প্ৰথম গোট


শংকৰদেৱৰ সাহিত্যৰ পৰিচয় আৰু পটভূমি 


১। ব্ৰহ্মৰ সন্ধান দিয়া মানৱ মুক্তিৰ পথ কি কৰি তোলা?

উত্তৰঃ প্ৰশস্ত কৰি তোলা। 

২। তামিল প্ৰদেশত এই  আলৱাৰসকলেই কি ৰ্ধম প্ৰচাৰ কৰিছিল?

উত্তৰঃ ভক্তি ৰ্ধম প্ৰচাৰ কৰিছিল। 

৩। শ্ৰীশঙ্কৰাচাৰ্যৰ কিমান চনত জন্ম হৈছিল?

উত্তৰঃ ৭৮৮ চনত জন্ম হৈছিল। 

৪। শ্ৰীচৈতন্য়দেৱ উত্তৰ-পূৱ ভাৰতৰ লএজনা কি বৈষ্ণৱ গুৰু?

উত্তৰঃ এজনা স্বনামধন্য় বৈষ্ণৱ গুৰু। 

৫। অসমত নৱ-বৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোতা কোন আছিল?

উত্তৰঃ শঙ্কৰদেৱ আছিল। 

৬। ভক্তি আন্দোলনৰ ঢৌৱে ভাৰতবৰ্ষ কি কৰি তুলিছিল?

উত্তৰঃ প্লাৱিত কৰি তুলিছিল।

৭। ড° বিমল মজুমদাৰদেৱে উপস্থাপন ৰীতিৰ ওপৰত ভিত্তি কৰি মূলতঃ কেইটা ভাগত ভাগ কৰিছে?

উত্তৰঃ তিনিটা ভাগত ভাগ কৰিছে। .

৮। কীৰ্ত্তন ঘোষাত মুঠ কেইটা স্বতন্ত্ৰ কাহিনী আছে?

উত্তৰঃ সাতাইশটা স্বতন্ত্ৰ কাহিনী আছে। 

৯। মহাপুৰুষ মাধৱদেৱৰ কাক শ্ৰেণীৰ ভক্তি সাহিত্য় বুলি ক'ব পাৰি?

উত্তৰঃ 'নামঘোষা'ক শ্ৰেণীৰ ভক্তি সাহিত্য় বুলি ক'ব পাৰি। 

১০। মাধৱদেৱে আৰু শিষ্য়-প্ৰশিষ্য়সকলে ৰচনা কৰা নাটবোৰক কি নাট বোলে?

উত্তৰঃ অঙ্কীয়া নাট বোলে। 

১১। আলোকপাত কৰিবলৈ হ'লে কাৰ আশ্ৰয় ল'বলগা হয়?

উত্তৰঃ 'চৰিত পুথি'বোৰৰ আশ্ৰয় ল'বলগা হয়। 

১২। কিমান শকৰত কাৰ্ত্তিক সংক্ৰান্তিক অমাৱস্য়া তিথিত বৃহস্পতিবাৰে মাজ নিশা হৈছিল?

উত্তৰঃ ১৩৭১ শকৰত। 

১৩। শঙ্কৰদেৱে পিতৃ-মাতৃক হেৰুৱাই বুঢ়ীমাক খেৰসূতীৰ যত্নত কি হয়। 

উত্তৰঃ ডাঙৰ-দীঘল হয়। 

১৪। কিমান জন সঙ্গী লৈ ভাৰতবৰ্ষৰ বিভিন্ন তীৰ্থস্থান, ধৰ্মস্থান ভ্ৰমণ কৰে?

উত্তৰঃ ১৭ জন সঙ্গী লৈ। 

১৫। আহোম ৰাজ্য়ত শঙ্ককৰদেৱৰ ধৰ্ম প্ৰচাৰৰ পথ ইমান কি নাছিল?

উত্তৰঃ নিষ্কণ্টক নাছিল। 

১৬। হৰিশ্চন্দ্ৰ উপাখ্য়ান মহাপুৰুষ শঙ্কৰদেৱৰ কে নম্বৰ ৰচনা?

উত্তৰঃ প্ৰথম ৰচনা। 

১৭। ৰজা চণ্ডালৰ ওচৰত কি গ'ল আৰু কি হৈ থাকিল?

উত্তৰঃ বিক্ৰী গ'ল আৰু দাস হৈ থাকিল। 

১৮। বৈষ্ণৱ ভাৱ বিশ্বাসৰ উপযোগী কৰি অলপ ইফাল-সিফাল কৰি কি দিছে?

উত্তৰঃ কাব্য়ৰূপ দিছে। 

১৯। সৰ্প দংশনত পুত্ৰৰ অকাল মৃত্য়ু প্ৰভূতি চিত্তদ্ৰবী কি সৃষ্টি কৰিছে? 

উত্তৰঃ কাহিনীৰ সৃষ্টি কৰিছে। 

২০। মূল পুৰাণত কাহিনীৰ পাতনি তৰা হৈছে কি কথাৰে?

উত্তৰঃ মৃগায়ৰ কথাৰে।

২১। কবীৰদাসে প্ৰচাৰ কৰা নিৰ্গুণ ভক্তি পিছলৈ গৈ প্ৰচাৰ কৰে ?

উত্তৰঃ ‘গুৰুনানক

২২। কৃষ্ণ ভক্ত সকলৰ ভিতৰত স্মৰণযোগ্য আছিল ?

উত্তৰঃ মীৰাবাই

২৩। অসমৰ নৱ-বৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোতা আছিল ?

উত্তৰঃ শংকৰদেৱ

২৪। ভাৰতীয় ভক্তি সাহিত্যত মীৰাবাই ৰচনা কৰিছিল ?

উত্তৰঃ ভজন

২৫। উত্তৰ-পূৱ ভাৰতৰ এজনা স্বনামধন্য বৈয্ণৱ গুৰু আছিল ?

উত্তৰঃ শ্ৰীচৈতন্যদেৱ

২৬। শংকৰদেৱৰ প্ৰচলিত বৰগীত কেইটা ?

উত্তৰঃ ৩৪টা

২৭। মাধৱদেৱৰ প্ৰচলিত বৰগীত কেইটা ?

উত্তৰঃ ১৫৭টা

২৮। মহাপুৰুষ শঙ্কৰদেৱৰ প্ৰথম ৰচনা ?

উত্তৰঃ হৰিশ্চন্দ্ৰ

২৯। শঙ্কৰী যুগ অসমীয়া সাহিত্যৰ কি যুগ ?

উত্তৰঃ স্বৰ্ণযোগ

৩০। কিমান চনত ৰজা বিশ্বসিংহৰ মৃত্যু হৈছি়ল ?

উত্তৰঃ ১৫৪০

৩১। গীতৰ ভিতৰত কি উল্লেখযোগ্য ?

উত্তৰঃ বৰগীত আৰু ভটিমা 

৩২। আলৱাৰ শব্দটো তামিল ভাষাত কিহক বুজায়?

উত্তৰঃ আলৱাৰ শব্দটো তামিল ভাষাত বাৰজন বৈষ্ণৱ ভক্তক বুজায়।

৩৩। ৰামচৰিত মানস কাৰ ৰচনা? 

উত্তৰঃ ৰামচৰিত মানস তুলসীদাসৰ ৰচনা ।

৩৪। ভক্তি আন্দোলন কেতিয়া হৈছিল? 

উত্তৰঃ ভক্তি আন্দোলন নৱম শতিকাৰ পৰা পঞ্চদশ শতিকালৈ হৈছিল ।

৩৫। শংকৰদেৱৰ ভক্তিতত্ত্ব পুথি এখনৰ নাম লিখা। 

উত্তৰঃ শংকৰদেৱৰ ভক্তিতত্ত্ব পুথি এখনৰ নাম হ'ল ভক্তি ৰত্নাকৰ ।

৩৬। শংকৰদেৱৰ নাটৰ সংখ্যা কিমান?

