Chapter 4 

হৰপ্পা সভ্যতা

 (The Harappan Civilization)


অতি চমু প্ৰশ্নঃ 

১। কিমান চনত হৰপ্পাত খননকাৰ্য্য চলিছিল ?

উত্তৰঃ- ১৯২১ চনত হৰপ্পাত খননকাৰ্য্য চলিছিল ।

২। খননকাৰ্যৰ জৰিয়তে উদ্ধাৰ হোৱা হৰপ্পা সভ্যতাৰ অৱস্থান কেনেকুৱা ? 

উত্তৰঃ-  খননকাৰ্যৰ জৰিয়তে উদ্ধাৰ হোৱা হৰপ্পা সভ্যতাৰ অৱস্থান ত্ৰিভুজাকৃতিৰ ।

৩। কোনে ৰেডিঅ' কাৰ্বন পদ্ধতি আৱিষ্কাৰ কৰিছিল ?

উত্তৰঃ- চিকাগো বিশ্ববিদ্যালয়ৰ অধ্যাপক গৱেষক ড॰ ডব্লিউ. ওফ. লিবি (১৯৪১ চনত) ৰেডিঅ' কাৰ্বন পদ্ধতি আৱিষ্কাৰ কৰিছিল ।

৪। হৰপ্পা সভ্যতা কিহৰ ওপৰত প্ৰতিষ্ঠিত ?

উত্তৰঃ- হৰপ্পা সভ্যতা কৃষি আৰু বাণিজ্যৰ ওপৰত প্ৰতিষ্ঠিত ।

৫। হৰপ্পা সভ্যতাত কেনেকুৱা ধৰণৰ ইটা প্ৰস্তুত কৰা হৈছিল ?

উত্তৰঃ- হৰপ্পা সভ্যতাত সাধাৰণতে অলতীয়া, কোমল মাটি সাঁচত ঢালি ৰ'দত শুকুৱাই বা জুইত পুৰা ইটা প্ৰস্তুত কৰা হৈছিল ।

৬। হৰপ্পা সভ্যতাৰ জনসাধাৰণৰ প্ৰধান খেল কি ?

উত্তৰঃ- হৰপ্পা সভ্যতা জনসাধাৰণৰ প্ৰধান খেল হ'ল- পাশা ।

৭। হৰপ্পা সভ্যতাৰ সবাতোকৈ ডাঙৰ চহৰ খনৰ নাম কি ?

উত্তৰঃ- হৰপ্পা সভ্যতাৰ সবাতোকৈ ডাঙৰ চহৰ খনৰ নাম হ'ল - ঢৌলাবিৰা।


চমু প্ৰশ্নঃ 

 

১। নগৰীয়া হৰপ্পা সংস্কৃতিৰ পূৰ্বৰ ধ্বসাংৱশেষবোৰক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি লিখা ।

 উত্তৰঃ- নগৰীয়া হৰপ্পা সংস্কৃতিৰ পূৰ্বৰ ধ্বংসাৱশেষবোৰক তিনিটা ভাগত ভাগ কৰা হৈছে আৰু সেইকেইটা হ'ল-

১। কটদিজি সংস্কৃতি

২। চথি চিচৱাল সংস্কৃতি

৩। অম্ৰি সংস্কৃতি ।


২। কোনসকলৰ দ্বাৰা হৰপ্পা সভ্যতা গঢ়ি উঠিছিল ? 

উত্তৰঃ- মংগোলীয়, আলপাইন, চুমেৰীয়া, আৰ্য্য আৰু অনাৰ্য্য গোষ্ঠী দ্বাৰা হৰপ্পা সভ্যতা গঢ়ি উঠিছিল বুলি মত প্ৰকাশ কৰিছে । 

৩। হৰপ্পা সভ্যতা পতনৰ কাৰণ সমূহ কি কি ?

