মনোদৰ্শন আৰু কাৰ্টেছিয়ান দ্বৈতবাদ 

 

চমু প্ৰশ্ন-উত্তৰঃ

1. What is philosophy of mind?

মনোদৰ্শন কাক বোলে?

উত্তৰঃ মানৱ মনৰ উৎপত্তি, গঠন, বিকাশ, মানসিক ঘটনা, আচাৰ- ব্য়ৱহাৰ, দেহ-মনৰ সম্বন্ধ ইত্য়াদি সম্পৰ্কে সামগ্ৰিক ভাৱে এক আদৰ্শনিষ্ঠ আলোচনাক মনোদৰ্শন বোলা হয়।


2. What is psychology?

মনোবিজ্ঞান কাক বোলে?

উত্তৰঃ মনোবিজ্ঞান হল মন সম্পৰ্কীয় বিজ্ঞান যত বিভিন্ন মানসিক ক্ৰিয়া-প্ৰক্ৰিয়াৰ বস্তুনিষ্ঠ আলোচনা কৰা হয়।


3. Why psychology is called the 'science of mind'?

মনোবিদ্য়াক কিয় 'মনৰ বিজ্ঞান বুলি' কোৱা হয়?

উত্তৰঃ  মনোবিজ্ঞানত মন সম্পৰ্কীয় বিজ্ঞানসন্মত আলোচনা কৰা হয় বাবে ইয়াক মনৰ বিজ্ঞান বুলি কোৱা হয়।


4. Name the philosopher who for the first time used the term 'psychology'.

পোন প্ৰথমে 'psychology' শব্দটো ব্য়ৱহাৰ কৰা দাৰ্শনিক গৰাকীৰ নাম লিখা।

উত্তৰঃ গোক্লেনিয়াছ।


5. Name any two psychologists.

যিকোনো দুজন মনোবিজ্ঞানীৰ নাম লিখা।

উত্তৰঃ যিকোনো দুজন মনোবিজ্ঞানীৰ নাম হল-

i) উইলহেম উণ্ডৰ

ii) উইলিয়াম জেমছ


6. State Stout's definition of psychology.

ষ্টাউটৰ মনোবিজ্ঞানৰ সংজ্ঞাটো উল্লেখ কৰা।

উত্তৰঃ ষ্টাউটৰ মতে, '' মনোবিজ্ঞান হল, মানসিক অৱস্থা বা মানসিক জীৱন সম্পৰ্কীয় অধ্য়য়ন।''


7. What are the three faculties of mind?

মনৰ তিনিটা বৃত্তি কি কি ?

উত্তৰঃ মনৰ তিনিটা বৃত্তি হল-

i) চিন্তা

ii) অনুভূতি

iii) ইচ্ছা


8. 'Psychology is the science of soul.' Name the philosopher who associated with this statement.

'' মনোবিদ্য়া হল আত্মা সম্পৰ্কীয় বিজ্ঞান।'' এই উক্তিটোৰ লগত জড়িত দাৰ্শনিক গৰাকীৰ নাম লিখা।

উত্তৰঃ প্লেটো।


9. 'Psychology is the science of consciousness.' who said this?

'' মনোবিজ্ঞান হল চেতনা সম্পৰ্কীয় বিজ্ঞান''। কোনে কৈছে?

উত্তৰঃ উইলহেম উণ্ডৰ।


10. 'Psychology is the Science of Behaviour.' who said this?

 ''মনোবিজ্ঞান হল আচৰণ সম্পৰ্কীয় বিজ্ঞান।'' কোনে কৈছে?

উত্তৰঃ জে.বি. ওৱাটছনে।


11. 'Psychology is the Science of Human Behaviour and Mental Activities.' Name the philosopher who associated with this statement.

'' মনোবিজ্ঞান হল ব্য়ক্তিৰ আচৰণ আৰু মানসিক ক্ৰিয়াৰ বিজ্ঞান।'' এই উক্তিটোৰ লগত জড়িত দাৰ্শনিকৰ নাম লিখা।

উত্তৰঃ ষ্টনলি হল আৰু  উইলিয়াম জেমছ।


12. State Guilford definition of psychology.

গিলফোৰ্ডৰ মনোবিজ্ঞানৰ সংজ্ঞাটো উল্লেখ কৰা।

উত্তৰঃ গিলফোৰ্ডৰ মতে, মনোবিজ্ঞান হল মানুহৰ মানসিক ক্ৰিয়া-প্ৰতিক্ৰিয়া সম্পৰ্কীয় বিজ্ঞানসন্মত অধ্য়য়ন''।


13. Name the Philosopher who is associated with cartesian dualism.

কাৰ্টেছিয়ান দ্বৈতবাদৰ লগত জড়িত দাৰ্শনিক গৰাকীৰ নাম লিখা।

উত্তৰঃ ৰেণে ডেকাৰ্ট।


13. Was Descartes a rationalist?

ডেকাৰ্ট এগৰাকী বুদ্ধিবাদী নে?

