অধ্যায় ২


শৈক্ষিক ব্যৱস্থাপনাৰ নীতি আৰু প্ৰকাৰসমূহ 
(Principles and Types of Educational Management)

প্রশ্নাৱলী : 

1. What is Cetralised Educational management ? (কেন্দ্ৰীভূত শৈক্ষিক ব্যৱস্থাপনা বুলিলে কি বুজা ?)

Answer:  কেন্দ্ৰীভূত শৈক্ষিক ব্যৱস্থাপনা মানে হ'ল এই প্ৰকাৰৰ শৈক্ষিক ব্যৱস্থাপনাত কাৰ্যৰ সকলো দায়িত্ব কেন্দ্ৰীয় বা মুখ্য সমিতিয়ে গ্ৰহণ কৰে।


2. What is Decentralised Educational management ? (বিকেন্দ্ৰভূত শৈক্ষিক ব্যৱস্থাপনা বুলিলে কি বুজা ?)

Answer: যি ব্যৱস্থাপনাত কাৰ্য, কেন্দ্ৰ, ৰাজ্য আৰু স্থানীয় সংস্থাসমূহে নিজৰ দায়িত্বসমূহ গ্ৰহণ কৰি কাৰ্য সম্পাদন কৰে তাকে বিকেন্দ্ৰীভূত ব্যৱস্থাপনা বোলে।

3. What is Autocratic management ? (স্বৈৰাচাৰী ব্যৱস্থাপনা বুলিলে কি বুজা)

Answer:  যেতিয়া এক প্ৰশাসনীয় ব্যৱস্থাত স্বেৰাচাৰীতা নীতি অৱলম্বন কৰা হয় তেনে ব্যৱস্থাপনাক স্বেৰাচাৰী ব্যৱস্থাপনা বোলে।


4. What is Democratic management ? (গণতান্ত্ৰিক ব্যৱস্থাপনা বুলিলে কি বুজা)

Answer: গণতান্ত্ৰিক ব্যৱস্থাপনাত ব্যৱস্থাপক, শিক্ষক, ছাত্ৰ-ছাত্ৰী, আৰু স্থানীয় সমাজৰ লোক আদি সকলোৱে সমানে দায়িত্ব পালন কৰে।


5. Mention five features of centralised educational management ?(কেন্দ্ৰীভূত শৈক্ষিক ব্যৱস্থাপনাৰ পাঁচটা বিশেষত্ব বিষয়ে উল্লেখ কৰা।)

Answer: কেন্দ্ৰীভূত শৈক্ষিক ব্যৱস্থাপনাৰ পাঁচটা বিশেষত্ব তলত উল্লেখ কৰা হ'ল-

১। এই প্ৰকাৰৰ ব্যৱস্থাপনাত সমগ্ৰ দেশৰ বাবে একে ধৰণৰ হয়। 
২। সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত ব্যৱস্থাপকজন কেন্দ্ৰীয় সমিতিৰ ওচৰত দায়বদ্ধ হৈ থাকে।
৩। এই ব্যৱস্থাপনাত নীতি-নিয়ম তথা সা-সুবিধা প্ৰদানৰ ক্ষেত্ৰত সমানতাৰ নীতি অৱলম্বন কৰা হয়।
৪। এই ব্যৱস্থাপনাৰ সকলো কাম কাজ খুব কম সংখ্যক উচ্চ পদ মৰ্যদাৰ ব্যক্তিৰদ্বাৰা সম্পাদিত কৰা হয়।
৫। এই ব্যৱস্থাপনাৰ প্ৰচলিত দেশসমূহত কেন্দ্ৰীয় সমিতিয়ে দেশৰ সকলো শিক্ষানুষ্ঠানলৈ নিৰ্দেশ আৰু অৰ্থ প্ৰদান কৰে।

6. Write the characteristics of decentralised educational management. (বিকেন্দ্ৰীকৃত শৈক্ষিক ব্যৱস্থাপনাৰ বিশেষত্ববোৰ লিখা।)

