অধ্য়ায় - ১৪

 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতবৰ্ষত হোৱা সংস্কাৰসমূহ

অনুশীলনী

১। উত্তৰ দিয়া

ক) লর্ড কৰ্ণৱালিছৰ কাৰ্যবিধিখনক কি বুলি জনা যায়?

উত্তৰঃ কৰ্ণৱালিছ সংহিতা বুলি জনা যায়।


খ) ভাৰতত চিৰস্থায়ী বন্দবস্তু কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ লৰ্ড কৰ্ণৱালিছে ।


গ) কোনজন গৱৰ্ণৰ জেনেৰেলে ভাৰতত মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ লৰ্ড হেষ্টিংছে ।


ঘ) শিক্ষা সম্পৰ্কত চাৰ্লছ উডৰ প্ৰেৰণ পত্ৰ কোনজন ইংৰাজ গৱৰ্ণৰ জেনেৰেলে প্ৰস্তুত কৰিছিল?

উত্তৰঃ গবৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউচিয়ে শিক্ষা সম্পৰ্কত চাৰ্লছ উডৰ প্ৰেৰণ পত্ৰ প্ৰস্তুত কৰিছিল।


ঙ) ভাৰতত প্ৰথম মহিলাৰ আত্মজীৱনীখন কোনে লিখিছিল?

উত্তৰঃ কলিকতাৰ ৰাজসুন্দৰী দেৱীয়ে।

২। 'ক' অংশৰ লগত ‘খ’ অংশ মিলোৱা-

উত্তৰঃ ৰাজা ৰামমোহন ৰায়     = ব্ৰাহ্ম সমাজ।

            ৰামকৃষ্ণ পৰমহংসদেৱ  = ৰামকৃষ্ণ মিছন।

            ছাৰ ছৈয়দ আহমদ খান = আলিগড় আন্দোলন।

            গোৱিন্দ ৰাণাডে              = প্ৰাৰ্থনা সমাজ।

            দয়ানন্দ সৰস্বতী              = আৰ্য সমাজ।

৩। শুদ্ধ/অশুদ্ধ বিচাৰ কৰা –

ক) ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ৰাজশক্তি ৰূপে প্ৰতিষ্ঠা লাভ কৰাৰ সময়ত দিল্লীৰ সম্ৰাট গৰাকী আছিল ফাৰুখছিয়াৰ/বাহাদুৰ ছাহ দ্বিতীয়।

উত্তৰঃ ফাৰুখছিয়াৰ।


খ) ১৭৮১ খ্ৰীষ্টাব্দত ৱাৰেণ হেষ্টিংছে/লৰ্ড হেষ্টিংছে কলিকতাত মাদ্ৰাছা এখন খুলিছিল।

উত্তৰঃ ৱাৰণে হেষ্টিংছে।


গ) কোম্পানীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে/নতুন ৰাজ্য অধিগ্ৰহণৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সামৰিক বাহিনী গঠন কৰিছিল।

উত্তৰঃ নতুন ৰাজ্য় অধিগ্ৰহণৰ বাবে।


(ঘ) ছাৰ ছৈয়দ আহমেদ খান/নৱাব আব্দুল লতিফে এংলো অৰিয়েণ্টেল কলেজ স্থাপন কৰিছিল।

উত্তৰঃ ছাৰ ছৈয়দ  আহমদ খান।


ঙ) সত্যৰথ প্ৰকাশ গ্ৰন্থখনৰ ৰচক আছিল দয়ানন্দ সৰস্বতী/ৰাজা ৰামমোহন ৰায়।

উত্তৰঃ দয়ানন্দ সৰস্বতী।


৪। চমু টোকা লিখা—

(ক) ৰাজা ৰামমোহন ৰায়

উত্তৰঃ ৰাজা ৰামমোহন ৰায় এজন সমাজ-সংস্কাৰক আছিল। তেওঁ মূৰ্তিপূজাৰ বিৰোধী আছিল আৰু জাতিভেদহীন ভাৰতীয় সমাজ গঢ়িবলৈ চেষ্টা কৰিছিল। ৰাজা ৰামমোহন ৰায়ে ১৮২৮ খ্ৰীষ্টাব্দত ব্ৰাহ্মসভা পাতে আৰু পিছলৈ ১৮৩০ খ্ৰীষ্টাব্দত ই ব্ৰাহ্মসমাজ নাম লয়। ভাৰতীয় সমাজত প্ৰচলিত সতীদাহ প্ৰথা, কন্য়া শিশু হত্য়া আদি কুসংস্কাৰবোৰ আতঁৰ কৰাত ৰাজা ৰামমোহন ৰায়ে লৰ্ড উইলিয়াম বেণ্টিংকক সহায় কৰিছিল। 


