অধ্যায়ঃ- ২ 

ঔপনিবেশিক ৰাজ্য আৰু আদৰ্শ 

(Colonial State and Ideology)



১। চমু প্ৰশ্নঃ 

(১) কিমান চনত তিনিটা প্ৰেচিডেন্সি বাহিনী ভাৰতীয় সেনাবাহিনীৰ সৈতে ঐক্যবদ্ধ হৈছিল? 
উত্তৰঃ- ১৮৯৫ চনত তিনিটা প্ৰেচিডেন্সি বাহিনী ভাৰতীয় সেনাবাহিনীৰ সৈতে ঐক্যবদ্ধ হৈছিল। 


(২) কিমান চনত তহচিলদাৰসকলক তেওঁলোকৰ পুলিচ কৰ্তব্যৰ পৰা আতৰ কৰা হৈছিল? 

উত্তৰঃ- ১৮০৭ চনত তহচিলদাৰসকলক তেওঁলোকৰ পুলিচ কৰ্তব্য়ৰ পৰা আতৰ কৰা হৈছিল। 


(৩) কিমান চনত ব্ৰিটিছ ৰাজ্যৰ পৰা পূৰ্ণ সাৰ্বভৌমত্ব ৰূপত বোম্ফে ঠাইখন লাভ কৰিছিল? 

উত্তৰঃ- ১৮৬৮ চনত ব্ৰিটিছ ৰাজ্যৰ পৰা পূৰ্ণ সাৰ্বভৌমত্ব ৰূপত বোম্ফে ঠাইখন লাভ কৰিছিল। 


(৪) মোগল সম্ৰাট দ্বিতীয় চাহ আলমে কিমান চনত কোম্পানীক বংগ, বিহাৰ, আৰু উৰিষ্য়াৰ দেৱানী অৰ্পণ কৰিছিল? 

উত্তৰঃ- মোগল সম্ৰাট দ্বিতীয় চাহ আলমে ১৭৬৪ চনত কোম্পানীক বংগ, বিহাৰ, আৰু উৰিষ্যাৰ দেৱানী অৰ্পণ কৰিছিল। 


(৫) কিমান চনত স্থাপিত চাৰিখন ভ্ৰাম্য়মান বা পৰ্য্য়টন প্ৰাদেশিক আদালতৰ পুনৰ গঠন কৰা হৈছিল? 

উত্তৰঃ- ১৭৯০ চনত স্থাপিত চাৰিখন ভ্ৰাম্য়মান বা পৰ্য্য়টন প্ৰাদেশিক আদালতৰ পুনৰ গঠন কৰা হৈছিল। 


(৬) কিমান চনত নাবিক ভাস্কো-ডা-গামাই ভাৰতলৈ অহা সাগৰীয় পথ আৱিষ্কাৰ কৰিছিল? 

উত্তৰঃ- ১৪৯৮ চনত নাবিক ভাস্কো-ডা-গামাই ভাৰতলৈ অহা সাগৰীয় পথ আৱিষ্কাৰ কৰিছিল। 


(৭) কিমান চনত আলিগড়ত মুছলীমসকলৰ শিক্ষাৰ বাবে এখন হাইস্কুল স্থাপন হৈছিল? 

উত্তৰঃ- ১৮৭৫ চনত আলিগড়ত মুছলীমসকলৰ শিক্ষাৰ বাবে এখন হাইস্কুল স্থাপন হৈছিল। 


(৮) কলিকতা, মাদ্ৰাজ আৰু বোম্বেত কিমান চনত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল? 

উত্তৰঃ- কলিকতা, মাদ্ৰাজ আৰু বোম্বেত ১৮৫৭ চনত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। 


(৯) কিমান চনৰ মে'ৰ বিখ্যাত কৰ্ণৱালিছৰ সংহিতাই পূৰ্বৰ পৰিৱৰ্তনবোৰ নিৰ্দিষ্ট কৰি আৰু নতুন সংস্কাৰ সাধন কৰি ব্ৰিটিছ ভাৰতীয় প্ৰশাসনৰ ভেটি শক্তিশালী কৰিছিল? 

