কাণ্ডালা বন্দৰঃ এই বন্দটোক কচ্ছ উপসাগৰৰ পৰা কিছু আঁতৰত এটা মুখ্য বন্দৰ হিচাপে উন্নত কৰি লোৱা হৈছে। দেশৰ পশ্চিম আৰু উত্তৰ পশ্চিম অঞ্চলৰ অভাৱ পূৰণ কৰিবলৈ আৰু লগতে মুম্বাই বন্দৰৰ ওপৰত থকা কামৰ হেঁচা হ্ৰাস কৰিবলৈকে এই বন্দৰটোক উন্নত কৰা হৈছে। কাণ্ডলা বন্দৰক বৃহৎ পৰিমাণৰ পেট্ৰলিয়াম আৰু পেট্ৰলজাত সামগ্ৰী আৰু সাৰ সংগ্ৰহ কৰি ৰাখিব পৰাকৈ বিশেষধৰণৰ নক্সাৰ দ্বাৰা নিৰ্মিত কৰা হৈছে। এই বন্দৰটোক ওপৰত থকা কামৰ হেঁচা কম কৰিবলৈ কাষতে ভদিনাৰ বন্দৰটোৰ বিকাশ ঘটোৱা হৈছে।

    ইয়াৰ পশ্চাৎভূমিৰ সীমা নিৰ্ধাৰণ কৰা কঠিন হৈ পৰিছে কাৰণ কোনো নিৰ্দিষ্ট সীমাৰে ই আবেষ্টিত হৈ থকা নাই। বেছিভাগ ক্ষেত্ৰতে এটা বন্দৰৰ পশ্চাৎভূমি, আন এটা বন্দৰৰ পশ্চাৎভূমিৰ উপৰাউপৰিকৈ থকা দেখিবলৈ পোৱা যায়।

    মুম্বাইঃ মুম্বাই হল স্বাভাৱিক ৰূপত গঢ়ি উঠা পোতাশ্ৰয় আৰু দেশৰ আটাইতকৈ বৃহত্তম বন্দৰ। মধ্য - পূব ভূমধ্যসাগৰীয় দেশসমূহ, উত্তৰ আফ্ৰিকা, উত্তৰ আমেৰিকা আৰু ইউৰোপ আদিৰ লগতে সমুদ্ৰপথেৰে নিকটতম অৱস্থানত থকা মুম্বাই বন্দৰটোৱেদি দেশৰ বহুলাংশ বাণিজ্যৰ কাম - কাজ চলি থাকে। এই বন্দৰটো ২০ কিলোমিটাৰ দৈৰ্ঘ্যসম্পন্ন আৰু ৬-১০ কিলোমিটাৰলৈ বহল আৰু ৫৪টা লংগৰ কৰা ঠাই আছে। দেশৰ আটাইতকৈ বৃহত্তম তৈল ভাণ্ডাৰ অন্তিম ব্যৱস্থালৈ ৰাখিব পৰা বন্দৰ। মুম্বাই বন্দৰৰ মুখ্য পশ্চাৎভূমিবোৰ হল ত্ৰুমে- মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, উত্তৰপ্ৰদেশ আৰু ৰাজস্থানৰ কিছুমান অংশ।

    জৱাহৰলাল নেহৰু বন্দৰঃ নবসেৱাত অৱস্থিত আৰু উপগ্ৰহ বন্দৰ হিচাবে কাৰ্য কৰিব পৰাকৈ ইয়াক উন্নত কৰি লোৱা হৈছে যাতে মুম্বাই বন্দৰে কামৰ হেঁচাৰ প্ৰকোপৰ পৰা ৰেহাই পাব পাৰে। ভাৰতবৰ্ষৰ ই এক বৃহত্তম আধাৰ বন্দৰ।

    মাৰ্মাগৱো বন্দৰঃ ঝুৱাৰি নৈৰ মুখৰ প্ৰৱেশ পথতে অৱস্থিত আৰু ই গোৱনত প্ৰাকৃতিকভাৱে গঢ় লৈ উঠা এটা পোতাশ্ৰয় জাপানলৈ আকৰিক লো ৰপ্তানি কৰাবলৈ এই বন্দৰক ১৯৬১ চনত নতুনকৈ সজাই - পৰাই  লৈ উঠাৰ পিচৰ পৰা ইয়াৰ তাৎপৰ্য বৃদ্ধি পায়। কংকণ ৰেলপথৰ নিৰ্মাণ হোৱাৰ পিছত এই বন্দৰৰ পশ্চাৎভূমি তুলনামূলকভাৱে বিস্তৃত হৈ পৰে। কৰ্ণাটক, গোৱা, দক্ষিণ মহাৰাষ্ট্ৰ আদি ইয়াৰ মুখ্য পশ্চাৎভূমি।