(খ) ছাৰ ছৈয়দ আহমেদ খান

উত্তৰঃ ইছলামধৰ্মী লোকসকলক পাশ্চাত্য় শিক্ষাৰে শিক্ষিত কৰি তুলিবলৈ প্ৰচেষ্টা চলোৱা লোকসকলৰ ভিতৰত ছাৰ ছৈয়দ আহমেদ খানৰ নাম বিশেষভাৱে উল্লেখযোগ্য়। এওঁ ১৮৭৭ খ্ৰীষ্টাব্দত আলিগড়ৰ মুছলমান ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 'এংলো অৰিয়েণ্টল কলেজ' নামে এখন কলেজ স্থাপন কৰিছিল। ইয়াত বিজ্ঞান শিক্ষাৰ ওপৰত গুৰুত্ব হৈছিল। পিছলৈ ইয়াক আলিগড় বিশ্ববিদ্য়ালয়ৰ নামে নামকৰণ কৰা হয়। মুছলমান সমাজত প্ৰচলিত পৰ্দাপ্ৰথা, বহু বিবাহ, বাল্য় বিবাহ আদি প্ৰথাসমূহ বাধা আৰোপ কৰি জনজাগৰণৰ সৃষ্টি কৰিছিল।


(গ) স্বামী বিবেকানন্দ

উত্তৰঃ স্বামী বিবেকানন্দ ৰামকৃষ্ণ পৰমহংসৰ শিষ্য় আছিল। তেওঁৰ প্ৰকৃত নাম আছিল নৰেন্দ্ৰনাথ দত্ত। সকলো ধৰ্মৰ প্ৰতি সহনশীল হোৱাটো তেওঁৰ মতাদৰ্শ আছিল। ১৮৯৭ খ্ৰীষ্টাব্দত স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন নাম এক সংগঠনৰ প্ৰতিষ্ঠা কৰিছিল। এই সংগঠনৰ দ্ধাৰা তেওঁ গুৰু পৰমহংসৰ বাণীসমূহ সমাজত বিলোৱাৰ ব্য়ৱস্থা কৰিছিল।


(ঘ) দয়ানন্দ সৰস্বতী

উত্তৰঃ ১৮৭৫ খ্ৰীষ্টাব্দত পঞ্জাৱত স্থাপিত হোৱা আৰ্য সমাজৰ প্ৰতিষ্ঠাপক আছিল দয়ানন্দ সৰস্বতী। এওঁ এক ঈশ্বৰত বিশ্বাসী আছিল আৰু মূৰ্তি পূজাৰ বিৰোধিতা কৰিছিল। আৰ্য সমাজে জাতিভেদ প্ৰথা মানিছিল। বাল্য়বিবাহৰ বিৰোধিতা কৰিছিল, বিধৱা বিবাহৰ সাপেক্ষে মাত মাতিছিল আৰু যিসকল লোকে শিক্ষা গ্ৰহণ বা অন্য়ান্য় কাৰ্যৰ বাবে সাগৰ যাত্ৰা কৰিছিল তেনেলোক হিন্দু ধৰ্মৰ পৰিপন্থী নহয় বুলি দাবী কৰিছিল। স্বামী দয়ানন্দ সৰস্বতীয়ে ইছলাম ধৰ্মৰ দৰে হিন্দু ধৰ্মলৈও ধৰ্মান্তকৰণ ব্য়ৱস্থা কৰিছিল। এই ব্য়ৱস্থাটোক 'শুদ্ধি' বুলি কোৱা হৈছিল।

(ঙ) দেবেন্দ্ৰ নাথ ঠাকুৰ

উত্তৰঃ দেবেন্দ্ৰনাথ ঠাকুৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ পিতৃ আছিল। ৰাজা ৰামমোহন ৰায়ে প্ৰতিষ্ঠা কৰা ব্ৰাহ্ম সমাজৰ এওঁ এগৰাকী সহযোগী আছিল। এওঁ সতীদাহ প্ৰথা, কন্য়া শিশু হত্য়া আদি সমাজৰ কুসংস্কাৰবোৰৰ বিৰোধিতা কৰিছিল।


৫। ৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখা-

(ক) চিৰস্থায়ী বন্দবস্ত কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ চৰ্তবোৰ কি?