উত্তৰঃ শংকৰদেৱৰ নাটৰ সংখ্যা ৬ খন ।

৩৭। শংকৰদেৱৰ নাম প্রসঙ্গ পুথি কেইখন ?

উত্তৰঃ শংকৰদেৱৰ নাম প্ৰসঙ্গ পুথি ২ খন ।

৩৮। শংকৰদেৱৰ প্ৰথম ৰচনা কি? 

উত্তৰঃ হৰিশ্চন্দ্ৰ উপাখ্যান শংকৰদেৱৰ প্ৰথম ৰচনা ।

৩৯। শংকৰদেৱৰ প্ৰকৰণ গ্ৰন্থখনৰ নাম কি? 

উত্তৰঃ  শংকৰদেৱৰ প্ৰকৰণ গ্ৰন্থখনৰ নাম হ'ল ভক্তি ৰত্নাকৰ ।

৪০। শংকৰদেৱে ক'ত ইহলীলা সম্বৰণ কৰিছিল। 

উত্তৰঃ শংকৰদেৱে ভেলা কাকতকুটাত ইহলীলা সম্বৰণ কৰিছিল ।

৪১। অসমীয়া বৈষ্ণৱ সাহিত্যৰ এটি বৈশিষ্ট্য লিখা। 

উত্তৰঃ অসমীয়া বৈষ্ণৱ সাহিত্যৰ এটি বৈশিষ্ট্য হ'ল 


চমু প্রশ্ন: 

১। ভক্তি আন্দোলনৰ দুটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ ভক্তি আন্দোলনৰ দুটা বৈশিষ্ট্য হ'ল 

(ক) ভক্তি ধৰ্মত ভগৱদ্ভক্তিৰ প্ৰতি জমসাধাৰণৰ মন আকৃষ্ট কৰাৰ লগে লগে দয়া-ক্ষমা, প্ৰেম-প্ৰীতি, অহিংসা-মৈত্ৰী আদি প্ৰবৃত্তিবোৰৰ উৎকৰ্ষ সাধনৰ বাবে উদ্গনি দিয়ে ।

(খ) সৎসঙ্গ যিদৰে ভক্তি ধৰ্মৰ প্ৰধান বৈশিষ্ট্য সেইদৰে মানৱতাবাদৰ উৎকৰ্ষ সাধন ভক্তিধৰ্মৰ মূল লক্ষ্য ।

২। শংকৰদেৱৰ ভক্তি ধৰ্মৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ শংকৰদেৱৰ ভক্তি ধৰ্মৰ দুটা বৈশিষ্ট্য হ'ল 

(ক) বহু দেৱতাৰ ঠাইত একেশ্বৰবাদৰ প্ৰতিষ্ঠা ।

(খ) শংকৰদেৱ প্ৰচাৰিত ভক্তি-ধৰ্মৰ নাম, দেৱ, গুৰু আৰু ভকত এই চাৰি বস্তুত গুৰুত্ব প্ৰদান কৰা হৈছে । 

৩। অসমীয়া ভক্তি সাহিত্যৰ শ্রেণী বিভাজন কৰা। 

উত্তৰঃ  অসমীয়া ভক্তি সাহিত্যৰ শ্ৰেণী বিভাজন হ'ল 

(ক) আখ্যানমূলক বা কাহিনীমূলক ভক্তি সাহিত্য।

(খ) তত্ত্বমবলক বা উপদেশমূলক ভক্তি সাহিত্য ।

(গ) আবেগমূলক ভক্তি সাহিত্য । 

৪। শংকৰদেৱৰ অংকীয়া নাট কেইখনৰ নাম লিখা। 

উত্তৰঃ শংকৰদেৱৰ অংকীয়া নাট কেইখনৰ নাম হ'ল পত্নীপ্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয় বা সীতা সয়ম্বৰ ।

৫। শংকৰদেৱৰ দুখন নাম প্ৰসঙ্গ পুথিৰ নাম লিখা। 

উত্তৰঃ শংকৰদেৱৰ দুখন নাম প্ৰসঙ্গ পুথিৰ নাম হ'ল কীৰ্ত্তন ঘোষা আৰু গুণমালা ।

৬। ভটিমা কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ ভটিমা চাৰি প্ৰকাৰৰ নাট ভটিমা, দেৱ ভটিমা, ৰাজ ভটিমা আৰু গুৰি ভটিমা ।

৭। শংকৰদেৱৰ পিতৃ-মাতৃৰ নাম কি?

উত্তৰঃ শংকৰদেৱৰ পিতৃ কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যসন্ধ্যা ।

৮। শংকৰদেৱৰ জন্ম ক'ত কেতিয়া হৈছিল?

উত্তৰঃ শংকৰদেৱৰ জন্ম বৰদোৱা আলি পুখুৰীত ১৩৭১ শকত অৰ্থাৎ ১৪৪৯ খ্ৰীঃত হৈছিল । 

ৰচনাধৰ্মী প্ৰশ্নঃ

১। সৰ্ব ভাৰতীয় ভক্তি আন্দোলনৰ ইতিহাস সম্পৰ্কে লিখা

উত্তৰঃ  সৰ্বভাৰতীয় ভক্তি আন্দোলন ইতিহাসঃ জগতত প্রচলিত সকলো ধৰ্মৰ উদ্দেশ্য হ'ল এক পরম সত্তা, পৰম ব্ৰহ্মৰ সন্ধান দিয়া; মানব মুক্তির পথ প্রশস্ত কৰি তোলা। ভাৰতবৰ্ষৰ বৈদিক সনাতন ধর্মই বিভিন্ন দেৱ-দেৱীক পূজা-অৰ্চনা কৰাৰ কথা ক’লেও এই দেৱ-দেৱীৰ মূলতে কোনো শক্তি আছে যিয়ে এই চৰাচৰ ব্ৰহ্মাগুক ধাৰণ কৰি আছে; যি সৃষ্টি-স্থিতি-প্রলয়ৰ কাৰণ; সকলো বস্তুতে ব্যাপ্ত; তেওঁকেই বিষ্ণু বুলি কোৱা হৈছে। বিষ্ণুক উপাসনা কৰিলেই জীৱই মুক্তি লাভ কৰিব পাৰে, আন দেৱ-দেৱীক উপাসনা কৰাৰ কোনো প্রয়োজন নাই। এনে তত্ত্বব সন্ধান পালে পারমার্থিক জ্ঞানেৰে জ্ঞানী সিদ্ধ পুবন্ধ, ঋষি-মুনি-আচাৰ্যসকলে। এওঁলোকৰ পৰাই উৎপত্তি হ’ল বৈষ্ণৱ ধর্মব, প্রাধান্য বাঢ়িল বিষ্ণু পূজাৰ। এনে মহান পুৰুষসকলৰ জন্ম হৈছিল খৃষ্টীয় ষষ্ঠ শতিকাৰ পৰা নৱম শতিকাৰ ভিতৰত দক্ষিণ ভাৰতৰ দ্ৰাবিড় দেশত বৰ্তমানৰ তামিলনাভূত। এওঁলোকক 'আলৱাৰ' বুলি কোৱা হয়। তামিল প্ৰদেশত এই আলৱাৰসকলেই ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল।

