অধ্যায়ঃ ৫ 

সৰ্বপ্ৰিয় প্ৰতিৰোধ 

(Popular Resistance)


(১) কিমান চনৰ বিধৱা পুনৰ বিবাহ আইনখনেও জনসাধাৰণক ক্ষোভিত কৰিছিল আৰু সামাজিক পৰম্পৰাত আঘাত কৰিছিল?

উত্তৰঃ- ১৮৫৬ চনৰ বিধৱা পুনৰ বিবাহ আইনখনেও জনসাধাৰণক ক্ষোভিত কৰিছিল আৰু সামাজিক পৰম্পৰাত আঘাত কৰিছিল। 


(২) কিমান চনত ডেলহাউচীয়ে ধৰ্মান্তৰকৰণ আইন বলৱৎ কৰিছিল আৰু ইয়াৰ দ্বাৰা হিন্দু প্ৰথাৰ সংশোধন কৰা হৈছিল?

উত্তৰঃ- ১৮৫৬ চনত ডেলহাউচীয়ে ধৰ্মান্তৰকৰণ আইন বলৱৎ কৰিছিল আৰু ইয়াৰ দ্বাৰা হিন্দু প্ৰথাৰ সংশোধন কৰা হৈছিল। 


(৩) কিমান চনৰ জুনৰ মাহৰ মাজভাগত সমগ্ৰ উত্তৰ ভাৰত বিদ্ৰোহৰ কবলত পৰিছিল?

উত্তৰঃ- ১৮৫৭ চনৰ জুনৰ মাহৰ মাজভাগত সমগ্ৰ উত্তৰ ভাৰত বিদ্ৰোহৰ কবলত পৰিছিল। 


(৪) ব্ৰিটিছ বাহিনীৰ সংখ্যা কিমানৰ পৰা কিমানলৈ বৃদ্ধি কৰিছিল?

উত্তৰঃ- ব্ৰিটিচ বাহিনীৰ সংখ্যা ১,১২,০০০ ৰ পৰা ৩,১০,০০০ লৈ বৃদ্ধি কৰিছিল। 


(৫) ব্ৰিটিছে ভাৰতলৈ কিমান সৈন্য আমদানি কৰিছিল?

উত্তৰঃ- ব্ৰিটিছে ভাৰতলৈ ১,১২০০০ সৈন্য আমদানি কৰিছিল। 


(৬) কিমান চনৰ ঘোষণাপত্ৰক দ্বাৰা সকলো ভাৰতীয়ক সম সুযোগ আৰু সম অধিকাৰৰ নিশ্চয়তা প্ৰদান কৰিছিল?

উত্তৰঃ- ১৮৫৮ চনৰ ঘোষণাপত্ৰক দ্বাৰা সকলো ভাৰতীয়ক সম সুযোগ আৰু সম অধিকাৰৰ নিশ্চয়তা প্ৰদান কৰিছিল। 


(৭) কিমান চনৰ চিপাহী বিদ্ৰোহৰ প্ৰকৃতি সম্পৰ্কে বুৰঞ্জীবিদসকলৰ মাজত মত পাৰ্থক্য পৰিলক্ষিত হয়?

উত্তৰঃ-১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ প্ৰকৃতি সম্পৰ্কে বুৰঞ্জীবিদসকলৰ মাজত মত পাৰ্থক্য পৰিলক্ষিত হয়। 


(৮) কাৰ মতে ১৮৫৭ চনৰ বিদ্ৰোহক এটা জাতীয় আন্দোলন বুলি ক'ব নোৱাৰি?

উত্তৰঃ- আৰ চি মজুমদাৰৰ মতে ১৮৫৭ চনৰ বিদ্ৰোহক এটা জাতীয় আন্দোলন বুলি ক'ব নোৱাৰি। 


(৯) কোনে আৰম্ভণিতে বিদ্ৰোহীৰ পক্ষ লোৱা নাছিল?

উত্তৰঃ- ৰাণী লক্ষ্মীবাঈয়ে আৰম্ভণিতে বিদ্ৰোহীৰ পক্ষ লোৱা নাছিল। 

১০) ব্ৰিটিছসকলৰ এটা পৰিকল্পিত আচনিৰ নাম লিখা ।

উত্তৰঃ ব্ৰিটিছসকলৰ এটা পৰিকল্পিত আচনিৰ নাম হল টাইমূৰৰ বংশ উচ্ছেদ কৰা ।

১১) কিমান চনত চাওতালসকলৰ বিদ্ৰোহ হৈছিল ।

উত্তৰঃ  ১৮৫৫ চনত চাওতালসকলৰ বিদ্ৰোহ হৈছিল ।

১২) কিমান চনত ভেলোৰ বিদ্ৰোহ হৈছিল ।

উত্তৰঃ  ১৮০৬ চনত ভেলোৰ বিদ্ৰোহ হৈছিল ।

১৩) বেৰেকপুৰৰ বিদ্ৰোহ কিমান চনত হৈছিল ।

উত্তৰঃ ১৮২৪ চনত বেৰেকপুৰৰ বিদ্ৰোহ হৈছিল । 

১৪) ১৮৫৭ চনৰ বিদ্ৰোহ কি আছিল ।

উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহ আছিল সভ্য আৰু বৰ্বৰতাৰ মাজৰ যুদ্ধ ।

