খাৰুৱা তেল আৰু পেট্ৰৰাসায়নিক উদ্যোগঃ

    চাহ উদ্যোগৰ পিচত অসমত ই এক অতি গুৰুত্বপূৰ্ণ উদ্যোগ। দেশৰ ভিতৰতেই যে প্ৰথম তেল শোধনাগাৰ ১৯০১ চনত ডিগবৈত স্থাপন কৰা হৈছিল সেই কথাটো ইয়াৰ আগতে উল্লেখ কৰা হৈছে। ইয়াৰ পাচতে ত্ৰুমে গুৱাহাটী, বঙাইগাওঁ, আৰু নুমলীগড় এই তিনি ঠাইত আৰু তিনিটা শোধনাগাৰ স্থাপন কৰা হয়। অসমৰ জিলা এই শোধনাগাৰসমূহে পেট্ৰলিয়াম, ডিজেল কেৰাচিন, আকাশীযানৰ তেল, ফানেৰ্চৰ তেল ইত্যাদি উৎপাদন কৰে। পেট্ৰলিয়াম উৎপাদনত অসম দেশৰ ভিতৰত তৃতীয় ।

    অসমত বঙাইগাঁও শোধনাগাৰৰ লগতে এটা পেট্ৰৰাসায়নিক প্ৰকল্পও আছে। ইয়াৰ উপৰি উজনিৰ ডিব্ৰুগড় জিলাৰ নামৰূপতো এটা পেট্ৰৰাসায়নিক উদ্যোগ আছে। এইসমূহত নেপ্থা, পলিয়েষ্টাৰ, ফৰমেলিন, পেট্ৰলাইট, মেথালন, আদি উৎপাদন কৰে। প্ৰাকৃতিক গেছৰ ওপৰত নিৰ্ভৰ কৰি। প্ৰাকৃতিক গেচৰ ওপৰত নিৰ্ভৰ কৰি অসমত বিভিন্ন উদ্যোগ গঢ়ি উঠিছে। সেইবোৰ হল নামৰূপ, অসম গেছ কোম্পানী, নামৰূপ সাৰ কাৰখানা, উত্তৰ গুৱাহাটীৰ ৰন্ধন গেছ কাৰখানা ইত্যাদি। ডিব্ৰুগড়ৰ ওচৰৰ টেঙাখাততো এটা গেছ ত্ৰুেকাৰ প্ৰকল্প নিৰ্মীয়মান অৱস্থাত আছে। 

    চিমেণ্ট উদ্যোগঃ অসমৰ কাৰ্বি আংলং জিলাৰ বোকাজানত lndian cement corporationৰ এটা ১.৮ লাখ মেট্ৰিক টন ক্ষমতাৰ চিমেণ্ট উদ্যোগ আছে। এই কাৰখানালৈ কাৰ্বি আংলঙৰে দিল্লাই পাহাৰৰ পৰা ৩৫ কিলোমিটাৰ দীঘল ৰজ্জুপথেৰে চূণশিল অনা হয়। কাৰখানাত প্ৰয়োজনীয় কয়লা আৰু জিপচাম ওচৰতে পোৱা যায়।

    মৰাপাট উদ্যোগঃ অসমত মৰাপাটৰ উৎপাদন উৎসাহজনক যদিও এই উদ্যোগত অসম বিশেষ আগবাঢ়িব পৰা নাই। ১৯৭০ চনত নগাঁৱৰ শিলঘাটত ব্ৰক্ষপুত্ৰৰ দাঁতিত স্থাপন হোৱা কাৰখানাটোৱে বস্তা আৰু মৰাপাটৰ কাপোৰ, উৎপাদন কৰে।

    কাগজ উদ্যোগঃ অসমৰ বনজ সম্পদ প্ৰধানকৈ বাঁহৰ ওপৰত ভিত্তি কৰি জাগীৰোড (মৰিগাঁও জিলাৰ) আৰু পঞ্চগ্ৰামত (হাইলাকান্দি জিলা) দুটা কাগজৰ কল স্থাপন কৰা হৈছে। এই দুয়োটা ৰাজহুৱা খণ্ডৰ গুৱাহাটীৰ ওচৰত আমিনগাঁৱতো ব্যক্তিগত খণ্ডৰ এটা সৰু কাগজৰ কল আছে।

     প্লাইউড উদ্যোগঃ এই উদ্যোগৰ বাবে প্ৰয়োজনী কাঠ অসমৰ বিস্তৃত হাবি - বননিত পোৱাৰ উপৰি অসমৰ চাহ বাগিচাসমূহ হল ইয়াৰ বজাৰ। কাৰণ প্লাইউডৰ পৰা প্ৰধানকৈ চাহৰ বাকচেই তৈয়াৰ কৰা হয়। অসমে গোটেই ভাৰতৰ শতকৰা ৬৫ ভাগ প্লাইউড নিৰ্মাণ কৰে। এই উদ্যোগ প্ৰধানকৈ উজনিৰ মাৰ্ঘেৰিটা আৰু মৰিয়নীৰ ফালে আছে।

