Chapter: 2

 শিক্ষণ আৰু অভিৰোচন



১। প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ চাৰিটা বৈশিষ্ট্য় লিখা।

উত্তৰঃ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ চাৰিটা বৈশিষ্ট্য় হৈছে-

১। প্ৰচেষ্টা আৰু ভুল পদ্ধতি হৈছে নেৰানেপেৰাকৈ একেৰাহে কৰা শিক্ষা প্ৰক্ৰিয়া।

২। প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ মূল বিষয়বস্তু হ’ল নিৰ্দিষ্ট ক্ৰিয়াৰ পুনৰাবৃত্তি।

৩। শিক্ষণৰ এই পদ্ধতিত প্ৰথম অৱস্থাত ভুল আৰু সময়ৰ পৰিমাণ দুয়োটাই অধিক হ‘লেও শেষৰ পৰ্যায়ত ভুল আু সময়ৰ পৰিমাণ হ্ৰাস হৈ থাকে।

৪। প্ৰচেষ্টা আৰু ভুল পদ্ধতিত প্ৰচেষ্টাৰ উদ্দেশ্য় আগত ৰাখি ভুল আৰু প্ৰচেষ্টা ত্য়াগ কৰা হয়।

২। শিক্ষণৰ উপাদান কেইটা আৰু কি কি?

উত্তৰঃ শিক্ষণৰ উপাদান তিনিবিধ হৈছে- ক) মনোবৈজ্ঞানিক উপাদান। খ) দৈহিক উপাদান গ) পাৰিপাৰ্শ্বিক উপাদান।

৩। গেইট্ছে দিয়া শিক্ষণৰ সংজ্ঞা লিখা।

উত্তৰঃ গেট্ছৰ দিয়া শিক্ষণৰ সংজ্ঞা হৈছে “শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ দ্বাৰা আচৰণৰ সংশোধন সাধন।“

৪। পৰিপক্কতা বুলিলে কি বুজা?

উত্তৰঃ পৰিপক্কতা হ’ল বৃদ্ধি আৰু বিকাশৰ প্ৰক্ৰিয়া। পৰিপক্কতাই এনে কিছুমান আচৰণৰ পৰিবৰ্তনৰ প্ৰক্ৰিয়াক বুজায়, যিবিলাক কোনো পূৰ্ব অভিজ্ঞতাভিত্তিক নহয় অথবা এই আছৰণসমূহ সম্পাদনৰ বাবে কোনো প্ৰশিক্ষণলব্ধ অভিজ্ঞতাৰো প্ৰয়োজন নহয়।মনোবিদ কোলেচনিকৰ মতে “জন্মগত প্ৰৱণতাসমূহ স্বাভাৱিকভাৱে প্ৰস্ফুটিত হোৱাৰ ফলত আচৰণৰ গুণগত আৰু পৰিমাণগত পৰিৱৰ্তনৰ প্ৰক্ৰিয়াই হ’ল পৰিপক্কতা।

৫। শিক্ষণ আৰু পৰিপক্কতাৰ সম্বন্ধ বিচাৰ কৰা।

উত্তৰঃ পৰিপক্কতা আু শিক্ষণৰ মাজত ওচৰ সম্বন্ধ আছে। ব্য়ক্তিৰ দৈহিক-মানসিক পৰিপক্কতাই শিক্ষণ কাৰঅযক সফল কৰি তোলে। পৰিপক্কতা বুলিলে স্বাভাৱিক ৰূপত সংঘটিত হোৱা পূৰ্ব অভিজ্ঞতা বা প্ৰশিক্ষণ নোহোৱাকৈ ব্য়ক্তিৰ আচৰণ পৰিৱৰ্তন ঘটা প্ৰক্ৰিয়ায়েই হৈছে পৰিপক্কতা।আচলতে বাহ্য়িক দৃষ্টিকোণৰ পৰা পৰিপক্কতাই দেহকোষ, স্নায়ুকোষ, মাংসপেশী, গ্ৰহণেন্দ্ৰিয় ইত্য়াদিৰ কাৰ্য্যক্ষমতা আৰু যোগ্য়তা বংশসূত্ৰে বা জন্মসূত্ৰে লাভ কৰে। এনেধৰণৰ কাৰ্যক্ষমতা আৰু যোগ্য়তা বংশসূত্ৰে বা জন্মসূত্ৰে লাভ কৰে। দেহযন্ত্ৰৰ এই উল্লেখিত অংশবোৰেই ব্য়ক্তিৰ আচৰণ নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ কৰে। 