১৫) কিমান চনত ভাৰতীয় অসামৰিক সেৱা আইন প্ৰণয়ন কৰা হৈছিল ।

উত্তৰঃ ১৮৬১ চনত ভাৰতীয় অসামৰিক সেৱা আইন প্ৰণয়ন কৰা হৈছিল । 

১৬) স্বৰ্তবিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল । 

উত্তৰঃ)  লৰ্ড ডেলহাউচীয়ে স্বৰ্তবিলোপ নীতি প্ৰৱৰ্তন কৰিছিল ।

১৭)  দুজন ব্ৰিটিছ বুৰঞ্জীবিদৰ নাম লিখা ।

উত্তৰঃ  দুজন ব্ৰিটিছ বুৰঞ্জীবিদৰ নাম হল 

ক) মেলেচন 

খ) ত্ৰেভেলিয়ান 

১৮) মৌলানা আবুল কালাম আজাদে লিখা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ  মৌলানা আবুল কালাম আজাদে লিখা গ্ৰন্থখনৰ নাম হল এইটিন ফিফটি চেভেন ।

১৯) চিপাহী বিদ্ৰোহৰ প্ৰথম আৰু গুৰুত্বপূৰ্ণ ফলাফলটো কি আছিল ।

উত্তৰঃ  চিপাহী বিদ্ৰোহৰ প্ৰথম আৰু গুৰুত্বপূৰ্ণ ফলাফলটো আছিল ইষ্ট-ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত আৰু ভাৰতৰ ওপৰত ৰাজমুকুটৰ প্ৰত্যক্ষ শাসন প্ৰৱৰ্তন । 

২০) কিমান চনত পাবনা আৰু বোগ্ৰা বিদ্ৰোহ সংঘটিত হৈছিল ।

উত্তৰঃ ১৮৭২ চনত পাবনা আৰু বোগ্ৰা বিদ্ৰোহ সংঘটিত হৈছিল ।

চমুটোকা লিখা ।

ক) বিদ্ৰোহৰ প্ৰকৃতি 

উত্তৰঃ ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ প্ৰকৃতি সম্পৰ্কে বুৰঞ্জীবিদসকলৰ মাজত মত পাৰ্থক্য পৰিলক্ষিত হয় । ব্ৰিটিছ বুৰঞ্জীবিদ কায়ে, মেলেচন, ত্ৰেভেলিয়ন, লৰেঞ্চ হলমেচ আদিয়ে প্ৰজাৰ মাজত গণভিত্তি নথকা চিপাহীৰ মাজতে সীমাবদ্ধ এই বিদ্ৰোহক এটা চিপাহী ৰাজদ্ৰোহ বুলি আখ্যা দিছে । কিছুমান জাতীয়তাবাদীয়ে ইয়াক এটা সু-পৰিকল্পিত জাতীয় সংগ্ৰাম আৰু প্ৰথম ভাৰতীয় স্বাধীনতা যুদ্ধ বুলি বৰ্ণনা কৰিছে । আন কিছুমান লোকে ইয়াক খ্ৰীষ্টীয়ানৰ বিৰুদ্ধে ধৰ্ম যুদ্ধ, কিছুমানে এখন জাতিগত সংগ্ৰাম বা আধিপত্য স্থাপনৰ বাবে কলা আৰু বগাৰ মাজৰ সংগ্ৰাম কিছুমানে ইয়াক প্ৰাচ্য আৰু পাশ্চাত্যৰ মাজৰ সভ্যতা আৰু সংস্কৃতিৰ যুদ্ধ, কিছুমানে ইয়াক ব্ৰিটিছৰ শাসন ওফোৰাবৰ বাবে হিন্দু-মুছলমানৰ ষড়যন্ত্ৰ বুলি আখ্যা দিছে ।

চাৰ জন লৰেঞ্চে আৰু চিলিয়ে ইয়াক চিপাহী বিদ্ৰোহৰ বাহিৰে আন একো নহয় বুলি বৰ্ণনা কৰিছে । চিলিয়ে বিদ্ৰোহক এটা সম্পূৰ্ণৰূপে দেশপ্ৰেমহীন আৰু গণ্যভিত্তি নথকা আৰু নেতৃত্বহীন স্বাৰ্থপৰ চিপাহী বিদ্ৰোহ বুলি বৰ্ণনা কৰিছে । ছাভাৰকাৰৰ মতে বিদ্ৰোহ আছিল এটা সু-সংগঠিত জাতীয় আন্দোলন । ইয়াৰ প্ৰধান নীতি আছিল স্বধৰ্ম আৰু স্বৰাজ । এই দুটা নীতিৰ ভিতৰত নিহিত হৈ আছে বৈপ্লৱিক আদৰ্শৰ মূল নীতি । অশোক মেহতাই যুক্তি আগবঢ়াইছে যে যদিও বিদ্ৰোহৰে মূল মেৰুদণ্ড চিপাহীসকল তথাপি ইয়াক অনিবাৰ্যভাৱে এটা চিপাহী বিদ্ৰোহ বুলি কলে ভূল হব । সাধাৰণ জনতা এই বিদ্ৰোহৰ লগত জড়িত হৈ আছে । 

