অধ্যায়ঃ- ১
ঔপনিবেশিক শক্তিৰ প্ৰসাৰণ আৰু সুদৃঢ়কৰণ
(Expansion and Consolidation of Colonial Power)
১। চমু প্ৰশ্ন ঃ
(১) কিমান চনত নিজাম উল মূলক আচফ জাহে হায়দৰাবাদ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল?
উত্তৰঃ- ১৭২৪ চনত নিজাম উল মূলক আচফ জাহে হায়দৰাবাদ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।
(২) বেংগল কাৰ অধীনস্থ এখন প্ৰদেশ আছিল?
উত্তৰঃ- বেংগল মোগল সম্ৰাটসকলৰ অধীনস্থ এখন প্ৰদেশ আছিল।
(৩) কিমান চনত মুৰ্চিদ কুলি খানৰ মৃত্যু হৈছিল?
উত্তৰঃ- ১৭২৭ চনত মুৰ্চিদ কুলি খানৰ মৃত্যু হৈছিল।
(৪) মুৰ্চিদ কুলি খানৰ নাতি চুজা উদ্দিনে কিমান চনলৈ বঙ্গদেশ শাসন কৰিছিল?
উত্তৰঃ- মুৰ্চিদ কুলি খানৰ নাতি চুজা উদ্দিনে ১৭৩৯ চনলৈ বঙ্গদেশ শাসন কৰিছিল।
(৫) স্বায়ত্তশাসিত ৰাজ্য অযোধ্যাৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰঃ- স্বায়ত্তশাসিত ৰাজ্য অযোধ্যাৰ প্ৰতিষ্ঠাপক আছিল চাদত খান বুৰহন উল মালিক।
(৬) চাদত খান বুৰহন উল মালিক কি সম্প্ৰদায়ৰ লোক আছিল?
উত্তৰঃ- চাদত খান বুৰহন উল মালিক চিয়া সম্প্ৰদায়ৰ লোক আছিল।
(৭) কিমান চনত চাদত খান বুৰহন উল মালিক বায়নাৰ ফৌজদাৰ নিযুক্ত হৈছিল?
উত্তৰঃ- ১৭২০ চনত চাদত খান বুৰহন উল মালিক বায়নাৰ ফৌজদাৰ নিযুক্ত হৈছিল।
(৮) কিমান চনত চাদাত খানে এবিধ নতুন ৰাজহ বন্দোৱস্তি সম্পন্ন কৰিছিল?
উত্তৰঃ- ১৭২৩ চনত চাদাত খানে এবিধ নতুন ৰাজহ বন্দোৱস্তি সম্পন্ন কৰিছিল।
(৯) টিপু চুলতানে কিমান চনত আৰু কাৰ হাতত মৃত্যুবৰণ কৰিছিল?
উত্তৰঃ- টিপু চুলতানে ১৭৯৯ চনত ব্ৰিটিছৰ হাতত মৃত্যুবৰণ কৰিছিল।
(১০) ব্ৰিটিছ বুৰজ্ঞীবিদসকলে টিপু চুলতানক কি বুলি আখ্যা দিছিল?
উত্তৰঃ- ব্ৰিটিছ বুৰজ্ঞীবিদসকলে টিপু চুলতানক এজন ধৰ্মান্ধ বুলি আখ্যা দিছিল।
(১১) কিমান চনত মাৰাঠাসকলে লুণ্ঠন কৰা শ্ৰীঙ্গেৰী মন্দিৰত থকা সাৰদাৰ মূৰ্তি নিৰ্মাণৰ বাবে ধন দিছিল?
উত্তৰঃ- ১৭৯১ চনত মাৰাঠাসকলে লুণ্ঠন কৰা শ্ৰীঙ্গেৰী মন্দিৰত থকা সাৰদাৰ মূৰ্তি নিৰ্মাণৰ বাবে ধন দিছিল।
(১২) শ্ৰীৰঙ্গনাথৰ বিখ্যাত মন্দিৰটো ৰাজপ্ৰসাদৰ পৰা কিমান গজ দূৰত্বত অৱস্থিত আছিল?
উত্তৰঃ- শ্ৰীৰঙ্গনাথৰ বিখ্যাত মন্দিৰটো ৰাজপ্ৰসাদৰ পৰা ১০০ গজ দূৰত্বত অৱস্থিত আছিল।
(১৩) কিমান লগে লগে কেৰালাৰ সকলোবোৰ ক্ষুদ্ৰ ৰাজ্য কোচিন, ত্ৰিবাংকুৰ আৰু কালিকট এই তিনিখন ডাঙৰ ৰাজ্যৰ সৈতে চামিল হৈছিল?
উত্তৰঃ- ১৭৬৩ চনৰ লগে লগে কেৰালাৰ সকলোবোৰ ক্ষুদ্ৰ ৰাজ্য কোচিন, ত্ৰিবাংকুৰ আৰু কালিকট এই তিনিখন ডাঙৰ ৰাজ্যৰ সৈতে চামিল হৈছিল।
(১৪) কিমান শতিকাত মালায়লাম সাহিত্য়ৰ উত্থান চকুত লগা আছিল?
উত্তৰঃ- ১৮ শতিকাত মালায়লাম সাহিত্যৰ উত্থান চকুত লগা আছিল।
(১৫) ১৮ শতিকাৰ এজন অতি বিখ্যাত ৰাজপুতৰ ৰজজা কোন আছিল?