৬। প্ৰচেষ্টা আৰু ভূল পদ্ধতি প্ৰক্ৰিয়া কি?

উত্তৰঃ ব্য়ক্তিয়ে কোনো এটা সমস্য়াৰ সমাধানৰ ক্ষেত্ৰত সময়ৰ ব্য়ৱধান নৰখাকৈ প্ৰচেষ্টা অব্য়াহত ৰাখিলে অৱশেষত তেনে সমস্য়াৰ সমাধান কৰিবলৈ সক্ষম হয়। শিক্ষণৰ এই পদ্ধতিটোক প্ৰচেষ্টা আৰু ভুল পদ্ধতি বুলি কোৱা হয়।

৭। শিক্ষণৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ শিক্ষণৰ দুটা বৈশিষ্ট্য হৈছে-

১। বিকাশশীল প্ৰক্ৰিয়াঃ শিক্ষণ এক বিকাশশীল প্ৰক্ৰিয়া। যেনেকৈ আমি শাৰীৰিক আৰু মানসিকভাৱে বিকশিত হও, ঠিক তেনেকৈ শিক্ষণো ক্ৰমাগত ভাৱে বিকাশ হয়।

২। সংযোজন প্ৰক্ৰিয়া (Adjustment Process) : শিক্ষণ এক সমাজযোজন প্ৰক্ৰিয়া। শিক্ষণৰ দ্বাৰা ব্যক্তিয়ে নিজৰ ক্ৰিয়া-আচৰণৰ সংশোধন ঘটাই নতুন পৰিবেশত সমাযোজন হ’বলৈ সক্ষম হয়। শিক্ষণে শাৰীৰিক আৰু সামাজিক পৰিবেশত ব্যক্তিৰ সমাযোজন ঘটে।

৮। সংযোগবাদ কি?

উত্তৰঃ সংযোগবাদ হৈছে জ্ঞানীয় বিজ্ঞানৰ এক আন্দোলন যি কৃত্ৰিম স্নায়ু নেটৱৰ্ক ব্যৱহাৰ কৰি বৌদ্ধিক সামৰ্থ্য ব্যাখ্যা কৰিব বুলি আশা কৰে।

৯। ক্ৰিয়াত্মক অনুবন্ধন কি?

উত্তৰঃ ক্ৰিয়াত্মক অুবন্ধন হৈছে এক প্ৰকাৰৰ সহযোগী শিক্ষণ প্ৰক্ৰিয়া যাৰ জৰিয়তে আচৰণএটাৰ শক্তি শক্তিশালীকৰণ বা শাস্তিৰ দ্বাৰা সংশোধন কৰা হয়। এইটো এটা প্ৰক্ৰিয়া যিটো এনে ধৰণৰ শিক্ষা আনিবলৈ ব্যৱহাৰ কৰা হয়।

১০। শিক্ষণৰ সংজ্ঞা দিয়া।

উত্তৰঃ শিক্ষণ হৈছে অভিজ্ঞতা আৰু পৰিবেশৰ মাজেদি ব্যক্তিৰ আচৰণৰ স্থায়ী পৰিবৰ্ত্তনকে সুচায়। শিক্ষণত আচৰণৰ স্থায়ী পৰিবৰ্ত্তন হয়। ব্য়ক্তিৰ কৰ্ম আৰু আচৰণৰদ্বাৰা শিক্ষণ প্ৰত্য়ক্ষ হয় শিক্ষণ অনুশীল আৰু অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল।

