Chapter 5

পৰিৱৰ্তনৰ ধাৰাত সংস্কৃতি 

(Cultures is Transition) 


অতি চমু প্ৰশ্নঃ

১। India's Ancient Past গ্ৰন্থখন কাৰ ৰচনা ?

উত্তৰঃ-  India's Ancient Past গ্ৰন্থখন ৰামচৰন শৰ্মাৰ ৰচনা ।

২। ইউৰোপীয় সূত্ৰটো কোনে প্ৰচলন কৰিছিল ?

উত্তৰঃ- চাৰ ডব্লিউ জ'লছ এ ১৭৮৬ খ্ৰীঃত ইউৰোপীয় সূত্ৰটো প্ৰচলন কৰিছিল । 

৩। মধ্য় এছীয় সূত্ৰটো কোনে বিকাশ ঘটাইছিল ?

উত্তৰঃ- মেক্সমুলাৰে ।

৪। তিব্বতীয় সূত্ৰৰ প্ৰবক্তা কোন ?

উত্তৰঃ- স্বামী দয়ানন্দ সৰস্বতী । 

৫। দ্ৰাবিণ কি ?

উত্তৰঃ- দ্ৰাবিণ হ'ল একশ্ৰেণীৰ কাৰিকৰ ।

৬। কেতিয়া অজাতশক্ৰৰ মৃত্য়ু হৈছিল ?

উত্তৰঃ- খ্ৰীষ্টপূৰ্ব ৪৬১ বৰ্ষত অজাতশক্ৰৰ মৃত্য়ু হৈছিল । 

৭। নন্দ্ৰ বংশ শেষ ৰজা কোন আছিল ?

উত্তৰঃ- ধননন্দ্ৰ । 

৮। জৈন ধৰ্মৰ মূল তত্ত্ব কি ?

উত্তৰঃ- জৈন ধৰ্মৰ মূল তত্ত্ব হ'ল জীৱ বা আত্মাৰ মুক্তি ।

চমু প্ৰশ্ন ঃ

১। সংগম যুগ বুলিলে কি বুজা ? 
উত্তৰঃ- দক্ষিণ ভাৰতৰ তামিলনাডুক কেন্দ্ৰ কৰি খ্ৰীঃ পূঃ ৫০০ৰ পৰা ৬০০ খ্ৰীঃপূঃ লৈ তামিল সাহিত্যৰ যি বিকাশ ঘটিছিল তাকে সংগ্ৰম যুগ বুলি কোৱা হয় । 

২। সংগম যুগৰ প্ৰধান কেন্দ্ৰস্থল ক'ত ক'ত আছিল ? 
উত্তৰঃ- তিনিখন ৰাজ্যক কেন্দ্ৰ কৰি সংগম স্থল সাহিত্য় বিকাশ ঘটিছিল যেনে - চেৰা , পাণ্ড্য় , চোল । 

৩। সংগম যুগৰ দুখন মহাকাব্য় নাম লিখা ।
উত্তৰঃ- শিলাপ্পাদিকৰম আৰু মনিমেকেলাই । 

৪। মহাজনপদ বুলিলে কি বুজা ।
উত্তৰঃ- বৌদ্ধ আৰু জৈন ধৰ্মৰ শাস্ত্ৰত উল্লেখ থকা মতে প্ৰাচীন ভাৰতবৰ্ষত খ্ৰীঃপূঃ  শতিকাত ১৬ খন ৰাজ্য় বা জনপদ আছিল । এই জনপদ সমূহ আছিল কিছুমান পদতান্ত্ৰিক ৰাজতান্ত্ৰিক এই ১৬ খন ৰাজ্য়ৰ সমষ্টিকে মহাজনপদ বুলি কোৱা হয় । 

৫। মগধৰ উত্থানৰ দুটা কাৰণ উল্লেখ কৰা । 
উত্তৰঃ- ১। মগধ আৰু ইয়াৰ আশে-পাশে  অৰ্থাৎ ধলভূম-সিংহভূম থকা প্ৰচুৰ খনিজ সম্পদ মূলতঃ লো তামৰ খনিয়ে দেশক কৃষি উৎপাদনৰ পৰা যুদ্ধ বিগ্ৰহৰ অস্ত্ৰ-শস্ত্ৰলৈকে বৃহৎ বৰঙণি আগবঢ়াইছিল । 
২। নদী মাতৃক ৰাজ্য মগধে আন্তঃ আৰু বহিঃ বাণিজ্যত শক্তিশালী ভূমিকা পালন কৰিছিল । 

৬। মগধত ৰাজত্ব কৰা ৰাজবংশ কেইটা কি কি ? 
উত্তৰঃ- হৰ্ষাংশ বংশ, শিশুনাগ বংশ, নন্দ বংশ । 

