Chapter-1

স্বাধীনোত্তৰ কালত ভাৰতবৰ্ষৰ শিক্ষাৰ বিকাশ

(Development of Indian Education In The Post Independence Period)

অতি চমু প্ৰশ্ন আৰু উত্তৰঃ

1. ভাৰতবৰ্ষই কিমান চনত কিমান তাৰিখে দুশবছৰীয়া বৃটিছ শাসনৰ পৰা স্বাধীণতা লাভ কৰে?

উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে দুশবছৰীয়া বৃটিছ শাসনৰ পৰা স্বাধীণতা লাভ কৰে।

2. কিমান চনৰ কি মাহৰ পৰা স্বাধীনভাৰতৰ সংবিধান কাৰ্যকাৰী হৈছিল?

উত্তৰঃ ১৯৫০ চনৰ জানুৱাৰীৰ পৰা স্বাধীনভাৰতৰ সংবিধান কাৰ্যকাৰী হৈছিল।

3. ১৯৪৯ চনৰ ২৬ নবেম্বৰত সংবিধান সভাই দীৰ্ঘতম লিখিত সংবিধানখনত কেইটা অনুচ্ছেদ, কেইটা অনুসূচী আৰু কেইটা অধ্যায় সন্নিৱিষ্ট চূড়ান্তভাৱে গ্ৰহন কৰে?

উত্তৰঃ ১৯৪৯ চনৰ ২৬ নবেম্বৰত সংবিধান সভাই দীৰ্ঘতম লিখিত সংবিধানখনত ৩৯৫ অনুচ্ছেদ, ১২ টা অনুসূচী, ২২ টা অধ্যায় সন্নিৱিষ্ট চূড়ান্তভাৱে গ্ৰহন কৰে।

4. কিমান চনত সংবিধান প্ৰণয়ৰ সময়ত আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষাৰ বাবে কোনো ব্যৱস্থা গ্ৰহন কৰা নাছিল?

উত্তৰঃ ১৯৫০ চনত সংবিধান প্ৰণয়ৰ সময়ত আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষাৰ বাবে কোনো ব্যৱস্থা গ্ৰহন কৰা নাছিল।

5. ২০০২ চনত সংবিধানৰ কিমান তম সংশোধনৰ পিছত শিশুকালৰ অৰ্থাৎ আগতীয়া বাল্যাকালৰ শিক্ষাৰ ওপৰতো গুৰুত্ব আপোৰ কৰিছে?

উত্তৰঃ ২০০২ চনত সংবিধানৰ ৮৬ তম সংশোধনৰ পিছত শিশুকালৰ অৰ্থাৎ আগতীয়া বাল্যাকালৰ শিক্ষাৰ ওপৰতো গুৰুত্ব আপোৰ কৰিছে।

6. সংবিধান প্ৰণয়নৰ সময়ত কিমান নং অনুচ্ছেদ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ লগত সম্বন্ধিত আছিল?

উত্তৰঃ সংবিধান প্ৰণয়নৰ সময়ত ৪৫ নং অনুচ্ছেদ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ লগত সম্বন্ধিত আছিল।

7. সংবিধানৰ কিমান আৰু কিমান নং অনুচ্ছেদত চৰকাৰী ভাষা বিষয়ে বৰ্ণনা আছে?

উত্তৰঃ সংবিধানৰ ৩৪৩ আৰু ৩৪৫ নং অনুচ্ছেদত চৰকাৰী ভাষা বিষয়ে বৰ্ণনা আছে।

8. কেন্দ্ৰৰ চৰকাৰী ভাষা কি হ'ব?

উত্তৰঃ কেন্দ্ৰৰ চৰকাৰী ভাষা হ'ব দেৱনগিৰি হস্তলিপিৰ হিন্দী।

9. কেন্দ্ৰীয় সূচীত সৰ্বমুঠ কিমানটা বিষয় আছে?

উত্তৰঃ কেন্দ্ৰীয় সূচীত সৰ্বমুঠ ৯৭ টা বিষয় আছে।

10. ৰাজ্যক সূচীত কিমানটা বিষয় থাকে?

উত্তৰঃ ৰাজ্যক সূচীত ৬৬ টা বিষয় থাকে।.

11. সমৱৰ্তী সূচী সৰ্বমুঠ কেইটা বিষয় আছে?

