প্ৰথম গোট
কথনগত দক্ষতা
ভাষা জ্ঞান, যতি জ্ঞান, উচ্চাৰণ
প্রশ্নাৱলী
অতি চমু প্রশ্নঃ
(১) অসমীয়া বর্ণমালা কেইপ্ৰকাৰৰ ?
উত্তৰ : অসমীয়া বর্ণমালা ২ কেইপ্ৰকাৰৰ ।
(২) স্বৰবৰ্ণমালা কেইটা?
উত্তৰ : স্বৰবৰ্ণমালা ১১ কেইটা।
(৩) উচ্চাৰণ কাক বোলে?
উত্তৰঃ আমি কথা কওঁতে হাওঁফাওঁৰ পৰা মুখেদি বা নাকেদি বায়ু বাহিৰলৈ ওলাই আহে। মুখেৰে কথা কওঁতে বায়ুৰ সোঁত, ওঁঠ আৰু জিভাৰ সঞ্চালন ঘটাৰ ফলত বিভিন্ন মাতৰ সৃষ্টি হয়।
(৪) ভাষা কাক বোলে?
উত্তৰঃ মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিবিলাক সাঙ্কেতিক ধ্বনি প্ৰয়োগ কৰে তাকে ভাষা বোলে ।
(৫) মহাপ্রাণ বর্ণ কি?
উত্তৰঃ বৰ্গৰ দ্বিতীয় আৰু চতুৰ্থ বৰ্ণ উচ্চাৰণ কৰোঁতে কণ্ঠনলীৰে ওলাই অহা বায়ু স্বৰতন্ত্ৰত ঘঁহনি খাই শ্বাস ওপজে সেয়েহে সিহঁতক মহাপ্ৰাণ বৰ্ণ বোলে।
(৬) ভাষাৰ কাৰ্য কি?
উত্তৰঃ ভাষাৰ কাৰ্য হৈছে মানুহৰ মনৰ ভাৱ, ধাৰণা আৰু তথ্য আদান প্ৰদান কৰা।
৭) মান্য ভাষা কি?
উত্তৰ : বিভিন্ন অঞ্চলত প্ৰচলিত উপভাষাসমূহ মাজেৰে এটা ভাষাই যেতিয়া অৰ্থনৈতিক, ৰাজনৈতিক আদি বিভিন্ন কাৰণত সকলো উপভাষা-ভাষীৰ মানুহে উমৈহতীয়া ভাষাৰূপে গ্ৰহণ কৰে, তাকে সাধু বা মান্য়ভাষা বোলে।
৮) প্রথম ভাষা কি?
উত্তৰঃ এটা শিশুৱে জীৱনত প্ৰথমবাৰৰ বাবে শিকা ভাষাক প্ৰথম ভাষা বোলে।
৯) স্বৰ প্ৰক্ষেপন কি?
উত্তৰ :
১০) কথিত ভাষা কাক বোলে?
উত্তৰঃ যিবোৰ ভাষাত কেৱল কথা-বতৰা পতা হয়, অৰ্থাৎ যিবোৰ ভাষাৰ লিপি নাথাকে, সেইবোৰ ভাষাক কথিত ভাষা বা মৌখিক ভাষা বোলে।
১১) ভাষিক দক্ষতা কি?
উত্তৰঃ
১২) যতি চিহ্ন কাক বোলে?
উত্তৰঃ মনৰ ভাব লিখি প্ৰকাশ কৰাৰ ক্ষেত্ৰত বাক্যবোৰৰ উপযুক্ত অৰ্থ প্ৰকাশৰ বাবে কিছুমান চিন বা চিহ্ন ব্যৱহাৰ কৰে তেনে চিহ্নক যতি চিহ্ন বোলে।
১৩) মাতৃভাষা বুলিলে কি বুজা?
উত্তৰঃ কান্দোতে কান্দোতে মানুহে যি ভাষাৰে হৃদয় দুৱাৰ মুকলি কৰে, নিজৰ দুঃখৰ কাহিনী বৰ্ণনা কৰি অন্তৰৰ তীব্ৰ পোৰণি জুৰাই পেলায়, সেয়াই তেওঁৰ মাতৃভাষা ।
১৪) স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনি কাক বোলে?
উত্তৰ :
১৫) ধ্বনি?
উত্তৰঃ মানুহে কথা বতৰা পাতোঁতে মুখেৰে বায়ুৰ সোঁতৰ সহায়ত যি মাত উলিয়ায়, সেই মাতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগ বা খণ্ডবোৰকে বাগধ্বনি বা চমুকৈ ধ্বনি বোলে।
১৬) ‘ভাষা’ শব্দটো সংস্কৃত ভাষাৰ কি শব্দৰ পৰা আহিছে?
উত্তৰঃ ‘ভাষা’ শব্দটো সংস্কৃত ভাষাৰ ধাতু শব্দৰ পৰা আহিছে।
১৭) ছন্দ যতি কাক বোলে?
উত্তৰঃ কবিতাত ছন্দৰ মাধুৰ্য দিবলৈ প্ৰতি পৰ্বৰ অন্তৰে অন্তৰে জিভাই যি বিৰাম চিহ্নৰ সহায় লয় আৰু ধ্বনি প্ৰৱাহৰ সাময়িক বিৰতিক ছন্দ যতি বোলে।
চমু প্রশ্নঃ
১) ভাষাৰ প্ৰধান কার্য কি কি?
উত্তৰঃ ভাষাৰ প্ৰধান কাৰ্যসমূহ হল-
(ক) তথ্যমূলক
(খ) অনুভূতিমূলক
(গ) পৰিৱেশমূলক
২) ভাষা বুলিলে কি বুজা?
উত্তৰঃ আদিম মানুহ যেতিয়া গুহাবাসী আছিল, সেই সময়ত তেওঁলোকৰ চিন্তাধাৰাৰো বিশেষ স্তৰ নাছিল। কিন্তু কালক্ৰমত মানুহৰ বিৱৰ্তন ঘটিল আৰু চিন্তা চৰ্চা কৰিবলৈ শিকিলে। চিন্তা কৰিবলৈ শিকাৰ লগে লগে সেই চিন্তাৰ প্ৰকাশ কৰিবলৈ এটি মাধ্যমৰ প্ৰয়োজন হল। সেই মাধ্যমেই ভাষা।
৩) অংগ সংকেত কি?
