পাঠ ১৩
পৃষ্ঠকালি আৰু আয়তন
অনুশীলনী 13.7 


1. এটা লম্ব বৃত্তাকাৰ শংকুৰ আয়তন নিৰ্ণয় কৰা, যদিহে ইয়াৰ 
(i) ব্যাসাৰ্ধ 6 চেমি, উচ্চতা 7 চেমি
উত্তৰঃ শংকুটোৰ আয়তন = 1/3 πr2h

= (1/3) x (22/7) x 6 cm x 6 cm x 7 cm

= 264 cm3
(ii) ব্যাসাৰ্ধ 3.5 চেমি, উচ্চতা 12 চেমি
উত্তৰঃ শংকুটোৰ আয়তন = 1/3 πr2h

= (1/3) x (22/7) x 12 cm x 12 cm x 13 cm

= 1961.15 cm3 


2. এটা শংকু আকাৰৰ পাত্ৰৰ ধাৰকত্ব লিটাৰত নিৰ্ণয় কৰা, যদিহে ইয়াৰ
(i) ব্যাসাৰ্ধ 7 চেমি, নতি উচ্চতা 25 চেমি

উত্তৰঃ

শংকুটোৰ ব্যাসাৰ্ধ (r) = 7 cm

আৰু নতি উচ্চতা (l) = 25 cm

উচ্চতা (h) = 24 cm

শংকুটোৰ আয়তন = 1/3 πr2h

= (1/3) x (22/7) x 7 cm x 7 cm x 24 cm

= 1232 cm3

= 1.232 L ( 1000 cm3 = 1L)


(ii) উচ্চতা 12 চেমি, নতি উচ্চতা 13 চেমি

উচ্চতাঃ শংকুটোৰ উচ্চতা (h) = 12 cm

আৰু নতি উচ্চতা (l) = 13 cm

ব্যাসাৰ্ধ (r) = 5 cm

শংকুটোৰ আয়তন = 1/3 πr2h

= (1/3) x (22/7) x 5 cm x 5 cm x 12 cm

= 314.29 cm3

= 0.315 L ( 1000 cm3 = 1L)



3. এটা শংকুৰ উচ্চতা 15 চেমি। যদি ইয়াৰ আয়তন 1570 ঘন চেমি হয়, ইয়াৰ ভূমি ব্যাসাৰ্ধ নিৰ্ণয় কৰা। (π = 3.14 ধৰিবা)

উত্তৰঃ শংকুৰ আয়তন = 1570 cm3

1/3πr2h = 1570 cm3

(1/3) x 3.14 x r2 x 15 cm = 1570 cm3

⇒ r2 = 100 cm2

⇒ r = 10 cm



4. 9 চেমি উচ্চতাৰ লম্ব বৃত্তাকাৰ শংকু এটাৰ আয়তন 48π ঘন চেমি হ'লে, ইয়াৰ ভূমিৰ ব্যাস নিৰ্ণয় কৰা।

উত্তৰঃ শংকুটোৰ আয়তন = 48π cm3

⇒ (1/3)πr2h = 48π cm3

⇒ (1/3) x r2 x 9 cm = 48 cm3

⇒ r2 = 16 cm2

⇒ r = 4 cm



5. এটা শংকু আকাৰৰ গাঁতৰ উপৰিভাগৰ ব্যাস 3.5 মি আৰু গভীৰতা 12 মি। ইয়াৰ ধাৰকত্ব কিলোলিটাৰত কিমান হ'ব?

উত্তৰঃ গাঁতটোৰ আয়তন

= (1/3)πr2h

= (1/3) x (22/7) x 1.75 m x 1.75 m x 12 m

= 38.5 m3

= 38.5 কিলোলিটাৰ



6. এটা লম্ব বৃত্তাকাৰ শংকুৰ আয়তন 9856 ঘন চেমি। ভূমিৰ ব্যাস 28 চেমি হ'লে, তলৰবোৰ নিৰ্ণয় কৰাঃ

