Chapter: 1

 মনোবিজ্ঞান আৰু শিক্ষা


প্ৰশ্নাৱলী


১। চমুকৈ লিখা (Write shortly)

(ক) অন্তঃপ্রেক্ষণ পদ্ধতি Introspective Method.

উত্তৰঃ 

(খ) পৰীক্ষণ পদ্ধতি Experimental Method

উত্তৰঃ পৰীক্ষণ পদ্ধতি আচৰণ অধ্যয়নৰ এক বৈজ্ঞানিক আৰু বস্তুনিষ্ঠ পদ্ধতি।পৰীক্ষণ কাৰ্য পৰীক্ষাগাৰৰ নিয়ন্ত্ৰিত পৰিবেশত সম্পাদনা কৰা হয়।মানৱ আছৰণসমূহ অধিক বিজ্ঞানসন্মত আৰু প্ৰণালীবদ্ধভাৱে অধ্য়য়ন কৰিবৰ বাবে বৰ্ত্তমানে মনোবিজ্ঞানৰ পৰীক্ষাগাৰ স্থাপন কৰা হৈছে। পৰীক্ষণৰ সংজ্ঞা দি কব পাৰি যে নিৰীক্ষণ কাৰ্যক যে্তিয়া নিয়ন্ত্ৰিত পৰিবেশত সম্পাদন কৰা হয় তাকেই পৰীক্ষণ পদ্ধতি বোলে। ব্য়ক্তিৰ আচৰণক প্ৰভাৱিত কৰিব পৰা বাহ্য়িক পৰিবেশৰ গতিশীল আৰু পৰিবৰ্ত্তনীয় কাৰকসমূহ নিয়ন্ত্ৰিত কৰি এক উপযুক্ত পৰিবেশ গঢি তোলা হয়। আচৰণৰ নিৰীক্ষণ যাতে শুদ্ধ, যথাৰ্থ আৰু নিৰ্ভৰযোগ্য় হয় তাৰ বাবে এক সচেতন, নিয়ন্ত্ৰিত আৰু প্ৰণালীবদ্ধ প্ৰচেষ্টা চলোৱা হয়।পৰীক্ষা পদ্ধতি সম্পাদন কৰিবৰ বাবে পূৰ্ব পৰিকল্পিত আঁচনি উন্নত আৰু উপযুক্ত সামগ্ৰীৰ প্ৰয়োজন হয়।     

(গ) পর্যবেক্ষণ পদ্ধতি Observation Method.

উত্তৰঃ শিক্ষা মনোবিজ্ঞানৰ এই পদ্ধতিত মানুহৰ বাহ্য়িক ক্ৰিয়া-আচৰণ নিৰীক্ষণকাৰীয়ে সম্পূৰ্ণ সচেতনতাৰে নিৰীক্ষণ কৰে। ব্যক্তিমনৰ আবেগ, অনুভূতি, অভিজ্ঞতা আদি তেওঁৰ বাহ্যিক ক্ৰিয়া আচৰণত প্ৰতিফলিত হয়। এনে আচৰণ পৰকল্পিত তথা প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰি নিৰ্ভৰযোগ্য তথ্য পাব পৰা যায়। অস্পষ্ট আৰু উদ্দেশ্যবিহীন নিৰীক্ষণ প্ৰকৃতাৰ্থত বিজ্ঞানসন্মত নিৰীক্ষণ হ’ব নোৱাৰে। নিৰীক্ষণৰ বাবে অধ্যয়নৰ বিষয়বস্তু  স্পষ্ট কৰি লৈ প্ৰয়োজনীয় ক্ৰিয়া-আঁচনি প্ৰস্তুত কৰিব লাগে। নিৰীক্ষণৰ পৰিস্থিতি, সময় প্ৰতিক্ৰিয়া পদ্ধতি আধি পূৰ্বেই সঠিকভাৱে পৰিকল্পনা কৰিব ল’ব লাগে। 

২। মনোবিজ্ঞান বুলিলে কি বুজা?

What do you mean by psychology?