উত্তৰঃ সমৱৰ্তী সূচী মুঠ ৪৭ টা বিষয় আছে।

12. কিমান চনত ভাৰতীয় সংবিধানৰ কিমান তম সংশোধান কৰা হয় আৰু শিক্ষাক সমৱৰ্তী সূচীৰ বিষয়স্বৰূপে অন্তৰ্ভূক্ত কৰা হয়।

উত্তৰঃ ১৯৭৬ চনত ভাৰতীয় সংবিধানৰ ৪২ তম সংশোধান কৰা হয় আৰু শিক্ষাক সমৱৰ্তী সূচীৰ বিষয়স্বৰূপে অন্তৰ্ভূক্ত কৰা হয়।

13. শিক্ষাৰ সমৱৰ্তী সূচীত অন্তৰ্ভূক্ত কৰাৰ প্ৰধান সমৰ্থকসকল কোন কোন আছিল?

উত্তৰঃ শিক্ষাৰ সমৱৰ্তী সূচীত অন্তৰ্ভূক্ত কৰাৰ প্ৰধান সমৰ্থকসকল আছিলঃ- এম. চি. চাগলা, পি. এন. কিৰপাল, ড॰ ডি. এচ. ঝা আৰু জে. পি. নায়ক।

14. কিমান চনৰ ৪২ তম সংশোধনীয়ে শিক্ষাক সমৱৰ্তী সূচীৰ অন্তৰ্গত কৰি আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰবোৰক সম অধিকাৰ প্ৰদান কৰিছে?

উত্তৰঃ ১৯৭৬ কিমান চনৰ ৪২ তম সংশোধনীয়ে শিক্ষাক সমৱৰ্তী সূচীৰ অন্তৰ্গত কৰি আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰবোৰক সম অধিকাৰ প্ৰদান কৰিছে।

15. কিমান চনত লোকপিয়ল অনুসৰি আমাৰ দেশৰ সাক্ষাৰতা হাৰ আছিল মাত্ৰ কিমান শতাংশ?

উত্তৰঃ ১৯৬১ চনত লোকপিয়ল অনুসৰি আমাৰ দেশৰ সাক্ষাৰতা হাৰ আছিল মাত্ৰ ৩৩.১১ শতাংশ।

16. ২০০১ চনৰ লোকপিয়ল অনুসৰি আমাৰ দেশৰ সাক্ষৰতা হাৰ কিমান শতাংশ?

উত্তৰঃ ২০০১ চনৰ লোকপিয়ল অনুসৰি আমাৰ দেশৰ সাক্ষৰতা হাৰ হ'ল ৬৫.৩৮ শতাংশ।

17. কিমান চনৰ ১ এপ্ৰিলৰ আইনখন সমগ্ৰ দেশতে কাৰ্যকাৰী হ'য়?

উত্তৰঃ ২০১০ চনৰ ১ এপ্ৰিলৰ আইনখন সমগ্ৰ দেশতে কাৰ্যকাৰী হ'য়।

18. স্বাধীনতাৰ পিছৰ কালছোৱাত কোনে শিক্ষাৰ বিকাশ সন্তোষজনক গতিত গৈছিল?

উত্তৰঃ স্বাধীনতাৰ পিছৰ কালছোৱাত মহিলাসকলে শিক্ষাৰ বিকাশ সন্তোষজনক গতিত গৈছিল। 

19. ১৯৫০-৫১ চনৰ সময়ছোৱাত প্ৰাথমিক পৰ্যায়ত কিমান মিলিয়ন ছোৱালীয়ে নামভৰ্তি কৰিছিল?

উত্তৰঃ ১৯৫০-৫১ চনৰ সময়ছোৱাত প্ৰাথমিক পৰ্যায়ত ৫.৪ মিলিয়ন ছোৱালীয়ে নামভৰ্তি কৰিছিল।

20. কিমান চনত লোকপিয়ল অনুসূচীত জাতিৰ লোকসকলৰ সাক্ষৰতা হাৰ ৬৫.১% আৰু অনুসূচীত জনজাতিৰ ক্ষেত্ৰত এই হাৰ ৫৮.৯৫%।

উত্তৰঃ ২০১১  চনত লোকপিয়ল অনুসূচীত জাতিৰ লোকসকলৰ সাক্ষৰতা হাৰ ৬৫.১% আৰু অনুসূচীত জনজাতিৰ ক্ষেত্ৰত এই হাৰ ৫৮.৯৫%।

21. ভাৰতৰ শিক্ষামন্ত্ৰী আবুল কালাম আজেদে কিমান চনত বিশ্ববিদ্যালয় আয়ুগৰ নিযুক্তি গ্ৰহন কৰে?