উত্তৰঃ হয়।


14. Who is the propounder of  famous dictum 'cogito ergo sum'?

'মই চিন্তা কৰো, গতিকে মই অস্তিত্বশীল' উক্তিটোৰ প্ৰৱক্তা কোন?

উত্তৰঃ ৰেণে ডেকাৰ্ট।


15. What is Descartes dualism?

ডেকাৰ্টৰ দ্বৈতবাদ বুলিলে কি বুজায়?

উত্তৰঃ  ডেকাৰ্টৰ দৈতবাদ বুলিলে দেহ-মন সম্পৰ্কীয় মতবাদক বুজায়।


16. Name any two books of Ryle?

ৰাইলৰ যিকোনো দুখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ ৰাইলৰ যিকোনো দুখন গ্ৰন্থৰ নাম হল-

i) The Concept of mind

ii)Plato's progress ।


17. Who is the author of 'The Concept of Mind'?

'The Concept of Mind' গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ ৰাইল।


18. Ryle refuted the dualism of Plato/ Descartes.

                              ( choose the correct alternative)

ৰাইলে প্লেটো/ ডেৰ্কাটৰ দ্বৈতবাদ খণ্ডন কৰিছে। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)

উত্তৰঃ ডেকাৰ্টৰ ।


19. Which of the following is Ryle's disparaging name for what he calls ''the official doctrine''?

তলৰ কোনটো ৰাইলৰ 'কাৰ্যালয় মতবাদ'ৰ অৱজ্ঞাসূচক নাম?

a) The dogma of the Unmoved Mover

  নিশ্চল চালকৰ ধাৰণা

b) The dogma of the ghost in the machine

  যন্ত্ৰত ভূতৰ ধাৰণা

c) The dogma of the mind and body dualism

দেহ আৰু মনৰ দ্বৈতবাদী ধাৰণা

উত্তৰঃ যন্ত্ৰত ভূতৰ ধাৰণা।


20. What is meant by 'Descartes Myth'?

'ডেকাৰ্টৰ মিথ বা ৰূপকথা' বুলিলে কি বুজা?

উত্তৰঃ দেহ আৰু মন সম্পৰ্কীয় ডেকাৰ্টৰ মতবাদক ডেকাৰ্ট মিথ বা ৰূপকথা বোলে।

        যেতিয়া আমি কোনো বিশেষ এক শ্ৰণীৰ তথ্য়ক এনেকুৱা কিছুমান বাক্য় ব্য়ৱহাৰৰ দ্বাৰা ব্য়ক্ত কৰা হয় যি বাক্য়- ব্য়ৱহাৰ সেই শ্ৰেণীৰ অনুৰূপ নহয়, বৰং তাৰ পৰা সম্পূৰ্ণৰূপে ভিন্ন শ্ৰেণীৰ অনুৰূপ ইয়াৰ পৰা যি উদ্ভৱ হয় সি কাল্পনিক ভাব বা ৰূপকথা বুজায়।


21. What does Ryle mean by the phrase ' the dogma of the ghost in the machine'?

'যন্ত্ৰত ভূতৰ ধাৰণা' ব্য়াক্য়াংশৰ দ্বাৰা ৰাইলে কি বুজাইছে?

উত্তৰঃ ৰাইলৰ মতে, 'যন্ত্ৰত ভূতৰ ধাৰণা' এইটো এনেকুৱা এটা ভূত যি সকলোতে আছে কিন্তু ক'তো নাই। ইয়াক যন্ত্ৰত ভূতৰ ধাৰণা বুলি কোৱাৰ কাৰণ হল- কাৰ্টেছিয়ান দ্বৈতবাদ অনুসৰি মন হল এনেকুৱা এটা সত্তা যি অজড় আৰু অপ্ৰত্য়ক্ষিত ভাৱে যান্ত্ৰিক দেহত অৱস্থান কৰে। এনেকুৱা এটা সত্তা যান্ত্ৰিক দেহত অৱস্থান কৰে বাবে ৰাইলে ইয়াক যন্ত্ৰত ভূতৰ ধাৰণা বুলি ব্য়ঙ্গ কৰিছে।


22. Philosophy of mind is a branch of psychology/ philosophy.

                                                              ( choose the correct answer)

মনোদৰ্শন হল মনোবিজ্ঞান/ দৰ্শনৰ এটি বিভাগ

                                                 ( শুদ্ধ উত্তৰটো লিখা)

উত্তৰঃ দৰ্শনৰ এটি বিভাগ।


23. What is the official doctrine?

কাৰ্যালয় মতবাদ কাক বোলে?