উত্তৰঃ-  হৰপ্পা সভ্যতা পতনৰ কাৰণ সমূহ হ'ল- 

১। প্ৰাকৃতিক দুৰ্যোগ,

২। বৈদেশিক আক্ৰমণ, 

৩। এই সভ্যতা সংৰক্ষণ শীলতা,

৪। সিন্ধু নদী গ্ৰতি পৰিবৰ্তন আৰু

৫। পৰম্পৰাগত ঘটনা ।


৪। হৰপ্পা সভ্যতাৰ যিকোনো দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ- হৰপ্পা সভ্যতাৰ যিকেনো দুটা বৈশিষ্ট্য হ'ল- 

১। নগৰ পৰিকল্পনা । 

২। বিস্তিত আভ্যন্তৰীণ আৰু বৈদেশিক বাণিজ্য় ।

চমুটোকাঃ

১। নগৰ নিৰ্মাণ । 

উত্তৰঃ নগৰ নিৰ্মাণ : হৰপ্পা সভ্যতাৰ নগৰ বিন্যাস আছিল অদ্বিতীয, য’ত পৰিপক্ক অভিযান্ত্ৰিক শৈলী, আঁচনি আৰু দক্ষতা প্রতিফলিত হৈছিল। নগৰবোৰ উপযুক্ত যাতায়াতৰ বাবে আহল-বহল পথ-উপপথেৰে পৰিপূৰ্ণ আছিল। মূল পথলানি ১৩/, 'ৰ পৰা ৩৩/ বহল হোৱাৰ বিপৰীতে উপপথসমূহ ৯ ৰ পৰা ১২/ আছিল। সাধাৰণতে সমান্তৰালভাৱে থকা পথবোৰ নগৰৰ প্ৰধান অঞ্চলসমূহত লম্বভাৱে কটাকটি কৰিছিল আৰু পথৰ দুয়োকাষে আছিল পৰিকল্পিতভাৱে নিৰ্মাণ কৰা গৃহলানি। সাধাৰণতে ঘৰবোৰত একোটা গা-ধোৱা ঘৰ, ৰান্ধনিশাল থকাৰ উপৰি তিনি চাৰিটামান কোঠালি আছিল। প্রত্যেক ঘৰতে একোটাকৈ কুঁৱাৰ অস্তিত্ব পোৱা গৈছে। বৃহৎ ঘৰসমূহ ৩০ কোঠালি পর্যন্ত, বহুমহলীয়া আছিল। উদ্ধাৰ হোৱা খটখটিসমূহে এই বহুমহলীয়া গৃহলানিৰ কথা প্রতিপন্ন কৰে।

    জল নির্গমন ব্যৱস্থাৰ বাবে হৰপ্পা সভ্যতা বিশেষভাৱে চমক লগা। যিটো ব্যৱস্থা বিশ্বৰ সমসাময়িক অন্যান্য সভ্যতাবোৰত পৰিলক্ষিত নহয়। নগৰৰ নলাসমূহ ইটাৰে পৰিকল্পিতভাৱে নিৰ্মাণ কৰা হৈছিল। পিছে কোনো কোনো নলা-নর্দমা নিৰ্মাণত জিপচাম আৰু বিটুমিনৰ দৰে ধাতু ব্যৱহাৰ দেখা যায়। নগৰৰ প্ৰতিটো ঘৰৰপৰা ব্যৱহৃত পানীভাগ ওলাই যাব পৰাকৈ মূল নলাবোৰৰ সতে সংযোগী নলাৰ ব্যৱস্থা আছিল। সকলো নলা-নর্দমাকে ঢাকি থোৱাৰ ব্যৱস্থাটোৱে সাম্প্রতিক সময়ৰ নগৰবোৰৰ দৰেই যে সেই সময়ৰ জল নিৰ্গমন ব্যৱস্থা আছিল তাকে সূচায় । অৱশ্যে কোনো ক্ষেত্ৰত নলা-নর্দমাবোৰ পানীখোৱা কুঁৱাৰ সমীপেদি পাৰ হৈ যোৱাত অপৰিষ্কাৰ পানীয়ে ব্যৱহৃত জলভাগক প্ৰদূষিত কৰিছিল। নলাবোৰত পানী শোহা কেতবোৰ ধাতুৰ উপাদান থকাও পৰিলক্ষিত হয়।

