অধ্যায়ঃ- ৩ 


গ্ৰাম্য অৰ্থনীতি আৰু সমাজ 

(Rural economy and Soceity)



অতি চমু প্ৰশ্ন ঃ


(১) কোনে ভাৰতত মাটি দখলৰ বাবে বিভিন্ন পদ্ধতি গ্ৰহণ কৰিছিল? 
উত্তৰঃ- ব্ৰিটিছ শাসকসকলে ভাৰতত মাটি দখলৰ বাবে বিভিন্ন পদ্ধতি গ্ৰহণ কৰিছিল। 

(২) ইংৰাজসকলে ভাৰতত কেই প্ৰকাৰৰ ভূমি গ্ৰহণ কৰিছিল আৰু কি কি? 
উত্তৰঃ- ইংৰাজসকলে ভাৰতত তিনি প্ৰকাৰৰ ভূমি গ্ৰহণ কৰিছিল, সেই ভূমি সমূহ হ'ল- জমিদাৰী পট্টা, মহলৱাৰী পট্টা আৰু ৰায়টৱাৰী পট্টা। 

(৩) কিমান চনত ৰাজহ প্ৰশাসনৰ কাৰণে এখন নতুন আঁচনি গ্ৰহণ কৰা হৈছিল? 
উত্তৰঃ- ১৭৮১ চনত ৰাজহ প্ৰশাসনৰ কাৰণে এখন নতুন আঁচনি গ্ৰহণ কৰা হৈছিল। 

(৪) ১৭৮১ চনত ৰাজহ প্ৰশাসনৰ কাৰণে এখন নতুন আঁচনি গ্ৰহণ কৰিছিল, সেই আঁচনিখনৰ মূল উদ্দেশ্য কি আছিল? 
উত্তৰঃ- ১৭৮১ চনত ৰাজহ প্ৰশাসনৰ কাৰণে এখন নতুন আঁচনি গ্ৰহণ কৰিছিল, সেই আঁচনিখনৰ মূল উদ্দেশ্য আছিল- কলিকতাৰ ৰাজহ সংগ্ৰহৰ বিষয়টো কেন্দ্ৰীভূত কৰা। 

(৫) কিমান চনত এখন যুক্তিপূৰ্ণ আঁচনি গ্ৰহণ কৰা হৈছিল? 
উত্তৰঃ- ১৭৮৬ চনত এখন যুক্তিপূৰ্ণ আঁচনি গ্ৰহণ কৰা হৈছিল। 

(৬) কিমান চনত জিলাৰ সংখ্যা ৩২ লৈ হ্ৰাস কৰা হৈছিল? 
উত্তৰঃ- ১৭৮৭ চনত জিলাৰ সংখ্যা ৩২ লৈ হ্ৰায় কৰা হৈছিল। 

(৭) কিমান চনৰ আৰম্ভণিলৈ এবছৰীয়া ভূমি বন্দোৱস্তি অব্যাহত আছিল? 
উত্তৰঃ- ১৭৯০ চনৰ আৰম্ভণিলৈ এবছৰীয়া ভূমি বন্দোৱস্তি অব্যাহত আছিল। 

(৮) কিমান চনত লাভ কৰাতকৈ কৰ হাৰ দুগুন কৰা হৈছিল? 
উত্তৰঃ- ১৭৬৫ চনত লাভ কৰাতকৈ কৰ হাৰ দুগুন কৰা হৈছিল। 

(৯) কিমান চনত বংগ ভূমি আইন বলবৎ কৰাৰ সময়লৈ ৰায়তৰ অৱস্থা অতি দুখজনক আছিল? 
উত্তৰঃ- ১৮৫৯ চনত বংগ ভূমি আইন বলবৎ কৰাৰ সময়লৈ ৰায়তৰ অৱস্থা অতি দুখজনক আছিল। 

(১০) ১৮৩৩ চনত কোনে মহলৱাৰী প্ৰথা প্ৰৱৰ্তন কৰিছিল? 
উত্তৰঃ- ১৮৩৩ চনত লৰ্ড উইলিয়াম বেন্টিংকে মহলৱাৰী প্ৰথা প্ৰৱৰ্তন কৰিছিল। 

(১১) কিমান চনত নিলাম্বৰত প্ৰথম চেগুণ গছ ৰোপণ কৰা হৈছিল? 
উত্তৰঃ- ১৮৪২ চনত নিলাম্বৰত প্ৰথম চেগুণ গছ ৰোপণ কৰা হৈছিল। 

(১২) কিমান চনত প্ৰথম ভাৰতীয় বন আইন প্ৰস্তুত কৰা হৈছিল? 
উত্তৰঃ- ১৮৬৫ চনত প্ৰথম ভাৰতীয় বন আইন প্ৰস্তুত কৰা হৈছিল। 

(১৩) কিমান শতিকাত ভাৰতৰ সামাজিক জীৱন পৌৰাণিক দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈছিল? 
উত্তৰঃ- ১৮ শতিকাত ভাৰতৰ সামাজিক জীৱন পৌৰাণিক দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈছিল। 

(১৪) হিন্দুসমাজ চৰিত্ৰগতভাৱে কোন প্ৰধান আছিল? 
উত্তৰঃ- হিন্দুসমাজ চৰিত্ৰগতভাৱে পিতৃ প্ৰধান আছিল। 

(১৫) কিমান চনত ব্ৰিটিছে বেনাৰস প্ৰদেশৰ ওপৰত সাৰ্বভৌমত্ব লাভ কৰিছিল? 
উত্তৰঃ- ১৭৭৫ চনত ব্ৰিটিছে বেনাৰস প্ৰদেশৰ ওপৰত সাৰ্বভৌমত্ব লাভ কৰিছিল। 

