প্ৰাকৃতিক উদ্ভিদঃ কোনো এখন ঠাইৰ প্ৰাকৃতিক উদ্ভিদৰ প্ৰকৃতি আৰু বিতৰণ প্ৰধানকৈ সেই অঞ্চলৰ জলবায়ু আৰু মাটিৰ গুণাগুণৰ ওপৰতে নিৰ্ভৰ কৰে যদিও অসমৰ উদ্ভিদৰ প্ৰকৃতি আৰু বিতৰণৰ ক্ষেত্ৰ জলবায়ুৰ প্ৰভাৱ অধিক হোৱাটো পৰিলক্ষিত হয়। অসমৰ প্ৰাকৃতিক উদ্ভিদক তলত দিয়া শ্ৰেণীত ভাগ কৰিব পাৰি।
১/ ত্ৰুান্তীয় চিৰসেউজীয়া উদ্ভিদ
২/ মৌচুমীয় পৰ্ণপাতী উদ্ভিদ
৩/ নদী কাষৰীয়া উদ্ভিদ
৪/ তৃণভূমি
১/ ত্ৰুান্তীয় চিৰসেউজীয়া উদ্ভিদঃ ব্ৰক্ষপুত্ৰ উপত্যকা উত্তৰ প্ৰান্তত অৰ্থাৎ হিমালয়ৰ নামনি অঞ্চলত আৰু উজনি অসমৰ শিৱসাগৰ, ডিব্ৰুগড়, গোলাঘাট, কাছাৰ জিলাৰ উত্তৰাংশ আদি ঠাইসমূহত সাধাৰণতে দুইধৰণৰ অৰণ্য দেখিবলৈ পোৱা যায়। এই ঠাইসমূহত বৰষুণ ২০০ চেণ্টিমিটাৰতকৈ বেছি আৰু তাপমাত্ৰা ২৫ ডিগ্ৰী চেণ্টিমিটাৰতকৈ বেছি হয়। চিৰ সেউজীয়া ্ৰণ্যৰ বিশেষত্ব এয়ে যে ওখ আৰু জোপোহা গছ - গছনিৰ উপৰি ইয়াৰ তলভাগো লতাজাতীয় উদ্ভিদেৰে ঠাই খাই থাকে। ইয়াৰ মাটিৰ ওপৰ স্তৰত সদায় পানী থাকে বাবে সেমেকা আৰু জীপাল হৈ থাকে। সেয়েহে এই অঞ্চলৰ গছ - লতাবোৰ সেউজীয়া পাতেৰে বৰপুৰ হৈ থাকে। এইধৰণৰ অৰণ্যত হলং, হলক, মকাই, নাহৰ, উৰিয়াম, চপা, তিতাচঁপা, আদি গছ পোৱা যায়।
২/ মৌচুমীয় পৰ্ণপাতী উদ্ভিদঃ বছৰি ১০০ - ২০০ চেণ্টিমিটাৰ বৰষুণ হোৱা অঞ্চলত এই অৰণ্য পোৱা যায়। বৰষুণ অপেক্ষাকৃতভাৱে কম হোৱাৰ বাবে শীতকালতচ ওঅ অঞ্চলসমূহৰ মাটিৰ ওপৰত স্তৰ শুকাই যায় আৰু সেয়েহে গছবোৰৰ পাত সৰি যায়। অসমৰ বিভিন্ন অঞ্চলৰ বৰষুণৰ পৰিমাণৰ তাৰতম্য অমুযায়ী ভিন্ ভিন্ ঠাইত ভিন্ ভিন্ পৰ্ণপাতী উদ্ভিদৰ প্ৰাধান্য দেখা যায়। উজনি অসমৰফালে বৰষুণ বেছি হোৱাৰ বাবে ওখ ওখ পৰ্ণপাতী গছৰ বিপৰীতে নামনি অসমত উজনিতকৈ কিছু কম বৰষুণ হোৱাৰ বাবে পৰ্ণপাতী গছবোৰো তুলনামূলকভাৱে চাপৰ। সেইদৰে লামডিং, লংকাৰ দৰে বৃষ্টিছায়া অঞ্চলসমূহত পৰ্ণপাতী গছসমূহ আৰু বেছি চাপৰ হোৱা দেখা যআয়। এই গছসমূহৰ ভিতৰত শাল, চেগুন, গমাৰি, ছাম, শিমলু, কদম, আম, কঁঠাল লেখতলবলগীয়া।
