

40. What is intentionality? 

বিষয়মূখীনতা বুলিলে কি বুজা?

উত্তৰঃ 

41. What is the meaning of the term 'Meinung? 

‘Meinung’ শব্দটোৰ অৰ্থ কি?

42. Name the philosopher whose project was to discover the essence of pure consciousness.

বিশুদ্ধ চেতনাৰ সাৰসত্তাক আৱিষ্কাৰ কৰা দার্শনিক গৰাকীৰ নাম উল্লেখ কৰা।

উত্তৰঃ এডমুণ্ড হুছাৰ্ল।

43. Who at first said the consciousness always points beyond itself? 

কোনে সর্বপ্রথম কৈছিল যে চেতনা সদায় নিজৰ বাহিৰে আন কিবাক নিৰ্দেশ কৰে?

উত্তৰঃ এডমুণ্ড হুছাৰ্ল ।

44. Who has tried to establish philosophy as regorous science? দৰ্শনক কোনে সুকঠোৰ বিজ্ঞান হিচাপে প্রতিষ্ঠিত কৰিবলৈ চেষ্টা কৰিছিল ?

45. What is phenomenalism? প্রতিভাসবাদ কাক বোল ।

 Answer typeঃJipika Hazarika