চমুটোকা ঃ 

১।  অশ্বক বা অশ্মক । 
উত্তৰঃ- অশ্বক বা অশ্মকঃ গোদাবৰী নদীৰ পাৰত অশ্বক বা অশ্মক ৰাজ্য অৱস্থিত আছিল। ইয়াৰ ৰাজধানী পোতলি বা পোদন। বৰ্ত্তমান অন্ধ্ৰপ্ৰদেশৰ বোধন নামৰ ঠাইৰ লগত এই পোদন চিনাক্ত কৰা হৈছে। বায়ুপুৰাণৰ পৰা জনা যায় যে ইক্ষ্বাকুসকলৰ এটা ঠালে ইয়াত শাসন কৰিছিল। জাতকত অৰুণ নামৰ অশ্বক ৰজা এজনৰ নামো উল্লেখ পোৱা যায়। মন্ত্ৰী নন্দীসেনৰ সাহায্যত তেওঁ কলিংগ (বৰ্তমানৰ উৰিষ্যা) জয় কৰিছিল। দক্ষিণ ভাৰতৰ দিশলৈ অশ্মকেই সমসাময়িক কালত শেষ ৰাজ্য আছিল। ইয়াৰ সিপাৰে বৰ্তমানৰ তামিলনাডু, কৰ্ণাটক আৰু কেৰেলাত খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত ৰাজ্য উদ্ভৱ হোৱাৰ তথ্য পোৱা নাযায়।


২। নন্দ বংশ । 
উত্তৰঃ- নন্দ বংশঃ আনুমানিক খ্রীষ্টপূর্ব ৩৬৪ বৰ্ষত শিশুনাগ বংশ পতন ঘটাত তাৰ ঠাইত নন্দ বংশৰ উত্থান হৈছিল। পুৰাণসমূহৰ মতে প্রথম নন্দ ৰজা আছিল মহাপদ্ম বা মহাপদ্মপতি৷ বৌদ্ধ সাহিত্য মহাবংশত তেওঁক উগ্রসেন বুলি উল্লেখ কৰিছে। নন্দ বংশৰ ৰজাসকল সমাজৰ নিম্নস্তৰৰ লোক আছিল বুলি জৈনগ্ৰন্থ পৰিশিষ্টপাৰ্বনত পোৱা যায়। মহাপদ্মনন্দৰ উত্তৰাধিকাৰীসকলৰ বিষয়ে সবিশেষ তথ্য পোৱা নাযায়। মহাপদ্মৰ পুত্ৰসকলে মুঠতে বাৰবছৰ ৰাজত্ব কৰিছিল। বৌদ্ধগ্রন্থ ‘মহাবোধিবংশ ত শেষ নন্দবংশীয় ৰজাজনৰ নাম ধননন্দ বুলি উল্লেখ আছে। আলেকজেণ্ডাৰৰ দিচ আক্ৰমণৰ সময়ত নন্দৰাজ ধননন্দৰ সেনাবাহিনীত ২০,০০০ অশ্বারোহী, ২০০,০০০ পদাতিক, ২০০ ৰথ আৰু ৩,০০০ হস্তী আছিল বুলি গ্ৰীক পণ্ডিতসকলে 10 উল্লেখ কৰি গৈছে। এই হিচাপ সম্পূর্ণ শুদ্ধ নহ'লেও, সেই সময়ৰ নন্দ ৰজা গৌকা সৈন্যবাহিনীয়ে আনকি আলেকজেণ্ডাৰকো যে সচকিত কৰিছিল তাক নুই কৰিব নোৱাৰি। স্বাভাৱিকতে, এই বৃহৎ সেনাবাহিনীৰ সহায়তেই নন্দ ৰজাসকলে ভাৰতৰ Fমার প্রায় অধিকাংশ ঠাই একলগ কৰি পৰৱৰ্তী কালৰ বাবে এখন বৃহৎ সাম্ৰাজ্যৰ ভেঁটি ৰচনা কৰিব পাৰিছিল। 

