সম্প্ৰসাৰণ কাৰ্যাৱলী | Chapter 1 |BA 5th Semester BA 5th Semester Education Regular Short Question and Answer Solution Assamese Medium 2022 | GU BA 5th Semester Education Regular  Chapter 1 Solution Assamese Medium | GU BA 5th Semester Education BA 5th Semester Education Regular BA 5th Semester Education Regular Book Solution | সম্প্ৰসাৰণ কাৰ্যাৱলী পাঠটো চমু প্ৰশ্ন আৰু উত্তৰ |

 

সম্প্ৰসাৰণ কাৰ্যাৱলী 


চমু প্ৰশ্নউওৰঃ

১। সম্প্ৰসাৰণ কি?

উওৰঃ পূৰ্বতে কৃষকৰ জীৱনৰ মানদণ্ড উন্নত কৰিবলৈ গৱেষণালব্ধ                 জ্ঞানৰ প্ৰসাৰ ঘটোৱাকে সম্প্ৰসাৰণ বুলি কোৱা হয়।

২। 'Extension' শব্দটো কোন দুটা লেটিন ভাষাৰ পৰা উৎপত্তি হৈছে?

উওৰঃ 'Extension'  শব্দটো লেটিন ভাষাৰ 'Ex' আৰু 'Tensio' এই শব্দ             দুটাৰ পৰা উৎপত্তি হৈছে।

৩। 'Extension' শব্দটোৰ অৰ্থ কি?

উওৰঃ 'Extension' মানে হ'ল 'Stretching Out' যাৰ অৰ্থ হৈছে 'বহলাই             দিয়া' বা 'প্ৰসাৰিত কৰা'।

৪। 'Extension' শব্দটো পোনপ্ৰথমে কোন ঠাইত আৰু কিমান চনত ব্যৱহাৰ কৰিছিল?

উওৰঃ 'Extension' শব্দটো পোনপ্ৰথমে ইংলেণ্ডত ১৮৬৬ চনত                     Cambridge আৰু Oxford University-এ ব্যৱহাৰ কৰিছিল।

৫।ভাৰতবৰ্ষত সম্প্ৰসাৰণ কাৰ্যাৱলীৰ  কিমান চনত আৰু কোন ঠাইত আৰম্ভণি ঘটে?

উওৰঃ ভাৰতবৰ্ষত সম্প্ৰসাৰণ কাৰ্যাৱলীৰ আৰম্ভণি ঘটে ১৯২০ চনত             F.L. Brayne- এ আৰম্ভ কৰা গুৰগাওঁ প্ৰকল্প (Gurgaon                        Project)ৰ যোগেদি।

৬।সম্প্ৰসাৰণৰ পিতৃ বুলি কাক আখ্যা দিয়া হয়?

উওৰঃ আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ J.P. Leagans-ক সম্প্ৰসাৰণৰ পিতৃ বুলি             আখ্যা দিয়া হয়।

৭। ভাৰতৰ প্ৰেক্ষাপটত সম্প্ৰসাৰণৰ পিতৃ কোন?

উওৰঃ ভাৰতৰ প্ৰেক্ষাপটত সম্প্ৰসাৰণৰ পিতৃ হ'ল K.N. Singh।

৮।সম্প্ৰসাৰণৰ মূল উদ্দেশ্য কি?

উওৰঃ সম্প্ৰসাৰণৰ মূল উদ্দেশ্য হ'ল- গ্ৰাম্য লোকৰ জীৱনধাৰণৰ                     মানদণ্ড উন্নত কৰা, তেওঁলোকৰ উৎপাদনশীলতা বৃদ্ধি কৰা       আৰু দক্ষতা আৰু কৌশলৰ বিকাশ সাধন কৰা।

৯। ২০১৬ ৰ মতে সম্প্ৰসাৰণৰ সংজ্ঞা কি?

 উওৰঃ (২০১৬)-ৰ মতে, ''সম্প্ৰসাৰণ হ'ল বিশ্ববিদ্যালয়লৈ                                 নিয়মিতভাৱে আহিব নোৱাৰা শিক্ষাৰ্থীৰ বাবে ব্যৱস্থা কৰা বিশ্ববিদ্যালয়ৰ এক শাখা।''

১০। ১৯৯১ ৰ মতে সম্পসাৰণ কি?

উওৰঃ ১৯৯১ৰ মতে, ''মানুহৰ জ্ঞান, মনোভাব আৰু কৌশলৰ                         আকাংক্ষিত পৰিৱৰ্তন সাধনেই হ'ল সম্প্ৰসাৰণ।

১১। ১৯৫৭ৰ মতে সম্প্ৰসাৰণ কি?