উত্তৰঃ কথাৰ লগত অংগ সঞ্চালনে বক্তাই কোৱা কথা খিনি সঠিক ৰূপত শ্ৰোতাৰ আগত দাঙি ধৰে। কথা কওঁতে আমি হাত মুখ চকু আদি সঞ্চালনৰ জৰিয়তেও কিছুমান ভাৱ প্ৰকাশ কৰোঁ। কাৰোবাক মাতিবলৈ হাত বাউলি মতা, হাত জোকাৰি বিদায় দিয়া, হাঁহি মাৰি সম্ভাষণ জনোৱা আদি এনে কিছুমান অংগ সংকেত।
৪) ভাব যতি আৰু শ্বাস যতি কাক বোলে?
উত্তৰঃ
৫) মহাপ্রাণ আৰু অল্প প্রাণ বর্ণ কাক বোলে?
উত্তৰ : বৰ্গৰ দ্বিতীয় আৰু চতুৰ্থ বৰ্ণ উচ্চাৰণ কৰোঁতে কণ্ঠনলীৰে ওলাই অহা বায়ু স্বৰতন্ত্ৰত ঘহঁনি খাই শ্বাস ওপজে সেয়েহে সিহঁতক মহাপ্ৰাণ বৰ্ণ বোলে। বৰ্গৰ প্ৰথম, তৃতীয় আৰু পঞ্চম বৰ্ণৰ উচ্চাৰণত শ্বাসৰ উৎপত্তি নহয় বাবে সিহঁতক অল্পপ্ৰাণ বৰ্ণ বোলে।
(৬) কথিত আৰু লিখিত ভাষা কাক বোলে?
উত্তৰঃ কথিত ভাষাঃ সাধাৰণতে বিভিন্ন অঞ্চলৰ মানুহৰ মুখে মুখে চলিত ভাষাই হৈছে কথিত ভাষা।যিবোৰ ভাষাত কেৱল কথা-বতৰা পতা হয়, অৰ্থাৎ যিবোৰ ভাষাৰ লিপি নাথাকে, সেইবোৰ ভাষাক কথিত ভাষা বা মৌখিক ভাষা বোলে।
লিখিত ভাষাঃ যিবোৰ ভাষাৰ লিপি থাকে অৰ্থাৎ কথা-বতৰা পতাৰ লগতে লিখা-মেলা কৰাতো যিবোৰ ভাষা ব্যৱহাৰ কৰা হয়, তাকে লিখিত ভাষা বোলে।
ৰচনাধৰ্মী প্রশ্নঃ
১) ভাষাৰ কথনগত দক্ষতাৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ
২) মান্য ভাষা কাক বোলে? উদাহৰণস্বৰূপে বুজাই লিখা।
উত্তৰঃ বিভিন্ন অঞ্চলত প্ৰচলিত উপভাষাসমূহ মাজেৰে এটা ভাষা যেতিয়া অৰ্থনৈতিক, ৰাজনৈতিক আদি বিভিন্ন কাৰণত সকলো উপভাষা-ভাষীৰ মানুহে উমৈহতীয়া ভাষাৰূপে গ্ৰহণ কৰে, সিয়ে সাধু বা মান্যভাষা হিচাপে স্বীকৃত হয়। সাধু বা মান্যভাষাৰ লিখিত ৰূপ থাকে আৰু ব্যাকৰণৰ নিয়মেৰে সিদ্ধ হয়। অসমীয়া মান্যভাষাটো আজিৰ পৰা প্ৰায় ডেৰশ বছৰৰ আগতে উজনিৰ শিৱসাগৰ অঞ্চলৰ উপভাষাৰ ভিত্তিত গঢ় লৈ উঠিছে। বৰ্তমান অৱশ্যে নামনিৰ কথিতভাষাৰ প্ৰভাৱো কিছু পৰিমাণে এই ভাষাটোত পৰিবলৈ লৈছে। উদাহৰণস্বৰূপে অসমৰ শিৱসাগৰৰ ওচৰে-পাঁজৰে প্ৰচলিত ভাষাটোৱে অসমীয়া মান্যভাষাৰ মৰ্যাদা লাভ কৰিছে। সেইদৰে ইংলেণ্ডৰ ৱাকিংহাম অঞ্চলত প্ৰচলিত ভাষাই মান্য ইংৰাজী ভাষা হিচাপে পৰিগণিত হৈছে।
৩) ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰ : ভাষাৰ বৈশিষ্ট্যসমূহ হল -
ক) ভাষা হল কণ্ঠধ্বনি
খ) ই এটা প্ৰণালী
গ) ই খণ্ডিত
ঘ) ইয়াৰ গঢ় বা চানেকী আছে।
ঙ) ভাষা এক প্ৰকাৰৰ সংকেত, ইয়াৰ আধাৰ ধ্বনি প্ৰতীক।
চ) ভাষা যাদৃচ্ছিক, অৰ্থাৎ ধ্বনি আৰু অৰ্থৰ মাজত কোনো সহজাত সম্বন্ধ নাই
ছ) ভাষা এটা সামাজিক আৰু ব্যক্তিগত পৰিঘটন।
জ) ভাষা হৈছে আচৰণ
ঝ) নিশিকাকৈ ভাষা আয়ত্ব কৰিব নোৱাৰি, ভাষাৰ ঘাই কাম হল বক্তাৰ ভাৱ শ্ৰোতাৰ ওচৰলৈ কঢ়িয়াই নিয়া। সেয়েহে ভাষা প্ৰয়োগৰ বাবে চেতনা আৰু বুদ্ধিৰ প্ৰয়োজন।
ঞ) ভাষাৰ ধ্বনি প্ৰত্যকবোৰ এটা বিশেষ অৰ্থতহে ব্যৱহাৰ হয়।
৪) মহাপ্ৰাণ আৰু অল্পপ্রাণ বৰ্ণৰ মাজত থকা পাৰ্থক্য লিখা।
উত্তৰ :
৫) যোগাযোগত ‘কলন, বন্ধনী, উদ্ধৃতি চিনৰ’ ব্যৱহাৰ কেনেদৰে কৰা হয় বুজাই লিখা।
উত্তৰঃ
৬)বানান শুদ্ধকৈ লিখিবলৈ হ'লে কি কি বিধি প্ৰয়োগ কৰিব লাগিব ?