    হৰপ্পা সভ্যতাত পোৰা ইটা প্ৰচুৰভাৱে গৃহনির্মাণত ব্যৱAহাৰ কৰা হৈছিল। অৱশ্যে ৰংপুৰ আৰু কালিবংগনাত এনে ইটা ব্যৱহাৰ হোৱা নাছিল। ব্যৱহৃত আয়তাকাৰ ইটাবোৰৰ দীঘ-প্রস্থ-উচ্চতা আছিল ৪ঃ২ঃ১। কোনো কোনো ক্ষেত্ৰত কুঠাৰ আৰু অন্য আকৃতিৰ ইটাও উদ্ধাৰ হৈছে। ইটাসমূহ সাধাৰণতে আলতীয়া, কোমল মাটি সাঁচত ঢালি ৰ’দত শুকুৱাই বা জুইত পুৰি প্ৰস্তুত কৰা হৈছিল।

    হৰপ্পা সভ্যতাৰ নগৰ নিৰ্মাণ শৈলীৰ মূল বিষয় হ’ল মহেঞ্জোদাৰো আৰু হৰপ্পাত উদ্ধাৰ হোৱা ৰাজহুৱা স্নানাগাৰ তথা বৃহৎ ভঁৰাল । উভয় অঞ্চলতে হোৱা খনন কাৰ্যত যিবোৰ ভঁৰালৰ অৱশেষ পোৱা গৈছে তাৰ গড় দৈৰ্ঘ্য ৪৫.৭১ মিটাৰ আৰু ১৫.২৩ মিটাৰ বহল ৷ হৰপ্পাত উদ্ধাৰ হোৱা ভঁৰালসমূহৰ আয়তন ১৫.২৩× ৬.০৯ মিটাৰ৷ এই ভঁৰালবোৰক ১৮ বহল এটা পথে দুটা ভাগত বিভক্ত কৰিছে ।ভঁৰালবোৰৰ প্ৰৱেশ পথ নদী অভিমুখে হোৱাটোৱে এই কথাকে সূচায় যে বিভিন্ন অঞ্চলৰ পৰা দ্রব্যবস্তু জলপথেদি আনি ইয়াতে থুপাই থোৱা হৈছিল।


    হৰপ্পা সভ্যতাৰ গৃহনির্মাণ প্ৰক্ৰিয়াত সমৰূপী শৈলী পৰিলক্ষিত হয়। ঘৰবোৰ নিৰ্মাণ কৰোঁতে মজবুত ভেঁটি প্রতিষ্ঠাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি খুঁটাসমূহ থিয় কৰাবলৈ দ গাঁত খন্দাই ভেটিৰ তলত ভগা ইটা তথা মাটি ভৰোৱা হৈছিল। ঘৰবোৰ ঢিপসদৃশ অঞ্চলত নিৰ্মাণ কৰা ধাৰণাটো এই সভ্যতাৰ আন এক বৈশিষ্ট্য। ঘৰসমূহৰ মাজত পর্যাপ্ত খালী ঠাই আছিল। লক্ষণীয়ভাৱে ঘৰবোৰৰ মূল দুৱাৰ পোনপটীয়াভাৱে মুখ্য পথৰ দিশে হোৱাৰ বিপৰীতে পাছফালেদি উপপথমুখী বাট উলিয়াই দিয়া হৈছিল।


    হৰপ্পা সভ্যতাৰ ঘৰবোৰ মজবুত আৰু জীৱন নিৰ্বাহৰ বাবে প্ৰায়বোৰ সুবিধাৰে সমৃদ্ধ আছিল যদিও ইয়াত কোনো বিশেষ কাৰুকাৰ্য চকুত পৰা দেখা নাযায়। যি কি নহওক নগৰবোৰক শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ নিৰ্মাণ কৰা দুৰ্গ, খাদ্য মজুতকৰণ গৃহ, নগৰৰ বাট-পথত থকা আলোকসজ্জাৰ উপকৰণ ইত্যাদি বোৰে হৰপ্পা সভ্যতাক সমসাময়িক অন্যান্য সভ্যতাসমূহৰ তুলনাত সমৃদ্ধিশালী আৰু অগ্ৰণী হিচাপে প্ৰতিপন্ন কৰে।