(১৬) ভাৰত কিমান চনৰ পৰা কিমান চনলৈ উপৰ্য্যুপৰি হোৱা দুৰ্ভিক্ষৰ দ্বাৰা পিড়ীত হৈছিল? 
উত্তৰঃ- ভাৰত ১৭৬০ চনৰ পৰা ১৯৪৩ চনলৈ উপৰ্য্যুপৰি হোৱা দুৰ্ভিক্ষৰ দ্বাৰা পিড়ীত হৈছিল। 

(১৭) দুৰ্ভিক্ষ কি? 
উত্তৰঃ- দুৰ্ভিক্ষ হ'ল- খাদ্যৰ ব্যাপক অভাৱ বা খাদ্যৰ চৰম সংকট। 

(১৮) দুৰ্ভিক্ষক কেইটা ভাগত ভাগ কৰা হয়, আৰু কি কি? 
উত্তৰঃ- দুৰ্ভিক্ষক দুটা ভাগত ভাগ কৰা হয়, সেইকেইটা হ'ল- প্ৰকৃতিক আৰু আনটো হ'ল মানৱ সৃষ্টি। 

(১৯) ফেমচৰ অৰ্থ কি? 
উত্তৰঃ- ফেমচৰ অৰ্থ হ'ল- ভোগ বা ক্ষুদ্ধা। 

(২০) কিমান চনত কৰ্ণৱালিছে চিৰস্থায়ী বন্দোৱস্ত প্ৰবৰ্তন কৰিছিল? 
উত্তৰঃ- ১৭৯৩ চনত কৰ্ণৱালিছে চিৰস্থায়ী বন্দোৱস্ত প্ৰবৰ্তন কৰিছিল। 

চমুটোকা লিখা ঃ

ক) বিদেশী শাসনৰ প্ৰতিকূল প্ৰভাৱঃ 
উত্তৰঃ  বিদেশী শাসনে ভাৰতৰ বৃটিছ উদ্যোগৰ পতনত অৰিহণা যোগাইছিল । ভাৰতত পীয়ান বিষয়াৰ আৱিৰ্ভাৱ হৈছিল । ভাৰতৰ ৰজাসকলৰ ৰাজসভাৰ নবল বা সক্ষ্যসকলৰ দৰে এই বিষয়াসকলে দেশীয় উদ্যোগত বনোৱা সামগ্ৰীৰ প্ৰতি সহানুভূতি বা আদৰ আগবঢ়াইছিল । শিক্ষিত ভাৰতীয়সকলে এই ইউৰোপীয়ান বিষয়াসকলক অনুসৰণ কৰি ইউৰোপীয় কপাহী সামগ্ৰী বা সাজ-পোছাক গ্ৰহণ কৰিছিল । পঞ্জাৱত ইউৰোপৰ কপাহী সামগ্ৰীয়ে ভাৰতৰ চিল্কৰ সাজৰ ঠাই পূৰণ কৰিছিল । তাৰোপৰি ভাৰতৰ  শিক্ষিত বৃত্তিধাৰী শ্ৰেণীটোৱে ইউৰোপীয়ান বিষয়াসকলে ভাল নোপোৱা সাজ-পোছাক পৰিধান কৰি উচ্চ পদবীধাৰী ইউৰোপীয়ান বিষয়াসকলক অসন্তুষ্ট কৰিব বিচৰা নাছিল । সেয়ে বাধ্য হৈ তেোঁলোকে ইউৰোপীয়ান সাজ-পোছাক পৰিধান কৰিবলৈ বাধ্য হৈছিল । ব্ৰিটিছসকলেও কিছুমান অলিখিত আইন আৰু প্ৰথা গ্ৰহণ কৰিছিল যাৰ ফলত পশ্চিমীয়া সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছিল ।
উদাহৰণস্বৰূপে প্ৰচলিত প্ৰথা অনুসৰি  ভাৰতীয়সকলে ব্ৰিটিছৰ উচ্চ বিষয়াৰ সন্মুখত চামৰাৰ জোতা ব্যৱহাৰ কৰিব লাগে । আনহাতে গুণাৰ বন কৰা জোতা পৰিধান কৰিলে সেইবোৰ বাহিৰত খুলি ৰাখিব লাগে । এনেবোৰ নীতিয়ে ভাৰতীয় উদ্যোগত তৈয়াৰী গুণাৰ বন কৰা জোতাৰ ব্যৱহাৰ হ্ৰাস পাইছিল ।
ব্ৰিটিছ শাসনৰ ফলত ৰাজ্যত নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল আৰু লুকাই ৰাখিব পৰা অস্ত্ৰ-শস্ত্ৰ, সঁজুলি আৰু ঢাল নাইকিয়া হৈছিল যিবোৰ ভাৰতত হাতেৰে তৈয়াৰ কৰা হৈছিল বা হস্ত উদ্যোগত প্ৰস্তুত কৰা হৈছিল । তাৰোপৰি ব্ৰিটিছ শক্তিৰ উত্থানে সামাজিক সংঘ বা সংস্থাৰ পতন ঘটাইছিল আৰু এই সংঘবোৰে ভাৰতৰ উদ্যোগজাত সামগ্ৰীৰ গুণ অক্ষুণ্ন ৰাখিবলৈ পৰিদৰ্শন ব্যৱস্থা অব্যাহত ৰাখিবলৈ আৰু এনেদৰে ভাৰতৰ বাণিজ্য নিয়ন্ত্ৰণ কৰিছিল । সংঘৰ পতনে ভাৰতীয় সামগ্ৰীৰ মানদণ্ড নিৰূপণ কৰা বা গুণ ৰক্ষা কৰা কোনো প্ৰতিৰোধক নাছিল । তাৰ ফলত ভাৰতত সামগ্ৰীৰ গুণগত মানদণ্ড লোপ পাইছিল ।
খ) ৰাজকীয় সভাৰ পতন ঃ প্ৰথমতে স্থানীয় ভাৰতীয় ৰজাবোৰৰ ৰাজসভা বা ৰাজশাসনৰ পতনৰ ফলত হস্তশিল্পৰ পতন হৈছিল । উদাহৰণস্বৰূপে  বংগৰ মছজিদ, কপাহ আৰু ছিল্ক উদ্যোগ মোগল সম্ৰাটসকলৰ দ্বাৰা আগবঢ়োৱা পৃষ্ঠপোষকতাৰ ফলত বিকশিত হৈছিল । মোগল সাম্ৰাজ্যৰ পতনৰ লগে লগে বংগত উ ৎপাদিত সামগ্ৰীৰ গুৰুত্বও নাইকিয়া হৈছিল । একেদৰে অযোধ্যাৰ নৱাবে ৰঙীন কাপোৰৰ বাবে ৰং উদ্যোগৰ বিকাশৰ বাবে পৃষ্ঠপোষকতা আগবঢ়াইছিল । 