উত্তৰঃ মনৰ স্বৰূপ আৰু অৱস্থান সম্পৰ্কীয় যি মতবাদ তাত্ত্বিক মহল আৰু সাধাৰণ মানুহৰ মাজত প্ৰচলিত তাক কাৰ্যাসয় মতবাদ বোলে।


24. Name the philosopher whos view was primarily criticised by Ryle in his book 'The Concept of Mind'?

'The Concept of Mind' গ্ৰন্থখনত ৰাইলে প্ৰধানকৈ সমালোচনা কৰা দাৰ্শনিকজনৰ নাম লিখা।

উত্তৰঃ ডেকাৰ্ট।


ৰচনাধৰ্মী প্ৰশ্ন -উত্তৰঃ

1. What is psychology? What are the different definition of psychology. Explain.

মনোবিজ্ঞান কাক বোলে? মনোবিজ্ঞানৰ বিভিন্ন সংজ্ঞাবোৰ কি কি? ব্য়াখ্য়া কৰা।

উত্তৰঃ মনোবিজ্ঞান হল মন সম্পৰ্কীয় বিজ্ঞান যত বিভিন্ন মানসিক ক্ৰিয়া-প্ৰক্ৰিয়াৰ বস্তুনিষ্ঠ আলোচনা কৰা হয়। ইংৰাজী 'psychology' শব্দৰ অসমীয়া প্ৰতিশব্দ হৈছে 'মনোবিজ্ঞান'। দাৰ্শনিক গোক্লেনিয়াছ সৰ্বপ্ৰথম 'psychology' শব্দটো প্ৰৱৰ্তন কৰে। 'psyche' শব্দৰ অৰ্থ হল 'মন' আৰু 'logos' শব্দৰ অৰ্থ হল 'বিজ্ঞান'।গতিকে বুৎপত্তিগত দিশৰ পৰা মনোবিজ্ঞান হল মন সম্পৰ্কীয় বিজ্ঞানসন্মত আলোচনা। মনোবিজ্ঞান হল মন সম্পৰ্কীয় বিজ্ঞান যত বিভিন্ন মানসিক ক্ৰিয়া-প্ৰক্ৰিয়াৰ বস্তুনিষ্ঠ আলোচনা কৰা হয়। মনৰ বিভিন্ন অৱস্থা, ক্ৰিয়া- প্ৰক্ৰিয়া, মনৰ স্বৰূপ, নিয়ম আৰু পদ্ধতি আদি আৱিষ্কাৰ কৰা  আৰু তাৰ সঠিক ব্য়াখ্য়া কৰাই মনোবিজ্ঞানৰ কাম।

মনোবিজ্ঞান সম্পৰ্কীয় কিছুমান সংজ্ঞাক আলোচনা কৰা হল-

i) মনোবিজ্ঞান আত্মা সম্পৰ্কীয় বিজ্ঞানঃ মনোবিজ্ঞানৰ সংজ্ঞাৰ প্ৰথম পৰ্যায়ত প্লেটো, এৰিষ্টটল প্ৰভৃতি দাৰ্শনিকসকলে আত্মা সম্পৰ্কীয় বিজ্ঞান বুলি অভিহিত কৰিছে। গ্ৰীক দাৰ্শনিক প্লেটোৰ মতে, ''মনোবিজ্ঞান হল আত্মা সম্পৰ্কীয় বিজ্ঞান''। অৰ্থাৎ আত্মা সম্পৰ্কীয় বিজ্ঞানসন্মত আলোচনাকে মনোবিজ্ঞান বোলা হয়। ইয়াত প্লেটোৱে 'আত্মা'ক 'মন' অৰ্থত বুজাইছে। কিন্তু এই সংজ্ঞাৰ দোষ হল এয়ে আত্মাক যিহেতু প্ৰত্য়ক্ষভাৱে বা পৰোক্ষভাৱে ইন্দ্ৰিয়- অভিজ্ঞতাৰ বিষয় হিচাপে গণ্য় কৰা নাযায়, গতিকে আত্মাক কেতিয়াও বিজ্ঞানসন্মত আলোচনাৰ বিষয়বস্তু কৰা নাযায়। তদুপৰি, মন বা আত্মা বুলিলে প্লেটোৱে কি বুজাইছে, সিও স্পষ্ট নহয়। গতিকে এই সংজ্ঞাটো মনোবিজ্ঞানৰ গ্ৰহণযোগ্য় সংজ্ঞা নহয়।

