অধ্যায়ঃ ৩ 

শৈক্ষিক ব্যৱস্থাপনাৰ কাৰ্যাৱলী 
(Function of Educational Management)

প্ৰশ্নাৱলী

1. What are the functions of Educational Management ? (শৈক্ষিক ব্যৱস্থাপনা কামবোৰ কি কি ?)

Answer:  শৈক্ষিক ব্যৱস্থাপনাৰ কামবোৰ তলত উল্লেখ কৰা হ'ল- 

পৰিকল্পনা, পৰিকল্পনাৰ সংজ্ঞা। 

2. Enumerate the functions related to planning ? (পৰিকল্পনাৰ সৈতে সম্পৰ্কিত কামবোৰ গণনা কৰা ?)

Answer:  পৰিকল্পনাৰ সৈতে সম্পৰ্কিত কামবোৰ তলত উল্লেখ কৰা হ'ল
১।  উদ্দেশ্যসমূহ স্থিৰ কৰা, ২। পৰিকল্পনাৰ প্ৰস্তাৱনা, ৩। বিকল্প কৰ্মপন্থাৰ সন্ধান, ৪। সহায়ক পৰিকল্পনা তৈয়াৰ কৰা, ৫। সহযোগ আদায় কৰা, ৬। পৰিকল্পনাৰ পৰ্যালোচনা, ।

3.Define planning ? What are the advantages of planning ? (পৰিকল্পনা নিৰ্ধাৰণ কৰিব পাৰি নেকি ? পৰিকল্পনাৰ সুবিধাবোৰ কি কি ?)

Answer:   পৰিকল্পনা নিৰ্ধাৰণ কৰিব পাৰি। ইয়াৰ সুবিধাবোৰ হ'ল- ১। পৰিকল্পনাৰ কাৰ্যদক্ষতা, ২। ফলপ্ৰসূ নিয়ন্ত্ৰণ স্থাপন, ৩। অৰ্থনীতি, ৪। অনিশ্চয়তা ৰোধ কৰে, ৫। অস্পষ্টতা ৰোধ কৰে, ৬। লক্ষ্য আহৰনৰ ক্ষেত্ৰত সহযোগিতা আনে, ৭। অপ্ৰাসংগিক সিদ্ধান্ত গ্ৰহণত নিয়ন্ত্ৰণ প্ৰদান, ৮। কৰ্তব্য আৰু দায়িত্বৰ জ্ঞান বৃদ্ধি কৰে,।

4. Define organization ? What are the functions of an organization ? (সংগঠনৰ সংজ্ঞা দিয়া ? সংগঠনৰ কোমবোৰ উল্লেখ কৰা ।)

Answer:  সংগঠনৰ সংজ্ঞা তলত উল্লেখ কৰা হ'ল-
 ১। লুইছ এল্ এলেনৰ মতে ''সংগঠনৰ দ্বাৰা কাৰ্যবোৰ উলিয়াই লৈ দলবদ্ধভাৱে সেই কাৰ্যবোৰ সম্পন্ন কৰা হয় আৰু সমৰ্থৱান মানুহৰ বা কৰ্তৃপক্ষৰ মাজত দায়িত্ববোধ অৰ্পন কৰা হয়, যাতে সকলোৱে সম্বন্ধৰ মাজেদি একেলগে কাম কৰি কাৰ্যৰ উদ্দেশ্যবোৰ সফল কৰি তুলিব পাৰে।
২। ডক্টৰ এচ্ . পি. সিং ৰ মতে '' সংগঠন হৈছে এনে এক কলা যাৰ দ্বাৰা সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বৰ কাৰণে উপপাদনৰ বিভিন্ন উপাদানসমূহৰ মাজত সহযোগিতা স্থাপন কৰা হয়।

সংগঠনৰ কামবোৰ তলত উল্লেখ কৰা হ'ল-
১।পৰিকল্পনা আৰু নীতি নিৰ্ধাৰণ কৰা, ২। ব্যক্তিক নিজৰ ভূমিকা আৰু দায়িত্ব সম্পৰ্কে সচেতন কৰি লতোলা, ৩। সহযোগিতা,৪। শৈক্ষিক সা-সঁজুলিসমূহৰ যোগান ধৰা, ৫। নিয়মানুৱৰ্তিতা বজাই ৰখা, ৬। মূল্য নিৰূপণ কৰা আৰু মূল্যায়ন কৰা, ৭। নথিপত্ৰ বা তথ্যৰ হিচাপ ৰখা, ৮। মানৱ সম্পদৰ উপযুক্ত ব্যৱহাৰ, ৯। শৈক্ষিক পৰ্যবেক্ষণ, ১০। সহ-পাঠ্যক্ৰমিক কাৰ্যসূচীৰ সুবিধা প্ৰদান কৰা, ১১। সময়সূচী প্ৰস্তুত কৰা।