সম্ভৱতঃ খ্রীষ্টপূর্ব ৩২১ বৰ্ষত নন্দবংশৰ অৱসান ঘটিছিল। ভাৰতৰ পালণ ইতিহাসত নন্দ ৰাজবংশৰ গুৰুত্ব অপৰিসীম আছিল। বিম্বিসাৰ, অজাতশত্ৰু আৰু শিশুনাগে মগধক যি বৃহৎ আঞ্চলিক পৰিসৰ প্ৰদান কৰাৰ সপোন দেখিছিল সেয়া কাজ বাস্তবায়িত হৈছিল নন্দসকলৰ ৰাজত্বকালত। সাম্ৰাজ্যৰ অৰ্থনৈতিক বুনিয়াদো নাজা নন্দসকলে গঢ় দিছিল। ৰাজনীতি, দেশ পরিচালনা, দেশ প্ৰতিৰক্ষাৰ, সাম্রাজ্যবাদ ভাষী আদি বিষয়বোৰ যে বৰ্ণভিত্তিক নহয় সেই কথাও নন্দসকলে প্ৰতিষ্ঠা কৰি গৈছিল। চিমক। সর্বোপৰি নন্দসকলৰ অভ্যুত্থানে ভাৰতৰ সাংস্কৃতিক আৰু সামাজিক জীৱনতো চায় সুদূরপ্রসারী প্রভাৱ পেলাইছিল। পাশ

৩। মহাবীৰ । 
উত্তৰঃ- মহাবীৰঃ খ্ৰীষ্টপূর্ব ৫৪০ ত বৈশালীৰ উপকণ্ঠ অঞ্চল কুণ্ডগাঁৱত এক অভিজাত পার্ট) পৰিয়ালত মহাবীৰৰ জন্ম হৈছিল। মহাবীৰৰ আচল নাম আছিল বর্ধমান। কল্পসূত্র, ভাগৱতীসূত্র আদি জৈন গ্ৰন্থসমূহত মহাবীৰৰ জীৱন বৃত্তান্ত পোৱা যায়। তেওঁৰ পিতৃ সিদ্ধাৰ্থ জ্ঞাতৃক নামৰ ক্ষত্রিয় গোষ্ঠীৰ মুখীয়াল আছিল। মাক আছিল লিচ্ছবী পৰিয়ালৰ কন্যা ত্রিশালা আৰু পত্নী আছিল যশোদা আৰু কন্যা অণজ্জা বা প্রিয়দর্শনা। পিতৃ-মাতৃ বিয়োগৰ পিছত ত্ৰিশ বছৰ বয়সত অগ্ৰজ নন্দিবৰ্মনৰ অনুমতি লৈ বর্ধমানে সংসাৰ ত্যাগ কৰি প্ৰচণ্ড শীতক নেওচি পৰিধান বস্তু বিসর্জন দি দিগম্বৰ পৰিব্ৰাজকৰ জীৱন আঁকোৱালি লৈছিল। বাৰ বছৰ কঠোৰ সাধনাৰ অন্তত ঋজুপালিকা নদীৰ তীৰৰ জম্ভিক গাঁৱৰ কাষৰ এক শালগছৰ তলত ধ্যান কৰি কেৱল জ্ঞান লাভ কৰিছিল। এই জম্ভিক গাঁৱৰ ভৌগোলিক অৱস্থান সম্পর্কে ইতিহাসবিদসকলৰ মাজত মতবিৰোধ আছে। যিকি নহওক, ইয়াৰ পিছৰ পৰা বৰ্ধমান মহাবীৰ নামেৰে জনাজাত হয় আৰু তেওঁ ধৰ্মপ্ৰচাৰকৰ জীৱন আৰম্ভ কৰে। 

    পাৰ্শ্বনাথৰ চাৰিটা মতৰ লগত ব্ৰহ্মচর্য বিধানৰ সংযোজন ঘটাই মহাবীৰে চা জৈন ধৰ্মৰ সংস্কাৰ কৰিছিল। ইয়াকেই পঞ্চমহাব্রত বোলা হয়। মহাবীৰে হ অনুগামীসকলক বস্ত্ৰ ত্যাগৰ পৰামৰ্শ দিছিল। অৱশ্যে মহাবীৰে এই ক্ষেত্ৰত কোনো র কঠোৰতা প্ৰদৰ্শন নকৰিছিল আৰু শিষ্যসকলৰ নিজৰ অভিৰুচিৰ ওপৰত বিষয়টো এৰি দিছিল। পৰৱৰ্তীকালত বস্ত্ৰত্যাগৰ বিষয়টোকলৈ বিতৰ্কৰ সৃষ্টি হৈছিল আৰু ইয়াৰ পৰিণতিত জৈন অনুগামীসকল দিগম্বৰ আৰু শ্বেতাম্বৰ নামৰ দুটা সম্প্ৰদায়ত বিভক্ত হৈ পৰে। বিৱস্ত্ৰ সাধুসকলক দিগম্বৰ আৰু শ্বেতবস্ত্ৰ পৰিধান কৰাসকলক শাহ শ্বেতাম্বৰ বুলি কোৱা হৈছিল। চ্যাচে নেয়। চাক