খ) মহলৱাৰী প্ৰথা 
উত্তৰঃ  এই প্ৰথাৰ অধীনত ৰাজহ বন্দোৱস্তিৰ কাৰণে সৃষ্টি কৰা গোটবোৰেই আছিল গাওঁখন বা মহল । গাঁৱৰ মাটি যৌথভাৱে গাওঁত থকা সকলো সম্প্ৰদায়ৰ আৰু ইয়াক সহ অংশীদাৰী গোট । সহ -অংশীদাৰী  গোটটো যৌথভাৱে ৰাজহ আদায় দিয়াৰ বাবে দায়ী যদিও ব্যক্তিগত দায়িত্বও আছে । যদি কোনো সহঃঅংশদাৰীয়ে তেওঁৰ মাটি বিক্ৰী কৰে তেতিয়া গাওঁৰ সমাজে সেই মাটি গ্ৰহণ কৰে । গাওঁ সমাজ বা গাওঁ সম্প্ৰদায়ে সকলো  উমৈহতীয়া মাটিৰ গৰাকী বা মালিক ।
১৮৩৩ চনত লৰ্ড উইলিয়াম বেন্টিকে মহলৱাৰী প্ৰথা প্ৰৱৰ্তন কৰিছিল । এই প্ৰথাত মাটিৰ গৰাকীসকল ব্যক্তিগতভাৱে চৰকাৰৰ সৈতে জড়িত নহয়, একমাত্ৰ গাওঁহে জড়িত । গাওঁৱে মুৰব্বীৰ জৰিয়তে প্ৰতিজন কৃষকৰ খাজনা চৰকাৰী ৰাজকোষত জমা দিয়া হয় । প্ৰাথমিকভাৱে প্ৰতিজন খেতিয়কে নিজৰ মাটিত খেতি কৰে আৰু খাজনা দিয়ে যদিও অৱশেষত তেওঁলোক আটাইয়ে নিজৰ মাটিত খেতি কৰে আৰু খাজনা দিয়ে যদিও অৱশেষত তেওঁলোক আটায়ে যৌথভাৱেহে দায়ী । মুঠতে এই প্ৰথাৰ অধীনত সমগ্ৰ গাও অঞ্চলৰ মালিক বা গৰাকী আছিল গাওঁ সমাজ বা সহ অংশীদাৰীৰ গোট । গাওঁ আটাইতকৈ ক্ষুদ্ৰতম গোট আৰু গাওঁৰ কৃষকসকলেই গাওঁৰ সম্পত্তিৰ সামূহিক মালিক । এই প্ৰথা প্ৰথম প্ৰৱৰ্তন হৈছিল আগ্ৰা আৰু অযোধ্যাত আৰু পিছলৈ ই পঞ্জাৱলৈ সম্প্ৰসাৰিত হৈছিল । ঠাইভেদে  ভূমি বন্দোবস্তিৰ  প্ৰক্ৰিয়া, বন্দোবস্তিৰ সময় আৰু ভূমি ৰাজহৰ পৰিমাণ পৃথক আছিল । উদাহৰণস্বৰূপে আগ্ৰাত গাওঁৰ গোটৰ সৈতে সামূহিক বন্দোবস্ত কৰা হৈছিল আনহাতে অযোধ্যাত ব্যক্তিগতভাৱে তালুকদাৰসকলৰ সৈতে বন্দোবস্ত কৰা হৈছিল । পঞ্জাৱত গাওঁৰ সম্পত্তিৰ যৌথ দখলদাৰীৰ পৰা ৰাজহ সংগ্ৰহ কৰা হৈছিল । মধ্য প্ৰদেশত মলগুজাৰসকলক প্ৰকৃততে গাৱৰ ভূ-স্বামী বুলি গণ্য কৰা হয় । 