ii) মনোবিজ্ঞান চেতনা সম্পৰ্কীয় বিজ্ঞানঃ মনোবিজ্ঞানৰ সংজ্ঞাৰ দ্বিতীয় পৰ্যায়টো পৰিলক্ষিত হয় জাৰ্মান মনোবিজ্ঞানী উইলহেম উণ্ডৰ সংজ্ঞাত। তেওঁৰ মতে, '' মনোবিজ্ঞান হল চেতনা সম্পৰ্কীয় বিজ্ঞান''। ইয়াৰ অৰ্থ হল চেতনা সম্পৰ্কীয় বিজ্ঞানসন্মত আলোচনাকে মনোবিজ্ঞান বোলা হয়। কিন্তু এই সংজ্ঞাটোও গ্ৰহণযোগ্য় নহয়। কাৰণ আত্মা বা মনক যিদৰে প্ৰত্য়ক্ষ কৰা নাযায়, সেইদৰে চেতনাকো প্ৰত্য়ক্ষ কৰা নাযায়।

iii) মনোবিজ্ঞান আচৰণ সম্পৰ্কীয় বিজ্ঞানঃ মনোবিজ্ঞানৰ সংজ্ঞাৰ তৃতীয় পৰ্যায় লক্ষ্য় কৰা যায় আচৰণবাদীসকলৰ সময়ত।আচৰণবাদী জে.বি. ওৱাটছনে মনোবিজ্ঞানৰ সংজ্ঞাত কৈছে - '' মনোবিজ্ঞান হল আচৰণ সম্পৰ্কীয় বিজ্ঞান''। অৰ্থাৎ জীৱৰ আচাৰ-আচৰণ সম্পৰ্কীয় বিজ্ঞানসন্মত আলোচনাক মনোবিজ্ঞান বোলা হয়।মনোবিজ্ঞানৰ এই সংজ্ঞাক কিছু পৰিমাণে সন্তোষজনক বুলি গ্ৰহণ কৰা হৈছিল। কাৰণ জীৱৰ আচৰণ প্ৰত্য়ক্ষযোগ্য় আৰু সেয়ে ইয়াৰ বিজ্ঞানসন্মত আলোচনা সম্ভৱ। কিন্তু মনোবিজ্ঞানক কেৱল আচৰণৰ বিজ্ঞান বুলি ভাবিলে ভুল হব। কাৰণ জীৱৰ আচৰণ কেতিয়াও যান্ত্ৰিক নিয়মত নঘটে, ইয়াৰ এক অভিপ্ৰায় বা উদ্দেশ্য় থাকে।মানুহৰ আচৰণ প্ৰকাশ পায় তেওঁৰ মানসিক বৃত্তি অনুযায়ী।

iv) মনোবিজ্ঞান হল ব্য়ক্তিৰ আচৰণ আৰু মানসিক ক্ৰিয়াৰ বিজ্ঞানঃ মনোবিজ্ঞানৰ সংজ্ঞাৰ চতুৰ্থ পৰ্যায় পোৱা যায় বিংশ শতিকাৰ শেষৰ ফালে। এই সময়ত দাৰ্শনিকসকলে স্বীকাৰ কৰিছে যে মনোবিজ্ঞান জীৱৰ আচৰণৰ লগত মানসিক ক্ৰিয়া- প্ৰক্ৰিয়া সম্পৰ্কীয় বিজ্ঞান। ষ্টানলি হল আৰু উইলিয়াম জেমছে মনোবিজ্ঞানৰ সংজ্ঞা নিৰ্ধাৰণ কৰি কৈছে যে, ''মনোবিজ্ঞান হল ব্য়ক্তিৰ আচৰণ আৰু মানসিক ক্ৰিয়াৰ বিজ্ঞান''। অৰ্থাৎ ব্য়ক্তিৰ আচৰণৰ লগতে তেওঁৰ মানসিক ক্ৰিয়া বা অভিপ্ৰায়, উদ্দেশ্য় ইত্য়াদি সম্পৰ্কীয় বিজ্ঞানসন্মত আলোচনাক মনোবিজ্ঞান বোলা হয়। মনোবিজ্ঞানৰ এই সংজ্ঞাক এটি উন্নত সংজ্ঞা হিচাপে বিবেচনা কৰা হয়। 


2. Distinguish between psychology and philosophy of mind.

 মনোবিদ্য়া আৰু মনোদৰ্শনৰ পাৰ্থক্য় নিৰূপণ কৰা।

উত্তৰঃ মনোবিদ্য়া আৰু মনোদৰ্শনৰ পাৰ্থক্য় হল-

i) মনোবিজ্ঞান বস্তুনিষ্ঠ বিজ্ঞান; আনহাতে মনোদৰ্শন আদৰ্শনিষ্ঠ বিজ্ঞান।মনৰ উৎপত্তি, বিকাশ, মানসিক ঘটনা বা অৱস্থা আদি যেনেকুৱা তাক তেনেদৰেই আলোচনা কৰা হয় মনোবিজ্ঞানত। কিন্তু মনোদৰ্শন মানৱ কল্য়াণক আদৰ্শ হিচাপে লৈ মানৱ মনৰ বিভিন্ন ক্ৰিয়া-প্ৰক্ৰিয়া, মানসিক অৱস্থা বা ঘটনাসমূহ সম্পৰ্কে মূল্য়ায়ন কৰে।