খ) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ 

উত্তৰঃ এখনৰ পিছত আনখন আঞ্চলিক ক্ষেত্ৰ বিজয় আৰু অৰ্থনৈতিক শোষণৰ দ্বাৰা বৃটিছ কোম্পানীয়ে ভাৰতবৰ্ষত এক অভিলেখৰ সৃষ্টি কৰিছিল ।  কিন্তু ইংৰাজৰ লোভৰ সীমা নাছিল । ব্ৰিটিছ সম্প্ৰসাৰণদাবী নীতিৰ পঞ্জীভূত প্ৰক্ৰিয়া, অৰ্থনৈতিক শোষণ আৰু বছৰৰ পিছত বছৰ ধৰি কৰা ৰাজনৈতিক পৰিৱৰ্তনে ভাৰতৰ ৰজা, সৈনিক, ডাঙৰীয়া, জমিদাৰ, কৃষক, ব্যৱসায়ী পণ্ডিত, মৌলবী, শিল্পী আদি সকলো শ্ৰেণীকে ক্ষুব্ধ আৰু ব্ৰিটিছ বিৰোধী কৰি তুলিছিল । কিছুমান ঘোষণাপত্ৰত প্ৰকাশ পাইছিল যে হিন্দু আৰু মুছলমানসকলৰ ধৰ্ম, সন্মান, জীৱন আৰু সম্পত্তিৰ প্ৰতি ব্ৰিটিছ প্ৰশাসনে ভাবুকিৰ সৃষ্টি কৰিছিল । ব্ৰিটিছৰ প্ৰতি ভাৰতীয়সকলৰ মাজত গঢ়ি উঠা ক্ষোভ আৰু অসন্তোষৰ ভাব মাজে সময়ে ভাৰতৰ বিভিন্ন প্ৰান্তত গঢ়ি উঠা বিদ্ৰোহে প্ৰকাশ কৰিছিল । ১৮০৬ চনৰ ভেলোৰ বিদ্ৰোহ, ১৮২৪ চনৰ বেৰেকপুৰৰ বিদ্ৰোহ, ১৮৪২ চনৰ ফিৰোজপুৰ বিদ্ৰোহ আৰু এইবোৰক অনুসৰণ কৰিয়ে সপ্তম বেংগল কেভেলৰি আৰু ৬৪ নং ৰেজিমেন্টৰ বিদ্ৰোহ , ২২ নং উত্তৰ ভাৰত পদাতিক বাহিনীৰ বিদ্ৰোহ, ১৮১৬ বেৰিলী বিদ্ৰোহ, ১৮৩১-৩২ চনৰ কোল বিদ্ৰোহ আদি বিভিন্ন বিদ্ৰোহ ৰাজনৈতিক , অৰ্থনৈতিক আৰু ব্ৰিটিছ প্ৰশাসনৰ বিৰুদ্ধে গঢ়ি উঠা ক্ষোভৰ বৰ্হিপ্ৰকাশ । ১৮৫৭ চনত প্ৰজাৰ ক্ষোভ, বঞ্চনা, যন্ত্ৰণা আদিৰ জালামুখীসদৃশ, বিস্ফোৰণ হৈছিল আৰু ইয়ে ব্ৰিটিছক তেওঁলোকৰ মূল ভেটিৰ স্থায়ীত্বৰ প্ৰতি ভাবুকি আনি দিছিল ।  সামৰিক উত্থানৰ যোগেদি যদিও বিদ্ৰোহ আৰম্ভ হৈছিল, ই অকল সামৰিক বাহিনীৰ ক্ষোভ বা কাৰ্টিজ ব্যৱহাৰেই নাছিল , ভাৰতত সম্পূৰ্ণ ১০০ বছৰ ৰাজত্ব কৰা বিট্ৰিছ সাম্ৰাজ্যবাদী শক্তিৰ ভাৰত বিৰোধী নীতি আৰু কু-শাসনৰ সময়ছোৱাত এই বিদ্ৰোহৰ ভেটি ৰচনা হৈছিল । গতিকে এই বিদ্ৰোহ ভাৰতৰ সকলো অৱস্থাকে যেনে ৰাজনীতি সমাজ, নৈতিকতা, ধৰ্ম, কৃষি বাণিজ্য, সংস্কৃতি আদি মষিমূৰ কৰাৰ চূড়ান্ত সিদ্ধান্ত এই মহাবিদ্ৰোহ । 

ৰচনাধৰ্মী প্ৰশ্নঃ

। চিপাহী বিদ্ৰোহৰ কাৰণবোৰৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ  চিপাহী বিদ্ৰোহৰ কাৰণবোৰৰ বিষয়ে তলত আলোচনা কৰা হল 