উত্তৰঃ  ভাৰতৰ শিক্ষামন্ত্ৰী আবুল কালাম আজেদে ১৯৪৮ চনৰ ৬ ডিচেম্বৰত বিশ্ববিদ্যালয় আয়ুগৰ নিযুক্তি গ্ৰহন কৰে।

22. কিমান চনত আয়োগে প্ৰতিবেদন দাখিল কৰে?

উত্তৰঃ ১৯৪৯ চনৰ আগষ্ট মাহত আয়োগে প্ৰতিবেদন দাখিল কৰে।

23. বিশ্ববিদ্যালয় শিক্ষা আয়োগত থকা দহ গৰাকী সদস্য় নাম লি়খা।

উত্তৰঃ বিশ্ববিদ্যালয় শিক্ষা আয়োগত থকা দহ গৰাকী সদস্য় নামঃ-

১। ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণ (সভাপতি)।

২। ড॰ তাৰাচান্দ (সম্পাদক আৰু ভাৰত চৰকাৰৰ শিক্ষা উপদেষ্টা।)

৩। ড॰ জাকিৰ হুচেইন (উপচাৰ্য, মুচলিম বিশ্ববিদ্যালয়, আলিগড়)।

৪। ড॰  এ. এল. মুডালিয়াৰ (উপাচাৰ্য, মাদ্ৰাছ বিশ্ববিদ্যালয়) ।

৫। ছাৰ জেমচ এফ, টাফ (উপাচাৰ্য, ডৰহম বিশ্ববিদ্যালয়)।

৬। ড॰ আৰ্থাৰ (প্ৰাক্তন সভাপতি, এন্টিঅ'চ কলেজ)।

৭। ড॰ মেঘ নাথ সাহা (সভাপতি, বিজ্ঞান স্নাতকোত্তৰ সংস্থা, কলিকতা বিশ্ববিদ্যালয়)।

৮। ড॰ কৰম নাৰায়ণ বহল (প্ৰাণীবিজ্ঞানৰ অধ্যাপক, লক্ষ্মৌ বিশ্ববিদ্যালয়)।

৯। ড॰ জে. জে. টাইগাৰচ (যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন শিক্ষা সচিব)।

১০। শ্ৰী নিৰ্মৰ কুমাৰ সিদ্ধান্ত (ইংৰাজীৰ অধ্যাপক আৰু ডীন, কলা বিভাগ, লক্ষ্মৌ বিশ্ববিদ্যালয়)। 

24. বিশ্ববিদ্যালয় শিক্ষাৰ আন এক লক্ষ্য কি?

উত্তৰঃ বিশ্ববিদ্যালয় শিক্ষাৰ আন এক লক্ষ্য যুৱক-যুৱতীসকলক সুচৰিত্ৰবান কৰি গঢ় দি তোলা।

25. বিশ্ববিদ্যালয় শিক্ষাৰ এক প্ৰধান লক্ষ্য কি?

উত্তৰঃ বিশ্ববিদ্যালয় শিক্ষাৰ এক প্ৰধান লক্ষ্য হ'ল সামাজিক যোগ্যতা লাভ কৰা।

26. দেশীয় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ অনেক লক্ষ্য-উদ্দেশ্য কি?

উত্তৰঃ দেশীয় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ আনেক লক্ষ্য-উদ্দেশ্য হ'ল দেশৰ সাংস্কূৃতিক পৰম্পৰা ৰক্ষা কৰি চলা।

27. বিশ্ববিদ্যালয়ৰ শিক্ষাৰ মূল লক্ষ্য় কি?

উত্তৰঃ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ মূল লক্ষ্য় হ'ল জ্ঞান আৰু বিদ্যাৰ উন্নতি সাধন।

28. বিশ্ববিদ্যালয় শিক্ষাৰ আন এক লক্ষ্য কি?

উত্তৰঃ বিশ্ববিদ্যালয় শিক্ষাৰ আন এক লক্ষ্য হ'ল যুৱক-যুৱতীৰ মনত জাতীয় সংহতিৰ ভাৱ বিকশাই তোলা।

29. কলা আৰু বিজ্ঞানৰ শাখা থকা বিশ্ববিদ্যালয়ত কিমান আৰু কলেজত কিমান ছাত্ৰ-ছাত্ৰী থাকিব লাগে?