উত্তৰঃ-১৭৯৩ চনৰ মে'ৰ বিখ্যাত কৰ্ণৱালিছৰ সংহিতাই পূৰ্বৰ পৰিৱৰ্তনবোৰ নিৰ্দিষ্ট কৰি আৰু নতুন সংস্কাৰ সাধন কৰি ব্ৰিটিছ ভাৰতীয় প্ৰশাসনৰ ভেটি শক্তিশালী কৰিছিল। 


(১০) কিমান চনত এখন নতুন আইন গ্ৰহণ কৰা হৈছিল আৰু এই আইনে ছুপ্ৰিম কোৰ্ট আৰু গভৰ্ণৰ জেনেৰেল আৰু কাউন্সিলৰ বিচাৰ ক্ষেত্ৰ স্পষ্টকৈ নিৰ্দ্ধাৰণ কৰি দিছিল? 

উত্তৰঃ- ১৭৮১ চনত এখন নতুন আইন গ্ৰহণ কৰা হৈছিল আৰু এই আইনে ছুপ্ৰিম কোৰ্ট আৰু গভৰ্ণৰ জেনেৰেল আৰু কাউন্সিলৰ বিচাৰ ক্ষেত্ৰ স্পষ্টকৈ নিৰ্দ্ধাৰণ কৰি দিছিল। 

১১) কিমান চনত ডাৰোগা পদ্ধতি আনুষ্ঠানিকভাৱে উঠাই দিয়া হৈছিল ।

উত্তৰঃ ১৮১২ চনত ডাৰোগা পদ্ধতি আনুষ্ঠানিকভাৱে উঠাই দিয়া হৈছিল ।

১২) লৰ্ড কৰ্ণৱালিছে গ্ৰহণ কৰা দ্বিতীয় নীতিটো কি আছিল ।

উত্তৰঃ লৰ্ড কৰ্ণৱালিছে গ্ৰহণ কৰা দ্বিতীয় নীতিটো আছিল প্ৰশাসনিক বিষয়ত কোনো প্ৰকৃত কৰ্তৃত্ব আৰু দায়িত্বৰ পৰা ভাৰতীয়সকলক বঞ্চিত কৰা ।

১৩) কিমান চনত আৰু কোন তিনিখন গাওঁক কেন্দ্ৰ কৰি কলিকতা মহানগৰীৰ সৃষ্টি হৈছিল ।

উত্তৰঃ ১৬৯০ চনত সূতানুতি, কালিঘাটা আৰু গোবিন্দপুৰ নামৰ তিনিখন গাওঁক কেন্দ্ৰ কৰি কলিকতা মহানগৰীৰ সৃষ্টি হৈছিল ।

১৪) কিমান চনত চাৰ্টাৰ আইন প্ৰৱৰ্তন কৰা হৈছিল ।

উত্তৰঃ ১৮১৩ চনত চাৰ্টাৰ আইন প্ৰৱৰ্তন কৰা হৈছিল । 

১৫)  কিমান চনত কলিকতাত মাদ্ৰাছা প্ৰতিষ্ঠা কৰা হৈছিল ।

উত্তৰঃ  ১৭৮১ চনত কলিকতাত মাদ্ৰাছা প্ৰতিষ্ঠা কৰা হৈছিল ।

১৬) বেনাৰসত প্ৰতিষ্ঠা কৰা সংস্কৃত কলেজৰ প্ৰধান উদ্দেশ্য কি আছিল ।

উত্তৰঃ বেনাৰসত প্ৰতিষ্ঠা কৰা সংস্কৃত কলেজৰ প্ৰধান উদ্দেশ্য আছিল হিন্দুসকলক আইন, সাহিত্য আৰু ধৰ্মীয় জ্ঞান প্ৰদান কৰা ।