5. What are the advantages of organization ? (সংগঠনৰ সুবিধাবোৰ কি কি ?)

Answer:  সংগঠনৰ সুবিধাবোৰ তলত উল্লেখ কৰা হ'ল-

১। প্ৰশাসনীয় দক্ষতা বৃদ্ধি কৰা, ২। নৈতিক গুণসমূহৰ বিকাশ সাধন, ৩। সৃষ্টিশীল কামৰ প্ৰতি অভইৰোচিত কৰা, ৪। বিকাশৰ দ্ৰুততা বৃদ্ধি কৰা, ৫।সমন্বয়ৰ বিকাশ ঘটা, ৬। সম্পদৰ ব্যৱহাৰ, ৭।কাৰিকৰী বিকাশৰ সঠিক ব্যৱহাৰ, ।

 6. Define Directions ? Discuss its functions in detail. (দিশ নিৰ্ধাৰণ কৰা আৰু ইয়াৰ কাৰ্যবোৰ বিতংভাৱে আলোচনা কৰা।)


Answer:  

7. How Direction helps Educational Management ? (নিৰ্দেশনাই শৈক্ষিক ব্যৱস্থাপনাক কেনেদৰে সহায় কৰে ।)

Answer:  এটা শিক্ষানুষ্ঠান সুচাৰুৰূপে চলিবলৈ হ'লে ইয়াৰ প্ৰত্যেকটো স্তৰতে নিৰ্দেশনাৰ প্ৰয়োজন হয়। আঁচনি প্ৰস্তুত কৰি সকলো ধৰণৰ সম্পদ ব্যৱহাৰৰ কাৰণে উপযোগী কৰি তোলাৰ লগতে কৃতকাৰ্যতাৰ কাৰণে ব্যক্তিসকলক উপযুক্ত ভাৱে নিৰ্দেশনাৰ প্ৰয়োজন হয়। সাংগঠনিক লক্ষ্যত উপনীত হবলৈ মানৱ সম্পদসমূহক  নিৰ্দেশনাৰ প্ৰয়োজন।

8. What do you mean by control ? What are its functions and advantages ? (নিয়ন্ত্ৰণ বুলিলে কি বুজা ? ইয়াৰ কাৰ্য আৰু সুবিধাবোৰ কি কি ?)

Answer:      নিয়ন্ত্ৰণ হৈছে ব্যৱস্থাপনাৰ এক কাৰ্য যি সংশোধনমূলক পদক্ষেপ লোৱাৰ বাবে ত্ৰুটি বোৰ পৰীক্ষা কৰাত সহায় কৰে। মানদণ্ডৰ পৰা বিচ্যুতি হ্ৰাস কৰিবলৈ আৰু সংগঠনটোৰ উল্লিখিত লক্ষ্যবোৰ আকাংক্ষিত ভাৱে প্ৰাপ্ত কৰাটো নিশ্চিত কৰিবলৈ এইটো ব্যৱহাৰ কৰা হয়।ইয়াৰ সুবিধাবোৰ হ'ল ই সংশোধনমূলক পদক্ষেপ লোৱাৰ বাবে ক্ৰটিবোৰ পৰীক্ষা কৰা হয়।

9. What are the qualities of a Head master ? (এজন হেড মাষ্টাৰৰ গুণাগুণবোৰ কি কি ?)

Answer:   এজন হেড মাষ্টাৰৰ গুণাগুণবোৰ তলত উল্লেখ কৰা হ'ল- 

১। সুস্থ শৈক্ষিক দৰ্শন, ২। সুস্থ জীৱনদৰ্শন, ৩। উচ্চ পাণ্ডিত্য,৪। ব্যৱহাৰিক প্ৰশিক্ষণ, ৫। নেতৃত্বদানৰ গুণ, ৬। সংগঠিত কৰাৰ সক্ষমতা, ৭। প্ৰশাসনীয় দক্ষতা, ৮। জন সম্পৰ্কত দক্ষতা, ৯। সুস্থ শাৰীৰিক আৰু মানসিক স্বাস্থ্য, ১০। ব্যক্তিত্বৰ গুণাগুণসমূহ, ১১। গণতান্ত্ৰিক মনোভাৱ,।

10. What are the functions of the Head of a School ? (এখন বিদ্যালয়ৰ মুৰব্বীৰ কামবোৰ কি কি ?)

Answer:  এখন বিদ্যালয়ৰ মুৰব্বীৰ কামবোৰ হ'ল-
 
১। শিক্ষাদান, ২। পৰিকল্পনা, ৩। প্ৰশাসনীয়, ৪। পৰ্যবেক্ষণ, ৫। সম্পৰ্ক ৰক্ষা, ৬। পৰামৰ্শদান।

11. Describe the Role of the Headmaster in Management of Institution. (প্ৰতিষ্ঠানৰ ব্যৱস্থাপনা প্ৰধান শিক্ষৰ ভূমিকা বৰ্ণনা কৰা ।)