Answer:    বিকেন্দ্ৰীকৃত শৈক্ষিক ব্যৱস্থাপনাৰ বিশেষত্ববোৰ তলত উল্লেখ কৰা হ'ল- 
১।এই ব্যৱস্থাপনা কাৰ্য স্থানীয় প্ৰয়োজন আৰু সমস্যাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে।
২। এই ব্যৱস্থাপনাত স্থানীয় সম্প্ৰদায়ৰ সহযোগিতা দেখিবলৈ পোৱা যায়।
৩। এই ব্যৱস্থাপনা কাৰ্যত অভিভাৱক সমাজৰ লোকসকলেও সমানেই অংশগ্ৰহণ কৰিব পাৰে।
৪। এই ব্যৱস্থাপনা বেছি কটকটীয়া নহয়।
৫। এই ব্যৱস্থাপনা প্ৰচলনৰ ফলত স্থানীয় শিক্ষানুষ্ঠাসমূহৰ উল্লেখনীয় উন্নতি আৰু বিকাশ সম্ভৱ হোৱা দেখা যায়।

7. What is participatory management ? (অংশগ্ৰহণমূলক ব্যৱস্থাপনা বুলিলে কি বুজা ?)

Answer:   যি ব্যৱস্থাপনাত এক নেতৃত্বত নেতা আৰু তলতীয়া কৰ্মীসকলৰ মাজৰ বিভেদ হ্ৰাস কৰা হয় সেই ব্যৱস্থাপনাটোক অংশদাৰীমূলক ব্যৱস্থাপনা বোলে।


8. What is the meaning of the word 'laissez-faire' ? ('লাইচেজ-ফেয়াৰ' শব্দটোৰ অৰ্থ কি?)

Answer:  লাইচেজ ফেয়াৰ শব্দটোৰ অৰ্থ হ'ল- বজাৰৰ কৰ্ম ব্যৱস্থাত হস্তক্ষেপহীনভাৱে কাৰ্য পালনৰ তত্ব বা প্ৰয়োগ ব্যৱস্থা। 

9. What are the various types of educational Management ? (শৈক্ষিক ব্যৱস্থাপনা কেই প্ৰকাৰৰ আৰু কি কি ?)

Answer:  শৈক্ষিক ব্যৱস্থাপনা ৫ প্ৰকাৰৰ। ক) কেন্দ্ৰীয় শৈক্ষিক ব্যৱস্থাপনা, খ) বিকেন্দ্ৰীক শৈক্ষিক ব্যৱস্থাপনা, গ) স্বৈৰাচাৰী শৈক্ষিক ব্যৱস্থাপনা, ঘ) গণতান্ত্ৰিক শৈক্ষিক ব্যৱস্থাপনা, ঙ) অহস্তক্ষেপ নীতিৰ শৈক্ষিক ব্যৱস্থাপনা। 

10. Write the limilations of centrazation of education ? (শিক্ষাৰ সীমাবদ্ধতা আৰু কেন্দ্রীকৰণ বোৰ কি কি লিখা ?)

Answer:  

11. How can you make primary education a success by decentralization ? (কেনেকৈ বিকেন্দ্ৰীকৰণৰ দ্বাৰা প্ৰাথমিক শিক্ষাক সফল কৰিব পাৰি?)

Answer:  

12. What are the guiding principles of democratic educational Management ? (গণতান্ত্ৰিক শৈক্ষিক ব্যৱস্থাপনাৰ পথপ্ৰদৰ্শক নীতিবোৰ কি কি ?)

Answer:  গণতান্ত্ৰিক শৈক্ষিক ব্যৱস্থাপনাৰ পথপ্ৰদৰ্শক নীতিবোৰ হ'ল-   ক) সহযোগিতাৰ নীতি, খ) সমতাৰ নীতি, গ) নেতৃত্বৰ নীতি, ঘ) চিন্তা আৰু ক্ৰিয়াৰ স্বাধীনতা নীতি, ঙ)সংহতিৰ নীতি, চ) ন্যায়ৰ নীতি, ছ) গণতান্ত্ৰিক সুনাগৰিকতাৰ নীতি, জ)  চৰিত্ৰ গঠনৰ নীতি, ঝ) স্থানীয় প্ৰয়োজন পূৰণৰ নীতি

13. How far our present Management is conducive to democracy ?(আমাৰ বৰ্তমানৰ ব্যৱস্থাপনা গণতন্ত্ৰৰ বাবে কিমান দূৰ অনুকূল?)