    বস্ত্ৰ শিল্পঃ অতীজৰে পৰা অসমত পাট, মুগা, এড়ী, আৰু কপাহী সূতা কটা আৰু কাপোৰ বোৱা এটা ঘৰুৱা শিল্প হিচাপে প্ৰচলিত হৈ আহিছে। বৰ্তমান অসমৰ বহুতো ঠাইত ব্যক্তিগতভাৱে বা আত্মসহায়ক গোটসমূহৰ জৰিয়তে পাট, মুগা এড়ী আৰু কপাহী বস্ত্ৰ নিৰ্মাণ ব্যৱসায়িকভিত্তিত আৰম্ভ কৰি উপকৃত হৈছে। অসমৰ শুৱালকুছিত এই উদ্যোগ কেন্দ্ৰীভূত হৈ আছে বাবে ইয়াক বস্ত্ৰনগৰী বুলি জনা যায়। ইয়াৰ উপৰি পলাশবাৰী আৰু ৰহাটো এই উদ্যোগ ব্যৱসায়িক ভিত্তিত গঢ় লৈ উঠিছে।

    উপৰোক্ত উদ্যোগসমূহৰ বাহিৰেও অসমৰ গোলাঘাট, কৰিমগঞ্জ আৰু নগাঁও জিলাত চেনি উদ্যোগ আছে। অসমৰ প্ৰায় প্ৰত্যেকখন জিলাতে বাঁহ বেতৰ সামগ্ৰী তৈয়াৰ কৰা হয়। এই সামগ্ৰীসমূহৰ ভিতৰত চকী, টেবুল, মুঢ়া, পাচি, খৰাহী, ডলা, সজোৱা সামগ্ৰী আৰু জাপি প্ৰধান। ইয়াৰ উপৰি হাজো আৰু সৰ্থেবাৰী কাঁহ - পিতলৰ  সামগ্ৰীৰ শিল্প উল্লেখযোগ্য।

    বিদ্যুৎ শক্তিঃ অসমৰ অসংখ্য নদীসমূহৰ উপৰি উজনি অসমত উপলব্ধ বৃহৎ প্ৰাকৃতিক গেছৰ ভাণ্ডাৰৰ পৰা আৰু কয়লাৰ পৰা ত্ৰুমান্বয়ে জলবিদ্যু  আৰু তাপবিদ্যুৎ শক্তি উপাদন কৰাৰ যি সুবিধা আছে সেইটো ভাৰতৰ আন বহুতো ৰাজ্যতে নাই। তথাপি অসমত বিদ্যু  উপাদনৰ কাম আশানুৰূপ হোৱা নাই। বৰ্তমান অসমত দুটা লেখত লবলগীয়া জলবিদ্যুৎ প্ৰকল্প। ইয়াৰ বাহিৰে কয়লা, প্ৰাকৃতিক গেছ আৰু তেলৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা কেইবাটাও তাপবিদ্যুৎ কেন্দ্ৰ আছে। সেইসমূহ হল বঙাইগাঁও, বৰগোলাই, নামৰূপ, লাকুৱা, আমগুৰি, গেলেকী, কঁঠালগুৰি, চন্দ্ৰপুৰ ইত্যাদি। আজিকালি অৱশ্যে পৰিৱেশ সংৰক্ষণৰ স্বাৰ্থত বৃহৎ নদীবান্ধ তথা জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে জনসাধাৰণ সৰৱ আৰু সচেতন হৈ উঠিছে। বৰ্তমান ব্ৰক্ষপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনদী সোৱণশিৰিৰ বুকুত নিৰ্মীয়মান বৃহ নদীবন্ধ তথা জলবিদ্যুৎ প্ৰকল্পক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে।

    অসমত থকা সৰু জলবিদ্যুৎ প্ৰকল্পসমূহ প্ৰধানকৈ কামৰূপৰ কালমনি, থিয়পানী, নাজিৰাঘাট, বৰাকাচাং আৰু কাৰ্বি আংলং জিলাৰ আমলং, মাজৰ, লংপাই আৰু গণপতিত অৱস্থিত।

    অসমত ২০০৬ চনত ৮০৮.০৫ মেগাৱাট বিদ্যুৎ উৎপন্ন কৰা হয়। প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও অসমে গোটেই ভাৰতৰ মুঠ উৎপাদিত  বিদ্যুৎ শক্তিৰ শতকৰা মাত্ৰ ০.৬ ভাগহে উৎপাদন কৰে।

Type - Boby Bora 



Post ID : DABP003473