১৭) ছুপ্ৰিম কোৰ্ট স্থাপন কৰাৰ প্ৰধান উদ্দেশ্য কি আছিল ।

উত্তৰঃ ছুপ্ৰিম কোৰ্ট স্থাপন কৰাৰ প্ৰধান উদ্দেশ্য আছিল কোম্পানীৰ কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ কৰা ।

১৮) কোম্পানীৰ ৰাজনৈতিক নীতি  আৰু আদৰ্শৰ লক্ষ্য কি আছিল ।

উত্তৰঃ কোম্পানীৰ ৰাজনৈতিক নীতি আৰু আদৰ্শৰ লক্ষ্য আছিল ভাৰতৰ ৰাজ্যবোৰ দখল কৰি সম্পদ আহৰণ কৰা । 

১৯) লৰ্ড বেলেছলীয়ে প্ৰৱৰ্তন কৰা নীতিটোৰ নাম কি ।

উত্তৰঃ  লৰ্ড বেলেছলীয়ে প্ৰৱৰ্তন কৰা নীতিটোৰ নাম হল কৰদ-মৈত্ৰী-নীতি ।

২০) কিমান চনত জন মিলডেনে ভাৰত ভ্ৰমণ কৰিছিল ।

উত্তৰঃ ১৫৯৯ চনত জন মিলডেনে ভাৰত ভ্ৰমণ কৰিছিল ।

২। চমুটোকা লিখা ।

ক) পুলিচ প্ৰশাসন 

উত্তৰঃ যেতিয়া ইংলিছ ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ১৭৬৫ চনত বংগ, বিহাৰ আৰু উৰিষ্যা দেৱানী লাভ কৰিছিল তাৰ পিছত বংগৰ ওপৰত কোম্পানীয়ে নিয়ন্ত্ৰণ প্ৰতিষ্ঠা কৰিছিল । সেই সময়ত দেশত মোগল পুলিচ পদ্ধতিৰ প্ৰচলন আছিল । মোগল পুলিচ পদ্ধতিৰ অধীনত ফৌজদাৰসকল গ্ৰাম্যজিলাৰ তত্ত্বাৱধানত আছিল, কটোৱালসকল নগৰৰ দায়িত্বত আছিল । গাওঁৰ প্ৰহৰীবোৰে গাওঁবোৰ চোৱাচিতা কৰিছিল আৰু জমিদাৰসকলৰ অধীনত গ্ৰাম্য আইন-শৃংখলাৰ দায়িত্ব আছিল । জমিদাৰসকলে প্ৰহৰীবোৰক নিয়ন্ত্ৰণ কৰিছিল আৰু বেতন দিছিল ।কোম্পানীৰ কৰ্তৃত্ব বৃদ্ধি হোৱাৰ লগে লগে এটা পুলিচ বাহিনী সৃষ্টিৰ প্ৰয়োজন হৈছিল । যিটোৱে আইন শৃংখলা ৰক্ষা কৰিছিল । দেশত বৃদ্ধি পোৱা অপৰাধবোৰ কোম্পানীৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছিল । যেতিয়া কোম্পানীয়ে জিলাৰ পুলিচ বিভাগৰ কাৰ্য্যৰ দায়িত্বত ইংৰাজ মেজিষ্ট্ৰেট নিয়োগ কৰি ফৌজদাৰসকলক অপসাৰণ কৰিছিল কিয়য়ো সেই সময়ত পুলিচৰ সকলো কাৰ্য জমিদাৰসকলে নিয়ন্ত্ৰণ কৰিছিল ।