Answer: 

14. Emamine the demerits of decentralisation of education ?  (এমামাইন শিক্ষাৰ বিকেন্দ্ৰীকৰণৰ দোষবোৰ কি কি ?)

Answer:  এমামাইন শিক্ষাৰ বিকেন্দ্ৰীকৰণৰ দোষবোৰ তলত উল্লেখ কৰা হ'ল- 
১। এই ব্যৱস্থাপনা কাৰ্য বাধ্যতামূলক নোহোৱা বাবে স্থানীয় জনসাধাৰণে সম্পূৰ্ণৰূপে সহযোগিতা কৰিবলৈ নিবিচাৰে।
২।  ইয়াত বেচৰকাৰী খণ্ডইও অংশগ্ৰহণৰ সুবিধা পায়। ইয়াৰ ফলতো বহুতো সমস্যাৰ সৃষ্টি হয়।
৩। এই ব্যৱস্থাপনাৰ প্ৰচলনৰ ফলত দেশৰ এটা অঞ্চলৰ শিক্ষাৰ্থীৰ লগত আন এটা অঞ্চলৰ শিক্ষাৰ্থীৰ শৈক্ষিক কৃতিত্বৰ তুলনা কৰা সম্ভৱ নহয়। আদিবোৰ হ'ল বিকেন্দ্ৰীকৰণৰ দোষ।


15. Examine the difference between autocratic and democratic educational Management ? (স্বৈৰাচাৰী আৰু গণতান্ত্ৰিক শৈক্ষিক ব্যৱস্থাপনাৰ মাজৰ থকা পাৰ্থক্য পৰীক্ষা কৰিব নেকি?)

Answer:    স্বৈৰাচাৰী আৰু গণতান্ত্ৰিক শৈক্ষিক ব্যৱস্থাপনাৰ মাজত  থকা পাৰ্থক্য তলত উল্লেখ কৰা হ'ল-
১। স্বৈৰাচাৰী শৈক্ষিক ব্যৱস্থাপনাক স্বেচাৰাৰী আৰু উতপীড়নমূলক প্ৰকৃতিৰ। 
               আনহাতে গণতান্ত্ৰিক শৈক্ষিক ব্যৱস্থাপনা সহযোগিতা, সমতা, দায়িত্বৰ বিতৰণ আৰু ন্যায়ৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত।
২। স্বৈৰাচাৰী শৈক্ষিক ব্যৱস্থাপনাত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত কেন্দ্ৰীয় সংস্থাই দায়িত্ব লয়।
                     আনহাতে গণতান্ত্ৰিৰ শৈক্ষিক ব্যৱস্থাপনাত সিদ্ধান্তসমূহ গণতান্ত্ৰিক পদ্ধতিৰে গ্ৰহণ কৰা হয়।

৩। স্বৈৰাচাৰী শৈক্ষিক ব্যৱস্থাপনাত কোনো ধৰণৰ স্বচ্চতা মানি চলা নহয়।
                        আহাতে গণতান্ত্ৰিক শৈক্ষিক ব্যৱস্থাপনাত পৰিকল্পনা, কাৰ্য সম্পাদনআৰু মূল্যায়নৰ বেলিকা ইয়াত স্বচ্চতা পৰিলক্ষিত হয়।

৪। স্বৈৰাচাৰী শৈক্ষিক ব্যৱস্থাপনাত ছাত্ৰ-ছাত্ৰীসকলক কেৱল নীতি- নিয়ম মানিবলৈ বাধ্য কৰা হয়।
  আনহাতে গণতান্ত্ৰিক শৈক্ষিক ব্যৱস্থাপনাত ছাত্ৰ-ছাত্ৰীৰ মন্তব্যক সন্মান প্ৰদৰ্শন কৰা হয়। 

16. Discuss about the general principles of educational management ? (শৈক্ষিক ব্যৱস্থাপনাৰ সাধাৰণ নীতিবোৰৰ বিষয়ে আলোচনা কৰা ?)