উত্তৰঃ- ১৮ শতিকাৰ এজন অতি বিখ্যাত ৰাজপুতৰ ৰজা আছিল- অম্ফৰৰ ৰজা চাৱাই জয় সিং।
(১৬) কোন এজন মহান জ্যোতিষী আছিল?
উত্তৰঃ- জয়সিং এজন মহান জ্যোতিষী আছিল।
(১৭) বৃত্তিত এটা কৃষক জাতি জাটসকল কোন অঞ্চলত বাস কৰিছিল?
উত্তৰঃ- বৃত্তিত এটা কৃষক জাতি জাটসকল দিল্লী, আগ্ৰা আৰু মথুৰাৰ চাৰিওদিশৰ অঞ্চলত বাস কৰিছিল।
(১৮) ভৰতপুৰৰ জাট ৰাজ্যখন কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰঃ- ভৰতপুৰৰ জাট ৰাজ্যখন চুৰামন আৰু বদন সিঙৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল।
(১৯) কাৰ নেতৃত্বত জাট শক্তি গৌৰৱৰ উচ্চ শিখৰত উপনীত হৈছিল?
উত্তৰঃ- সূৰজমলৰ নেতৃত্বত জাট শক্তি গৌৰৱৰ উচ্চ শিখৰত উপনীত হৈছিল।
(২০) কিমান চনত জাট ৰাজ্যৰ পতন হৈছিল?
উত্তৰঃ- ১৭৬৩ চনত জাট ৰাজ্যৰ পতন হৈছিল।
২। চমুটোকা লিখা ।
ক) ৰাজনৈতিক পৰিৱৰ্তন
উত্তৰঃ মোগল সাম্ৰাজ্যৰ ক্ৰমে দুৰ্বলতা আৰু পতনৰ লগে লগে স্থানীয় আৰু আঞ্চলিক ৰাজনৈতিক আৰু অৰ্থনৈতিক শক্তিবোৰৰ উত্থান হৈছিল আৰু ১৮ শতিকাৰ শেষৰ পিনে ৰাজনৈতিক পৰিৱেশে ৰাজ্যবোৰৰ গুৰুতৰ পৰিৱৰ্তন সাধন কৰিছিল ।
১৮ শতিকাৰ সময়ছোৱাত মোগল সাম্ৰাজ্যৰ ধ্বংসস্তূপত আৰু ইয়াৰ ৰাজনৈতিক পদ্ধতিৰ ওপৰত বহুতো স্বাধীন আৰু অৰ্ধস্বাধীন শক্তিৰ উত্থান হৈছিল আৰু সেইবোৰ আছিল মোগল, অযোধ্যা, হায়দৰাবাদ, মহীশূৰ, আৰু মাৰাঠা সাম্ৰাজ্য । ব্ৰিটিছে ভাৰতত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাত এই ৰাজ্যবোৰৰ সৈতে যুদ্ধত লিপ্ত হৈ নিজৰ শক্তিৰ প্ৰতিপন্ন শ্ৰেষ্ঠতা কৰিব লগা হৈছিল । এই ৰাজ্যবোৰৰ কিছুমান যেনে বেংগল, অযোধ্যা, আৰু হায়দৰাবাদ উত্তৰাধিকাৰস্বত্তৰ জৰিয়তে অহা ৰাজ্য । মোগল শক্তিৰ পতনৰ সুযোগ লৈ মোগল প্ৰদেশৰ গভৰ্ণৰসকলে স্বাধীনতা ঘোষণা কৰাৰ ফলত এইবোৰ ৰাজ্যৰ সৃষ্টি হৈছিল । আনবোৰ ৰাজ্য যেনে মাৰাঠা, আফগান, জাট আৰু পঞ্জাব আদি স্থানীয় নেতা, জমিদাৰ আৰু খেতিয়কে মোগল কৰ্তৃত্বৰ বিৰুদ্ধে বিদ্ৰোহৰ সৃষ্টি কৰিছিল । এই দুই প্ৰকাৰৰ ৰাজ্যৰ পাৰ্থক্য ৰাজনীতি আৰু স্থানীয় অৱস্থাৰ ক্ষেত্ৰত পৰিলক্ষিত হয় । তথাপিও সামগ্ৰিকভাৱে এই ৰাজ্যবোৰৰ ৰাজনীতি প্ৰশাসনিক গাঠনি প্ৰায় একে । এইবোৰৰ উপৰিও ভাৰতৰ দক্ষিণ-পশ্চিম আৰু দক্ষিণ-পূব উপকুল আৰু উত্তৰ-পূব সামৰি আন এটা ৰাজ্যৰ গোট আছে যিবোৰৰ ওপৰত মোগলৰ প্ৰভাৱ সামান্যও নাই ।
খ) বেংগল