উত্তৰঃ মনোবিজ্ঞান হৈছে মন আৰু আচৰণৰ বৈজ্ঞানিক অধ্যয়ন। মনোবিজ্ঞানীসকল মানসিক প্ৰক্ৰিয়া, মস্তিষ্কৰ কাৰ্যকলাপ আৰু আচৰণ অধ্যয়ন আৰু বুজাত সক্ৰিয়ভাৱে জড়িত।

৩। মনোবিজ্ঞান আৰু শিক্ষাৰ মাজত থকা সম্বন্ধ বর্ণনা কৰা।

State the relationship between psychology and education.

উত্তৰঃ শিক্ষা আৰু মনোবিজ্ঞানৰ বিষয়বস্তু একে নহয়। শিক্ষাৰ বিষয় বস্তু সমাজমুখী। শিক্ষা বিষয়ৰ সমস্য়াসমূহ সমাধানৰ ক্ষেত্ৰত অতীত, বৰ্ত্তমান আু ভৱিষ্যতৰ লগত জড়িত দিশসমূহ ইয়াত সামগ্ৰিকভাৱে বিচাৰ বিবেচনা কৰা হয়। আনহাতে মনোবিজ্ঞানৰ বিষয়বস্তু ব্য়ক্তিমুখী। মানৱ আচৰণৰ বিভিন্ন দিশ, দৈহিক, মানসিক যোগ্য়তা, ক্ষমতা, স্মৃতি, চিন্তন বুদ্ধি আধি বিষয় সমূহৰ প্ৰত্য়ক্ষ আৰু প্ৰণালীবদ্ধভাৱে অধ্য়য়ণ কৰা হয়। আচৰণৰ বিজ্ঞান হিচাপে মনোবিজ্ঞান সম্পূৰ্ণৰূপে এক বস্তুনিষ্ঠ বিজ্ঞান।  

গতিকে দেখা যায় যে দুয়োটা বিষয়ৰ মাজত এনে কেতবোৰ পাৰ্থক্য় পৰিলক্ষিত হ'লেও কেৱল ইয়াৰদ্বাৰা দুয়োটা বিষয়ক পৰস্পৰ বিৰোধী বুলি কৰিব পৰা নাযায়।

শিক্ষা আৰু মনোবিজ্ঞানৰ মাজত যদিও কিছু মৌলিক পাৰ্থক্য় পৰিলক্ষিত হয়, দুয়োটা বিশ্লেষণ কৰি চালে দেখা যায় যে শিক্ষা আৰু মনোবিজ্ঞানৰ মাজত এক লক্ষণীয় আৰু ঘনিষ্ঠ সম্বন্ধ আছে। 


৪। পৰীক্ষণ পদ্ধতিৰ দুটা গুণ লিখা।

Write two merits of experimental method.

উত্তৰঃ পৰীক্ষণ পদ্ধতিৰ দুটা গুণ হৈছে- সমস্য়াৰ উত্থাপন আৰু প্ৰকল্প নিৰ্ধাৰণ।

৫। 'Psycho' আৰু 'Logos' শব্দৰ অর্থ কি?

What is the meaning of word 'psycho' and 'Logos'?

উত্তৰঃ  "Psycho" শব্দৰ অৰ্থ হৈছে 'আত্মা' আৰু "Logos" শব্দৰ অৰ্থ হৈছে বিজ্ঞান বা বিজ্ঞান সন্মত অধ্যয়ন।

৬ | অন্তঃপ্রেক্ষণ পদ্ধতিৰ দুটা দোষ লিখা।

Write two limitation of introspection method.

উত্তৰঃ অন্তঃপ্ৰেক্ষণ পদ্ধতিৰ দুটা দোষ হৈছে- সংগ্ৰহ কৰা তথ্য প্ৰমাণিত কৰিব নোৱাৰি আৰু তথ্য অত্য়ন্ত ব্য়ক্তিগত।

৭। আধুনিক শিক্ষা মনােবিজ্ঞানৰ পিতৃস্বৰূপ কোন?

Who is the father of modern psychology?