Answer:  শৈক্ষিক ব্যস্থাপনাৰ সাধাৰণ নীতিবোৰৰ বিষয়ে তলত উল্লেখ কৰা হ'ল-

ক) দায়িত্ব বিতৰণৰ নীতি- শৈক্ষিক ব্যস্থাপনাৰ দায়িত্ব গ্ৰহণ কৰা শিক্ষক আৰু কৰ্তৃপক্ষৰ লোকসকলে শিক্ষা আঁচনিৰ পৰিকল্পনা আৰু বিকাশৰ বাবে সকলো ধৰণৰ দায়িত্ব বিতৰণ কৰিব লাগে। এই বিতৰণ কীৰ্যত সমানতাৰ নীতি গ্ৰহণ কৰিব লাগে।

খ) পৰিকল্পনাৰ নীতি-  শৈক্ষিক ব্যৱস্থাপনাৰ সফলতা পৰিকল্পনাৰ ওপৰতো নিৰ্ভৰ কৰে। যিকোনো ব্যৱস্থাপনাৰ কাৰ্য প্ৰয়োগ কৰাৰ আগতে উপযুক্তভাৱে পৰিকল্পনা কৰা প্ৰয়োজনীয়। এইক্ষেত্ৰত ব্যৱস্থাপনাৰ লগত জড়িত ব্যক্তিসকলৰ সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন।

গ) শিথিলতাৰ নীতি-   শিথিলতাৰ নীতি হ'ল শৈক্ষিক ব্যৱস্থাপনাৰ এক গুৰুত্বপূৰ্ণ নীতি কিয়নো ব্যৱস্থাপকে ব্যৱস্থাপনাৰ আঁচনি, কাৰ্যসূচী বা মনোভাৱ সলনি কৰিব লাগে যদিহে সকলো ব্যক্তিয়ে এই ক্ষেত্ৰত আগ্ৰহ দেখুৱায়।

ঘ) গতিশীলতা নীতি- সমাজৰ প্ৰকৃতি গতিশীল। ই সঘনে সলনি হৈ থাকে। ইয়াৰ লগত সামঞ্জস্যতা ৰক্ষা কৰিবৰ বাবে শিক্ষা ব্যৱস্থাও গতিশীল কৰি তুলিব লাগে। গতিশীল শিক্ষা ব্যৱস্থাৰ বাবে গতিশীল ব্যৱস্থাপনাৰ প্ৰয়োজন।

ঙ) সমতাৰ নীতি- ব্যৱস্থাপনা কাৰ্যত সকলো ব্যক্তিৰ সহযোগিতা বিচাৰিলে ব্যৱস্থাপক সকলে সমতাৰ নীতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। ব্যৱস্থাপক সকলে উচ্চ পদ মৰ্যাদাৰ পৰা আৰম্ভ কৰি নিম্ন পদমৰ্যাদাৰ সকলো ব্যক্তিকে সমতা আৰু স্বাধীনতা প্ৰদান কৰিব লাগিব।
চ) সম্পদসমূহৰ সৰ্বোচ্চ ব্যৱহাৰৰ নীতি-  শৈক্ষিক ব্যৱস্থাপনা সম্পাদন কৰিবৰ বাবে শিক্ষানুষ্ঠানসমূহত তিনি প্ৰকাৰৰ সম্পদৰ প্ৰয়োজন। সেয়া হ'ল মানৱ সম্পদ।, বৈষয়িক সম্পদ আৰু বিত্তীয় সম্পদ। শিক্ষানুষ্ঠানসমূহত উপলব্ধ এই তিনিবিধ সম্পদকেই শিক্ষা ব্যৱস্থাপনা কাৰ্যৰ বাবে উপযুক্ত ব্যৱহাৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
ছ) সক্ষমতা বা দক্ষতাৰ নীতি- বৰ্তমান সময়ত শৈক্ষিক ব্যৱস্থাপনাত গুৰুত্ব প্ৰদান কৰা গতিশীলতা আৰু শিঠিলতাৰ নীতি বাস্তৱক্ষেত্ৰত প্ৰয়োগ কৰাটো এক কঠিন কাম। ইয়াক সফল কৰি তুলিবৰ বাবে দক্ষ ব্যৱস্থাপকৰ প্ৰয়োজন যিসকলে সমাজৰ পৰিৱৰ্তনৰ ধাৰা বুজি পায় আৰু কেৱল সেই প্ৰচলিত ধাৰাত নিজৰ কাৰ্যবোৰ আগুৱাই লৈ যোৱাৰ পৰিৱৰ্ত্তে পৰিৱৰ্তনৰ ক্ষেত্ৰত নিজেই এক নতুন দিশৰ সৃষ্টি কৰিব পাৰে।
জ) ব্যক্তিগত প্ৰচেষ্টাৰ নীতি- বৰ্তমান সমাজ ব্যৱস্থাত ব্যক্তিগত প্ৰচেষ্টাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয়। বৰ্তমানৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাত কোনো ব্যক্তি বা সমবহকে অৱহেলা কৰা নহয়। বৰ্তমান  এইটো বিশ্বাস কৰা হয় যে ব্যক্তিগত প্ৰচেষ্টাৰ ফলতে নতুন ধাৰণাৰ গঠন হয় আৰু সেইবাবে এই কাৰ্যক উতসাহিত কৰা হয়।