ক) ৰাজনৈতিক কাৰণ ঃ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ আঁচনিৰ সঠিক আৰু কাৰ্যকৰী নিয়ন্ত্ৰণ আৰু ভাৰতৰ স্থানীয় ৰাজ্যবোৰৰ ক্ৰমে অৱলুপ্তিৰ বাবে গ্ৰহণ কৰা নীতিয়ে নিৰ্দিষ্ট আৰু বাস্তৱ ৰূপ লাভ কৰিবলৈ লৰ্ড বেলেছলীয়ে গ্ৰহণ কৰা কৰদমৈত্ৰী নীতিৰ সফল ৰূপায়নৰ যোগেদিহে আৰু ইয়াৰ নীতিগত সমাধান লৰ্ড ডেলহাউছীৰ স্বতবিলোপ নীতিৰ যোগেদি হৈছিল । লৰ্ড ডেলহাউচীৰ স্বত্ব বিলোপ নীতিৰ ফলত ভাৰতৰ স্থানীয় ৰজাসকলে সকলো প্ৰকাৰৰ নৈতিকতা আৰু ৰাজনৈতিক কাৰ্যকলাপ বিসৰ্জন দিবলগা হৈছিল । লৰ্ড ডেলহাউছীৰ ৰাজ্য অন্তৰ্ভূক্তকৰণ আৰু স্বত্ববিলোপ নীতিয়ে ভাৰতৰ প্ৰায় সকলো ৰজাৰ মনত সন্দেহ আৰু অনিশ্চয়তা ভাবৰ সৃষ্টি হৈছিল । উত্তৰাধিকাৰী াইন অকল হিন্দুৰ বাবে অগ্ৰাহ্য কৰা হৈছিল । সিংহাসনৰ বাবে পোষ্য পুত্ৰ গ্ৰহণৰ নিশ্চয়তা সেইবোৰলৈ দিয়া নাছিল যাৰ দেহত ৰাজবংশৰ তেজ নাছিল । তাৰোপৰি অধীন ৰাজ্য আৰু ৰক্ষিত্ৰ মিত্ৰৰ পাৰ্থক্যও সামান্য । ইয়াৰ ব্যাখ্যাৰ ক্ষেত্ৰত ইষ্ট-ইণ্ডিয়া কোম্পানীৰ সিদ্ধান্ত সীমাবদ্ধ আৰু কৰ্ট অব ডিৰেক্টৰৰ সিদ্ধান্ত চূড়ান্ত । এনে উত্তৰাধিকাৰ প্ৰশ্ন শুদ্ধ বা অশুদ্ধ বা বৈধ  আৰু অবৈধ তাৰ ওপৰত নিৰপেক্ষ ৰায় দিয়াৰ বাবে কোনো উচ্চতম ন্যায়লয় নাছিল । পঞ্জাৱ, পেগু, চিকিম বিজয় অধিকাৰ অনুসৰি অন্তৰ্ভূক্ত কৰিছিল, আনহাতে স্বত্ববিলোপ নীতিৰ দ্বাৰা সাতাৰা , জৈতপুৰ সম্বলপুৰ,বঘত, উদয়পুৰ, ঝাঞ্চী আৰু নাগপুৰ অন্তৰ্গত কৰিছিল । 

কুশাসনৰ অভিযোগ তুলি অযোধ্যা অন্তৰ্ভূক্ত কৰিছিল । কৰ্ণাটক আৰু তাঞ্জোৰৰ নৱাবৰ ৰাজকীয় উপাধি বাতিল কৰা হৈছিল আৰু দ্বিতীয় বাজীৰাওৰ পুত্ৰৰ পেঞ্চন বন্ধ কৰি দিছিল । ভাৰতীয়সকলে ধাৰণা কৰিছিল যে ভাৰতৰ ৰাজ্যসমূহৰ অস্তিত্ব প্ৰতি ই ভাবুকি আছিল । 