নতুন ব্যৱস্থাই অপৰাধৰ হাৰ হ্ৰাস কৰাত  পৰ্যাপ্ত নাছিল যি সময়ত জমিদাৰসকলে নতুন ব্যৱস্থাৰ দুৰ্বল দিশবোৰৰ সুযোগ লৈ ব্যৱস্থাটোৰ অপব্যবহাৰ কৰিছিল । লৰ্ড কৰ্ণৱালিছে পুলিচ সংস্কাৰৰ অনুভল কৰিছিল আৰু তেওঁ পুলিচ সংগঠনটোৰ বহুতো পৰিৱৰ্তন কৰিছিল । কৰ্ণৱালিছে জমিদাৰসকলক পুলিচ ক্ষমতাৰ পৰা বঞ্চিত কৰিছিল, জিলাবোৰ থানাত ভাগ কৰিছিল আৰু প্ৰতি ৩০ কিঃমিঃৰ দূৰে-দূৰে ২০ জন পুলিচ প্ৰশাসনৰ এটা গোট বা এখন থানা স্থাপন কৰিছিল । 

খ) আইন

উত্তৰঃ  ভাৰতত দেৱানী বিচাৰ প্ৰশাসন ৰাজহ শাসনৰ সৈতে জড়িত আছিল আৰু ১৭৬৫ চনত দেৱানী অধিকাৰ প্ৰদানে এই দুয়োবিধ কাৰ্যকে সামৰি লৈছিল । ৰাজহৰ ক্ষেত্ৰত উপৰ্যুপৰি লাভ কৰা অভিজ্ঞতাই বিচাৰ প্ৰশাসনৰ এটা নিৰ্দিষ্ট পদ্ধতিৰ উদ্ভাৱনত সহায় কৰিছিল । এই অভিজ্ঞতাবোৰ বা পৰীক্ষাবোৰ ভূমি ৰাজহৰ সৈতে সংযোজিত আছিল । গতিকে দুয়োটা একে পদ্ধতিৰে বিকাশ লাভ কৰিছিল । 

ব্ৰিটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে বিভিন্ন উপায়েৰে ভাৰতত ৰাজ্য বা অঞ্চল দখল কৰিছিল । ১৮৬৮ চনত ব্ৰিটিছ ৰাজ্যৰ পৰা পূৰ্ণ সাৰ্বভৌমত্ব ৰূপত বোম্বে আৰু ঠাইখন লাভ কৰিছিল । 

কৰমণ্ডল উপকূলত ইংৰাজ কোম্পানীয়ে মাদ্ৰাজ আৰু ইয়াৰ সংলগ্ন অঞ্চলবোৰ কৰ্ণাটকৰ নৱাবৰ পৰা লাভ কৰিছিল । বংগদেশত দেৱানী প্ৰথাৰ দ্বৈত কৰ্তৃত্বৰ বাবে সমস্যা জটিল হৈ পৰিছিল । মোগল সম্ৰাট দ্বিতীয় ছাহ আলমে ১৭৬৪ চনত কোম্পানীক বংগ, বিহাৰ আৰু উৰিষ্যাৰ দেৱানী অৰ্পণ কৰিছিল । এনেদৰে কোম্পানী দেৱানী কাৰ্যত জড়িত হৈ পৰিছিল আৰু ইুয়ে অসামৰিক বা দেৱানী বিচাৰ বিভাগ অন্তৰ্ভূক্ত কৰিছিল । বংগৰ নৱাবে নিজামত কাৰ্য প্ৰয়োগ কৰিছিল আৰু ইয়াৰ দ্বাৰা তেওঁ আইন-শৃংখলা আৰু ফৌজদাৰী বিচাৰ প্ৰশাসন চলাইছিল । 

