গ্ৰাম্য আৰু নগৰীয়া জনবসতিঃ
২০০১ চনৰ লোক পিয়ল অনুসৰি অসমৰ শতকৰা ৮৭.২৮ ভাগ লোকেই গাঁৱত বাস কৰে। ভাৰতৰ আন ৰাজ্যৰ তুলনাত অসমত নগৰীকৰণ অতি লেহেমীয়া গতিৰে হৈছে। ২০০১ চনৰ লোক পিয়লমতে ভাৰতৰ নগৰত বাস কৰা লোকৰ সংখ্যা শতকৰা ৩৩ ভাগ হোৱাৰ বিপৰীতে অসমত এই সংখ্যা শতকৰা ১২.৭২ ভাগ। এই সংখ্যা সমগ্ৰ ভাৰতৰ ভিতৰতে আটাইতকৈ কম। বৰ্তমান অসমৰ মুঠ নগৰৰ সংখ্যা ১২৫ খন। ইয়াৰে ভিতৰত ৮.৮ লাখ জনসংখ্যা গুৱাহাটী সমগ্ৰ অসম তথা উত্তৰ - পূবৰে আটাইতকৈ ডাঙৰ মহানগৰ। অসমৰ আন উল্লেখযোগ্য নগৰসমূহ হৈছে ডিব্ৰুগড়, শিলচৰ, তেলপুৰ, যোৰহাট, শিৱসাগৰ, ধুবুৰী, বৰপেটা, উত্তৰ লখিমপুৰ, নগাঁও, তিনিচুকীয়া ইত্যাদি।
২০০১ চনৰ লোক পিয়লমতে অসমত শিক্ষিতৰ হাৰ সৰ্বভাৰতীয় শিক্ষিতৰ হাৰতকৈ কিছু কম। অসমৰ মুঠ শিক্ষিতৰ হাৰ শতকৰা ৬৪.২৮ ভাগৰ শতকৰা ৭১. ৮৩ ভাগ পুৰুষ আৰু শতকৰা ৫৮.০৩ ভাগ মহিলা। শিক্ষিতৰ হাৰৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলাৰ মাজত এক বহল পাৰ্থক্য মন কৰিবলগীয়া আৰু ই এক প্ৰকাৰে আমাৰ ৰাজ্যৰ অনুন্নত অৱস্থাকে সূচায়।
অৰ্থনৈতিক অৱস্থা
২০০১ চনৰ লোকপিয়ল মতে অসমৰ কৰ্মত নিয়োজিত হৈ থকা লোকসকলৰ শতকৰা ৫৩ ভাগৰ কৃষিয়েই হল প্ৰধান জীৱিকা। অসমৰ সমগ্ৰ ব্ৰক্ষপুত্ৰ আৰু বৰাক ফৰত্যকা মাটি অতি সাৰুৱা হোৱাৰ উপৰি মৌচুমী বায়ুৰ প্ৰভাৱত হোৱা প্ৰচুৰ বৃষ্টিপাতৰ বাবে প্ৰায় গোটেই ৰাজ্যখন কৃষিৰ বাবে বৰ উপযোগী। অসমৰ কৃষিৰ বৈশিষ্ট্যসমূহ হল - ক্ষুদ্ৰ আকাৰৰ খেতিপথাৰ, জনমূৰি মাটিৰ সীমিত পৰিমাণ, মৌচুমী বায়ুৰ ওপৰত অধিক নিৰ্ভৰশীলতা, পৰম্পৰাগত কৃষি জলসিঞ্চনৰ সীমিত সুবিধা, বানপানীৰ প্ৰভাৱ ইত্যাদি।
অসমৰ বিভিন্ন কৃষিজ দ্ৰব্যসমূহ বছৰৰ বিভিন্ন সময়ত উৎপন্ন কৰা হয়। সেই অনুযায়ী। এই দ্ৰব্যসমূহক দুটা প্ৰধান ভাগত ভাগ কৰিব পাৰি। যেনে -
১/ খাৰিফ শস্য
২/ ৰবি শস্য
খাৰিফ শস্যৰ খেতি এপ্ৰিল-মে মাহত বৰষুণ অহাৰ লগে লগে আৰম্ভ কৰা হয় আৰু নৱেম্বৰ-ডিচেম্বৰ মাহত শস্য চপোৱা হয়। ধান, মৰাপাট, কুঁহিয়াৰ আদি এইবিধ শস্যৰ অন্তৰ্গত।