১১। স্কীনাৰৰ ক্ৰিয়াত্মক অনুবন্ধনৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ স্কীনাৰৰ অনুবন্ধনবাদ তত্বই আধুনিক শিক্ষা জগতখনত এক নতুন চিন্তাৰ উদ্ৰেক কৰিছে। এই পৰিবৰ্ত্তনীয় চিন্তাধাৰাই শিক্ষকণৰ কাৰ্যকৰী দিশটোক এক সাৰ্থক পদ্ধতি উদ্ভাৱনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। স্কীনাৰৰ মতে প্ৰাণীয়ে সকলো পৰিবেশতে এটা নিৰ্দিষ্ট উদ্দীপকৰ প্ৰতি এটা নিৰ্দিষ্ট প্ৰতিক্ৰিয়া বা আছৰণ প্ৰদৰ্শন কৰাটো সম্ভৱ পৰ নহয়। ব্যক্তিৰ প্ৰায়বোৰ আচৰণেই স্বতঃক্ৰিয়ামূলক প্ৰকৃতিৰ আমাৰ শিক্ষালব্ধ আ;ৰণসমূহ যান্ত্ৰিক বা অনৈচ্ছিক ক্ৰিয়া প্ৰচেষ্টা হ’ব নোৱাৰে। 

১২। সংযোগবাদ তত্ত্বৰ পৃষ্ঠপোষক কোন?

উত্তৰঃ সংযোগবাদ তত্ত্বৰ পৃষ্ঠপোষক হৈছে থৰ্ণডাইক।

১৩। প্ৰচেষ্টা আৰু ভূল পদ্ধতিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ শিক্ষণৰ সংযোগবাদ তত্ত্বৰ পৰা উদ্ভৱ হোৱা প্ৰচেষ্টা আৰু ভূল পদ্ধতি আন পদ্ধতি সমূহতকৈ পুৰণি। এই পদ্ধতিৰ মতে প্ৰাণীয়ে কোনো বিষয় বা কৌশল শিকাৰ ক্ষেত্ৰত বহুতো ভূল আুৰু প্ৰচেষ্টা আু সেইবোৰৰ সংশোধন কাৰ্য অন্তৰ্ভুক্ত হৈ থাকে। উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত যেতিয়া নিৰ্ভুল সংযোগ বা চুকিত্ সাধন হয়, তেতিয়া জীৱই নতুন কৌশল শিকে। অৰ্থাৎ এই পদ্ধতিমতে প্ৰাণীয়ে কোনো নতুন কথা শিকাৰ আঁৰত থাকে সি কৰা নেৰা-নেপেৰা প্ৰচেষ্টা আৰু ভুল। প্ৰকৃততে, প্ৰচেষ্টা আৰু ভূলৰ প্ৰক্ৰিয়া অব্য়াহত থকা অৱস্থাত ক্ৰমান্বয়ে ভুলৰ পৰিমাণ হ্ৰাস হৈ গৈ থাকে আৰু সেইদৰে সময়ৰ পৰিমাণো কমি গৈ এটা সময়ত নিৰ্ভুলভাৱে সমস্য়া সমাধান কৰাতো সম্ভৱ হৈ উঠে। অৰ্থাৎ বাৰে বাৰে কৰা ভুলৰ অভিজ্ঞতাই আমাক শুদ্ধ পথৰ সন্ধান দিয়ে।ব্য়ক্তিয়ে কোনো এটা সমস্য়াৰ সমাধানৰ ক্ষেত্ৰত সময়ৰ ব্য়ৱধান নৰখাকৈ প্ৰচেষ্টা অব্য়াহত ৰাখিলে অৱশেষত তেনে সমস্য়াৰ সমাধান কৰিবলৈ সক্ষম হয়। শিক্ষণৰ এই পদ্ধতিটোক প্ৰচেষ্টা আৰু ভুল পদ্ধতি বুলি কোৱা হয়।