৩। ৰচনাধৰ্মী প্ৰশ্নঃ 

১। দেশীয় আৰু আধুনিক শিক্ষাৰ বিষয়ে লিখা ।

উত্তৰঃ ভাৰতবৰ্ষত নিয়মিত শিক্ষা পদ্ধতি প্ৰচলনৰ কৃতিত্ব বৃটিছসকলে অৰ্জন কৰিছিল । যেতিয়া বৃটিছসকল ভাৰতলৈ আহিছিল । ভাৰতৰ শিক্ষানুষ্ঠানবোৰ সম্পূৰ্ণৰূপে ব্যক্তিগত খণ্ডৰ অধীনত আছিল আৰু ৰাজ্যবোৰৰ সেইবোৰৰ ওপৰত কোনো অধিকাৰ নাছিল । সেই সময়ত দুই প্ৰকাৰৰ শিক্ষা অনুষ্ঠান আছিল পাঠশালা আৰু মাদ্ৰাছা বা মোক্তাব । সেই পাঠশালাবোৰ হিন্দুসকলৰ ধৰ্মীয় অনুষ্ঠান হিচাপে পৰিচিত আছিল আৰু মোক্তাববোৰ মছজিদৰ সৈতে সংযোজন কৰা আছিল । কিন্তু সেই সময়ৰ শিক্ষা পদ্ধতি সম্পূৰ্ণ আৰু নিয়মিত আছিল ।

১৭৬৫ চনত ইষ্ট-ইণ্ডিয়া কোম্পানী বংগদেশৰ শাসক হৈ পৰিছিল । ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে কিছুদিন ধৰি ভাৰতীয় প্ৰচলিত শিক্ষাৰ ওপৰত কোনো ধৰণৰ হস্তক্ষেপ কৰা নাছিল আৰু প্ৰচলিত পদ্ধতিৰে কোনো বাধা নোহোৱাকৈ শিক্ষানুষ্ঠানবোৰ বৰ্তি থাকিবলৈ অনুমতি দিছিল । সেই সময়ৰ ইংৰাজ চৰকাৰৰ নীতি অনুসৰণ কৰি কোৰ্ট অৱ ডিৰেক্টৰে ভাৰতীয় লোকৰ শিক্ষাক দায়িত্ব লবলৈ অস্বীকাৰ কৰিছিল আৰু ব্যক্তিগত খণ্ডতে শিক্ষা ব্যৱস্থা চলি থাকিব দিছিল ।  যিয়ে নহওক, ইষ্ট-ইণ্ডিয়া কোম্পানীৰ ভাৰতীয় বিষয়াসকলে কোৰ্ট অৱ ডিৰেক্টৰক শিক্ষাৰ উন্নতিৰ বাবে কোনো পদক্ষেপ লবলৈ আহ্বান জনাইছিল । প্ৰাচ্য শিক্ষাক আগ্ৰহ দিবলৈ কোম্পানীৰ চৰকাৰে কিছুমান আগ্ৰহজনক প্ৰচেষ্টা চলাইছিল । ৱাৰেণ হেষ্টিংছে নিজে জ্ঞানী হোৱা বাবে ১৭৮১ চনত পাৰ্চী আৰু আৰৱী শিক্ষা আৰু অধ্যয়নৰ বাবে কলিকতাত এখন মাদ্ৰাছা স্থাপন কৰিছিল ।  এই মাদ্ৰাছাবোৰে ধৰ্মীয় দৰ্শন, অলংকাৰ শাস্ত্ৰ, ব্যাকৰণ আইন, প্ৰাকৃতিক দৰ্শন, জ্যোতিবিদ্যা, জ্যামিতি, গণিতবিদ্যা আদি শিক্ষা প্ৰদান কৰিছিল । 

