ভূমি অৱক্ষয়ঃ
বৰ্তমান কৃষিক্ষেত্ৰবোৰত অধিক ৰাসায়নিক সাৰ প্ৰয়োগ হৈ থাকে। কাৰণ, এই ক্ষেত্ৰবোৰ সীমিত হৈ পৰাৰ লগতে মাটিৰ গুণাগুণ লাগে লাগে কমি যাবলৈ ধৰিচে। ভূমি খনন, পানী আবন্ধ হৈ থকা সমস্যা। নমখৰ মাত্ৰা বাঢ়ি যোৱা আৰু খাৰুৱা হৈ পৰা বাবে ভূমিৰ অৱক্ষয় হবলৈ ধৰে। মাটিৰ উৰ্বৰতাৰ প্ৰতি যত্ন নলৈ যদি মাটিখিনিক অহৰহ ব্যৱহাৰ কৰি থাকে তেন্তে কি হব পাৰে ভবি চোৱাচোন।
দুটা প্ৰত্ৰুিয়াৰে এই অৱক্ষয়ৰ মাত্ৰা বাঢ়ি গৈ আছে। এটা প্ৰাকৃতিক আৰু আনটো মানুহৰ দ্বাৰা সংঘটিত হৈ আছে। ৰাষ্ট্ৰীয় দূৰ সংবেদন সংস্থাই অতিৰিক্ত ব্যৱহাৰ নথকা ভূমিক দূৰ সংবেদন প্ৰযুক্তিৰে শ্ৰেণী বিভাগ কৰিছে। এই শ্ৰেণীভুক্ত ভূমিবোৰ হল ত্ৰুমে পানী বাগৰি থকা মাটি, শুকান মাটি, মৰুভূমিৰ অথবা উপকূলীয় বালি মাটি, গছগছনি নথকা শিলাময় ভূমি অঞ্চল, থিয়গঢ়া থকা পাহাৰীয়া মাটি, আৰু হিমবাহযুক্ত অঞ্চল ইত্যাদি। এই অঞ্চলবোৰত প্ৰথমতে প্ৰাকৃতিক নিমখ আৰু ক্ষাৰ মাত্ৰাধিক পৰিমাণত থাকে আৰু খান্দি পেলোৱা মাটি যিকোনো প্ৰাকৃতিভাৱে অথবা মানৱকৃত কৰ্মৰ দ্বাৰাও সাধিত হৈছে আৰু এনে কিছুমান বৰ্জিত ভূমিও আছে যেনে - স্থানান্তৰী কৃষিক্ষেত্ৰ, ৰোপণ শস্য কৰা ঠাইবোৰ গছগছনিৰ অৱক্ষয় হোৱা জংঘল, অৱক্ষয় হৈ থকা চৰণীয়া পথাৰ আৰু খনি আৰু ঔদ্যোগিক আৱৰ্জনাৰে ভৰি থকা ঠাইবোৰ ইত্যাদি। মানুহে সৃষ্টি কৰি থকা বৰ্জিত বূমিবোৰ, প্ৰাকৃতিক প্ৰত্ৰুিয়াৰ দ্বাৰা সৃষ্টি হৈ থকা ভূমিতকৈ বেছি প্ৰয়োজনীয়।
এটা ক্ষেত্ৰ অধ্যয়নঃ
মধ্যপ্ৰদেশৰ পশ্চিমলৈ থকা কৃষি - জলবায়ু অঞ্চল এটাত ঝাবুৱা জিলা অৱস্থিত। ইদেশৰ ভিতৰৰ আটাইতকৈ বেছি পিচপৰা পাঁচখন জিলাৰ মাজৰ এখন জিলা। জনজাতীয় লোকগোষ্ঠীয়ে এই জনপূৰ্ণ হৈ আছে। বনাঞ্চল আৰু ভূমি সম্পদৰ অৱক্ষয় হৈ থকাৰ ফলত এই লোকগোষ্ঠীটোৱে দৰিদ্ৰতাৰ কৰালগ্ৰাসত পৰিছে। ভাৰত চৰকাৰৰ অধীনত থকা গ্ৰামীণ বিকাশ আৰু কৃষি মন্ত্ৰণালয়ে বিত্তীয় সাহায্যৰে, জল বিভাজিকা পৰিচালনা কৰ্মসূচীৰ দ্বাৰা সফলতাৰে ঝাবুৱা জিলাখনত ভূমিৰ অৱক্ষয় আৰু মাটিৰ গুণ উন্নত কৰিবলৈ সক্ষম হৈছে। পূৰ্বে পাঁচ বছৰত কেৱল গ্ৰামীণ বিকাশ মন্ত্ৰণালয়ে অকলে এই কৰ্মসূচী ৰূপায়িত কৰিছিল, যাৰ ফলত ঝাৰুৱাৰ কেৱল ২০ শতাংশ অঞ্চলহে উপকৃত হৈছিল।
চৰকাৰ - বেচৰকাৰী অংশীদাৰত, জনগোষ্ঠীৰ সহায়তা লৈ ঝাবুৰা জিলাৰ উত্তৰ অংশত অৱস্থিত হৈ থকা পিটলাৱাড় ব্লকটোত জল বিভাজনৰ কাৰ্য পদ্ধতিৰ আঁচনি সফলতাৰে ৰূপায়ণ কৰিছে। পিটলাৱাড় ব্লকত থকা ভিল জনজাতীয়ে নিজা প্ৰচেষ্টাৰে সাধাৰণ সম্পদৰাজিত নতুনকৈ জীয়াই তুলিব পাৰিছে। প্ৰতি ঘৰৰ লোকে সাধাৰণ সম্পত্তিত একোজোপাকৈ গছ ৰুই তদাৰকী কৰিবলৈ আৰম্ভ কৰিছিল। চৰণীয়া পথাৰবোৰত তেওঁলোকে গৰু - মহৰ খাদ্য ঘাঁহ ৰুই দি চাৰিওকাষে দুবছৰ ধৰি সামাজিক বেৰা দি ৰাখিবলৈ চেষ্টা কৰিছিল। ইয়াৰ পিচতো তেওঁলোকে মুকলিকৈ চৰণীয়া পথাৰবোৰত গৰু - মহ - ছাগলীক চৰিবলৈ এৰি দিয়া নাছিল আৰু এনেদৰে তেওঁলোকে ৰূপায়ণ কৰি তোলা চৰণীয়া পথাৰবোৰত ধাৰণ ক্ষমতা থাকিব বুলি বদ্ধপৰিকৰ হৈছিল।
এই অৱস্থাতে এটা আমোদজনক ঘটনা ঘটিছিল। এই অভিজ্ঞতাটো তেওঁলোকে পৰিচালনা কৰি থকা চৰণীয়া পথাৰখনক লৈয়ে আৰম্ভ হৈছিল। কাষৰ গাঁৱৰ এজন গাঁওবাসী আহি মাটিখিনিৰ দাবীদাৰ হবলৈ ধৰাত, গাঁওবাসী লগ লাগি তহচিলদাৰক লগ ধৰে আৰু তেওঁলোকে তেওঁলোকৰ নিজা অধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হৈ পৰে।
Type - Boby Bora