    'আলবাৰ' শব্দটো তামিল ভাষাত ৰাৰজন বৈষ্ণৱ ভক্তক বুজাবলৈ ব্যৱহাৰ কৰা হয়। এই বাৰ্জন আলৱাৰ — “নান্মালৱাৰ আৰু মধুকবি আলৱাৰৰ জন্ম হৈছিল তাম্রপণী দেশত, পেৰিয়ালৱাৰ আৰু তেওঁৰ পোষ্য পুত্ৰী আণ্ডালৰ জন্ম হৈছিল কৃতমালাত, পয়গীআলৱাৰ আৰু ভূতও আলবাৰ, সেই আলৱাৰ, তিৰমবিষাই আলবাৰৰ জন্ম হৈছিল পয়স্বিনীৰ পাৰত, তোগুৰডী পোডী আলৱাৰ, তিৰুপ্পান আলৱাৰ আৰু তিকমঙ্গৈ আলৱাৰ উপজিছিল কারেৰীৰ পাৰত আৰু পেৰিয় আলবাৰ আৰু কুলক্ষেত্র পেকমল আলৱাৰৰ জন্ম হৈছিল মহানদীৰ পাৰত। এওঁলোক আছিল বিষ্ণুর একান্ত ভক্ত আৰু দাক্ষিণাত্যৰ ভক্তি ধৰ্ম আন্দোলনৰ গুৰি ধৰোঁতা।"

    খৃষ্টীয় ৬ষ্ঠ শতিকাৰ পৰা নৱম শতিকালৈ এই কালছোৱাক তামিল প্ৰদেশৰ ভক্তিকাল বুলি ধৰা হয়। আৰু ষষ্ঠ শতিকাৰ আগৰ কালছোৱাক কোৱা হয় ভক্তি পূর্বকাল বা বৌদ্ধ-জৈন কাল। খৃষ্টীয় ৬ষ্ঠ শতিকাৰ আগত দক্ষিণ ভাৰতত বৌদ্ধ আৰু জৈন ধৰ্মৰ প্ৰচলন থকাৰ প্ৰমাণ পোৱা যায়। ভক্তি পূর্বকালৰ সাহিত্যিকসকলে প্রথম অৱস্থাত সাহিত্য সৃষ্টিতে মনোনিবেশ কৰিছিল যদিও পিছলৈ ধৰ্ম প্ৰচাৰেই উদ্দেশ্য হৈ পৰিছিল। ফলত সাহিত্যৰ উপৰিও জনসাধাৰণৰ ওপৰত বৌদ্ধ আৰু জৈন ধৰ্মৰ প্ৰভাৱ পৰিছিল। সময় আগবঢ়াৰ লগে লগে প্রচলিত বৌদ্ধ আৰু জৈন ধর্মত লাহে লাহে স্বস্খলন আৰম্ভ হৈছিল। ব্ৰহ্মচর্য আৰু ভিক্ষু জীৱনৰ ওপৰত গুৰুত্ব আৰোপিত বৌদ্ধ ধৰ্মৰ আদৰ্শৰ প্রতি সাধারণ জনগণৰ আগ্রহ বিশেষ নাছিল। আনহাতে, বৌদ্ধ ধৰ্মত ঈশ্বৰৰ কাৰণে কোনো স্থান নথকাত জনসাধাৰণে এই ধৰ্ম গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ কৰিছিল।

    আনহাতে, জৈন ধৰ্মৰ শ্বেতাম্বৰসকলে এক বস্তু পৰিধান কৰিছিল আৰু দিগাম্বৰসকলে বস্ত্ৰ পৰিধান নকৰিছিল। গতিকে এনে পৰিবেশৰ লগত আত্মীয়তা স্থাপন কৰিব নোৱাৰা জনসাধাৰণে জৈন ধৰ্ম গ্ৰহণ কৰিব পৰা নাছিল। এসময়ত জৈন ধর্ণ গ্ৰহণ নকৰাসকলক বিশেষকৈ বৈষ্ণৱ সম্ভসকলৰ ওপৰত নিৰ্যাতন আৰম্ভ হৈছিল।

    সেই সময়ত শাক্ত উপাসক কিছুমানৰো উদ্ভৱ হৈছিল, যিসকলে যাগ যজ্ঞ, পূজা-পাতল, বলি-বিধানক প্রাধান্য দিছিল। আনকি নৰবলি পর্যন্ত দিয়া হৈছিল আৰু নৰমাংসও নৈবেদ্য ৰূপে আগবঢ়োৱা হৈছিল। ফলত ধৰ্মৰ নামত চলা এনে ব্যভিচাৰ আৰু বৰ্বৰোচিত কার্যত সৰ্ব্বসাধাৰণ শ্রদ্ধা আৰু ভক্তিৰ সলনি শঙ্কিত আৰু ভীতিগ্ৰস্ত হৈ পৰিছিল।

    সমসাময়িক সমাজ ব্যবস্থাত জাতি-ভেদ প্রথা বৰ প্ৰবল আছিল। বৈদিক ধর্মাবলম্বী ব্রাহ্মণসকলে বেদ-উপনিষদ অধ্যয়নৰ উপৰিও যাগ-যজ্ঞ আমি অনুষ্ঠানত ব্যস্ত আছিল। অনে অনুষ্ঠানত ব্ৰাহ্মণৰ বাহিৰে আন লোকে অংশ গ্ৰহণ কৰিব নোৱাৰিছিল। উচ্চ-নীচ ভেদ-ভাৱৰ ফলত সাধাৰণ লোক অসন্তুষ্ট হৈ পৰিছিল।

    এনে সামাজিক তথা ধর্মীয় পরিবেশে মানুহক অসন্তুষ্ট কৰি তুলিছিল আৰু প্রচলিত ধর্মীয় তথা সমাজ ব্যবস্থার প্রতি অশ্রদ্ধ হৈ পৰিছিল। ফলত সাধাৰণ লোকে এনে এক ধৰ্মৰ প্রয়োজনীয়তা অনুভৱ কৰিছিল নিয়ে মুক্তিদ সন্ধান দিয়াৰ লগতে জাত-পাত, উচ্চ-নীচৰ ভেদ-ভাৱ নাৰাখি সকলোৱে এই ধর্ম সহজভাৱে গ্ৰহণ কৰিব পাৰিব আৰু শান্তি-মৈত্রী ভাতৃত্বৰ ভাৱ জগাই তুলিব। যুগৰ এই আৱশ্যকতা পূৰণৰ কাৰণেই বৈষ্ণৱ ভক্ত কবি ‘আলবাৰ' আৰু শৈৱ ভক্তি কবি 'নায়নমাৰ সকলৰ আবিৰ্ভাৱ হৈছিল আৰু সূচনা কৰিছিল ভক্তি আন্দোলনৰ। এওঁলোকে ভগৱানৰ সত্বা, উদাৰতা, দয়া, কৰুণা আদিক প্ৰচাৰ কৰিবলৈ লৈছিল আৰু ভক্তিমূলক নানা গ্রন্থ তথা গীত-পদ বচিত হৈছিল।

    বৈষ্ণৱ কবি আলৱাৰসকল বিষ্ণু ভক্ত আছিল; বিষ্ণুক স্তুতি-মিনতি কৰিছিল আৰু নায়নমাৰসকলে শিৱক আৰাধনা কৰিছিল। আলৱাৰ আৰু নয়নমাসকলৰ আৰাধ্য দেৱতা আছিল ভিন্ন কিন্তু লক্ষ্য আৰু উদ্দেশ্য আছিল একে “প্রপত্তি বা শৰণাগতি” অর্থাৎ এক ঈশ্বৰৰ ওচৰত শৰণ লৈ আশ্রয় লোৱা। আলৱাৰ আৰু নায়নমাৰসকল উভয়ে সগুণ ব্ৰহ্মৰ উপাসক আছিল।    