উত্তৰঃ বেংগল মোগল সম্ৰাটসকলৰ অধীনস্থ এখন প্ৰদেশ আছিল । মোগল কেন্দ্ৰীয় কৰ্তপক্ষ দুৰ্বল হোৱাৰ সুযোগ লৈ দুজন অসাধাৰণ দক্ষতা থকা ব্যক্তি মুৰ্চিদ কুলি খান আৰু আলিবৰ্দী খানে বংগক স্বাধীন কৰিছিল । ১৭১৭ চনত মুৰ্চিদ কুলি খানক বংগৰ গভৰ্ণৰ নিয়োগ কৰা হৈছিল যদিও তেওঁ ১৭০০ চনৰ পৰা দেৱানৰূপে বংগৰ শাসনকৰ্তা আছিল । তেওঁ নিজকে কেন্দ্ৰীয় কৰ্তৃত্বৰ পৰা মুক্ত কৰিছিল যদিও তেওঁ নিয়মিতভাৱে সম্ৰাটলৈ বহু পৰিমাণে কৰ প্ৰেৰণ কৰিছিল । তেওঁ আভ্যন্তৰীণ আৰু বাহ্যিক বিপদৰ পৰা বংগদেশক মুক্ত কৰি শান্তি প্ৰতিষ্ঠা কৰিছিল । জমিদাৰসকলৰ গুৰুতৰ বিদ্ৰোহৰ পৰাও বংগদেশ তুলনামূলকভাৱে মুক্ত । তেওঁৰ শাসনকালত তিনিটা গুৰুত্বপূৰ্ণ বিদ্ৰোহ ক্ৰমে প্ৰথমটো সীতাৰাম ৰয়, উদয় নাৰায়ণ আৰু গুলাম মহম্মদৰ দ্বাৰা । দ্বিতীয়টো মুজাত খান আৰু তৃতীয়টো নাজৰ খানৰ দ্বাৰা সংঘটিত হৈছিল । মুৰ্চিদ কুলি খানে তেওঁলোকক পৰাভূত কৰি তেওঁলোকৰ জমিদাৰীবোৰ তেওঁৰ প্ৰিয় ৰামজিৱনক দিছিল । ১৭২৭ চনত মুৰ্চিদ কুলি খানৰ মৃত্যু হৈছিল আৰু তেওঁৰ নাতি চুজাউদ্দিনে ১৭৩৯ চনলৈ বংগদেশ শাসন কৰিছিল । আলিবৰ্দী খানে ১৭৩৯ চনত চুজাউদ্দিনৰ পুত্ৰ চৰফৰাজ খানক অপসাৰণ কৰিছিল আৰু বধ কৰিছিল আৰু তেওঁ বংগদেশৰ নৱাব হৈছিল ।
এই তিনিওজন নৱাবে দীৰ্ঘদিনৰ বাবে বংগদেশত শান্তি প্ৰতিষ্ঠা কৰিছিল আৰু সু-শৃংখল শাসনব্যৱস্থা প্ৰৱৰ্তন কৰি ব্যৱসায়-বাণিজ্যৰ উন্নতি সাধন কৰিছিল । মুৰ্চিদ কুলি খানে কৃষি ৰাজহ পদ্ধতিৰ প্ৰৱৰ্তন আৰু নতুন ভূমি বন্দোবস্তি সম্পন্ন কৰি বংগদেশৰ ৰাজহৰ পুনৰ গঠন কৰিছিল । তেওঁ ৰাজহ বিষয়া, স্থানীয় জমিদাৰ আৰু বণিক বেংক ব্যৱসায়ীৰ পৰা নিয়োগ কৰিছিল ।
গ) মহীশূৰ
উত্তৰঃ দক্ষিণ ভাৰতত হায়দৰ আলিৰ নেতৃত্বত উত্থান হোৱা অতি গুৰুত্বপূৰ্ণ ৰাজ্য এখন আছিল মহীশূৰ । বিজয়নগৰ সাম্ৰাজ্যৰ অন্ত পৰাৰ সময়ৰ পৰা মহীশূৰ ৰাজ্যই স্বাধীনতা অক্ষুন্ন কৰি ৰাখিছিল আৰু ই মোগল সাম্ৰাজ্যৰ এটা অংশ হৈ আছিল । ১৮ শতিকাৰ আৰম্ভণিতে দুজন মন্ত্ৰী নঞ্জৰাজ আৰু দেৱৰাজে ৰজা চিক্কা কৃষ্ঞৰাজক এজন সাধাৰণ পুতলা ৰজালৈ অৱনমিত কৰি মহীশূৰত ক্ষমতা লাভ কৰিছিল । এটা অপৰিচিত পৰিয়ালত জন্মগ্ৰহণ কৰা হায়দৰ আলিয়ে মহীশূৰৰ সামৰিক বাহিনীত এজন সাধাৰণ বিষয়া হিচাপে জীৱন আৰম্ভ কৰিছিল । যদিও তেওঁ অশিক্ষিত আছিল তেওঁ প্ৰখৰ বুদ্ধিৰ অধিকাৰী আছিল আৰু তেওঁ এজন শক্তিশালী, সাহসী আৰু স্থিৰপ্ৰজ্ঞ ব্যক্তি আছিল ।
তেওঁ আছিল এজন শক্তিশালী সেনাপতি আৰু চতুৰ কুটনীতিবিদ । হায়দৰ আলিয়ে যুদ্ধৰ যোগেদি অতি সোনকালে তেওঁৰ সুযোগ লাভ কৰিছিল । তেওঁলৈ অহা এনে সুযোগ ব্যৱহাৰ কৰি তেওঁ নিজকে মহীশূৰ বাহিনীত উত্থান ঘটাইছিল । তেওঁ অতি কম সময়ৰ ভিতৰতে পশ্চিমীয়া সামৰিক প্ৰশিক্ষণত সুযোগ লাভ কৰিছিল আৰু নিজৰ অধীনত থকা সৈন্যবাহিনীৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰিছিল । তেওঁ ফৰাচী বিশেষজ্ঞৰ সহায়ত ১৭৫৫ চনত দিন্দীগুলত এটা আধুনিক অস্ত্ৰাগাৰ নিৰ্মাণ কৰিছিল । ১৭৬১ চনত নজ্ঞৰাজক অপসাৰণ কৰি মহীশূৰত হায়দৰ আলিয়ে নিজৰ কৰ্তৃত্ব স্থাপন কৰিছিল ।