আনহাতে কিছুমান বিশেষ বিশেষ শস্যৰ খেতি শীতকালি আৰম্ভ কৰি জহকালিৰ আগভাগত চপোৱা হয়। এইবিলাক শস্যক ৰবি শস্য বোলা হয়। আহুধান, বড়োধান, সৰিয়হ, মাহ, তিল, ধপাত, ঘেঁহু, মাকৈজোৱা, নানাধৰণৰ শাক - পাচলি আৰু ফলমূল ৰবি শস্যৰ ভিতৰত পৰে।
ধানঃ ধানেই হল অসমৰ প্ৰধান কৃষিজাত দ্ৰব্য। ৰাজ্যৰ খেতি মুঠ মাটি আৰু খাদ্য শস্য উৎপাদন কৰা মুঠ মাটিৰ ত্ৰুমান্বয়ে শতকৰা ৬৪.৫২ ভাগ আৰু ৯১.৪৩ ভাগ মাটিতেই ধান খেতি কৰা হয়। অসমত প্ৰধানকৈ শালি, আহু, বাও আৰু বড়ো - এই চাৰিবিধ ধানৰ খেতি কৰা হয়। ইয়াৰ ভিতৰত অৱশ্যে শালিধানৰ প্ৰাধান্য অধিক। অসমত ধান খেতি কৰা মাটিৰ পৰিমাণ প্ৰত্যেক বছৰেই বৃদ্ধি পাইছে।
অসমৰ পাহাৰীয়া জিলাকেইখনত প্ৰধানকৈ ঝুম পদ্ধতিৰে ধান খেতি কৰা হয়। ঝুম পদ্ধতি মাটিৰ কাৰণে অনিষ্টকাৰক। এনেকৈ খেতি কৰাৰ ফলত মাটিৰ উৰ্বৰতা হ্ৰাস হোৱাৰ উপৰি মাটি ক্ষয় হয়। সেইকাৰণে আজিকালি এই ঠাইসমূহত বেদীকা কৃষি প্ৰচলন আৰম্ভ কৰা হৈছে।
কুঁহিয়াৰঃ ব্ৰক্ষপুত্ৰ উপত্যকাৰ প্ৰায় গোটেইকেইখন জিলাতে কম - বেছি পৰিমাণে কুঁহিয়াৰ খেতি কৰা হয় যদিও গোলাঘাট, যোৰহাট, শিৱসাগৰ আৰু নগাঁও - এই জিলাকেইখনত এই খেতি বেছিকৈ হয়। বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাতো কুঁহিয়া খেতি ভাল হয়।
মৰাপাটঃ অসমত উৎপাদন হোৱা উপাৰ্জক শস্যসমূহৰ ভিতৰত মৰাপাটেই হল প্ৰধান আঁহাজতীয় উপাৰ্জক শস্য। অসমৰ গৰম - সেমেকা মৌচুমী জলবায়ু মৰাপাট খেতিৰ বাবে বৰ উপযোগী। সাধাৰণতে দ-পৰসুৱা মাটিত এই খেতি কৰা হয় আৰু মৰাপাটৰ গছবোৰ কাটি দীঘলে দীঘলে মুঠা বান্ধি পানীত গোৰাই থোৱা হয়। মৰাপাট খেতিত গোৰাবৰ কাৰণে আৰু ধুবৰ বাবে প্ৰচুৰ পানীৰ দৰকাৰ। সেইকাৰণে এই খেতি জলাশয়ৰ ওচৰত, আনকি খৰালিও পানী থকা ডোবা, খাল, পুখুৰী, নৈ আদিৰ ওচৰে - পাঁজৰে কৰা হয়। মৰাপাটৰ খেতি ফেব্ৰুৱাৰী আৰু জুলাই - আগষ্ট মাহৰ ভিতৰত কৰা হয়। অসমৰ ধিং, খাৰুপেটীয়া, গোৱালপাৰা, বিলাসীপাৰা আদি ঠাইসমূহ মৰাপাট উৎপাদনৰ প্ৰধান কেন্দ্ৰ।