উত্তৰঃ
৭) ধ্বনি বুলিলে কি বুজা? ধ্বনি কেনেকৈ সৃষ্টি হয় লিখা।
উত্তৰঃ মানুহে কথা বতৰা পাতোতে মুখেৰে বায়ুৰ সোঁতৰ সহায়ত যি মাত উলিয়ায়। সেই মাতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগ বা খণ্ডবোৰকে বাগধ্বনি বা চমুকৈ ধ্বনি বোলা হয়। আমি কথা কওঁতে হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু প্ৰাহিক মুখৰ ভিতৰত থকা তালুখনৰ বেলোগ ঠাইত আৰু ওঁঠত বাধা দিয়াৰ ফলত ধ্বনিৰ সৃষ্টি হয়।
৮) শুদ্ধ উচ্চাৰণৰ আৱশ্যকতা সম্পর্কে আলোচনা কৰা।
উত্তৰঃ শুদ্ধ উচ্চাৰণৰ আৱশ্যকতা হল -
(ক) শুদ্ধ উচ্চাৰণৰ অবিহনে ভাষাৰ সম্পূৰ্ণ জ্ঞান লাভ কৰিব নোৱাৰি। ভাষাৰ ধ্বনি জ্ঞান নাথাকিলে কথা কব পাৰিলেও ভাষাতত্ত্বৰ ৰীতিমতে বুজাত অসুবিধা হব।
(খ) শুদ্ধ উচ্চাৰণ কথনৰ আটাইতকৈ আৱশ্যকীয় অংশ। শুদ্ধ উচ্চাৰণত কথনত প্ৰাণস্পৰ্শ হয়।
(গ) ভূলকৈ শব্দ উচ্চাৰণ কৰিলে ভাষাই বিকৃত ৰূপ লোৱাৰ সম্ভাৱনা থাকে। আৰম্ভণিৰে পৰাই শুদ্ধ উচ্চাৰণৰ অভ্যাস কৰা উচিত।
(ঘ) ছাত্ৰ-ছাত্ৰীয়ে যদি ভাষা শিক্ষাৰ আৰম্ভণিতে ভূলকৈ উচ্চাৰণ কৰিবলৈ শিকে, তেন্তে জীৱনত সেইবিলাকে স্থায়ীৰূপ ধাৰণ কৰিব।
(ঙ) উপভাষাৰ প্ৰভাৱ নপৰে তাৰ বাবে উচ্চাৰণৰ বিশেষ শিক্ষা দিব লাগে।
৯) অসমীয়া ভাষাৰ উচ্চাৰণ সমস্যা সম্পর্কে আলোচনা কৰা।
উত্তৰঃ
১০) বাচিক লক্ষণৰ লগত জড়িত বিষয়সমূহ ৰ বিষয়ে আলোচনা কৰা।
১১) ভাব যতি আৰু শ্বাস যতি মাজত থকা পার্থক্যসমূহ লিখা।
উত্তৰ :
১২) শৰীৰ ভাষা সম্পৰ্কীয়ৰ লগত জড়িত বিষয়সমূহৰ বিষয়ে আলোচনা কৰা
উত্তৰঃ শৰীৰ ভাষা সম্পৰ্কীয়ৰ লগত জড়িত বিষয়সমূহ হল-
সাজসজ্জা- বক্তাৰ শৰীৰৰ বাহ্যিকৰূপ হল সাজ সজ্জা। সাজ সজ্জাই বক্তাৰ ব্যক্তিত্বত প্ৰভাৱ পেলায়। এই সাজ সজ্জাৰ ভিতৰত কেশ বিন্যাস। প্ৰসাধন আদিকো সামৰি লোৱা হয়।ব্যক্তিয়ে পৰিধান কৰা সাজ পোছাক দেখিয়েই তেওঁৰ প্ৰতি মনত এটা ধাৰণা জন্মে, মানসিকতাৰ এক সম্যক জ্ঞান লাভ কৰিব পাৰি।
দেহভংগীঃ বক্তাই কথা কওঁতে, বহোতে বা খোজ কাঢ়োতে প্ৰকাশ পোৱা দেহ ভংগিমাইও শ্ৰোতাৰ ওপৰত প্ৰভাৱ পেলায়। সাধাৰণতে আত্মবিশ্বাসেৰে সৈতে সহজভাৱে থিয় হৈ সহজভাৱে কোৱা কথাই শ্ৰোতাৰ মনে সহজে জয় কৰে।
অংগ সঞ্চালনঃ কথাৰ লগত অংগ সঞ্চালনে বক্তাই কোৱা কথা খিনি সঠিক ৰূপত শ্ৰোতাৰ আগত দাঙি ধৰে।
মুখভংগীঃ কথা কওঁতে আমি মুখেৰে মুখলৈ চায়েই শ্ৰোতাই আমাৰ ভাল লগা, বেয়া লগা, ভয়, আশ্চৰ্য, সন্দেহ, ঈৰ্ষা আদি মনোভাৱৰ উন্মান পায়। মুখমণ্ডলত সেই ভাৱ ফুটি উঠে। মৌখিক যোগাযোগাত এই মুখভংগী বা মুখ অভিব্যক্তিৰ গুৰুত্ব অসীম।
চাক্ষুস অভিব্যক্তিঃ চকুত মনৰ ভাৱ প্ৰতিফলিত হয়। চকুত চকু থৈ কথা কব পাৰিলেহে বক্তাই শ্ৰোতাৰ মনোযোগে আকৰ্ষণ কৰিব পাৰে। চকুত চকু থৈ কথা কব নোৱাৰাটো হীনমন্যতাৰ চিন। হাঁহি, দুখ, আশ্চৰ্য আদিৰ ভাৱ বক্তাৰ চকুতেই পঢ়িব পাৰি।
কণ্ঠস্বৰঃ কথা কওঁতে কণ্ঠস্বৰে বিশেষ ভূমিকা পালন কৰে। কণ্ঠস্বৰ শুনিয়েই ব্যক্তিক আমি চিনি পাব পাৰো, তেওঁৰ মনৰ অৱস্থা সম্পৰ্কে মানিব পাৰো। কিছুমান মানুহ জন্মগত ভাৱেই সুকণ্ঠৰ অধিকাৰী হয়।
১৩) ভাষাৰ প্ৰধান কামসমূহ কি কি আলোচনা কৰা?