গ) ৰায়তবাৰী বন্দোবস্ত 
উত্তৰঃ কোম্পানীৰ চৰকাৰে সম্পাদন কৰা আন এক প্ৰকাৰৰ ভূমি বন্দোবস্তি আছিল ৰায়তৱাৰী প্ৰথা । এই পদ্ধতিৰ অধীনত প্ৰতিজন পঞ্জীভূত ভূমি গ্ৰহণ কৰা লোকক মাটিৰ গৰাকী বুলি স্বীকৃতি দিয়া হৈছিল আৰু তেওঁ প্ৰত্যক্ষভাৱে চৰকাৰক ভূমি ৰাজহ প্ৰদান কৰাৰ ক্ষেত্ৰত দায়িত্বশীল । এই পদ্ধতিত ৰায়তজনে নিজৰ মাটি ভাড়ালৈ দিব পাৰে, বন্ধকত  থব পাৰে বা বিক্ৰী কৰাৰো অধিকাৰ অধিকাৰ আছে । তেওঁ যেতিয়ালৈ চৰকাৰৰ ৰাজহ আদায় দি থাকিব তেতিয়ালৈ ৰায়তজনক ভূমিৰ পৰা উচ্ছেদ কৰিব নোৱাৰে । ৰায়তবাৰী প্ৰথা দক্ষিণ মাদ্ৰাজ, বোম্বে, বিহাৰ, পূৱ পঞ্জাৱ আৰু অসম আৰু কুৰ্গৰ কোনো কোনো অংশত প্ৰচলিত আছিল । কেপ্তেইন ৰীদ আৰু থমাচ মুনৰোৱে ১৭৯২ চনত বাৰমহল জিলাত এই প্ৰথা প্ৰৱৰ্তন কৰিছিল আন অংশলৈ ই সম্প্ৰসাৰিত হৈছিল ।
ৰায়তৱাৰী প্ৰথাৰ কিছুমান ভাল দিশ আছিল ৰায়তৱাৰী প্ৰথাই ৰাজ্য আৰু কৃষকৰ মাজত এটা প্ৰত্যক্ষ সম্পৰ্ক প্ৰতিষ্ঠা কৰিছিল । ৰায়তৰ ওপৰত সম্পত্তিৰ অধিকাৰ এৰি দি ভূমিত মূলধন ব্যৱহাৰৰ কাৰণে আৰু ইয়াৰ উন্নতিৰ সাধনৰ বাবে আগ্ৰহ দেখুৱাইছিল । ৰায়তৱাৰী প্ৰথাই কৃষকসকলৰ মাজত আত্মবিশ্বাস আৰু আত্মসংযমৰ ভাৱ প্ৰতিষ্ঠা কৰিছিল আৰু গাওঁ সম্প্ৰদায়ৰ ভিন ভিন শাখাৰ মাজত পাৰস্পৰিক সম্পৰ্ক উন্নত কৰাত অৰিহণা যোগাইছিল । এই প্ৰথাৰ অধীনত দুৰ্যোগৰ সময়ত ভূমি ৰাজহ হ্ৰাস কৰি কৃষকৰ সহায় কৰা সম্ভৱ হৈছিল ।

ঘ) দুৰ্ভিক্ষ 
উত্তৰঃ ব্ৰিটিছসকলে ভাৰতত নিৰ্মম অৰ্থনৈতিক নীতি গ্ৰহণ কৰিছিল । তেতিয়াৰ পৰা তেওঁলোকে ভাৰত শাসনৰ ক্ষমতা লাভ কৰিছিল । ব্ৰিটিছসকলৰ এই  ক্ষেত্ৰত কোনো সহানুভূতি নাছিল ব্ৰিটিছ শাসনৰ অধীনত ভাৰতে অগনন বা বহুবাৰ দুৰ্ভিক্ষৰ কবলত পৰিছিল । কিন্তু দুৰ্ভিক্ষই আটাইতকৈ ক্ষতিগ্ৰস্ত কৰিছিল বেংগলত । ব্ৰিটিছ শাসনৰ সময়ছোৱাত ভাৰতত ১৭৭০, ১৭৮৩, ১৮৬৬, ১৮৭৩, ১৮৯২, ১৮৯৭, আৰু শেষৰবাৰ ১৯৪৩-৪৪ চনত দুৰ্ভিক্ষই মাৰাত্মক ক্ষতি কৰিছিল । ব্ৰিটিছৰ পূৰ্বে দেশত যেতিয়া দুৰ্ভিক্ষ হৈছিল দেশীয় ৰজাসকলে অতি সোণকালে দুৰ্ভিক্ষ নিৰাময় কৰাৰ লগতে দুৰ্ভিক্ষ জৰ্জৰিত লোকক সহায় কৰিছিল । ব্ৰিটিছ শাসন আৰম্ভ হোৱাৰ পিছত বেছিভাগ দুৰ্ভিক্ষ ব্ৰিটিছসকলে নিজৰ অৰ্থনৈতিক লাভৰ বাবে দেশৰ প্ৰাকৃতিক সম্পদ শোষণ কৰাৰ লগতে মৌচুমীৰ আগমন পলমকৈ হোৱাৰ ফলত হৈছিল । ভাৰত ১৭৬০ চনৰ পৰা ১৯৪৩ চনলৈ উপৰ্যুপৰি হোৱা দুৰ্ক্ষিক্ষৰ দ্বাৰা পিড়িত হৈছিল । ব্ৰিটিছ সময়মতে এই দুৰ্ভিক্ষবোৰত ৮৫ মিলিয়নতকৈ বেছি মানুহৰ মৃত্যু হৈছিল । ই প্ৰকৃততে ব্ৰিটিছৰাজে কৰা গণহত্যা আছিল ।
দুৰ্ভিভ হল খাদ্যৰ ব্যাপক অভাব বা খাদ্যৰ চৰম সংকট । দুৰ্ভিক্ষ নানা কাৰণত ঘটিব পাৰে প্ৰকৃততে ইয়াক দুটা ভাগত ভাগ কৰা হয় এটা হল প্ৰাকৃতিক আনটো হল মানৱ সৃষ্টি ।  যুদ্ধ, মূল্যবৃদ্ধি, শস্য, বা কৃষিৰ বিপৰ্যয়, জনসাধাৰণৰ অসমতা, ;চৰকাৰী নীতি আৰু দুৰ্ভিক্ষৰ লগে লগে দেখা দিয়ে আঞ্চলিক জনস্বাস্থ্যৰ অতি, ক্ষুদ্ৰা, মহামাৰী আৰু বৰ্ধিত মৃত্যু, ভাৰতত দেখা দিয়া দুৰ্ভিক্ষবোৰ আছিল ১৭৭০ চনৰ বেংগলৰ মহা দুৰ্ভিক্ষ, ১৭৮২-৮৪ চনৰ চালিছা দুৰ্ভিক্ষ, ১৭৮৮ -৯৪ চনৰ দোজি বৰা দুৰ্ভিক্ষ, আদি ।