কিছুদিনৰ পাছত একেধৰণৰ শিক্ষানুষ্ঠান হিন্দু ছাত্ৰৰ শিক্ষাৰ বাবে বেনাৰসত স্থাপন কৰিছিল । ১৭৮৫ চনত চাৰ উইলিয়াম জনে ঐতিহাসিক গৱেষণাৰ বাবে বেংগল এছিয়াটিক ছচাইটি নামৰ এখন ছচাইটী প্ৰতিষ্ঠা কৰিছিল । বংগত জন ওৱেনে মানুহক ইংৰাজী শিক্ষা দিবৰ বাবে এখন স্কুল স্থাপন কৰিবলৈ চেষ্টা কৰিছিল যদিও বিফল হৈছিল । ১৭৯১ চনত বেনাৰসৰ এজন বৃটিছ প্ৰতিনিধি জনাথন ডানকানে বেনাৰসত এখন সংস্কৃত কলেজ প্ৰতিষ্ঠা কৰিছিল । এই কলেজখন প্ৰতিষ্ঠা কৰাৰ প্ৰধান উদ্দেশ্য আছিল হিন্দুলোকসকলক আইন, , সাহিত্য, আৰু ধৰ্মীয় জ্ঞান প্ৰদান কৰা । প্ৰাচ্য ভাষাত জনসাধাৰণক শিক্ষা প্ৰদান কৰিবলৈ কৰা চেষ্টাই আশানুৰূপ সুফল লাভ কৰা নাছিল ।

খ্ৰীষ্টান মিছনেৰীসকলে পুৰণিকলীয়া বা আওপুৰণি শিক্ষা ব্যৱস্থা পুনৰুজীৱিত কৰিবলৈ চেষ্টা কৰা বাবে হৈ-চৈ লগাইছিল আৰু পশ্চিমীয়া সাহিত্যৰ ভেটিত ইংৰাজী মাধ্যমত শিক্ষা আৰু খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে পক্ষ অৱলম্বন বা সমৰ্থন কৰিছিল । 

২। চাৰ্লছ উডৰ প্ৰেৰণ পত্ৰৰ প্ৰধান পৰামৰ্শবোৰৰ বিষয়ে লিখা ।

উত্তৰঃ  ভাৰতবৰ্ষৰ  শিক্ষাৰ বিকাশত এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল চালৰ্চ উডৰ প্ৰেৰণ পত্ৰখনে । চাৰ চালৰ্চ উড আছিল বোৰ্ড অৱ কন্ট্ৰলৰ সভাপতি । ইংলেণ্ডৰ ইতিহাসত পালমাৰ্ষ্টন যুগৰ প্ৰকৃতগৰাকী শ্ৰোতা । তেওঁ ইংৰাজ জাতি আৰু অনুষ্ঠানৰ শ্ৰেষ্ঠত্বত কঠোৰ বিশ্বাসী আছিল আৰু দৃঢ়ভাৱে বিশ্বাস কৰিছিল যে এইবোৰ অনুষ্ঠানে বিশ্বৰ বাবে উপযোগী আৰ্হি হিচাপে কাম কৰিব । ১৮৫৪ চনত চালৰ্চ উডে এটা প্ৰস্তাৱ প্ৰস্তাৱ প্ৰস্তুত কৰিছিল আৰু ভাৰতত ভৱিষ্যত শিক্ষাৰ আচনি হিচাপে কাম কৰিছিল । এই আচনিখনকে ভাৰতবৰ্ষত ইংৰাজী  শিক্ষাৰ মেগনা কাৰ্টা হিচাপে গণ্য কৰা হৈছিল ।

চালৰ্চ উডৰ প্ৰেৰণ পত্ৰৰ প্ৰধান পৰামৰ্শবোৰ হল 

ক) ভাৰতীয়সকলৰ শিক্ষাৰ প্ৰতি থকা আগ্ৰহক সুৰক্ষা দিয়া কাৰ্য বৃটিছৰ অধীনত অৰ্পণ কৰাটো চৰকাৰী দায়িত্ব হিচাপে গ্ৰহণ কৰিছিল ।

খ) বৃটিছৰ শিক্ষা পদ্ধতি আৰু আচনি বা নীতিৰ লক্ষ্য আছিল কলা, বিজ্ঞান আৰু ইউৰোপৰ দৰ্শন প্ৰচাৰ কৰা । এই কাৰণে যে ইয়াৰ দ্বাৰা বিশ্বাসী লোক সৃষ্টি কৰিব পাৰি যিয়ে কোম্পানীৰ অধীনত চাকৰি ধাৰণ কৰিব ।