ii) মনোবিজ্ঞান তথ্য়মূলক বা বৰ্ণনামূলক; আনহাতে, মনোদৰ্শন সমালোচনামূলক বা মূল্য়ায়নমূলক।বস্তুনিষ্ঠ বিজ্ঞান হিচাপে মনোবিজ্ঞানত । বস্তুনিষ্ঠ বিজ্ঞান হিচাপে মনোবিজ্ঞানত মানৱ মনত যি আছে বা ঘটে তাক তেনেদৰে তুলি ধৰা হয়। কিন্তু মনোদৰ্শনত মানৱ জীৱনৰ সামগ্ৰিক স্বাৰ্থত বিভিন্ন মানসিক অৱস্থা, মানৱ আচাৰ-আচৰণ গুণ-দোষ নিৰ্ণয় কৰা হয়। গতিকে মনোদৰ্শন সমালোচনাত্মক।

iii) মনোবিজ্ঞান আলোচনা অভিজ্ঞতাভিত্তিক ; কিন্তু মনোদৰ্শনৰ আলোচনা চিন্তামূলক। পৰ্যবেক্ষণলব্ধ বিভিন্ন মানসিক ঘটনাৰ ভিত্তিত মনোবিজ্ঞান নিৰ্ভৰশীল। কিন্তু মনোদৰ্শনত মানসিক ঘটনা আৰু ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মূল্য় নিৰ্ধাৰণ কৰিবলৈ বিচাৰ-বুদ্ধিৰ সহায় লোৱা হয়।

iv) মনোবিজ্ঞান তাত্ত্বিক; কিন্তু মনোদৰ্শন ব্য়ৱহাৰিক। মনোদৰ্শনৰ এটা ব্য়ৱহাৰিক দিশ আছে। মনোদৰ্শনে মানৱ কল্য়াণৰ আদৰ্শত প্ৰয়োজনীয় পথ-নিৰ্দেশৰ মাধ্য়মত ব্য়ক্তিৰ মানসিক আচৰণক আদৰ্শমুখী কৰি তোলে।

v) মনোবিজ্ঞানৰ উদ্দেশ্য় হৈছে মন সম্পৰ্কে সামগ্ৰিক জ্ঞান প্ৰদান। কিন্তু মনোদৰ্শনৰ উদ্দেশ্য় হৈছে কল্য়াণ সাধন কৰা।


3. What is Descartes myth?

'ডেকাৰ্টৰ মিথ বা ৰূপকথা' কি?

উত্তৰঃ দেহ আৰু মন সম্পৰ্কীয় ডেকাৰ্টৰ এই মতবাদক ৰাইলে 'ডেৰ্কাটৰ মিথ বা ৰূপকথা' বুলি অভিহিত কৰিছে। তেওঁৰ মতে, যেনেদৰে শাস্ত্ৰত পৰীৰ ৰূপকথাৰ ব্যাখ্য়া পোৱা যায়, কিন্তু বাস্তুৱ তাৰ অনুৰূপ কোনো পৰী নাই, তেনেদৰে ডেৰ্কাটৰ মন সম্পৰ্কীয় ধাৰণাৰও এটি ৰূপকথাৰ বাহিৰে আন একো নহয়। ৰাইল মতে, যেতিয়া আমি কোনো বিশেষ এক শ্ৰেণীৰ তথ্য়ক এনেকুৱা বাক্য়ৰ ব্য়ৱহাৰৰ দ্বাৰা ব্য়ক্ত কৰোঁ যি বাক্য়-ব্য়ৱহাৰ সেই শ্ৰেণীৰ অনুৰূপ নহয়, বৰং তাৰ পৰা সম্পূৰ্ণৰূপে ভিন্ন শ্ৰেণীভক্ত; ইয়াৰ পৰা যি উদ্ভৱ হয় সি কাল্পনিক ভাব বা ৰূপকথা। ইয়াক ৰাইলে 'যন্ত্ৰত ভুতৰ ধাৰণা' বুলি ব্য়ঙ্গ কৰিছে। ৰাইলৰ মতে, এইটো এনেকুৱা এটা ভূত যি সবতে আছে কিন্তু কতো নাই। ইয়াক যন্ত্ৰত ভূতৰ ধাৰণা বুলি কোৱাৰ মূল কাৰণ হল, কাৰ্টেছিয়ান দ্বৈতবাদ অনুসৰি মন হল এনেকুৱা এটা সত্তা যি অজড় আৰু অপ্ৰত্য়ক্ষিতভাৱে যান্ত্ৰিক দেহত অৱস্থান কৰে। এনেকুৱা এটা সত্তা যান্ত্ৰিক দেহত অৱস্থান কৰে বাবে ৰাইলে ইয়াক যন্ত্ৰত ভুতৰ ধাৰণা বুলি ব্য়ঙ্গ কৰিছে।