উওৰঃ ১৯৫৭ৰ মতে, ''সম্প্ৰসাৰণ হ'ল এনে এক শিক্ষা, যাৰ উদ্দেশ্য             হ'ল মানুহৰ মনোভাব আৰু অভ্যাসৰ পৰিৱৰ্তন কৰা।''

১২। ১৯৭৬ৰ মতে সম্প্ৰসাৰণ কি?

উওৰঃ ১৯৭৬ৰ মতে, ''সম্প্ৰসাৰণ হ'ল কৃষিৰ লগত প্ৰত্যক্ষ বা                        পৰোক্ষভাৱে জড়িত লোকৰ বাবে বিদ্যালয়ৰ আঁওতাৰ বাহিৰৰ এক শিক্ষা তথা সেৱা ব্যৱস্থা, যিয়ে তেওঁলোকক উৎপাদন,ব্যৱস্থাপনা, সংৰক্ষণ আৰু বেহা-বেপাৰ আদিত উন্নত মানৰ কাৰ্যপন্থা হাতত লোৱাত সহায় কৰে।''

১৩। কিমান চনত পোনপ্ৰথমবাৰৰ বাবে স্কটলেণ্ডত কৃষিজাত সম্প্ৰসাৰণ সমাজ (Agricultural Extension Societies)-ৰ প্ৰতিষ্ঠা কৰা হয়?

উওৰঃ ১৭২৩ চনত ।

১৪। কিমান চনত ব্ৰিটিছ ৰাজনীতিক Lord Henry Brougham-এ 'Society for the Diffusion of Useful Knowledge' গঠন কৰে তাৰ মূখ্য উদ্দেশ্য কি?

 উওৰঃ ১৮২৬ চনত ব্ৰিটিছ ৰাজনীতিক Lord Henry Brougham-এ                 'Society for the Diffusion of Useful Knowledge' গঠন কৰে তাৰ মূখ্য উদ্দেশ্য আছিল পিছপৰা, দুখীয়া আৰু নিপীড়িত লোকৰ সুবিধাৰ্থে যাৱতীয় তথ্য আৰু জ্ঞানৰ সম্প্ৰসাৰণ যটোৱা।

১৫। ১৮৪০ চনৰ আগে আগে এনে ধৰণৰ Society কোন কোন দেশত গঢ় লৈ উঠিছে?

উওৰঃ ১৮৪০ চনৰ আগে আগে এনে ধৰণৰ Society আমেৰিকা, ভাৰত, চীন, মানয়েছিয়া আদি দেশতো গঢ় লৈ উঠিছে।

১৬। সম্প্ৰসাৰণৰ দুটা বৈশিষ্ট্য লিখা।

উওৰঃ সম্প্ৰসাৰণৰ দুটা বৈশিষ্ট্য হৈছে- 

(১) সম্প্ৰসাৰণ হ'ল এক সমাজ কল্যাণমূলক শৈক্ষিক কাৰ্যাৱলী।

(২) সম্প্ৰসাৰণে জ্ঞান, মনোভাৱ, কৌশল আৰু বিশ্বাসৰ পৰিৱৰ্তন কৰি মানৱ আচৰণৰ সামগ্ৰিক পৰিৱৰ্তন ঘটায়।

১৭। সম্প্ৰসাৰণৰ উদ্দেশ্য চাৰিটা লিখা।

উওৰঃ সম্প্ৰসাৰণৰ উদ্দেশ্য চাৰিটা হৈছে-

(১) মানুহক তেওঁলোকৰ সমস্যাসমূহ চিনাক্তকৰণ আৰু বিশ্লেষণ কৰাত সহায় কৰা।

(২) সম্পদৰ সদ্ব্যৱহাৰ আৰু একত্ৰীকৰণত মানুহক সহায় কৰা।

(৩) সমাজ তথা দেশৰ কল্যাণ সাধন কৰা।

(৪) মানুহৰ সামগ্ৰিক আচৰণৰ সংশোধন কৰা।

১৮। সম্প্ৰসাৰণৰ কাৰ্য কেইটা আৰু কি কি?

উওৰঃ সম্প্ৰসাৰণৰ কাৰ্য ৭টা আৰু সেইকেইটা হৈছে-

(১) জ্ঞানৰ পৰিৱৰ্তন, (২) মনোভাবৰ পৰিৱৰ্তন, (৩) কৌশলৰ পৰিৱৰ্তন, (৪) বোধৰ পৰিৱৰ্তন, (৫)লক্ষ্যৰ পৰিৱৰ্তন, (৬)ক্ৰিয়াৰ পৰিৱৰ্তন, (৭) বিশ্বাসৰ পৰিৱৰ্তন।

১৯।সম্প্ৰসাৰণৰ নীতি কেইটা আৰু কি কি?