    নতুন মাংগালোৰ বন্দঃ কৰ্ণাটক ৰাজ্যত অৱস্থিত আৰু এই বন্দৰে লোৰ আকৰ আৰু গাঢ় লোৰ ৰপ্তানি কৰাৰ প্ৰয়োজনীয়তাখিনি পূৰাই আছে। তদুপৰি ই সাৰ, পেট্ৰলিয়ামজাত সামগ্ৰী, খোৱা তেল, কফি, চাহ, কাঠৰমণ্ড, সূঁতা, গ্ৰেনাইট শিল, শামুক আদিবোৰকো ৰপ্তানি কৰাৰ ক্ষেত্ৰত চম্ভালি আছে। কৰ্ণাটক, এই বন্দৰটোক মুখ্য পশ্চাৎভূমি।

    কদ্হি বন্দৰঃ ভেমবানাদ কায়েলৰ শীৰ্ষস্থানত অৱস্থিত আৰু আৰব সাগৰৰ ৰাণী নামে জনপ্ৰিয় এক স্বাভাৱিক পোতাশ্ৰয়। ছুয়েজ - কলম্বো পথৰ একেবাৰে ওচৰত থকা অৱস্থানে ইয়াৰ প্ৰাধান্য বঢ়াই তুলিছে। এই বন্দৰে কেৰেলা দক্ষিণ কৰ্ণাটক আৰু দক্ষিণ - পশ্চিম তামিলনাজুৰ অভাৱ অভিযোগ পূৰণ কৰি আছে। 

    কলকাতা বন্দৰঃ হুগলীৰ তীৰত অৱস্থিত আৰু বংগোপসাগৰৰ পৰা ১২৮ কিলোমিটাৰ অভ্যন্তৰ দূৰত্বত আছে। মুম্বাই বন্দৰটোৰ লেখীয়াকৈ এই বন্দৰটোকো, ব্ৰিটিছসকলে উন্নয় কৰি লৈছিল। আৰম্ভণিতে বৃটিছসকলৰ ৰাজধানী হিচাপে থকা কলকাতাৰ প্ৰাধান্যতা বেছি আছিল। পিছলৈ বিশাখাপট্টনম আৰু আন বন্দৰবোৰেৰে ৰপ্তানি কাৰ্য হবলৈ লোৱাৰ পৰা এই বন্দৰে গুৰুত্ব হেৰুৱাবলৈ লয়। যেনে - পাৰাদ্বীপ আৰু ইয়াৰ উপগ্ৰহ বন্দৰ আৰু হালদিয়া বন্দৰে বেছিকৈ অধিকাৰ সাব্যস্ত কৰিবলৈ লয়।

    সমুদ্ৰৰ সৈতে যোগাযোগ থকা হুগলীত বালি বোকা জমা হোৱা সমস্যা আদজিৰো সন্মুখীন হবলগীয়া হোৱা কলকাতা বন্দৰ তাৎপৰ্যতা এনেভাৱেও কিছু হেৰুৱায়। ইয়াৰ মুখ্য পশ্চাৎভূমিবোৰ হল ত্ৰুমে উত্তৰপ্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ, ছিকিম আৰু উত্তৰপূৰ্বৰ ৰাজ্যসমূহ। ইয়াৰ বাদেও এই ভূমিয়ে আবদ্ধ কৰি ৰখা আমাৰ চুবুৰীয়া দেশ যেনে - নেপাল আৰু ভূটানৰ বাবেও বন্দৰৰ সা - সুবিধা, আগবঢ়াই আছে।

    হালদিয়া বন্দৰঃ কলকাতাৰ পৰা ১০৫ কিলোমিটাৰ আঁতৰত অৱস্থিত। কলকাতা বন্দৰৰ ভিৰ কম কৰাবলৈকে এই বন্দৰক নিৰ্মাণ কৰা হৈছে। ই গোটা ওজনযুক্ত মালবস্তৰ জাহাজ যেনে আকৰিক লো, কয়লা, পেট্ৰলিয়াম, পেট্ৰলিয়ামজাত সামগ্ৰী আৰু সাৰ, মৰাপাট, মৰাপাটৰ সামগ্ৰী, কপাহ আৰু কপাহৰ আঁহ আদিক চম্ভালি ৰাখে।

    পাৰাদ্বীপ বন্দৰঃ কটকৰ পৰা ১০০ কিলোমিটাৰ আঁতৰত থকা মহানদৰী বদ্বীপত অৱস্থিত। ইয়াৰ পোতাশ্ৰয় বহুত গভীৰ বিশেষকৈ প্ৰকাণ্ড জাহাজবোৰক চম্ভালি থাকিবলৈ উপযোগী, আকৰিক লো ৰপ্তানি কৰাৰ বাবে এই বন্দৰটোক উন্নত কৰি তোলা হৈছে। ইয়াৰ পশ্চাৎ অঞ্চলবোৰ হল ত্ৰুমে উৰিষ্যা, ছত্তীশগড় আৰু ঝাৰখণ্ড।