Answer: প্ৰতিষ্ঠানৰ ব্যৱস্থাপনা প্ৰধান শিক্ষকৰ ভূমিকা হ'ল- ১। নেতৃত্ব, ২। পৰিৱেশৰ শক্তিসমূহৰ বিষয়ে সজাগ, ৩। লক্ষ্য নিৰ্দ্ধাৰণ,৪। জ্ঞান আৰু ব্যৱহাৰিক প্ৰশিক্ষণ, ৫। শিক্ষক,শিক্ষাৰ্থী,অভিভাৱকৰ প্ৰতি ভালপোৱা, ৬। সুস্থ শাৰীৰিক স্বাস্থ্য, ৭। জীৱনৰ প্ৰতি সুস্থ মনোভাৱ, ৮। বিশ্বাস অৰ্জন কৰা, ৯। প্ৰত্যকজন শিক্ষকৰ কামৰ পৰ্যবেক্ষণ কৰা, ১০। কাৰ্যৰ সঠিক বিতৰণ।

12. What are the qualities of a Teacher ? (এজন শিক্ষকৰ গুণাগুনবোৰ কি ?)

Answer:      শিক্ষকৰ গুণাগুণবোৰ তলত উল্লেখ কৰা হ'ল- ১। বিষয়বস্তুৰ জ্ঞান, ২। মনোবিজ্ঞানৰ জ্ঞান, ৩। চৰিত্ৰ আৰু ব্যক্তিত্ব,৪। সহযোগিতামূলক মনোভাৱ, ৫। দৈনন্দিন প্ৰস্তুতি, ৬। গণতান্ত্ৰিক মনোভাৱ, ৭। শাৰীৰিক আৰু মানসিক স্বাস্থ্য, ৮। সামাজিকতা, ৯। ভাল স্মৃতিশক্তি, ১০। ভাল মাত, ১১। হাস্যৰস, ।                                                                                                                                                                                                                                          
13. What would you regard to be the Teacher responsibilities in a school ? (তুমি এখন বিদ্যালয়ৰ শিক্ষকৰ দায়িত্ব কি বুলি গণ্য কৰিবা?)

Answer:  এখন বিদ্যালয়ৰ শিক্ষকৰ দায়িত্ব ছাত্ৰ-ছাত্ৰীসকলৰ লগত ভাল সম্বন্ধ স্থাপন কৰা, শৃংখলাবদ্ধভাৱে শিক্ষা দিয়া, ছাত্ৰ-ছাত্ৰীক ভাল চৰিত্ৰ গঠন আৰু ভাল মানুহ হবলৈ শিক্ষা দিয়া ৰ উপৰিও আৰু বহুতো দায়িত্ব থাকে।

14. Describe the role of teacher ? (শিক্ষকৰ ভূমিকা বৰ্ণনা কৰা।)

Answer:  শিক্ষকৰ ভূমিকাৰ বিষয়ে তলত বৰ্ণনা কৰা হ'ল-
 
 কাৰ্যনিৰ্বাহক ৰূপে শিক্ষক- শিক্ষকে সু কাৰ্যনিৰ্বাহক ৰূপে বিদ্যালয়ত পৰিকল্পনা, পাঠ্যসূচী প্ৰস্তুতি, সময়সূচী প্ৰস্তুতি, শ্ৰেণীকোঠাৰ ব্যৱস্থাপনা, শিক্ষণীয় সঁজুলি আৰু দৃশ্য-শ্ৰাৱ্য সঁজুলিসমূহৰ উপযুক্ত ব্যৱহাৰ, আদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

এগৰাকী সুচলকাৰী হিচাপে-  শিক্ষকজনক সমাজত এগৰাকী সুচলকাৰী ব্যক্তি হিচাপে গণ্য কৰিব পাৰি। এগৰাকী সফল সুচলকাৰী হিচাপে শিক্ষকজনে আত্মশিক্ষাৰ পৰিৱেশ সৃষ্টি কৰিব লাগে যিয়ে শিক্ষাৰ্থীক প্ৰকৃত জ্ঞান আহৰণ কৰাত সহায় কৰে।

শিক্ষক এজন অভিৰোচক হিচাপে-  শিজ্ঞকে ব্যৱস্থাপনাত এজন অভিৰোচক হিচাপে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। শিক্ষকে শেণীকোঠাত প্ৰয়োজনীয় পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত এজন অভিৰোচকৰ ভূমিকা গ্ৰহণ কৰিব পাৰে।

 শিক্ষক পৰামৰ্শদাতা হিচাপে- শিক্ষক এজন ছাত্ৰ-ছাত্ৰীৰ বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শক হোৱাৰ দৰে বিদ্যালয় পৰিচালনাৰ ক্ষেত্ৰতো পৰামৰ্শদাতা হিচাপে কাম কৰিব পাৰে। 

নতুন সংস্কাৰক হিচাপে শিক্ষকৰ ভূমিকা-  শিক্ষকে সদায় ছাত্ৰ-ছাত্ৰীক নতুনত্বৰ লগত পৰিচয় কৰি দিব লাগে। শিক্ষাৰ পৰিৱেশ ভাল কৰাৰ ক্ষেত্ৰত নতুন নতুন প্ৰত্যাহ্বানসমূহ গ্ৰহণ কৰি প্ৰধান শিক্ষক নাইবা পৰিচালনাৰ লগত জডিত বহ্যক্তিক সহায় কৰিব লাগে যাতে বিদ্যালয়ত এক নতুন পৰিৱেশৰ সৃষ্টি হয়।



 Author- Dikha Bora