৩। বহলাই লিখা ।
ক) ৰন্জিত সিংহৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা ।
উত্তৰঃ ১৮ শতিকাৰ শেষত চুকেৰচেকীয়া মিচিলৰ নেতা ৰন্জিত সিংহৰ উত্থান হৈছিল । এজন শক্তিশালী আৰু সাহসী সৈনিক, এজন দক্ষ প্ৰশাসক আৰু এজন কৌশলী কূটনীতিবিদ আছিল ৰন্জিত এজন আজন্ম নেতা আছিল । ১৭৯৯ চনত লাহোৰ আৰু ১৮০২ চনত অমৃতসৰ জয় কৰিছিল । তেওঁ অতি কম দিনৰ ভিতৰতে সুতলেজৰ পশ্চিমৰ শিখ নেতাসকলক তেওঁৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সমৰ্থ হৈছিল আৰু পঞ্জাৱত নিজ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল । পিছত তেওঁ কাশ্মীৰ পেছৱাৰ আৰু মূলতান বিজয় কৰিছিল । পঞ্জাৱৰ পুৰণি শিখ নেতাসকল ভূমিৰ জমিদৰ আৰু জাগীৰদাৰলৈ সলনি হৈছিল । তেওঁ মোগলে প্ৰচলন কৰা ভূমি ৰাজহ পদ্ধতিৰ কোনো পৰিৱৰ্তন সাধন কৰা নাছিল ।
ৰন্জিত সিংহই ইউৰোপীয়ান প্ৰশিক্ষকৰ সহায়ত ইউৰোপীয়ান আৰ্হিত এটা শক্তিশালী , শৃংখলাবদ্ধ আৰু সু-সজ্জিত সামৰিক বাহিনী গঠন কৰিছিল । তেওঁৰ নতুন বাহিনীটো অকল শিখৰ মাজতে আৱদ্ধ নাছিল । তেওঁ গোৰ্খা, বিহাৰী, উৰিষ্যা পাঠান ডাগ্ৰা আৰু পঞ্জাৱী মুছলমানকো তেওঁৰ বাহিনীত নিয়োগ কৰিছিল । তেওঁ বন্দুক প্ৰস্তুত কৰিবলৈ লাহোৰত এটা আধুনিক কাৰখানা নিৰ্মাণ কৰিছিল আৰু এইবোৰ ব্যৱহাৰ কৰাৰ বাবে মুছলমান বন্দুকধাৰী লোক নিয়োগ কৰিছিল । তেৱেই এছিয়াৰ ভিতৰত দ্বিতীয় শ্ৰেষ্ঠ সামৰিক বাহিনীৰ গৰাকী আছিল । ৰন্জিত সিংহৰ মন্ত্ৰী আৰু বিষয়া নিৰ্বাচন কৰাত যথেষ্ট দক্ষতা আছিল । তেওঁ ৰাজসভা জ্ঞানী আৰু প্ৰখ্যাত লোকৰদ্বাৰা পৰিপূৰ্ণ আছিল । ধৰ্মৰ ক্ষেত্ৰত তেওঁ উদাৰ আৰু সহিষ্ণুশীল আছিল । তেওঁ শিখৰ উপৰিও হিন্দু আৰু মুছলমনৰ প্ৰতিও পৃষ্ঠপোষকতা আগবঢ়াইছিল । তেওঁ গুৰুত্পূৰ্ণ মন্ত্ৰী আৰু সেনাপতিসকলৰ বহুতো হিন্দু আৰু মুছলমান লোক আছিল । তেওঁৰ মন্ত্ৰীসকলৰ ভিতৰত অতি বিখ্যাত আৰু বিশ্বাসী মন্ত্ৰীগৰাকী আছিল পকীৰ আজিমুদ্দিন । ৰণ্জিত সিংহৰ ৰাজসভাৰ আৰু এজন বিখ্যাত মন্ত্ৰীৰ নাম হল দেৱান দিন নাথ । সকলোৰে বাবে সম-সুবিধাৰ নীতি এটা তেওঁ ৰাজ্যিক ভেটি হিচাপে গ্ৰহণ কৰিছিল । তেওঁ অকল শিখৰ উপকাৰৰ বাবে ৰাজনৈতিক শক্তি ব্যৱহাৰ কৰা নাছিল । আনহাতে, শিখ নেতাসকলে হিন্দু আৰু মুছলমান কৃষকৰ ওপৰত অত্যাচাৰ কৰাৰ দৰে শিখ কৃষকসকলৰ ওপৰত অত্যাচাৰ কৰিছিল । কাৰ্যত, ১৮ শতিকাৰ ভাৰতীয় আন ৰাজ্যবোৰৰ গঠনৰ দৰে ৰন্জিত সিংহৰ নেতৃত্বত পঞ্জাৱৰ গাঠনিও ৰাজ্য হিচাপে একে আছিল । যেতিয়া ব্ৰিটিছে ১৮০৯ চনত সুতলেজ নৈ পাৰ হোৱাত বাধা প্ৰদান কৰিছিল আৰু পূব দিশৰ শিখ ৰাজ্যবোৰক নিজৰ ৰক্ষণাবেক্ষণত ৰাখিছিল, তেতিয়া তেওঁ বৃটিছৰ বিৰুদ্ধে যুদ্ধ কৰাৰ পৰিৱৰ্তে সম্পূৰ্ণৰূপে শান্ত হৈ আছিল, কাৰণ তেওঁ বুজি পাইছিল যে ব্ৰিটিছৰ সৈতে ফেৰ মাৰিব পৰা শক্তি তেওঁৰ নাই ।