    বিশাখাপট্টনম বন্দৰঃ মাটিভাগেৰে আবদ্ধ হৈ থকা অন্ধ্ৰপ্ৰদেশক এক পোতাশ্ৰয়। গোটা শিল আৰু বালিৰ দ্বাৰা খনন হোৱা এটা খালৰ দ্বাৰা এই পোতাশ্ৰয় সাগৰৰ লগত সংগলগ্ন হৈ আছে। বহিৰ্দিশে এটা পোতাশ্ৰয়ৰ বিকাশ ঘটোৱা হৈছে যিয়ে লোৰ আকৰ, পেট্ৰলিয়াম আৰু সাধাৰণ মালবাহী জাহাজবোৰক নিয়ন্ত্ৰিত কৰি থাকে। এই বন্দৰৰ মুখ্য পশ্চাৎ হল অন্ধ্ৰপ্ৰদেশ।

    চেন্নাই বন্দৰঃ পূব উপকূলৰ আটাইতকৈ পূৰণি বন্দৰ। ১৮৫৯ চনত নিৰ্মিত কৰা ই এক কৃত্ৰিম পোতাশ্ৰয়। উপকূলীয় অঞ্চলটোৰ আশে - পাশে কম পানী থকা বাবে ডাঙৰ জাহাজবোৰৰ কাৰণে, এই বন্দৰটো ইমান উপযোগী নহয়। তামিলনাডু আৰু পণ্ডিচেৰী ইয়াৰ পশ্চাৎভূমি।

    ইনোৰঃ চেন্নাইৰ পৰা উত্তৰলৈ ২৫ কিলোমিটাৰ আঁতৰত তামিলনাডুত বিকাশ ঘটোৱা এক নতুন বন্দৰ। চেন্নাই বন্দৰৰ কাম - কাজ লাঘব কৰাৰ বাবে ইয়াক নিৰ্মাণ কৰি তোলা হৈছে।

    টুটিকৰনি বন্দৰকো চেন্নাই কাম - কাজ সহজ কৰিবলৈকে নিৰ্মাণ কৰি লোৱা হৈছে। ই বিভিন্নধৰণৰ মাল - বস্তৰ জাহাজ, যত কয়লা, নিমখ, খাদ্য - শস্য, খোৱা তেল, চেনি, ৰাসায়নিক দ্ৰব্য আৰু পেট্ৰলজাত সামগ্ৰী আদিক চম্ভালি থাকে।

    বিমানবন্দৰঃ আন্তৰ্জাতিক বাণিজ্যত বিমান বন্দৰবোৰে এক প্ৰয়োজনীয় ভূমিকা পালন কৰে। ইয়াৰ দ্বাৰা উচ্চমানৰ দ্ৰব্য অথবা কম সময়তে নষ্ট হব পৰা সামগ্ৰীবোৰক বহু দূৰলৈ কঢ়িয়াই নিওঁতে অতি কম সময়ৰ আৱশ্যক হয় বাবেই ইয়াৰ গুৰুত্বও বেছি। এই পৰিবহণ ব্যৱস্থাটো বৰ খৰচী আৰু গধুৰ আৰু ধেমেহা পণ্য দ্ৰব্যৰ বাবে উপযোগী একেবাৰে নহয়। সেইবাবে আন্তৰ্জাতিক বাণিজ্যত সমুদ্ৰপথৰ তুলনাত ইয়াৰ অংশগ্ৰহণ কাৰ্য একেবাৰে কম।

    বৰ্তমান দেশত ১২টা আন্তৰ্জাতিক বিমান বন্দৰ আছে আৰু ১১২টা ঘৰুৱা বিমানবন্দৰে প্ৰাকাৰ্য চলাই আছে। আন্তৰ্জাতিক বিমান বন্দৰকেইটা হল আহমেদাবাদ, অমৃতসৰ, বাংগালোৰ, চেন্নাই, দিল্লী, গোৱা, গুৱাহাটী, হাইদৰাবাদ, কাছ্হি, কলকাতা, মুম্বাই আৰু তিৰুৱনন্থপুৰম।

    আগৰ অধ্যায়টোত তোমালোকে আকাশী পৰিবহণৰ বিষয়ে অধ্যয়ন কৰিবলৈ পাইছা। পৰিবহণৰ ওপৰত থকা অধ্যায়টোত ভালদৰে আলোচনা কৰা আৰু ভাৰতৰ বায়ু পৰিবহণৰ মুখ্য প্ৰকৃতিবোৰ বিচাৰি চোৱা।




Type - Boby Bora