(i) শংকুটোৰ উচ্চতা

উত্তৰঃ

শংকুটোৰ আয়তন = 9856 cm3

⇒ (1/3)πr2h = 9856 cm3

⇒ (1/3) x (22/7) x 14 cm x 14 cm x h = 9856 cm3

⇒ h = 48 cm

(ii) শংকুটোৰ নতি উচ্চতা

উত্তৰঃ l2 = r2 + h2

l2 = 14 cm x 14 cm + 48 cm + 48 cm

l2 = 196 cm2 + 2304 cm2

l2 = 2500 cm2

∴ l = 50 cm

(iii) শংকুটোৰ বক্ৰ পৃষ্ঠকালি।

উত্তৰঃ শংকুটোৰ বক্ৰ পৃষ্ঠকালি

= πrl

= (22/7) x 14 cm x 50 cm

= 2200 cm2



7. 5 চেমি, 12 চেমি আৰু 13 চেমি বাহুবিশিষ্ট এটা সমকোণী ত্ৰিভূজ ABC ক 12 চেমি বাহুটোৰ সাপেক্ষে ঘূৰোৱা হ'ল। এনে কৰোতে উৎপন্ন হোৱা গোটা আকাৰটোৰ আয়তন নিৰ্ণয় কৰা।

উত্তৰঃ

ত্ৰিভূজটো 12 চেমি বাহুটোৰ সাপেক্ষে ঘূৰোৱা হ’ল,

উৎপন্ন হোৱা শংকুটোৰ

ভূমি ব্যাসাৰ্ধ (r) = 5 চেমি

উচ্চতা (h) = 12 চেমি

নতি উচ্চতা (l) = 13 চেমি

এতিয়া, শংকুটোৰ আয়তন

= (1/3)πr2h

= (1/3) x π x 5 cm x 5 cm x 12 cm

= 100π cm3



8. প্ৰশ্ন নং 7 অত উল্লেখ কৰা ABC ত্ৰিভূজটো 5 চেমি বাহুটোৰ সাপেক্ষে ঘূৰালে ই উৎপন্ন কৰা গোটা আকাৰটোৰ আয়তন নিৰ্ণয় কৰা। প্ৰশ্ন নং 7 আৰু 8 অত পোৱা গোটা আকাৰ দুটাৰ আয়তনৰ অনুপাতো লগতে নিৰ্ণয় কৰিবা।

উত্তৰঃ

ত্ৰিভূজটো 5 চেমি বাহুটোৰ সাপেক্ষে ঘূৰোৱা হ’ল,

উৎপন্ন হোৱা শংকুটোৰ

ভূমি ব্যাসাৰ্ধ (r) = 12 চেমি

উচ্চতা (h) = 5 চেমি

নতি উচ্চতা (l) = 13 চেমি

এতিয়া, শংকুটোৰ আয়তন

= (1/3)πr2h

= (1/3) x π x 12 cm x 12 cm x 5 cm

= 240π cm3

প্ৰশ্ন নং 7 আৰু 8 ৰ আকাৰ দুটাৰ অনুপাত হৈছে

= 100π cm3 : 240π cm3

= 5 : 12



9. এটা ঘেঁহুৰ  দ'মৰ আকাৰটো এটা শংকুৰ নিচিনা যাৰ ব্যাস 10.5 মি আৰু উচ্চতা 3 মি। দ'মটোৰ আয়তন নিৰ্ণয় কৰা। বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ এই দ'মটো কেনভাচেৰে ঢাকিব লাগে। ইয়াৰ বাবে লগা নূন্যতম কেনভাচৰ কালি নিৰ্ণয় কৰা।

উত্তৰঃ

ঘেঁহুৰ দমটোৰ ব্যাসাৰ্ধ (r) = 5.25 m

আৰু উচ্চতা = 3 m

নতি উচ্চতা (l) = 6.05 m

দ’মটোৰ আয়তন = (1/3)πr2h

= (1/3) x (22/7) x 5.25 m x 5.25 m x 3 m

= 86.625 m3

আৰু দ’মটো ঢাকিবলৈ প্ৰয়োজনীয় কেনভাচৰ কালি

= πrl

= (22/7) x 5.25 m x 6.05 m

= 99.825 m2


- Hiru Moni Bora