ঝ) কৰ্মচাৰীৰ ব্যক্তিগত বৃদ্ধিৰ নীতি- শৈক্ষিক ব্যৱস্থাপনা কাৰ্যই শিক্ষা অনুষ্ঠানৰ কৰ্মচাৰীসকলৰ বৃত্তিগত বৃদ্ধিৰ বাবে সুবিধা প্ৰদান কৰিব লাগে। ব্যক্তিগত প্ৰচেষ্টা শিক্ষানুষ্ঠান এখন সফলতাৰে ব্যক্তিসকলৰ  বৰ্তমান সময়ৰ লগত সম্বলিত জ্ঞান থাকে।
ঞ) শিক্ষাৰ্থীৰ অংশগ্ৰহণৰ নীতি-  কাৰ্যসূচী আৰু আঁচনিসমূহৰ পৰিকল্পনা কাৰ্যত ছাত্ৰ-ছাত্ৰীসকলৰ অংশগ্ৰহণক উতসাহিত কৰিব লাগে। এই অংশগ্ৰহণে বিদ্যালয়ৰ কামৰ প্ৰতি সিহঁতৰ আগ্ৰহ বৃদ্ধি কৰে আৰু ইয়ে কাৰ্যসূচীসমূহৰ সফলতাতো অৰিহণা যোগায়।

17. What principles would you accept for educational management of a democratic country ? (গণতান্ত্ৰিক দেশৰ শৈক্ষিক ব্যৱস্থাপনাৰ বাবে তুমি কি নীতি গ্ৰহণ কৰিবা ?)

Answer:  গণতান্ত্ৰিক দেশৰ শৈক্ষিক ব্যৱস্থাপনাৰ বাবে পৰিকল্পনা নীতি ব্যৱহাৰ কৰাটো সুবিধাজনক । কাৰণ  পৰিকল্পনাৰ অবিহনে একো কাম কৰা সম্ভৱ নহয়। শিক্ষা ক্ষেত্ৰত হোৱা সমস্যা আৰু অসুবিধা সমূহ আতৰ কৰিবৰ বাবে পৰিকল্পনাৰ প্ৰয়োজন।

18. What are the features of autocratic educational management ? (স্বৈৰাচাৰী শৈক্ষিক ব্যৱস্থাপনাৰ বিশেষত্ববোৰ কি কি ?)

Answer: স্বৈৰাচাৰী শৈক্ষিক ব্যৱস্থাপনাৰ বিশেষত্ববোৰ তলত উল্লেখ কৰা হ'ল-
  
১। এই ব্যৱস্থাপনাত শিক্ষাৰ্থীসকলৰ সম্পূৰ্ণ দায়িত্ব প্ৰধান শিক্ষক বা শিক্ষানুষ্ঠানৰ মুৰব্বীজনে বহন কৰে।

২। এই প্ৰকাৰৰ ব্যৱস্থাপনাত কাৰ্য পৰিকল্পনা চূড়ান্ত স্তৰত প্ৰস্তুত কৰ সমগ্ৰ শিক্ষাব্যৱস্থাত ইয়াক প্ৰয়োগ কৰা হয়। আদি।



 Author-DIKHA BORA