১৪। শিক্ষণৰ দুটা প্ৰকৃতি লিখা।

উত্তৰঃ শিক্ষণৰ দুটা প্ৰকৃতি হৈছে- ১।শিক্ষণ হৈছে এক অভিজ্ঞতাৰ ফল আৰু শিক্ষণৰ জৰিয়তে ব্যক্তিৰ আচৰণ, আগ্ৰহ, কৌশল আদিৰ পৰিৱৰ্তন হয়। 

১৫। শিক্ষণৰ নীতি কেইটা কি কি?

উত্তৰঃ শিক্ষণৰ নীতি তিনিটা হৈছে-

১। প্ৰস্তুনিৰ নীতি (Law of Readiness)

২। অনুশীলন নীতি (Law of Exercise)

৩। ফলাফলৰ নীতি (Law of Effect)

১৬। অন্তৰ্দৃষ্টি বা অন্তৰ্দশন শিক্ষণ কি?

উত্তৰঃ কোনো সমস্য়াৰ অংশ বিশেষৰ মাজত থকা সম্বন্ধ অুভৱেই হৈছে অন্তদৰ্শন শিক্ষণ।

১৭। অন্তদৰ্শন পদ্ধতিৰ দুটা বৈশিষ্ট্য় লিখা।

উত্তৰঃ অন্তদৰ্শন পদ্ধতিৰ দুটা বৈশিষ্ট্য় হৈছে-

১। শিক্ষণ এক তাৎক্ষণিক/হঠাৎ হোৱা কাৰ্যৰ ফল।

২। এই পদ্ধতিয়ে শিক্ষণৰ সামগ্ৰিক দিশটোৰ প্ৰতি অধিক গুৰুত্ব দিয়ে।

১। শিক্ষণ কি?

উত্তৰঃ শিক্ষণ হৈছে ব্যক্তিৰ জীৱনৰ অন্য়তম দিশ। শিক্ষণ ব্যক্তিৰ জীৱনৰ এক স্বাভাৱিক আৰু স্বপ্ৰণোদিত কাৰ্য্য।

১৮। প্ৰচেষ্টা আৰু ভুল পদ্ধতি আৰু অন্তঃদৰ্শন পদ্ধতিৰ পাৰ্থক্য় নিৰ্ণয় কৰা।

উত্তৰঃ

প্ৰচেষ্টা আৰু ভুল পদ্ধতি

অন্তদৰ্শন পদ্ধতি

১। এই দুই পদ্ধতি সম্পূৰ্ণৰূপে যান্ত্ৰিক বিধৰ।

১। আৱিষ্কাৰমূলক আৰু সৃষ্টিশীল দিশৰ প্ৰতি গুৰুত্ব অধিক

২। অনুশীলনৰ প্ৰয়োজনীয়তা এখ গুৰুত্বপূৰ্ণ দিশ।

২। অনুশীলনৰ প্ৰয়োজন নহয়। ব্যক্তিয়ে শিক্ষণীয় পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি তাৎক্ষণিক জ্ঞান প্ৰয়োগ কৰে।

৩। অন্ধ অনুকৰণ বা প্ৰচেষ্টাৰ পৰিণতি।

৩। ব্যক্তিৰ বুদ্ধি, ওপৰত নিৰ্ভৰশীল। ব্য়ক্তিৰ বুদ্ধিৰ পৰিমাণ যিমানেই হব, সিমানেই অন্তদৰ্শন শক্তিৰ বিকাশ হব।