উত্তৰঃ ভাষাৰ প্ৰধান কামসমূহ হল - মানুহৰ মনৰ ভাব, ধাৰণা আৰু তথ্য আদান প্ৰদানত সহায় কৰাৰ লগতে বাহিৰৰ জগতৰ লগত সম্পৰ্ক ৰক্ষা কৰাত সহায় কৰা। ভাষাৰ বিভিন্ন কাৰ্য আছে, কিন্তু ইয়াক প্ৰধানকৈ তিনিটা কাৰ্যত ভাগ কৰা হৈছে। যেনে তথ্যমূলক, অনুভূতিমূলক আৰু পৰিৱেশমূলক।
১৪) ভাষাৰ শুদ্ধ উচ্চাৰণ সম্পর্কে আলোচনা কৰা।
উত্তৰঃ ১) উচ্চাৰণ শুদ্ধ কৰাৰ প্ৰথম আৰু প্ৰধান উপায় হৈছে ধ্বনি বিজ্ঞানৰ অধ্যয়ন। ধ্বনি বিজ্ঞানত ধ্বনি সমূহৰ উচ্চাৰণৰ সবিশেষ বৰ্ণনা থাকে। সেয়েহে ধ্বনি বিজ্ঞানৰ জ্ঞানে উচ্চাৰণৰ শুদ্ধতা নিৰ্ণয় কৰে।
২) মনৰ সংকোচ, ভয়, আবেগ আদিক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলো ভাষাৰ উচ্চাৰণ শুদ্ধ নহয়। গতিকে হীনমন্যতা বা নীচাত্মিকা বোধ ত্যাগ কৰি, মনক সবল কৰি নিজৰ শুদ্ধ কৰিব লাগে।
৩) বাক্যৰ যতি, বিৰাম, উচিতভাৱে প্ৰয়োগ কৰি উচ্চাৰণ কৰিব লাগে। যদি বিৰামে একেলেথাৰিয়ে কৰা উচ্চাৰণৰ বাবে জন্মা ক্লান্তি দূৰ কৰে। সেয়েহে ইহঁতৰ উপযুক্ত প্ৰয়োগে শুদ্ধ উচ্চাৰণত সহায় কৰে।
১৫) কথোপকথনৰ মাধ্যম ভাষা'— ব্যাখ্যা কৰা।
উত্তৰঃ ভাষাৰ দ্বাৰা মানুহক নিজৰ মনৰ ভাৱ, চিন্তা, অনুভৱক সম্পূৰ্ণভাৱে প্ৰকাশ কৰে। ভাষাৰ ৰূপ দুটা লিখিত আৰু কথিত। আমি দৈনন্দিন জীৱনত কথা বতৰাত কথিত ভাষাটো ব্যৱহাৰ কৰো। ভাষাই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বুজা বুজিৰ সৃষ্টি কৰে, শান্তি সম্প্ৰতি স্থাপন কৰি ঐক্য আৰু সংহতিৰ বান্ধোন সুদৃঢ় কৰে। কথোপকথন হৈছে ভাৱ প্ৰকাশৰ সহজ পদ্ধতি। কথোপকথনৰ জৰিয়তে মানুহে নিজকে আত্মপ্ৰকাশ কৰে। সমাজ পাতি বসবাস কৰোতে সকলোৱে মনৰ ভাব আদান-প্ৰদান কৰে। মনৰ সৃষ্টি হোৱা ভাবৰাশি প্ৰকাশ কৰিব নোৱাৰিলে মানুহৰ চিন্তা বুদ্ধিৰ বিকাশ নহয়। এজন আনজনক মনৰ ভাববোৰ বুজাবলৈ ভাষাৰ প্ৰয়োজন হয়। সেইবাবে কোৱা হয় কথোপকথনৰ মাধ্যম ভাষা।
১৬) শুদ্ধ উচ্চাৰণৰ দোষৰ কাৰণ উল্লেখ কৰা ?
উত্তৰঃ (ক) মানুহ সদায় অনুকৰণপ্ৰিয়। আনহাতে মানুহৰ কথা বতৰাৰ ওপৰত পৰিবেশে প্ৰভাৱ পেলায়। যদিহে ঘৰত বা কৰ্মথলীত সদায় অশুদ্ধ উচ্চাৰণ শুনি থকা হয়, তেন্তে নিজৰ অলম্বিতে সেই অশুদ্ধ উচ্চাৰণে মানুহৰ ওপৰত প্ৰভাৱ পেলায়। এইদৰে পিতৃ-মাতৃ, আত্মীয় স্বজন, ওচৰ চুবুৰীয়া, বন্ধু বান্ধৱ আদিৰ দোষমুক্ত উচ্চাৰণৰ অনুকৰণত মানুহে অশুদ্ধ উচ্চাৰণ কৰে। আজিকালি টি. ভি. বা আন কোনো দৃশ্য শ্ৰব্য মাধ্যমত অসমীয়া ভাষাৰ ভুল প্ৰয়োগ লাহে লাহে অসমীয়া সমাজখনলৈও বিয়পি পৰিছে। ই অসমীয়া ভাষাৰ স্বৰূপ সলনি কৰিছে।
(খ) যত্নৰ অভাৱঃ বহুক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীয়ে একোটা শব্দৰ সম্পূৰ্ণকৈ শুদ্ধ উচ্চাৰণ কৰিবলৈ যত্ন নকৰে। বেছিভাগে সংক্ষিপ্তভাৱে উচ্চাৰণ কৰে, যাৰ ফলত উচ্চাৰণত দোষ থাকি যায়।
(গ) শিক্ষকৰ অযোগ্যতাঃ শিক্ষকৰ উচ্চাৰণ সদায় শুদ্ধ আৰু আদৰ্শগত হব লাগে। শিক্ষকজনৰ উচ্চাৰণ শুদ্ধ নহলে, ছাত্ৰ-ছাত্ৰীৰ উচ্চাৰণ কেতিয়াও শুদ্ধ নহয়।
(ঘ) নীৰৱ পঠনঃ শুদ্ধ উচ্চাৰণৰ বাবে সদায় সৰৱ পঠন প্ৰয়োজনীয়, নীৰৱ পঠনৰ ফলত উচ্চাৰণ শুদ্ধ হয়।
(ঙ) দোষপূৰ্ণ অভ্যাসঃ ছাত্ৰ-ছাত্ৰীৰ দোষপূৰ্ণ পঠন অভ্যাসৰ ফলত শুদ্ধ উচ্চাৰণ নহয়। বহুক্ষেত্ৰত দেখা যায় মানুহৰ মনত থকা নীচাত্মিকাবোধৰ বাবে ভাষাটোৰ শুদ্ধ উচ্চাৰণ ত্যাগ কৰি মানুহে অশুদ্ধ উচ্চাৰণ অভ্যাস কৰে।
১৭) উচ্চাৰণৰ ভিন্নতাৰ সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ সকলো ভাষাৰে উচ্চাৰণৰ কিছু বিশেষত্ব আছে। সাধাৰণতে ভাষা উচ্চাৰণত ভৌগোলিক প্ৰভাৱ পৰে। তাৰোপৰি আন ৰাজ্যৰ ভাষাৰ প্ৰভাৱেও উচ্চাৰণত প্ৰভাৱ পেলায়। উদাহৰণ স্বৰূপে ভাৰতৰ আন বহু ৰাজ্যৰ ভাষাৰ দৰেই অসমীয়া ভাষাটোও সংস্কৃতৰ পৰাই ওলাইছে। কিন্তু অসমীয়াৰ উচ্চাৰণ আন আন আৰ্যসম্ভূত ভাষাৰ সৈতে একে নহয়। অসমৰ প্ৰকৃতি তথা অনাৰ্য ভাষাৰ প্ৰভাৱে অসমীয়া উচ্চাৰণত এক নহয়। অসমৰ প্ৰকৃতি তথা অনাৰ্য ভাষাৰ প্ৰভাৱে অসমীয়া উচ্চাৰণত এক বিশেষত্ব প্ৰদান কৰিছে। অসমীয়া উচ্চাৰণ যেন ভাষাটোত লাগি থকা দেও। দেও লগা অসমীয়া ভাষাৰ শুদ্ধ উচ্চাৰণে মানুহৰ দেহ প্ৰাণ জুৰ পেলায়। ভাষা কওঁতে উচ্চাৰণ শুদ্ধ নহলে সেই শান্তি অনুভৱ কৰিব নোৱাৰি। ভাষা কওঁতে সদায় উচ্চাৰিত ভাষা স্পষ্ট আৰু মধুৰ হব লাগে। শুদ্ধ উচ্চাৰণৰ আৱশ্যকতা আছে।
১৮) কথোপকথনৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ কথোপকথনৰ বৈশিষ্ট্যসমূহ হল-
১) কথাৰ জৰিয়তে বক্তাই নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ সমৰ্থ হব লাগে। সেয়েহে বক্তাই কোৱা কথা শুনোতাই বুজি পোৱা হব লাগে।
২) কথাৰ জৰিয়তে বক্তাই শুনোতাক প্ৰভান্বিত কৰিব পাৰিব লাগে। বক্তাৰ কথা প্ৰভাৱশালী নহলে সেই কথাৰ দ্ধাৰা কাৰ্য সিদ্ধি হয়।
৩) কথোপখন স্বাভাৱিক আৰু সৰল হব লাগে। কথাত কেতিয়াও শ্লেষ ব্যংগ বা ইতিকিঙৰ ভাৱ প্ৰকাশ হব নালাগে।
৪) কথা কওঁতে বক্তাই স্থান কাল পাত্ৰ সম্পৰ্কে সচেতন হব লাগে। কথা অনুযায়ী স্বৰ, মুখৰ অংগী-ভংগী, অংগ সঞ্চালন আদি হব লাগে। উদাহৰণস্বৰূপে আদেশ, অনুৰোধ, বৰ্ণনা আদিত আমি ভিন ভিন সুৰ প্ৰয়োগ কৰোঁ।
৫) কথা কওঁতে প্ৰয়োজন মতে যথাযথ ঠাইত জোৰ দিব লাগে। উদাহৰণস্বৰূপে ভাত খোৱা, এই বাক্যটোত আমি ভাত শব্দটোত জোৰ দিলে বেলেগ অৰ্থ প্ৰকাশ কৰিব, সেইদৰে খোৱা শব্দটোত জোৰ দিলে আন এক অৰ্থ প্ৰকাশিত হব।
৬) কথা কওঁতে সামাজিক শিষ্ঠতা ৰক্ষা কৰিব লাগে। সামাজিক শিষ্টতা সভ্যতাৰ চিন, সেয়েহে কথা কওঁতে ভদ্ৰ অমায়িক হোৱা উচিত।
৭) মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাইঁ মন্ত্ৰ। অৰ্থাৎ মধুৰ কথ বতৰা আচৰণৰ মূল কথা। সেয়েহে কথা বতৰা সদায় মধুৰ হব লাগে। হুটামাত সদায় বৰ্জনীয়। কথাতে কয় নহয় ভাতৰ তিতা সহিব পাৰি, মাতৰ তিতা সহিব নোৱাৰি।
৮) কথোপকথনৰ ভাষা শুদ্ধ হব লাগে। সেইদৰে উচ্চাৰণো শুদ্ধ হব লাগে। কথাত অপ্ৰয়োজনীয় দ্ৰুত গতি থাকিব নালাগে।
১৯) উচ্চাৰণ কিদৰে শুদ্ধ কৰিব পাৰি বুজাই লিখা।
উত্তৰঃ ১) উচ্চাৰণ শুদ্ধ কৰাৰ প্ৰথম আৰু প্ৰধান উপায় হৈছে ধ্বনি বিজ্ঞানৰ অধ্যয়ন। ধ্বনি বিজ্ঞানত ধ্বনি সমূহৰ উচ্চাৰণৰ সবিশেষ বৰ্ণনা থাকে। সেয়েহে ধ্বনি বিজ্ঞানৰ জ্ঞানে উচ্চাৰণৰ শুদ্ধতা নিৰ্ণয় কৰে।
২) মনৰ সংকোচ, ভয়, আবেগ আদিক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলো ভাষাৰ উচ্চাৰণ শুদ্ধ নহয়। গতিকে হীনমন্যতা বা নীচাত্মিকা বোধ ত্যাগ কৰি, মনক সবল কৰি নিজৰ শুদ্ধ কৰিব লাগে।
৩) বাক্যৰ যতি, বিৰাম, উচিতভাৱে প্ৰয়োগ কৰি উচ্চাৰণ কৰিব লাগে। যদি বিৰামে একেলেথাৰিয়ে কৰা উচ্চাৰণৰ বাবে জন্মা ক্লান্তি দূৰ কৰে। সেয়েহে ইহঁতৰ উপযুক্ত প্ৰয়োগে শুদ্ধ উচ্চাৰণত সহায় কৰে।
চমুটোকা লিখা :
১) স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনি
উত্তৰঃ
২) মাতৃভাষা