4. Explain the problem of cartesian dualism.

কাৰ্টেছিয়ান বা ডেকাৰ্টৰ দ্বৈতবাদৰ সমস্য়া বিষয়ে ব্য়াখ্য়া কৰা।

উত্তৰঃ ব্ৰিটিছ দাৰ্শনিক গিলবাৰ্ট ৰাইলে ডেকাৰ্টৰ মন-দেহৰ দ্বৈতবাদক দৰ্শনৰ ইতিহাসত দ্বৈতবাদৰ 'আধুনিক সূত্ৰ' হিচাপে স্বীকৃতি দি ডেকাৰ্টৰ এই সূত্ৰটোক এক সুকীয়া মাত্ৰা প্ৰদান কৰিলে। গিলবাৰ্ট ৰাইলৰ 'The Concept of Mind' গ্ৰন্থখনি প্ৰকাশিত হয় 1949 চনত। এই গ্ৰন্থখনত তেওঁ মন সম্পৰ্কীয় সকলোবোৰ ভ্ৰান্ত ধাৰণাক খণ্ডন কৰিছে। এইটো কৰিবলৈ গৈ তেওঁ কাৰ্টেছিয়ান দ্বৈতবাদ অৰ্থাৎ দেহ আৰু মনৰ দ্বৈতবাদক খণ্ডন কৰিছে। দেহ আৰু মন সম্পৰ্কীয় যি মতবাদ কাৰ্টেছিয়ান সকলে, বিশেষকৈ ডেকাৰ্টে আগবঢ়াইছে তাক ৰাইলে অফিচিয়াল মতবাদ বা স্বীকৃত মতবাদ বুলি মন্তব্য় কৰিছে। ৰাইলে কৈছে যে, মনৰ স্বৰূপ আৰু অৱস্থান সম্পৰ্কীয় যি মতবাদ তাত্ত্বিক মহল আৰু সাধাৰণ মানুহৰ মাজত অতি প্ৰচলিত তাক অফিচিয়াল মতবাদ হিচাপে ব্য়াখ্য়া কৰাটোৱেই যুক্তিযুক্ত। ৰাইলে ইয়াক 'কাৰ্টেছিয়ান মডেল', 'যন্ত্ৰত ভূত', আৰু 'পেৰা মেকানিকাল প্ৰকল্প' বুলিও অভিহিত কৰিছে।

                মন আৰু দেহ সম্পৰ্কীয় মতবাদৰ মূখ্য় প্ৰৱক্তা হল ৰেণে ডেকাৰ্ট। ডেকাৰ্টে ভাবিছিল যে মন আৰু দেহক যদি দ্ৰৱ্য় হিচাপে ধৰা নহয় তেনেহলে ব্য়ৱহাৰিক জগতখনৰ অস্তিত্বক সাব্য়স্ত কৰা সহজসাধ্য় নহব, আৰু ব্য়ৱহাৰিক জগতখনলৈ মন কৰিলে দেখা যায় যে জগতখন প্ৰধানকৈ মন আৰু দেহৰ দ্বাৰাই গঠিত। তেওঁ কৈছে যে এই মন আৰু দেহ ইটো সিটোৰ পৰা স্বতন্ত্ৰ। অস্তিত্বৰ বাবে ইহতে এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়। ডেকাৰ্ট আৰু তেওঁৰ অনুগামীসকল অভিমত অনুসৰি প্ৰত্য়েক মানুহ এটা এটাকৈ দেহ আৰু মনৰ সমবায়ত গঠিত। কেৱল নিৰ্বোধ ব্য়ক্তি আৰু অবোধ শিশুৰ ক্ষেত্ৰত মন সম্পৰ্কীয় প্ৰশ্নটো অলপ বেলেগে উথাপিত হয়। কিন্তু তথাপি মানুহে এইটো কোৱাত অগ্ৰাধিকাৰ দিয়ে যে প্ৰত্য়েক মানুহৰ একো একোটা দেহ আৰু একো একোটা মন আছে। মানৱ দেহ আৰু মন সাধাৰণতে একেলগে সজ্জিত কৰা হৈছে, কিন্তু মানৱ দেহৰ মৃত্য়ুৰ পিছত তেওঁৰ মনৰ সত্তাৰ বিনাশ নহয় আৰু ইয়াৰ কাৰ্যাৱলীও লোপ নাপায়।

