ভাৰতৰ বেছিভাগ ৰাজ্যৰ তুলনাত অসমৰ পৰিবহণ আৰু যাতায়াতৰ ব্যৱস্থা যথেষ্ট পিচপৰা। অসমৰ এমূৰীয়া অৱস্থান, পাহাৰীয়া অঞ্চলৰ ওখোৱা - মোখোৰা ভূ-প্ৰকৃতি আৰু সমভূমি অঞ্চলৰ অসংখ্য নদীসমূহ যাতায়াত পৰিবহণৰ উন্নতিৰ প্ৰধান অন্তৰায় যদিও বিগত দশকসমূহত বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ সদিচ্ছাৰ অভাৱো ইয়াৰ আন এটা ঘাই কাৰণ বুলিব পাৰি। আগতে উল্লেখ কৰা হৈছে যে উত্তৰে হিমালয় পৰ্বত আৰু দক্ষিণে বাংলাদেশৰ মাজৰ এক অতি ঠেক ভূমিখণ্ডই অসম তথা উত্তৰ - পূবক ভাৰতৰ বাকী অংশৰ লগত সংযোগ কৰিছে। আনহাতে ১৯৪৭ চনত দেশৰ বিভাজনৰ পিছত ব্ৰক্ষপুত্ৰৰ নিম্ন অংশ বাংলাদেশৰ অন্তৰ্গত হোৱাৰ কাৰণে আগৰ নিচিনাকৈ জলপথৰ সংযোগো নোহোৱা হল।
অসমত ৰেলপথ পোনপ্ৰথম ১৮৮২ চনতে স্থাপন কৰা হৈছিল যদিও বিশেষ উন্নতি হোৱা নাই। বিশেষকৈ ব্ৰক্ষপুত্ৰৰ উত্তৰপাৰৰ ৰেলৰ ব্যৱস্থাপনা একেবাৰেই সুবিধাজনক নহয় বুলিব পাৰি। অসমত বৰ্তমান মুঠ ২২৮৪.২৮ কিলোমিটাৰহে ৰেলপথ আছে - ইয়াৰে ১২২৭.১৬ কিলোমিটাৰ ব্ৰডগজ। অসমত গোটেই ভাৰতবৰ্ষত মুঠ ৰেলপথৰ মাত্ৰ শতকৰা ৪ ভাগ ৰেলপথহে আছে। উত্তৰ পূব সীমান্ত ৰেলপৱেৰ প্ৰধান কাৰ্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত।
অসমত বৰ্তমান ৩৭৫১৫ কিলোমিটাৰ স্থলপথ আছে। এইবিলাকক ৰাষ্ট্ৰীয় ঘাইপথ, গড়কাপ্তানী পথ, জিলা পথ আৰু পঞ্চায়ত পথ - এইকেইটা ভাগত ভাগ কৰিব পাৰি। ইয়াৰে ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথ হল মাত্ৰ ২.৭৫৪ কিলোমিটাৰ। ইয়াৰে ব্ৰক্ষপুত্ৰৰ দক্ষিণপাৰে গোৱালপাৰাৰ পৰা ছৈখোৱাঘাটলৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে, বাইহাটাৰ পৰা তেজপুৰ হৈ মুকংচেলেকলৈ ব্ৰক্ষপুত্ৰৰ উত্তৰ পাৰে ৫২নং ৰাষ্ট্ৰীয় ঘাইপথ, সেইদৰে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথে গুৱাহাটীক শিলিগুড়িৰ লগত, ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথে নগাঁৱৰ ডিমাপুৰৰ লগত, ৪০নং ৰাষ্ট্ৰীয় ঘাইপথে গুৱাহাটীক শ্বিলঙৰ লগত সংযোগ কৰিছে। এই ৰাষ্ট্ৰীয় ঘাইপথসমূহে অসমৰ প্ৰধান নগৰসমূহ সংযোগ কৰিছে আৰু এইসমূহৰ পৰা বহুতো শাখা বাট - পথে আন ঠাইসমূহক সংযোগ কৰিছে। বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ কিছু অংশ বহলাই চাৰিটা লেনযুক্ত কৰি উন্নত কৰিবলৈ চেষ্টা কৰা হৈছে যদিও অসমৰ বেছিভাগ পথেই ঠেক, বাৰিষা ভাঙি-ছিঙি শোচনীয় অৱস্থা হয়। বিশেষকৈ বহুতো ভিতৰুৱা অঞ্চলৰ বাট - পথ কেঁচা আৰু বাৰিষা যান - বাহন চলাচলৰ বাবে সুচল নহয়।
জলপথঃ ব্ৰক্ষপুত্ৰ উপত্যকাত ব্ৰক্ষপুত্ৰই প্ৰধান জলপথ যদিও ইয়াৰ ডাঙৰ উপনৈসমূহ সোৱণশিৰি, জীয়াভৰলী, মানস, দিখৌ, ধনশিৰি আদিৰ নিম্নাংশও কম - বেছি পৰিমাণে নাব্য। বৰাক উপত্যকাত প্ৰধানকৈ বৰাক নদীখনহে নাব্য। ব্ৰক্ষপুত্ৰ নদীৰ পাৰত পাণ্ডু আৰু ধুবুৰী হল প্ৰধান নদী বন্দৰ আৰু দুয়োটাৰে অধিক উন্নীতকৰণৰ চেষ্টা কৰা হৈছে। গুৱাহাটী, গোৱালপাৰা, পলাশবাৰী, তেজপুৰ, বিশ্বনাথ, খাৰুপেটীয়া, নিমাতীঘাট, বদতিঘাট, সোণাৰিঘাট আৰু ডিব্ৰুগড় উল্লেখযোগ্য জাহাজঘাট। দৈনন্দিন চলাচল কৰা যাত্ৰী আৰু মালবাহী জাহাজ আৰু মাৰ নাওসমূহৰ উপৰি ব্ৰক্ষপুত্ৰত আজিকালি দেশী আৰু বিদেশী ভ্ৰমণকাৰীক লৈ কিছুমান বিলাসী জাহাজও চলাচল কৰিবলৈ আৰম্ভ কৰিছে।
আকাশীপথঃ অসমৰ এমূৰীয়া অৱস্থান, আৰু অনঅযান্য যাতায়াতৰ পথ বিশেষ উন্নত নোহোৱাৰ উপৰি দূৰত্বৰ বাবে ভ্ৰমণৰ সময় দীঘল হোৱাৰ বাবে বহুতো সময়ত অসম তথা উত্তৰ - পূৰ্বাঞ্চলবাসীয়ে আকাশীপথৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। দ্বিতীয় মহাযুদ্ধৰ সময়ত অসমত কেইবাটাও বিমান বন্দৰ স্থাপন কৰাত বৰ্তমান ইয়াত আকাশীপথৰ উন্নীত কৰাত সুবিধা হৈছে। বৰ্তমান অসমৰ বৰঝাৰত থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰটো হল এক আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ। ইয়াৰ উপৰি ৰৰৈয়া, মোহনবাৰী, শালনী, লীলাবাৰী, কুম্ভীৰগ্ৰাম আদি বিমান বন্দৰসমূহৰ পৰা ভাৰতৰ বিভিন্ন মহানগৰসমূহলৈ চৰকাৰী ব্যক্তিগত খণ্ডৰ বিভিন্ন এয়াৰলাইনছৰ প্ৰতিদিনে বহুতো বিমান চলে।