খ) প্ৰশাসনিক কাৰণ ঃ ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ভাৰতীয় ৰাজ্যবোৰ দখল কৰাৰ পিছত সেই ৰাজ্যবোৰৰ প্ৰশাসন পদ্ধতি নিজৰ হাতলৈ নিছিল । ব্ৰিটিছে ভাৰতত প্ৰৱৰ্তন কৰা শাসন ব্যৱস্থাৰ সকলো গুৰুত্বপূৰ্ণ পদ  ইউৰোপীয়ান লোকসকলৰ বাবে সংৰক্ষিত আছিল আৰু ভাৰতীয় সম্ভ্ৰান্ত লোকসকল গুৰুত্বপূৰ্ণ পদৰ পৰা অপসাৰিত হৈছিল । সামৰিক আৰু অসামৰিক বিভাগত ভাৰতীয়সকলক নিম্ন পদত নিয়োগ কৰিছিল আৰু তেওঁলোকৰ কোনো পদোন্নতি নাছিল । এনে কাৰ্যই ভাৰতীয়সকলক যথেষ্ট ক্ষুব্ধ কৰিছিল । ইংৰাজ শাসকসকলে ভাৰতীয় জনসাধাৰণক কৰা বৈষম্যমূলক আচৰণেও ভাৰতীয়সকলক অসন্তুষ্ট কৰিছিল । ইংৰাজ আৰু ইউৰোপীয়ানসকলে ভাৰতীয়ৰ প্ৰতি অসহনীয় আচৰণ কৰিছিল আৰু ভাৰতীয়সকলক কলা মানুহ বুলি ঘৃণা কৰিছিল । প্ৰকৃততে ইংৰাজসকলে ভাৰতীয়সকলক সুযোগ পালেই অপমান কৰিছিল ।  থমাচ মনৰোৰ মতে বিদেশী বিজেতাসকলে সচাকৈযে ভাৰতীয়সকলক নিষ্ঠুৰ ব্যৱহাৰ কৰিছিল কিন্তু ভাৰতীয়সকলৰ পৰা তেওঁলোকে অপমানজনক আচৰণ পোৱা নাছিল ।  ১৮৫৩ চনৰ চাৰ্টাৰ আইনে প্ৰশাসনত ভাৰতীয়সকলক নিযোগ কৰাৰ ব্যৱস্থা আৰোপ কৰিছিল কিন্তু কোম্পানীৰ চৰকাৰে এই চৰ্ত কেতিয়াও কাৰ্যকৰী কৰা নাছিল ।  এই কাৰ্যই ভাৰতীয়সকলক উত্তেজিত কৰিছিল আৰু সেয়ে ভাৰতীয়সকলে ইংৰাজক বহিস্কাৰ কৰাৰ বিষয়ে চিন্তা কৰিছিল ।  ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে প্ৰৱৰ্তন কৰা প্ৰশাসন ব্যৱস্থা ৰাজ্যখনৰ বাবে অদক্ষ আৰু অনুপযোগী আছিল । নতুনকৈ লাভ কৰা ৰাজ্যবোৰত ইংৰাজে প্ৰৱৰ্তন কৰা ভূমি ৰাজহ পদ্ধতিয়ে প্ৰজাক যথেষ্ট অসন্তুষ্ট  কৰিছিল আৰু ইংৰাজে প্ৰায়ে ৰাজহ সংগ্ৰহ কৰাৰ বাবে সামৰিক বাহিনী প্ৰেৰণ কৰিবলগীয়া হৈছিল । লৰ্ড হেলহাউছীয়ে গঠন কৰা অনুসন্ধান কমিটিৰ ফলত বহুতো মাটিৰ মালিকে ভূমি হেৰুৱাবলগীয়া হৈছিল কিয়নো তেওঁলোকে নিজৰ নামজাৰিৰৰ কোনো প্ৰমাণ বা তথ্য কমিটীৰ আগত জমা দিব পৰা নাছিল । এই ব্যৱস্থাই ভূমি হেৰোৱা মাটিৰ মালিকসকলক ক্ষুব্ধ কৰিছিল । 

গ) সামাজিক আৰু ধৰ্মীয় কাৰণ ঃ  ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ভাৰতত প্ৰৱৰ্তন কৰা সামাজিক সংস্কাৰবোৰেও জনসাধাৰণক অসন্তুষ্ট কৰিছিল । ভাৰতীয় মানুহে এই সংস্কাৰবোৰক ভাৰতীয় মানুহৰ সামাজিক জীৱনত অপ্ৰয়োজনীয় হস্তক্ষেপ বুলি গণ্য কৰিছিল । উদাহৰণস্বৰূপে সতীদাহ প্ৰথাৰ বিলোপ সাধনক হিন্দু সমাজৰ গোড়া ধাৰ্মিক শ্ৰেণীটোৱে সামাজিক আৰু ধৰ্মীয় ৰীতিৰ বিৰোধী কাৰ্য বুলি নিন্দা কৰিছিল । একেদৰে প্ৰথম আফগান যুদ্ধৰ সময়ত আফগানিস্থানলৈ চিপাহী প্ৰেৰণ কাৰ্যত ভাৰতীয়সকল অসন্তুষ্ট হৈছিল কাৰণ হিন্দু জাতিৰ ৰীতিমতে সীমান্ত অতিক্ৰম কৰাটো ধৰ্মবিৰোধী । সেয়েহে আফগানিস্থানৰ পৰা উভতি অহা হিন্দু সৈন্যসকলক জাতিভ্ৰষ্ট আখ্যা দিছিল আীৰু হিন্দু সমাজে তেওঁলোকক আঁকোৱালি লোৱা নাছিল । ১৮৫৬ চনত বিধবা পুনৰ বিবাহ আইনখনেও জনসাধাৰণক অতিকৈ ক্ষোভিত কৰিছিল আৰু সামাজিক পৰম্পৰাত আঘাত কৰিছিল । হিন্দু সমাজৰ নীতি বা আইনমতে এজনী মহিলাই তেওঁৰ স্বামীৰ মৃত্যুৰ পাছত বৈধব্য আৰু নিৰ্জন অকলশৰীয়া জীৱন অতিবাহিত কৰিব লাগে আৰু কোনো বিবাহত আবদ্ধ হব নোৱাৰে । বিধবা পুনৰ বিবাহ আইন অনুসৰি এগৰাকী বিধবা মহিলাই পুনৰ বিবাহ হব পাৰে । কিন্তু হিন্দু ধৰ্মৰ গোড়া লোকসকলে ইয়াক বিৰোধিতা কৰি ব্যাখ্যা কৰিছিল যে হিন্দুৱে এবাৰ জন্ম লয়, এবাৰ মৃত্যুমুখত পৰে আৰু এবাৰহে বিবাহ কৰিব পাৰে ।