গ) ইউৰোপীয়ান জ্ঞানৰ প্ৰচাৰৰ বাবে ইংৰাজ আৰু ইংৰাজী ভাষা দুয়োটাকে ব্যৱহাৰ কৰা উচিত আৰু সকলো শ্ৰেণীৰ ওপৰত শিক্ষাৰ মাধ্যম হিচাপে ইংৰাজী ভাষা আৰোপ কৰা উচিত নাছিল । যেতিয়া জনসাধাৰণে ইংৰাজীৰ জ্ঞান প্ৰচুৰভাৱে আহৰণ কৰে তেতিয়াহে ইয়াক মাধ্যম হিচাপে লোৱা উচিত ।

ঘ) ভাৰতীয় লোক আৰু চৰকাৰী লোকৰ মাজত যোগসূত্ৰ ৰক্ষাত সহজ হোৱাৰ বাবে ভাৰতীয় ভাষাবোৰৰ অধ্যয়নক আগ্ৰহ জনোৱা উচিত ।

ঙ) অতি চোকা বুদ্ধিৰ আৰু উপযুক্ত ছাত্ৰৰ বাবে উদাৰ বৃত্তিদান পদ্ধতি প্ৰৱৰ্তন কৰিবলৈ অনুমতি দিছিল । 

চ) উদৰ প্ৰেৰণ পত্ৰত বৃত্তিমূলক অনুষ্ঠান স্থাপনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল আৰু আইন, মেডিচিন, কৃষি-স্কুলবোৰত শিক্ষা প্ৰণালীৰ ওপৰত ছাত্ৰৰ প্ৰশিক্ষণ দিয়াৰ বাবে কাৰিকৰী বিদ্যাৰ অনুষ্ঠান স্থাপনৰ ওপৰত গুৰুত্ব দিছিল । 

ছ) ডিৰেক্টৰ জেনেৰেল এৱ এডুকেচনৰ অধীনত প্ৰতিখন প্ৰদেশত পাবলিক ইনষ্ট্ৰাকচনৰ এটাকৈ পৃথক বিভাগ প্ৰতিষ্ঠা কৰাৰ বাবে উডৰ প্ৰেৰণ পত্ৰত পৰামৰ্শ দিয়া হৈছিল ।

জ) উডৰ প্ৰেৰণ পত্ৰৰ দ্বাৰাই মেকলেৰ নিস্কাশন সূত্ৰৰ পৰিত্যক্ত হোৱাটো বিচাৰিছিল যত উল্লেখ আছিল যে শিক্ষা একমাত্ৰ উচ্চ শ্ৰেণীকহে প্ৰদান কৰিব লাগে আৰু ই নিজে নিজে সমাজৰ লোকক নিস্কাশন কৰিছিল । ইয়াৰ পৰিৱৰ্তে ই পৰামৰ্শ প্ৰদান কৰিছিল যে এই পদ্ধতিৰ ভেটি আছিল দেশীয় স্কুল স্থাপন ।