    মহাবীৰে উত্তৰ ভাৰতৰ চম্পা, বৈশালী, ৰাজগৃহ, মিথিলা, শ্ৰাৱস্তী, পাবাপুৰী আদি ঠাই পৰিভ্ৰমণ কৰি জৈনধৰ্ম প্ৰচাৰ কৰিছিল। মগধৰাজ বিম্বিসাৰ আৰু অজাতশত্ৰুৱে মহাবীৰৰ কাৰ্যত পৃষ্ঠপোষকতা আগবঢ়াইছিল। বছৰৰ আঠমাহ সময় মহাবীৰে এই নগৰবোৰত প্ৰচাৰ কাৰ্য চলাইছিল আৰু বাকী বৰ্ষাকালৰ চাৰিমাহ যিকোনো এখন নগৰত থিতাপি লৈছিল। সুদীর্ঘ বিয়াল্লিছ বছৰ জৈন ধৰ্ম প্ৰচাৰ কৰি খ্ৰীষ্টপূর্ব ৪৬৮ বৰ্ষত বাসত্তৰ বছৰ বয়সত পাটনা জিলাৰ পাবাপুৰীত তেওঁৰ দেহাৱসান ঘটে। 



৪। বৌদ্ধ ধৰ্ম । 
উত্তৰঃ- বৌদ্ধ ধর্মঃ বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তৰ্ক আছিল গৌতম বুদ্ধ। গৌতমৰ পিতৃৰ নাম আছিল শুদ্ধোধন। শুদ্ধোধন আছিল উত্তৰ প্ৰদেশৰ উত্তৰে আৰু নেপালৰ দক্ষিণে থকা প্রজাতান্ত্রিক শাক্য জনগোষ্ঠীৰ মুৰব্বী আৰু সেইসূত্রে গৌতম আছিল ক্ষেত্রিয় বংশজাত। খ্রীষ্টপূর্ব ৫৬৬ বৰ্ষত গৌতম বুদ্ধৰ জন্ম হৈছিল। সংসাৰৰ দুখ-যন্ত্ৰনা দেখি ৰাজকুমাৰৰ দৰে জীৱন যাপন কৰা গৌতমে এসময়ত দুখ যন্ত্ৰণাৰ পৰা মানুহৰ মুক্তিৰ অনুসন্ধান কৰিলে আৰু পৰিয়াল পৰিজন এৰি সন্ন্যাসী হৈ প্ৰায় ৬ বছৰ কাল ঘূৰি ফুৰিছিল । কিন্তু সন্ন্যাসত্বই তেওঁৰ মনৰ প্ৰশ্নসমূহৰ সমাধান আনিব নোৱাৰাত গৌতমে পিছৰ পৰ্যায়ত গভীৰ তপস্যাত ব্ৰতী হ’ল আৰু এই তপস্যাৰে ৪৯ তম দিনত বিহাৰৰ গয়াৰ কাষৰ উৰুবিল্ব নামৰ ঠাইত মহাজ্ঞান বা পৰমসত্য লাভ কৰিলে আৰু বুদ্ধ বা জ্ঞানী নামেৰে তেওঁ জনাজাত হৈ পৰিছিল। গৌতমে যি ঠাইত এই জ্ঞান লাভ কৰিছিল, তেতিয়াৰ পৰাসেই ঠাইৰ নাম হ’ল বোধগয়া আৰু যিজোপা বটগছৰ তলত বহি তেওঁ এই মহাতপস্যা আৰম্ভ কৰিছিল সেই গছৰ নাম হ’ল বোধিবৃক্ষ। জ্ঞান লাভ কৰি বুদ্ধই তেওঁ লাভ কৰা পৰম সত্যৰ কথা প্ৰথম প্ৰচাৰ কৰে বিহাৰৰ সাৰনাথত। ইয়াৰ পিছৰ প্ৰায় ৪৫ বছৰ কাল তেওঁ ধৰ্ম প্ৰচাৰ কৰি ৮০ বছৰ বয়সত খ্রীষ্টপূর্ব ৪৮৩ ত কুশীনগৰত দেহত্যাগ কৰিছিল। বুদ্ধৰ এই দেহাৱসানক ‘মহাপৰিনিৰ্বাণ’ বুলি কোৱা হয়।

৫। চোল ৰাজ্য । 
উত্তৰঃ-  চোল ৰাজ্য ঃ সংগম সময়ৰ উল্লেখনীয় শাসক বংশৰ ভিতৰত চোলসকল অন্যতম। পেনাৰা আৰু ভেলাৰু নদীৰ মধ্যৱৰ্তী অংশত গঢ়ি উঠা এই ৰাজ্যৰ ৰাজধানীবোৰ আছিল ক্ৰমে উত্তৰ মান্তৰ, উৰায়উৰ আৰু তাঞ্জোৰ। চোলসকল চোলমণ্ডলম বা কৰ্মণ্ডল অঞ্চলত ব্যৱসায়-বাণিজ্যৰ সমৃদ্ধিৰ যোগেদি বসবাস কৰিছিল।

