সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা | অধ্য়ায় ২১ | Chapter 21 | Class 8 Social Science 2022 Question and Answer | Class 8 Social science 2022 Solution Assamese Medium |
নমনীয় সংবিধান-কিছুমান সংবিধান সংশোধন কৰিবলৈ সাধাৰণ আইন প্ৰণয়ন কৰিলেই হয়। এনে সংবিধানক নমনীয় সংবিধান বোলে। এনে সংবিধান লিখিত বা অলিখিতও হ'ব পাৰে। যেনে- ইংলেণ্ডৰ সংবিধান খন এখন অলিখিত সংবিধান আৰু এইখন সহজে সংশোধনো কৰিব পাৰি।
অলিখিত সংবিধান-অলিখিত সংবিধানবোৰৰ কোনো বিষয় লিখিত ৰূপত নাথাকে। বিভিন্ন সময়ত প্ৰচলিত প্ৰথা-পদ্ধতি, ৰীতি নীতি, ঐতিহ্য, পৰম্পৰা ইত্যাদিৰ ওপৰত ভিত্তি কৰি অলিখিত সংবিধান সৃষ্টি হয়। উদাহৰণস্বৰূপে- ইংলেণ্ডৰ সংবিধান।
ক্ষমতা বিভাজন- সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতা থিৰাং কৰাৰ লগতে কোন বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিছে তাক নিশ্চিত কৰিছে। চৰকাৰৰ ক্ষমতা, কাৰ্যাৱলী আৰু নিয়ন্ত্ৰণ পদ্ধতিসমূহ সংবিধানতেই লিপিবদ্ধ থাকে। যদি তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰে তেন্তে সাংবিধানিক পদ্ধতিৰে নিয়ন্ত্ৰণৰ ব্যৱস্থা থাকে।
ক) লিখিত সংবিধান- যিবোৰ সংবিধান লিখিত ৰূপত থাকে সেইবোৰ সংবিধানক লিখিত সংবিধান বোলে। এনে সংবিধান স্পষ্ট আৰু নিৰ্দিষ্ট । ইয়াত ৰচনাকাল আৰু ৰচনাকাৰীৰ সম্বন্ধে অৱগত হব পাৰি। উদাহৰণস্বৰূপে-ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ আদি ৰাষ্ট্ৰৰ সংবিধান লিখিত।
খ) অলিখিত সংবিধান- অলিখিত সংবিধানবোৰৰ কোনো বিষয় লিখিত ৰূপত নাথাকে । বিভিন্ন সময়ত প্ৰচলিত প্ৰথা-পদ্ধতি, ৰীতি নীতি, ঐতিহ্য, পৰম্পৰা ইত্যাদিৰ ওপৰত ভিত্তি কৰি অলিখিত সংবিধান সৃষ্টি হয় । উদাহৰণস্বৰূপে ইংলেণ্ডৰ সংবিধান ।
সংবিধান পৰিৱৰ্তন বা সংশোধনৰ ব্য়ৱস্থাৰ ওপৰত ভিত্তি কৰি ইয়াক দুটা ভাগত ভগাব পাৰি –
ক) নমনীয় সংবিধান- কিছুমান সংবিধান সংশোধন কৰিবলৈ সাধাৰণ আইন প্ৰণয়ন কৰিলেই হয় ।এনে সংবিধানক নমনীয় সংবিধান বোলে । এনে সংবিধান লিখিত বা অলিখিতও হব পাৰে । যেনে- ইংলেণ্ডৰ সংবিধান খন এখন অলিখিত সংবিধান আৰু এইখন সহজে সংশোধনো কৰিব পাৰি ।
খ) অনমনীয় সংবিধান- যিবোৰ সংবিধান সংশোধন কৰিবলৈ বিশেষ আইন প্ৰণয়ন কৰিবলগীয়াতেনে সংবিধানক অনমনীয় সংবিধান বোলে । উদাহৰণস্বৰূপে-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান ।
৫) উত্তৰ লিখা-
(ক) লিখিত আৰু অলিখিত সংবিধানৰ দুটা পাৰ্থক্য ।
উত্তৰঃ
লিখিত সংবিধান
অলিখিত সংবিধান
লিখিত বা দস্তাবেজ ৰূপত থাকে।
লিখিত ৰূপত নাথাকে।
ৰচনাকাল আৰু ৰচনাকাৰৰ সম্পৰ্কে জানিব পাৰি।
ৰচনাকাল আৰু ৰতনাকাৰৰ সম্পৰ্কে কোনো নিৰ্দিষ্ট তথ্য পোৱা
নাযায়।
(খ) অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য ।
উত্তৰঃ ১) অনমনীয় সংবিধানৰ সংশোধন পদ্ধতি জটিল।
২) অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে।
৬) ‘গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ প্ৰয়োজনীয়তা আছে’ -যুক্তিসহ আলোচনা কৰা ।
উত্তৰঃ
ক) ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰা আৰু তাৰ নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে কিছুমান নীতি নিয়মৰ প্ৰয়োজন হয় অন্যথা ৰাষ্ট্ৰত অৰাজকতাই দেখা দিয়াৰ সম্ভাৱনা থাকে । সেয়ে গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ আৱশ্যকতা থাকে ।
খ) সমাজ বা ৰাষ্ট্ৰত ব্যক্তি বা নাগৰিকৰ ব্যক্তিত্ব বিকাশৰ বাবে কিছুমান অধিকাৰৰ প্ৰয়োজন হয় । দেশৰ সংবিধানে নাগৰিকক এই অধিকাৰ আৰু কৰ্তব্যসমূহ প্ৰদান কৰে বা স্বীকৃতি দিয়ে আৰু প্ৰয়োজনত তাৰ ৰক্ষণাবেক্ষণ কৰে ।
গ) সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতা থিৰাং কৰাৰ লগতে কোন বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিছে তাক নিশ্চিত কৰিছে । চৰকাৰৰ ক্ষমতা, কাৰ্যাৱলী আৰু নিয়ন্ত্ৰণ পদ্ধতিসমূহ সংবিধানতেই লিপিবদ্ধ থাকে । যদি তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰে তেন্তে সাংবিধানিক পদ্ধতিৰে নিয়ন্ত্ৰণৰ ব্যৱস্থা থাকে ।