                    দেহ আৰু মন সম্পৰ্কীয় ডেকাৰ্টৰ এই মতবাদক ৰাইলে 'ডেকাৰ্টৰ মিথ বা ৰূপকথা' বুলি অভিহিত কৰিছে। তেওঁৰ মতে, যেনেদৰে শাস্ত্ৰত পৰীৰ ৰূপকথাৰ ব্য়াখ্য়া পোৱা যায়, কিন্তু বাস্তৱ তাৰ অনুৰূপ কোনো পৰী নাই, তেনেদৰে ডেকাৰ্টৰ মন সম্পৰ্কীয় ধাৰণাও এটি ৰূপকথাৰ বাহিৰে আন একো নহয়। ৰাইলৰ মতে, যেতিয়া আমি কোনো বিশেষ এক শ্ৰেণীৰ তথ্য়ক এনেকুৱা বাক্য়ৰ ব্য়ৱহাৰৰ দ্বাৰা ব্য়ক্ত কৰোঁ যি বাক্য়-ব্য়ৱহাৰ সেই শ্ৰেণীৰ অনুৰূপ নহয়, বৰং তাৰ পৰা সম্পূৰ্ণৰূপে ভিন্ন শ্ৰেণীভূক্ত, ইয়াৰ পৰা যি উদ্ভৱ হয় সি কাল্পনিত ভাব বা ৰূপকথা। ইয়াকে ৰাইলে 'যন্ত্ৰত ভূতৰ ধাৰণা' বুলি কৈছে। ৰাইলৰ মতে, এইটো এনেকুৱা এটা ভূত যি সবতে আছে কিন্তু কতো নাই। ইয়াক যন্ত্ৰত ভূতৰ ধাৰণা বুলি কোৱাৰ মূল কাৰণ হল, কাৰ্টেছিয়ান দ্বৈতবাদ অনুসৰি মন হল এনেকুৱা এটা সত্তা যি অজড় আৰু অপ্ৰত্য়ক্ষিতভাৱে যান্ত্ৰিক দেহত অৱস্থান কৰে। এনেকুৱা এটা সত্তা যান্ত্ৰিক দেহত অৱস্থান কৰে বাবে ৰাইলে ইয়াক যন্ত্ৰত ভূতৰ ধাৰণা বুলি ব্য়ঙ্গ কৰিছে।


5.  What is category mistake? Explain the category mistake. 

 শ্ৰেণীগত ভ্ৰান্তি মানি কি? শ্ৰেণীগত ভ্ৰান্তিৰ ব্য়াখ্য়া কৰা।

উত্তৰঃ ডেকাৰ্টৰ দ্বৈতবাদক ৰাইলে তেওঁৰ 'The Concept of Mind' গ্ৰন্থত খণ্ডন কৰিছে। ৰাইলে কৈছে যে ডেকাৰ্টে তেওঁৰ দ্বৈতবাদত বিশেষ এক ধৰণৰ ভুল কৰিছে যাক 'শ্ৰণীগত বিভ্ৰান্তি' বুলি কোৱা হয়। শ্ৰণীগত বিভ্ৰান্তি কেৱল মাত্ৰ বিভিন্ন ভ্ৰান্তিৰ একত্ৰীকৰণ বা মিলন নহয়। এইটো এটা ডাঙৰ ভুল। ৰাইলে কৈছে যে এইটো বিশেষ বিশেষ বিভ্ৰান্তিৰ একত্ৰীকৰণ নহয়। এইটো এটা ডাঙৰ বিভ্ৰান্তি আৰু এটা স্বতন্ত্ৰ ধৰণৰ বিভ্ৰান্তি- এইটো হল শ্ৰেণীগত বিভ্ৰান্তি। এই ভ্ৰান্তি সেই মানসিক অৱস্থাক প্ৰতিনিধিত্ব কৰে যত এটা শ্ৰেণীক কোনো তৰ্কীয় শ্ৰেণীৰ অন্তৰ্ভূক্ত বুলি ধাৰণা কৰা হয়, কিন্তু দৰাচলতে ই তথ্য়গতভাৱে অন্য় কোনো শ্ৰেণীৰ অন্তৰ্ভূক্ত। অৰ্থাৎ ৰাইলৰ মতে কাৰ্টেছিয়ান দ্বৈতবাদ এক বিশেষ ধৰণৰ ভ্ৰান্তিত ভোগে যি সম্পূৰ্ণৰূপে ভুল শ্ৰেণীকৰণৰ ওপৰত প্ৰতিষ্ঠিত।

        গিলবাৰ্ট ৰাইলৰ মতে, কাৰ্টেছিয়ান এই মতবাদটো শ্ৰেণীগত বিভ্ৰান্তিত ভোগে। শ্ৰেণীগত বিভ্ৰান্তি সংঘটিত হয় তেতিয়া যেতিয়া তৰ্কীয়ভাৱে নিৰ্দিষ্ট শ্ৰেণীৰ ধাৰণা এটা গঠণ কৰা হয় কিন্তু সেই ধাৰণাটো বিশেষ শ্ৰেণীৰ অন্তৰ্ভূক্ত নহয়। অৰ্থাৎ এটা শ্ৰণীক আন এটা শ্ৰণীৰ অন্তৰ্ভূক্ত বুলি ভাবিলে শ্ৰেণীগত বিভ্ৰান্তি সংঘটিত হয়। ৰাইলে তেওঁৰ মূল্য়বান গ্ৰন্থ 'The Concept of Mind'ত উদাহৰণৰ সহায়ত শ্ৰেণীগত বিভ্ৰান্তিৰ ধাৰণাটো ব্য়াখ্য়া কৰিছে। উদাহৰণ সমূহ তলত ব্য়াখ্য়া কৰা হল-