উত্তৰ ঃএকোখন সমাজত প্ৰচলিত ভাষাকে সন্তানে পিতৃ-মাতৃৰ মুখৰপৰা শিকে। শিশু অৱস্থাতে সেই ভাষাই সন্তানৰ ভাৱ-চিন্তা আদিক পৰিচালিত কৰিবলৈ লয়। মাতৃৰ মুখৰ পৰা শিশুয়ে যি ভাষা স্বাভাৱিকভাৱে শিকে তাকেই মাতৃভাষা বোলে। অসমীয়া লোকসকলৰ মাতৃভাষা অসমীয়া। জাতিৰ পিতা মহাত্মা গান্ধীৰ মতে- 'কেচুৱাৰ শাৰীৰিক বিকাশৰ কাৰণে মাকৰ গাখীৰ যিমান প্ৰয়োজন, মানুহৰ মানসিক বিকাশৰ বাবে মাতৃভাষাৰো সিমানেই প্ৰয়োজন।
৩) উচ্চাৰণ
উত্তৰঃ কথা কওঁতে উচ্চাৰণ স্পষ্ট আৰু শুদ্ধ হব লাগে। উচ্চাৰণ বিভ্ৰাট হলে অৰ্থৰ সলনি হয়। শুদ্ধ আৰু স্পষ্ট উচ্চাৰণ কমনৰ বিশেষ গুণ।
৪) কথিত আৰু লিখিত ভাষা
উত্তৰঃ কথিত ভাষাঃ সাধাৰণতে বিভিন্ন অঞ্চলৰ মানুহৰ মুখে মুখে চলিত ভাষাই হৈছে কথিত ভাষা। উদাহৰণ স্বৰূপে অসমৰ বিভিন্ন অঞ্চলত প্ৰচলিত কথিত ভাষাসমূহলৈ আঙুলিয়াব পাৰি। সকলো ভাষাৰে লিপি নাথাকে। যিবোৰ ভাষাত কেৱল কথা-বতৰা পতা হয়, অৰ্থাৎ যিবোৰ ভাষাৰ লিপি নাথাকে, সেইবোৰ ভাষাক কথিত ভাষা বা মৌখিক ভাষা বোলে। যিবোৰ ভাষাৰ লিপি থাকে অৰ্থাৎ কথা-বতৰা পতাৰ লগতে লিখা-মেলা কৰাতো যিবোৰ ভাষা ব্যৱহাৰ কৰা হয়, তাকে লিখিত ভাষা বোলে।
৫) মান্য ভাষা
উত্তৰঃ বিভিন্ন অঞ্চলত প্ৰচলিত উপভাষাসমূহ মাজেৰে এটা ভাষাই যেতিয়া অৰ্থনৈতিক, ৰাজনৈতিক আদি বিভিন্ন কাৰণত সকলো উপভাষা-ভাষীৰ মানুহে উমৈহতীয়া ভাষাৰূপে গ্ৰহণ কৰে, সিয়ে সাধু বা মান্য়ভাষা হিচাপে স্বীকৃত হয়। সাধু বা মান্যভাষাৰ লিখিত ৰূপ থাকে আৰু ব্যাকৰণৰ নিয়মেৰে সিদ্ধ হয়। অসমীয়া মান্যভাষাটো আজিৰ পৰা প্ৰায় ডেৰশ বছৰৰ আগতে উজনিৰ শিৱসাগৰ অঞ্চলৰ উপভাষাৰ ভিত্তিত গঢ় লৈ উঠিছে। বৰ্তমান অৱশ্যে নামনিৰ কথিতভাষাৰ প্ৰভাৱো কিছু পৰিমাণে এই ভাষাটোত পৰিবলৈ লৈছে।
৬) ভাষা আহৰণ
৭) অঘোষ আৰু সঘোষ বর্ণ
উত্তৰঃ বৰ্গীয় বা স্পৰ্শ বৰ্ণৰ প্ৰতিটো বৰ্গৰে প্ৰথম আৰু দ্বিতীয় বৰ্ণ বোৰ অঘোষ আৰু তৃতীয়, চতুৰ্থ আৰু পঞ্চম বৰ্ণবোৰ সঘোষ বৰ্ণ। অঘোষবৰ্ণৰ উচ্চাৰণত স্বৰতন্ত্ৰী কঁপি নুঠে।
৮) নাসিক্য বর্ণ
উত্তৰঃ ম ন ণ ঞ ঙ- এইকেইটা নাসিক্য বৰ্ণ। ইহঁতৰ উচ্চাৰণ কৰোঁতে নাকেৰে মুখৰ ভিতৰৰ বায়ু উলিয়াই দিয়া হয়। ঙ, ঞ আৰু ণ এইকেইটা নাসিক্য বৰ্ণেৰে অসমীয়া ভাষাত কোনো শব্দ আৰম্ভ নহয়।
৯) মুখভংগী
উত্তৰঃ কথা কওঁতে আমি মুখেৰে মুখলৈ চায়েই শ্ৰোতাই আমাৰ ভাল লগা, বেয়া লগা, ভয়, আশ্চৰ্য, সন্দেহ, ঈৰ্ষা আদি মনোভাৱৰ উন্মান পায়। মুখমণ্ডলত সেই ভাৱ ফুটি উঠে। মৌখিক যোগাযোগত এই মুখভংগী বা মুখ অভিব্যক্তিৰ গুৰুত্ব অসীম।
১০) বাগ্ধ্বনি আৰু বৰ্ণ
উত্তৰঃ মানুহে কথা বতৰা পাতোঁতে মুখেৰে বায়ুৰ সোঁতৰ সহায়ত যি মাত উলিয়ায়, সেই মাতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগ বা খণ্ডবোৰকে বাগধ্বনি বা চমুকৈ ধ্বনি বোলে। ভাষাৰ ধ্বনি বুজোৱা সেই চিন বা আখৰকে বৰ্ণ বোলে।
১১) উচ্চাৰণৰ ভিন্নতা
উত্তৰ : উচ্চাৰণৰ ভিন্নতা বোৰ হল -
(ক) শুদ্ধ উচ্চাৰণৰ অবিহনে ভাষাৰ সম্পূৰ্ণ জ্ঞান লাভ কৰিব নোৱাৰি। ভাষাৰ ধ্বনি জ্ঞান নাথাকিলে কথা কব পাৰিলেও ভাষাতত্ত্বৰ ৰীতিমতে বুজাত অসুবিধা হব।
(খ) শুদ্ধ উচ্চাৰণ কথনৰ আটাইতকৈ আৱশ্যকীয় অংশ। শুদ্ধ উচ্চাৰণত কথনত প্ৰাণস্পৰ্শ হয়।
(গ) ভূলকৈ শব্দ উচ্চাৰণ কৰিলে ভাষাই বিকৃত ৰূপ লোৱাৰ সম্ভাৱনা থাকে। আৰম্ভণিৰে পৰাই শুদ্ধ উচ্চাৰণৰ অভ্যাস কৰা উচিত।
(ঘ) ছাত্ৰ-ছাত্ৰীয়ে যদি ভাষা শিক্ষাৰ আৰম্ভণিতে ভূলকৈ উচ্চাৰণ কৰিবলৈ শিকে, তেন্তে জীৱনত সেইবিলাকে স্থায়ীৰূপ ধাৰণ কৰিব।