২। ভাৰতলৈ অহা প্ৰথম ইউৰোপীয়ান শক্তি পৰ্টুগীজসকলে ভাৰতৰ পৰা বিদায় লোৱাৰ প্ৰধান কাৰণকেইটা কি লিখা ।
উত্তৰঃ ভাৰতলৈ অহা প্ৰথম ইউৰোপীয়ান শক্তি পটুৰ্গীজসকলে ভাৰতৰ পৰা বিদায় লোৱাৰ প্ৰধান কাৰণকেইটা হল
১। তেওঁলোকৰ ধৰ্মীয় অসহিষ্ণুতাই ভাৰতীয় শক্তিবোৰক উত্তেজিত কৰিছিল । তেওঁলোক ভাৰতলৈ ধৰ্মযোদ্ধাৰ ৰূপত আহিছিল ।
২। পটুৰ্গীজসকল নিষ্ঠুৰ আছিল । হত্যাকাণ্ড, অত্যাচাৰ, ডকাইট তেওঁলোকৰ শাসনৰ নিয়মিত নীতি আছিল আৰু ইয়ে ভাৰতীয়ক ক্ষুব্ধ কৰিছিল ।
৩। ব্ৰাজিল আৱিস্কাৰে উপনিৱেশবাদীসকলক পূবৰ পৰা পশ্চিমলৈ আকৰ্ষণ কৰিছিল ।
৪। পটুৰ্গীজসকলে পৰৱৰ্তী পৰ্যায়ত ভাৰতলৈ অহা আন ইউৰোপীয়ানসকলৰ সৈতে ফেৰ মাৰিব পৰা নাছিল ।
৫। পটুৰ্গীজ বিষয়াসকলৰ উদাৰ নীতি আৰু কৌশলী আচৰণৰ অভাৱ । তেওঁলোকৰ প্ৰতিশোধ পৰায়ণ মনোভাৱে হিন্দুসকলক ক্ষুব্ধ কৰিছিল ।
৬। পটুৰ্গীজ বিষয়াসকলৰ ব্যক্তিত্বৰ অভাৱ । তেওঁলোক আছিল দুৰ্নীতিপৰায়ণ আৰু অহংকাৰী । তেনে লোকৰ প্ৰতি ভাৰতীয়সকলৰ শ্ৰদ্ধা নাছিল ।
৭। দাক্ষিণাত্যলৈ মোগল সাম্ৰাজ্য সম্প্ৰসাৰণ হোৱাৰ ফলত পটুৰ্গীজসকলৰ সাম্ৰাজ্য স্থাপনৰ আকাংক্ষা অতি বৃদ্ধি পাইছিল ।
৮। জনসংখ্যা আৰু সম্পদত সীমিত ক্ষুদ্ৰ ৰাজ্য পটুৰ্গালে ভাৰতত দৃঢ় খোপনি ধৰি ৰাখিব নোৱাৰিলে ।
পটুৰ্গীজসকল ভাৰতত সাম্ৰাজ্য স্থাপনত ব্যৰ্থ হলেও আধুনিক ভাৰতৰ ইতিহাসত গবীৰ প্ৰভাৱ এৰি থৈ গৈছে । ক) ভাৰতত ইউৰোপীয় শক্তিবোৰক শাসন প্ৰতিষ্ঠাৰ বাট পটুৰ্গীজসকলে দেখুৱাই গৈছে । চাচ ফৰাচী আৰু ইংৰাজসকলে পটুৰ্গীজৰ পদাংক অনুসৰণ কৰি ভাৰতত তেওঁলোকৰ শাসন প্ৰতিষ্ঠা কৰিছিল । পটুৰ্গীজসকলে ভাৰতত হিলৈ আৰু টোপ ব্যৱহাৰ কৰিছিল আৰু ভাৰতীয়সকলে ইয়াৰ ব্যৱহাৰ শিকিবলৈ আৰম্ভ কৰিছিল । পটুৰ্গীজসকলে ভাৰতীয় পথ আৱিস্কাৰ কৰাৰ ফলত সেই পথেৰে ভাৰতে ভাৰতৰ কটন বা কপাহী সামগ্ৰীয়ে পশ্চিম আফ্ৰিকা আৰু ব্ৰাজিলৰ নতুন বজাৰ লাভ কৰিছিল ।
৩। দ্বিতীয় কৰ্ণাটক যুদ্ধৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ ইংৰাজ আৰু ফৰাচীসকলৰ মাজত প্ৰথম সংঘাত আৰম্ভ হৈছিল কৰ্ণাটকত । কৰ্ণাটক নামত দাক্ষিণাত্যৰ নিজামৰ অধীন যদিও প্ৰকৃততে ই স্বাধীন আছিল । ১৭৩২ চনত কৰ্ণাটকৰ নবাব আছিল দোস্ত আলি । ১৭৩৬ চনত মাৰাঠাবোৰে কৰ্ণাটক আক্ৰমণ কৰিছিল । এই যুদ্ধত দোস্ত আলি খানৰ মৃত্যু হৈছিল আৰু জোৱাৱেক চান্দ চাহিবক বন্দী কৰি লৈছিল । তেতিয়া নিজামে আনোৱাৰউদ্দীনক কৰ্ণাটকৰ নবাব পাতিছিল । আনফালে ১৭৪৮ চনত মাৰাঠাসকলে চান্দ চাহিবক মুকলি কৰি দিয়াত আচফ-উদ-দৌল্লাৰো মৃত্যু হোৱাত নিজামৰ পুত্ৰ নাচিৰ জং নিজাম হৈছিল আৰু নিজামৰ নাতি মুজাফৰ জঙেও সিংহাসন দাবী কৰিলে । ফৰাচী গৱৰ্ণৰ ডুগ্লে ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছিল আৰু তেওঁ চান্দ চাহিব আৰু মুজাফৰ জঙৰ সৈতে এখন গোপন চুক্তি কৰি তেওঁলোকক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল । ১৭৪৯ চনত তিনি মিত্ৰশক্তিয়ে অম্বুৰ যুদ্ধৰ আনোৱাৰউদ্দিনক পৰাজয় কৰি হত্যা কৰিছিল । আনোৱাৰউদ্দিনৰ পুত্ৰ মহম্মদ মহম্মদ আলি ত্ৰিচিনপল্লীলৈ পলাই গৈছিল আৰু চান্দ চাহিব কৰ্ণাটকৰ নবাব হৈছিল ইয়াৰ পুৰস্কাৰস্বৰূপে চান্দ চাহিবে পণ্ডিচেৰীৰ চাৰিওফালে ৮০ খন গাওঁ ফৰাচীসকলক দান কৰিছিল ।
হায়দৰাবাদতো ফৰাচীসকল সফল হৈছিল । নাছিৰ জঙক বধ কৰা হৈছিল আৰু মুজাফৰ জং হায়দৰাবাদৰ নিজাম হৈছিল । মুজাফৰ জঙে পুৰস্কাৰস্বৰূপে ফৰাচী কোম্পানীক পণ্ডিচেৰীৰ কাষৰ অঞ্চলবোৰ আৰু বিখ্যাত নগৰ মছলিপট্টনম দান কৰিছিল । ইয়াৰ উপৰিও তেওঁ ফৰাচী কোম্পানীক পাচ লাখ টকা আৰু সৈন্য বাহিনীৰ খৰচ পাচ লাখ টকা দিছিল । ডুপ্লেক ২০ লাখ আৰু ১ লাখ টকা মূল্যৰ এখন জাগীৰ দান কৰিছিল । ডুপ্লে তেওঁৰ শ্ৰেষ্ঠ বিষয়া বুটক এটা সামৰিক বাহিনীসহ নিজামৰ ৰক্ষণাবেক্ষণ বা সুৰক্ষাৰ বাবে হায়দৰাবাদত ৰাখিছিল । কিন্তু মুজাফৰ জং ৰাজধানী অভিমুখে যাত্ৰা কৰা সময়তে দুৰ্ঘটনাক্ৰমে তেওঁৰ মৃত্যু হৈছিল । তেতিয়া বুচীয়ে নিজাম-উল-মূলকৰ তৃতীয় পুত্ৰ চালাবং জঙক সিংহাসনত বহুৱাইছিল । ইয়াৰ বিনিময়ত নতুন নিজামে ফৰাচীসকলক চাৰিখন জিলাক লৈ গঠিত উত্তৰ চৰকাৰ অৰ্পণ কৰিছিল । দক্ষিণ ভাৰতত এনেদৰে ফৰাচীসকলৰ আধিপত্য আৰু শক্তি বৃদ্ধি হৈছিল ।
.ফৰাচীসকলৰ এনে উত্থানত ইংৰাজসকল নীৰৱ দৰ্শক হৈ চাই থাকিব পৰা নাছিল । তেওঁলোকেও দাক্ষিণাত্যৰ পৰা ফযৰাচী প্ৰভাৱ নাইকিয়া কৰাৰ বাবে নিজৰ শক্তি বদ্ধিৰ বাবে নাজিৰ জং আৰু মহম্মদ আলিৰ সৈতে ষড়যন্ত্ৰ আৰম্ভ কৰিছিল । ১৭৫০ চনত ৰবাৰ্ট ক্লাইবে মহম্মদ আলিক লগত লৈ কৰ্ণাটকৰ ৰাজধানী আকৰ্ট দখল কৰিছিল । ফৰাচী বাহিনী পৰাজিত হৈছিল । আশাকৰা মতে চান্দ চাহিব আৰু ফৰাচী ্ বাহিনীয়ে ত্ৰিচিনপল্লীৰ অৱৰোধ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছিল । ইয়াৰ পিছতে তাঞ্জোৰৰ ৰজাৰ হাতত চান্দ চাহিবৰ মৃত্যু হৈছিল । ইয়াৰ ফলতে মহম্মদ আলি কৰ্ণাটকৰ অবিশ্বাসী শাসক হৈ পৰিছিল । পণ্ডিচেৰী আৰু গাংগীৰ বাহিৰে বাকী আন সকলো অঞ্চলৰ পৰা ফৰাচীসকলক উলিয়াই দিয়া হৈছিল । ডুপ্লে এই পৰাজয় মানি লব পৰা নাছিল । তেওঁ ফৰাচীসকলৰ হেৰোৱা গৌৰৱ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰা সময়তে হঠাতে ফৰাচী চৰকাৰে তেওঁক ওভোতাই দিছিল । তেওঁৰ উত্তৰাধিকাৰী গডেহুৱে ইংৰাজৰ সৈতে ১৭৫৫ চনত পণ্ডিচেৰী সন্ধি কৰিছিল আৰু এই চুক্তিমতে দুয়োটা কোম্পানীয়ে ভাৰতীয় ৰাজ্যবোৰৰ আভ্যন্তৰীণ ক্ষেত্ৰত হস্তক্ষেপ নকৰিবলৈ সন্মত হৈছিল । দুয়োটা কোম্পানীয়ে পৰস্পৰে পৰস্পৰৰ অঞ্চলবোৰ ঘুৰাই দিবলৈ সন্মত হৈছিল ।