৩। ৰাজ্যৰ আদৰ্শ আৰু জাতীয় দৃষ্টিভংগীৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ প্ৰাচীন কালৰে পৰা ইউৰোপৰ সৈতে ভাৰতৰ বাণিজ্যিক সম্পৰ্ক আছিল । আৰবৰ বেপাৰীৰ জৰিয়তে ভাৰতৰ সামগ্ৰী ইউৰোপলৈ ৰপ্তানি কৰা হৈছিল কিয়নো ইউৰোপীয়ানসকলে ভাৰতলৈ অহা সাগৰীয় পথৰ বিষয়ে অজ্ঞাত আছিল । ইউৰোপীয় সদাগৰসকলে ভাৰতৰ সামগ্ৰী প্ৰত্যক্ষভাৱে আমদানি কৰিবলৈ ভাৰতলৈ অহাৰ বাবে সাগৰীয় পথৰ সন্ধান কৰিছিল । ১৪৯৮ চনত নাৱিক ভাস্কো-ডা-গামাই ভাৰতলৈ অহা সাগৰীয় পথ আৱিস্কাৰ কৰিছিল আৰু ইয়াৰ লগে লগে বাণিজ্যিক ঔপনিবেশিক আৰু ৰাজনৈতিক ইতিহাসৰ উল্লেখযোগ্য পৰিৱৰ্তন হৈছিল । ডাচ, ডেনিচ , ইংৰাজ আৰু ফৰাচীসকলে ভাৰতলৈ বেহা-বেপাৰৰ বাবে আহিছিল । সকলোৰে উদ্দেশ্য আছিল ভাৰতৰ সৈতে বেহা-বেপাৰ কৰা । কিন্তু ক্ৰমে বেহা-বেপাৰে উপনিৱেশ স্থাপন, অৰ্থশোষণ, আৰু ৰাজনৈতিক আধিপত্য স্থাপনৰ আদৰ্শ গ্ৰহণ কৰিছিল । 

১৫৯৯ চনত জন মিলডেনে ভাৰতবৰ্ষ ভ্ৰমণ কৰিছিল । এছিয়াৰ ৰাজ্যখনত বেহা-বেপাৰ কৰিবলৈ ১৬০০ চনৰ ৩১ ডিচেম্বৰত মহাৰাণী এলিজাবেথে ইষ্ট-ইণ্ডিয়া কোম্পানীক চনদ বা অনুমতি পত্ৰ প্ৰদান কৰিছিল ।

 ১৬০৬ চনত ছাৰ থমাছ ৰোৱে জাহাংগীৰৰ পৰা চুৰাটত ব্যৱসায়িক ঘাটি, অনুমতি, ১৬১৫ চনত চাৰ থমাচ ৰোৱে জাহাংগীৰৰ পৰা আহমেদাবাদ আৰু ব্লোচত ঘাটি স্থাপনৰ অনুমতি লাভ কৰি ব্যৱসায়িক সাম্ৰাজ্য সম্প্ৰসাৰণ কৰিছিল । এনেদৰে বংগদেশত সুতানূতি, কলিকতা আৰু গোবিন্দপুৰ নামৰ তিনিখন গাওঁক কেন্দ্ৰ কৰি কলিকতা মহানগৰীৰ জন্ম হৈছিল । এনেদৰে ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত ব্যৱসায়িক আধিপত্য প্ৰতিষ্ঠা কৰিছিল । এই সময়ছোৱাত কোম্পানীয়ে ব্যৱসায়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিলে । বেহা-বেপাৰৰ উদ্দেশ্যৰে ভাৰতবৰ্ষত উপস্থিত হোৱা ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ব্যৱসায়িক সম্প্ৰসাৰণৰ বাবে দাক্ষিণাত্যত তিনিখন কৰ্ণাটক যুদ্ধত জড়িত হৈ পৰিছিল আৰু ফৰাচীসকলক পৰাজয় কৰি দাক্ষিণাত্যত প্ৰভূত্ব স্থাপন কৰিছিল ।  একেদৰে ১৭৫৭ চনত বংগদেশৰ নবাবৰ পৰা বেহা-বেপাৰৰ বাবে পৰ্যাপ্ত সা-সুবিধা পোৱাৰ পৰা বঞ্চিত হৈ  আৰু বিভিন্ন মতবিৰোধ হৈ বংগৰ সিংহাসনৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছিল ।  ১৭৫৭ চনত ষড়যন্ত্ৰৰ দ্বাৰা পলাশীযুদ্ধত লিপ্ত হৈ বংগৰ নৱাব চিৰাজ-উদ-দৌল্লাক পৰাভূত কৰি বংগদেশৰ ৰাজনৈতিক ভাগ্যনিয়ন্তা হৈ পৰিছিল । 

Author- Ali rani Kakati ( Ba in History Major)