চাহপাতঃ
চাহ অসমৰ প্ৰধান উপাৰ্জক শস্য। চাহ খেতিৰ বাবে প্ৰয়োজনীয় আটাইবোৰ অনুকুল অৱস্থা যেনে - গড়ে বছৰি ১৫০-২৫০ চেঃমিঃৰ নিয়মীয়া বৰষুণ, ৩০ ডিগ্ৰী চেণ্টিগ্ৰেডৰ ওপৰত তাপমাত্ৰা পানী নোৰোৱা এঢলীয়া অম্লপুষ্ট মাটি আদি অসমত বিৰাজ কৰাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ বাগিচাও আছে। ইয়াৰে বেছিভাগ ব্ৰক্ষপুত্ৰ আৰু বৰাক উপত্যকাৰ বিলসমূহত অৱস্থিত। অসমত বৰ্তমান প্ৰায় ২,৭১,১৩৫ হেট্ৰৰ মাটিত চাহ খেতি কৰা হয়।
উপৰোক্ত শস্যসমূহৰ উপৰি অসমত আজিকালি ঘেঁহুৰ খেতিও কৰা হয়। ৰাজ্যৰ শতকৰা মাটিৰ শতকৰা প্ৰায় ৩ ভাগত এই খেতি কৰা হয়। ইয়াৰ সৰহখিনিয়েই নামনি অসমৰ জিলাকেইখনত কৰা হয়।
ইয়াৰ বাহিৰে অসমত দাইল আৰু মাহজাতীয় শস্যৰ খেতিও যথেষ্ট পৰিমাণে কৰা হয়। দাইল বা মাহৰ খেতি কৰিলে মাটিৰ উৰ্বৰতা বাঢ়ে, কাৰণ এইবোৰ লেগুমিনাছ উদ্ভিদ। এইধৰণৰ শস্যৰ খেতিয়ে ৰাজ্যৰ কৃষিভূমিৰ শতকৰা ৪.৫ ভাগ মাটি আৱৰি আছে।
অসমত বিভিন্ন তেলজাতীয় শস্য যেনে - সৰিয়হ, তিল, সেৱা সৰিয়হ আদিৰ খেতিও কৰা হয় আৰু ৰাজ্যৰ খেতিৰ মাটিৰ শতকৰা ১০ ভাগ এইধৰণৰ খেতিৰ বাবে ব্যৱহাৰ কৰা হয়।
ওপৰত উল্লেখ কৰা কৃষশিৰ উপৰি গাঁৱৰ ফালে থকা অসমীয়া মানুহ প্ৰায় সলকোৰে বাৰীত তামোল - পাণ আছে। তদুপৰি অসমত বিভিন্নধৰণৰ শাক - পাচলি আৰু ফলমূল আদি উৎপন্ন হয়। পিচে এই খেতিসমূহ শৃংখলাবদ্ধ নহয়।
শিল্পোদ্যোগঃ ভাৰতৰ আন বহুতো ৰাজ্যতকৈ অসম কৃষিজ, বনজ আৰু খনিজ সম্পদত চহকী। তথাপি স্বাধীনোত্তৰ অসমৰ শিল্পোদ্যোগৰ ক্ষেত্ৰত যি খৰতকীয়া উন্নয়ন হোৱা উচিত আছিল তেনে কোনো বিশেষ উন্নয়ন অ,সমত এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই। অতি পুৰণিকালৰে পৰা অসম বিভিন্নধৰণৰ ক্ষুদ্ৰ আৰু কুটীৰ শিল্প আদিৰ ক্ষেত্ৰত আগবঢ়া যদিও এইবিলাক শৃংখলাবদ্ধ নহয় আৰু প্ৰধানকৈ অসংগঠিত খণ্ডৰহে অন্তৰ্ভুক্ত দেশৰ প্ৰথমটো খাৰুৱা তেল শোধনাগাৰ আৰু অবিভক্ত লখিমপুৰ জিলাত ভাৰতৰ প্ৰথম চাহ উদ্যোগ বৃটিছসকলে স্থাপন কৰিছিল। চাহ উদ্যোগৰ লগতে প্ৰয়োজনীয় প্লাইউড উদ্যোগও সমসাময়িক সময়তে আৰম্ভ কৰা হৈছিল। তাৰ পিচত কিন্ত স্বাধীনোত্তৰকালত প্ৰচুৰ সম্ভাৱন থকা সত্ত্বেও অসমত নতুন উদ্যোগৰ বিশেষ সম্প্ৰসাৰণ ঘটা নাই। তথাপি অৱশ্যে উত্তৰ - পূবৰ আন ৰাজ্যসমূহতকৈ অসমেই উদ্যোগৰ ক্ষেত্ৰত কিছু আগবঢ়া। অসমত বৰ্তমান প্ৰায় ১৩০ টা ডাঙৰ আৰু মজলীয়া শিল্পোদ্যোগ আছে। অসমত প্ৰাপ্ত কেঁচা সামগ্ৰীৰ ভিত্তিত যিবোৰ শিল্প গঢ়ি উঠিছে, সেইবোৰক প্ৰধানকৈ তলত দিয়াধৰণেৰে তিনিভাগত ভগাব পাৰি।
১/ কৃষি মূল শিল্পঃ চাহ, চেনি, মিঠাতেলকে ধৰি বিভিন্ন খোৱা তেল, আটা - ময়দা, গাখীৰ আৰু গাখীৰজাত সামগ্ৰী, বিস্কুট,. ফলমূল সংৰক্ষণ, চাউল ইত্যাদি আৰু আঁহজাতীয় শিল্প।
২/ খনি মূল শিল্পঃ পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, কয়লা, চূণশিলৰ ওপৰত ভিত্তিৰ কৰি হোৱা উদ্যোগ।
৩/ বনমূল উদ্যোগঃ অসমৰ হাবি বননিৰ ওপৰত নিৰ্ভৰ কৰি কাগজ খনি আৰু কাগজ মগুৰ কাৰখানা, চাহপাতৰ বাকচ, ঘৰুৱা, আচবাব নিৰ্মাণ ইত্যাদি।
চাহ উদ্যোগঃ অসমৰ সকলো উদ্যোগৰ ভিতৰত চাহ আটাইতকৈ পুৰণি আৰু গুৰুত্বপূৰ্ণ উদ্যোগ। অসমৰ চাহ উদ্যোগত শ্ৰমিক হিচাপে প্ৰায় ৬ লাখ লোক নিয়োজিত হৈ আছে আৰু তাৰে প্ৰায় আধাসংখ্যকেই মহিলা। বৰ্তমান অসমত বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ বাগানো গঢ়ি উঠিছে। এনে চাহ বাগানৰ মলিকানা থকা লোকৰ সংখ্যা প্ৰায় ৩০০০। অসমে বছৰি প্ৰায় ৪৬০ নিযুত চিলোগ্ৰাম চাহপাত উৎপাদন কৰে। ই হল ভাৰতৰ মুঠ চাহ উৎপাদনৰ শতকৰা ৫৪ ভাগ। অসমৰ মুঠ পঞ্জীভূত কাৰখানাৰ প্ৰায় ৩০ শতাংশই হল চাহপাতৰ কাৰখানা। অসমত আগতে কলা ৰঙৰ চাহপাতহে উৎপাদন কৰা হৈছিল যদিও ১৯৮০ৰ দশকৰে পৰা সেইজীয়া চাহও উৎপাদন কৰা হৈছে। অসমৰ বিদেশলৈ ৰপ্তানি কৰি আমাৰ দেশে এক বুজন পৰিমাণৰ বৈদেশিক মুদ্ৰা অৰ্জন কৰে।
Type - Boby Bora