পাঠ - ৭

আবুল ফজলঃ ৰাজতন্ত্ৰ

১) মোগল  যুগৰ ৰাষ্ট্ৰ দাৰ্শনিকসকলৰ ভিতৰত কাৰ নাম সৰ্বাধিক গুৰুত্বপূৰ্ণ ?

উত্তৰ: মোগল  যুগৰ ৰাষ্ট্ৰ দাৰ্শনিকসকলৰ ভিতৰত শ্বেখ আবুল ফজলৰ নাম সৰ্বাধিক গুৰুত্বপূৰ্ণ।

২) আবুল ফজলৰ সম্পুৰ্ণ নাম কি ?

উত্তৰ: আবুল ফজলৰ সম্পুৰ্ণ নামটো আছিল আবুল ফজল ইবন মুবাৰক।

৩) তেওঁৰ জন্ম কিমান  খ্ৰীষ্টাব্দত  হৈছিল ?

উত্তৰ: তেওঁৰ জন্ম হৈছিল ১৫৫১ খ্ৰীষ্টাব্দত আগ্ৰাত।

৪)আবুল ফজলৰ পিতৃৰ নাম কি আছিল ? 

উত্তৰ: আবুল ফজলৰ পিতৃৰ নাম আছিল শ্বেখ মুবাৰক ।

৫) তেওঁ এগৰাকি কি আছিল ?

উত্তৰ:তেওঁ এগৰাকি  চুফী সাধক আছিল।

৬) আবুল ফাইজিয়ে কিমান চনত আবুল ফজলক আকবৰৰ ৰাজদৰবাৰলৈ লৈ যায় আৰু কাৰ, সৈতে চিনাকি কৰাই দিয়ে ?

উত্তৰ: আবুল ফাইজিয়ে ১৫৭৫ চনত  আবুল ফজলক আকবৰৰ ৰাজদৰবাৰলৈ লৈ যায় আৰু বাদশ্বাহ  সৈতে চিনাকি কৰাই দিয়ে।

৭) আবুল ফজলৰ চিন্তাসমুহৰ বিষয়ে লিখা ?

উত্তৰ: আবুল ফজলৰ চিন্তাসমুহৰ হ'ল ৰজা সকলোৱে আদ্যত্মিক জীৱন পথ প্ৰদৰ্শক , কেৱল ইহ জগতৰ  প্ৰধান হিচাপেই ৰজাৰ ভুমিকা সীমাবদ্ধ নহয়, ৰজাৰ ৰাজ্যৰ সমগ্ৰ মানৱ জাতিৰ ৰক্ষক, তেওঁ সকলো আইন উৎস আদিয়ে তেওঁৰ প্ৰতি আকবৰক আকৃষ্ট কৰিছিল।

৮)  আকবৰে কি নামৰ নতুন এটা ধৰ্ম প্ৰবৰ্তন কৰিছিল ? 

উত্তৰ: আকবৰে 'দিন-ই-ইলাহী' নামৰ নতুন এটা প্ৰৱৰ্তন কৰিছিল।

৯) এই ধৰ্ম খলিফা কোন আছিল ? 

উত্তৰ: এই ধৰ্ম খলিফা  আকবৰ নিজেই আছিল ।

১০) তেওঁৰ ৰচনাসমুহৰ ভিতৰত সৰ্বাধিক উল্লেখযোগ্য গ্ৰন্থখনৰ নাম কি ?

উত্তৰ:তেওঁৰ ৰচনাসমুহৰ ভিতৰত সৰ্বাধিক উল্লেখযোগ্য গ্ৰন্থখনৰ নাম 'আকবৰনামা '।

১১)'আকবৰনামা ' গ্ৰন্থ খন কেইটা ভাগত বিভক্ত লিখা ?

উত্তৰ: 'আকবৰনামা ' গ্ৰন্থ খন তিনিটা ভাগত বিভক্ত।

১২) এই গ্ৰন্থখনক তৃতীয় খণ্ডটিক কি নামেৰে জনা যায় ?

উত্তৰ: এই গ্ৰন্থখনক তৃতীয় খণ্ডটিক  ' আইন-ই-আকবৰী ' নামেৰে জনা যায়।

১৩) ' আইন-ই-আকবৰী ' ত আকৌ কেইটা  খণ্ড আছে ?

উত্তৰ:  ' আইন-ই-আকবৰী ' ত আকৌ  তিনিটা খণ্ড আছে ।

১৪) আবুল ফজলত ৰচিত আন দুখন বিখ্যাত গ্ৰন্থ নাম কি ?

উত্তৰ: আবুল ফজলত ৰচিত আন দুখন বিখ্যাত গ্ৰন্থ নাম হ'ল 'বোকায়াৎ-ই-আবুল ফজল আৰু 'ইনসা-ই-আবুল ফজল '।

১৫) ৰজাৰ মুখ্য কাম আছিল মুলত ঃ কেইটা আৰু কি কি ?

উত্তৰ: ৰজাৰ মুখ্য কাম আছিল মুলত ঃ চাৰিটা - প্ৰজাৰ জীৱন ৰক্ষা কৰা, সম্পদ ৰক্ষা কৰা, সন্মান ৰক্ষা কৰা আৰু বিশ্বাসৰ ভাৱ সৃষ্টি কৰা ।

১৬) ১২শ আৰু ১৩শ শতিকাত মুছলিম দাৰ্শনিকসকলৰ ভিতৰত আন্যতম শ্ৰেষ্ঠ দাৰ্শনিক জনৰ নাম কি?

উত্তৰ:  ১২শ আৰু ১৩শ শতিকাত মুছলিম দাৰ্শনিকসকলৰ ভিতৰত আন্যতম শ্ৰেষ্ঠ দাৰ্শনিক জনৰ নাম হ'ল ইবন আৰবীৰ ।

১৭) আবুল ফজলে কি তত্ত্বত উদ্ভাৱন কৰিছিল ?

উত্তৰ: আবুল ফজলে 'চুল-ই-কুল তত্ত্বত উদ্ভাৱন কৰিছিল।

১৮) আবুল ফজলৰ আদৰ্শ ৰাষ্ট্ৰৰ ধাৰণাত মানৱ সমাজক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে আৰু এই ভাগ কেইটা কি কি লিখা ?

উত্তৰ:  আবুল ফজলৰ আদৰ্শ ৰাষ্ট্ৰৰ ধাৰণাত মানৱ সমাজক চাৰিটা শ্ৰেণীত ভাগ কৰা হৈছে আৰু এই ভাগ কেইটা হ'ল ১) সৈনিক, ২) ব্যৱসায়ী, ৩) গৃহস্থ আৰু শ্ৰমিক আৰু ৪) বুদ্ধিজীৱি।

১৯) ৰাষ্ট্ৰৰ তৃতীয় শ্ৰেণীটো কি ?

উত্তৰ: ৰাষ্ট্ৰৰ তৃতীয় শ্ৰেণীটো হ'ল ৰজাৰ পৰিষদবৰ্গ।

২০) ইয়াৰে প্ৰথম শ্ৰেণীটো কি ?

উত্তৰ; ইয়াৰে প্ৰথম শ্ৰেণীটো  হ'ল উচ্চপদস্থ বিষয়াসকল।


Type By : Pinku Moni Bora


Post ID : DABP002426