    কাৰিকল চোলসকলৰ উল্লেখযোগ্য ৰজা আছিল। ১৯০ খ্ৰীঃত তেওঁ পৰম প্রতাপেৰে ৰাজত্ব কৰিছিল। যি ভেনীৰ যুদ্ধত ১১ জন শাসকৰ মিত্ৰজোটক পৰাজিত কৰা উপৰি বাহাইপাৰানদালাই নামৰ ঠাইত ৯ জন ৰজাক পৰাভূত কৰি হিমালয় পর্যন্ত ৰাজ্য বিস্তাৰ কৰিছিল। তেওঁ ৰাজ্যৰ আৰ্থ-সামাজিক স্থিতি বিশেষকৈ কৃষিক্ষেত্ৰৰ উন্নতিত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ জলসিঞ্চন ব্যৱস্থা প্রবর্তন কৰা উপৰি বনাঞ্চল মোকলাই কৃষিক্ষেত্ৰ সম্প্ৰসাৰণ ঘটাইছিল। পৰৱৰ্তী চোল শাসকসকলো বল-বিক্ৰমত অদ্বিতীয় আছিল। শ্রীলংকা পর্যন্ত তেওঁলোকৰ গৰিমাৰ প্ৰসাৰ ঘটিছিল।

ৰচনাধৰ্মী প্ৰশ্ন ঃ 
১। জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্ম প্ৰসাৰৰ কাৰণসমূহ আলোচনা কৰা । 
উত্তৰঃ-  জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্ম প্ৰসাৰৰ কাৰণসমূহ : ধৰ্মৰ ক্ষেত্ৰত এক সংস্কারকামী মনোভাৱ লৈ খ্ৰীষ্টপূর্ব ষষ্ঠ শতিকাতে আৰম্ভ হৈছিল। এই মনোভাৱ পিছলৈ জৈনধৰ্ম আৰু বৌদ্ধধর্ম বিস্তাৰত সহায়ক হৈছিল। ইয়াৰোপৰি আন কেতবোৰ কাৰকেও উভয় ধৰ্মৰ বিকাশত ভূমিকা লৈছিল। সেই কাৰণবোৰ হ'ল-

 (ক) বর্ণপ্রথাঃ
        
        বৈদিক সমাজখন চাৰিটা বৰ্ণত বিভক্ত আছিল। ইয়াত ব্ৰাহ্মণসকলে নিজকে সর্বশ্রেষ্ঠ বুলি দাবী কৰিছিল। সেয়েহে, বাকী তিনিটা বৰ্ণই বা বৰ্ণৰ লোকে আগবাঢ়ি যোৱাৰ সুবিধা নাপাইছিল। এই কাৰণে সমাজত বৰ্ণবৈষম্যৰ সৃষ্টি হৈছিল। আনহাতে, ক্ষত্রিয়সকলে ৰাজ্য আৰু সৈন্যবাহিনী পৰিচালনা কৰিছিল। তথাপি তেওঁলোকৰ স্থান ব্ৰাহ্মণসকলৰ তলত আছিল। সেয়েহে তেওঁলোকৰ মাজৰ এচাপে পৰিৱৰ্তনশীল মনোভাৱৰ দ্বাৰা ব্ৰাহ্মণসকলৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল। জৈনধৰ্মৰ প্ৰৱৰ্তৰ্ক মহাবীৰ আৰু বৌদ্ধধৰ্মৰ প্ৰৱৰ্তক গৌতম বুদ্ধ ক্ষত্রিয় আছিল আৰু তেওঁলোকৰ বৈদিক পৰম্পৰাৰ ওপৰত কোনো বিশ্বাস নাছিল। 