৪। মাৰাঠা পতনৰ কাৰণসমূহ কি আছিল বহলাই লিখা ।
উত্তৰঃ মোগল সাম্ৰাজ্যৰ ভেটিত এখন শক্তিশালী সাম্ৰাজ্য গঢ়ি তোলা আৰু মোগল সম্ৰাটক তেওঁলোকৰ আধিপত্য স্বীকাৰ কৰিবলৈ বাধ্য কৰোৱা মাৰাঠাসকলে ইংৰাজৰ বিৰুদ্ধে থিয় দি বৰ্তি থাকিব পৰা নাছিল আৰু ৰাজনৈতিক স্থানৰ পৰা আতৰি যাব লাগিছিল । শিবাজীৰ প্ৰতিভা আৰু সামৰিক দক্ষতাৰ মাৰাঠা সাম্ৰাজ্যৰ ভেটি স্থাপন হৈছিল আৰু কিছু সময়ৰ বাবে পতনৰ মুখত পৰা মাৰাঠা সাম্ৰাজ্যক প্ৰথম বাজী ৰাওৱে পুনৰ সজীৱ কৰি তুলিছিল আৰু প্ৰায় ৪০ বছৰ ৰাজনৈতিক আধিপত্যৰ বাবে ব্ৰিটিছৰ সৈতে যুজ দিছিল । মাৰাঠাসকলৰ চৰিত্ৰ, মাৰাঠা ৰাজ্যৰ চৰিত্ৰ আৰু অসংখ্য ক্ৰটিৰ উপৰিও আন বহুতো নিশ্চিত কাৰণত মাৰাঠাসকলৰ পতন হৈছিল ।
ক) পানিপথৰ তৃতীয় যুদ্ধত পৰাজয় ঃ ১৭৬১ চনৰ পানিপথৰ তৃতীয় যুদ্ধত আহমেদ চাহ আবদালিৰ হাতত হোৱা পৰাজয়ে ক্ৰমবৰ্ধমান মাৰাঠা ৰাজ্যৰ বাধাৰ প্ৰাচীৰ হৈ পৰিছিল । এই আক্ৰমণৰ ফলত ধন, জন আৰু বহুতো নেতায়ে অকল হেৰাই যোৱা নাছিল, ইয়াৰ ফলত মাৰাঠা যৌথতন্ত্ৰৰ সদস্যসকলৰ ওপৰতো পেছৱাৰ আধিপত্য হ্ৰাস পাইছিল । অৱশ্যে মাৰাঠা বুৰঞ্জীবিদ চৰদেশাইয়ে মন্তব্য কৰিছে যে পানিপথৰ যুদ্ধ সাময়িক বাধাহে আৰু মাৰাঠাসকলে অতি কম দিনৰ ভিতৰতে তেওঁলোকৰ স্থান উদ্ধাৰ কৰিছিল । কিন্তু মাৰাঠাসকলৰ দুৰ্যোগৰ সময়তে ইংৰাজসকলে তেওঁলোকৰ স্থান শক্তিশালী কৰিছিল আৰু নতুন অঞ্চলৰ ওপৰত প্ৰভাৱ বৃদ্ধি কৰিছিল ।
খ) মাৰাঠা ৰাজ্যৰ যৌথতান্ত্ৰিক প্ৰকৃতিঃ মাৰাঠা সাম্ৰাজ্যখন এখন বিশাল সাম্ৰাজ্যও কিন্তু সু-সংঘবদ্ধ আছিল । ই যৌথতন্ত্ৰৰ দ্বাৰা পৰিচালিত আৰু কেইবাজনো মাৰাঠা নেতাই মাৰাঠা সাম্ৰাজ্যৰ ক্ষমতা ভাগ কৰি লৈছিল আৰু ক্ষমতাৰ অংশীদাৰ আছিল । মাৰাঠা যৌথতন্ত্ৰৰ গুৰুত্বপূৰ্ণ নেতাসকল আছিল হোলকাৰ, সিন্ধিয়া, গাইকোঁৱৰ আৰু ভোঞ্চলে । যদিও নামত পেছৱা মাৰাঠা যৌথতন্ত্ৰৰ মুৰব্বী আছিল, কিন্তু বাস্তৱত তেওঁ মাৰাঠা নেতাসকলৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাছিল । তাৰোপৰি মাৰাঠা নেতাসকলৰ মাজতো কোনোধৰণৰ সহযোগিতা আৰু বুজাবুজি নাছিল বৰং এজনে আনজনৰ বিৰুদ্ধে বিদেশী শক্তিকসহায়হে কৰিছিল । আনকি ৰাষ্ট্ৰীয় বা জাতীয় দুৰ্যোগৰ সময়তো তেওঁলোকে অসমতা আৰু মত পাৰ্থক্য পূৰ কৰি একগোট হব পৰা নাছিল । এইটো সৰ্বজন খ্যাত যে দ্বিতীয় ইংগ মাৰাঠা যুদ্ধৰ সময়ত হোলকাৰে ইংৰাজৰ বিৰুদ্ধে সিন্ধিয়া আৰু ভোঞ্চলেৰ সৈতে যোগদান কৰা নাছিল । মাৰাঠা নেতাসকলৰ একতাৰ অভাৱত ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকৰ এজন এজনকৈ পৰাজয় কৰাত সফল হৈছিল ।