প্ৰথমতে, ধৰা হল, এজন বিদেশীয়ে প্ৰথমবাৰৰ বাবে বিশ্ববিদ্য়ালয় পৰিদৰ্শন কৰিছে। তেওঁক বিশ্ববিদ্য়ালয়ৰ মহাবিদ্য়ালয়সমূহ, গ্ৰন্থালয়, খেল পথাৰ, মিউজিয়াম, গৱেষণাগাৰ, শ্ৰেণীকঠা, কাৰ্যালয় ইত্য়াদি দেখুওৱা হল। এই সকলোবোৰ বিষয় দেখাৰ পিছত ব্য়ক্তিজনে হঠাৎ সুধিলে- কিন্তু বিশ্ববিদ্য়ালয়খন ক'ত? মানুহজন এইবুলি কব পাৰে যে, মই মহাবিদ্য়ালয়ৰ সদস্য়সকল ক'ত থাকে দেখিলোঁ, ৰেজিষ্টাৰে ক'ত কাম কৰে মই দেখিলোঁ, বিজ্ঞানীসকলে কত পৰীক্ষা-নিৰীক্ষা চলায় আৰু বাকী বস্তুবোৰ কত কত আছে মই দেখিলোঁ। কিন্তু মই এতিয়াও বিশ্ববিদ্য়ালয়খন নেদেখিলোঁ। তেওঁক আমি হয়তো এইটো বুজাবলৈ চেষ্টা কৰিম যে আপুনি দেখা বস্তুবোৰৰ অতিৰিক্তভাৱে বিশ্ববিদ্য়ালয় বুলি কোনো স্বতন্ত্ৰ বস্তু নাই। বিশ্ববিদ্য়ালয় এখন গঠন হয় মহাবিদ্য়ালয়, শ্ৰণীকোঠা, অফিচ, গ্ৰন্থালয়, গৱেষণাগাৰ ইত্য়াদিৰ দ্বাৰা। ইয়াত মানুহজনে বিশ্ববিদ্য়ালয়ক আন আন অনুষ্ঠান-প্ৰতিষ্ঠানৰ দৰে স্বতন্ত্ৰ এটা শ্ৰেণীগত বিভ্ৰান্তি সংঘটিত হৈছে।

দ্বিতীয়তে, ৰাজনীতি বিজ্ঞানৰ এজন ছাত্ৰই ব্ৰিটিছ, ফ্ৰান্স আৰু আমেৰিকাৰ সংবিধানৰ অধ্য়য়ন কৰিছে আৰু এই তিনিওখন সংবিধানৰ পাৰস্পৰিক পাৰ্থক্য়ও অনুধাৱন কৰিছে। তেওঁ কেবিনেট, সংসদ, মন্ত্ৰীপৰিষদ, ন্য়ায়ালয়, ইংলণ্ডৰ চাৰ্চ আদিৰ মাজৰ পাৰ্থক্য় উপলব্ধি কৰিছে। কিন্তু তেওঁক যদি সোধা হয়, ব্ৰিটিছ সংবিধানৰ লগত ইংলণ্ডৰ চাৰ্চ, হোম অফিচৰ সম্পৰ্ক কি, তেনেহলে তেওঁ বিমোৰত পৰে। তেওঁ এইটো বুজি নাপায় যে ব্ৰিটিছ সংবিধান ইংলণ্ডৰ চাৰ্চ আৰু হোম অফিচৰ দৰে কোনো সংস্থা নহয়। তেওঁ ব্ৰিটিছ সংবিধানক ইংলণ্ডৰ চাৰ্চ আৰু হোম অফিচৰ দৰে এটি স্বতন্ত্ৰ সংস্থা বুলি ভাবি শ্ৰেণীগত বিভ্ৰান্তি সংঘটিত কৰে। ৰাইলৰ মতে, ব্ৰিটিছ সংবিধান হোম অফিচৰ দৰে একে তৰ্কীয় শ্ৰেণীৰ অন্তৰ্ভূক্ত নহয়। ছাত্ৰজনে এইটো বুজি নাপাই শ্ৰেণীগত বিভ্ৰান্তিত পৰে।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)








Answer- Jipika Hazarika (27.04.2022)




Post ID :DABP003575