২।  কৃষিভিত্তিক অৰ্থনীতি । 

উত্তৰঃ কৃষিভিত্তিক অর্থনীতি (Agrarian Base) : হৰপ্পা সভ্যতা কৃষি আৰু বাণিজ্যৰ ওপৰত প্ৰতিষ্ঠিত। গ্ৰাম্য অঞ্চলত উৎপাদিত শস্যই নগৰৰ চাহিদা পূৰণৰ উপৰি ৰপ্তানিৰ ক্ষেত্ৰতো বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। কাৰণ পৰ্যাপ্ত শস্য উৎপাদন নহ'লে নগৰীয়া সভ্যতা একোটাৰ বিকাশ অসম্ভৱ আৰু হৰপ্পাত যিদৰে নগৰীকৰণে বিকাশ লভিছিল তাৰ অন্তৰালত আছিল সু-স্বাস্থ্যৰ অধিকাৰী নাগৰিক তথা পোষক খাদ্য। হৰপ্পা উপত্যকাৰ ভূ-ভাগ বিভিন্ন নদীৰ সমীপত অৱস্থিত হোৱাত এই ঠাইবোৰ সাৰুৱা, উপযুক্ত বৰষুণেৰে পুষ্ট আছিল। হৰপ্পা সভ্যতাৰ বিস্তৃতি অধ্যয়ন কৰিলে দেখা যাব যে ইয়াত কোমল মাটি, পাহাৰ, সমভূমি আৰু উপকূল খণ্ড অন্তর্ভুক্ত আছিল। পাহাৰ আৰু বালিয়া সাগৰীয় উপকূলক বাদ দি বাকী অঞ্চলবোৰত উৎপাদন হোৱা উদ্বৃত্ত শস্যই হৰপ্পাৰ নগৰীয়া জীৱন বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। শস্য উৎপাদনৰ সমান্তৰালভাৱে পশুপালন আৰু চিকাৰ কাৰ্যও চলি আছিল। হৰপ্পা সভ্যতাৰ লগত সাঙোৰ খাই থকা এনেবোৰ তথ্য খনন কাৰ্যৰ জৰিয়তে পোহৰলৈ আহিছে।

    অঞ্চলভেদে হৰপ্পা সভ্যতাত ভিন ভিন শস্য উৎপাদন হৈছিল। হবা, কলিবংগনা, লোথাল, ৰংপুৰ আদি অঞ্চলত সামূহিকভারে ঘেঁহু, বালি, ধান, মটৰমাহ, যৱ, তৰমুজ, হালধি, আদা আৰু অন্যান্য শাক-পাচলি উপাদান হৈছিল। খেতি-বাতি পানীযোগান ব্যৱস্থা আৰু বৰষুণৰ ওপৰত নিৰ্ভৰশীল আছিল। মাটি চহাবলৈ খেতি পথাৰত নাঙল, কোদাল আদি প্রাথমিক সঁজুলি ব্যৱহাৰ কৰাৰ উপৰি পচন সাৰ প্ৰয়োগ হৈছিল। দেখা যায় যে, হৰপ্পা সভ্যতাৰ অঞ্চলবিশেষ নদী পাৰৰ কোমল মাটিত অৱস্থিত হোৱাত কম কষ্টতে খেতিয়কে মাটি চহাব পাৰিছিল আৰু মাটিৰ নিজস্ব সাৰুৱা গুণৰ সুৱাদতে যথোপযুক্ত শস্য উৎপাদন হৈছিল। বছৰটোত সাধাৰণতে দুটা পৰ্যায়ত খেতি-বাতি কৰাৰ ধাৰণা দেখা যায়। খাৰিফ আৰু ৰবি শস্য উৎপাদনৰ দ্বাৰা এই সভ্যতাৰ লোকসকল কৃষিৰ ক্ষেত্ৰত স্বাৱলম্বী আছিল। পানীযোগানৰ কাৰণে খেতিয়কে বোঁৱতী নদীত বান্ধ নিৰ্মাণ কৰি জলধাৰাৰ গতিপথ কৃষিক্ষেত্রমুখী কৰিছিল। ঘাগৰ-হাক্ৰা নদীৰ সমভূমিত এনে কেতবোৰ সৰু সৰু খালৰ অস্তিত্ব পোৱা গৈছে।