ঘ) অৰ্থনৈতিক কাৰণ ঃ ভাৰতলৈ অহা পূৰ্বৰ কিছুমান আক্ৰমণকাৰীৰ দৰে ব্ৰিটিছসকলেও ভাৰতৰ সম্পদ শোষণৰ বাবে আৰু নিজৰ দেশক চহকী কৰাব বাবে ভাৰতলৈ আহিছিল । কাৰ্যতঃ আৰম্ভণিতে ইংৰাজসকলে ভাৰতক ব্ৰিটেইনৰ এখন ব্যক্তিগত জমিদাৰীৰ দৰে গণ্য কৰি একমাত্ৰ নিজৰ উপকাৰৰ বাবেহে কাম কৰিছিল । তেতিয়া ইংৰাজ কোম্পানীয়ে ভাৰতৰ মানুহৰ কল্যাণ বা উন্নতিৰ বাবে মুঠেও মনোযোগ দিয়া নাছিল । ইংলেণ্ডৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় সামগ্ৰী আহৰণৰ বাবেহে ভাৰতীয় অৰ্থনীতি পৰিচালনা কৰিছিল । ভাৰতীয় কেঁচা সামগ্ৰী দলিয়াই দিয়া মূল্যত ক্ৰয় কৰি ইংলেণ্ডলৈ ৰপ্তানি কৰিছিল আৰু ইংলেণ্ডৰ উদ্যোগত ইয়াৰ পৰা সামগ্ৰী উৎপাদন কৰি উচ্চ মূল্যত বিক্ৰী কৰিবলৈ ভাৰতলৈ প্ৰেৰণ কৰিছিল । । ইয়াৰ ফলত ভাৰতৰ কুটীৰ আৰু ক্ষুদ্ৰ উদ্যোগবোৰৰ পতন হৈছিল আৰু ইয়াৰ লগত জড়িত থকা লোকসকলে কৃষিকাৰ্যত নামি পৰিছিল  । ইয়াৰ ফলত ভাৰতৰ কৃষিক্ষেত্ৰৰ ওপৰত হেচা বৃদ্ধি হৈছিল আৰু মানুহ দৰিদ্ৰ হৈ পৰিছিল ।

সাধাৰণ কৰৰ হাৰো কিছু পৰিমাণে বেছি আছিল আৰু ইয়াৰ পৰিমাণ ক্ৰমে বাঢ়ি আছিল । সাধাৰণ কৰ হিচাপে আহৰণ কৰিব লগা ২০.৮ লক্ষ টকাৰ বিপৰীতে ১৮৫৭-৫৮ চনত কৰ বেছিকৈ আহৰণ কৰা হৈছিল ৩১.৭ লাখ । এই টকাৰ বেছি অংশ যুদ্ধ আৰু প্ৰশাসনত খৰচ কৰা হৈছিল । অকলেণ্ডৰ আফগান যুদ্ধ, সিন্ধু দখল, হাৰ্ডিঞ্জৰ শিখ যুদ্ধ আদিৰ বাবে ভাৰতৰ জনসাধাৰণৰ ওপৰত কৰৰ পৰিমাণ পুনৰ বৃদ্ধি কৰা হৈছিল । 

ঙ) সামৰিক কাৰণ ঃ এই সকলোবোৰ কাৰণত বিভিন্ন শ্ৰেণীৰ লোক ক্ষুব্ধ আৰু অ,সন্তুষ্ট হোৱা সত্বেও ১৮৫৭ চনত বিদ্ৰোহ সংঘটিত সম্ভৱত নহলহেতেন যদিহে চিপাহীসকলে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ নকৰিলেহেতেন । এইটো লক্ষ্য কৰিবলগীয়া যে যোৱা কিছুবছৰ ধৰি চিপাহীসকলে বিভিন্ন কাৰণত ইংৰাজৰ প্ৰতি অসন্তুষ্ট হৈ পৰিছিল । ডেলহাউচীয়ে অকলে ১৮৪৯ , ১৮৫০ আৰু ১৮৫২ চনত চিপাহীবোৰৰ তিনিটা বিদ্ৰোহৰ মুখামুখি হৈছিল । 

ভাৰতীয় সৈনিকে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ কাৰণবোৰৰ ভিতৰত কিছুমান আলোচনা কৰা হল 

১। ইউৰোপীয়ান আৰু ভাৰতীয় চিপাহীৰ মাজত ভাৰসাম্যতা বৃদ্ধি পাই আহিছিল । ১৮৬৫ চনত ২,৩৩,০০০ স্থানীয় বাহিনীৰ বিপৰীতে ৪৫,৩২২ ব্ৰিটিছ সৈনিক আছিল । কিন্তু ডেলহাউচীয়ে নতুনকৈ দখল কৰা ৰাজ্যসমূহৰ প্ৰশাসনিক পদত  সামৰিক বিষয়া নিয়োগ কৰি এই অসমতা দূৰ কৰিছিল । কিছুমান ব্ৰিটিছ সৈনিকক ৰাছিয়া আৰু পাৰ্চীয়াৰ বিৰুদ্ধে যুজিবলৈ ক্ৰিমিয়ালৈ প্ৰেৰণ কৰা হৈছিল । সংখ্যাৰ দিশৰ পৰা ব্ৰিটিছ সৈনিকতকৈ ভাৰতীয় সৈনিক বৃদ্ধি হোৱাত যিকোনো সুবিধা গ্ৰহণত উৎ,সাহ পাইছিল ।