গ) উপযুক্ত গোলণ্ডাজ সেনাৰ অভাব ঃ মাৰাঠাসকলে যুদ্ধত শক্তিশালী স্থায়ী গোলণ্ডাজ সেনা ব্যৱহাৰ কৰাৰ গুৰুত্ব উপলব্ধি কৰিব পৰা নাছিল । মাত্ৰ মহাদাজী সিন্ধিয়াই আধুনিক ৰণকৌশল অৱলম্বন কৰিছিল । তেওঁ ইউৰোপীয়ান পদ্ধতিত তেওঁৰ বাহিনীক প্ৰশিক্ষণ দিছিল আৰু গোলা-বাৰুদ তৈয়াৰ কৰাৰ বাবে তেওঁ ফেক্টৰীও নিৰ্মাণ কৰিছিল । অৱশ্যে তেওঁ এইবোৰৰ ক্ষেত্ৰত বিদেশী প্ৰশিক্ষকৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল আৰু এই প্ৰশিক্ষক্ষকসকলৰ ৰাজভক্তি সন্দেহৰ উৰ্ধত আছিল । একেদৰে পুনা চৰকাৰেও এটা গোলণ্ডাজ বিভাগ স্থাপন কৰিছিল কিন্তু ই সক্ৰিয়ভাৱে কাম কৰিব পৰা নাছিল । আনহাতে ইংৰাজসকলে শক্তিশালী গোলণ্ডাজ বাহিনী গঠন কৰিছিল আৰু ইয়াৰ সহায়ত মাৰাঠাসকলৰ দুৰ্গ দখল কৰাত সুবিধা হৈছিল ।
ঘ) উপযুক্ত নেতৃত্বৰ অভাৱ ঃ নিষ্ঠাবান আৰু ত্যাগী নেতৃত্বৰ অভাৱত মাৰাঠাসকলৰ পৰাজয় আৰু পতন হৈছিল । শিৱাজীৰ মৃত্যুৰ পাছত মাৰাঠাসকলে অতি দক্ষ আৰু ত্যাগী নেতা লাভ কৰা নাছিল । আনকি কম দক্ষতাসম্পন্ন নেতা মহাদাজী সিন্ধিয়া , জচোৱান্ত ৰাও হোলকাৰ, নানা ফান্দভিচ আদি নেতাসকলক মৃত্যুৱে আঁতৰাই নিছিল । সেয়েহে মাৰাঠাসকলৰ দুৰ্বলতাৰ বিষয়ে এনফিনষ্টোনে মন্তব্য কৰিছিল যে ব্ৰিটিছসকলৰ অতি সৌভাগ্য যে বাজীৰাও বা সিন্ধিয়া কোনোজনৰে এটা সংকটৰ মূহুৰ্তত সাহসেৰে থিয় দিব পৰা শক্তি আৰু চেতনা নাছিল । মাৰাঠাসকলৰ যুদ্ধত সফলতা লাভ কৰাৰ বাবে অস্ত্ৰ-শস্ত্ৰ, ধন, সেনা আদি প্ৰচুৰ পৰিমাণে আছিল যদিও উপযুক্ত নেতা নাছিল । দক্ষিণত বাজীৰাও আৰু উত্তৰত দৌলত ৰাও দুয়োজনেই তেওঁলোকৰ জাতিৰ বিশ্বাসঘাটক আছিল ।
ঙ) ভৌগোলিক জ্ঞানৰ অভাৱ ঃ মাৰাঠাসকলৰ কোনো ভৌগোলিক জ্ঞান নাছিল আৰু সামৰিক অভিযানৰ পূৰ্বে সাগৰৰ ভূগোল জনাৰ বাবে কোনো প্ৰচেষ্টা চলোৱা নাছিল । ইয়াৰ ফলত প্ৰায়ে তেওঁলোক বিভিন্ন সমস্যাৰ মুখামুখি হৈছিল । ভৌগোলিক দিশত তেওঁলোকৰ জ্ঞান সীমিত বাবে তেওঁলোকে অভিযানত আগবাঢ়িও নৈ আৰু পৰ্বতৰ বহু অভিযান বন্ধ কৰিছিল আৰু সামৰিক আচনি ব্যৰ্থ হৈছিল । এনেদৰে ভৌগোলিক অৱস্থানে মাৰাঠাসকলক সফল অভিযান চলোৱাত বাধা প্ৰদান কৰিছিল । আৰু আনহাতে ব্ৰিটিছসকলে ভাৰতৰ আৰু মাৰাঠা ৰাজ্যৰ সকলো জ্ঞানৰ শুদ্ধ জ্ঞান লাভ কৰিছিল । আৰু সেইদৰে কাৰ্যপন্থা গ্ৰহণ কৰি সফলতা লাভ কৰিছিল ।
Author_ Ali rani Kakati ( Ba in History Major)