    কৃষিৰ সমান্তৰালভাৱে পশুপালন বৃত্তিয়েও তদানীন্তন সমাজত যথেষ্ট ভূমিকা লৈছিল। সাধাৰণতে ষাঁড়, ম'হ, গাহৰি, হাতী, গাধ, ছাগলী, ভেড়া ইত্যাদি জন্তু তেওঁলোকে পুঁহিছিল। সুৰকটাদাত উদ্ধাৰ হোৱা ঘোঁৰাৰ হাড়ে হৰপ্পা সভ্যতাৰ পশুপালনৰ ক্ষেত্ৰত আন কেতবোৰ বিষয় প্রতিষ্ঠিত কৰিছে। কাৰণ আৰ্যসভ্যতা বিন্যাসৰ যোগেদিহে ঘোঁৰা ব্যৱহাৰ ভাৰতত হৈছিল বুলি পূর্বতে ঐতিহাসিকসকলে মত পোষণ কৰিছিল।

৩। বাণিজ্য । 

উত্তৰঃ বাণিজ্য (Trade) : হৰপ্পা সভ্যতাত বেহা-বেপাৰে বিশেষ অগ্রগতি লাভ —কৰিছিল। জলপথ, স্থলপথ উভয় পৰিবহণ মাধ্যমেদি বেহা-বেপাৰ চলিছিল। য'ত গৰুগাড়ী, জীৱ-জন্তু | স্থলপৰিবহণৰ উপকৰণ হিচাপে ব্যৱহাৰ হোৱাৰ বিপৰীতে সাগৰীয় বাণিজ্য জাহাজ, নাৱেৰে সম্ভৱ বেহা বেপাৰ হৈছিল। আন্তঃদেশীয় আৰু বহিঃ উভয় বাণিজ্যই বিস্তৃতি সভ্যতাৰ সতে চুমেৰ, 0 মেচোপটেমীয়া আদি ঠাইৰ যোগাযোগ চলিছিল। কাশ্মীৰ, দক্ষিণ আৰু পূব ভাৰতৰ বিভিন্ন অংশৰ পৰা এই অঞ্চললৈ বিভিন্ন ধাতু, দ্ৰব্যৰ সৰবৰাহ হৈছিল। দেখা যায় যে, ৰাজস্থানৰ পৰা টিন, তাম, সীহ সৰবৰাহ হোৱাৰ বিপৰীতে দক্ষিণ ভৰতৰ কৰ্ণাটকৰ পৰা এই অঞ্চললৈ সোণ আমদানি হৈছিল। একেদৰে মধ্যপ্ৰাচ্যৰ বিভিন্ন অংশ, মেছোপটেমীয়া, আফগানিস্থানৰ সতে হৰপ্পা সভ্যতাৰ প্ৰত্যক্ষ যোগাযোগ আছিল। মেছোপটেমীয় সাহিত্যত থকা ‘মেলুহা’ শব্দই সিন্ধু উপত্যকাৰ কথা সূচাইছে বুলি ঐতিহাসিক সকলে ব্যাখ্যা দিয়ে। একেদৰে বাহৰেইণক ‘দিলমুন’ আৰু মাকৰণ সমুদ্রতীৰক ‘মাগান' হিচাপে ঠাইবিশেষে উল্লেখ কৰা হৈছে। মেছোপটেমীয় ৰজা ছাৰগনে (২৩৩৪–২২৭৯খ্রী.পূ) উপৰিউক্ত তিনিখন ঠাইৰ লগত বাণিজ্যিক সম্পর্ক স্থাপনৰ কথা সাহিত্যিক প্রত্নতাত্ত্বিক সমলবোৰে প্ৰতিষ্ঠিত কৰে। সেইদৰে লোথালত উদ্ধাৰ হোৱা গোটাসজীয়া পাৰস্যদেশীয় ছীল তথা কালিবংগনাত পোৱা মেছোপটেমীয়াৰ ছীলে হৰপ্পা সভ্যতাৰ বহিঃ বাণিজ্যিক দিশলৈ প্ৰতিপন্ন কৰে।