উত্তৰঃ আধুনিক শিক্ষা মনোবিজ্ঞাৰ পিতৃস্বৰূপ হৈছে উইলহেলম্ উন্দ। 

৮। শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ সম্বন্ধে আলোচনা কৰা।

উত্তৰঃ পৰ্য্যবেক্ষণ পদ্ধতিঃ শিক্ষা মনোবিজ্ঞানৰ এই পদ্ধতিত মানুহৰ বাহ্য়িক ক্ৰিয়া-আচৰণ নিৰীক্ষণকাৰীয়ে সম্পূৰ্ণ সচেতনতাৰে প্ৰত্য়ক্ষভাৱে নীৰিক্ষণ কৰে। ব্য়ক্তিমনৰ আভেগ, অনুভূতি, অভিজ্ঞতা আদি তেওংৰ বাহ্য়িক ক্ৰিয়া আচৰণত প্ৰতিফলিত হয়। এনে আচৰণ পৰিকল্পিত তথা প্ৰণালীবদ্ধভাৱে অধ্য়য়ন কৰি নিৰ্ভৰযোগ্য় তথ্য পাব পৰা যায়। অস্পষ্ট আৰু উদ্দেশ্যবিহীন নিৰীক্ষণ বিজ্ঞানসন্মত নীৰিক্ষণ হ'ব নোৱাৰে। নিৰীক্ষণৰ বাবে অধ্য়য়নৰ বিষয়বস্তু স্পষ্ট কৰি লৈ প্ৰয়োজনীয় ক্ৰিয়া-আচনি প্ৰস্তুত কৰিব লাগে। নিৰীক্ষণৰ পৰিস্থিতি, সময় প্ৰতিক্ৰিয়া পদ্ধতি আধি পূৰ্বেই সঠিকভাৱে পৰিকল্পনা কৰি লব লাগে। উল্লেখযোগ্য যে পৰ্যবেক্ষণৰ বৈধতা আৰু নিৰ্ভৰযোগ্য়তাৰ বাবে চাৰিটা ক্ৰিয়া পৰ্যায় বিবেচিত কৰা হয়। এই পৰ্যায় কেইটা তলত দিয়া ধৰণে কৰিব পাৰি। 

৯। শিক্ষা মনােবিজ্ঞানৰ প্রকৃতি সম্পর্কে লিখা।

Write the nature of educational psychology.

উত্তৰঃ  শিক্ষা মনোবিজ্ঞানে শিক্ষাৰ্থীৰ শিক্ষা সম্পৰ্কীয় বিভিন্ন সমস্যা, আচৰণ আৰু শিক্ষা প্ৰক্ৰিয়াৰ উন্নতি সাধনৰ বিজ্ঞানসন্মত অধ্যয়ন কৰে। এই ক্ষেত্ৰত শিক্ষা-মনোবিজ্ঞানৰ কেতবোৰ প্ৰকৃতি পৰিলক্ষিত হোৱা দেখা যায়। যেনে –

১০। সমাজ বিজ্ঞান (A Social Science) : যদি শিক্ষা মনোবিজ্ঞানে ব্য়ক্তিৰ শিক্ষা মনোবিজ্ঞানৰ দিশৰ আলোচনা কৰে, তথাপিও ইয়াৰ ফলাফল সমাজত অন্য় শ্ৰেণীৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিব পাৰি।

১১। এক প্ৰায়োগিক বিজ্ঞান (An Applied Science): শিক্ষা মনোবিজ্ঞান এক প্ৰায়োগিক বিজ্ঞান। মনোবিজ্ঞানক নীতি, লক্ষ্য়, আদৰ্শ, পদ্ধতি আদি কেনেকৈ প্ৰয়োগ কৰিব পাৰি আদি সম্পৰ্কে শিক্ষা মনোবিজ্ঞানে নিৰ্ধাৰণ কৰে। শিক্ষা মনোবিজ্ঞানৰ সহায়ত মনোবিজ্ঞানৰ অতৰ্গত সকলো বিষয় বিজ্ঞানসন্মতভাৱে প্ৰয়োগ কৰিব পাৰি।

১২। শিক্ষা বিজ্ঞান (A Educational Science) : শিক্ষা মনোবিজ্ঞানে কেৱল শিক্ষা সম্পৰ্কীয় দিশৰ আলোচনা কৰে, সমস্য়া, শিক্ষা, পৰিবেশ, অধ্য়য়ন কৰাটোৱেই ইয়াৰ অন্য়তম উদ্দেশ্য।