উত্তৰঃ কলা আৰু বিজ্ঞানৰ শাখা থকা বিশ্ববিদ্যালত ৩০০০ আৰু কলেজত ১৫০০ ছাত্ৰ-ছাত্ৰী থাকিব লাগে।

30. শিক্ষা কিহৰ ওপৰত নিৰ্ভৰশীল।

উত্তৰঃ শিক্ষা প্ৰক্ৰিয়াৰ সফলতা শিক্ষকৰ গুণমানৰ ওপৰত নিৰ্ভৰশীল।

31. শিক্ষকৰ প্ৰধান দায়িত্ব কি?

উত্তৰঃ শিক্ষকৰ প্ৰধান দায়িত্ব হ'ল ছাত্ৰ-ছাত্ৰীক অধ্যয়ণৰ বাবে আগ্ৰহী কৰি তোলা।

32. শিক্ষকৰ অৱসৰৰ বয়স সাধাৰণতে কিমান বছৰ হ'ব লাগে?

উত্তৰঃ শিক্ষকৰ অৱসৰৰ বয়স সাধাৰণতে ৬০ বছৰ হ'ব লাগে।

33. বৃত্তিগত শিক্ষা কি?

উত্তৰঃ বৃত্তিগত শিক্ষা হ'ল এক প্ৰক্ৰিয়া যত পুৰুষ-মহিলাই নিজৰ বৰ্তমানৰ বৃত্তিৰ ক্ষেত্ৰত অধিক সক্ষমতা আৰু পাণ্ডিত্য লাভ কৰে।

34. চিকিৎসা শিক্ষা মেডিকেল কলেজত নামভৰ্তিৰ সংখ্যা কিমান জনতকৈ অধিক হ'ব নোৱাৰিব।

উত্তৰঃ চিকিৎসা শিক্ষা মেডিকেল কলেজত নামভৰ্তিৰ সংখ্যা ১০০ জনতকৈ অধিক হ'ব নোৱাৰিব।

35. কি কি পদ্ধতিৰ চিকিৎসাশাস্ত্ৰৰ গৱেষণাৰ বাবে সুবিধা প্ৰদান কৰিব লাগে?

উত্তৰঃ আৰ্য়ুবেদিক আৰু ইউনানি পদ্ধতিৰ চিকিৎসাশাস্ত্ৰৰ গৱেষণাৰ বাবে সুবিধা প্ৰদান কৰিব লাগে।

36. অভিযান্ত্ৰিকৰ শিক্ষকৰসকলক কি স্বৰূপে নামাকৰণ কৰিব লাগে?

উত্তৰঃ অভিযান্ত্ৰিকৰ শিক্ষকৰসকলক 'অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিজ্ঞান শিক্ষক' স্বৰূপে নামাকৰণ কৰিব পাৰি।

37. কি অঞ্চলৰ শিক্ষা অতি গুৰুত্বপূৰ্ণ?

উত্তৰঃ গ্ৰাম্য অঞ্চলৰ শিক্ষআ অতি গুৰুত্বপূৰ্ণ।

38. ছাত্ৰ-ছাত্ৰীসকলে অতি কমেও কেইটা ভাষা জানিব লাগে আৰু কি কি?

উত্তৰঃ ছাত্ৰ-ছাত্ৰীসকলে অতি কমেও তিনিটা ভাষা জানিব লাগে আৰু সেইকেইটা হ'লঃ- মাতৃভাষা, কেন্দ্ৰীয় ভাষা আৰু ইংৰাজী।

39. হোষ্টেলত আবাসীৰ সংখ্য়া কিমান জনতকৈ অধিক হ'ব নালাগে?

উত্তৰঃ হোষ্টেলত আবাসীৰ সংখ্য়া ৫০ জনতকৈ অধিক হ'ব নালাগে।

40. কিমান চনৰ কিমান তাৰিখে সংবিধান বলবৎ হোৱাৰ আগতেই বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ খচৰা আৰু চূড়ান্ত প্ৰতিবেদন প্ৰকাশিত হৈছিল।

উত্তৰঃ ১৯৫০ চনত ২৬ জানুৱাৰী তাৰিখে সংবিধান বলবৎ হোৱাৰ আগতেই বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ খচৰা আৰু চূড়ান্ত প্ৰতিবেদন প্ৰকাশিত হৈছিল।

41. কিমান চনৰ পৰা আয়েগৰ ক্ষমতা আৰু কৰ্তৃত্বৰ বিস্তাৰ কৰা হয়।

উত্তৰঃ ১৯৫৮ চনৰ পৰা আয়োগৰ ক্ষমতা আৰু কৰ্তৃত্বৰ বিস্তাৰ কৰা হয়।


Author: Ikhant Bora