    আলৱাৰ ভক্ত কবিসকলে ৰচনা কৰি থৈ যোৱা গীত পদবোৰ কেইবা শতিকা জুৰি মানুহৰ মুখে মুখে চলি আছিল যদিও নৱম শতিকাৰ শেষ ভাগত আচার্য নাথ মুনিয়ে অশেষ কষ্ট স্বীকাৰ কৰি পদবোৰ সংগ্ৰহ কৰি পদ ৰটোতা, বিষয় আৰু ছন্দৰ ভিত্তিত নামকৰণ কৰি এখন ধর্ম গ্রন্থরূপে 'নালায়িদিব্যপ্রবন্ধম' নামেৰে সংকলন কৰি উলিয়ায়। এই 'নালায়িদিব্যপ্ৰৱন্ধম' ভক্তি আন্দোলনৰ আদি গ্রন্থ। এই গ্রন্থক তামিল ভাষাৰ ভাগৱত আখ্যা দিব পাৰি কাৰণ ভাগৱতৰ সাৰমর্ম এই গ্রন্থত পোৱা যায়। ১২জন আলবাৰে ৰচনা কৰা প্ৰায় চাৰি হাজাৰ পদ এই গ্ৰন্থত সংৰক্ষিত হৈছে। এই গ্ৰছত পোৱা যায় পয়গীআলৱাৰৰ এশ প “মুদলভিৱস্থাদি’ নামে, ভূতত্তালবাৰৰ এশ পদ “তিদবস্তাদি’, পেয়ালাবারে এশ পদ ‘মুন্ট্রাম ডিব্ৰুবস্তাদি! তিকমলিসঈ আলৱানৰ 'নানমুখন ভিৰুৱপ্তাি আৰু 'ভিৰুচন্দ্ৰবিৰুদ্ৰম'; নম্মলৱাৰৰ 'ডিবিৰুক্তম', 'তিৱাচিৰিয়ম', 'পেৰিয় বিস্তাদি' আৰু 'ডিরায়মোলী। মধুৰ কবি আলৱাৰৰ 'কহিনুল চিন্তাম্ব' কুলশেখৰ আলৱাৰৰ পেৰুমাল তিৰুমোলী': পেৰিয়ালৱাৰৰ 'তিপল্লাণ্ডু' আৰু 'পেৰিয়ালৱাৰ ভিৰুমোলী'; আণ্ডালৰ তিৰুথাবৈ' আৰু নাচিয়াৰ ‘ডিমোলী'; তোতৰডী পোডী আলৱাৰৰ 'তিমালৈ' আৰু 'তিৰুপল্লী এলঙ্গী তিৰুমান আলৱাবৰ 'অমলনাদিপিবান' আৰু তিৰুমহৈ আলৱাৰৰ পেৰীয় তিমোলী', 'তিকুৰুন্তাগুকম্', 'তিৰুনেডুন্তাগুকম' আদি নামে সংৰক্ষিত আৰু সংকলিত হৈছে। বাল-গোপাল শ্ৰীকৃষ্ণক স্তুতি-মিনতি কৰা পৰম্পৰা এওঁলোকৰ পৰাই প্ৰচলিত হৈছিল। 'কৃষ্ণস্তু ভগৱান স্বয়ম্' বুলি এওঁলোকে তেওঁক আৰাধনা কৰিছিল। “এওঁলোকৰ ধৰ্মৰ মূল তত্ত্ব হৈছে নাম মহিমা, এক মহিমা, সৎসংগৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ, বৈরাগ্য আৰু শৰণাগতি বা প্ৰপত্তি।”

    ‘নালায়িৰদিব্যপ্ৰৱন্ধম' সংকলক নাথ মুনিৰ জন্ম হৈছিল ৮২৪ খৃষ্টাব্দত। এই গ্ৰন্থৰ উপৰিও নাথ মুনিয়ে 'ন্যায় তত্ত্ব’, ‘পুৰুষ নিৰ্ণয়' আৰু '‘যোগ ৰহস্য নামেৰে তিনিখন ভক্তিমূলক গ্রন্থ ৰচনা কৰিছিল। তেওঁ ভাৰতবৰ্ষৰ বিভিন্ন তীর্থস্থান — মথুৰা, বদ্রীনাথ, দ্বাৰকা, পুৰী আদি ভ্রমণ কৰি আলৱাসকলৰ ভক্তি ধৰ্মৰ তত্ত্ববোৰ প্ৰচাৰ কৰিছিল। নাথ মুনিৰ নাতি যমুনাচাৰ্যৰ জন্ম হৈছিল ৯১৮ খৃষ্টাব্দত। যমুনাচাৰ্যই ৰামমিশ্ৰৰ পৰা শিক্ষা লাভ কৰি সংসাৰৰ প্ৰতি বিরাগভাজন হৈ শ্ৰীৰঙ্গমলৈ যায় আৰু তাত থাকি ভক্তি ধৰ্ম প্ৰচাৰ কাৰ্যত মনোনিৱেশ কৰিছিল।

    যমুনাচাৰ্যৰ পিছতে উপনিষদৰ তত্ত্ব আৰু টীকা-ভাষ্য লিখি আৰু তাৰ যথাযথ ব্যাখ্যা কৰি হিন্দুধৰ্মৰ পৰম্পৰাত এক যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা কৰা মহান পুৰুষ দুগৰাকী হ'ল খ্ৰীশঙ্কৰাচাৰ্য আৰু ৰামানুজাচার্য। ভাৰতীয় সাহিত্য-সংস্কৃতিৰ ইতিহাসত শ্রীশঙ্কৰাচাৰ্যৰ অৱতাৰ এটি যুগ পরিবর্তনকারী ঘটনা। শঙ্কৰাচাৰ্যৰ জন্ম হৈছিল ৭৮৮ চনত দক্ষিণাত্যৰ কেবেলা প্ৰদেশৰ চূর্ণা বা পূর্ণা নদীর তীৰত অবস্থিত শান্তকালডী নামৰ গাঁও এখনৰ ন-সুদিনী ব্রাহ্মণ পৰিয়ালত। তেওঁ ব্রহ্মপুত্র, উপনিষদ আৰু গীতাৰ নতুন ভাষা ৰচনা কৰিছিল। এই তিনিখন গ্রন্থক 'প্রস্থানত্রয়ী' বুলি কোৱা হয়। উপনিষদৰ আধ্যাত্মিক তত্ত্বৰ ওপৰত ভিত্তি কৰি শ্ৰীশঙ্কৰাচাৰ্যই অদ্বৈতবাদ সিদ্ধান্তত উপনীত হ্যা। তেওঁৰ মাতে ব্রহ্মা এক। এই জগত 'একস্ এবং অদ্বিতীয়' ব্ৰহ্মৰে স্বৰূপ প্ৰকাশ মাত্র। মূঢ় মানবে অবিদ্যার মায়া জানত থাকিহে জগতখনৰ সুকীয়া অস্তিত্ব থকা বুি ভাবে। শ্রীশঙ্কবাচার্যর মতে ব্রহ্ম নির্গুণ, নিৰাকাৰ, নিরূপায়িক আৰু নিৰ্ব্বিশেষ ।