(ঙ) উপভাষাৰ প্ৰভাৱ নপৰে তাৰ বাবে উচ্চাৰণৰ বিশেষ শিক্ষা দিব লাগে।
১২) দেহভংগী
উত্তৰঃ বক্তাই কথা কওঁতে, বহোতে বা খোজ কাঢ়োতে প্ৰকাশ পোৱা দেহ ভংগিমাইও শ্ৰোতাৰ ওপৰত প্ৰভাৱ পেলায়। সাধাৰণতে আত্মবিশ্বাসেৰে সৈতে সহজভাৱে থিয় হৈ সহজভাৱে কোৱা কথাই শ্ৰোতাৰ মন সহজে জয় কৰে।
১৩) টেলিফোনিক বার্তালোপ
উত্তৰঃ আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অন্যতম আশীৰ্বাদ হল টেলিফোন। টেলিফোনত কথা-বতৰা পাতি আমি ভাৱ বিনিময় কৰোঁ। অৱশ্যে টেলিফোনিক বাৰ্তালাপ সাধাৰণতে দীঘলীয়া সময় জুৰি নহয়। টেলিফোনত কথা বতৰা পাতোতে বক্তা আৰু শ্ৰোতাই ইজনে সিজনক নেদেখে। ভি ডি অ' কল কৰোতে দুয়োজনে দেখা পায় যদিও সেয়াও ফটফটীয়া নহয়। গতিকে টেলিফোনত শাৰীৰিক অংগ সঞ্চালনৰ জৰিয়তে ভাৱ অধিক স্পষ্ট কৰিব নোৱাৰি। সেয়া সম্ভৱ হয় মুখামুখী বাৰ্তালাপতহে। সেয়ে টেলিফোনত কথা বতৰা পাতোতে কণ্ঠস্বৰ স্পষ্ট হোৱা প্ৰয়োজন।
১৪) কথোপকথন
উত্তৰঃ ব্যক্তিৰ বিকাশ হয় সমাজৰ কাঠামোত। সমাজ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে। ব্যক্তি আৰু সমাজৰ মাজত সংযোগ স্থাপন কৰে কথা বতৰাই। সমাজৰ বিভিন্ন ব্যক্তিৰ লগত মানুহে কথা বতৰাৰ যোগেদি মনৰ ভাৱৰ আদান প্ৰদান ঘটায়। তাক সহজেই অনুমান কৰিব পাৰি। কথা বতৰাই মানুহৰ দৈনন্দিন জীৱনৰ প্ৰয়োজন, মনৰ চালিকা শক্তি, সামাজিক যোগাযোগৰ মাধ্যম তথ্য মানসিক উৎকৰ্ষ সাধনৰ উপায়।
মানুহে ঘাঁইকৈ নিজৰ কামৰ কাৰণে, নিজৰ ভাৱ ব্যক্ত কৰাৰ উদ্দেশ্য, আৰু আনক প্ৰভাৱান্বিত কৰিবলৈ কথা কয়। ব্যৱহাৰিক জীৱনত সকলো কাম ভাষা তথা কথাৰ মাধ্যমেৰেই হয়।
১৫) উচ্চাৰণৰ দোষ
উত্তৰ : উচ্চাৰণৰ দোষৰ কাৰণবোৰ হল -
(ক) মানুহ সদায় অনুকৰণপ্ৰিয়। আনহাতে মানুহৰ কথা বতৰাৰ ওপৰত পৰিবেশে প্ৰভাৱ পেলায়। যদিহে ঘৰত বা কৰ্মথলীত সদায় অশুদ্ধ উচ্চাৰণ শুনি থকা হয়, তেন্তে নিজৰ অলম্বিতে সেই অশুদ্ধ উচ্চাৰণে মানুহৰ ওপৰত প্ৰভাৱ পেলায়। এইদৰে পিতৃ-মাতৃ, আত্মীয় স্বজন, ওচৰ চুবুৰীয়া, বন্ধু বান্ধৱ আদিৰ দোষমুক্ত উচ্চাৰণৰ অনুকৰণত মানুহে অশুদ্ধ উচ্চাৰণ কৰে। আজিকালি টি. ভি. বা আন কোনো দৃশ্য শ্ৰব্য মাধ্যমত অসমীয়া ভাষাৰ ভুল প্ৰয়োগ লাহে লাহে অসমীয়া সমাজখনলৈও বিয়পি পৰিছে। ই অসমীয়া ভাষাৰ স্বৰূপ সলনি কৰিছে।
(খ) যত্নৰ অভাৱঃ বহুক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীয়ে একোটা শব্দৰ সম্পূৰ্ণকৈ শুদ্ধ উচ্চাৰণ কৰিবলৈ যত্ন নকৰে। বেছিভাগে সংক্ষিপ্তভাৱে উচ্চাৰণ কৰে, যাৰ ফলত উচ্চাৰণত দোষ থাকি যায়।
(গ) শিক্ষকৰ অযোগ্যতাঃ শিক্ষকৰ উচ্চাৰণ সদায় শুদ্ধ আৰু আদৰ্শগত হব লাগে। শিক্ষকজনৰ উচ্চাৰণ শুদ্ধ নহলে, ছাত্ৰ-ছাত্ৰীৰ উচ্চাৰণ কেতিয়াও শুদ্ধ নহয়।
(ঘ) নীৰৱ পঠনঃ শুদ্ধ উচ্চাৰণৰ বাবে সদায় সৰৱ পঠন প্ৰয়োজনীয়, নীৰৱ পঠনৰ ফলত উচ্চাৰণ শুদ্ধ হয়।
(ঙ) দোষপূৰ্ণ অভ্যাসঃ ছাত্ৰ-ছাত্ৰীৰ দোষপূৰ্ণ পঠন অভ্যাসৰ ফলত শুদ্ধ উচ্চাৰণ নহয়। বহুক্ষেত্ৰত দেখা যায় মানুহৰ মনত থকা নীচাত্মিকাবোধৰ বাবে ভাষাটোৰ শুদ্ধ উচ্চাৰণ ত্যাগ কৰি মানুহে অশুদ্ধ উচ্চাৰণ অভ্যাস কৰে।
অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ
(১) উত্তৰ-পূৰ্বাঞ্চলৰ এটি মুখ্য ভাষা কি ?
উত্তৰঃ- উত্তৰ-পূৰ্বাঞ্চলৰ এটি মুখ্য ভাষা হ'ল- অসমীয়া ভাষা ।
(২) কিহৰ মাজেদি অসমীয়া ভাষাৰ উৎপত্তি হৈছে ?
