Unit 2

অভিক্ষা গঠন

(Test Construction)


১। চমু উত্তৰ লিখা।

১। অভীক্ষা কাক বোলে?

উত্তৰঃ সাধাৰণতে এজন ব্য়ক্তি বা এটা দলৰ বুদ্ধি, অৰ্জিত জ্ঞান, কৌশল বা অন্য কোনো ব্যক্তিত্বৰ বৈশিষ্ট্য পৰিমাপণৰ বাবে কিছুমান প্ৰশ্নমালাৰ ব্য়ৱহাৰ হয় আৰু ইয়াকে অভীক্ষা বুলি কোৱা হয়।

২। মনোবিজ্ঞানিক অভীক্ষা মানে কি?

উত্তৰঃ মনোবিজ্ঞানিক অভীক্ষা মানে হ'ল ভাষামূলক বা ভাষাহীন অনুক্ৰিয়াৰ নমুনা বা আন আচৰণৰ সহায়ত ব্যক্তিত্বৰ এক বা একাধিক দিশৰ বস্তুনিষ্ঠভাৱে পৰিমাপ কৰাৰ এক প্ৰতিমানীকৃত আহিলা। 

৩। সাধাৰণৰ মনৌবিজ্ঞানিক অভীক্ষাসমূহৰ ভাগ কেইটা লিখা?

উত্তৰঃ সাধাৰণৰ মনৌবিজ্ঞানিক অভীক্ষাসমূহৰ ভাগ কৰা ভাগকেইটা হ'লঃ-

(A) বুদ্ধি পৰীক্ষা (Intelligence Test)

(B) বিশেষ অভিক্ষমতা পৰীক্ষা (Special aptitude test)

(C) পাৰ্থক্যমূলক অভীক্ষামালা (Differential aptitude test batteries)

(D) ব্যক্তিত্বৰ পৰীক্ষা (Personality test)

(E) আগ্ৰহ অভীক্ষা (Interest test)

(F) প্ৰত্যক্ষ নিৰীক্ষণমূলক অভীক্ষা (Direct observation test)

৪। এক বিভাজন মতে মনৌবিজ্ঞানিক অভীক্ষাসমূহক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?

উত্তৰঃ এক বিভাজন মতে মনৌবিজ্ঞানিক অভীক্ষাসমূহক ২ টা ভাগত ভাগ কৰা হৈছে আৰু সেইকেইটা হ'লঃ-

(A) ব্যক্তিনিষ্ঠ মনোবিজ্ঞানিক অভীক্ষা (Subjective psychological test)

(B) বস্তুনিষ্ঠ মনোবিজ্ঞানিক অভীক্ষ (objective psychological test).

৫। পৰীক্ষামূলক প্ৰয়োগ কেইটা পৰ্যায়ত সম্পাদন কৰিব পাৰি আৰু কি কি?

উত্তৰঃ পৰীক্ষামূলক প্ৰয়োগ তিনিটা পৰ্যায়ত সম্পাদন কৰিব পাৰি আৰু সেইকেইটা হ'লঃ-

(a) প্ৰাৰম্ভিক পৰীক্ষণ (Preliminary try out)

(b) প্ৰকৃত পৰীক্ষণ (Proper try out)

(c) চূড়ান্ত পৰীক্ষণ (Final try out)

৬। প্ৰতিমানীকৰণ বুলিলে কি বুজা?

উত্তৰঃ প্ৰতিমানীকৰণ সংজ্ঞাসমূহ বিশ্লেষণ কৰি চালে দেখা যায় যে অভীক্ষা প্ৰয়োগৰ ব্যৱহাৰিকতা, সাৰ্বজনীন নামাংকৰ ব্যৱস্থা, নম্বৰসমূহ বিজ্ঞানসন্মত ব্যাখ্যা, মানদণ্ড নিৰ্ণয়, নিৰ্ভৰযোগ্যতা বৈধতা বিচাৰ আদিৰ সঠিক বিবেচনাৰ প্ৰস্তুত কৰা পদ্ধতিটোক প্ৰতিমানীকৰণ বোলে।


Type- Ishant Bora