     শ্ৰীশঙ্কৰাচাৰ্যৰ পিছৰ মহান আচাৰ্য ৰামানুজাচার্যৰ জন্ম হৈছিল ১০১৭ খৃষ্টাব্দত। ৰামানুজাচার্য আছিল বিশিষ্টা দ্বৈতবাদী। তেওঁ নিজৰ ভক্তি বিষয়ক সিদ্ধান্ত স্পষ্টীকৰণৰ অৰ্থে সংস্কৃতত গ্ৰন্থ ৰচনা কৰাৰ উপৰিও 'শ্রীভাষ্য' ৰচনা কৰিছিল। ৰামানুজাচাৰ্য আৰু তেওঁর অনুগামীসকলে ব্ৰহ্মৰ অৱতাৰবাদত বিশ্বাস কৰে। ব্রহ্মা নিৰ্গুণ হৈয়ো সগুণ রূপে সময়ে সময়ে ধৰা দিয়ে। কাৰণ নিৰাকাৰ ব্ৰহ্ম যাৰ আকাৰ নাই সি কল্পনাৰ অতীত। সাকাৰ স্বৰূপ ব্ৰহ্মকহে সাধনা কৰিব পাৰি। ৰামানুজে বিশ্বাস কৰিছিল যে অসীম স্বৰূপধারী পরমাত্মাৰ স’তে জীবাত্মাই একাকাৰ হোৱাটো সম্ভৱ, কেবল তাৰ বাবে লাগিব ধ্যানাৰ্থীৰ অনিৰ্বাৰ বিশুদ্ধ আসক্তি, ঐকান্তিক ভক্তি আৰু অবোধ্য মিলনাকাংক্ষা। ৰামানুজৰ মতে জ্ঞান “মুক্তিৰ পথ হিচাপে অন্যতম হয়, কিন্তু পৰম বা একমাত্র নহয়। বৰন্ধ জ্ঞান বিশুদ্ধ ভক্তিব দৰে, ঈশ্বৰৰ ওচৰত নিরঙ্কুশ আত্ম সমৰ্পণৰ দৰে নিৰ্ভৰযোগ্য নহয়, আৰু নহয় ফলপ্রদত্ত।" সেয়া যিয়ে নহওঁক, ৰামানুজাচার্য হ’ল দাক্ষিণাত্যৰ নৱ্যা হিন্দু জাগৰণৰ উদ্‌গাতা। তেওঁৰ প্ৰচেষ্টাতে শেহান্তৰত ভক্তি ধৰ্মৰ দাৰ্শনিক আধাৰ ভূমিৰ প্ৰতিষ্ঠা হৈছিল। সেই সময়ৰে নিম্নাকাচার্য, মাধবাচার্য, বল্লভাচার্য আদি বৈষ্ণৱ গুৰুসকলে একমাত্র বিষ্ণুকে আবৰ্ধনা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কবি সগুণ ব্ৰহ্মৰ উপসনাৰ জৰিয়তে ভক্তি ধৰ্মৰ প্ৰচাৰ কৰিছিল।

    খৃষ্টীয় ত্রয়োদশ শতিকাৰ পৰা ষোড়শ শতিকালৈকে এই সময়ছোৱাত বৈষ্ণৱ গুৰুসৱৰ দ্বাৰা প্রতিষ্ঠিত ভক্তি আন্দোলন দক্ষিণ ভাৰতৰ পৰা উত্তর ভাৰতলৈও বিয়পি পৰিছিল। খৃষ্টীয় ত্রয়োদশ শতিকাৰ শেষৰ ফালে স্বামী ৰামানন্দৰ জন্ম হয়। ৰামানন্দ ৰামানুজাচাৰ্যৰ মতালম্বী আছিল যদিও তেওঁ বিষ্ণুৰ পৰিৱৰ্তে ৰামকহে উপাসনা কৰিছিল। ৰামক তেওঁ ব্ৰহ্মাৰ অৱতাৰ হিচাপে মানি লৈছিল। এওঁৱে প্রথমে ভক্তি ধৰ্মৰ সোঁত দক্ষিণ ভাৰতৰ পৰা উত্তৰ ভাৰতলৈ বোৱাই আনিছিল। ৰামানন্দই সংস্কৃতৰ উপৰিও হিন্দী ভাষাত কবিতা ৰচনা কৰি, ধৰ্ম্মীয় উপদেশ দি হিন্দীৰ 'আদি প্ৰচাৰক'ৰ স্থান অধিকাৰ কৰে। ৰামানন্দই জাতি-বর্ণ-ধর্ম নির্বিশেষে সকলো শ্ৰেণীৰ মানুহকে তেওঁৰ সম্প্ৰদায়ভূক্ত কৰি ৰাম নামৰ মহিমাৰ বিষয়ে উপদেশ দি উচ্চ-নীচ সকলোৰে মাজত সমন্বয় সাধন কৰিছিল।

    ৰামানন্দই প্ৰচাৰ কৰা ভক্তি ধাৰা পিছলৈ 'নিৰ্গুণ ভক্তিধাৰা' আৰু 'সত্ত ভক্তিধাৰা' হিচাপে দুটা ভাগত বিভক্ত হৈ গঢ় লৈছিল। নিৰ্গুণ ভক্তিধাৰাৰ প্ৰচাৰক আছিল কবীদাস আৰু সগুণ ভক্তিধাৰাৰ প্ৰচাৰক আছিল তুলসীদাস। কবিদাস নির্গুণ ভক্তিধাৰাৰ প্ৰচাৰক আছিল। তেওঁৰ মতে ৰামচন্দ্ৰ অযোধ্যা পতি দশৰথৰ পুত্ৰ নহয়, নিৰ্গুণ-নিৰাকাৰ পৰমব্রহ্ম। কবীৰদাসে প্ৰচাৰ কৰা নিৰ্গুণ ভক্তি পিছলৈ 'গুরুনানক এ প্ৰচাৰ কৰে। “গুৰনানকে অসাধাৰণ প্ৰতিভাবে সৃষ্টিতত্ত্বৰ গুড়ার্থ উপলব্ধি কৰি সমসাময়িক সমাজখনৰ দুৰ্যোগ আঁতৰাই সাম্য আৰু মৈত্ৰীৰ ওপৰত প্রতিষ্ঠিত সমাজ এখনৰ কথাকে তেওঁৰ গীত-পদৰ মাজেদি কৈ গৈছে।" গুৰনানকৰ ৰচনাবোৰ গ্ৰন্থ চাহেব’ত সংগৃহীত হৈছে।

    তুলসীদাস সগুণ ভক্তিৰ আদৰ্শ প্ৰচাৰক আছিল। তুলসীদাসে ৰামক ভগবানৰ অৱতাৰ হিচাপে মানিছিল আনহাতে দশৰথৰ পুত্ৰৰূপে আদর্শ মানৱৰূপে প্ৰতিষ্ঠা কৰিছিল। 'ৰামচৰিত মানস' আৰু 'বিনয় পত্রিকা" তুলসীদাসৰ অমৰ কৃতি। তুলসীদাসৰ পিছত বৈষ্ণব ভক্তি আদৰ্শক প্ৰসাৰ আৰু প্ৰচাৰ কৰোঁতা আন এজন বৈষ্ণব কবি সুৰদাস। এজ ভাষাত ৰচনা কৰা সুৰদাসৰ গীত-পদৰ সংগ্ৰহ 'সুৰ সাগৰ' ভক্তি সাহিত্যৰে অমূল্য সম্পদ। সুরদাস কৃষ্ণ ভক্ত আছিল আৰু তেওঁৰ গীত-পদবোৰত কৃষ্ণৰ শিশুলীলা অতি সুন্দরভাবে প্রস্ফুটিত হৈছে।

    কৃষ্ণ ভক্ত কবিসকলৰ ভিতৰত মীৰাবাঈৰ নাম স্মৰণযোগ্য। ৰাজবাণী হৈয়ো সকলো সুখ-বৈভৱ পৰিত্যাগ কৰি কৃষ্ণ প্রেমত মতলীয়া হৈ, কৃষ্ণ ভক্তিত নিমগ্ন হৈ পৰিছিল। অৱশ্যে মীরাবাঈ ধর্ম প্রচাৰিকা নাছিল, কৃষ্ণ প্ৰেমত মতলীয়া হৈ গীত বচনা কৰিছিল। ভাৰতীয় ভক্তি সাহিত্যত মীরাবাঈ বচনা কৰা 'ভজন' অতুলনীয়।

