লৌহ খনিজ (Ferrous Mineral) ঃ

    লৌহ খনিজাত পদাৰ্থ যেনে- আকৰিক লোক, মেংগানিজ, ত্ৰুমাইট আদিয়ে ধাতৱিক উদ্যোগ বিকাশ কৰাৰ ক্ষেত্ৰত সুদৃঢ় ভেটিৰ গঠন কৰে। লৌহ কনিজৰ ভাণ্ডাৰ আৰু উৎপাদন, উভয় ক্ষেত্ৰতে আমাৰ দেশৰ স্থান সম্তোষজনক।

    আকৰিক লোঃ

    ভাৰতবৰ্ষত অপৰ্যাপ্তভাৱে আকৰিক লোৰ সম্পদৰাজি সমৃদ্ধ হৈ আধে। এছিয়া মহাদেশৰ ভিতৰত ইয়াত বৃহৎ পৰিমাণৰ আকৰিক লো মজুত হৈ আছে। আমাৰ দেশৰ দুই প্ৰকাৰৰ মুখ্য আকৰ যেনে- হেমেটাইট আৰু মেগনেটাইট প্ৰচুৰ পৰিমাণে আছে। উৎকৃষ্টতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ চাহিদা বহু বেছি। দেশৰ উত্তৰ - পূব মালভূমি অঞ্চলটোত কয়লা ক্ষেত্ৰসমূহ নিকটৱতী অঞ্চলবিশেষে আকৰিক লোৰ খনিবোৰ থকা দেখা যায়।

    ২০০৪ - ০৫ বৰ্ষটোত দেশৰ মুঠ আকৰিক লোৰ মজুৰত পৰিমাণ আছিল প্ৰায় ২০ কোটি টন। সৰ্বমুঠ ভাণ্ডাৰৰ প্ৰায় ৯৫ শতাংশই উৰিষ্যা, ঝাৰখণ্ড, ছত্তীশগড়, কৰ্ণাটক, গোৱা, অন্ধপ্ৰদেশ আৰু তামিলনাডু আদি ৰাজ্যসমূহত অৱস্থিত হৈ আছে। উৰিষ্যাত, আকৰিক লোসমূহ সুন্দৰগড় ময়ুৰভঞ্জ আৰু ঝাৰৰ শাৰী শাৰীকৈ থকা পাহাৰবোৰত তকা দেখা যায়। গুৰমহিষানি, চুলাইপেট, বদমপাহাৰ,কিৰুবুৰু আৰু বনাই আদি উল্লেখযোগ্য় খনি। একে সদৃশ ঝাৰখণ্ড পাহাৰীয়া অঞ্চলত অতিকৈ পুৰণি আকৰিক লোৰ খনিবোৰ অৱস্থিত আৰু বেছিভাগ লো আৰু তীখাৰ উদ্যোগ ইয়াৰ আশে - পাশে অৱস্তিত। বেছিভাগ উল্লেখযোগ্য খনি যেনে নোৱামুণ্ডি আৰু গুৱা, পূব আৰু পশ্চিম সিংভূম জিলাত অৱস্থিত। এনে ঘনিসমূহ দুৰ্গ, দাণ্টেৱাৰা আৰু বাইলাডিলালৈ বিস্তত হৈ আছে। দুৰ্গৰ, দাল্লি আৰু ৰাজহাৰা, দেশৰ অন্যতম আকৰিক লোৰখনি। কৰ্ণাটকত আকৰিক লোৰ অৱক্ষেপবোৰ বেল্লাৰি জিলাৰ চান্দুৰ - হচ্পেট্ অঞ্চলত বাবাবুদন পাহাৰ আৰু চিকমাগালুৰ জিলাৰ কুদ্ৰেমুখ আৰু চিমোগাত, চিত্ৰাদুৰ্গ আৰু তুমকুৰ জিলাৰ অংশ  বিশেষত অৱস্থিত। অন্যান্য লোৰ খনি তকা অঞ্চলবোৰ হল ত্ৰুমে মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ, ভাণ্ডাৰা আৰু ৰত্নগিৰী জিলা, অন্ধ্ৰপ্ৰদেশৰ কৰিমনগৰ, ৱাৰংগল, কুৰনুল, কুদ্দাপ্পা আৰু অনন্তপুৰ জিলা, তামিলনাডুৰ চালেম আৰু নীলগিৰি জিলা ইত্যাদি। গোৱা, বৰ্তমান েক উল্লেখযোগ্য আকৰিক লোৰ উৎপাদক হিচাপে পৰগণিত হৈছে।

    মেংগানিজঃ

    আকৰিক লো গলাই পৰিষ্কাৰ কৰোতে ব্যৱহাৰ হোৱা প্ৰয়োজনীয় কেঁচামালবিধ হল মেংগানিজ। তদুপৰি লৌহ মিশ্ৰণ কৰা শিল্পসমূহতো ই ব্যৱহিত হয়। সকলো ভূত্তাত্ত্বিক গঠনতে, মেংগানিজৰ অৱক্ষেপবোৰ পোৱা যায়। দাৰৱাৰ শিলাস্তৰৰ লগত ই প্ৰধানকৈ জড়িত থাকে।

    উৰিষ্যা মেংগানিজ উৎপাদনৰ ক্ষেত্ৰত আগৰণুৱা। উৰিষ্যাৰ মুখ্য খনিসমূহ ভাৰতৰ আকৰিক লো থকা মধ্য অঞ্চলবোৰত অৱস্থিত। বিশেষকৈ বোনাই, কেণ্ডুঝাৰ, সুন্দেৰগড়, গংপুৰ, কোৰাপুত কালাহাণ্ডি আৰু বোলাংগীৰ নামে ঠাইবোৰ উল্লেখযোগ্য।

    মেংগানিজ উৎপাদন কৰা আন এখন মুখ্য় ঠাই হল কৰ্ণাটক। ইয়াত খনি থকা অঞ্চলবোৰ হল ত্ৰুমে ধাৰৱাৰ, বেল্লাৰী,বেলগম, উত্তৰ কানাৰা, চিকমাগালুৰ, ছিমোগ, চিত্ৰাদুৰ্গ আৰু টুমকুৰ। আন এখন উল্লেখযোগ্য ঠাই হল মহাৰাষ্ট্ৰ ৰাজ্য, যত মেংগানিজৰ খনি নাগপুৰ, ভাণ্ডাৰা আৰু ৰত্নগিৰি জিলাত যথেষ্ট পৰিমাণে আছে। কিন্ত তীখা উদ্যোগবোৰৰ পৰা বহু নিলগত অৱস্থিত বাবে এই খনিবোৰৰ প্ৰাধান্য় কিছু কম। মধ্যপ্ৰদেশৰ মেংগানিজ থকা অঞ্চলটো, ত্ৰুমে বালাঘাট, চিন্দৱাৰা - লিমাৰ - মাণ্ডালা আৰু বাবুৱা জিলালৈ বিস্তৃত হৈ আছে। মেংগানিজ আৰু ক্ষুদ্ৰ উৎপাদনকাৰী ঠাইবোৰৰ ভিতৰত অন্ধ্ৰপ্ৰদেশ, গোৱা আৰু ঝাৰখণ্ড অন্যতম।

Type - Boby Bora