৪। কোনো ধৰণৰ বুদ্ধি, চিন্তা অথবা কল্পনা শক্তি প্ৰয়োগ কৰিব নালাগে।

৪। ব্যক্তিৰ চিন্তা, যুক্তি কল্পনা শক্তিৰ অনুশীলন কৰিব লাগে।

৫। বহুতো অপ্ৰয়োজনীয় আৰু চেষ্টা চলাবলগীয়া হয়।

৫। কোনো নেৰানেপেৰা চেষ্টা অথবা অনুশীলন কৰিব লাগে।

৬। সৰু লৰা-ছোৱালী বা নিম্ন শ্ৰেণীৰ বাবে অধিক উপযুক্ত।

৬। উচ্চ পৰ্য্যায়ৰ লোকসকলৰ বাবে উপযুক্ত।

১৯। শিক্ষণ আৰু পৰিপক্কতাৰ চাৰিটা পাৰ্থক্য় লিখা।

উত্তৰঃ

শিক্ষণ

পৰিপক্কতা

১। শিক্ষণ জীৱনব্য়াপি প্ৰক্ৰিয়া

১। পৰিপক্কতা জীৱনব্য়াপি প্ৰক্ৰিয়া নহয়।

২। শিক্ষণৰ বাবে সক্ৰিয়াৰ প্ৰয়োজন আছে।

২। পৰিপক্কতাৰ ক্ষেত্ৰত সক্ৰিয়তাৰ প্ৰয়োজন নাই

৩। শিক্ষণ চাহিদাৰ ওপৰত নিৰ্ভৰশীল।

৩। পৰিপক্কতা চাহিদাৰ ওপৰত নিৰ্ভৰশীল নহয়।

৪। শিক্ষণ প্ৰক্ৰিয়া সদায় উদ্দেশ্যভিত্তিক।

৪। পৰিপক্কতা উদ্দেশ্যভিত্তিক নহয়।

২০। অনুবন্ধন কি?

উত্তৰঃ অনুবন্ধন হৈছেশৰীৰতত্বত, এক আচৰণগত প্ৰক্ৰিয়া যাৰ দ্বাৰা শক্তিশালীকৰণৰ ফলত এক প্ৰদত্ত পৰিৱেশত সঁহাৰি অধিক সঘনাই বা অধিক অনুমানযোগ্য হৈ পৰে, যাৰ ফলত শক্তিশালীকৰণ সাধাৰণতে এক উদ্দীপনা বা আকাংক্ষিত সঁহাৰিৰ বাবে পুৰষ্কাৰ হয়।

২১। পেভলভৰ অনুবন্ধনবাদ বৰ্ণনা।

উত্তৰঃ আইভান পেট্ৰভিন্স পেভলভে (১৮৪৯-১৯৩৬) (Ivan Petrovinch Pavlov) ৰাছিয়া আৰু জাৰ্মানীত চিকিৎসাশাস্ত্ৰত অধ্য়য়ন কৰিছিল। এগৰাকী শৰীৰতত্ত্ববিদ আু মোনবিজ্ঞানী পেভলভে শিক্ষণৰ এই অনুবন্ধনবাদ পদ্ধতি আৱিষ্কাৰ কৰিছিল। ১৯০৪ চনত তেওঁ কুকুৰৰ পাচনতন্ত্ৰ প্ৰক্ৰিয়াৰ (digestive System) কাৰ্য্যৰ ওপৰ গৱেষণাৰ বাবে সেই এখে বছৰতে নবেল বঁটা লাভ কৰিছিল। এি তত্ত্বমতে প্ৰত্য়েক জীৱৰ কিছুমান বিশেষ উদ্দীপক থাকে আৰু তাৰ প্ৰতি বিশেষ প্ৰতিক্ৰিয়া দেখুৱায়। এই উদ্দীপকসমূহ আৰু সংলগ্ন প্ৰতিক্ৰিয়াসমূহ স্বাভাৱিক প্ৰতিক্ৰিয়া বুলি কোৱা হয়। 


Author: Chinmay Kakati