৩/ নদী কাষৰীয়া উদ্ভিদঃ এই শ্ৰেণীৰ উদ্ভিদৰ ভিতৰত খৈৰ, শিশু, শিমলু, কৰৈ, কদম, খকন আদি প্ৰধান। অসমৰ প্ৰধান নদী দুখন - ব্ৰক্ষপুত্ৰ আৰু বৰাক আৰু সিঁহতৰ উপনদীবোৰৰ দাঁতিকাষৰীয়া সেমেকা অঞ্চলত এই গছসমূহ গজে।
৪/ তৃণভূমিঃ ব্ৰক্ষপুত্ৰ উপত্যকাৰ উত্তৰৰ তৰাই অঞ্চলত নল - খাগৰি, খেৰ, বেত, আদিকে ধৰি বিভিন্ন ওখ ওখ তৃণভূমি দেখা যায়। ইয়াৰ উপৰি নদী কাষৰীয়া দ অঞ্চল আৰু চৰ - চাপৰিতো ঘাঁহনি গজে। ঝুম খেতি কৰা পাহাৰীয়া অঞ্চলত যত আগতে হাবি আছিল, সেই ঠাইসমূহতো মাটিৰ গুণাগুণ নষ্ট হোৱাৰ ফলত পিচত তৃণজাতীয় উদ্ভিদহে গজে।
উদ্ভিদ আৰু পশু সম্পদঃ অসমৰ তথা সমগ্ৰ উত্তৰ - পূৰ্বাঞ্চলৰ উদ্ভিদ তথা জীৱৰ বিভিন্নতা অতি উচ্চ পৰ্য্যায়ৰ। অনুকূল জলবায়ু, ভৌগোলিক অৱস্থান আদি বিভিন্ন কাৰকৰ সুপ্ৰভাৱৰ বাবে অসমত জীৱ জন্ত আৰু উদ্ভিদৰ বিভিন্নতা দেখিবলৈ পোৱা যায়। অসম তথা উত্তৰ পূবত এতিয়ালৈকে ৬০০০ - ৭০০০ উদ্ভিদৰ প্ৰজাতকি আছে। সেইদপৰে অৰ্কিডৰ প্ৰজাতিও প্ৰায় এশ। অসমতৰ থকা অসংখ্য বন বননি আৰু প্ৰায় ৪,০০০ আৰ্দ্ৰভূমি হল অসংখ্য জীৱ জন্ত আৰু চৰাই চিৰিকতিৰ বিচৰণভূমি। ভাৰতত পোৱা ১,২০০ বিধ চৰাইৰ প্ৰায় ৯৫০ বিধেই অসমত আছে। সেইদৰে অসমত প্ৰায় ২৩০ বিধ স্তনপ্ৰায়ী জন্ত আছে। তাৰে ভিতৰত গঁড়, নলগাহৰি, হলক গিবন, সোণালী বান্দৰ আদি অতি বিৰল প্ৰজাতিৰ।
অসমত কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য আছে। ইয়াৰ ভিতৰত গোলাঘাট, নগাঁও আৰু শোণিতপুৰ জিলাত অৱস্থিত প্ৰায় ৮৩০ বৰ্গ কিলোমিটাৰজোৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে পৃথিৱী বিখ্যাত। ইয়াৰ বাহিৰেও অসমত আৰু চাৰিখন ৰাষ্ট্ৰীয় উদ্যান আছে। সেইকেইখন হল মানাহ ৰাষ্ট্ৰীয় উদ্যান, ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান, ওৰাং নামেৰী ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান,। অসমত অভয়াৰণ্যও বহুকেইখন আছে। তাৰে ভিতৰত পবিতৰা, লাওখোৱা, বৰনদী আৰু পানীদিহিং - এই কেইখন হল পক্ষী অভয়াৰণ্য। অসমত দুটা ব্যাঘ্ৰ প্ৰকল্পও আছে। এই দুটা হল মানাহ আৰু নামেৰী ব্যাঘ্ৰ প্ৰকল্প।
Type - Boby Bora