(খ) অর্থনৈতিক কাৰণঃ

        জৈনধৰ্ম আৰু বৌদ্ধধৰ্মৰ প্ৰসাৰৰ মূল কাৰণ আছিল অর্থনৈতিক। আৰ্যসকল প্রথমে পশুপালনৰ লগত জড়িত আছিল। পিছলৈ তেওঁলোকে কৃষিকাৰ্যৰ লগত জড়িত হৈছিল। বৈদিক নিয়মবোৰৰ ভিতৰত পশুবলিও অন্তৰ্গত আছিল। যেতিয়ালৈকে আৰ্যসকল পশুপালনৰ লগত জড়িত আছিল তেতিয়ালৈ বহু পশু লগত ৰাখিছিল আৰু তাৰে মাজৰ কিছুমানক বলি দিছিল। কিন্তু কৃষিৰ লগত জড়িত হোৱাৰ পিছত তেওঁলোকে খেতিৰ প্ৰতি বেছি আকৃষ্ট হ’ল আৰু পশুপালনৰ সংখ্যা কমাই দিছিল। লগতে খেতিৰ বাবে তেওঁলোকে বলধজাতীয় পশুৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হ’ল। সেইবাবে তেওঁলোকৰ পোহনীয়া জন্তুবোৰ তেওঁলোকৰ কাৰণে অধিক মূল্যৱান হৈ পৰিছিল। বৈদিক নিয়ম অনুসৰি এতিয়া পশুবলি দিয়াটো তেওঁলোকৰ কাৰণে কঠিন হৈ পৰিছিল। সেয়েহে, লোকসকলে আন উপায় বিচাৰিব ধৰিলে বা সহজ ধর্মীয় পন্থাৰ প্ৰতি আকৃষ্ট হ’বলৈ ধৰিলে।

 (গ) নগৰৰ বিস্তাৰঃ

        নগৰবোৰেই আছিল বাণিজ্যৰ কেন্দ্ৰ। বাণিজ্যৰ বিস্তাৰৰ লগে লগে বৈশাসকল যেনে কাৰিকৰ, ব্যৱসায়ী আদি লোকৰ গুৰুত্ব বাঢ়িব ধৰিছিল। কিন্তু, বৈদিকভাৱে কৰা সমাজ বিভাজনত তেওঁলোকক তৃতীয় বৰ্ণৰ অন্তৰ্গত কৰা হৈছিল। | সেয়েহে, তেওঁলোকে এনেকুৱা এটা ধৰ্ম বিচাৰিলে য’ত তেওঁলোকৰ স্থান সামাজিকভাৱে উচ্চ হ'ব পাৰে বা সমাজত নিজৰ পৰিচয় ভালদৰে দিব পাৰে। দ্বিতীয়তে, শান্তিপূর্ণভাৱে যাতে ব্যৱসায় চলাই নিব পাৰে, তাৰ কাৰণেও বৈশ্য বৰ্ণৰ লোকসকলে ভাবিবলৈ ধৰিলে। সেই সময়তে মহাবীৰ আৰু গৌতম বুদ্ধই অহিংস বা শান্তিপূর্ণ সমাজৰ কথা কৈছিল। সেয়েহে, বণিকসকল জৈন আৰু বৌদ্ধ ধৰ্মৰ প্ৰতি বেছি আকৃষ্ট হ’বলৈ ধৰিলে। আনহাতে, ব্যৱসায়ৰ কাৰণে টকা ধাৰলোৱা আৰু দিয়াটো আৱশ্যকীয় আছিল। কিন্তু, বৈদিক শাস্ত্ৰবোৰে বা ধর্মপুথিবোৰে ঋণ প্ৰথাক সমর্থন নকৰে। সেয়েহে, বণিকসকলে এইটো ভালপোৱা নাছিল। 

(ঘ)আন ভাগসমূহৰ প্ৰতিক্রিয়াঃ

        কৃষিৰ প্ৰচলনৰ লগে লগে কিছুমান মানুহে বিশেষকৈ ৰাজ্যবোৰৰ ক্ষমতাশালী মানুহবোৰে নিজৰ ওচৰত অধিক ভূমি ৰখা আৰম্ভ কৰিছিল। তাৰবাবে কিছুমান ধনী হ’ল আৰু কিছুমান দুখীয়া। সেয়েহে সমাজত সমতা নাইকিয়া হৈছিল। | সমাজৰ কিছুমান শ্ৰেণীৰ লোকে এনেকুৱা বৈষম্য ভাল পোৱা নাছিল। তেওঁলোকে আগৰ সমাজ ব্যৱস্থালৈ উভতি যাব বিচাৰিছিল। তেনেস্থলতে জৈনধৰ্ম আৰু বৌদ্ধধর্ম উভয়ে সাধাৰণ জীৱন-যাপনৰ উপদেশ দিছিল। যিবিলাক মানুহে | পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ লগত নিজকে খাপ খুৱাব পৰা নাছিল, তেওঁলোকে জৈন ধর্ম বা বৌদ্ধ ধর্মক আকোঁৱালি লৈছিল।