১৩। প্ৰত্য়ক্ষ বিজ্ঞান (A Positive Science) : শিক্ষা মনোবিজ্ঞান প্ৰত্য়ক্ষ মনোবিজ্ঞান। শিক্ষা মনোবিজ্ঞানে শিক্ষা সম্পৰ্কীয় যথাৰ্থ ঘটনা কেনেকৈ আছে তেনেকৈয়ে অধ্য়য়ন কৰে। উদাহৰণস্বৰূপে শিশুৰ আচৰণ যেনেকৈ আছে তেনেকৈ বিচাৰ কৰে। কোনো মন্তব্য় অথবা নিৰ্দিষ্ট বিচাৰবাণী আঘনবঢ়ায়। শিশুৰ প্ৰকৃতি কি হোৱা উচিত বা কেনেকুৱা হোৱা উচিত এই সম্পৰ্কে কোনো মতামত প্ৰদান কৰে। 

১৪। এক শৈক্ষিক অনুশাসন (A Academic Discipline) : শিক্ষা মনোবিজ্ঞানে মানুহৰ আচৰণৰ ওপৰত আলোচনা কৰি তাৰ তথ্য, জ্ঞান বা প্ৰণালীসমূহৰ তাত্ত্বিক ব্য়ৱহাৰত গুৰুত্ব দিয়ে। সেয়েহে শিক্ষা মনোবিজ্ঞান প্ৰকৃতাৰ্থত এক শৈক্ষিক অুশাসন।

১৫। শ্রেণীকক্ষৰ সমস্যা সমাধানত শিক্ষকে শিক্ষা মনোবিজ্ঞানৰ কিদৰে প্ৰয়োগ কৰিব পাৰে?

How can a teacher use educational psychology in solving classroom problems?

উত্তৰঃ মনোবৈজ্ঞানিক চিন্তাধাৰাৰ সহায়ত শিক্ষকসকলে শ্ৰেণীকোঠাৰ সমস্য়া সমাধানৰ বাবে বিভিন্ন গৱেষণামূলক কাৰ্য গ্ৰহণ কৰিব পাৰে।

১৬। পর্যবেক্ষণ পদ্ধতিৰ দুটা ভাগ উল্লেখ কৰা।

Write two types of observation method.

উত্তৰঃ পৰ্যবেক্ষণৰ পদ্ধতিৰ দুটা ভাগ হৈছে- সহযোগী পৰ্যবেক্ষণ আৰু অসহযোগী পৰ্যবেক্ষণ।

১৭। কাৰ্যমূলক বিজ্ঞান (A Practical Science) : শিক্ষা মনোবিজ্ঞানে বৰ্ত্তমানৰ পৰিস্থিতিৰ সৈতে সঙ্গতি ৰাখি শিক্ষাৰ্থীৰ আচৰণৰ সমস্য়াসমূহৰ অধ্য়য়ন কৰে। শিক্ষা মনোবিজ্ঞান ব্য়ৱহাৰ উপযোগী আৰু কাৰ্যমূলক।

১৮। বৃদ্ধি আৰু বিকাশৰ বিজ্ঞান (A Growing and Developing Science) : শিক্ষা মনোবিজ্ঞানে অবিৰতভাৱে মানুহৰ আচৰণ সম্পৰ্কে গৱেষণাত ব্য়স্ত। সেয়ে শিক্ষা মনোবিজ্ঞান চিৰ বৃদ্ধিশীল আু চিৰ বিকাশশীল।

১৯। শিক্ষা মনোবিজ্ঞান কি ? শিক্ষা মনােবিজ্ঞানৰ লক্ষ্যবােৰ কি কি?

What is educational psychology? What are its aims?