ৰচনাধৰ্মী প্ৰশ্নঃ

১। স্থানান্তৰ খেতি বা কৃষি কৰ্মৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ  স্থানান্তৰ কৃষি এটা কৃষি পদ্ধতি যি পদ্ধতিত এজন মানুহে এডৰা মাটি তাৰ উৰ্বৰতা থকালৈ ব্যৱহাৰ কৰি তাৰ পিছত মাটিডৰা এৰি এডৰা নতুন ভূমিলৈ খেতি স্থানান্তৰ কৰে । সাধাৰণতে এই খেতি জনজাতিৰ লোকে বেছিকৈ কৰে । এই ধৰণৰ স্থানান্তৰ কৃষিক অসমত ঝুম , কেৰেলাত ওনাম, অন্ধ্ৰপ্ৰদেশত আৰু উৰিষ্যাত পদু নামেৰে জনা যায় ।  আনহাতে মধ্যপ্ৰদেশত ইয়াক বেৱাৰ নামেৰে জনা যায় । নৱপ্ৰস্তৰ যুগত প্ৰায় ৮০০০ খ্ৰীঃপূঃতে স্থানান্তৰ কৃষিৰ ইতিহাস পোৱা যায় । ইয়াৰ দ্বাৰা চিকাৰী আৰু সংগ্ৰহকাৰীৰ পৰা খাদ্য অনা আৰ্হিৰ উল্লেখযোগ্য আৰু বৈপ্লৱিক পৰিৱৰ্তন হোৱা দেখা যায় ।  আৰম্ভণিৰে পৰা স্থানান্তৰ কৃষি বুলিলে স্থানৰ পৰিৱৰ্তন বা এটা শস্যৰ পিছত আন এবিধ শস্যৰ খেতি কৰা , কোৰ ব্যৱহাৰ, মানৱ শ্ৰম প্ৰয়োগ, শস্যৰ খেতি পুনৰ আৰম্ভ কৰাৰ বাবে মাটি ডৰাক উৰ্বৰা কৰাৰ বাবে কিছুবছৰৰ বাবে ব্যৱহাৰ কৰি তাৰ পিছত পৰিত্যক্ত কৰি ৰখা, নতুন মাটি মুকলি কৰা বা অৰণ্য মুকলি কৰি কৃষি কৰাকে বুজায় । বহুতো সমাজবিজ্ঞানীয়ে স্থানান্তৰ কৃষিক সমাজবোৰে পালন কৰা এটা জীৱনৰ পথ বুলি অভিহিত কৰিছে । স্থানান্তৰ কৃষি পথাৰ আৰু সেইবোৰৰ চাৰিওফালে হাবি বা অৰণ্যবোৰে দুই ধৰণৰ জীৱন ধাৰণাৰ পৰিৱৰ্তনশীল সুবিধা প্ৰদান কৰিছে । যদি তেওঁলোকৰ কৃষিনষ্ট হয় বা ভাল নহয় তেতিয়া অৰণ্যৰ পৰা খাদ্য সংগ্ৰহ কৰে ।
স্থানান্তৰ কৃষিৰ প্ৰধান বৈশিষ্ট্য হল 
ক) খেতি কৰা মাটি ডৰাৰ পৰিৱৰ্তন ।
খ) ভূমি মুকলি কৰাৰ বাবে জুইৰ ব্যৱহাৰ কৰা ।
গ) বহু বছৰৰ বাবে মাটিৰ উৰ্বৰতা বৃদ্ধিৰ কাৰণে মাটি ছন পেলাই আহা ।
ঘ) টনাৰ বাবে জন্তু ব্যৱহাৰ নকৰা ।
ঙ) নাঙল ব্যৱহাৰ নকৰা, তাৰ পৰিৱৰ্তে খহতা আৰু সহজ সঁজুলি যেনে কোৰ, চোচনী আদি ব্যৱহাৰ ।
কৃষিৰ প্ৰাথমিক পদ্ধতি স্থানান্তৰ কৃষি আৰু ই আছিল আদিম কৃষি পদ্ধতি । কৃষি পদ্ধতিত খাদ্য -শস্যৰ বৃদ্ধিৰ কাৰণে আৰু মাটিৰ উৰ্বৰতা বৃদ্ধিৰ কাৰণে স্থানান্তৰ কৃষি হল সাধাৰণ পদ্ধতি । ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এতিয়া স্থানান্তৰ কৃষি পদ্ধতি প্ৰচলিত হৈ আছে । এই খেতি ভাৰতৰ উত্তৰ-পূৱ, চিকিম, বিহাৰ উৰিষ্যা, মধ্যপ্ৰদেশ তামিলনাডু, কেৰেলা, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ পাহাৰীয়া অঞ্চলত কৰা হয় । স্থানান্তৰ কৃষিকৰ্ম মাটি চহাই কৰা হয় । পাহাৰৰ গাত কৰা এনে খেতিক ঝুম খেতি বুলিও কোৱা হয় । পাহাৰীয়া অঞ্চলত কিছুমান ঠাইত এই খেতি শাৰী-শাৰীকৈ কৰা হয় । স্থানান্তৰ খেতিৰ এটা গুৰুত্বপূৰ্ণ দিশ হল হাবি মুকলি কৰি বা গছ-বন কাটি তাক জলাই ছাই কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰা । 
স্থানান্তৰ খেতিৰ সুবিধা হল এই খেতিৰ কাৰণে ব্যৱহাৰ কৰা মাটি পাহাৰৰ গাত নিৰ্বাচন কৰা হয় । খাজ কটা আৰু হাবি-বন কাটি জ্বলাই দি সহজে মাটি মুকলি কৰি খেতিৰ বাবে প্ৰস্তুত কৰিব পাৰি । 