২। পুৰু আৰু হাইদাপাছৰ যুদ্ধৰ সম্পৰ্কে লিখা । 
উত্তৰঃ- পুৰু আৰু হাইদাচপাছৰ যুদ্ধঃ তক্ষশীলাৰ পৰাই আলেকজেণ্ডাৰে পুৰুৰ ওচৰলৈ দূত প্ৰেৰণ কৰিছিল আৰু তেওঁৰ ওচৰত বশ্যতা স্বীকাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। ঝীলম আৰু চেনাব নদীৰ মধ্যৱৰ্ত্তী অঞ্চলত পুৰুৰ ৰাজ্য আছিল। আলেকজেণ্ডাৰৰ প্ৰস্তাৱত পুৰু ৰাজী হোৱা নাছিল আৰু নিজ বাহুবলেৰে আলেকজেণ্ডাৰৰ সৈন্য বাহিনীৰ মুখামুখি হোৱাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ বাবে পুৰুৱে ৩০ হাজাৰ পদাতিক, ৪ হাজাৰ অশ্বাৰোহী, ৩০০ ৰথ আৰু ২০০ হাতীৰে এক বৃহৎ সৈন্য বাহিনী যুদ্ধৰ বাবে প্ৰস্তুত কৰি তুলিছিল। খ্ৰীষ্টপূর্ব ৩২৬ ত পুৰু আৰু আলেকজেণ্ডাৰৰ মাজত ঝীলাম নদীৰ পাৰত হাইদাচপাছৰ (ঝীলাম গ্রীক নাম) যুদ্ধ সংঘটিত হৈছিল।

    বর্ষাকাল আসন্ন বুলি জানিও আলেকজেণ্ডাৰে তক্ষশীলাত ৰৈ নাথাকিল। ফিলিপৰ নেতৃত্বত এদল সৈন্য তাতে ৰাখি আলেকজেণ্ডাৰে সসৈন্য দক্ষিণ-পূবলৈ অগ্ৰসৰ হৈ ঝীলাম বা হাইদাচপাছ নদীৰ পাৰত উপস্থিত হ'ল। নদীৰ সিটো পাৰে পুৰুৱেও সসৈন্যেৰে আলেকজেণ্ডাৰৰ আক্ৰমণৰ অপেক্ষাত ৰৈ আছিল। আসন্ন বাৰিষাক নেওচি আলেকজেণ্ডাৰে প্ৰৱল বৰষুণৰ মাজতো পুৰুৰ ৰাজ্য আক্রমণ কৰিছিল। শীতকালতহে আলেকজেণ্ডাৰে আক্ৰমণ কৰিব পাৰে বুলি ভাবি থকা পুৰুৰ বাবে ই অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিলে। আলেকজেণ্ডাৰে মূল বাহিনীক ক্ৰটেচৰ নেতৃত্বত পূর্ব স্থানতে ৰাখি নিজে মাত্র ১১ হাজাৰ সৈন্যৰে এক অগ্রগামী দল লৈ প্ৰৱল বৰষুণৰ মাজত সকলোৱে অলক্ষিতে ১৯ কিঃমিঃ উত্তৰে ঝীলাম নৈ পাৰ হৈ পুৰুৰ ৰাজ্যত প্ৰৱেশ কৰিলে। পুৰুৰ জ্যেষ্ঠ পুত্ৰই ২০০০ অশ্বাৰোহী আৰু ১২০ খন ৰথেৰে আলেকজেণ্ডাৰক বাধা দিবলৈ গৈ যুদ্ধত প্ৰাণ হেৰুৱালে। তেনে অৱস্থাত যুদ্ধৰ বাবে পুৰুই নিজেই সসৈন্যে আগুৱাই আহিছিল। মেচিড নিয় অশ্বাৰোহী সৈন্যৰ আক্ৰমণত পুৰুৰ বৃহৎ সৈন্যদল ব্যর্থ হৈছিল। ইতিমধ্যে গ্রীক সৈন্যৰ মূল বাহিনী ক্ৰটেচৰ নেতৃত্বত আহি আলেকজেণ্ডাৰৰ লগ লগাত যুদ্ধৰ গতি পুৰুৰ প্ৰতিকূলে ঢাল লৈছিল। পুৰুক বন্দী কৰি আলেকজেণ্ডাৰৰ সন্মুখত থিয় কৰোৱা হৈছিল। আলেকজেণ্ডাৰে বন্দী পুৰুক তেওঁৰ পৰা কেনে ব্যৱহাৰ আশা কৰে বুলি সোধাত পুৰুৱে ‘এজন ৰজাৰ দৰে ব্যৱহাৰ আশা কৰে বুলি প্ৰত্যুত্তৰ দিছিল। পুৰুৰ বীৰোচিত আৰু মৰ্যদাসম্পন্ন উত্তৰত আলেকজেণ্ডাৰ অভিভূত হৈছিল। আলেকজেণ্ডাৰ সন্তুষ্ট হৈ পুৰুক তেওঁৰ ৰাজ্য ঘূৰাই দিয়াৰ উপৰিও আৰু কেইবাখনো ৰাজ্য উপহাৰ হিচাপে দিছিল। উভয় পক্ষৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক স্থাপন হৈছিল। পুৰৱে আলেকজেণ্ডাৰৰ আনুগত্য স্বীকাৰ কৰি পৰৱৰ্তী কেইবাটাও অভিযানত আলেকজেণ্ডাৰক সহায় কৰিছিল। পুৰুৰ প্ৰতি আলেকজেণ্ডাৰৰ এই উদাৰতা এফালে যিদৰে তেওঁৰ মহানুভৱতা প্রকাশ পাইছিল, অন্যফালে তেনেকৈ তেওঁৰ গভীৰ ৰাজনৈতিক জ্ঞানৰ পৰিচয় ফুটি উঠিছিল। ভাৰতত আলেকজেণ্ডাৰৰ কৰ্তৃত্ব অক্ষুণ্ণ ৰাখিবলৈ হ'লে পুৰুৰ দৰে শক্তিশালী আৰু তেজস্বী দেশীয় ৰজাৰ সাহায্য একান্ত প্রয়োজন, এই সত্য আলেকজেণ্ডাৰে অনুভৱ কৰিছিল। বিজয়ৰ চিন স্বৰূপে আলেকজেণ্ডাৰে ঝীলাম নদীৰ তীৰত বুকিফেলা আৰু নিকিয়া নামৰ দুখন নগৰ স্থাপন কৰিছিল।