        শ্রীচৈতন্যদের উত্তৰ-পূব ভাৰতৰ এজনা স্বনামধন্য বৈষ্ণৱ গুৰু। পশ্চিমবঙ্গর নবদ্বীপ বা নদীয়া নামৰ গাঁওত ১৪৮৫ চনত চৈতন্যদেৱৰ জন্ম হৈছিল। চৈতন্যদেৱৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ লগে লগে সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰতো নৱযুগৰ সূচনা হৈছিল। শ্রীচৈতন্যদেৱৰ ভক্তি আছিল মধুৰ প্ৰেম ভক্তি। চৈতন্যদেৱে নিজৰ মত সমর্থনৰ বাবে কোনো গ্রন্থ ৰচনা কৰা নাই কিন্তু সংস্কৃতত ৰচনা কৰা ‘শিক্ষাষ্টক’ তেওঁৰ অন্যতম কীর্তি। "কৃষ্ণ নাম স্মৰণ কথা। আৰু তেওঁক স্মৰণ কৰি সকলো কাম তেওঁৰ সন্তোষৰ কাৰণে কৰি অবিৰতভাৱে তেওঁকে ভক্তি কৰি তেওঁতে সকলো অৰ্পণ কৰাই শ্রীচৈতন্যদেৱৰ ভক্তিৰ মূলমন্ত্র।" চৈতন্যদেৱৰ শিষ্য ৰূপ গোস্বামীৰ 'ভক্তিৰসামৃতসিন্ধু', 'উজ্জ্বল নীলমণি' আৰু 'লঘু ভাগবতামৃত' গৌড়ীয় বৈষ্ণৱ সাহিত্যবে নহয় ভাৰতীয় বৈষ্ণৱ সাহিত্যৰ অমূল্য সম্পদ।

        অসমত নৱ-বৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোতা শঙ্কৰদেৱ। শঙ্কৰদেৱৰ জন্ম অসমৰ ধর্ম-ভাষা-সাহিত্য-সংস্কৃতিৰ দিশত এক যুগান্তকাৰী ঘটনা। ১৪৪৯ খৃঃত নগাঁও জিলাৰ বৰদোৱাত জন্ম গ্রহণ কৰি সমস্ত বেদ-বেদান্ত, গীতা-ভাগবত আদি বিভিন্ন পুৰাণ-উপপুৰাণত ব্যুৎপত্তি লাভ কৰি, বিয়া-বাৰু কৰাই সংসাৰী হৈয়ো একশৰণ নাম-ধৰ্ম প্ৰচাৰ কৰি জগতত বিৰল খ্যাতি ৰাখি থ'লে। দুবাৰকৈ ভাৰতবৰ্ষৰ বিভিন্ন তীর্থস্থান ভ্রমণ কৰি অসমত ভক্তি-ধৰ্মৰ এক নতুন আদর্শ প্রতিষ্ঠা কৰি, বহুধা বিভক্ত আড়াম্বৰপূৰ্ণ ধর্ম প্রণালী এৰুৱাই আত্মশুদ্ধি আৰু চৰিত্ৰ শোধনমূলক নামধর্ম উলিয়াই, বহু দেৱ-দেৱীৰ সেৱাৰ ঠাইত ‘এক দেব এক সেৱ' নীতি প্ৰৱৰ্তন কৰি অসমীয়া ভাষাত দেৱৰ দূলভ – ৰত্ন বেদ - বেদাস্তাদি সৰ্বশাস্ত্ৰৰ ভগৱান শ্রীকৃষ্ণ চৰিত্ৰৰ ঐশ্বৰ্য আৰু মাধুৰ্য ৰূপ বর্ণনা কৰি, বিভিন্ন জাতি উপজাতিক এক লক্ষ্য, এক ভাষা, এক কৃষ্টি আৰু সংস্কৃতিৰূপ একতাৰ ডোলেৰে সাঙুৰি লৈছিল। শঙ্কৰদেৱে শঙ্কৰাচাৰ্যৰ অদ্বৈতবাদী দৰ্শনৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল আৰু নিৰ্গুণ-নিৰাকাৰ পৰব্ৰহ্মৰ অৱতাৰ হিচাপে কৃষ্ণকহে । একমাত্র ভক্তি কৰিছিল। শঙ্কৰদেৱৰ দ্বাৰা প্ৰচাৰিত একশৰণ নামধৰ্ম বেদান্ত, ভাগৱত পুৰাণ আৰু শ্ৰীমদ্ভাগৱদ্ গীতাৰ তত্ত্বৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিষ্ঠিত।

    একশৰণ নামধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে শঙ্কৰদেৱ আৰু তেৰাৰ প্ৰিয়তম শিষ্য মাধৱদেৱে অশেষ সাধনাৰ দ্বাৰা 'কীৰ্ত্তন', '‘নামঘোষা'কে আদি কৰি এক বিৰাট বৈষ্ণৱ সাহিত্য ভাণ্ডাৰ গঢ়ি তুলিছে। তেৰাসৱৰ অনুগামী— অনন্ত কন্দলী, ৰাম সৰস্বতী, ৰামচৰণ ঠাকুৰ, দৈতাৰী ঠাকুৰ, ভট্টদেৱ আদি সকলে এই বিশাল সাহিত্য ভাণ্ডাৰ গঢ়াত অৰিহণা যোগালে।

        অসমত নৱ-বৈষ্ণৱ আন্দোলনৰ কাণ্ডাৰী শ্ৰীশ্ৰীশঙ্কৰদেৱ আৰু তেৰাৰ শিষ্য শ্ৰীশ্ৰীমাধৱদেৱ আৰু তেৰাসৱৰ অনুগামী তথা শিষ্য-প্রশিষ্যসকল তথা ৰচনাৱলী সম্বন্ধে যথাস্থানত আলোচনা কৰা হওঁক।


২। ভক্তি আন্দোলনৰ বৈশিষ্ট্যবোৰ বৰ্ণনা কৰা।

উত্তৰঃ  ভক্তি আন্দোলনৰ বৈশিষ্ট্যবোৰ হ'ল 

(ক) সকলো নয়-বৈষ্ণৱ সম্প্রদায়েই একেশ্বৰবাদী অর্থাৎ ‘এক দেৱ এক সেৱ'ত সৰ্ব্বাধিক গুৰুত্ব দিয়া হৈছে। বিষ্ণু বা নাৰায়ণক ব্রহ্মৰূপে, অনাদি-অনন্ত, সৃষ্টি-স্থিতি-প্রলয়ৰ কাৰণ স্বৰূপে বর্ণনা কৰা হৈছে। দুই এটা সম্প্রদায়ে বিষ্ণুৰ বিভিন্ন অৱতাৰক উপাস্য দেৱতা রূপে স্বীকাৰ কৰিছিল যদিও বেছিভাগ সম্প্রদায়ে 'কৃষ্ণস্তু ভগৱান স্বয়ম' ৰূপে কৃষ্ণ ভক্তি প্ৰচাৰ কৰিছিল।

(খ) ভক্তি ধৰ্মত ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰা হৈছে। যাগ-যজ্ঞ, তপ-স্বল্প আদিতকৈ ভক্তি বা প্ৰেমৰ জৰিয়তে সহজতে ভগৱানৰ কৃপা লাভ কৰিব পাৰি তাকে প্রতিপাদন কৰা হৈছে।

(গ) ভক্তি ধৰ্মত জাতি-ধর্ম-বৰ্ণৰ কোনো ভেদা-ভেদ নাই। ব্ৰাহ্মণৰ পৰা চণ্ডাললৈ সকলোৱে এই ধৰ্ম গ্ৰহণ কৰিব পাৰে; সকলোৰে অধিকাৰ আছে। ভক্তিৰ কোনো পাত্র-পাত্র নাই।