২। গ্ৰাম্য ঋণগ্ৰস্ততাৰ কাৰণসমূহ কি লিখা ।

উত্তৰঃ গ্ৰাম্য ঋণগ্ৰস্ততাৰ কাৰণসমূহ হল 
গ্ৰাম্য ঋণগ্ৰস্ততাৰ ক্ষেত্ৰত পণ্ডিতসকলৰ মাজত বিভিন্ন মত দেখা যায় । এহাতে ডাৰ্লিঙৰ দৰে লিখকসকলে কৈছে যে ঋণগ্ৰস্ততাৰ প্ৰধান কাৰণ আছিল খেতিয়কসকলৰ অপৰিসীম ব্যয়  আৰু অসাৱধানতা । তেওঁ ঋণগ্ৰস্ততাৰ চিন হিচাপে বিচাৰি উলিওৱা কাৰণবোৰ আছিল ভাৰতীয় সমাজত প্ৰচলিত সামাজিক ৰীতি-নীতি যেনে বিবাহ, মৃতকৰ কৰ্ম আৰু আন চিৰাচৰিত পূজা-পাৰ্বনবোৰত প্ৰচুৰ ধন খৰচ আৰু এই সামাজিক অভ্যাসবোৰে কল্পনীতীত ধনৰ খৰচ কৰাটোৱেই আছিল গ্ৰাম্য ঋণগ্ৰস্ততাৰ প্ৰধান কাৰণ । এচ. বোচৰ মতে ঋণগ্ৰস্ততাৰ মুখ্য কাৰণ আছিল খেতিয়ক শ্ৰেণীৰ স্বাভাৱিক দৰিদ্ৰতা । ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু টুকুৰা-টুকুৰ মাটি, ভূমিৰ কম , বতাহৰ প্ৰভাৱ আদিয়ে খেতিয়কক অনিশ্চিত জীৱন-যাপনৰ পিনে ঠেলি দিছিল আৰু এনে অৱস্থাত অনিশ্চয়তা অৱসানৰ বাবে ঋণ লোৱাৰ বাহিৰে কৃষকৰ সন্মুখত আন একো পথ নাছিল । 
আন এচাম পণ্ডিতে গ্ৰাম্য ঋণগ্ৰস্ততাৰ বাবে বৃটিছ ঔপনিৱেশ পদ্ধতিকে পোনপ্ৰথমে জগৰীয়া কৰে । এইসকল পণ্ডিতে ঐক্যমতেৰে যুক্তি দিয়ে যে ব্ৰিটিছে শাসনৰ পূৰ্বে ভাৰতীয় কৃষকসকল ঋণৰ কবলত আছিল কিন্তু ঔপনিৱেশিক শাসনে কৃষকৰ স্থান সচাকৈ অতি দুখলগাজনক কৰি তুলিছিল । ডেক্কাৰ ৰায়ত কমিছনেও পৰ্যবেক্ষণ কৰিছিল যে অহেতুক গুৰুত্ব প্ৰদান কৰা হৈছিল বিবাহ আৰু আন আন পূজা-পাৰ্বনবোৰৰ অতিৰিক্ত খৰচ । 
বটিছসকলৰ আগমনৰ সময়লৈকে ভাৰতীয় খণ্ডৰ লোকসকলে কৃষিৰ সহযোগী আয়ৰ পথ হিচাপে কুটীৰ শিল্পৰ ওপৰত নিৰ্ভৰ কৰিছিল । কৃষিৰ বিপৰ্যয়ৰসময়ততেওঁলোকৰ অতিৰিক্ত আয়ৰ পথ কুটীৰ শিল্পৰ আয়ৰ দ্বাৰা তেওঁলোকে ৰক্ষা কৰিব পাৰিছিল । কিন্তু ব্ৰিটিছসকলে ভাৰতীয় কুটীৰ শিল্পৰ আয়ৰ পৰা বঞ্চিত হৈছিল । এনে অৱস্থাত যিকোনো দুৰ্যোগৰ সময়ত ঋণদাতাৰ পৰা ঋণ লোৱাৰ বাহিৰে আন কোনো পথ নাছিল ।
কোম্পানীৰ চৰকাৰে গ্ৰহণ কৰা কঠোৰ আৰু নিয়মিত ভূমি ৰাজহ পদ্ধতিয়েও ঋণগ্ৰস্ততাত অৰিহণা যোগাইছিল । ভূমি  ৰাজহৰ পৰিমাণ অধিক হোৱাৰ উপৰিও শস্য গোটোৱাৰ আগতে সাধাৰণতে ৰাজহ সংগ্ৰহ কৰা হৈছিল । যিহেতু ৰাজহ আদায় দিয়াৰ বাবে সেই সময়ত কৃষকসকল প্ৰস্তুত নহয় সেয়ে তেওঁলোকে ঋণৰ পথ লবলৈ বাধ্য হৈছিল । ঋণদাতাসকলে দাবী কৰা উচ্চ সুতৰ হাৰেও কৃষকক পুনৰ ঋণগ্ৰস্ততাৰ মুখলৈ ঠেলি দিছিল । ঋণদাতাসকলে আৰোপ কৰা উচ্চ সুতৰ হাৰ সম্পূৰ্ণভাৱে আদায় দিব নোৱাৰাৰ ফলত মূলধনৰ বাহিৰেও সুতৰ হাৰ গোট খাই কৃষকজনক সেই স্তুপীকৃত ঋণ পৰিশোধ কৰিবলৈ পুনৰ ঋণ লবলগীয়া হৈছিল । ইয়াৰ ফলত কৃষকৰ অৱস্থা অতি দুখজনক হৈ পৰিছিল । 
কোম্পানীৰ চৰকাৰে ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰা আইন-প্ৰশাসন ব্যৱস্থাৰ নগৰীয়া সমাজৰ ঋণগ্ৰস্ততাৰ বৃদ্ধিত আংশিকভাৱে দায়ী । ব্ৰিটিছসকলে দেৱানী আদালত স্থাপন কৰাৰ আগতে ৰজাই ঋণদাতাসকলক ঋণ পৰিশোধৰ কোনো নিশ্চয়তা প্ৰদান কৰা নাছিল আৰু ঋণদাতা আৰু ঋণ লওতাৰ মাজত পাৰস্পৰিক বুজাবুজিৰ বিষয়টো সমাধান কৰিবৰ বাবে অশেষ চেষ্টা কৰিছিল । 