উওৰঃ সম্প্ৰসাৰণৰ নীতি ১৪টা আৰু সেইকেইটা হৈছে-

(১)সাংস্কৃতিক ভিন্নতাৰ নীতি।

(২)তৃণমূল নীতি।

(৩) থলুৱা জ্ঞানৰ নীতি।

(৪)ৰুচি আৰু প্ৰয়োজনীয়তাৰ নীতি।

(৫)কামৰ মাজেৰে শিকা নীতি।

(৬) সক্ৰিয় অংশগ্ৰহণৰ নীতি।

(৭)সমগ্ৰ পৰিয়ালৰ নীতি।

(৮)নেতৃত্বৰ নীতি।

(৯)নমনীয়তাৰ নীতি।

(১০)সন্তষ্টিৰ নীতি।

(১১)মূল্যায়নৰ নীতি।

(১২)গণতান্ত্ৰিক নীতি।

(১৩)প্ৰশিক্ষণপ্ৰাপ্ত বিশেষজ্ঞৰ নীতি।

(১৪) স্থানীয় সম্পদৰ ব্যৱহাৰৰ নীতি।

২০। সম্প্ৰসাৰণৰ গুৰুত্ব লিখা।

উওৰঃ সম্প্ৰসাৰণৰ গুৰুত্ব হ'ল-

(১)সম্প্ৰসাৰণে সমাজ তথা দেশৰ কল্যাণ সাধন কৰে।

(২)সম্প্ৰসাৰণে পিছপৰা লোকৰ জীৱনৰ মানদণ্ড উন্নত কৰাত সহায় কৰে।

(৩)সম্প্ৰসাৰণে মানুহৰ মাজত নেতৃত্বদান ক্ষমতাৰ বিকাশ সাধন কৰে।

(৪)সম্প্ৰসাৰণে মানুহৰ প্ৰতিভা আৰু দক্ষতাৰ বিকাশ সাধন কৰে।

(৫)সম্প্ৰসাৰণে মানুহৰ আৰ্থ-সামাজিক উন্নয়নত অৰিহণা যোগায়।

(৬)সম্প্ৰসাৰণে মানুহৰ মাজত সমাজপ্ৰেম আৰু দেশপ্ৰেমৰ ভাব জগাই তোলে।

২১। সম্প্ৰসাৰণ শিক্ষা কাৰ্যাৱলীৰ ক্ষেত্ৰক বহলভাৱে কেইটা ভাগত ভগাব পাৰি আৰু কি কি?

উওৰঃ সম্প্ৰসাৰণ শিক্ষা কাৰ্যাৱলীৰ ক্ষেত্ৰক বহলভাৱে দুটা ভাগত ভাগ কৰিব পাৰি- (১)কৃষিজাত সম্প্ৰসাৰণ (Agricultural Extension) আৰু (২)অকৃষিজাত সম্প্ৰসাৰণ।

২২। Kelsey আৰু Hearne (1967)- এ সম্প্ৰসাৰণ কাৰ্যাৱলীৰ ৯টা ক্ষেত্ৰৰ কথা লিখা।

উওৰঃ Kelsey আৰু Hearne (1967)-এ সম্প্ৰসাৰণৰ কাৰ্যাৱলীৰ ৯টা ক্ষেত্ৰৰ কথা হ'ল-

১)কৃষিজাত উৎপাদনত দক্ষতা।

২)বেহা-বেপাৰ, বিতৰণ আৰু ব্যৱহাৰৰ দক্ষতা।

৩)প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ, বিকাশ আৰু ব্যৱহাৰ।

৪)পাম আৰু পৰিয়ালৰ ব্যৱস্থাপনা।

৫)পৰিয়ালৰ জীৱন-যাপন।

৬)যুৱ উন্নয়ন।

৭)নেতৃত্বৰ বিকাশ।

৮)সমাজ \ সম্প্ৰদায়ৰ বিকাশ আৰু গ্ৰামাঞ্চলৰ বিকাশ।

৯)ৰাজহুৱা সমস্যা তথা পৰিঘটনাসমূহ।

২৩।উচ্চ শিক্ষাৰ প্ৰধান কাম কি?

উওৰঃ উচ্চ শিক্ষাৰ প্ৰধান কাম - মানৱ সম্পদৰ বিকাশ সাদন কৰি সমাজ তথা দেশৰ সৰ্বতোপ্ৰকাৰৰ উন্নতি সাধন কৰা। এই কাৰ্য সম্পাদনৰ বাবে উচ্চ শিক্ষাই অনেক ভূমিকা পালন কৰে। তাৰ ভিতৰত সম্প্ৰসাৰণ কাৰ্যাৱলী অন্যতম।

২৪। কিমান চনত 'National University Extension Association' গঠন কৰা হৈছিল?

উওৰঃ ১৯১৫ চনত 'National University Extension Association' গঠন কৰা হৈছিল।

২৫। কিমান চনত Minnesota University-এ 'অবিৰত শিক্ষা' (Continuing Education)-ৰ ধাৰণাটো প্ৰৱৰ্তন কৰে?