(ঘ) ভক্তি আন্দোলনে জাতি-ধর্ম-বর্ণ নির্বিশেষে সকলোকে জীৱনৰ মর্যাদা দান কৰে। পাঁচ কুলত জন্ম লাভ কৰিও ভক্তিৰ বলত ব্ৰাহ্মণতকৈয়ো উচ্চ আসন লাভ কৰিব পাৰি তেনে ভাৱ জগাই তুলি মানৱীয় মর্যাদাবোধ দান কৰে।

(ঙ) ভক্তি ধর্মত ভগৱদ্ভক্তিৰ প্ৰতি জনসাধাৰণৰ মন আকৃষ্ট কৰাৰ লগে লগে দয়া-ক্ষমা, প্রেম-প্রীতি, অহিংসা-মৈত্রী আদি প্রবৃত্তিবোৰৰ উৎকৰ্ষ সাধনৰ বাবে উদ্গনি দিয়ে।

(চ) সৎসঙ্গ যিদৰে ভক্তি ধৰ্মৰ প্ৰধান বৈশিষ্ট্য সেইদৰে মানৱতাবাদৰ উৎকর্ষ সাধন ভক্তিধৰ্মৰ মূল লক্ষ্য।

(ছ) প্ৰান্তীয় ভাষাৰ বিকাশত ভক্তি ধৰ্মই গুৰুত্ব আৰোপ কৰিছিল। ভক্তি-ধর্ম প্ৰচাৰক তথা অনুগামীসকলে পুৰাণ-উপপুৰাণ আদি ধৰ্ম গ্ৰন্থবোৰ প্ৰান্তীয় ভাষাত অনুবাদ কৰি সেই ভাষাবোৰক উচ্চ মর্যাদা প্রদান কৰাৰ লগতে তত্ত্ব-গধুৰ ভাৱ প্ৰকাশৰ মাধ্যমৰূপে থিয় করায়।

(জ) ভক্তি ধৰ্মৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে গীত-পদ, নৃত্য-নাটক-অভিনয়, চিত্র ভাস্কর্য আদি কলাৰ সহায় লোৱাত সুকুমাৰ কলাৰ উন্নতি হয়। 

(ঝ) ভক্তি তত্ত্বৰ আধাৰ গ্ৰন্থ হ’ল শ্রীমদ্ভাগৱত পুৰাণ। 

(ঞ) ভক্ত কবিসকলে ভক্তি তত্ত্ব প্রকাশত গুৰুত্ব দিছে যদিও নিজ নিজ অঞ্চলৰ সামাজিক প্রাকৃতিক চিত্ৰ ৰূপায়ণত দৃষ্টিপাত কৰা দেখা যায়।


৩। শংকৰদেৱৰ প্ৰচাৰিত ভক্তিধৰ্মৰ বৈশিষ্ট্যবোৰ লিখা।

উত্তৰঃ  শংকৰদেৱৰ প্ৰচাৰিত ভক্তিধৰ্মৰ বৈশিষ্ট্যবোৰ হ'ল

 (ক) শঙ্কৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত ভক্তি ধর্ম কৃষ্ণ চৰিত্ৰ প্ৰধান। বিষ্ণুৰ পূর্ণ অৱতাৰ বুলি কৈ কৃষ্ণক 'কৃষ্ণস্তু ভগৱান স্বয়ম’ ৰূপে প্ৰতিষ্ঠা কৰা হৈছে।

(খ) শঙ্কৰদেৱ প্ৰচাৰিত ভক্তি-ধৰ্মত নৱধা ভক্তিৰ ভিতৰত ‘শ্ৰৱণ-কীৰ্তন’ৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে। তপ-জপ, যাগ-যজ্ঞতকৈ শ্রবণ-কীর্তনেই শ্রেষ্ঠ আৰু শ্ৰৱণ-কীৰ্তনৰ দ্বাৰাই জীবই মুক্তি লাভ কৰিব পাৰে।

(গ) বহু দেৱতাৰ ঠাইত একেশ্বৰবাদৰ প্রতিষ্ঠা।

(ঘ) শঙ্কৰদেৱ প্ৰচাৰিত ভক্তি-ধৰ্মত ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰা হৈছে। তপ-জপ, যাগ-যজ্ঞতকৈ ভক্তি বা প্ৰেমৰ জৰিয়তে সহজতে ভগৱানৰ কৃপা লাভ কৰিব পাৰি তাকে প্রতিপাদন কৰা হৈছে।

(ঙ) শঙ্কৰদেৱ প্ৰচাৰিত ভক্তি-ধৰ্মত কোনো পাত্র-পাত্র নাই অর্থাৎ জাতি ধর্ম-বর্ণৰ কোনো ভেদা-ভেদ নাই। ব্ৰাহ্মণৰ পৰা চণ্ডাললৈ সকলোৱে এই ধর্ম গ্রহণ কৰিব পাৰে।

(চ) সৎসঙ্গ যিদৰে ভক্তি-ধৰ্মৰ প্ৰধান বৈশিষ্ট্য সেইদৰে মানৱতাৰ উৎকৰ্ষ সাধন শঙ্কৰদেৱ প্ৰচাৰিত ধৰ্মৰ মূল লক্ষ্য।

(ছ) শঙ্কৰদেৰ প্রচাৰিত ভক্তি-ধৰ্মত নাম, দেব, গুৰু আৰু ভকত এই চাৰি বস্তুত গুৰুত্ব প্ৰদান কৰা হৈছে। 

(জ) শঙ্কৰদেৱৰ দ্বাৰা প্রবর্তিত ভক্তি-ধনত মাধুর্য ভক্তি বা মধুৰ ভাৱৰ স্থান মুঠেই নাই, বাৎসল্য আৰু দাস্য ভারতহে গুৰুত্ব দিছে।

(ঝ) শঙ্কৰদেৱ প্ৰচাৰিত ভক্তি-ধৰ্মৰ মূল গ্রন্থ হ’ল শ্রীমদ্ভাগৱত গীতা আৰু শ্রীমদ্ভাগৱত পুৰাণ।


৪। শংকৰদেৱৰ বৈষ্ণৱ সাহিত্য কৃতিৰ চমু পৰিচয় দিয়া। 

উত্তৰঃ    মহাপুৰুষ শঙ্কৰদেৱ এগৰাকী ধৰ্ম প্ৰচাৰক বা ধর্ম গুৰুৰেই নাছিল, তেওঁ আছিল এগৰাকী অনন্য প্রতিভাশালী সাহিত্যিক। ধর্ম প্রচাৰে মুখ্য উদ্দেশ্য আছিল যদিও শঙ্কৰী সাহিত্য একক, অনন্য, অতুলনীয় আৰু অনবদ্য। শঙ্কৰদেৱে নব-বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন আৰু প্ৰচাৰৰ অৰ্থে ৰচনা কৰা সাহিত্যৰাজিৰ মাজতে মহাপুৰুষ গৰাকীৰ প্ৰতিভাৰ পূর্ণ প্রতিফলন ঘটাৰ লগতে তেওঁৰ আদৰ্শৰে অনুপ্রাণিত কৰি বহু সাহিত্যিক কবিক কাব্য চর্চাত আত্মনিয়োগ কৰাবলৈ সক্ষম হৈছিল। শঙ্কৰদেৱৰ বহুমুখী অবদানলৈ লক্ষ্য কৰিয়ে সাহিত্যৰ ইতিহাসকাৰসকলে এই যুগটিক ‘শঙ্কৰী-যুগ’ বুলি অভিহিত কৰিছে। শঙ্কৰী যুগ অসমীয়া সাহিত্যৰ স্বর্ণযুগ।