    শিল আৰু ধাতুৰ পৰা নির্মিত বিভিন্ন আকৃতিৰ ছীল তথা আহত মুদ্ৰাই হৰপ্পা সভ্যতাৰ বাণিজ্যিক দিশটো পৰ্যালোচনা কৰে। ঐতিহাসিক ডি.এন. ঝাই (D.N.Jha) এই ছীলসমূহক আন্তঃ আৰু বহিঃবাণিজ্যৰ অন্যতম সাধন হিচাপে আখ্যা দিছে। বাণিজ্যৰ প্ৰসংগত অতবোৰ দিশ চৰ্চিত হৈছে যদিও বাণিজ্যিক্ত উপাদান বা আমদানি – ৰপ্তানিকৃত সামগ্ৰীৰ ক্ষেত্ৰত ঐতিহাসিক সকল ঐক্যমতত উপনীত হ’ব পৰা নাই। কেঁচামাল, খাদ্য সামগ্ৰীৰ আমদানি- ৰপ্তানিতকৈ হয়তো হৰপ্পা সভ্যতাই মূল্যবান ধাতু, মণি-মুকুতা, পাথৰত গুৰুত্ব আৰোপ কৰিছিল। লোথাল আৰু ছানহুদাৰুত পোৱা মণি-মুকুতাৰ সামগ্ৰী বনোৱা কাৰিকৰৰ গাঁও বা উদ্ধাৰ হোৱা মসৃণ অলংকাৰ সমূহে এই কথা স্পষ্ট কৰে। একেদৰে বস্ত্ৰ, শামুকৰ খোলা, হাতী দাঁতৰ বিভিন্ন বস্তু, ঊল, শুকান মাছ ইত্যাদিবোৰ ইয়াৰ পৰা বিভিন্ন ঠাইলৈ ৰপ্তানি কৰা হৈছিল।


    বিভিন্ন বাণিজ্যিক পথৰ দ্বাৰা এই বাণিজ্য প্রক্রিয়া সম্পাদিত হৈছিল। বেলুচিস্তান, সিন্ধু, ৰাজস্থান, চোলিস্তান, পঞ্জাব আৰু গুজৰাট আদিৰ মাজত বাণিজ্যিক আন্তঃসম্পর্ক আছিল। কিৰথাৰ পাৰ্বত্য অঞ্চলেদি বেলুচিস্তান-সিন্ধ পথ, পূব পঞ্জাব আৰু ৰাজস্থান হৈ চোলিস্তান পথ, উত্তৰ আফগানিস্তান, গোমাল উপত্যকা আৰু মুলতান সংযোগী পথছোৱা হৰপ্পাৰ বাণিজ্যিক সম্প্ৰসাৰণৰ নমুনা আছিল। বেলুচিস্তানৰ পৰা আফগানিস্তান হৈ যোৱা পথছোৱা, মূলা, বোলান, গোমান উপত্যকাইদি সম্প্ৰসাৰিত পথলানিয়ে পথ পৰিবহণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। দেখা যায় যে, পশ্চিম এছিয়াক হৰপ্পা সতে দুটা মুখ্য পথে সংযোগ ঘটাইছিল— উত্তৰ্দিশত উত্তৰ আফগানিস্তান, উত্তৰ ইৰাণ, তুর্কমেনিস্তান আৰু মেছপটেমায়ী হৈ যোৱা পথটোৱে চৰ্টুঘাই, হিচাৰ, কিছ আদি অঞ্চল স্পৰ্শ কৰা বিপৰীতে দক্ষিণৰ পথটোৱে জালালাবাদ, চুচা আৰু উৰ চুই গৈছিল।