৩। চিৰস্তায়ী বন্দোবস্থিৰ ভাল গুণবোৰৰ বিষয়ে অলপ বহলাই লিখা ।
উত্তৰঃ  চিৰস্তায়ী বন্দোবস্তিৰ ভাল গুণবোৰ আছিল 
ক) চৰকাৰে ভূমি ৰাজহৰ এটা স্থিৰ বিচাৰ বা আয় লাভ কৰাটো নিশ্চিত আছিল । পূৰ্বৰে পৰা ৰাজহ আদায়ৰ বা ৰাজহ সংগ্ৰহৰ দায়িত্বশীল ব্যৱস্থা উচ্চ হাৰত ডাকোতাসকলৰ হাতলৈ গৈছিল কিন্তু সাধাৰণতে জমিদাৰসকলে চুক্তিত উল্লেখ কৰা ধৰণে ৰাজহ আদায় দিবলৈ সক্ষম হোৱা নাছিল । ইয়াৰ ফলত  চৰকাৰে ইয়াৰ আয়ৰ ক্ষেত্ৰত কেতিয়াও নিশ্চিত হব পৰা নাছিল । নতুন বন্দোবস্তিৰ অধীনত জমিদাৰসকলে চুক্তিৰ ধন দিব লগা হৈছিল নহলে চৰকাৰে তেওঁৰ জমিদাৰী অধিগ্ৰহণ কৰি পাব লগা সমুদায় ধন আদায় কৰিছিল আৰু তেওঁক মালিকীস্বত্বৰ পৰা অপসাৰণ কৰিছিল ।

খ) চিৰস্তায়ী বন্দোবস্তিৰ ফলত ৰাজহৰ হাৰ ১৭৬৫ চনৰ ভূমি ৰাজহতকৈ দুগুণ কৰা হৈছিল আৰু ইয়াৰ বাবে চৰকাৰৰ আয় দুঘণলৈ বৃদ্ধি পাইছিল । পিছত ভূমি ৰাজহৰ বছৰেকীয়া বন্দোৱস্তিৰ যোগেদি পোৱা আয়ৰ এটা বুজন অংশ সঞ্চয় কৰিবলৈ সক্ষম হৈছিল । 

গ) চিৰস্থায়ী বন্দোবস্তিৰ ফলত কোম্পানীৰ কৰ্মচাৰীসকলে কৰ নিৰ্ধাৰণ আৰু সংগ্ৰহৰ পৰা ৰেহাই পাইছিল । এই কৰ্মচাৰীসকলক চৰকাৰৰ আন বিভাগত নিয়োগ কৰা হৈছিল আৰু ইয়াৰ ফলত  কোম্পানীৰ শাসনৰ দক্ষতা বৃদ্ধি হৈছিল । 

ঘ) চিৰস্থায়ী বন্দোবস্তিয়ে অকল জমিদাৰৰ স্বাৰ্থৰ উন্নতি সাধন কৰা নাছিল, ই ৰায়তৰ স্বাৰ্থৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছিল । জমিদাৰসকলে ৰায়তসকললৈ পট্টা অনুমোদন দিব লাগিছিল আৰু যদি জমিদাৰসকলে ৰায়ৰ অধিকাৰ ভংগ কৰে , ৰায়তসকলে তেতিয়া নিজৰ অধিকাৰ ৰক্ষাৰ বাবে আইনৰ সহায় লব পাৰে ।
ঙ) চিৰস্থায়ী বন্দোবস্তিৰ ফলত ইংৰাজৰ প্ৰতি ৰাজভক্তি পৰায়ণ শ্ৰেণী এটাৰ সৃষ্টি হৈছিল আৰু তেওঁলোক  যিকোনো সময়তে ব্ৰিটিছৰ কাষত থিয় হৈছিল । যিহেতু জমিদাৰসকলক ভূমিৰ গৰাকী বুলি স্বীকৃতি দিয়া হৈছিল । তেওঁলোকে চৰকাৰক নিৰ্ধাৰিত খাজনা আদায় দিব লাগিছিল , সেয়ে তেওঁলোকে অৰ্থনৈতিক স্বাৰ্থৰ বাবে ব্ৰিটিছ শাসন ব্যৱস্থা অব্যাহত থকাটো বিচাৰিছিল । 
চ)  ভূমিৰ পৰা পোৱা আয়ৰ দ্বাৰা জমিদাৰসকল ভৱিষ্যতে ধনী হৈছিল আৰু বহু ধন সঞ্চয় কৰিছিল । পৰৱৰ্তী সময়ত জমিদাৰসকলে এই ধন উদ্যোগ স্থাপনত খৰচ কৰিছিল । এনেদৰে চিৰস্থায়ী বন্দোবস্তই উদ্যোগীকৰণত অৰিহণা যোগাইছিল আৰু ইয়ে মানুহৰ জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰিছিল । 