উত্তৰঃ- ভাৰতীয় আৰ্য ভাষাৰ ৰূপান্তৰ মাজেদি অসমীয়া ভাষাৰ উৎপত্তি হৈছে ।
(৩) ভাৰতীয় আৰ্য ভাষাৰ প্ৰাচীন লিখিত ৰূপটো কি আছিল ?
উত্তৰঃ- ভাৰতীয় আৰ্য ভাষাৰ প্ৰাচীন লিখিত ৰূপটো আছিল- সংস্কৃত ।
(৪) সংস্কৃত ভাষাৰ বিৱৰ্তন ঘটি কি কি ভাষাৰ সৃষ্টি হয় ?
উত্তৰঃ- সংস্কৃত ভাষাৰ বিৱৰ্তন ঘটি পালি আৰু প্ৰাকৃত ভাষাৰ সৃষ্টি হয় ।
(৫) অসমীয়া ভাষাৰ গঠনত কেইটা দিশ লক্ষ্য কৰা দেখা যায়, আৰু কি কি ?
উত্তৰঃ- অসমীয়া ভাষাৰ গঠনত দুটা দিশ লক্ষ্য কৰা দেখা যায়, আৰু সেইকেইটা হ'ল-
(ক) নিজস্ব বা মৌলিক ৰূপ আৰু
(খ) সংস্কৃতীয়া ৰূপ ।
(৬) ভাৰতবৰ্ষত আৰ্যসকলৰ আগমন কিমান শতিকাত ঘটিছিল ?
উত্তৰঃ- ভাৰতবৰ্ষত আৰ্যসকলৰ আগমন অনুমানিক খ্ৰীষ্টপূৰ্ব পোন্ধৰশ শতিকাত ঘটিছিল ।
(৭) 'কেন্তম' শাখাৰ অন্তগৰ্ত প্ৰধান শাখাসমূহ কি কি ?
উত্তৰঃ- 'কেন্তম' শাখাৰ অন্তগৰ্ত প্ৰধান শাখাসমূহ হ'ল- গ্ৰীক, টোখাৰীয়, কেলটীয়, ইটালীয় আৰু জাৰ্মানীয় ।
(৮) ইণ্ডো- ইৰাণীয়ৰ শাখাৰ প্ৰধান উপশাখা কেইটা ?
উত্তৰঃ- ইণ্ডো- ইৰাণীয়ৰ শাখাৰ প্ৰধান উপশাখা তিনিটা ।
(৯) কোনখন বেদৰ ভাষাই প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ নিৰ্দশন ?
উত্তৰঃ- 'ঋকবেদ'ৰ ভাষাই প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ নিৰ্দশন ।
(১০) প্ৰাকৃত ভাষাৰ যুগ বুলি কেতিয়া কোৱা হয় ?
উত্তৰঃ- মধ্য ভাৰতীয় আৰ্য ভাষাৰ সময়ছোৱাক প্ৰাকৃত ভাষাৰ যুগ বুলিও কোৱা হয় ।
(১১) ভাষাৰ ৰূপ কেইটা আৰু কি কি ?
উত্তৰঃ- ভাষাৰ ৰূপ দুটা । সেইকেইটা হ'ল- কথিত আৰু লিখিত ।
(১২) বৈষ্ণৱ যুগৰ মূল সাহিত্যিক দুজনৰ নাম কি ?
উত্তৰঃ- বৈষ্ণৱ যুগৰ মূল সাহিত্যিক দুজনৰ নাম হ'ল- মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ ।
(১৩) জীৱশ্ৰেষ্ঠ মানুহৰ শ্ৰেষ্ঠ সম্পদ কি ?
উত্তৰঃ- জীৱশ্ৰেষ্ঠ মানুহৰ শ্ৰেষ্ঠ সম্পদ হ'ল ভাষা ।
(১৪) ভাষাৰ প্ৰাথমিক কাৰ্য কি ?
উত্তৰঃ- ভাষাৰ প্ৰাথমিক কাৰ্য হৈছে মানুহৰ মনৰ ভাব ।
(১৫) ভাষাক প্ৰধানকৈ কেইটা কাৰ্যত ভাগ কৰা হৈছে, আৰু কি কি ?
উত্তৰঃ- ভাষাক প্ৰধানকৈ তিনিটা কাৰ্যত ভাগ কৰা হৈছে, আৰু সেইবোৰ হ'ল- তথ্যমূলক, অনুভূতিমূলক আৰু পৰিৱেশমূলক ।
(১৬) তৎসম শব্দ কাক বোলে আৰু কি কি ?
উত্তৰঃ- যিবোৰ শব্দ সংস্কৃতৰ দৰে আৱিকৃত ৰূপত অসমীয়া ভাষাত ব্যৱহাৰ কৰা হয়, সেইবোৰ শব্দক তৎসম শব্দ বোলে । যেনেঃ- বৈষ্ণৱ, চন্দ্ৰ, সূৰ্য, সুন্দৰ, মৃত্যু বষভ, গুৰু শিষ্য ইত্যাদি ।
(১৭) অৰ্ধতৎসম শব্দ কাক বোলে আৰু কি কি ?
উত্তৰঃ- কিছুমান তৎসম শব্দৰ সংযুক্ত ব্যঞ্জনবৰ্ণৰ মাজত স্বৰবৰ্ণ সুমুৱাই সৰল কৰি অসমীয়া ভাষাত ব্যৱহাৰ কৰা হয়, তাকে অৰ্ধতৎসম শব্দ বোলে । যেনেঃ-
ভক্তি ----- ভকতি , প্ৰীতি ----- পিৰিতি , স্নেহ ----- চেনেহ , শষ্য ----- শইচ ইত্যাদি ।
(১৮) তদ্ভৱ শব্দ কাক বোলে আৰু কি কি ?
উত্তৰঃ- সংস্কৃতৰ পৰা পালি, প্ৰাকৃত, অপভ্ৰংশৰ মাজেৰে সৰকি আহি বিৱৰ্তন ঘটি যিবোৰ শব্দ অসমীয়া ভাষাত সোমাইছেহি সিহঁতক তদ্ভৱ শব্দ বোলে । যেনেঃ-
দশ ----- দহ , হস্তী ----- হাতী , ৰজত ----- ৰূপ , সত্য ----- সঁচা , দৰ্পণ ----- দাপোণ , স্বৰ্ণ ----- সোণ ইত্যাদি ।
Answered by - Leena Kakati
0 Comments