     জল পৰিবহণৰ ক্ষেত্ৰত সিন্ধু নদীৰ ভূমিকা আছিল লক্ষ্যণীয়। এই পথেদি গুজৰাটৰ লোথাল আৰু চৌলাভিৰা বন্দৰৰ লগত সংযোগ ঘটিছিল। নদীপথৰ অন্যান্য উদাহৰণ হ'ল ৷ বলান নদী, কটদিজি আৰু পশ্চিম নাৰা নদী। মেছোপটেমীয়া অভিমুখী পথছোৱাত চুটকাজেন্দোৰ, বালাকোট, ডাবাৰকোট সামুদ্রিক উপকূলৰ অন্তর্ভুক্ত আছিল। দেখা যায় যে লোথাল, কুনটাছি, ঢৌলাভিৰা আৰু কচ্ছ তীৰ সংযোগী আন আন বন্দৰসমূহে বহিঃবাণিজ্যৰ দিশত গুৰুত্ব লাভ কৰিছিল।

ৰচনাধৰ্মী প্ৰশ্নঃ

১। সিন্ধু উপত্যকা বৈশিষ্ট্য বোৰ আলোচনা কৰা ?

উত্তৰঃ ১। নাৰী সভ্য়তা, ২। ৰাস্তা-ঘাট, ৩। নলা-নৰ্দমা, ৪। বাসস্থান, ৫। শস্য ভৰাল, ৬। বৃহৎ ৰাজহুৱা, ৭। সামৰিক জীৱন, ৮। আহাৰ বা খাদ্য ৯। সাজ-পাৰ, ১০। আ-অলংকা, ১১। খেল-ধেমালী ১২। ঔষধ পাতি, ১৩। দৈন্নন্দিন ব্যৱহাৰ সামগ্ৰী, ১৪। অৰ্থনৈতিক জীৱন, ১৫। পশুপালন, কৃষি আৰু ব্যৱসায়-বাণিজ্য ১৬। ৰাজনৈতিক জীৱন , ১৭। ধৰ্মীয় ব্যৱস্থা ১৮। মৃতকৰ সৎকাৰ ।

২। হৰপ্পা সভ্যতাৰ লোকসকলৰ বৈশিষ্ট্য বোৰ লিখা । 

উত্তৰঃ হৰপ্পা সভ্যতাৰ লোকসকলৰ বৈশিষ্ট্য বোৰ হ'ল 

১। হৰপ্পা সভ্যতাৰ জনসাধাৰণৰ প্ৰধান শস্য আছিল ঘেহুঁ। তেওঁলোকে আমিখ আৰু নিৰামিখ প্ৰকাৰৰ খাদ্যই গ্ৰহণ কৰিছিল ।

২। হৰপ্পা সভ্যতাৰ জনসাধাৰণৰ প্ৰধান খেল আছিল পাখা।

৩। হৰপ্পা সভ্যতাৰ জনসাধাৰণৰ প্ৰধান 4 টা বিষয় হ'ল- কৃষি. পশুপালন, কূটীৰ শিল্প, ব্যৱসায়-বাণিজ্য ।

৪। হৰপ্পা সভ্যতাৰ লোকসকলে নিজে কাপোৰ বইছিল । 

৫। হৰপ্পা সভ্যতাৰ লোকসকল ব্যৱসায় বাণিজ্যৰ লগত জড়িত আছিল ।

৬। হৰপ্পা সভ্যতাৰ লোকসকলে ব্যসায় বাণিজ্য়ৰ কাৰণে 4 চকীয়া মুদ্ৰা, ধাতু ব্যৱহাৰ কৰিছিল ।  

Author : Monikongkona Saikia 




Post ID : DABP004574