উত্তৰঃ চিৰস্থায়ী বন্দবস্ত লৰ্ড কৰ্ণৱালিছে প্ৰৱৰ্তন কৰিছিল। চিৰস্থায়ী বন্দবস্তৰ যোগেদি কোম্পানীৰ ৰাজহ বিভাগটো টনকিয়াল কৰিবলৈ চেষ্টা কৰা হৈছিল। ইয়াৰ চৰ্তবোৰ হ'ল-কৃষিভূমিসমূহ ভাগ ভাগ কৰি একোজন জমিদাৰৰ তত্ত্বাৱধানত দিয়া হৈছিল। জমিদাৰসকলে এটা নিৰ্ধাৰিত ৰাজহ ইষ্ট- ইণ্ডিয়া কোম্পানীক বাৰ্ষিক খাজনা হিচাপে দিব লাগিছিল। এই খাজনা দিব নোৱাৰিলে জমিদাৰী চৰকাৰৰ হাতলৈ গৈছিল।


(খ) ইংৰাজ শাসনত হোৱা বিচাৰ বিভাগীয় সংস্কাৰসমূহ কি কি?

উত্তৰঃ ইংৰাজৰ শাসনকালত ভাৰতৰ বিচাৰ বিভাগটোত কিছু সালসলনি কৰি সংস্কাৰ কৰিব বিচৰা হৈছিল। ইংৰাজ শাসনৰ আগতে ভাৰতীয় সাম্ৰাজ্য়বোৰৰ বিভিন্ন স্থানত বিভিন্ন আইন কানুন চলিছিল। তাৰ সলনি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ ভাৰততে এক ধৰণৰ আইন আদালত স্থাপন কৰিছিল। লৰ্ড কৰ্ণৱালিছে বিচাৰৰ সুবিধাৰ বাবে দেৱানী আৰু সদৰ নিজামত আদালত (ফৌজদাৰী গোচৰৰ আদালত)ৰ কিছু সালসলনি কৰিছিল। গৱৰ্ণৰ লৰ্ড হেষ্টিংছে ভাৰতীয় লোকক আদালতত নিয়োগ কৰিছিল আৰু ভাৰতীয় মুন্সিফসকলৰ ক্ষমতা বৃদ্ধি কৰি এই দেশৰ লোকসকলৰ প্ৰিয়পাত্ৰ হৈছিল।


(গ) ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ সংস্কাৰমূলক কামবোৰ কি আছিল?

উত্তৰঃ ঈশ্বৰ চন্দ্ৰ বিদ্য়াসাগৰ ভাৰতৰ এগৰাকী সমাজ সংস্কাৰক আছিল। এওঁৰ সংস্কাৰমূলক কামবোৰ উল্লেখ কৰা হ'ল - ঈশ্বৰ চন্দ্ৰ বিদ্য়াসাগৰে স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ বাবে সমাজখনক জগাই তুলিবলৈ চেষ্টা চলাইছিল। ইয়াৰ ফলত ১৯ শতিকাৰ মাজভাগত বহুতো মহিলাই ঘৰতেই শিক্ষা গ্ৰহণ কৰাৰ ব্য়ৱস্থা কৰি লৈছিল। ঈশ্বৰ চন্দ্ৰ বিদ্য়াসাগৰে বিধৱাবিবাহৰ ওপৰত গুৰুত্ব দিছিল আৰু নিজেও তেওঁৰ পুত্ৰৰ লগত এগৰাকী বিধৱা মহিলাক বিবাহ কৰাই দি সমাজত নিদৰ্শন দাঙি ধৰিছিল।


Answer Type- Janmoni Hazarika

Spelling Check By- Himadree Bora