উত্তৰঃ শিক্ষা মনোবিজ্ঞান হৈছে মনোবিজ্ঞানৰ এক প্ৰায়োগিক শাখা। মনোবিজ্ঞানৰ নীতি, সূত্ৰ আৰু কৌশল সমূহৰ শিক্ষণীয় ব্য়ৱস্থাত প্ৰয়োগ কৰণেই হৈছে শিক্ষা মনোবিজ্ঞান। শিক্ষা মনোবিজ্ঞানৰ লক্ষ্য়বোৰ হৈছে- সাধাৰণ মনোবিজ্ঞানৰ দ্বাৰা স্থাপিত সূত্ৰ, তথ্য প্ৰণালী আদিৰ দৰে মনোবিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত প্ৰযোজ্য। শিক্ষা মনোবিজ্ঞানৰ উদ্দেশ্য হ'ল শিক্ষাগত পৰিৱেশত শিক্ষাৰ্থীসকলক মানসিক তথ্য প্ৰয়োগ কৰি উন্নত কৰাৰ চেষ্টা কৰা। 

২০। শিক্ষা মনোবিজ্ঞানৰ প্ৰয়োজন আৰু গুৰুত্ব বিষয়ে আলোচনা কৰা।

Discuss the need and importance of educational psychology.

উত্তৰঃ আধুনিক শিক্ষা বিজ্ঞানমুখী হৈ অহাৰ লগে লগে মনোবিজ্ঞানৰ নীতি নিৰ্দেশনাসমূহ শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ প্ৰয়োজনীয়তাক যথেষ্ঠ গুৰুত্ব সহকাৰে লোৱা হৈছে। শিক্ষাৰ পৰিবেশত মনোবিজ্ঞানৰ নীতি বা ধাৰমাসমূহ ফলপ্ৰসুভাৱে প্ৰয়োগ কৰা আৰু মনোবিজ্ঞানৰ এক দায়িত্বপূৰ্ণ কাৰ্য। প্ৰত্যক্ষ বিজ্ঞান হিচাপে মনোবিজ্ঞানৰ কাম হৈছে ছাত্ৰ-ছাত্ৰী সন্মুখীন হোৱা বিভিন্ন সমস্য়াৰ প্ৰণালীবদ্ধ আৰু বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰা আৰু সমস্যা সমাধানৰ প্ৰয়োজনীয় দিক নিৰ্দেশনা প্ৰদান কৰা।এক উপযুক্ত শিক্ষণ পৰিৱেশ সৃষ্টি কৰাত শিক্ষা মনোবিজ্ঞানৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শিক্ষা মনোবিজ্ঞানে শিক্ষা কেনেদৰে প্ৰদান কৰিব লাগে, পৰিৱেশ কেনেদৰে সৃষ্টি কৰিব লাগে, শিক্ষাক কেনেদৰে লক্ষ্য কৰিব লাগে তাৰ সকলো দিশ সামৰি লয়।

২১। শিক্ষা মনোবিজ্ঞানৰ যিকোনা দুটা পদ্ধতিৰ বিষয়ে ব্যাখ্যা কৰা৷

Explain any two methods of educational psychology.

উত্তৰঃ

২২। শিক্ষা মনােবিজ্ঞানক কিয় প্রয়ােগিক বিজ্ঞান বুলি কোৱা হয়?

Why educational psychology is called applied psychology?

উত্তৰঃ মনোবিজ্ঞানক নীতি, লক্ষ্য়, আদৰ্শ, পদ্ধতি আদি কেনেকৈ প্ৰয়োগ কৰিব পাৰি আদিসম্পৰ্কে শিক্ষা মনোবিজ্ঞানে নিৰ্ধাৰণ কৰে। সেইকাৰণে শিক্ষা মনোবিজ্ঞানক প্ৰয়োগিক বিজ্ঞান বুলি কোৱা হয়।

২৩। মনোবিজ্ঞানৰ ইংৰাজী প্রতিশব্দ 'Psychology' শব্দটো কোনটো ভাষাৰপৰা উৎপত্তি হৈছে?

What is the derivative word of English term 'Psychology'?

উত্তৰঃ মনোবিজ্ঞানৰ ইংৰাজী প্ৰতি শব্দ 'Psychology' শব্দটো গ্ৰীক ভাষাৰপৰা উৎপত্তি হৈছে।



Author: Chinmay Kakati