৪। চিৰস্থায়ী বন্দোবস্তিৰ কু-ফলবোৰৰ বিষয়ে লিখা ।
উত্তৰঃ চিৰস্থায়ী বন্দোবস্থিৰ বহুতো ক্ৰটি আছিল আৰু এই বন্দোবস্তিৰ প্ৰধান কু-ফল বা দোষবোৰ আছিল 
ক) চিৰস্থায়ী বন্দোবস্তই অতি সোনকালে জমিদাৰসকলক ক্ষতি কৰিছিল । সেই সময়ত জমিদাৰসকলৰ পৰা দাবী কৰা ভূমি ৰাজহ ইমানেই বেছি আছিল যে সেইমতে জমিদাৰসকলে কৃষকসকলৰ পৰা আদায় কৰিব পৰা নাছিল আৰু ইয়াৰ ফলত তেওঁলোকৰ দায়িত্ব পালনত ব্যৰ্থ হৈছিল । তেতিয়া চৰকাৰে জমিদাৰক তেওঁলোকৰ জমিদাৰী সমৰ্পণ কৰিবলৈ বাধ্য কৰাইছিল নহলে বিক্ৰী কৰিছিল ।

খ) যদিও কোম্পানী চৰকাৰে এটা নিৰ্ধাৰিত আয় লাভ কৰাটো নিশ্চিত আছিল অৱশেষত চৰকাৰৰ লোকচান হৈছিল । সময়ৰ গতিত উন্নত কৃষি পদ্ধতিৰ লগে লগে খাদ্য- সামগ্ৰীৰ পৰিমাণ বৃদ্ধি পাইছিল । কিন্তু তেওঁলোকৰ অংশ বৃদ্ধি কৰা নাছিল । এই অতিৰিক্ত অংশখিনি জমিদাৰসকলে হস্তগত কৰিছিল । 

গ) চিৰস্থায়ী বন্দোবস্তিৰ ফলত গাঁওলীয়া সমাজখন দুটা বিৰোধী ভাগত বিভক্ত হৈ পৰিছিল । এই শ্ৰেণী দুটা আছিল জমিদাৰ আৰু ৰায়ত । 

ঘ) চিৰস্থায়ী বন্দোবস্তিয়ে ভূমিৰ প্ৰকৃত ৰায়তসকলৰ স্বাৰ্থক ইৱজ্ঞা কৰিছিল । যদিও কৰ্ণলিছে ধাৰণা কৰিছিল যে জমিদাৰসকলে ৰায়তলৈ পট্টাা অনুমোদন দিব আৰু পট্টা প্ৰদানৰ ক্ষেত্ৰত আইন ভংগ কৰিলে ৰায়তে দেৱানী আদালতৰ ওচৰ চাপিব পাৰিব কিন্তু প্ৰকৃততে তেওঁলোকক কেতিয়াবাহে পট্টা প্ৰদান কৰিছিল । দুখীয়া ৰায়তসকল সম্পূৰ্ণৰূপে জমিদাৰৰ অনুগ্ৰহৰ ওপৰত বৰ্তি আছিল, তেওঁলোকে কেতিয়াবা আদালতলৈ যোৱাৰ কথা ভাবিব পৰা নাছিল । ১৮৫৯ চনত বংগ ভূমি আইন প্ৰণয়ন কৰাৰ সময়লৈ ৰায়তৰ অৱস্থা অতি দুখজনক আছিল । 

ঙ) ৰাজ্যৰ অতিৰিক্তকৈ প্ৰয়োজন হোৱা বৰ্দ্ধিত কৰৰ বোজা অনা কৃষকসকলৰ কান্ধত পৰিছিল । যিহেতু ৰাজহৰ পৰিমাণ স্থায়ীভাৱে স্থিৰ কৰা হৈছিল সেয়ে চৰকাৰে ভূমি ৰাজহ বৃদ্ধি কৰিব নোৱাৰিছিল । প্ৰশাসনৰ বৰ্ধিত খৰচৰ জোৰা  মাৰিবলৈ চৰকাৰে অনা কৃষকসকলৰ ওপৰত গধুৰ কৰৰ বোজা আৰোপ কৰিছিল । যিহেতু জমিদাৰসকল এটা বিশেষ ক্ষমতাধাৰী শ্ৰেণীত পৰিণত হৈছে সেয়ে কৰৰ বোজা সাধাৰণ মানুহৰ ওপৰতহে পৰিছিল । 

চ) চিৰস্থায়ী বন্দোবস্তিয়ে এচাম অনুপস্থিত জমিদাৰৰ উত্থান ঘটাইছিল । আশা কৰাৰ বিপৰীতে জমিদাৰসকলে তেওঁলোকৰ ভূমিৰ স্বাৰ্থত কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা নাছিল । জমিদাৰসকলে এটা অতি আগ্ৰহী হাৰত ৰায়তক মাটি প্ৰদান কৰিছিল আৰু নগৰত জীৱন-যাপন কৰিবলৈ আগ্ৰহ কৰিছিল । 98
Author_ Ali rani Kakati ( Ba in History Major)