উওৰঃ ১৯৩৬ চনত Minnesota University-এ 'অবিৰত শিক্ষা'              (Continuing Education)- ৰ ধাৰণাটো প্ৰৱৰ্তন কৰে।

২৭।কিমান চনত Denmark-ত 'জীৱনজোৰা শিকন' ৰ ধাৰণাটো উদ্ভাৱন হয়?

উওৰঃ ১৯৭১ চনত Denmark-ত 'জীৱনজোৰা শিকন' ৰ ধাৰণাটো উদ্ভাৱন হয়।

২৮। কিমান চনত Mysore University-এ 'Extension and Publicity Department' প্ৰতিষ্ঠা কৰে?

উওৰঃ ১৯৩২ চনত Mysore University-এ 'Extension and Publicity Department' প্ৰতিষ্ঠা কৰে।

২৯। বৰ্তমান ভাৰতত কিমানখন কৃষি বিশ্ববিদ্যালয় আছে?

উওৰঃ বৰ্তমান ভাৰতত ৭০খন কৃষি বিশ্ববিদ্যালয় আছে।

৩০। আয়োগৰ দৃষ্টিত সম্প্ৰসাৰণ কাৰ্যাৱলীৰ প্ৰয়োজনীয়তাসমূহ কি কি?

উওৰঃ আয়োগৰ দৃষ্টিত সম্প্ৰসাৰণ কাৰ্যাৱলীৰ প্ৰয়োজনীয়তাসমূহ হ'ল- শিক্ষাক বাস্তৱ জীৱনৰ পৰিস্থিতিসমূহৰ প্ৰাসঙ্গিক কৰি তোলা, শিক্ষাক সমাজৰ পৰা বিচ্যুত নকৰা, শিক্ষাৰ্থীক সমাজৰ প্ৰতি দায়িত্বশীল কৰি তোলা, শিক্ষকসকলৰ বাস্তৱসন্মত জ্ঞানৰ বিকাশ সাধন কৰা আদি।

৩১। NAEP ৰ সম্পূৰ্ণ অৰ্থ কি?

উওৰঃ NAEP  ৰ অৰ্থ - National Adult Education Programme।

৩২। বৰ্তমান ভাৰতত ১২০খনৰো অধিক বিশ্ববিদ্যালয়ত স্বতন্ত্ৰ সম্প্ৰসাৰণ বিভাগ আছে, তাৰ কেইখনমান লিখা?

উওৰঃ বৰ্তমান ভাৰতত ১২০খনৰো অধিক বিশ্ববিদ্যালয় স্বতন্ত্ৰ সম্প্ৰসাৰণ বিভাগ আছে, তাৰ কেইখনমান হ'ল -

Jamia- Millia- Islamia, Delhi University, Jawaherlal Nehru University, North-Eastern Hill University, Mumbai University আদি।

৩৩। কিমান চনত Columbia University-এ প্ৰাপ্তবয়স্ক শিক্ষাৰ প্ৰথমখন পাঠ্যক্ৰম ৰচনা কৰে?

উওৰঃ ১৯১৭ চনত Columbia University-এ প্ৰাপ্তবয়স্ক শিক্ষাৰ প্ৰথমখন পাঠ্যক্ৰম ৰচনা কৰে।

৩৪। পঞ্চমটো পঞ্চবাৰ্ষিক পৰিকল্পনা ক'ত গঠন কৰা হয়?

উওৰঃ পঞ্চমটো পঞ্চবাৰ্ষিক পৰিকল্পনাত Centres and Departments For Adult and Continuing Education and Extension গঠন কৰা হয়।

৩৫। কিমান চনত শিক্ষা আয়োগখনে পোনপ্ৰথমবাৰৰ বাবে 'উচ্চ শিক্ষাৰ সম্প্ৰসাৰণ' ধাৰণাটো প্ৰৱৰ্তন কৰে?

উওৰঃ ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগখনে পোনপ্ৰথমবাৰৰ বাবে 'উচ্চ শিক্ষাৰ সম্প্ৰসাৰণ' ধাৰণাটো প্ৰৱৰ্তন কৰে।

৩৬। ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগে সমগ্ৰ ভাৰতৰ শিক্ষাব্যৱস্থাৰ ব্যাপক পুনৰীক্ষণৰ অন্তত কি কয়?

উওৰঃ ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগে সমগ্ৰ ভাৰতৰ শিক্ষাব্যৱস্থাৰ ব্যাপক পুনৰীক্ষণৰ অন্তত কয় যে- 'শিক্ষাক শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ চাৰিবেৰৰ বাহিৰলৈ সম্প্ৰসাৰিত কৰিব লাগে'।

Author - Pompi Hazarika