২। প্ৰথম আফগান যুদ্ধৰ সময়ত হোৱা ইংৰাজৰ বিপৰ্যয়ে ব্ৰিটিছ বাহিনী অভেদ্য বুলি প্ৰচলিত প্ৰবাদ ধূলিসাৎ হৈছিল আৰু ভাৰতীয় সৈনিকৰ বাবে ব্ৰিটিছৰ পৰাজয় হোৱা বুলি বিশ্বাস কৰিছিল । গতিকে ভাৰতীয় সৈনিকৰ বাবে পৰাজয় হোৱা অপযশ প্ৰচাৰ কৰাত ভাৰতীয় সৈনিক ক্ষুব্ধ হৈছিল । 

৩। গ্ৰীজ কাৰ্টিজৰ ব্যৱহাৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ আছিল । গ্ৰীজ কাৰ্টিজটো ব্যৱহাৰ কৰাৰ সময়ত মুখেৰে কামুৰি ধৰিব লাগিছিল । ১৮৫৭ চনৰ জানুৱাৰী মাহত প্ৰচাৰ হৈ গৈছিল যে গ্ৰীজ কাৰ্টিজটো গাহৰি আৰু গৰুৰ চৰ্বিৰে তৈয়াৰী আৰু ব্ৰিটিছে হিন্দু আৰু মুছলমানৰ ধৰ্ম নষ্ট কৰিবলৈ ইয়াক ইচ্ছা অনুসৰি ব্যৱহাৰ কৰিছিল । সামৰিক বিষয়াসকলে কোনো ধৰণৰ অনুসন্ধান নকৰাকৈ কাৰ্টিজত গাহৰি আৰু গৰুৰ চৰ্বি থকা বিষয়টো অস্বীকাৰ কৰিছিল । কিন্তু পৰৱৰ্তী অনুসন্ধানত প্ৰমাণ হৈছিল যে কাৰ্টিজত গৰু আৰু গাহৰিৰ চৰ্বি আছে ব্ৰিটিছে ভাৰতীয় চিপাহীসকলক সন্তুষ্ট বা শান্ত কৰিবলৈ চলোৱা সকলো বিফল হৈছিল আৰু সুতলেজৰ পৰা নৰ্মদালৈ চিপাহীসকলে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল ।

২। চিপাহী বিদ্ৰোহ বিফল হোৱাৰ কাৰণসমূহৰ বিষয়ে লিখা । 

উত্তৰঃ চিপাহী বিদ্ৰোহ বিফল হোৱাৰ কাৰণসমূহ হল 

ক) চিপাহী বিদ্ৰোহ স্থানীয় অঞ্চলত সীমাবদ্ধ আছিল আৰু ৰাজ্যৰ বহুতো অংশত বিদ্ৰোহৰ কোনো প্ৰভাৱ নাছিল । উদাহৰণস্বৰূপে নৰ্মদাৰ সিপাৰৰ অঞ্চলত অশান্তি হোৱা নাছিল । সিন্ধু আৰু ৰাজপুতনাও সম্পূৰ্ণ শান্ত হৈ আছিল । একেদৰে মধ্য আৰু পূব বংগত বিদ্ৰোহে আমনি কৰা নাছিল । বোম্বে আৰু মাদ্ৰাছৰ সৈন্য বাহিনী ব্ৰিটিছৰ প্ৰতি আনুগত্যশীল হৈ আছিল । সেয়েহে ব্ৰিটিছে নেপালৰ গোৰ্খা আৰু পঞ্জাৱৰ শিখবাহিনীৰ সহায়ত বিদ্ৰোহ দমন কৰা টান কাম নাছিল । আনকি আফযগানিস্থানৰ শাসক দোস্ত মহম্মদে ব্ৰিটিছৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰিছিল । যদিও বিদ্ৰোহ সীমিত নহৈ সৰ্বব্যাপি হলহেতেন ব্ৰিটিছে কেতিয়াও বিদ্ৰোহ দমন কৰাত সফল হব নোৱাৰিলেহেতেন ।

খ) বহুতো ভাৰতীয় ৰজাই ব্ৰিটিছৰ প্ৰতি ৰাজভক্তি বা আনুগত্য প্ৰকাশ কৰি থকা কাৰ্যই ব্ৰিটিছক সহায় কৰাত বৰঙণি যোগাইছিল । সিন্ধিয়া, হোলকাৰ , ছাক দিনকৰ ৰাও, ছাৰ সলাৰজং আদিয়ে তেওঁলোকৰ নিজৰ ৰাজ্য শান্তিপূৰ্ণ কৰি ৰখাৰ উপৰিও ইংৰাজক সকলো ক্ষেত্ৰতে মূল্যৱান সেৱা আগবঢ়াইছিল । একেদৰে নভা, পাটিয়ালা, ঝিন্দ , কাপুৰথলাৰ শাসকে ইংৰাজৰ প্ৰতি ভক্তিপৰায়ণ হৈ আছিল আৰু বিদ্ৰোহ দমন কৰাত সাম্ভাব্য সকলো সহায় ব্ৰিটিছলৈ আগবঢ়াইছিল । 