    শঙ্কৰদেৱৰ সাহিত্য কৃতিক বিজ্ঞান সম্মতভাৱে শ্রেণীবদ্ধ কবি ড° মহেশ্বৰ নেওগদেৱে তিনিটা বিভাগত অন্তৰ্ভুক্ত কৰিছে—

১। আদি বা বাৰভূঞা ৰাজ্যত কটোৱা কাল। এই কালছোৱাত হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ (কাব্য), কীৰ্তনৰ অন্তৰ্গত উষো বর্ণন, ভাগৱতৰ কিছু অনুবাদ, প্রথমটো বৰগীত আদি ৰচিত হৈছিল।

২। মধ্য বা অসম ৰাজ্যত কটোৱা কাল ঃ এই কালছোৱাত কীৰ্তনৰ কিছু অংশ, পত্নীপ্রসাদ নাট, ভাগৱতৰ শিশুলীলাৰ অংশ বিশেষ অনুবাদ আদি ৰচিত হৈছিল।

৩। শেষ বা কোচ ৰাজ্যত কটোৱা কালঃ এই কালডোখৰত কীৰ্তনৰ কিছু অংশ, পত্নীপ্রসাদৰ বাহিৰে বাকী পাঁচখন নাট, কুৰুক্ষেত্র, নিমি-নৱ-সিদ্ধ সংবাদ আদি ৰচিত হৈছিল।

    আলোচনাৰ সুবিধার্থে মহাপুৰুষ শঙ্কৰদেৱৰ ৰচনাৰাজিক এনেদৰে ভাগ কৰিব পাৰি—

১। কাব্য ঃ (ক) হৰিশ্চন্দ্ৰ উপাখ্যান, (খ) ৰুক্মিণী হৰণ কাব্য, (গ) বলিছলন, (ঘ) অমৃত মথন, (ঙ) কুৰুক্ষেত্ৰ আৰু (চ) অজামিল উপাখ্যান।

২। নাটক ঃ (ক) পত্নীপ্রসাদ, (খ) কালিয় দমন, (গ) কেলি গোপাল, (ঘ) ৰুক্মিণী হৰণ, (ঙ) পাৰিজাত হৰণ আৰু (চ) ৰামবিজয় বা সীতা সয়ম্বৰ।

৩। অনুবাদ ঃ (ক) ভাগৱত পুৰাণৰ ১ম, ২য়, ৬ষ্ঠ (অজামিল উপাখ্যান), ৮ম (বলিছলন, অমৃত মথন) ১০ম, ১১শ, ১২শ স্কন্ধৰ ভাঙনি; (খ) উত্তৰা কাণ্ড ৰামায়ণ ।

৪। ভক্তিতত্ত্বমূলক ৰচনা ঃ (ক) ভক্তি প্রদীপ, (খ) নিমি-নৱ-সিদ্ধ সংবাদ, (গ) অনাদিপাতন।

৫। গীত ঃ (ক) বৰগীত, (খ) ভটিমা, (গ) টোটয়, চপয়।

৬। নাম-প্রসঙ্গ বিষয়ক ঃ (ক) কীৰ্ত্তন আৰু (খ) গুণমালা ।

 ৭। প্ৰকৰণ গ্রন্থ ঃ ভক্তি ৰত্নাকৰ ৷


৫। শংকৰদেৱৰ বৈষ্ণৱ সাহিত্যৰ বৈশিষ্ট্য লিখা।

উত্তৰঃ শংকৰদেৱৰ বৈষ্ণৱ সাহিত্যৰ বৈশিষ্ট্য় হ'ল 

(১) বৈষ্ণৱ যুগৰ সাহিত্য প্রধানতঃ অনুবাদমূলক। আন কথাত এইবোৰ অনুসৃত। শঙ্কৰদেৱ-মাধৱদেৱ তথা তেৰাসৱৰ অনুগামীসকলে যিবোৰ কাব্য, নাট আদি ৰচনা কৰিছিল সেই সকলোবোৰ বিভিন্ন পুৰাণ-উপপুৰাণ আদিৰ পৰা অসমীয়া পদত ভাঙনি কৰিছিল।

(২) এই যুগৰ সাহিত্য আছিল প্রধানতঃ কাহিনী প্রধান। একো একোটা কাহিনীৰ মাজেৰে বৈষ্ণৱ ধৰ্মৰ জটিল আৰু দার্শনিক তত্ত্বও অতি সৰল সহজ ৰূপে সৰ্বসাধাৰণে বুজিব পৰাকৈ প্ৰকাশ কৰা হৈছে।

(৩) এই যুগৰ সাহিত্যত বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা শ্ৰীকৃষ্ণৰ লীলা-মাহাত্ম্য প্ৰকাশ কৰা হৈছে। বিভিন্ন আখ্যান-উপাখ্যানৰ মাজেৰে সকলো দেৱতাতকৈ কৃষ্ণই শ্রেষ্ঠ; ‘কৃষ্ণস্তু ভগৱান স্বয়ম' এই কথায়ে প্রতিপন্ন কৰা হৈছে।

(৪) পৃষ্ঠপোষক বা উৎসাহ দাতাৰ প্ৰতি কৃতজ্ঞতা নিবেদন কৰাটো বৈষ্ণৱ যুগৰ সাহিত্যৰ অন্যতম বৈশিষ্ট্য।

(৫) 'ভণিতা'ৰ প্ৰয়োগ বৈষ্ণৱ যুগৰ সাহিত্যৰ প্ৰধান বৈশিষ্ট্য। প্রাক-শঙ্কৰী যুগৰ পৰা শঙ্কৰী, উত্তৰ-শঙ্কৰী যুগৰ কবিসকলে তেওঁলোকৰ ৰচনাত কম-বেছি পৰিমাণে নিজৰ লগতে বংশ পৰিচয় দি গৈছে।

(৬) কাব্যৰ আৰম্ভণি আৰু পৰিসমাপ্তিত ভগৱানৰ আৰু স্থান বিশেষে সৰস্বতীক বন্দনা কৰি, নিজৰ অক্ষমতা প্রকাশ কবি পাঠকৰ ওচৰত ক্ষমা বিচাৰি কাব্যৰ আৰম্ভণি আৰু পৰিসমাপ্তি ঘটাইছে।

(৭) এই যুগৰ সাহিত্য মূলতঃ অনুসৃত হ'লেও কবিসকলে য’তেই সুৰুঙা পাইছে ত’তেই স্থানীয় পৰিবেশেৰে সজীৱ কৰি তুলিছে।

(৮) ভাৱৰ পৰিবৰ্তনৰ লগে লগে ছন্দৰ পৰিবৰ্তনৰ অবলীলা এই যুগৰ সাহিত্যৰ লক্ষণীয় বৈশিষ্ট্য।

(৯) চৰিত্ৰ সৃষ্টিৰ ক্ষেত্ৰ সংস্কৃত সাহিত্যৰ পৰম্পৰা মানি চলা দেখা যায় যদিও 'ধৰ্মৰ জয় অধৰ্মৰ পৰাজয়’, ‘দুষ্টক দমন শান্তক পালন’ আদি আদর্শসমূহ বৈষ্ণৱ সাহিত্যৰ এৰাব নোৱাৰা বিশেষত্ব।

(১০) ভাৰতীয় অলঙ্কাৰ শাস্ত্ৰত উল্লিখিত নৱৰসে এই যুগৰ সাহিত্যত ফুটি উঠা দেখা যায় যদিও এই ৰসসমূহ পৰিশেষত ভক্তি ৰসতে নিমজ্জিত হৈ ভক্তি ৰসকে শীর্ষ তুঙ্গত উপনীত কৰাইছে।



Type: Nayan Moni Deka  

Author : Monikongkona Saikia