        ইয়াৰ পিছত আলেকজেণ্ডাৰে গ্লৌগনিকৈ, কনিষ্ঠ পুৰুৰ ৰাজ্য, কঠ আদি আক্ৰমণ কৰি অধিকাৰ কৰিছিল। এই ৰাজ্যবোৰ পুৰুৰ শাসনাধীন কৰা হৈছিল। কঠসকলৰ বিৰুদ্ধে চলোৱা অভিযানত বণহস্তী আৰু ছয় হাজাৰ সৈন্যৰে পুৰুৱে আলেকজেণ্ডাৰক সহায় কৰিছিল। অধৃষ্ট নামৰ প্ৰজাতন্ত্রই বিনা যুদ্ধেই আলেকজেণ্ডাৰৰ বশ্যতা স্বীকাৰ কৰিছিল। আলেকজেণ্ডাৰে অধিক পূবলৈ অগ্ৰসৰ হৈ সৌভূতি আৰু ভগল নামে দুজন ৰজাৰ আনুগত্য লাভ কৰিছিল। এইদৰে আলেকজেণ্ডাৰ সদলবলে বিপাশা নদীৰ পাৰত উপস্থিত হৈছিল।

        আলেকজেণ্ডাৰে অধিক পূবলৈ অগ্ৰসৰ হ’বলৈ বিচাৰিছিল যদিও তেওঁৰ সৈন্যবাহিনী আগবাঢ়িবলৈ ৰাজী নহ’ল। দীৰ্ঘদিনীয়া যুদ্ধ, দীৰ্ঘদিন ধৰি মাতৃভূমিৰ পৰা আঁতৰি থকা আঘটনাই গ্রীক সৈনিক সকলক নিৰাশ কৰি পেলাইছিল। সেয়ে, ৰণক্লান্ত সৈনিক কলে প্রত্যাৱৰ্ত্তন বিচাৰিছিল। প্রাচীন ইউৰোপীয় লেখক ডায়োডোৰাচ আৰু প্লুটার্কৰ বিৱৰণত মেচিড'নিয় সৈন্যসকলৰ প্ৰত্যাৱৰ্ত্তন আৰু এটা কাৰণৰ পৰোক্ষ উল্লেখ পোৱা যায়। বিপাশা পাৰ হ’লেই মগধৰ ৰজা এগ্ৰাম্‌মেচৰ ৰাজ্য৷ তেওঁৰ পৰাক্ৰম সম্পর্কে মেচিড’নিয় সৈন্যসকলৰ মনত ইতিমধ্যে আতংকই বাঁহ লৈছিল। মেচিড’নিয় সৈন্যক বাধা দিবৰ বাবে এগ্রাম্‌মেচে তেওঁৰ সুবিশাল সৈন্য বাহিনী সমাবেশ কৰাৰ কথা ইতিমধ্যে গ্ৰীক সৈন্যৰ কৰ্ণগোচৰ হৈছিল। গতিকে সাম্ভাৱ্য বিপদৰ কথাইও গ্ৰীক সৈন্যসকলক নিৰাশ কৰি তুলিছিল।









Post ID : 
DABP004575