গ) সামৰিক শক্তি আৰু সম্পদত বিদ্ৰোহীতকৈ ইংৰাজসকল বহুগুণে শ্ৰেষ্ঠ আছিল । ব্ৰিটিছে ক্ৰিমিয়া আৰু বিশ্বৰ আন ঠাইৰ পৰাও সামৰিক বাহিনী সংগ্ৰহ কৰিব পাৰিছিল । ব্ৰিটিছে ভাৰতলৈ ১,১২০০০ সৈন্য আমদানি কৰিছিল । ইয়াৰ উপৰিও ভাৰতৰ ভিতৰতে ব্ৰিটিছ  বাহিনীৰ সংখ্যা ৩,১০,০০০ লৈ বৃদ্ধি কৰিছিল । এই সকলোবোৰ সৈন্য অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত আছিল । আনহাতে ভাৰতীয় চিপাহীৰ হাতত অত্যাধুনিক মাৰনাস্ত্ৰ নাছিল আৰু আৰু তেওঁলোকে যাঠি আৰু তৰোৱালেৰে যুদ্ধ কৰিছিল । বৈদ্যুতিক টেলিগ্ৰাফৰ ব্যৱস্থায়ো ব্ৰিটিছক কৌশল কাৰ্যকৰী কৰাত সহায় কৰিছিল । ব্ৰিটিছে বৈদ্যুতিক টেলিগ্ৰাফৰ সহায়ত ভাৰতীয় চিপাহী গতিবিধিৰ ততথ্য আগতীয়াকৈ লাভ কৰিছিল । 

ঘ) বিদ্ৰোহীসকলৰ কোনো উমৈহতীয়া লক্ষ্য আৰু উদ্দেশ্য নাছিল । এইটোৱে আছিল তেওঁলোকৰ বিফলতাৰ গুৰুত্বপূৰ্ণ কাৰণ । বিদ্ৰোহীসকলে নিৰ্দিষ্ট লক্ষ্য নোহোৱাকৈ আগবাঢ়িছিল । সেয়েহে তেওঁলোকে কাৰ্যক্ষেত্ৰত বাধাপ্ৰাপ্ত হৈছিল । মুছলমানসকলে প্ৰধানকৈ মোগল সম্ৰাটক পুনৰ স্থাপন কৰাৰ বাবে যুজিছিল , আনহাতে হিন্দুসকলে নানা চাহেব আৰু ৰাণী লক্ষ্মীবাঈক পুনৰ প্ৰতিষ্ঠাৰ বাবেহে যুজিছিল ।  

ঙ) চিপাহীসকলৰ উপযুক্ত দক্ষ আৰু আৰু প্ৰতিভাশালী নেতাৰ অভাৱ আছিল । বিদ্ৰোহীসকলৰ নেতা ৰাণী লক্ষ্মীবাঈ, তাতীয়া টোপী আদি নেতাসকলে নিঃসন্দেহে সাহসী কিন্তু অভিজ্ঞ নহয় । আনহাতে ইংৰাজসকলে নিকলচন, আউটৰাম, হেতলক, এডৱাৰ্ড আৰু কেম্পবেলৰ দৰে দক্ষ আৰু অভিজ্ঞতাসম্পন্ন সামৰিক বিষয়া লাভ কৰিছিল । সেয়ে  ব্ৰিটিছসকলে বিদ্ৰোহীৰ ওপৰত সহজে আধিপত্য স্থাপন কৰিব পাৰিছিল । 

চ) বিদ্ৰোহ অকল নগৰবোৰতে সীমাবদ্ধ আছিল , গাঁৱৰ সাধাৰণ লোকে ইয়াৰ অংশগ্ৰহণ কৰা নাছিল । ইয়াৰ ফলত কোনো নিৰ্দিষ্ট অঞ্চলৰ বিদ্ৰোহীক নিয়ন্ত্ৰণলৈ অনাটো ব্ৰিটিছৰ পক্ষে সম্ভৱ নাছিল ।

ছ)  বিদ্ৰোহৰ নেতাসকলৰ মাজত থকা পাৰস্পৰিক বিদ্বেষ আৰু সংঘাতেও বিদ্ৰোহীসকলৰ পৰাজয়ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । নেতাসকলে ঐক্যবদ্ধভাৱে জাতিভাবাপন্ন মনোভাবেৰে যুদ্ধত আত্মনিয়োগ কৰা নাছিল । আনহাতে নেতাসকলৰ লক্ষ্য আৰু উদ্দেশ্যও আছিল পৃথক । সেয়েহে তেওঁলোকে হাতত হাত ধৰি ব্ৰিটিছৰ বিৰুদ্ধে শক্তিশালী প্ৰতিৰোধ গঢ়ি তোলাত বিফল হৈছিল আৰু তেওঁলোকৰ মাজত থকা অনৈক্যৰ সুযোগ লৈ ব্ৰিটিছে বিদ্ৰোহ দমনত সফল হৈছিল । 

Author_ Ali rani Kakati ( Ba in History Major)